ফটাঢোল

বিকাশ মামাৰ (ডাঃ বিকাশ বৰুৱা) সৈতে কিছু অন্তৰংগ আলাপ – চবিনা ইয়াচমিন

নব্বৈৰ দশকৰ পৰা আজি লৈকে অসমীয়া ব্যংগ সাহিত্য জগতত তোলপাৰ লগোৱা বিশিষ্ট ব্যংগ লেখক ডা° বিকাশ বৰুৱাক চিনি নোপোৱা মানুহ হয়তো নোলাব ৷ সাহিত্য জগতত তেওঁ “বিকাশ মামা” নামেৰে জনাজাত৷ সেইদিনা দহ জুলাই ৷ দিনৰ এঘাৰ বাজি দহ মিনিট পাৰ হৈছে ৷ বাহিৰত চিপ্ চিপ্ বৰষুণ ৷ মই মামাক লগ ধৰিম বুলি মনতে বহু দিনৰ পৰা ভাবি আছিলো৷ এইবাৰ সুযোগ এটা পালো ৷ ই-আলোচনী “ফটাঢোলৰ” চলিত মাহৰ সম্পাদক ভাতৃ অভিজিৎ মেধিৰ সৈতে কথা পাতি আলোচনীখনৰ বাবে লেখা এটা বিচাৰি তেওঁৰ ওচৰলৈ যোৱাৰ সিদ্ধান্ত ললো ৷

সৰু কালৰ পৰাই তেওঁৰ কথা শুনি আহিছো ৷ মোৰ বয়স তেতিয়া পাঁচ বছৰ ৷ “মৌচাক” আলোচনীখন প্ৰথম প্ৰকাশ হৈছিল ৷ দেউতাই নিয়মীয়াকৈ আলোচনীখন আনিছিল যদিও পঢ়িব ভালকৈ নাজানিছিলো ৷ তথাপি ছবিবোৰ চাই ভাল পাইছিলো ৷ দুই-এটা সাধু বা কৌতুক নতুবা আন কিবা মায়ে পঢ়ি শুনাইছিল মোক প্ৰায়ে ৷ লাহে লাহে এই আলোচনীৰ পাতত বিকাশ মামাৰ সৈতে চিনাকী হ’লো ৷ স্কুলত পঢ়ি থকাৰ পৰাই আছিল মনত এক খুদুৱনি তেখেতক লগ পাবলৈ ৷ সেই সময়ত মৌচাকত তেওঁ লিখা ভ্ৰমণ কাহিনীবোৰ বৰ ৰস পাইছিলো পঢ়ি ৷ কাহিনীবোৰ পঢ়ি উঠি চকু মুদি ভাবোঁতে এনে লাগিছিল যেন ময়ো মামাৰ সৈতে সেই ঠাইবোৰ ভ্ৰমণ কৰি ফুৰিছো ৷ লাহে লাহে তেওঁৰ লেখনিবোৰৰ মাজেৰে মই এজন নতুন ব্যক্তিৰ সৈতে চিনাকী হৈছিলো ৷ এজন ব্যংগ লেখক হিচাপে ৷ ষষ্ঠ নে সপ্তম শ্ৰেণীত থাকোঁতে মই প্ৰথম তেওঁৰ  প্ৰবন্ধ এটি গোপনে পঢ়িছিলো ৷ নাজানো দেউতাহঁতে কিয় পঢ়িবলৈ দিয়া নাছিল ৷ প্ৰবন্ধটো আছিল “শেষ বুলেট” ৷ গাৰ নোম শিয়ৰি উঠিছিল ৷ বুকুৰ স্পন্দন খৰটতকীয়া হৈছিল ৷ বাৰে বাৰে ভাবিছিলো মামাৰ যদি কিবা এটা হয় কি হ’ব!! অহৈতুক চিন্তাবোৰে বাৰে বাৰে মোক আমনি কৰিছিল ৷ তেতিয়াই মনত বহু প্ৰশ্ন সামৰি থৈছিলো কেতিয়াবা লগ পালে তেওঁক সুধিম বুলি ৷ আজি মনৰ সকলো আশা পূৰ্ণ কৰিম বুলিয়েই মামাক লগ কৰিবলৈ বুলি ওলালো ৷ লগ কৰিলো ৷ কথা পাতিলো ৷ মনৰ ভিতৰত থকা বহু প্ৰশ্নৰ উত্তৰ পালো ৷ প্ৰায় দুঘণ্টা সময় কেনেদৰে পাৰ হৈ গ’ল নাজানো ৷

