ফটাঢোল

বিকাশ (মূল হিন্দী: গোপাল চতুৰ্বেদী) – ভাবানুবাদ: হিমাংশু ভাগৱতী

আমাৰ ঘৰৰ সমুখৰ ৰাষ্টাটো চাৰিদিন ধৰি খান্দি ভাঙি আছে৷ বহুকেইটা বিজুলীৰ খুঁটা ধৰাশায়ী হৈ পৰি আছে৷ নলাবোৰৰ চাফাই অভিযান চলি আছে মানে নলাৰ ভিতৰৰ বোকা বাহিৰত আৰু বাহিৰৰ জাবৰ ভিতৰত৷ ঠিকাদাৰৰ কৰ্মচাৰীসকল ভয়ানক ব্যস্ত৷ ক’লা চশমা চকুত আঁৰি চুট-বুট পৰিহিত এজন চৰকাৰী বিষয়াই গছৰ ছাঁত থকা চকীত বহি এইবোৰৰ প্ৰতি পল নিৰীক্ষণ কৰি আছে৷ গোটেই চুবুৰীটোৰ বিজুলী-পানী বন্ধ৷ ঘৰৰ পৰা আমাৰ এওঁ এই সংকটৰ কাৰণ আৰু পৰিত্ৰাণৰ উপায় বিচাৰি মোক বাহিৰলৈ ঠেলি পঠিয়াইছে৷ চাৰিদিন এনেকৈ জীয়াতু ভোগাৰ পিচত স্থানীয়ভাবে একো কৰিব নোৱাৰি আমি চৰকাৰৰ মানুহৰ ওচৰলৈ যোৱাৰ কথা ভাবিবলৈ আৰম্ভ কৰিছো৷

ইয়াৰ আগতেও এবাৰ চৰকাৰৰ মানুহৰ পাল্লাত পৰাৰ অভিজ্ঞতা আছে৷ জনৈক স্কুটাৰ চালক এজনক এখন ট্ৰাকে সামান্যকৈ ‘হেল্ল’ বুলি কৈ বতাহ খুৱাই গুচি গ’ল৷ একে পথৰে বাটৰুৱা হিচাবে মই মোৰ দুচকীয়াখন ৰখালো আৰু তৎক্ষণাত গৈ ওচৰতে পোৱা পুলিচজনক দুৰ্ঘটনাটোৰ খবৰ দিলোঁ৷ চিপাহীজনে একান্তমনে আৰু নিষ্ঠাৰে ঠেলাত বস্তু লৈ বিক্ৰী কৰি ঘূৰি ফুৰা দোকানী এজনক টাকোন জোকৰাত ব্যস্ত আছিল৷ সেই কাৰ্য্যসূচীত মোৰ অনাহূত প্ৰৱেশ তেৰাই ভাল নেপালে৷ সেইজনাই নিজৰ লাঠি জোকৰা কাম অব্যাহত ৰাখিলে আৰু ক’লে, “দেখা নাই, মই ব্যস্ত আছো৷” মই বিনয়ৰে ক’লো, “মানুহজনৰ আঘাত বৰ গুৰুতৰ, জীৱনৰ কথা আছে৷” বহুসময় লাঠি জোকাৰি জোকাৰি মানুহজনৰ ভাগৰ লাগি গৈছে৷ ঘামে ধুৱাই দিছে৷ ভয়ে লাগিল ইমান কৰ্তব্যনিষ্ঠ কৰ্মচাৰী এজনৰ যদি এতিয়া হাৰ্ট ফেইল হয় কি হ’ব! হেন সময়তে দোকানীজনে, “ভুল হ’ল ছাৰ” বুলি কোৱাত লাঠি জোকৰা বন্ধ হ’ল৷ তেওঁ জেপৰ পৰা নুৰিয়াই থোৱা টকা কেটামান উলিয়াই পুলিচৰ পোচাকৰ আৰতি কৰি মন্ত্ৰ গালে, “এইবাৰ ভুল হৈ গ’ল পৰভূ৷ আগলৈ এনে ভুল কেতিয়াও নকৰো৷ “চিপাহীজনে এইবাৰ দেখুৱালে যে তেওঁৰো হৃদয় এখন আছে৷ টকাকেইটা দেখি তেওঁৰ অন্তৰাত্মা গলি গ’ল৷ তেওঁ দোকানীজনৰ সৌজন্যত দুটা কল খালে আৰু তাৰপিচত হঠাতে বোধহয় মোৰ কথা মনত পৰিল৷ আৰে, আপুনি এতিয়াও ৰৈ আছে? ব’লক বুলি মোৰ স্কুটাৰতে বহি দূৰ্ঘটনাস্থলী পালে৷ অচেতন হৈ থকা মানুহজনৰ ওচৰে-পাজৰে তেতিয়ালৈ দৰ্শকৰ ভাল ভীৰ এটা জমা হৈছিল৷ মই যেতিয়া প্ৰথমবাৰ ওচৰলৈ গৈছিলোঁ, মানুহজনৰ মুৰত হেলমেট আছিল, কাষত বন্ধ বেগটো পৰি আছিল৷ এতিয়া হেলমেটটো নাই, বেগটো খোলা, ভিতৰৰ বস্তুবোৰ সিঁচৰতি হৈ পৰি আছে৷ মানুহজনৰ মানীবেগটো ওচৰতে পৰি আছে৷ ভাৰত দৰ্শকৰ দেশ৷ আমি ক্ৰিকেটৰ পৰা দূৰ্ঘটনালৈ সকলো বৰ গম্ভীৰতা আৰু মনোযোগেৰে উপভোগ কৰো৷ ইয়াত কিছুমান দৰ্শকে কেৱল চাই নেথাকি দূৰ্ঘটনাৰ পিচৰ প্ৰক্ৰিয়াত জড়িত।

