ফটাঢোল

বাঁহনি তলৰ চোৰ – তৃষ্ণা সোনোৱাল

আলিবাটৰ কাষৰ বেৰাখন পচিছে দেখি নাৰায়ণে পদূলিৰপৰাই গোটেই বেৰাখন এৰুৱাই পেলালে। জাতি বাঁহ কেইডালিমান কাটি প্ৰথমতে মাজ অংশৰপৰা গুৰিলৈকে জেওৰাৰ খুটিকেইটা কাটিলে। আগৰচোৱাৰপৰা কামি চাৰিডালিমান ফালিছিলহে, সেই সময়তে আহিল পেহী।

“আহিল এইজনী। এতিয়া কি নোহোৱা হয় হৰিয়ে জানিব।”
– নাৰায়ণে পেটে পেটে দেখিবই নোৱাৰে পেহীক। যোৱাবছৰ হ’বলগীয়া কইনাজনীৰ ঘৰত লগোৱা যুঁজোৱা কৰি পেহীয়েই বিয়াখন ভঙা নাই জানো।

“নাৰায়ণ ঔ, বাঁহ কাটিছ হ’বলা। কি কামত লগাবি হেৰ’?”
– পিৰালিতে ৰমক জমককৈ বগা গোলাপ এজুপি ফুলি আছিল। কুৰ্চুতীয়া পেহীয়ে তামোলৰ পিক সোপাকে পেলাই ফুলজোপা ৰঙা কৰি পেলালে।

নাৰায়ণে কেৰাহীকৈ চাই উত্তৰ দিলে, “অ’ পেহী, গৰু ম’হ নোসোমাবলৈ বাৰীখনকে বেৰো বুলি লৈছিলো। এতিয়া যি দেখিলো পিৰালি, বাৰাণ্ডা গোটেইবোৰ বেৰিব লাগিব। তামোলতী ছাগলীৰ যিহে উৎপাত।”

“এ হ’ব দে, পানী ঢালি দিবি। গজগজকে এটা আছ কিহৰ বাবে?”

“হয়তো, তোৰ পিক পেলাবলৈকে পৃথিৱীত জন্ম ল’লো।”
– দাঁত মুখ কৰচি উঠে যদিও ধৈৰ্য্য ধৰিব পাৰে সি।

মূঢ়া এটা নিজে উলিয়াই আনি পেহীয়ে চোতালতে বহি কথা আৰম্ভ কৰি দিয়ে। নাৰায়ণৰ আমনি লাগিছে কিন্তু পেহীক অকলে এৰে কি সতে। কিবা এটা নোহোৱা হ’লেতো মাকে তাক সুদাই নেৰে।

“ঐ মৰা, ঘৰলৈ অহা মানুহক তামোল এখন খুৱাব লাগে বুলি নেজান? আনগৈ যা।”

   সেমেনা সেমেনিকৈ সি বঁটাটো আনিবলৈ ভিতৰলৈ সোমাই গ’ল। পেহীও একেজাপে উঠি বাৰীৰ কাষৰ ভোট জলকীয়াজোপাৰ ওচৰ পালেগৈ।

ঠেকেৰা দিয়া ঢেকীয়াৰ টেঙা আঞ্জা, ৰঙালাউ, বুটৰ ভাজিখনৰ লগত ভোট জলকীয়া এচিকুট চেলেকি খোৱাৰ কথা ভাবি পেহীৰ জিভাইদি সৰসৰাই পানী বৈ আহিল। খপজপাই এসোপামান জলকীয়া ছিঙি ঘূৰে মানে নাৰায়ণো সেইখিনি পালেহি।

“হেঃ হেঃ হেঃ, এনেই পকি সৰি যোৱাতকৈ ময়ে লৈ যাওঁ বোলো।”
– নিলাজ হয় পেহী, একেবাৰেই নিলাজ। বেচেৰা নাৰায়ণে কি ক’ব, ট টকৈ সি জলকীয়াখিনিৰ ফালে চাই থাকিল। পেহীয়ে ভঙোৱা কইনা লিলিৰ নিচিনাই লাগিল জলকীয়াখিনিকো।

