ফটাঢোল

বাঘ আৰু হৰিণাৰ সাধু – অনুৰূপ মহন্ত

এখন ডাঙৰ হাবিত এটা বাঘৰ দল আছিল। বাঘ বোৰৰ মাজত সকলোতকৈ শক্তিশালীজন ৰজা আছিল আৰু তেওঁৰ ছত্র ছায়াতেই বাকী বিলাক বাঘে মিলাপ্ৰীতিৰে বাস কৰিছিল। সেই হাবি খনত বহুত বিলাক হৰিণাও আছিল। বাঘ বিলাকে ভোক লাগিলেই সেই হৰিণা বিলাক মাৰি খাইছিল।
লাহে লাহে হাবি খনত হৰিণাৰ সংখ্যা কমি আহিছিল আৰু এদিন সকলো হৰিণা বাঘৰ মুখত পৰি মৃত্যু হ’ব বুলি হৰিণা সমাজত সকলোৰে চিন্তাৰ বিষয় হৈ পৰিছিল। এইটো বিষয়ত হৰিণা সমাজত এদিন এখন ডাঙৰ সভা অনুষ্ঠিত হ’ল। গোটেইখন হাবিৰে জাকে জাকে হৰিণা আহি সভাত যোগ দিলেহি। বুঢ়া হৰিণা এটাক সভাপতি পাতি সকলোৱে বাঘে হৰিণা খাই শেষ কৰিবলৈ লোৱাৰ বিষয়ত গভীৰ ভাৱে আলোচনা কৰিবলৈ ধৰিলে।
বুঢ়া হৰিণা দুটামানে ক’লে, “বাঘ বিলাক মাংস ভোজী, তেওঁলোকে মাংস হিচাপে আমাক খাবই। গতিকে আমি বাঘ বিলাকৰ লগত সন্ধি কৰা উচিত। তেওঁলোকে যাতে যাকে তাকে যেতিয়াই তেতিয়াই নামেৰে তাৰ ব্যৱস্থা হিচাপে তেওঁলোকক কোৱা উচিত যে প্ৰতি দুদিনৰ মূৰে মূৰে আমি পাল পাতি পাতি তেওঁলোকৰ ওচৰলৈ আমাৰ মাজৰ পৰা এজনকৈ পঠিয়াম। তেনে কৰিলে আমি বিলাক বহুত দিনলৈ বাচি থাকিব পাৰিম।
ইয়াৰ প্ৰতিবাদ জনাই কিছুমান হৰিণাই ক’বলৈ ধৰিলে, “পুৰুষাণুক্ৰমে বলীয়ে দুর্বলীৰ ওপৰত অত্যাচাৰ চলাই আহিছে..এতিয়াৰ পৰা আৰু সেইয়া মানি লোৱা নহ’ব। আমি প্ৰতিবাদ কৰিম, ধৰ্ণা দিম।”
কিছুমানে তাৰো ওপৰত গৈ ক’লে,”আমি সকলো হৰিণাই মিলি একগোট হৈ বাঘ বিলাকক আমাৰ শিঙেৰে খুচি মাৰি শেষ কৰিম, আৰু আমি বনৰ ৰজা হৈ নিজেই বন খন শাসন কৰিম। একতাৰ বল আমি দেখুৱাই দিম।”
তেতিয়া বুঢ়া সভাপতি হৰিণাটোৱে মাত লগালে, “আজিলৈকে তোমালোক কোনোবাই শুনিছা নে যে, ক’ৰবাত হৰিণাই বাঘৰ হত্যা কৰি নিজেই ৰজা হৈ পৰিছে! এই বিলাক অবান্তৰ কথা চিন্তা নকৰিবা।”
তেনেতে ডেকা হৃষ্টপুষ্ট হৰিণ এটাই মাত লগালে, “মই ভাবো আমাক এখন পৃথক ৰাজ্যৰ প্ৰয়োজন হৈছে। য’ত অকল আমিয়েই থাকিম, তাত বাঘ সোমাব নোৱাৰে। কেৱল আমাৰ ৰাজত্ব চলিব তাত। আৰু এই বিষয়ে আমি বাঘৰ ৰজাৰ লগত কথা পাতিম। কিন্তু তাৰ আগতে আমি বাঘৰ মনত আমাৰ বিষয়ে কি ভাব আছে জনাৰ প্ৰয়োজন।”
সকলোৱে সেই ডেকা পাহোৱাল হৰিণাটোৰ কথাত সমৰ্থন জনালে।

