ফটাঢোল

বাকী মানেই ফাঁকি – ৰিমঝিম বৰঠাকুৰ

“আজিৰপৰা দোকান বন্ধ দৌ। যেতিয়ালৈকে দোকানৰ বাকী নামাৰে তেতিয়ালৈকে দোকান বন্ধ থাকিব কৈ দিলোঁ”, এইবুলি চিঞৰি চিঞৰি বিমলে দোকানৰ বস্তু সামৰাত লাগিলে। বিমলৰ দেখোন আজি ৰূপেই বেলেগ, কোনোৱে একো ক’বই পৰা নাই। কোনোবাই কিবা ক’লেই বাটত শুই থকা কুকুৰৰ নেগুৰত খোজ পৰাৰ দৰে ঘেংকৈ উঠে। কোনোবা দুটামানে বুজাবলৈ আগবাঢ়িছিল যদিও তাৰ ৰুদ্ৰ মূৰ্ত্তি দেখি সেইফালেই তাপ মাৰিলে। এনেকুৱা সাংঘাতিক ৰূপ দেখি বহুত সময় হাতে হাতে মোনা লৈ বিমলৰ দোকানৰ সন্মুখত বোন্দাপৰ দি থকা গ্ৰাহককেইজনৰ এজন এজনকৈ নিজৰ ঘৰৰ ফালে বাট ল’লে।

“নাই অ’ আজি তাৰ মন একেবাৰেই বেয়া, নহ’লে সি এনেকৈ গ্ৰাহকক বেয়া ব্যৱহাৰ কেতিয়াও নকৰে।” – যাওঁতে দুজনমানে কৈ যোৱা বিমলৰ কাণত নপৰাকৈ নাথাকিল। মানুহখিনিক এনেকৈ পঠাই দি তাৰো মনটো ভাল লগা নাই। কিন্তু সহ্যৰো এটা সীমা থাকে নহয়। আচলতে তাৰ দোকানখনত চাউল, দাইল, আটাৰপৰা সকলো পাই, কিন্তু আজিকালি পইছাবোৰ সময়মতে নোপোৱাৰ কাৰণে মালবোৰ সোমোৱাব পৰা নাই।

গ্ৰাহকখিনিক দেখুৱাই যদিও সি বস্তু সামৰাত লাগিছিল এতিয়াই দোকানখন বন্ধ কৰি ঘৰলৈ যাবলৈও মন যোৱা নাই। ঘৰলৈ গৈ জানো শান্তি পাব! দোকানলৈ আহিয়েই যদি আকৌ তৎক্ষণাতে ঘৰ পাইগৈ ঘৈণীয়েকে যিহে জেৰা কৰিব পুলিচেও কিজানি চিনাকি চোৰ এটাক ইমানখিনি জেৰা নকৰে। এইবোৰ জেৰাৰ সন্মুখীন হোৱাতকৈ দোকানতে বহি এফ এম ৰেডিঅ’ শুনি বাকীৰ খাটাখন আকৌ এবাৰ ঠিক কৰাই ভাল। কাণত হেডফোনডাল লগাই ৰেডিঅ’ শুনি শুনি মুখেৰে ভোৰভোৰাই বিমলে হিচাপ কৰাত লাগিল, ‘কলিতা দা, তিনিমাহ, নহাজাৰ, ভদীয়া, পাঁচমাহ, সোতৰ হাজাৰ পাঁচশ দুটকা, ভবানী নবৌ, আঠমাহ, উনচল্লিশ হাজাৰ নশ নিৰান্নবৈ…..’