“পেট চলি চব ওলাই যাওক তোৰ। মোৰ জলকীয়াতো নিলিয়েই, গছজোপাক তেনেকৈ মহতিয়াই থৈ যাব লাগেনে! সেইখন মানুহৰ হাতেই নে বান্দৰৰ হাত!”
– ভোৰভোৰাই ভোৰভোৰাই কামত ধৰিল সি।

হওক তেওঁ, জলকীয়াতে যে হাত সাৰিল আজি। এই ননে পেহীজনীও এটা বস্তু আৰু। কোন পাকত যে বস্তু এটা নোহোৱা কৰিব কোনেও ধৰিব নোৱাৰে। মানুহজনীৰ হাত লৰ স্বভাৱটোৰপৰা পেহাৰো কমখন অশান্তি হোৱা নাই। চুবুৰীৰ মানুহবোৰৰ ওজৰ আপত্তি নুগুচেই, ডাংকাটি মুখচোকা পেহীক ক’ব নোৱাৰি পেহাৰ আগতে অভিযোগ দিয়েহি। আজি বোলে এইটো কৰিলে, কালি বোলে সেইটো লৈ আনিলে।

“আপুনি গিৰিয়েকটো হৈ ঠিক কৰিব নোৱাৰিলে কি হ’ব! শিকাব বুইছে। নহ’লে কোন দিনা ক’ত কেনেকৈ লাজত পৰে ঠিক নাই।”
– এনেকৈ কোনোবাই দম দি থৈ গ’লে পেহাৰ আক’ পেহীৰ মূৰৰ চুলিকেইডাল ঘটালি দিবৰ মন যায়। কিন্তু না পেহীয়ে সৈ কাঢ়ে, না পেহাই ধমকি দিবলৈ সাহ কৰে।

পেহীহঁতৰ অৱস্থা আগেয়ে ইমান ভাল নাছিল।  পিছে পুতেক ৰন্তুৱে মিলিটাৰীত চাকৰি পোৱাৰপৰা পেহীৰ ভৰি মাটিত নপৰা হ’ল। আমাৰ অমুকটো আনিলো, তমুকটো খালো, তমুকটো ল’লো। মুঠতে পেহীৰ ফোপজহী কথাত শুনোতাৰ কাণত ঠিলা মাৰিবলগীয়া অৱস্থা।

নিৰাহঁতৰ ঘৰত সেইদিনা বছৰেকীয়া সবাহ। তিৰোতামখাই মেল মাৰি মাৰি ভকতৰ নাম কীৰ্তন চাই আছিল। তিৰোতাৰনো কি? মেলতো শাক ভাত বয় বস্তুৰ কথাই আগস্থান পায়। ৰহিলাৰ মাকৰ ঘৰত ফ্ৰীজ কিনিলে, তাকেই লগৰবোৰৰ আগত কৈ কৈ গৰ্ব কৰি আছিল। মাকৰ ঘৰলৈ গৈ বোলে ফ্রীজত থোৱা চেঁচা চেঁচা মাংসৰ তৰকাৰী খাই আহিল। তিনিদিনৰ আগতেই ৰন্ধা, না বাহি গোন্ধ আছে, না বেয়া হৈছে। যেন এইমাত্ৰ ৰন্ধা তৰকাৰীহে, একেবাৰে ‘ফেৰেছ’।
পেহীৰ শুনি পেটে পেটে খঙেই উঠিল, “আও, এই মোতকৈ বেছিহে জনা হ’ল।”

ৰহিলাৰ কথাৰ মাজতে পেহীয়ে টেপেককৈ মাত দিলে,
“ফিৰিজত বনোৱা ঠাণ্ডা পানী খাইছ নাই অ’ ৰহিলা? আজি আক’ পুৱাই ময়ো গাওঁবুঢ়াৰ বোৱাৰীয়েকে বনোৱা ঠাণ্ডা পানী অকণ খাই আহিলো। এই গৰমতো মোৰ পেট এতিয়ালৈকে চেঁচাই হৈ আছে।”
– পেহীৰ কথা শুনি ছোৱালী বোৱাৰীবোৰে মুখ টিপি টিপি হাঁহিলে।