তেখেতক লগ ধৰিবলৈ গৈ থাকোঁতে মনে মনে ভয় এটাই ঘৰ কৰি আছিল নিজৰ ভিতৰতে ৷ মামা যদি অত্যন্ত খঙাল মানুহ হয় কি হ’ব!! মোৰ সৈতে যদি কথা নাপাতোঁ বুলি কয় কি হ’ব!! যি নহওক লগ ধৰিম বুলি যেতিয়া ওলালো লগ ধৰিমেই ৷ তেওঁৰ অত্যন্ত ক্ষুৰধাৰ ব্যংগ লেখনিবোৰৰ বাবেই মোৰ তেওঁলৈ অলপ ভয় লাগিছিল ৷ কিন্তু আচৰিত কথা ৷ মই তেওঁৰ ক্লিনিকত সোমায়েই দেখিলো তেওঁৰ মুখত এক মোহনীয় হাঁহি ৷ মনটো ভাল লাগি গ’ল ৷ মই যোৱা সময়খিনি আছিল মামাৰ আহাৰ গ্ৰহণ কৰাৰ সময় ৷ কোনো ৰোগী সেইবাবেই হয়তো সেই সময়ত নাছিল ৷ তাৰ পিছত মামাৰ সৈতে বহু কথা পাতিলো ৷ তাৰে মনত ৰৈ যোৱাখিনি আপোনাসবলৈ আগবঢ়ালো ৷

মই: আপোনাৰ সৈতে “মৌচাকৰ” জৰিয়তে চিনাকি ৷ তেতিয়াৰ পৰাই মামা কওঁ ৷ গতিকে এতিয়াও মামাই কম ৷

বিকাশ মামা: ক’বা, মই সকলোৰে মামা ৷ বহুত ল’ৰা-ছোৱালীয়ে মামা কয় ৷ আনকি বিয়া হৈ ল’ৰা-ছোৱালীৰ মাক হোৱা আৰু ল’ৰা-ছোৱালীৰ বিয়া পতাসকলৰ বাবেও মই মামাই ৷ তুমিও ক’বা ৷

মই: মামা মই পিছে আজি আপোনাক বেমাৰ দেখুৱাবলৈ অহা নাই ৷ আপোনাৰ লগত কথা পাতিবলৈহে আহিছো ৷ আপোনাৰ অলপ সময় দিব পাৰিবনে?

বিকাশ মামা: নিশ্চয় ৷ বহাচোন, বৰ্তমান ৰোগী নাই ৷ আমি কথা পাতিব পাৰিম ৷

মই: আপোনাক মৌচাকৰ ভ্ৰমণ কাহিনী পঢ়ি চিনি পাওঁ ৷ আপোনাৰ লগত সেইবাবে চিনাকি হ’বলৈ আহিলো ৷ আচ্ছা, আপোনাৰ নিজৰ বিষয়ে কিছু কথা কওক ৷

(তেওঁৰ কথাৰ আৰম্ভণিতে যিষাৰ কথা ক’লে শ্ৰদ্ধাত মোৰ মূৰ দোঁ খাই গ’ল ৷)