এতিয়া প্ৰশ্ন হ’ল, কোনে বাঘৰ খবৰ আনি তেওঁলোক দিব! বহুত ভাবি চিন্তি ঠিক কৰা হ’ল যে এই ডেকা হৰিণাটোকেই খুৱাই বুৱাই শকত কৰি তাৰ শিং দুটা খুলি তাক এটা বাঘৰ ছাল পিন্ধাই বাঘৰ দৰে ৰূপ দি বাঘৰ মাজলৈ পঠিওৱা হওঁক। তেওঁৱেই বাঘৰ মনৰ কথাবিলাক জানি আহক আৰু সকলোকে কওক।
সকলো সন্মত হ’ল আৰু প্ৰতিটো হৰিণাই তেওঁলোকৰ নিৰ্বাচিত প্ৰতিনিধি জনক অভিনন্দন আৰু সম্বৰ্ধনা জনালে আৰু তেওঁলৈ খাদ্যৰ যোগাৰ কৰাত লাগিল। খাদ্যৰ নাতনিৰ দিনতো হৰিণা বিলাকে নিজে এসাজ নাখাইও সেই ডেকা হৰিণাটোক খুৱালে। আৰু কষ্ট নকৰাকৈ আৰামত খাই খাই ডেকা হৰিণাটো সোনকালেই যথেষ্ট শকত হৈ পৰিল।

এদিন এটা গুহাৰ ভিতৰত এটা বাঘৰ মৃতদেহ পোৱা গ’ল, সম্ভৱ কোনোবা চিকাৰীয়ে তালৈ গুলি মাৰিছিল আৰু সি পলাই আহি গুহাত সোমাইছিল, তাতেই তাৰ মৃত্যু হ’ল। হৰিণা বিলাকে তাৰ ছালখন এৰুৱাই আনি আগৰ আঁচনি মতেই এই ডেকা হৰিণাটোক পিন্ধাই দিলে। দুই এদিন অলপ অসুবিধা পালেও হৰিণাটো সেইটো ৰূপত অভ্যস্ত হৈ পৰিল।

সেই বেশেৰে এদিন হৰিণাটো বাঘ বিলাকৰ ওচৰ চাপিল। নতুন বাঘ এটা দেখি তেওঁলোকৰ মাজত প্ৰথমে সন্দেহ হৈছিল যদিও বাঘৰূপী হৰিণাটোৱে কলে যে- সি আগতে এইখন হাবিতে জন্ম হৈছিল। সৰুতেই মাকৰ লগত বেলেগ এখন হাবিলৈ গুচি গৈছিল। এতিয়া সেই হাবিত চিকাৰীৰ উৎপাতত বেছি হোৱাত সি তাৰ পৰা পলাই আহিছে!

বাঘ বিলাকেও বিশ্বাস কৰি ললে আৰু তেওঁক নিজৰ লগৰে এজন বুলি আঁকোৱালি ললে।

বাঘৰ মাজত বাঘ হৈ থাকি হৰিণাটোৱে বৰ আমোদ পাইছিল, সি নিজকে সকলোতকৈ শক্তিশালী বুলি ভাবিবলৈ ধৰিলে। বাঘৰ চাল-চলন, খাদ্য আদিতো অভ্যস্ত হৈ পৰিল। লাহে লাহে পাহৰি যাবলৈ ধৰিলে তাৰ উদ্দেশ্য।
তেনেতে এদিন বাঘৰ ৰজাই চোৰাংচোৱা শিয়াল এটাৰ পৰা খবৰ পালে যে, হৰিণা বিলাকে বাঘৰ বিৰূদ্ধে বিদ্ৰোহ কৰিবলৈ ঠিক কৰিছে আৰু তেওঁলোকে পৃথক ৰাজ্য দাবী জনোৱাৰ সম্ভাৱনাও বাঢ়ি গৈছে। তেওঁলোকৰ মাজত এজনক বিৰোধী নেতাও বাচনি কৰা হৈছে। আৰু হৰিণা বিলাকে কোনোবা চোৰাংচোৱাও নিয়োগ কৰিছে।
শিয়ালটোৱে কিন্তু গম পোৱা নাছিল বাঘৰ ভেশত যে হৰিণাৰ দলপতি তাতেই উপস্থিত আছিল।
খবৰটো পাই বাঘৰ ৰজা গৰজি উঠিল। তেওঁৰ মনত হৰিণাৰ প্ৰতি থকা ঘৃণা সকলোৰে আগত প্ৰকাশ কৰিলে, আৰু এই বিদ্ৰোহ যিকোনো প্ৰকাৰে দমন কৰাৰ সিদ্ধান্ত ললে।