সবাহৰপৰা ওভতোতে পেহী চেৰেকী এটা নিবলৈ কুহেমাইৰ ঘৰত সোমাল। কুহেমাইৰ পুতেক নীলাম্বৰে তেতিয়া কুমলীয়া গাজ দুটামানৰ বাকলি গুচাই আছিল। পেহীয়ে নীলাম্বৰক আক’ অলপ ভয় কৰে। এবাৰ সিহঁতৰ ঘৰৰপৰা বাটি এটা লুকুৱাওঁতে সি ধৰা পেলাই হাতখনতে উতলা চাহ অকণ ঢালি দিছিল। পৰাপক্ষত পেহীয়ে তাৰপৰা আঁতৰি  থাকিবই খোজে। গাজকেইটা দেখি পেহীৰ হাতখন খজুৱাইছিল কিন্তু উতলা পানীতকৈ যে খজুৱতি ডাঙৰ নহয় তাকে সান্ত্বনা লভি পেহী ঘূৰিল। পেহীৰ চকু বাটত কিন্তু মনটো হ’লে নীলাম্বৰৰ ঘৰৰ গাজকেইটাতে । বাঁহ গাজ আৰু মটৰ মাহৰ আঞ্জা, আস্, পুনৰ সৰসৰাই বৈ অহা মুখৰ পানী।

থাঁক  থাঁক  থাঁক
টেমিটোৰপৰা চূণ অলপ আকুটাই গন্ধক পাণখিলাত লিপি চালি এচিটাৰ লগত মিঠা অহিয়া তামোল টুকুৰা নীলাম্বৰে মুখত ভৰাইছিল হে, তেনেতে শুনিলে সি শব্দটো। ৰাতিৰ সাজ খোৱাৰ আগতে বাৰীৰ এচুকত থকা গোহালিৰ গৰুকেইটা চাই যোৱাৰ অভ্যাস তাৰ। আজিও চাবলৈ আহি তামোলখন মুখত লওঁতেই বাৰীৰ বাঁহকেইজোপাৰপৰা মাতটো ভাহি আহিল। হয় হয় সেয়া চোৰেই হয়। আওহতীয়াকৈ থকা বাঁহনিডৰাৰ বাঁহ কাটিবলৈ অহা চোৰ সেয়া।

“কটা নিধকহঁত, এই গধূলিতে বাঁহ চুৰ কৰাৰ মজা দেখুৱাম তহঁতক ৰ।”
– বেৰৰপৰা দাখন একেচিপে এৰুৱাই আনি সি বাঁহনিলৈ দৌৰ দিলে।

থাঁক থাঁক থাঁক
শব্দটোৰ যিমানেই কাষ চাপি গ’ল, নীলাম্বৰৰো বুকুখন কঁপি উঠিল।

“চেঃ কোনোবা এটাক লৈ আনিব পৰা হ’লে ভাল আছিল। কেইটা বা চোৰ আছেহি!”
– সি দাখন জোৰেৰে মুঠি মাৰি ধৰিলে।

খুপি খুপি গৈ নীলাম্বৰে পাতৰ আঁৰেদি চাই পঠিয়ালে।

উৱা! এয়া দেখোন চোৰ নহয় চুৰুণীহে! নীলাম্বৰ অবাক একেবাৰে।
হেলাই হেফাই যোৱাকৈ প্ৰাণপণে বাঁহৰ গাজত ঘপিয়াই থকা এইজনী ননে পেহী!

