ফটাঢোল

বায়ুবেগ – উজ্বল ফুকন

এটা শব্দহীন মিছ কল পিছপিনৰ দুৱাৰখনেদি অকস্মাত ওলাই গ’ল। ৰাজে নাকটো মোহাৰি সন্দেহৰ চকুৰে কাষৰ মানুহজনলৈ চালে। মানুহজনেও নিজে ক’ব নোৱাৰাকৈয়ে নাকত ধৰি ইফালে সিফালে চাব ধৰিলে। চকু মুখত এটাই ভাৱ “মই নহয়, মই নহয়”।
ইফালে ভাল ৰাজ আৰু বেয়া ৰাজ দুয়োটাই নাটকখন উপভোগ কৰিবলৈ একেলগে মনৰ ভিতৰত সাৰ পালে।

ভাল ৰাজে মাত লগালে, পোহৰৰ গতি বোলে শব্দতকৈ বহুত বেছি। কিন্তু এইটো ঘটনাত শব্দৰ কাম নাই। শব্দহীন বিস্ফোৰণ। এই গোন্ধৰ গতিবেগো কম নহয় কিন্তু। ‘স্পিড অফ স্মেল, মনৰ ভিতৰত বহুত গোন্ধই একেলগে খেলা কৰিবলৈ ধৰিলে। জীৱনৰ শেষ সময়ছোৱাত আইতাকৰ বিছনাৰ তলত থকা চৰিয়াটোৰ চিনাকি গোন্ধটো মনলৈ অহাত সি আকৌ নাকত ধৰিলে। আইতা গুচি যোৱা বহু বছৰেই হ’ল কিন্তু গোন্ধৰ চোক এতিয়াও কমা নাই। এতিয়া ক, কাৰ বেগ বেছি পোহৰৰ নে বতাহৰ? আৰু দেউতাৰ এৰী চাদৰত লাগি থকা দেউতা দেউতা সুৱাস বা খুড়াৰ নগা শ্বলৰ চিনাকি গোন্ধটো। মানুহবোৰ বহু দূৰত থাকিলেও গোন্ধবোৰ কিন্তু মনত পৰিলেই হাজাৰ মাইল অতিক্রম কৰি নাকত লাগেহি। এতিয়া ক কাৰ বেগ বেছি?

“ইয়াতে মাৰিলে টিপা, গড়গাওঁ পালেগৈ শিপা” হঠাত বেয়া ৰাজটোৱে ভিতৰৰ পৰা মাত লগালে। কথাটো মিছা নহয়। মিছ কলৰ ৰিঙট’নে ইমানপৰে বাচৰ শেষৰ চিটটোত বহি থকা কেইজনকো ভাইব্রেচন ম’ডত ৰাখিছে।

: কোনোবাই বোকাখাটৰ পেআ পুই খাই হজম কৰিব পৰা নাই অ’। খিৰিকিৰ গ্লাচবোৰ খুলি দিয়ক ৰাইজ।

এওঁ উজনিৰ বুলি কোৱাটো নিষ্প্রয়োজন।

: পেআ আৰু পুইয়ে মই ডাঙৰ মই ভাল বুলি যুঁজি থাকোঁতেই জলকীয়া সৰিয়হৰ চাটনিয়ে বাজি মাৰিলে যেন পাইছোঁ।

আন এজনে মাত লগালে।

ইফালে গ্লাচবোৰ খুলি দিয়াৰ পিছত কাজিৰঙাৰ বতাহ আহি বাচখন ভৰি পৰিছে। তথাপিও পেৰা পুৰি আৰু জলকীয়া সৰিয়হৰ যুটিয়া আক্ৰমণ কোনো গুণে কমা নাই।

: আচলতে পেআ পুই আৰু জলকীয়া চাটনি কাৰণ নহয়। মূল কাৰণ তাৰ পিছত খোৱা চাহ কাপহে চাগৈ।