বিকাশ মামা: মই মানুহ ৷ মোৰ ধৰ্ম মানৱ ধৰ্ম ৷ মা-দেউতাহঁতে মোৰ ধৰ্ম হিন্দু আৰু সম্প্ৰদায় ব্ৰাহ্মণ বুলি কয় যদিও মই নামানো ৷ মই যেতিয়া হিন্দুৱেই নহয় ব্ৰাহ্মণ ক’ৰ পৰা হ’ম ৷ সৰুতে মা-দেউতাক সন্মান জনাই লগুণ লৈছিলো যদিও এতিয়া মোৰ গাত নাই ৷ হয়তো কোনোবা আলমিৰাৰ এচুকত পৰি আছে ৷ মোৰ ককা কমলচন্দ্ৰ বৰুৱা ৷ তেওঁ ১৯৩১ চনত প্ৰকাশিত বৰদৈচিলা আলোচনীৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল ৷ আজোককা লক্ষ্মীনাথ বেজবৰুৱা ৷ বিনন্দচন্দ্ৰ বৰুৱা মোৰ মামা ৷ দেউতা ৰাধানাথ বৰুৱা ৷ মোৰ মা হৰিপ্ৰিয়া বৰুৱা ৷ সচৰাচৰ মানুহে বিশ্বাস কৰা ভগৱানৰ ওপৰত মোৰ বিশ্বাস নাই ৷ কোনো কোনোৰ মতে ভগৱান এক আৰু কোনো কোনোৰ মতে অনেক ৷ মোৰ বাবে মোৰ ভগৱান দুজন ৷ এজন হ’ল মোৰ দেউতা আৰু আনজন হ’ল প্ৰখ্যাত গায়ক মহম্মদ ৰফি ৷ এটাই দুখ মোৰ ৷ এতিয়া দুয়োজনেই মোৰ জীৱনত নাই ৷ কিন্তু মোক ক’ৰবাৰ পৰা চাই আছে তেওঁলোকে ৷ তেওঁলোকৰ হাতৰ পৰশ মই অনবৰত অনুভৱ কৰোঁ ৷ মা মোৰ লগত এতিয়াও আছে ৷ বয়স ৯৬ বছৰ ৷ এতিয়াও মোক উলৰ মোজা গুঠি পিন্ধাই শীত বেছি পৰিলে ৷ কোনোদিনাই স্কুল গৈ নোপোৱা মোৰ মায়ে সুন্দৰকৈ অসমীয়া আৰু ইংৰাজী লিখিব আৰু পঢ়িব পাৰে ৷ উপন্যাস লিখিছে মায়ে ৷ ডায়েৰী লিখে নিজে ৷ তাৰিখবোৰ ইংৰাজীত লিখে ৷ এক অদ্ভুত প্ৰতিভাৰ অধিকাৰিণী মোৰ মা ৷

মই: আপোনাৰ সৰুকাল, ব্যক্তিগত জীৱন, কৰ্মজীৱন সকলোবোৰৰ বিষয়ে জানিবলৈ মন যায় ৷ কিন্তু আজি আপোনাক খবৰ নিদিয়াকৈ আহিলো যেতিয়া আপোনাৰ বেছি সময় ল’ব নোৱাৰোঁ ৷ মাত্ৰ দুটামান কথা পাতিম ৷ আৰু মই আজি ইয়ালৈ অহাৰ উদ্দেশ্যটো আপোনাক ক’ম ৷ মামা এই যে আপুনি ব্যংগ লিখে, ইমান ক্ষুৰধাৰ আপোনাৰ ভাষা, আপোনাৰ কোনো দিনাই ভয় লগা নাই?

বিকাশ মামা: নাই মোৰ ভয় নাই ৷ মই কালৈকো আজিলৈকে ভয় কৰা নাই ৷ অ’ পাহৰিছিলো ৷ মোৰ দুটা বস্তুলৈ অত্যন্ত ভয় লাগে ৷ এটা হ’ল ম’হ আৰু আনটো হ’ল জোক ৷ দুয়োটাই লুকাই লুকাই তেজ খায় ৷

মই: আপোনাৰ ইমান প্ৰতিবাদীসত্তাৰ ভাবৰ আঁৰত কোন আছে? কেনেকৈ লিখিব পাৰে? ইমান জটিল বিষয় কিছুমানত কেনেকৈ আপুনি ভাবিব পাৰে?

বিকাশ মামা: আচলতে এইটো প্ৰশ্ন মোক বহুতে কৰে ৷ মই নাজানো মই কেনেকৈ লিখোঁ ৷ এইবোৰ মোৰ বাবে জটিল নহয় ৷ হয়তো এয়া মোৰ এক জন্মগত গুণ ৷ ময়ো ভাবোঁ তোমালোকে এই উল গোঠা কামটো ইমান সহজে কেনেকৈ কৰিব পাৰা ৷ টি. ভি. চাই থাকোঁতেও কেনেকৈ হাতলৈ নোচোৱাকৈয়ে উল গোঠি থাকা ৷ মোৰ বাবে সেইটোহে পৃথিৱীৰ আটাইতকৈ জটিল কাম ৷

( আমি দুয়ো হাঁহিছিলো )