বাকীৰ বহীখনত চকু ফুৰাই থাকোতেই সিফালে বিগ এফ এমৰ চাৰে দহ বজাৰ ‘গীতেৰে কথাৰে’ শ্বটো আৰম্ভ হ’লেই। এতিয়া আৰু হিচাপ নিকাচ কৰি থাকিব নোৱাৰি, অন্ততঃ তনয়াই কথা কৈ থকালৈকে।

কিছু পাৰে আৰু দেই এইজনীয়েও। কথা কোৱা কাম হ’ল বুলিয়েই ইমান সুৰ লগাই কৈ থাকিব লাগে নে! গান শুনোৱাতকৈ তাইৰ কথাহে বেছি। এদিন তনয়াক লগ পালে সুধিবলৈ খুউব মন আছে, তাই ঘৰতো এনেকৈয়ে কথা কৈ থাকেনে? তথাপিও তনয়াৰ মাতটোত কিবা এটা মিঠা অনুভৱ আছে যিটো শুনিলে শুনি থাকিবলৈ মন যায়। ইফালে তাৰ চেকচেকি ঘৈণীয়েকজনীৰ মাতটো শুনিলেই খং উঠে। “তনয়াই বাৰু কথা ক’লে পইছা পাই আৰু মোৰজনীয়েনো কি পায়! বোলো চোকা মুখখনৰ সদ ব্যৱহাৰ কৰি দোকানৰ বাকীখিনিকে উঠাই আনো, সেইটো হ’লে নাই। খালী দিনৰ দিনটো ওঁঠে ওঁঠে নলগাকৈ অকল মোকহে গালি পাৰি থাকিব পাৰে।” তনয়াৰ কথাবোৰ শুনি থাকিলেও দেখোন বিমলৰ হেঁপাহ নপলায়। তাইৰ মাতটো একেবাৰে তাৰ লগত একেলগে একে ক্লাছতে পঢ়া মৰম লগা ছোৱালী নিজৰাৰ দৰে মিঠা। সেয়ে চাগে তনয়াৰ কথাবোৰে তাৰ হৃদয়ৰ একোণত বৰকৈ বিন্ধে।

নিজৰালৈ মনত পৰি অতীতলৈ উৰা মাৰিবলৈ ধৰোতেই বাইক এখনত দুটা ল’ৰা আহি তাৰ দোকানৰ সন্মুখতে ঘেচেককৈ ব্ৰেকডাল মাৰিলে। ল’ৰা দুটাক দেখি হেডফোনডাল কাণৰপৰা এৰুৱাই দোকানত বস্তু যে নাই সেই কথা ক’বলৈ ধৰোতেই এটাই মাত লগালে, “দোকানী, কেপি হ’ব নেকি কেপি?”

ইফালে দোকানত মাল নাই, সিফালে সিহঁতকেইটাৰ বেপেৰুৱা ধৰণে সোধা প্ৰশ্নত বিমলৰ কিবা টিঙিচকৈ মাৰিলে। লগে লগে একো নভবাকৈয়ে সি উত্তৰ দিলে, “কেপি নাই, বিমল আছে লাগিব?”

“হ’ব দিয়ক সেইবিধকে দিয়ক তেন্তে।” বুলি বাইক চলাই অহা ল’ৰাটোৱে মাত দিওঁতেই বিমলে নিজৰ মূৰটোকে দোকানৰ বাহিৰলৈ উলিয়াই দি ক’লে “হুঁ খা বিমল। ওঁঠ চেপিলে গাখীৰ ওলোৱা ল’ৰা হৈ বাপেৰৰ বয়সৰ দোকানীক কেপি, বিমল খুজিবলৈ আহিছ!”

বিমলৰ ধেৰধেৰণি শুনি কেপি বিচাৰি বাইকৰপৰা নামি অহা ল’ৰাটো পুনৰ বাইকত বহি, “নাথাকিলে নাই বুলি ক’ব, এইচব কি বটলা কথা ক’বলৈ আহে” বুলি লগৰটোক বাইক চলাবলৈ ইংগিত দিলে। লগৰটোৰ ইংগিত পাই ইজনে অলপ সময়ো নোৰোৱাকৈ বাইক উৰুৱাই দিলে। বাপেকৰ বয়সৰ বুলি ক’লেও হিচাপ কৰিলে বিমলৰ বয়স পঞ্চলিশতকৈ বেছি নহ’ব। স্কুলত পঢ়ি থাকোতে সি সুন্দৰ-সুঠামেই আছিল, এতিয়া পৰিস্থিতিয়েহে তাক বয়সতকৈ বহুত বেছি বয়সীয়াল কৰি পেলাইছে। দোকানখন তাৰ ভালেই চলে, বেয়া নচলে। কিন্তু বাকী খাই পইছা ঘূৰাই নিদিয়াৰ কাৰণে আজি এবছৰমানৰপৰা তাৰ অৱস্থা অলপ বেয়ালৈ আহিছে। বিয়াৰ পিছতে দোকানখন বঢ়াবলৈ শহুৰেকে সহায় কৰিম বুলি কৈছিল যদিও সেইজনো সিফলীয়া হোৱাত সেইটোও নহ’লগৈ। শহুৰেকৰো কথাষাৰো বাকীয়েই থাকি গ’ল।