“আও তই কম নহয় দেই! এই ফুট গধূলিখনত বাহঁনিত সোমাই গাজ কাটিবলৈ হ’লে কমখন কলিজা লাগিবনে?”
– নীলাম্বৰে লুকাই লুকাই পেহীৰ কৰ্মকাণ্ড লক্ষ্য কৰি থাকিল।

এটা, দুটা, তিনিটাকৈ আঠটা গাজ কাটিও যেতিয়া পেহীৰ নোৰোৱা হ’ল, নীলাম্বৰৰ ধৈৰ্য্যৰ বান্ধ ছিঙি গ’ল।

“মৰখকুলী বুঢ়ী, ইমানসোপা গাজ তই কোনটো পেটত সোমোৱাবিগৈ। নাই নাই নহ’ব। ইয়াতে বাধা নিদিলে মোৰ বাঁহনিৰ বংশৰ চিন মোকাম নোহোৱা কৰিবগৈ দেখিছোঁ।”

লুকাই থাকিয়ে নীলাম্বৰে গলখেকাৰি এটা মাৰিলে। পেহী উচপ খাই উঠিল।
“কোন সেয়া? দেও নে মনিচ?”

ইস্ নিমাখিত নীলাম্বৰে যেন একো ধৰিবই পৰা নাই।

বেচেৰী পেহীয়ে ভাবিলে, ৰক্ষা। নীলাম্বৰে তাইক চিনা নাই। ততাতৈয়াকৈ খোপাটো খুলি পেহীয়ে চুলিখিনি আগফালে ওলোটাই মুখখন ঢাকি পেলালে। ভৰি এখন লেঙেৰিয়াই লেঙেৰিয়াই এনেকৈ খোজ দিলে তাই যেন ননে নহয় আন কোনোবাহে।

ঢেংকুলুচ ঢেংকুলুচ খোজেৰে চুলি তুলি মেলি য’ৰে গাজ ততে এৰি দৌৰ দিয়া ননে পেহীক দেখি নীলাম্বৰৰ প্ৰচণ্ড হাঁহি উঠিল।

ইফালে নীলাম্বৰৰ অসুৰমাৰ্কা অট্টহাস্যত বুঢ়ীৰ থৰকাছুটি হেৰাল। আসন্ন উতলা পানীৰ ভয়ত জেওৰা পাৰ হোৱাৰ বাট হেৰুৱাই বাৰীতে এপাক ঘূৰি পেহী নীলাম্বৰৰ চোতালৰ দিশে দৌৰ দিলে।

দৌৰা দৌৰি, চিঞৰ বাখৰ শুনি নীলাম্বৰৰ ঘৰৰ গোটেইবোৰ বাহিৰলৈ ওলাই আহিল। আউলি বাউলি চুলি, হাতত দা লৈ ফোপাই থকা ননে পেহীক দেখি গোটেইখনে বিৰাট ভয় খালে।

“কালি গোঁসানী যেন হৈ ক’ত কাক কাটি থৈ আহিছে ঔ বুঢ়ীয়ে!”
– ননেৰ ৰূপ দেখি কুহেমাইৰ ভয়তে ভৰি দুখন কঁপিবলৈ ধৰিলে।

“ঔ মোক বচা ঐ, পুতেৰে মোৰ ছাল বখলিয়াইহে এতিয়া।”
– পেহী ভয়ত থৰহৰি কম্পমান ইতিমধ্যে।

“কি হ’ল খুৰী, ক’ত কি দেখি আহিলি?”
– নীলাম্বৰৰ ঘৈণীয়েক জবায়ো তৎভৎ নোপোৱা হ’ল।

পেহীৰ চকু বাৰীৰ ফালে। কিন্তু ই কি? নীলাম্বৰচোন নহাই হ’ল! তেনে ইয়াৰপৰাও পলোৱাটোৱেই মংগল। সেইটোৱে পালেহি কি কৰে ঠিক নাই।

“হোঁ লচোন খুৰী, পানী ঘটি পি ল আগেয়ে। ইচ ইচ ইচ! মানুহজনী ঘামি জামি তেনেই শেষ।”
– জবাই এঘটি পানী আগবঢ়াই দিলে।

কোটকোটাই পানী ঘটি পি পেহী আৰু নৰ’ল।
“একো নুসুধিবি মোক, যাওঁ দে।”