ডেকা হৰিণাটোৱে মনে মনে বৰ ভয় খালে, আৰু সেই ৰাতিয়েই তাৰ পৰা পলাই গৈ লগৰ বিলাকৰ মাজত উপস্থিত হ’ল গৈ।

সকলোৱে আমাৰ মুখীয়া ঘূৰি আহিলে বুলি আনন্দিত হ’ল আৰু হৰিণাটোৰ সাহসৰ প্ৰশংসা কৰিবলৈ ধৰিলে। তাকে দেখি হৰিণাটোৰ মনৰ ভয় খিনি আঁতৰি গ’ল আৰু নিজৰ বীৰত্বৰ কথা কিছুমান মিছাকৈ কৈ সি সকলোৰে বাহঃ বাহঃ লুটিবলৈ ধৰিলে।

হৰিণাটোৱে সকলোৰে আগত ক’লে, “আমি কোনো পধ্যেই বাঘৰ লগত মিলি একেখন হাবিত থকা সম্ভৱ নহয়, আমি পৃথক ৰাজ্য ল’বই লাগিব আৰু আমাৰ এই সংগ্ৰাম চলাই যাব লাগিব।”
সকলো বিলাক হৰিণাই তেওঁলোকৰ দলপতিৰ কথাত হয় ভৰ দিলে..
ইফালে বাঘৰ ৰজাই কথাটো গম পালে যে বিৰোধী দলৰ ভাবি দলপতি তেওঁলোকৰ মাজতেই থাকি তেওঁলোকৰ বিষয়ে সকলো জানি গৈছে। এই কথাটো বনত ওলাই গ’লে সকলোৰে আগত বাঘ বিলাকৰ নাক উলিয়াব নোৱাৰা অৱস্থা হ’ব। সেই ভাবি বাঘৰ ৰজাই শিয়াল এটাক হৰিণাৰ ওচৰলৈ পঠালে আৰু বিৰোধী দলপতিক আলোচনাৰ বাবে মাতি পঠালে।

সকলোবিলাক হৰিণাই খবৰটো শুনি বৰ আনন্দ পালে। তেওঁলোকৰ আশা পূৰণ হব, পৃথক ৰাজ্য পাব এই বিলাক ভাবি তেওঁলোকে তেওঁলোকৰ দলপতিক বাঘৰ ৰজাৰ লগত আলোচনা কৰিবলৈ সোনকালে যাবলৈ কলে। হৰিণাৰ ডেকা দলপতিয়ে পেটে পেটে বৰ ভয় খালে যদিও বেলেগ একো উপায় নেদেখি বাঘৰ ৰজাৰ ওচৰলৈ যাবলৈ সন্মত হ’ল।

