ফটাঢোল

বাপি – ৰাজীৱ শৰ্মা

স্থান:
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিখ্যাত চেনীআলি৷
১৯৯৭ চনৰ এটা উজ্জ্বল ৰাতিপুৱা। দীঘলা গাঁৱৰ ব্যক্তিগত মেছৰ পৰা ৰসায়ন বিজ্ঞান বিভাগলৈ বিশ্ববিদ্যালয়ৰ বিখ্যাত চেনীআলিয়েদি খৰধৰকৈ গৈ আছোঁ। চেনীআলি, নামটো শুনিলেই গা-মন ৰাইজাঁই কৰে। তাতে চৌবিশ বছৰীয়া ভৰ ডেকা বয়স, প্ৰেমত হাবু-ডুবু খোৱাৰ বয়স। তেতিয়ালৈ মোৰ লগৰ কেইবাটাৰো প্ৰেম তুংগত। ক’তো জীণ যাব নোৱাৰা আমি কেইটামানেহে তেতিয়াও প্ৰেম বিহীন জীৱন কটাইছোঁ। সেয়ে, হকে-বিহকে এই চেনীআলিত বিচৰণ কৰোঁ। উদ্দেশ্য, কিজানি কিবা এটা হয়েই! সেইদিনা বিভাগলৈ বুলি চেনীআলিত সোমাওঁতেই এজাক ছোৱালী জুমবান্ধি বিপৰীত দিশৰ পৰা আহি চেনীআলিত ভৰি থৈছে। নিশ্চয় হোষ্টেলৰ, কিন্তু এই অসময়ত হোষ্টেললৈ কিয় যায়! ধেইত তেৰি, মোৰ খেলিমেলি লাগিলেই নহয়, এতিয়া এই জাকৰুৱা ছোৱালীখিনি পাৰহৈ মই কেনেকৈ যাওঁ? পাছে পাছেও গৈ থাকিব নোৱাৰি। এজাক উচ্ছল গাভৰুৰ হাঁহি ভৰা কথা-বাৰ্তাই হয়তো তেতিয়া চেনীআলিক নতুন জীৱন দিছিল। কিন্তু মোক? তেওঁলোকৰ কাষেদি আঙুলিৰে মাটি লিখি পাৰহৈ যাওঁতে বুকুৰ ধপধপনিৰ বাদে একো দিয়া নাছিল। কোনোমতে সেপ ঢুকি ছোৱালীৰ জাকটো পাৰ হৈছোঁ কি নাইহোৱা, বাপি বাপি কৈ তাৰে মাজৰে কাৰোবাৰ চিঞৰ। মই যেন সেই মুহূৰ্ততে তাতে অজ্ঞান হৈ পৰিম। তথাপিও মই নিশ্চিত যে মোক নাই মতা, কিয়নো মোক কোনো ছোৱালীয়ে তেতিয়ালৈকে তাত চিনি নাপায় বুলি মোৰ দৃঢ় বিশ্বাস। তাৰোপৰি গোলাঘাটৰ পৰা অহা একে বিভাগৰ এজনীৰ বাদে আন কোনোবা বিশ্ববিদ্যালয়ত পঢ়ি আছে যদিও মোৰ অচিনাকি। মোৰ খোজ আৰু খৰ হ’ল। ছোৱালীজাকৰ মাজত হাঁহি আৰু কথা-বতৰাও বাঢ়িল। সৰ্বোপৰি সেই অনামী ছোৱালীজনীৰ চিঞৰ। এইবাৰ মই ভাবিবলৈ বাধ্য হ’লোঁ মোকেই মাতিছে। কিন্তু ই কেনেকৈ সম্ভৱ?মাতিছেও মাতিছে মোৰ ঘৰৰ নামেৰে, যিটো মোৰ লগৰ ল’ৰাবোৰেই নাজানে! এই নামটো ইয়াত প্ৰচাৰ হ’লে মোৰ হ’ব লগা দশাৰ কথা ভাবি মোৰ মুচকচ যোৱা অৱস্থাৰে মোকনো কোনে এনেকৈ চিঞৰিছে ঘূৰি চালোঁ। তেতিয়ালৈ অনামীও ভীৰৰ মাজৰপৰা ওলাই আহিছিল। অলপ প্ৰকৃতিস্থ হ’লোঁ যদিও মুখৰ পৰা ওলাল-

: তুমি? মোৰ এই নামটো কেনেকৈ জানিলা?এইটো মোৰ লগৰবোৰে শুনিলে কি অৱস্থা হ’ব জানানে?

এই কথাষাৰ, মাত্ৰ এই কথাষাৰ শুনা মাত্ৰকে তাইৰ লগৰজাকৰ হাঁহিত চেনীআলি উৰি যাওঁ, উৰি যাওঁ যেন হ’ল।

: ঐ তোক মই বাপি বুলি নামাতি কি বুলি মাতিম?

মোৰ প্ৰশ্নৰ উত্তৰত তাই ক’লে। তেতিয়ালৈ অনামী ছোৱালীজনীক চিনি পাই গৈছোঁ, লগতে চাৰি মিনিটৰ ফটাপ্ৰেম পলাই ফাট মাৰিলে। কাৰণ ছোৱালীজনী মোৰ মহাৰ ভাগিনিয়েক। এবাৰ মহাৰ  ঘৰলৈ যাওঁতে চিনাকি হোৱা। চেনীআলিৰ পৰা ৰসায়ন বিজ্ঞান বিভাগৰ শাখাপথটো নোপোৱালৈ মই মাত্ৰ এষাৰ কথাই পাতিলোঁ তাইৰ লগত।

: যি হ’ল হ’ল আজিৰ পৰা এইটো নামেৰে মৰি গ’লেও মোক ইয়াত নামাতিবা। ৰাজীৱ বুলি মাতিবা।

ইমান সময়ে হঠাতে নিশ্চুপ হৈ যোৱা জুমটোৰ ছোৱালীবোৰে মই যেতিয়াই বিভাগৰ ৰাস্তা ধৰিলোঁ, পাছফালৰ পৰা আকৌ এবাৰ গিৰ্জনি মাৰি উঠিল।লগতে সমস্বৰে মই শুনাকৈ চিঞৰি উঠিল- বাপি, বাপি, বাপি….

☆★☆★☆

Leave a Reply

Your email address will not be published.