ঢোল হেন পেটটো লৈ আন এজনে মাত লগালে।

: খুড়াদেউ আপুনি কেনেকৈ জানিলে মূল কাৰণটো? আপুনিয়েই ব্রহ্মাৰূপী সৃষ্টিকৰ্তা যেন পাইছোঁ।

বেক চিট বয়জৰ পিলিঙা এটাই চিঞৰি ক’লে।

: কোন সেইটো? সাহস আছে যদি মুখখন দেখুৱাই ক। ৰাইজ ৰমজান মাহ চলি আছে জানেই আপোনালোকে। মোৰ পেটটোলৈ চাই বেয়া ভাৱ নল’ব। মই দৈনিক ৰোজা ৰাখিছোঁ। পিচে ৰোজা ৰাখিলে কি ডাল হ’ব। কোনোবাই যিটো গোন্ধ খুৱাই আছে উশাহত। আল্লা সোনকালে নগাওঁ পোৱাই দিয়া আৰু।

মানুহজনে ওপৰলৈ চাই ক’লে।

: ৰাইজ, যি জনৰ পৰা অহৰহ এই গেছ নিৰ্গত হৈছে তেওঁক আমি সমালোচনা কৰিব নাপায়। এয়া তেওঁৰ দোষ নহয়। দুৰ্বল পেটে কেতিয়াবা কিছুমান বস্তু হজম কৰিব নোৱাৰে। যিসকলে তেওঁক সমালোচনাৰে থকা-সৰকা কৰিছে তেওঁলোকক মই তীব্র ভাষাৰে গৰিহণা দিছোঁ। আৰু যিজনৰ পেটত এই দুৰ্যোগ চলি আছে তেওঁক সমবেদনা জনাইছোঁ। আমি যিহেতু কাজিৰঙাৰ মাজেদি গৈ আছোঁ আৰু আপোনালোকে দেখিছে পথৰ দুয়োকাষে জংগল। মই সেই বিশেষ ব্যক্তিজনক অনুৰোধ জনাইছোঁ ‘অলপ অলপ কৈ শান্তি পানী ছটিয়াই থকাতকৈ আপুনি হাবিৰ আঁৰলৈ মথাউৰিটো ভাঙি যাব দিয়ক’। মুক্ত কৰি দিয়ক সকলো বেয়া বস্তু। ওলাই আহক আপুনি।

এজনে বাচখনৰ মাজত ৰৈ সকলোকে উদ্দেশ্যি ক’বলৈ ধৰিলে। কিন্তু তেওঁ যালৈকে চাই সেইজনেই ইফালে সিফালে চাই ক’ব বিচাৰিছে যেন,
‘মই এই কুকাৰ্য্যত লিপ্ত নহয়।’

: দাদা, আপুনি সমবেদনা দিছে মানে নিজেও সমানে বেদনাত আছে যেন পাইছোঁ।

বেক চিট বয়জৰ ফালৰ পৰা আকৌ এটা পিলিঙাই চিঞৰি উঠিল।

: মই কিন্তু একেই গোন্ধ পাই থকা নাই। এজনক বদনাম কৰি বহুজনেই নিজৰ পাপ ধুব বিচাৰিছে যেন পাইছোঁ। অলপ আগৰ ক’লা নিমখৰ গোন্ধটো এতিয়া ভেদাইলতালৈ পৰিৱৰ্তন হৈছে।

আন এটা পিলিঙাই চিঞৰি উঠিল।

: তোৰ সেইটো নাকেই নে? তোৰ নাকি লগাবলৈ কোনোবা ভাল সুৱাস দিয়া এজনী বিচাৰিব লাগিব যেন পাইছোঁ।

: কিন্তু দাদা আপুনি বৰ ধুনীয়া ভাষণ এটা দি দিলে। আমি সকলোৱে আপোনাক সহযোগ কৰিম। পথ অৱৰোধ কৰি গাড়ী আগুৱাই যাব নিদিওঁ যেতিয়ালৈ এই পাদন কোঁৱৰে আমাক তেওঁৰ বতাহৰ পৰা মুক্তি নিদিয়ে। জয় আই অসম। নহ’লে কথা বিষম।

