ফটাঢোল

বিউটি পাৰ্লাৰ – প্ৰাঞ্জল শৰ্মা বশিষ্ঠ

‘ঐ, নমতাকৈয়ে যাৱ? চিনি পাইছনে নাই? তাকে হ’লে ঠিক চিনিছোঁ। বহুত শকত হ’লি ভাই। ঠিক আছে, ঠিক আছে— শকত হ’লি হ’লি আৰু। চুলি আকৌ গ’ল কিয়? কি চিন্তাত ?

দীপুহঁতৰ ঘৰলৈ যোৱাই মস্কিল। কাৰণ দুটা। এক সিহঁতৰ মস্ত কুকুৰটো আৰু দুই সিহঁতৰ দেউতাক। দুয়োটাৰে কি গর্জন। সেইকাৰণেই তাক কৈছিলোঁ— ‘লগ যদি পাব খোজ, আহিবি। সেই যে ‘বিউটি কেয়াৰ’ নামৰ বিউটি পার্লাৰখন, তাৰে সন্মুখত মই ৱেইট কৰিম।’

ৰৈ আছিলোঁও, পিছে সি আহিব ক’ত, দেখাদেখিয়েই নাই। কানীয়া। ৰৈ আছিলোঁ যদিও ব’ৰ হোৱা নাছিলোঁ। পার্লাৰখনলৈ অহা আহি আছে, যোৱা গৈ আছে। এপাকত লিটুক দেখিলোঁ। দেখি চিনিবই পৰা নাছিলোঁ, ভালকৈ চাওঁতেহে ক’ত দেখিছিলোঁ ক’ত দেখিছিলোঁ। কোন হ’ব পাৰে? লিটু? হয়, লিটুৱেই হয়। অলপ শকত হৈছে, চুলি গৈছে।

মাতিয়েই দিলো তাক। অলপো উশাহ নোলোৱাকৈয়ে মই কৈ গ’লোঁ – ‘হাঁ, কি চিন্তাত? কিবা ঝেং হৈছে নেকি? ঝেং! আৰে তোৰ আৰু কি ঝেং? বুঢ়াই কম বয়সতে বিয়া কৰোৱা বুলি কৈছিলি, সেই হিচাপত বুঢ়াই আৰু দহবছৰমান কাম কৰিবই, ইফালে তয়ো চাগৈ বিজিনেছ চুৰু কৰি দিছ, শেঠ বনি গৈছ।’

‘মই….’

‘হয়তো! তই নিজকে শেঠ বুলিবি কিয়? কোনেও নকয় তেনেদৰে। আচ্ছা, বাদ দে সেইবোৰ। দীপুক মনত আছে? সি, চা নাই ভাই, আহিম আহিম বুলি ৰখাই থ’লে! ভালেই হ’ল দে, তোক পাই গ’লোঁ। পিছে তই ইয়াত কিয়? চুলি গজাবি? হাঃ! আমলখি কিনি ল’বি এক কেজি, ডেইলি মূৰত লগাবি, গজি যাব চুলি। ক্ষীণাবলৈ হ’লে ডায়েট কন্ট্ৰ’ল কৰিবি। তোৰ পেটেই কয় তই শেঠ বুলি। পুৱাই পুৱাই জগিং অলপ কৰিবি। কষ্ট হ’লে ডাম্বেল-বাৰবেল অলপ মাৰিবি। বুইছ?’
‘এক মিনিট ৰ’বাচোন।’
‘তুমি? হাঃ, মনত নাই দুটা বছৰ, পুৰা দুটা বছৰ ৱাল মেট আছিলোঁ হোষ্টেলত? তই তই বোলোতেই জনম গ’ল, এতিয়া তুমি তুমি। হাঃ’
‘ৰ’বাচোন—’
‘আৰু তই যে সদায় মোৰ ধোৱা কাপোৰবোৰ পিন্ধিছিলি। সোধোঁতে যে কৈছিলি- তই মনেই কৰা নাই! আচলতে তই লেজি আছিলি, বিৰাট লেজি আছিলি। লেতেৰা কাপোৰ নিজে নোধোৱ নাই, লণ্ড্ৰিত দি দে। নিদিয়। কিয় দিবি? পইচা যাব যে! মই বটল এটা আনো, তই তাৰে এপেগ লৱ, নিজে কিয় কিনি খাবি? পইচা যাব যে। হাঃ হাঃ। আৰু সেই লাঠবোৰৰ কথা মনত আছে? কিমান লাঠ খালি হিচাপ আছে? মোৰ আছে। লাঠ মই খালোঁ সাতবাৰ, আৰু তই? ঊনৈছবাৰ! ভাবি চা, ঊনৈছবাৰ!’

‘ৰ’বাহে।’

‘কি ৰ’বা? ইমান দিনৰ মূৰত লগ পাইছে। পাঁচ বছৰ, নাঃ ছয় বছৰ লগ পোৱা নাই। অলপ লওঁ আহ। দীপুক সেই কাৰণেই মাতিছিলো। ময়েই পইচা দিম, চিন্তা কৰিব নালাগে। হোষ্টেলত কিমান খুৱালো। এই লিটু, ছয় বছৰতে কিন্তু বেয়া নাপাবি ভাই, তোক অলপ বয়সীয়া বয়সীয়া যেন লাগছে। মুখৰ চার্মটো নাই। অনবৰত পইচা পইচাকৈ নাথাকিবি, অলপ এনজয় কৰিবি, স্ফূর্তি কৰিবি। তথাপি তহঁতৰেই ভাল দে। স্বাধীন বিজিনেছ, কাৰো কথা শুনাত নাই। বিজিনেছ কৰি তহঁতৰ বুঢ়াই কিমান ঘটিলে! তয়োতো—’
‘ৰ’বাচোন ৰবা, মোৰ কথা শুনা।’
‘জানিবলৈ কিটো আছে? মোৰ কথা মিছা? ক, মিছা?’
‘নহয়, মিছা নহয়।’
‘তেনেহ’লে? তেনেহ’লে কি?’
‘সঁচা। তোমাৰ কথা মোৰ বোধহয় সঁচাই।’
মোৰ খং উঠি গ’ল। কি মানুহ। ইয়াৰ কিমান কথা মই মনত ৰাখিছোঁ, ই সকলো পাহৰি গ’ল! মুখ ফালি ক’লোঁ- ‘কি বোধহয়? তোৰ কি একো মনত নাই?’
‘থাকিবনো কেনেকৈ?’- মানুহজনে ক’লে— ‘মই লিটু নহওঁ নহয়, লিটুৰ দেউতাকহে! বিউটি পার্লাৰলৈ আহিছিলোঁ!’

☆★☆★☆

3 Comments

  • জাহ্নৱী

    হাঃ হাঃ

    Reply
  • Rintumoni Dutta

    প্ৰথমচোৱা পঢ়ি থাকোতে ভৱাই নাছিলো, এনেকুৱা হ’ব গৈ বুলি। খুব ভাল লাগিল

    Reply
  • Rasmita phukan

    ভাল লাগিল

    Reply

Leave a Reply

Your email address will not be published.