হৰিণাৰ দলপতি বাঘৰ ৰজাৰ ওচৰ পাওঁতে ৰজা নিজেই তেওঁক আগবঢ়াই নিবলৈ ওলাই আহিল। হৰিণাক এনেকুৱা সা সন্মান জনালে যেন হৰিণাটোৰ আগৰ কথা বাঘে একো নাজানেই। বাঘৰ ৰজাই হৰিণাক আদৰি নি তেওঁৰ লগতে আসন পাতি বহুৱালে। নানান সু স্বাদু ব্যঞ্জন খুৱালে। হৰিণাৰো এইবিলাক অভ্যাস হৈ গৈছিল। নিজৰ দুখীয়া প্ৰদেশ আৰু লগৰীয়া সকলৰ মাজত বৰ কষ্টেৰে হে তেওঁ এইকেইদিন পাৰ কৰিছিল।
এনেদৰে কেইবাদিনো ৰাজকীয় সন্মান পোৱাৰ পাছত হৰিণাটোৱে কিয় তালৈ আহিছিল পাহৰিয়েই পেলালে। এইকথাটো ধৰিব পাৰি বাঘৰ ৰজাই হৰিণাক সুধিলে, “ইমান দূৰৰ পৰা আমাৰ লগত কি কথা পাতিবলৈ আহিছা কোৱা আক’!”
হৰিণাই তেতিয়া ক’বলৈ ধৰিলে, “মহাৰাজ আমি আমাৰ প্ৰদেশত বৰ কষ্টত বসবাস কৰি আহিছো। বহুতৰে ঘৰত এসাজ খাই এসাজ খাবলৈ নাই। তাৰ মাজতে আপোনালোকে আমাক আক্ৰমণ কৰে, হত্যা কৰে, আন আন মাংসভোজী জীৱ, চিকাৰী আদিয়েও আমাক বধ কৰে। গতিকে আমাক এখন পৃথক ৰাজ্যৰ প্ৰয়োজন হৈছে, যত কেৱল আমি থাকিম আৰু আমিয়েই শাসন কৰিম।”
বাঘেও জানিছিল হৰিণাই কি ক’ব আৰু কি বিচাৰিব। গতিকে আগৰ পৰাই বাঘে উত্তৰ ভাবিয়েই থৈছিল। বাঘে নম্ৰ ভাবেই কলে,
“চোৱা, আমি বুজিব পাৰিছো তোমালোকৰ কিমান কষ্টৰ মাজত জীৱন অতিবাহিত হৈছে। সেয়ে তোমালোকৰ দাবী মই মানি লম, কিন্তু তোমালোকৰ জানো ৰাজ্য চলোৱাৰ অভিজ্ঞতা আছে? তোমালোকক এতিয়াই পৃথক ৰাজ্য দি দিলে চলাই খাব নোৱাৰিবা। সেয়ে মই ভাবো বহুত সংখ্যক হৰিণাক আমি ৰাজ্য চলাবলৈ প্ৰশিক্ষণ দিম, আৰু তাৰ পাছত…….
হৰিণাটোৱে মাজতে মাত মাতিলে, “আমি ৰাজ্য চলাই খাব নোৱাৰিম বোলা কথাষাৰ মই কেতিয়াও মানি নলও। আমি একোখন ঘৰ ভালকৈ চলাও। গতিকে ৰাজ্যও চলাব পাৰিম। আমি ভালকৈ জানো আমাৰ প্ৰদেশ খনৰ উন্নতিৰ বাবে আমি কি কৰা উচিত, কি কৰা অনুচিত।”
এইষাৰ শুনি যদিও বাঘৰ ৰজাৰ খং উঠিছিল, তথাপি সেইয়া প্ৰদৰ্শন নকৰি শান্ত ভাৱে কলে, “চোৱা, তুমি আজি ডেকা হৈ আছা বাবে হে এনেকৈ কৈছা। কাইলৈ পৰহিলৈ বুঢ়া হবা। তোমাৰ পত্নী আছে, কেইবাটাও সন্তান আছে। সকলোৰে ভৱিষ্যতৰ কথা এবাৰ ভাবি চোৱা। মই মাত্ৰ তোমাৰ আৰু তোমাৰ পৰিয়ালৰ ভালৰ বাবেইহে কৈছোঁ। তুমি সকলোৰে বাবে অকলে কিমান কৰিবা! মোৰ কথা যদি মানি চলা, তেন্তে তোমালোকৰ পৃথক ৰাজ্য লোৱাৰ কোনো প্ৰয়োজন নহব। মই আজিয়েই মোৰ সহযোগী সকলোকে কৈ দিম, কোনেও যাতে তোমাৰ সতি সন্ততিক যুগ যুগ ধৰি একো ক্ষতি নকৰে আৰু তুমিও নমৰা লৈকে মোৰ লগতে ৰজাৰ দৰে সুখ আৰু সন্মানেৰে জীৱন নিৰ্বাহ কৰিব পাৰিবা।”