আন এটা পিলিঙাই স্বয়ম্ভু নেতাজনলৈ চাই ক’লে।

: জয় আই অসম। আমাৰ দাবী মানিবই লাগিব।

বেক চিট বয়জৰ গোটেইজাকে সমস্বৰে চিঞৰি উঠিল।

“ক্রেচচচচচচচ” গাড়ীৰ ব্রেকৰ লগে লগে দুটা ফুকলীয়া উফৰি গৈ স্বয়ম্ভু নেতাৰ চৰণত পৰিল।

: গুৰুদেৱ, এয়া কি হৈছে। বিৰোধী দলৰ ষড়যন্ত্র নেকি?

এটা পিলিঙাই মূৰ তুলি স্বয়ম্ভু নেতাজনক সুধিলে।

: চুপ থাক তহঁত। কি হ’ল অ’ ড্ৰাইভাৰ? গাড়ী কিয় ৰখালি?

স্বয়ম্ভু নেতাই ড্ৰাইভাৰলৈ চাই সুধিলে।

: ‘পথ অৱৰোধ’। এই শব্দদুটা শুনিয়েই মই ভয় অলপ খাইছিলোঁ। ‘য’তে বাঘৰ ভয়, ত’তে ৰাতি হয়’। এতিয়া কৰক কি কৰে। কেইটা বজাত খোলে ঠিক নাই।

ড্ৰাইভাৰে খঙত ভোৰভোৰাই থাকিল।

: হেৰি ইয়াততো সঁচাকৈয়ে বাঘৰ ভয়। আৰু ইয়াতে বহি বহি যদি ৰাতি হয়?

নতুনকৈ বিয়া হৈ অহা ঘৈনীয়েকে কন্দনামুৱা হৈ গিৰিয়েকৰ হাত এখনত খামুচি সুধিলে।

: একো নহয় হে। বাঘে টৰ্চ লাইট লৈ ৰাতি তোমাক বিচাৰি নাহে। আৰু তাৰ টিকেট ক’ত বাচত উঠিবলৈ? কাজিৰঙাৰ বাঘ, ইজ্জত আছে। মাটিৰ পট্টা নোহোৱা কাকো নাখায়। ইয়াৰ অবৈধ বাংলাদেশীবোৰক জানো বাঘে খোৱা শুনিছা? আমিতো মাটিৰ পট্টা লৈ অহা নাই ঘৰৰ পৰা, কিহৰ চিন্তা।

গিৰিয়েকে গহীনত ক’লে।

: আপুনি যে একেবাৰে কমলাকান্তৰ দৰে।

ঘৈনীয়েকে গিৰিয়েকৰ মোচকোছা চুই চুই ক’লে। দক্ষিণ ভাৰতত চাকৰি কৰি থকা গিৰিয়েকক ভুলাবলৈ তাই আজিকালি অলপ তামিল অভিনেতা মনত ৰাখিব চেষ্টা কৰিছে।

: তুমি মিক্স নকৰিবা দেই মানুহবোৰ। কমলা হাচান আৰু ৰজনীকান্ত দুটা বেলেগ মানুহ। কমলাকান্ত বুলি কোনো এক্টৰ নাই আৰু যিহেতু দুয়োটা মতা মানুহ
কমলাকান্ত জন্ম হোৱাৰো কোনো চান্স নাই।

গিৰিয়েকে তাইক দক্ষিণ ভাৰতৰ জ্ঞান দিলে।

: কিন্তু হে-ৰা, আমাৰ অসমৰ ল’ৰাবোৰ কিয়নো ঘূৰি আহিছে দক্ষিণ ভাৰতৰ পৰা?