ল’ৰা দুটা যোৱাৰ পিছত বিমলে আকৌ কাণত হেডফোনডাল লগাই তনয়াৰ কথা শুনিবলৈ আৰম্ভ কৰিলে মানে নিজৰাৰ কথা ভাবিবলৈ ধৰিলে।

জীৱনটো তাৰ কেৱল বাকীতেই চলিল সেই স্কুলীয়া দিনৰপৰাই। ক’বলৈ গ’লে বাকীৰ অংক খেলি বিমল ভাগৰি পৰিছে।

বিমলৰ যে নিজৰাৰ প্ৰতি অলপ দুৰ্বলতা আছিল সেই কথা তাৰ লগৰ সকলোৱে গম পাইছিল। নিজৰা তাৰ ওচৰ পালেহি লগৰবোৰে তাক আকাৰে-ইংগিতে যে তাইৰ লগত জোকাই সেই কথা নিজৰাইও গম নোপোৱাকৈ থকা নাছিল।

একদম তনয়াৰ দৰে টপটপাই থকা নিজৰাই এদিন কথাৰ চেগতে তাক সুধিয়েই পেলাইছিল, “তই যদি মোক ভাল পাৱ কৈ নিদিয় কিয়?” নিজৰাৰ কথাত অলপমান সাহ পাই বিমল মূৰলৈকে উঠিল, “অঁ ভালপাওঁ তোক মই। এতিয়া ক তই মোক ভাল পাৱনে নাই?”

তাৰ খাৰাংখাচ উত্তৰত নিজৰাৰ সঁচাকৈয়ে কিবা এটা লাজ লাগি গৈছিল। এনেকৈ সি কৈ দিব বুলি তাই আচলতে ভবাই নাছিল। “এতিয়া নকওঁ, পিছত ক’ম, আজিলৈ বাকী থাকিল।” সেই যে বাকী থাকিল বুলি ক’লে, তাৰপিছত বাকী শব্দটোৱে তাৰ লগ এৰাই নিদিয়া হ’ল।

কেতিয়াবা ডাঙৰ মাছৰ ফিছা টুকুৰাৰ কাৰণে ভনীয়েক সৰলাৰ লগত বিমলৰ কাজিয়া লাগিলে মাকে আহি সিহঁতৰ কাজিয়াৰ মাজত সোমাই কৈছিল, “বিমল আজি তই খাব নালাগে দে, তাইয়ে খাওক। তই এতিয়া ডাঙৰ হৈছ বুজি পাচোন কথাবোৰ। তোৰ মাছৰ ফিছা খোৱাটো বাকী থাকিল দে।” মাকে বাকী থাকিল বুলি কোৱাটোত সি বুজি পাই যায় যে সেই বাকী কেতিয়াও নমৰে। আকৌ পিছৰবাৰ ডাঙৰ মাছ আনিলে ভনীয়েকেই যে ফিছাটুকুৰা খাবলৈ পাব সি নিশ্চিত।

মাকে তাৰ লগত কৰাৰ দৰে নিজৰাইও কৰিবলৈ ধৰিছিল। বিমলৰ লগত পানীখোৱা ছুটিত একেলগে বহি থকাৰপৰা স্কুললৈ অহা-যোৱা কৰালৈকে নিজৰাই সকলোবোৰ কৰে, কিন্তু ‘ভালপাওঁ’ বুলিহে ক’ব নোৱাৰে। সিহঁতৰ এনেকুৱা হলি-গলি দেখি সকলোৱে সিহঁতৰ মাজত কিবা চলি আছে বুলিয়েই ভাবে, কিন্তু সিঁহতেহে জানে সঁচাটো কি।