বাঘৰ লগত থাকি থাকি হৰিণাৰো ইতিমধ্যে ৰাজকীয় জীৱন বৰ ভাল লগা হৈছিল। জীৱনত একো কাম নকৰাকৈ আৰামত থাকিব পাৰিম বুলি ভাবি হৰিণাটোৱে বাঘৰ ৰজাৰ প্ৰস্তাৱ মানি ল’লে। হৰিণাটোৱে পাহৰি পেলালে তেওঁৰ প্ৰদেশৰ প্ৰজাৰ দুখ আৰু ত্যাগৰ কথা।
বাঘৰ ৰজাৰ প্ৰস্তাৱত সন্মতি জনাই বাঘৰ ৰজাৰ ফালৰ পৰা আগবঢ়োৱা বহুত উপহাৰ লৈ হৰিণাটো নিজৰ প্ৰদেশলৈ ঘূৰি গ’ল। হৰিণাটোক দেখা পাই “আমাৰ নেতাই আমাৰ বাবে পৃথক ৰাজ্য লৈ ঘূৰি আহিছে, আজিৰ পৰা আমাৰ দুখ দূৰ হ’ল” বুলি সকলোৱে দলপতিক ঘেৰি ধৰিলে আৰু আনন্দত হাঁহি ফুৰ্তি কৰিবলৈ ধৰিলে।
দলপতিয়ে তেতিয়া এটা তিলাৰ ওপৰত উঠি লৈ সকলোৱে শুনাকৈ ক’বলৈ ধৰিলে, “মোৰ মৰমৰ ভাই বন্ধু সকল, মই আজি আপোনালোকৰ আগত এটা নতুন কথা কবলৈ ওলাইছোঁ। আজিলৈকে আমি বাঘ বিলাকৰ পৰা বেলেগকৈ থাকিবলৈ তেওঁলোকৰ পৰা এখন পৃথক ৰাজ্যৰ দাবি জনাই আহিছিলোঁ। কিন্তু এইটোৱে ইয়াকেইহে বুজায় যে আমি তেওঁলোকৰ বিৰুদ্ধাচৰন কৰিছিলোঁ। যিহেতু তেওঁলোক আমাতকৈ অধিক শক্তিশালী, গতিকে তেওঁলোকৰ বিৰুদ্ধে গৈ আমি পৃথক ৰাজ্য পোৱা অসম্ভৱ। গতিকে আমি তেওঁলোকৰ লগত লগ হৈ হে পৃথক ৰাজ্য বিচৰা উচিত। সেই বাবে এইবাৰ মই বাঘৰ ৰজাৰ আগত কৈ আহিছোঁ যে, আমি তেওঁৰ লগতেই আছোঁ।”
হৰিণাৰ দলপতিয়ে একেৰাহে কথা খিনি কৈ গ’ল। বেছিভাগ জনতাই হৰিণাটোৱে কি কৈছিল ভালকৈ বুজিয়েই পোৱা নাছিল, কিয়নো বাঘৰ মাজত থাকি থাকি হৰিণাটোৰ কথা বিলাকো বাঘৰ দৰেই হৈ গৈছিল। সাধাৰণ হৰিণা বিলাকে এইটো দেখি আচৰিত হৈ গৈছিল যে তেওঁলোকৰ সৈতে অন্তৰৰ বান্ধ থকা মৰমত ভাই জন ইমান সলনি হৈ গ’ল। এতিয়া তেওঁ কৈ আছে যে, “সকলোৱে হৰিণাৰ দৰে জীৱন এৰি বাঘৰ দৰে জীৱন হে গ্ৰহণ কৰা উচিত”।
নিজৰ নিৰ্বাচিত নেতাৰ মুখত এইবিলাক কথা শুনি সকলো হৰিণা নিৰাশ আৰু হতাশ মনেৰে নিজ নিজ ঘৰলৈ উভতি গ’ল গৈ।

(এটা পুৰণি আদিবাসী সাধুৰ ছাঁ লৈ)

☆★☆★☆

16 Comments

  • মাধুৰ্য্য

    এইটো বঢ়িয়া লিখিছে। সুন্দৰ ব্যংগ।

    Reply
    • অনুৰূপ মহন্ত

      ধন্যবাদ দেই

      Reply
  • Bikash

    সুন্দৰ ব্যংগ

    Reply
    • অনুৰূপ মহন্ত

      ধন্যবাদ দেই

      Reply
  • Nilakshi Devi Deka

    বৰ সুন্দৰ লিখনি। পঢ়ি বহুত ভাল লাগিল অনুৰূপ।

    Reply
    • অনুৰূপ মহন্ত

      ধন্যবাদ নিলাক্ষী বা

      Reply
  • Anima Das

    সুন্দৰ ব্যঙ্গ।

    Reply
    • অনুৰূপ মহন্ত

      ধন্যবাদ বাইদেউ

      Reply
  • Rintumoni Dutta

    সুন্দৰ, বঢ়িয়া লাগিল অনুৰূপ

    Reply
    • অনুৰূপ মহন্ত।

      ধন্যবাদ দাদা, কেৱল আপোনাৰ আৰু দিগন্ত দাক নিৰাশ নকৰোঁ বুলিয়েই লিখিলোঁ যেনে তেনে😁

      Reply
  • ঈশান

    ইংগিতৰ ব্যৱহাৰ খুবেই চিন্তাউদ্ৰেককাৰী হৈছে । ভাল পাইছোঁ পঢ়ি ।

    Reply
    • অনুৰূপ মহন্ত

      অশেষ ধন্যবাদ

      Reply
  • সাধুৰ জৰিয়তে সুন্দৰ ব্যংগ, ভাল লাগিল অনুৰূপ।

    Reply
    • অনুৰূপ মহন্ত

      ধন্যবাদ ভাইজান

      Reply
  • মানসী বৰা

    ভাল হৈছে অনুৰূপ…

    Reply
    • অনুৰূপ মহন্ত

      অশেষ ধন্যবাদ

      Reply

Leave a Reply

Your email address will not be published.