গিৰিয়েকৰ হাতখন চিকুটি চিকুটি তাই আকৌ সুধিলে।

: ইডলী খাই খাই আমনি লাগিছে সিহঁতৰ। অলপ দিন ঘিলা পিঠা খাবলৈ গৈছে ঘৰলৈ। আকৌ ঘূৰি যাব।

গিৰিয়েকে উত্তৰ দিলে।

: হয়নে ডেকা ল’ৰা, ঘটনাটো কি হৈছে চাই আহিবা নেকি? এই তমোময় ৰ’দত নামি নাযাওঁ আৰু।

কাষতে বহি থকা বয়সস্থ মানুহজনে ৰাজক ক’লে।
ৰাজে মূৰটো দুপিয়াই উঠিব খোজোঁতেই ড্ৰাইভাৰজন চিঞৰি চিঞৰি বাচত সোমাল।

: মাটিৰ পট্টা। মই জানিছিলোৱেই এনেকুৱা কিবা এটা হৈছে বুলি। চাহ জনজাতি মানুহখিনিক লাগে মাটিৰ পট্টা।

ড্ৰাইভাৰে মুখৰ ভিতৰতে ভোৰভোৰাই থাকিল।

: অ’ মই আকৌ কাজিৰঙাৰ ব্যাঘ্র প্রকল্পৰ নামত পৰ্য্যটন বন্ধৰ প্রতিবাদত পথ অৱৰোধ কৰিছে বুলিহে ভাবিছিলোঁ।

আন এজনে পিছফালৰপৰা মাত লগালে।

: মই আকৌ ভাবিছিলোঁ মাধুৰ্য্যৰ মৃত্যুৰ উচিত তদন্ত নোহোৱাৰ পতিবাদত পথ অৱৰোধ কৰিছে বুলি।

বেক চিট বয়জৰ ফালৰ পৰা এটাই চিঞৰিলে।

: মাধুৰ্য্যৰ প্রতিবাদ কমাৰগাঁৱত হৈছে। আমি পাৰ হৈ আহিলোঁ। আন ঘটনাবোৰ গুৱাহাটী নোপোৱালৈ ক’ব নোৱাৰিছোঁ। এই ড্ৰাইভাৰী জীৱন বাদেই দিব লাগিব
যেন পাইছোঁ। সদায় পেছেঞ্জাৰবোৰক উত্তৰ দি থাকিব লাগে। কিমান আৰু হাৰাশাস্তি খাই থাকিম। আকৌ ঘৰ পাই মানুহজনীৰ তিতা তিতা কথাবোৰ শুনিবলৈ আছেই। এইকেইটা পইচা লৈ মাহেকৰ মূৰত গৈ থাকিলে ঘৰতে পথ অৱৰোধ হ’ব এদিন।

ড্ৰাইভাৰে খঙত ভোৰভোৰাই থাকিল।

এইবাৰ যেন গোটেই বাচৰ মানুহে ড্ৰাইভাৰৰ কথাত হয়ভৰ দিলে।

: এইজাকে সাধাৰণ ৰাইজক আবদ্ধ কৰি টেটু ফালি চিঞৰিলে কি হ’ব। আমি কিবা মাটিৰ পট্টা দিব পাৰোঁ নেকি? মন্ত্রীৰ কাণৰ কাষত চিঞৰিবলৈ শিক। গেলাই পেলা কাণ সিহঁতৰ। তেতিয়াহে কলা কণা চৰকাৰ সাৰ পাব। আমি ৰোজা ধৰি ৰৈ আছোঁ পথত আবদ্ধ হৈ। চৰকাৰে এইবোৰ বুজি নাপায়। বুজি নাপায় প্রতিবাদ কৰা জাকেও। বাংলাদেশী কেইটাক মাটিৰ পট্টা দিবলৈ চৰকাৰে সময় বহুত পায়। এটা আন্তৰাষ্ট্ৰীয় সীমা চীল কৰিবলৈ কিমানটা চৰকাৰ লাগিব আমাক। আৰু সেই জাকৰ কাৰণে আজি আমাক আন ধৰ্মৰ মানুহে
সন্দেহৰ চকুৰে চায়। শগুনেও যেন নাখাই এই মন্ত্রী জাক মৰিলে।

