ফটাঢোল

বাঘৰ প্ৰেম – সপোনজ্যোতি ঠাকুৰ

চিৰিয়াখানাত কিবা এটাই মোক থাপ মাৰি ধৰিলে। মই উচপ খাই উঠিলোঁ। কিয়নো মোক থাপ মাৰি ধৰিব পৰাকৈ চিৰিয়াখানত আৰু কোনো নাই। মোক হাতত ধৰি যি গৰাকীয়ে ইমান সময় লৈ ফুৰাইছিল তেওঁ মোৰ পৰা পইচা লৈ নিজৰ পচন্দ মতে দুটা আইচস্ক্ৰীম আনিবলৈ গৈছে। ঘূৰি ঘূৰি মই ভাগৰুৱা হৈ আছোঁ। তথাপি মোৰ আইচস্ক্ৰীম আনিবলৈ দোকানলৈ যাব পৰাকৈ গাত শক্তি আছিল। কিন্তু দোকানত মই সিমান সহজ অনুভৱ নকৰোঁ আৰু মোৰ পচন্দবিলাক সদায়েই বেয়া বুলি মোৰ গাত ধৰি থকা গৰাকীয়ে সদায় বখানি থাকে। মই তেওঁৰ বাহিৰে একো ভাল পচন্দ কৰা নাই সেইটো এটা ঘোষিত সত্য। মই মানি লওঁ সত্যৰ সদায় জয়।

থাপ মাৰি ধৰাজনৰ ফালে চাই দেখোঁ বাঘৰ নিচিনা জন্তু এটা। ভালকৈ চাই দেখোঁ, হয় বাঘেই। কিন্তু মই বাঘটোক কিবা এটা বেলেগ বেলেগ দেখিছোঁ। সত্য কথা ক’বলৈ হ’লে মই একেবাৰে ওচৰৰ পৰা বাঘ চাব পৰা হোৱাৰ নহয়। কলিজা সিমানটো নহয়, সেয়ে মোক থাপ মাৰি ধৰাটো বাঘ বুলি সন্দেহ হ’ল। বাঘটোৱে মোক কলে,

: তুমি মোৰ কাহিনী এটা শুনিবা?

মই তেতিয়ালৈকে বাঘৰ কাহিনী শুনি পোৱা নাই সেয়ে সিমান গুৰুত্ব দিয়া নাই। বাঘে কি কাহিনীটো ক’ব! পহু ধৰা, ছাগলী ধৰা কাহিনী শুনাৰ চখ নাই। সেয়ে বাঘক মই সিমান প্ৰশ্ৰয় নিদিওঁ বুলি ভাবিলোঁ। কিন্তু বাঘে নেৰে; সি ক’লে,

: তুমি বৈদ্য প্ৰেমিক, ছোৱালীয়ে এৰিকে নিদিয়ে। গতিকে মোৰ প্ৰেম কাহিনীটো অলপ শুনা। মই প্ৰেমিক এজনক সদায় মোৰ প্ৰেম কাহিনীটো শুনাওঁ। আজি তোমাৰ পাল। চিৰিয়াখানাত প্ৰেমিকসকলৰ বৰ ভিৰ যে।