মই: আপোনাৰ খং কেতিয়া উঠে? মইটো ভাবিছিলো আপুনি খুব খঙাল, আৰু সেই খঙ আপুনি ব্যংগৰ জৰিয়তে প্ৰকাশ কৰে ৷

বিকাশ মামা: খং নুঠে, বিশেষকৈ লিখাৰ সময়ত নুঠে ৷ খং উঠিলে লিখিব নোৱাৰি ৷ হয় কেতিয়াবা মোৰো খং উঠে ৷ কিন্তু সেই খংবোৰ মই লিখাৰ সময়ত মনলৈ নানো ৷ কোনো এটা বিষয়ৰ ওপৰত মোৰ যেতিয়া খং উঠে আৰু সেয়া ব্যংগ হিচাপে লিখিম বুলি যেতিয়া ভাবোঁ সেই বিষয়টো মই নিজৰ ভিতৰতে পাগুলি থাকোঁ খং মাৰ নোযোৱালৈকে ৷ আৰু খং শেষ হ’লে তোমালোকলৈ আগবঢ়াওঁ ৷ কাৰণ খং মিশ্ৰিত লেখনিয়ে ভাল ব্যংগ সৃষ্টি কৰিব নোৱাৰে ৷ আৰু আন কিছুমান কথাতো মোৰ খং উঠে ৷ যেতিয়া ডি.চি.বি. কলেজৰ ছোৱালী কিছুমানে মোৰ ওচৰলৈ বেকৱাৰ্ড ক্লাছৰ প্ৰমাণপত্ৰ বিচাৰি আহে মই সোধোঁ– “তোমালোকৰ ঘৰ আছে নিজা?” সিহঁতে কয় “আছে” ৷ আকৌ সোধোঁ “গাড়ী?” সিহঁতে কয় “আছে ৷” আকৌ সোধোঁ “পঢ়া-শুনা কৰিবলৈ উপযুক্ত সুবিধাখিনি পাইছা?” সিহঁতে কয় “পাইছো সকলো ৷” তেতিয়া মই অত্যন্ত খং কৰি কওঁ– “ইমানখিনি সুবিধা পোৱাৰ পিছতো নিজকে বেকৱাৰ্ড বুলিবলৈ লাজ নালাগে তোমালোকৰ ৷” মই খং কৰি পঠিয়াই দিওঁ সিহঁতক ৷ এখন সুন্দৰ সমাজ গঢ়িবলৈ আমাৰ নিজৰ লগতে নৱপ্ৰজন্মৰ চিন্তাধাৰা সুন্দৰ ৰূপে গঢ়ি তোলাৰ দায়িত্ব আমাৰ ৷

মই: আপুনি “শেষ বুলেট” লিখাৰ সময়ত মই সৰু আছিলো ৷ তথাপি ভয় খাই নেদেখাজনৰ ওচৰত আপোনাৰ বাবে প্ৰাৰ্থনা কৰিছিলো কুশলতা কামনা কৰি ৷ এনে এক গাৰ নোম শিয়ৰি উঠা প্ৰবন্ধ লিখিবলৈ আপোনাৰ ভয় লগা নাছিল? কি প্ৰতিক্ৰিয়া হৈছিল?

বিকাশ মামা: মই আগতেই কৈছো মোৰ ভয় নালাগে ৷ মৃত্যুলৈ মোৰ ভয় নাই ৷ সেয়ে লিখিব পাৰোঁ ৷ মই সেই প্ৰবন্ধটো লিখাৰ বাবে কেৱল তুমিয়েই নহয় দেশৰ হাজাৰ হাজাৰ মুছলমান জনতাই মছজিদত নামাজ পঢ়িছিল ৷ হাজাৰ হাজাৰ হিন্দু জনতাই মন্দিৰত পুজা কৰিছিল ৷ হাজাৰ হাজাৰ খ্ৰষ্টিয়ান জনতাই গীৰ্জাত মম জ্বলাইছিল মোৰ যাতে একো নহয় তাৰ কামনাৰে ৷ মই অভিভূত হৈছিলো ৷ কিন্তু মানুহে ভবাৰ দৰে তেনেকৈ একো হোৱা নাছিল ৷ যাৰ বিৰুদ্ধে মই  লিখিছিলো তেওঁ মোৰ লেখনি আৰু সাহসৰ প্ৰশংসাহে কৰিছিল ৷

মই: আপোনাৰ ইমান পাঠক থকাৰ স্বত্বেও আৰু ইমান মানুহে আপোনাক ভাল পোৱাৰ পিছতো আজিলৈকে আপোনাৰ নামত কোনো বঁটাৰ ঘোষণা নোহোৱাৰ মূল কাৰণ আপোনাৰ দৃষ্টিত কি?