এইবোৰ দেখি-শুনি বিমলৰ সহ্যৰ বান্ধোনডাল চিঙিছিল। সেয়ে এদিন দুয়োটাই একেলগে পানী খাবলৈ কলৰপাৰলৈ যাঁওতেই সুযোগ বুজি বিমলে নিজৰাক সুধিলে, “ক মোক ভাল পাৱনে নাই আৰু যদি পাৱ গালতে চুমা এটা খাই ক।” বিমলৰ প্ৰশ্নত থতমত খাই বেচেৰীয়ে কি ক’ব কি নক’ব ভাবি নাপায় “আজিলৈ বাকী” বুলি ক্লাছ ৰুমলৈ লৰ মাৰিছিল। সেইদিন ধৰি বিমলে নিজৰাক অকলশৰীয়াকৈ নোপোৱাই হ’ল। ক্লাছত বহি থাকোতে দুয়োটাই ইটোৱে সিটোলৈ চাই থাকে যদিও নিজৰাই কাহানিও তাৰ লগত আগৰদৰে হলি-গলি নকৰিলে। বিমলে নিজৰাৰ উত্তৰটো কেতিয়াও নুশুনিলে, বাকীতেই থাকি গ’ল।

বিমলৰ নিজৰাৰ লগত যে আগৰ নিচিনা সম্পৰ্ক নাই সেই কথা লগৰবোৰে অনুমান কৰিছিল। সেয়ে তাক সান্ত্বনা দিছিল যে নিজৰা নহ’ল কি হ’ল আৰু ছোৱালী বাকী আছে নহয়। তাৰ এই বাকী শব্দটোৱে যেন কেঁচা ঘাঁত টেঙা এচকলহে সানি দিছিল। এজনীয়েতো বাকীৰেই আশা দি আছিল, এতিয়া আকৌ বাকী ছোৱালীৰ কথা কয়। বয়স হ’লেও স্কুলৰ সেই কথাবোৰ বিমলৰ এতিয়াও চকুৰ আগত নাচি থাকে, বিশেষকৈ নিজৰাৰ কথাখিনি। স্কুলতে তাৰ শিক্ষা সাং কৰি সিহঁতৰ গাঁৱৰপৰা অলপ দূৰৰ সৰু চহৰখনতে আৰ দোকানে তাৰ দোকানে কাম কৰি শেষত গাঁৱতে নিজৰ গেলা-মালৰ দোকান খুলিলে। বিমলৰ দোকানখনেই গাঁওখনত প্ৰথম চব বস্তু পোৱা দোকান, সেয়ে প্ৰথমতে তাৰ দোকানখন ভালেই চলিছিল। এতিয়া ঠায়ে ঠায়ে দোকান হ’ল যদিও পুৰণা দোকান হিচাপে তাৰখনৰ এক বিশেষ নাম আছে।

“হেৰৌ বিমল অথনিয়েই দোকান বন্ধ কৰা মানুহটো এতিয়ালৈকে দোকানতেই আছ যে।” বিমলৰ স্মৃতি ৰোমন্থনত যতি পেলাই ভদীয়াকায়ে আহি মাত লগালে।

“এহ যাবলৈ ওলাইছিলোৱেই” বুলি মুখৰ আগতে মিছাটো মাতি বিমলে কাণৰপৰা হেডফোনডাল এৰুৱাই ধুনীয়াকৈ পাক এটা লগাই ঘৰলৈ নিবলৈ থোৱা মোনাখনতে ভৰাই থ’লে।

“কচোন তোৰ হ’ল কি, পুৱাতে ইমান ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছিলি যে।” ভদীয়াকাইয়ে দাঁতৰ ফাকত সোমাই থকা তামোলৰ টুকুৰা এটা খুচৰি খুচৰি উলিয়াই আকৌ মুখত টুকুৰাটো ভৰাই বিমলক সুধিলে।