গোটেইখিনি আচৰিত হ’বৰে কথা। এই গধূলি বেলিকা মানুহজনী ভুটংকৈ ক’ৰপৰানো আহিল, কিনো হ’ল একো আওভাও নাপাওঁতেই নীলাম্বৰ আহি ওলাল। হাতত তাৰ বিৰাট ডাঙৰ বাঁহ গাজৰ মুঠা এটা।

“এই ৰাতিখননো বাঁহনিলৈ যাব লাগেনে আপুনি?”
– জবাই আথেবেথে গাজকেইটা গিৰিয়েকৰ হাতৰপৰা মাটিত আজৰাই দিলে।

“ঔ আই, কাহিনী বেলেগ আজি। বুঢ়ীৰ হাতত চেঙেলী, নহয় নহয় চেঙেলীৰ হাতত হে বুঢ়ী পৰিল আজি।”
– নীলাম্বৰৰ হাঁহি যেন শেষ নহ’বই।

নীলাম্বৰৰ মুখেৰে ননে পেহীৰ গাজ চুৰিৰ কাণ্ড আৰু ঢেংকুলুচ ঢেংকুলুচ ভাওৰ বৰ্ণনা শুনি গোটেইবোৰ হাঁহিত ফাটি পৰিল।

“চাওঁ জবা, পানী এবাটি আনচোন মোলৈ।”
– জবাৰ মাত নুশুনি নীলাম্বৰে পাছফালে ঘূৰি চালে।

জবাই কিবা এটা বিচাৰি ফুৰিছে। জুপি জুপি, খুপি খুপি।

“কি হ’ল ঔ জবা? কি হেৰালে?”

“ঘ.. ঘ.. ঘটি এটা বিচাৰিছো, ক’ত থ’লো জানো!”

“কিহৰ ঘটিহে?”

“ননে পেহীক এইমাত্ৰ পানী খাবলৈ দিছিলো। বিচাৰিয়েই পোৱা নাইচোন। লৈয়ে গ’ল নেকি!”

“কি?”

“খা বাপ্পেকে!”

আঠটাকৈ বাঁহ গাজ ননে চুৰুণীৰ হাতৰপৰা বচাই পোৱা সুখকণ নীলাম্বৰৰ কিবা তিতা তিতা লাগিল।

☆★☆★☆

12 Comments

  • ৰাস্না বৰা

    চুৰুণী পেহী জনীৰ কল্পনা কৰি হাঁহি মৰিছোঁ। বৰ সুন্দৰ বৰ্ণনা। সমাজত এনে মহিলা নোহোৱা নহয়। বৰ ভাল লাগিল

    Reply
  • ৰাজদ্বীপ বৰা

    বাঃ ! কি সুন্দৰ লিখিলা !

    Reply
  • ভাল হাঁহিলো দেই পেহীৰ কথাবোৰ পঢ়ি।

    Reply
  • তৃষ্ণা সো.

    ধন্যবাদ জনালো সকলোলৈকে

    Reply
  • Mridula Gogoi

    গ্ৰাম্যসমাজৰ এখন সুন্দৰ ছবি । ভাল লাগিল

    Reply
  • Dhruba Jyoti Arjuna

    গাঁৱৰ সুৱাসেৰে অামোলমোলাই থকা লিখনী ।

    Reply
  • পেহীৰ কাহিনী পঢ়ি হাহিঁবহে পাৰিছো

    Reply
  • Mitali saharia

    চুৰুণী পেহীৰ কাহিনী ধুনীয়াকৈ লিখিলা দেই। ভাল লাগিল।

    Reply
  • অনুৰূপ মহন্ত

    বৰ সুন্দৰ বৰ্ণনা। পঢ়ি ভাল হাঁহিলো।

    Reply
  • ননে পেহী কম বস্তু নহয়, আঠটা বাঁহ গাজ নিব নোৱাৰি ঘটি হলেও নিলে। ভাল লাগিল।

    Reply
  • অৰ্চনাময়ী বড়া

    ভাল লাগিল.

    Reply
  • গীতিকা শইকীয়া

    কি যে ভাল লাগিল পঢ়ি। নিভাঁজ গাঁৱৰ গল্প।

    Reply

Leave a Reply

Your email address will not be published.