বাঘৰ প্ৰেম কাহিনী শুনিবলৈ মন কাৰ নাযাব বাৰু! তাতে মোৰ দৰে প্ৰেমিক এজনৰ। মই কলো,

: তেওঁ আইচস্ক্ৰীম আনি পোৱাৰ আগতে কৈ শেষ কৰিব পাৰা যদি শুনোৱা।

বাঘে ক’লে,

: পটকৈ হ’ব। প্ৰেম কাহিনী চুটি।

বাঘে কৈ গ’ল, যিখন হাবিত বাঘটোৱে বাস কৰিছিল, সেইখন হাবিৰ কাষতে এখন গাঁও আছিল। গাঁওখনত এজনী সুন্দৰী ছোৱালী আছিল। বাঘে ছাগলী চিকাৰ কৰিবলৈ যাওঁতে পাছফালে ছাগলীক কঁঠাল পাত খুৱাই থকা অৱস্থাত সেই সুন্দৰীক দেখিলে আৰু প্ৰেম হ’ল। সুন্দৰীক প্ৰেম নিবেদন কৰিলে এদিন চেগ চাই। সুন্দৰীয়ে ‘হা’ ‘না’ একো নকয়। বাঘৰ ‘টেনশ্যন’! বাঘে পহু-চহু আনি থৈ যায়, গিৰিহঁতে ভোজ খায়। এদিন বাঘে সুন্দৰীৰ বাপেকক লগ ধৰি কথাটো ক’লে। বাপেকে হাঁহি ক’লে,

: ঠিক আছে, বিয়া দিম তোমালৈকে। তুমি পহু-চহু এনেদৰে খুৱাই থাকিবা।

ছোৱালীয়ে মাজে মাজে পাছফালে আহে, বাঘটোলৈ চাই মিচিকিয়াই হাঁহে আৰু গুছি যায়। ছোৱালীৰ সৈতে কথা পতা নহয়। বাঘৰ মনটো ফৰকাল নহয়।
এদিন বাঘে বাপেকক লগ ধৰি ক’লে,

: বিয়া হব বাৰু; বিবাহ পূৰ্বে কথোপ-কথন এটিৰ ব্যৱস্থা কৰক।

সুন্দৰীৰ বাপেকে ক’লে,

: বোপাই অ’, ছোৱালীয়ে সদায় কথা পাতিম বুলি কৈ আছে, কিন্তু তোমাৰ দুটা বস্তু তাই বৰ বেয়া পায়। সেয়ে পতা নাই।

বাঘে বোলে,

: কি বস্তু?

দেউতাকে ক’লে,

: তোমাৰ দাঁত কেইটা আৰু নখ কেইটা।

বাঘে বোলে,

: মই সেইকেইটা নাইকিয়া কৰোঁ কেনেকৈ? ছোৱালীয়ে যদি নিবিচাৰে মই সেই কেইটা এৰিম বাৰু। কিন্তু নিজে যে নোৱাৰোঁ।

দেউতাকে ক’লে,

: অলপ ৰ’বা। মই কাটি দিম, তুমি বহা।

লগে লগে দেউতাকে নখ, দাঁত কাটিব পৰা সৰঞ্জাম গোটাই আনিলে। বাঘে হাতোৰা মেলি দিয়ে, দেউতাকে নখ কাটে। বাঘে মুখ মেলি দিয়ে, দেউতাকে দাঁত কাটে। কাটি শেষ হ’লত দেউতাকে আইনা এখন আনি দেখুৱালে দন্তহীন মুখখন। সেইখন সোলা মুখ দেখি বাঘৰ দুখ লাগিল যদিও সুন্দৰীৰ মোহত সকলো পাহৰি গ’ল। দেউতাকক ক’লে,

: এতিয়া জীয়ৰীক মাতক, কথা এষাৰি হওঁ।

দেউতাকে ওচৰত থকা জেওৰা খৰি এটা ভাঙি ক’লে,

: যা ভাগ, আঁতৰ হ।

বাঘে ইমান ভয় খালে যে দৌৰি আঁতৰি আহিল। চিকাৰ ধৰিবও নোৱাৰে, ঘাঁহো খাব নোৱাৰে। গতিকে চিৰিয়াখানালৈ অহা প্ৰেমিক এজনক ধৰি তাৰ প্ৰেম কাহিনী শুনায়। বাঘৰ প্ৰেম কাহিনী শুনি মোৰ ইমান ভয় লাগিল যে, দৌৰি দৌৰি গেটৰ ফালে ওলাই আহিলোঁ। মই দৌৰি আছোঁ, দৌৰি আছোঁ,দৌৰি আছোঁ….।

☆★☆★☆

5 Comments

Leave a Reply

Your email address will not be published.