“এহ নক’ব আৰু! বাকী দি দি মোৰ দোকানৰ লাওলোৱা অৱস্থা। বাকীখিনি নিয়াৰ সময়ত চবেই নিয়ে কিন্তু পইচাকেইটা ঘূৰোৱাৰ সময়তহে মানুহৰ টকাৰ নাটনি হয়।”

বিমলৰ কথা শুনি ভদীয়াকাইৰ নিজৰ গাতো খুঁচ অকণ পৰা যেন অনুভৱ হ’ল। সেইটোকে নেদেখুৱাই তাক ক’লে, “মই তোৰ বাকীখিনি মাৰিবলৈ আহিছিলোৱেই। ৰাস্তাতে আকৌ গাখীৰ দিয়া গুৱালটোক পাই তাৰ বাকীটো মাৰিব লগা হ’ল।” ভদীয়াই কোৱা গোটেই কথাখিনি যে গোকাট মিছা বিমলৰ বুজিবলৈ বাকী নাথাকিল। তেঁৱো যে দুপৰীয়া সাজৰ কাৰণে চাউল দাইল দুটামান নিবলৈকেহে তাৰ দোকানলৈ আহিছে হাতৰ মোনাখনেই চিন।

“বুইছে ভদীয়াকাই এইবাৰ বাকী নমৰালৈকে দোকানলৈ মাল অনাত নাই। মোৰপৰা যেনেকৈ বাকী নিয়ে মোক কেতিয়াবা কোনোবাই সুধিছে নে মই কেনেকৈ চলিছো। সেইদিনা বুঢ়া আঙুলিটোত নখচকুৱা হোৱাৰ কাৰণে মলম এটা আনিবলৈ গাঁৱৰে তিলকৰ ফাৰ্মাছিখনলৈ গ’লো। হাতত পইছা নথকাত তাক ক’লো বোলো বাকীৰ খাটাতে লিখি থ, সি একেষাৰে নহ’ব বুলি কৈ থ’লে অ’। আকৌ সেইদিনা…”

তাৰ কথাখিনি সম্পূৰ্ণ হ’বলৈ নিদি ভদীয়াই মাত লগালে, “হ’ব দে মই গৈ থাকো।” ভদীয়াই জানিছিল এইখিনি গাই থাকোতে তেওঁৰো যে নাম সোমাব। কাৰণ সেইদিনা বিমলে পিছফালৰ শাকনিবাৰীখনৰ চাৰিওফালে জেওৰা দিবলৈ ভদীয়াৰ বাৰীৰপৰা বাঁহ দুডাল আনিছিল। বাঁহ দুডালত দিবলৈ টকা দুটা কম হোৱাত ৰাতিলৈ ভদীয়া যে বিমলৰ ঘৰত সেই দুটকা খুজিবলৈ আহিছিল সেইকথা ভালদৰেই মনত আছে দুয়োটাৰে। সেয়ে কথাই অন্য ৰূপ নলওঁতেই ভদীয়াই হাত সাৰো বুলিয়েই ঘৰলৈ বাট পোনাবলৈ লৈছিল।

“ৰ’ব ৰ’ব ক’ত যায়, শুনি যাওক।” বুলি বিমলে ঘৰলৈ বাট লোৱা ভদীয়াক চিঞৰি চিঞৰিও ৰখাব নোৱাৰিলে। খোজৰ কোবত ভদীয়াৰ ধূতিৰ পোন্ধ কোনোমতে নুখুলাকে থাকিল। ‘আহক এইবাৰ কোন আহে চবকে বজাম’ বুলি বিমলে দোকানৰ ভিতৰৰপৰা বাহিৰলৈ আহি দুপাকমান এনেই ইফালে সিফালে চাই ঘড়ীটোলৈ চালে। ‘অহ বাৰ বাজিবৰে হ’ল। সিজনীয়ে আকৌ লিষ্ট এখন পঠাই দিছিল নহয়। সময়ত ঘৰ নোপোৱালে তেওঁ আহি দোকান পাবহি।’ বিমলে ভিতৰলৈ আহি লিষ্টখন আকৌ কেতিয়াবা এবাৰ চাই বস্তুখিনি মোনাত ভৰোৱাত লাগিল।