খঙত আন এজনে চিঞৰি উঠিল।

: কিন্তু দাইটি সিহঁতক খাবলৈ শগুন ক’ত? কাজিৰঙা শগুন, গঁড় আদিৰ বাবে নহয় বাংলাদেশীৰ বাবেহে আজিকালি বেছি বিখ্যাত।

বেক চিট বয়জৰ ফালৰ পৰা পিলিঙা এটাৰ উত্তৰ।

: এই অঞ্চলটোত চাগৈ তেৰখন গাঁও নাই কিন্তু মই লিখি দিব পাৰোঁ তাতকৈ বহু বেছি পাবত গজা সংগঠন আছে। এই জাকে কেৱল বিক্ষোভ কৰিব জানে আৰু সংগঠনৰ নেতাকেইটাই বহি বহি খায়। পথ অৱৰোধ এটা নতুন বেমাৰ শিপাইছে অসমত। ‘অসম বন্ধ’ বেমাৰত আক্রান্ত ৰাজ্যখনত নতুনকৈ দেখা দিয়া ‘পথ অৱৰোধ’ বেমাৰে একেবাৰে নৰিয়া পাটিত শুৱাই থৈছে।

আন এজনে ক’লে।

হঠাত কেমেৰা লৈ কোনোবা নিউজ চেনেলৰ দুটামান ৰিপৰ্টাৰ অহা দেখি বেক চিট বয়জৰ গোটেই কেইটা ফুকলীয়া উৰি যোৱাদি গৈ কেমেৰাৰ সন্মুখত প’জ দিবলৈ ধৰিলে।

: হয় সত্যম শিৱম, ইয়াত পথ অৱৰোধ হৈ আছে। আৰু বহুত যান বাহন ৰৈ থাকিব লগা হৈছে। ভোকে পিয়াহে জৰ্জৰিত মানুহ বাচৰ ভিতৰত গৰমত অশান্তি পাইছে।
মাটিৰ পট্টাৰ বাবেই এই অৱৰোধ হৈছে। আৰু প্রশাসনৰ পৰা কোনো সুদুত্তৰ নাপালে আগলৈ জংগী আন্দোলনৰ ভাবুকি দিছে অনশনকাৰীসকলে। এই সকলোবোৰ যি আপুনি একো নেদেখাকৈ ক’লে একেবাৰে আখৰে আখৰে মিলি গৈছে। মোৰ কাষত দুজন বাছযাত্রী উপস্থিত আছে। মই জানিব বিচাৰিম তেওঁলোকে কি ভাবে।

ৰিপৰ্টাৰজনে ক’লে।

: ভাবোঁতেটো বহুত কথাই ভাবোঁ। ৰাতিৰ সপোনত দেখা কেটৰিনা কাইফ দিঠকতো কেতিয়াবা মোৰ কাষত থাকিব। মোৰ গৰম লাগিলে তাই মোক বিচনী মাৰি দিব। আৰু তাই কাষত থাকিলে মোৰ গৰম লগাটো স্বাভাবিক দিয়কচোন।

এটা পিলিঙাই কেমেৰালৈ চাই ক’লে।

ৰিপৰ্টাৰৰ নিৰ্দেশত কেমেৰা ততালিকে আন এটাৰ ফালে ঘূৰিল,

: আপুনি কিবা ক’ব?

