ফটাঢোল

বাবু ভাত খালা – প্ৰাণজিৎ বৰুৱা

এসময়ত যাৰ প্ৰেমত খাইছিলোঁ হাবু ডুবু

তাই মেচেজ কৰিলে
হাই কি কৰিছা বাবু,

মোৰ হাওঁফাওঁ কলিজা কিডনিত উঠিল কঁপনি,

কি কৰোঁ কি নকৰোঁ বুলি ফুলি গ’ল শিৰা ধমণি,

যদিও তেতিয়া আছিলোঁ মই খাই বৈ পেল,

তাইৰ মেচেজ দেখি অলপমান হ’লোঁ নৰমেল,

কঁপা কঁপা আঙুলিৰে পঠিয়ালোঁ লিখি,

এনেই আছোঁ বেবী, কি কৰিছা তুমি?

তাই ক’লে এনেই আছোঁ ময়ো,

ভালনে তোমাৰ ?

মই বোলো ভালেই মোৰ,
পিচে আজি হঠাৎ মেচেজ যে তোমাৰ?

তাই ক’লে মন গ’ল আকৌ বাবু!

মই বোলো hmmm

তাই বোলে ummm

অলপ সময় ৰৈ ক’লে “বাবু ভাত খালা?”

আহ! এই কথাটো শুনিবলৈ কিমানদিন আছিলোঁ যে ৰৈ,

440 volt মন মগজুৰে তৎক্ষণাত গ’ল বৈ।

মই বোলো case কি আজি যে শেনৰ এজাত,

সপোনৰ crush জনীৰ মুখত মৌ সনা মাত …

আজিকালি ছোৱালীৰ কথাত যাব নোৱাৰি ভোল,

এইৰ কথাবোৰত আছে নিশ্চয় কিবা গণ্ডগোল।

ময়ো বোলো ভাত চাত গুলি মাৰা,
আচল কথা কোৱা,
শুনিছোঁ মাঘত তোমাৰ হেনো বিয়া।

Umm হয় বাবু, মেচেজ কৰিছিলোঁ

আচলতে তাকেই কওঁ বুলি ,

শুনানা বাবু কওঁ কথাটো খুলি,

তুমি যে আজিকালি বিয়াবোৰত থাকা ফটো তুলি,

সঁচাই বাবু ফটোবোৰ তামাম, আই মিন লাগে একদম গুলি।

আচলতে বাবু মানে মোৰ বাজেট নাই,

পাৰিলে কেইখনমান তুমি দিবানেকি উঠাই …

কথা শুনি লগে লগে মোৰ ফাটি গ’ল নিচা,

এনে লাগিল আঠ মঙলালৈ মাতি
শাহুৱে জোঁৱাইক দিলে মাছৰ ফিছা।

বোলো এইখন মোৰ কপাল নে চোতাল,

Crush ৰ বিয়াত ফটো তুলিব লাগে তাকো নিদিয়ে একো মাল।

ধুৰৰ ঠগ লাইফ বুলি ফুল এটাকে সাৱটি আওৰালোঁ

তই আছ বাবেই মোৰ লাইফ জিঙ্গা লালা

কলিজাখন খাই জহনীজাতিয়ে সোধে
বাবু ভাত খালা!

☆★☆★☆

One comment

Leave a Reply

Your email address will not be published.