মোনাটো নি চাইকেলৰ কেৰিয়াৰত থৈ দোকানখনত তলাটো মাৰিবলৈ আহোতেই সিফালৰপৰা কোবাকোবিকৈ ভবানী নবৌক আহি থকা দেখি বিমলৰ বুজিবলৈ বাকী নাথাকিল। তেখেতৰ মুখামুখি হোৱাৰ আগতেই সেই ঠাইৰপৰা প্ৰস্থান কৰো বুলি খৰ-খেদা কৰিলে যদিও সাৰি যাব নোৱাৰিলে।

“হেৰি নহয় বিমল, আলুকেইটামান লাগিছিল অ’। অথনি হ’বলা দাদায়েৰ আহোতে কিবা খং উঠি আছিল।”

‘ইহ তেওঁ যেন একো গমহে নাপায়, এতিয়া যে লেনিয়াবলৈ আহিছে। বাকী খাওঁতে খাওঁতে কিমান টকা হ’ল খবৰ আছে জানো।’ টিঙিচকৈ উঠি অহা খঙটো যিমান পাৰে দমাবলৈ চেষ্টা কৰি বিমলে মাত দিলে ‘নবৌ মই বাকী দিবলৈ এৰিছোৱেই। দাদাৰ হাতত বাকীবহীৰ কপি এটা দি পঠাইছো চাই ল’ব নিজে চব মিলাই চল্লিশ হাজাৰমান হ’ল।’

“থ হেৰৌ, চল্লিশ হাজাৰ কেনেকৈ হ’ল। এনেকৈ বদনাম নকৰিবি দেও। অথনি দেদাৱৰে লৈ যোৱা কাগজৰ টুকুৰাটো হ’বলা মই দেখা নাই। চল্লিশ হাজাৰলৈ এটকা এটা হ’লেও বাকী আছে। হেৰৌ বিমল গাঁওখনত চব পোৱা পুৰণা দোকান এখনেই, তোৰখনেই আছে। সেইকাৰণে তোৰপৰা খাওঁ, কিন্তু তাতে ইমান অহংকাৰ কৰিব নাপায়। এই অহংকাৰৰ কাৰণে তোৰ দোকানৰ এই অৱস্থা। নাখাই হে পাৰিছো তোৰ দোকানৰপৰা।” বিমলে কোৱা বাকীৰ টকা শুনি ভবানী নবৌৱে লাজ পাই তাকেই ওলোটাই দম দি অহাবাটে আকৌ পোনালে।

নবৌৰ কথা শুনি বিমলৰ নিজৰে হাঁহি উঠিল। ‘কেনেধৰণৰ মানুহ এইবোৰ! বস্তু এটা লগাৰ সময়ত ঠিকেই আহে কিন্তু পইচাটো দিয়াৰ সময়ত কাৰো খবৰ নাই যেন দোকানলৈ এনেইহে বস্তুবোৰ আনি থাকো। এতিয়া চবৰে বাকী হাজাৰ হাজাৰ টকাৰ হিচাপ দিয়াৰ পিছত তাৰ দোকানলৈ মানুহ অহা কমাইছেই। হেৰৌ দোকানলৈ নাহ নাই, পাবলগীয়াখিনিটো মোক দি যা।’ কথাবোৰ নিজৰ মাজতে ভাবি গছজোপাৰ তলতে ষ্টেণ্ড কৰি থোৱা চাইকেলখন লৈ ঘৰলৈ পোনালে। বিমলৰ চাইকেলখনৰপৰা অহা কেৰকেৰ শব্দ আৰু তাৰ সুহুৰিয়ে শুই থকা নিজান দুপৰীয়াৰ ৰাস্তাটোক জগাই তুলিলে।