ৰিপৰ্টাৰে সুধিলে।

: ধন্যবাদ। বহুদিন ক’ম ক’ম বুলি ভাবি আছিলোঁ। কিন্তু সন্মুখত দেখিলেই কিবা নাৰ্ভাছ হৈ যাওঁ হে। মে মে মেমে মেঘালী আই লাভ ইউ

শ্বাহৰুখ খানৰ ষ্টাইলত অলপ বেকা হৈ হাত দুখন মেলি আনটো পিলিঙাই কেমেৰালৈ চাই কবলৈ ধৰিলে।

হঠাৎ ৰিপৰ্টাৰৰ জুনিয়ৰ এটাই চিঞৰী উঠিল,

: দাদা, এইফালে আহক কিবা মিটমাট হৈছে। অৱৰোধ উঠাই ল’ব বোলে।

ৰিপৰ্টাৰে কেমেৰামেনক লৈ সেইফালে দৌৰিল।

: আমাৰ আজি বাচৰ নায়কজনে আৰু এটা মিছ কল পথ অৱৰোধ কৰি থকা মানুহজাকৰ মাজত মাৰি দিলে। পুলিচে কন্দুৱা গেচ মাৰিছে বুলি ৰাইজ ছত্ৰভঙ্গ দিলে। পথ অৱৰোধ শেষ হ’ল।

বেক চিট বয়জৰ এটা ফুকলীয়াই চিঞৰি চিঞৰি বাচত প্রৱেশ কৰিলে।

: এহ এওঁ সঁচাকৈ কৈছে নে?

তাৰ পিছে পিছে গাড়ীত প্রৱেশ কৰা দ্রাইভাৰজনক বয়সস্থ মানুহজনে সুধিলে।

: পথ অৱৰোধ শেষ হৈছে সঁচা। কিন্তু সি কোৱা কাৰণটো সঁচা নহয়। কিবা মিটমাট হ’ল আৰু দুয়োপক্ষৰ মাজত। ৰাইজ সোনকালে উঠক। আমি এতিয়া পলাব লাগে যিমান পাৰি সোনকালে।

ড্ৰাইভাৰে লৰালৰিকৈ গাড়ী ষ্টাৰ্ট দিলে। লাহে লাহে গাড়ীখন পথ অৱৰোধ কৰি ৰখা মানুহজাকৰ মাজেৰে পাৰ হৈ গ’ল। ৰাজৰ লগতে সকলোৱে ডিঙি মেলি মানুহবোৰ চাবলৈ ধৰিলে। সকলো চাহ জনগোষ্ঠীৰ মানুহ। তাৰ মাজত এটা চাহ জনগোষ্ঠীৰ ল’ৰাৰ টি-ছাৰ্টটোলৈ চাই ৰাজৰ হাঁহি উঠিল। টি-ছাৰ্টটোত দিনটোৰ আটাইতকৈ ডাঙৰ প্রশ্নটো লিখা আছিল

“হোৱাই দিছ কলাবেৰী দি?”

ৰাজৰ হাঁহি শেষ নহ’লেই মাৰাত্মক গোন্ধটো আকৌ এবাৰ নাকত লাগিল। গোন্ধৰ পম খেদি যিখন মুখত ৰ’ল সি নিজেই আচৰিত হৈ থৰ লাগিল। এইয়া যে কাষৰ চিটৰ নতুনকৈ বিয়া হৈ অহা ছোৱালীজনী। তাইৰ লাজত ৰঙা পৰি যোৱা মুখখন বাদ দি উৰহী গছৰ ওৰটোৰ ফালে এবাৰ চাই তাৰ সুধিবৰ মন গ’ল “হোৱাই দিছ কলাবেৰী দি?”

☆★☆★☆

4 Comments

  • বঢ়িয়া লাগিল এইটো ।

    Reply
  • ৰাজশ্ৰী শৰ্মা

    কিছু লিখিছে দেই। বঢ়িয়া ।

    Reply
  • জয়ন্ত দাস

    সুন্দৰ

    Reply
  • ৰিণ্টু

    এইটো অকব’ত পঢ়িয়েই আজি বহু বছৰ আগতেই উজ্জ্বলৰ ফেন হৈ গৈছিলো

    Reply

Leave a Reply

Your email address will not be published.