বিকাশ মামা: মোৰ কথা বাদ দিয়া ৷ কোনো ব্যংগ লেখকে বঁটা নাপায় ৷ কাৰণ আমি সদায় সমাজৰ বিপৰীত দিশে গতি কৰোঁ ৷ সমাজৰ সমস্যাবোৰ আৰু সমাজৰ সভ্য-ভব্যৰ প্ৰকৃত সৰূপ উদঙাও ৷ গতিকে আমাক কিয় বঁটা দিব! নিদিয়ে ৷ আৰু বহুতে ব্যংগ সাহিত্যক বিশুদ্ধ সাহিত্য বুলি গণ্য কৰিব নোখোজে ৷

মই: আপুনি বৰ্তমানলৈকে যিবোৰ বিষয়ৰ ওপৰত ব্যংগ লিখিছে বা যিসকল ব্যক্তি অথবা ৰাজনৈতিক নেতাক লৈ ব্যংগ লিখিছে তেওঁলোকে আপোনাৰ লেখনি পঢ়ি কেনেধৰণৰ প্ৰতিক্ৰয়া ব্যক্ত কৰে?

বিকাশ মামা: তেওলোকৰ কিছু কিছুৱে মোৰ ওপৰত কেতিয়াবা খং কৰে ৷ কিন্তু বেছিভাগেই প্ৰশংসা কৰে ৷ আচলতে তেওঁলোকে মোৰ লেখনিক সাহিত্যিক দৃষ্টিভংগীৰে চাই ৷

মই: আপোনাৰ বিষয়ে জানিবলৈ মই আন এদিন আহিম আপোনাৰ ওচৰলৈ ৷ বহু কথা জানিব লগা আছে ৷ এতিয়া মই আপোনাৰ ওচৰলৈ অহাৰ মূল উদ্দেশ্যটো কওঁ ৷ আমি নতুনকৈ এখন হাস্য-ব্যংগৰ ই-আলোচনী উলিয়াইছো ৷ প্ৰস্তৱনা সংখ্যা এক জুলাইত প্ৰকাশ পালে ৷ আগষ্টৰ সংখ্যাটোৰ বাবে আপুনি কিবা এষাৰ লিখিব বুলি অনুৰোধ কৰিবলৈ আহিলো ৷ ন-লিখাৰু সকলে আপোনাৰ লেখনিক আৰ্হি হিচাপে লৈ আগবাঢ়িব ৷ লিখিব নে?

বিকাশ মামা: তুমি ৱেবচাইটটো দিবা ৷ মই পঢ়িম আলোচনীখন ৷ আৰু কিবা এটা লিখিম বাৰু তোমালোকৰ আলোচনীলৈ বুলি ৷ তোমালোকৰ এই প্ৰচেষ্টা সফল হওক ৷ ভাল পাইছো শুনি ৷

মই: ধন্যবাদ মামা ৷ আপোনাক লগ পায় ভাল লাগিল ৷ পিছে মনত বহুত প্ৰশ্ন এতিয়াও বাকী থাকি গ’ল ৷ এদিন পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ বিদায় ললো ৷

আহোঁতে লগত মামাই লিখা দুখন কিতাপ লৈ আনিলো ৷ এখন হ’ল “আফ্ৰিকা দৰ্শন” আৰু আনখন হ’ল “এয়া মোৰ আইৰ হৃদয়” ৷ আৰু দুখন কিতাপ সোনকালেই পঢ়িম বুলি কৈ আহিলো ৷ সেই দুখন হ’ল ক্ৰমে– “অসমীয়া সাহিত্যত বিকাশ বৰুৱা আৰু ব্যংগ”, “স্বাস্থ্য আৰু চিকিৎসা অভিধান” ৷

তিনি-চাৰিদিন পিছত মামাই আমাৰ আলোচনীলৈ বুলি লেখা এটা প্ৰেৰণ কৰিছিল মোৰ মেইলত ৷ লগতে লিখিছিল–প্ৰস্তাৱনা সংখ্যাত প্ৰকাশিত তোমাৰ প্ৰবন্ধ পঢ়িলো,লগতে আৰু কেইটামান লেখনিও পঢ়িলো ৷ ভাল লাগিল।