***

“অহ আপুনি পালেহি। আনিলে ন বস্তুকেইটা।” আগফালে বাৰাণ্ডাখনতে মূঢ়া এটা লৈ থকা ঘৈণীয়েকে বিমলক পদূলিয়েদি সোমাই অহা দেখি টপককৈ মাত লগালে।

‘আহি পাইছোহে এইজনীৰ চিঞৰ-বাখৰ আৰম্ভ হ’লেই’ মনতে ভাবিলে যদিও বাহিৰত সেইটো ভাৱ নেদেখুৱাই লাহেকৈ মোনাটো কেৰিয়াৰৰপৰা এৰুৱাই ঘৈণীয়েকৰ হাতত দিলে।

ঘৈণীয়েকে অতি আগ্ৰহৰে মোনাটো খুলি চাই দেখে দুটামান আলু তাকো গজালি ওলাবলৈ আৰম্ভ কৰিছেই আৰু পিয়াজ তিনিটা নে চাৰিটা। “হে হৰি আপোনাক আনিবলৈ দিছিলোঁ কি, আনিছে কি? আজি আবেলি মণ্টু আৰু তাৰ ঘৈণীয়েক অহাৰ কথা। চেনি, চাহপাত নাথাকিলে চাহ খুৱাম কেনেকৈ! আপুনি নিজৰ দোকানখন থাকোতেও এনেকুৱা কৃপণালি কৰিব লাগেনে হয়নে?” ঘৈণীয়েকৰ চিঞৰ-বাখৰত বিমলৰ দমাই থোৱা খঙটো উঠি আহিলেই।

“হেৰৌ বেছি কেপকেপাই নাথাকিবি অ’। গোটেই সংসাৰে বাকী নি নি মোৰ দোকানত যে লালবাতি জ্বলিল সেইফালে জানো কিবা খবৰ আছে। মুখখনৰে চেপেৰ চেপেৰ কৰাৰ বাদে আৰু কি জান তই।” গিৰিয়েকৰ ধমধমনি শুনি ঘৈণীয়েক আচৰিত হ’ল। এনেহেন ঠাণ্ডা মানুহটোৱে আজি তাইক এনেকৈ ধমধমাই আহিছে যে কথা নাই বতৰা নাই!

“দোকানৰ কথা দোকানতে ৰাখি….” তাইৰ কথাটো সম্পূৰ্ণ হ’বলৈকে নাপালে, বিমলে আকৌ মাত লগালে “দেউতাৰে বিয়াৰ আঠমঙলা খাবলৈ যোৱাৰ দিনাই কৈছিল দোকানখন বঢ়াবলৈ তেওঁৱে সুবিধা এটা কৰি দিব। সেইজনে সুবিধা কৰি দিয়াৰ সলনি নিজেই সিপুৰীলৈ গৈ কেলেহুৱা ভায়েৰটোক মোৰ টেটুত মালা গাঠি দিলে। সেইটো বোলো এনেই থকাতকৈ দোকানৰ কাম-বনকে শিকক। সি কৰিলে কি, কাম কৰাৰ সলনি দোকানলৈ যিমান ছোৱালী আহে চবকে বাকী দি মোৰ মূৰৰ এফাল খালে। এতিয়া বাকী নামাৰিলে দোকানত মাল ভৰাম কেনেকৈ। দোকানৰ অৱস্থা পানীত হাঁহ নচৰা হোৱা যেন দেখি সি এইফালে গা এৰা দি বীৰেণৰ চাইকেলৰ দোকানত ছোৱালীবোৰৰ চাইকেল ভাল কৰাৰ কাম কৰিবলৈ লৈছে।” যিমান পাৰে বিমলে বকিবলৈ ধৰিলে। বিমলৰ তৰ্জন গৰ্জন শুনি সিফালে চেকচেকি ঘৈণীয়েক টাপ মাৰিল।

‘আনকালেতো এনেকুৱা কাহানিও নকৰে। আজি এই দুপৰীয়াখনত বিমলৰ গাত বুঢ়া ডাঙৰীয়া লম্ভিয়েই আহিছে কিজানি। সাউৎকৈ চেনেল পেহীৰ ওচৰত পানী অকণ জৰাই আনো।’ বুলি ঘৈণীয়েক পাকঘৰলৈ গিলাচ এটা আনিবলৈ উঠি যাওঁতেই বিমলে আকৌ চিঞৰিবলৈ ধৰিলে “কিমান বাকীত সোমাই থাকিম। বাকী মানেই ফাঁকি বুলি গম পাব লাগিছিল নিজৰাৰ…..” কথাখিনি সম্পূৰ্ণ হ’বলৈ নাপাওঁতেই বিমলে জিভাখনতে কামোৰ মাৰি ধৰিলে। ইফালে বিমলৰ মুখত নতুন নাৰীৰ নাম শুনা মাত্ৰকে পাকঘৰলৈ উঠি যোৱা ঘৈণীয়েক আকৌ উলটি তাৰ ওচৰ পাইয়ে জেৰা আৰম্ভ কৰি দিলে, “কোন, ক’ৰ নিজৰা? কেতিয়া বাকী কৰিছিল? কিমান টকাৰ? তাই বাকী নিছিল নে আপুনি মৰমতে দিছিল। কওক আগতে”, অজস্ৰ প্ৰশ্নবাণেৰে বিমলক ক্ষন্তেকতে ঘৈণীয়েকে থকা-সৰকা কৰিলে। ঘৈণীয়েকেটো তাক জেৰা কৰিবই এনেও। ভনীয়েক সৰলাৰ বাদে কেতিয়াও বেলেগ ছোৱালীৰ নাম নুশুনা মানুহটোৰ মুখত যদি হঠাৎ কাৰোবাৰ নাম শুনে আৰু তাইৰ কথা কৈ ইমান তৰ্জন গৰ্জন কৰে সেইটো সন্দেহ কৰিবলগা কথা। বাকী খোৱা মানুহৰ কাৰণে দোকান যি হয় হৈ থাকক, কিন্তু ঘৈণীয়েকে কেতিয়াও নিজৰাৰ কাৰণে তেওঁলোকৰ সংসাৰখন ভাঙিবলৈ দিব নোৱাৰে। গতিকে কিবা এটা হেস্ত নেস্ত কৰিবই লাগিব।

ঘৈণীয়েকৰ জেৰাৰ কোবত বিমলৰ অৱস্থা কাহিল হ’ল। হেৰৌ এই দোকানৰ বাকী খোৱা মানুহবোৰে মোৰ দোকান শেষ কৰিলে, এতিয়া এই নিজৰাই মোৰ সংসাৰ শেষ কৰিব। চুমা খোজোতে নিজৰাই তাৰ লগত আহিবলৈ এৰিলে, বাকী খোজোতে তাৰ দোকানলৈ গ্ৰাহক আহিবলৈ এৰিলে। এতিয়া ভুলতে নিজৰাৰ নামটো মুখৰপৰা ওলাই গ’ল, ঘৈণীয়েকে বা কৰে কি! “হেৰৌ এনেকৈ যদি তই বাকী খোৱা মানুহখিনিৰ লগতে জেৰা কৰি পাবলগীয়া পইচাখিনি উঠালিহেঁতেন অ মালতী।”

ঘৈণীয়েকৰ জেৰাৰ কোবত থাকিব নোৱাৰি বিমলে যি কৰ কৰি থাক বুলি চাইকেলখন লৈ ওলাই গ’ল। আজি কাজিয়া কৰি, দম দি হ’লেও যে বাকীৰ চব পইচা উঠাবই সেইটো খাটাং আৰু শিক্ষা এটাও দি থৈ আহিব। ‘প্ৰথমতে ভবানী নবৌৰ ঘৰতে সোমাই যোৱা ভাল হ’ব নেকি’ বুলি ভবানী নবৌৰ ঘৰৰ ওচৰ পাওঁতেই তেওঁলোকৰ পদূলিৰ ফাললৈ বিমলে চাইকেল পোনালে।

☆★☆★☆

21 Comments

Leave a Reply

Your email address will not be published.