 

 

14 Comments

  • অভিজিত মেধি

    পৰা প্ৰিয় লেখকজনৰ বিষয়ে অলপ জানিব পাৰিলো চবিনা বাৰ কৃপাত। ছাৰৰ ফটো দেখাৰ সৌভাগ্যও হ’ল।

    Reply
  • ৰিণ্টু

    শৈশৱৰ পৰা প্ৰিয় লেখক, তেখেতৰ বিষয়ে কিঞ্চিৎ জানিবলৈ পাই সুখী হ’লো।
    আশা ৰাখিছো, ভবিষ্যতে চাৰৰ বিষয়ে এই ই-আলোচনীতে বিশদকৈ জানিব পাৰিম

    Reply
  • ৰাজজ্যোতি

    কিতাপ-আলোচনী পঢ়িবলৈ আৰম্ভ কৰাৰ দিনৰে পৰা প্ৰিয় এটি নাম, ডাঃ বিকাশ বৰুৱা। চাৰৰ বিষয়ে কিছু জানিবলৈ সুবিধা দিয়া বাবে ফটাঢোল আৰু চবিনা ইয়াচমিনক আন্তৰিক ধন্যবাদ

    Reply
  • গীতালি

    প্ৰিয় লেখকজনৰ জীবনৰ সৰু-সৰু কিছু কথা জানিবলৈ দিয়াৰ বাবে ফটাঢোল ই-আলোচনী আৰু চবিনা ইয়াচমিন বাইদেউ ধন্যবাদৰ পাত্ৰ

    Reply
  • ধন্যবাদ চাবিনা, বিকাশ বৰুৱা চাৰৰ বিষয়ে এইখিনি জানিবলৈ সুবিধা দিয়া বাবে

    Reply
  • Sankar jyoti Bora

    সুন্দৰ…

    Reply
  • ভাল লাগিল পঢ়ি ।

    Reply
  • Lipika

    চাবিনা বা লৈ বহুত বহুত ধন্যবাদ। তেখেতৰ বিষয়ে ইমান সুন্দৰকৈ জনালে আমাক, পঢ়ি আপ্লুত হলোঁ।

    Reply
  • ঈশান

    বহুত বহুত ধন্যবাদ এই সাক্ষাৎকাৰটিৰ বাবে। সুখী হ’লোঁ।

    Reply
  • Dr.Gitanjali Goswami

    খুবেই ভাল লাগিল পঢ়ি ।

    Reply
  • অভিজিত মেধি

    ছাৰৰ লগত হোৱা কথাখিনি আপুনি ইমান সুন্দৰকৈ লিখি উলিওৱা বাবে পাঠক কিমান উপকৃত হৈছে ওপৰৰ মন্তব্যবোৰ পঢ়িলেই গম পোৱা যায়।

    Reply
  • সুদেষ্ণা মহন্ত গোস্বামী

    খুব ভাল লাগিল চবিনা , বিকাশ মামা ৰ বিষয়ে জানি । সৰু কালৰে পৰা মৌচাক ত তেওঁ ৰ লিখনি পহিবলৈ কৈ আশা ৰে ৰৈ থাকোঁ। আজি তোৰ লিখনি ৰ দ্বাৰা তেওঁ ক লগ পোৱাৰ নিচিনা ই অনুভৱ হৈছে।

    Reply
  • ৰামানুজ

    এনে এটা সাক্ষাৎকাৰ ইমান প্ৰাণ্জল লিখনিৰে তুলি ধৰাত বহুত ধন্যবাদ…

    Reply
  • Gitashree Phukan

    বিকাশ মামাৰ লেখনি পাছলৈ মৌচাকৰ পাতত বিচাৰি নোপোৱা হলো। বহুত ভাল লাগিছিল তেখেতৰ ভ্ৰমণ কাহিনী পঢ়ি। বহুতদিনৰ তেখেতৰ বিষয়ে জানিব পাৰি ভাল লাগিল। সাক্ষাৎকাৰ লৈ আমালৈ আগবঢ়াই দিয়াৰ বাবে আপোনাক ধন্যবাদ।

    Reply

Leave a Reply

Your email address will not be published.