চিপাহীজনে স্কুটাৰৰ পৰা নামিল আৰু হাতৰ যাদুকৰী টাকোনডাল জোকাৰি অলপ দৰ্শকৰ ঘেৰটো বহল কৰি ললে৷ তাৰপিচত মানুহজনৰ ওচৰলৈ গৈ নিৰীক্ষণ কৰি প্ৰমাণ পত্ৰ দিলে, “মৰা নাই, উশাহ লৈ আছে৷” তাৰপিচত তেওঁৰ অনুসন্ধান আৰম্ভ কৰি দিলে৷ সাংঘাতিক জেৰা আৰম্ভ হ’ল৷ মোৰ ফালে গহীনকৈ চাই ক’লে, “খুন্দা মাৰি খবৰ দিবলৈ গ’ল?” মই ভয়ে ভয়ে ট্ৰাকখনে কেনেকৈ খুন্দিয়ালে বৰ্ণনা কৰিলোঁ৷ চিপাহীজনে ট্ৰাকখনৰ নম্বৰ বিচাৰিলে৷ মই লৰালৰিতে টুকি ৰখা যে নহ’ল বুজালো৷ তেওঁ মোক থানালৈ যাব লাগিব বুলি হুকুম জাৰি কৰিলে৷ মোৰ ভয়তে কলিজা শুকাল৷ সকলোৰে মুখে মুখে চলি অহা কথা, ভাৰতবৰ্ষৰ থানাবোৰ নিৰ্দোষ নাগৰিকৰ ‘যন্ত্ৰণা কেন্দ্ৰ’ আৰু অপৰাধীৰ ‘শৰণস্থল’৷ চিপাহীৰ টাকোনডালৰ ক্ষমতা দৰ্শন কৰাৰ সৌভাগ্য অলপ আগতে হ’ল৷ থানালৈ নি বা মোৰ আকৌ কি গতি কৰে? মই থানালৈ নিনিবলৈ কাঁতৰে প্ৰাৰ্থনা জনালোঁ৷ “মাল আছে?”, আঙুলি দুটা পিছলাই ইঙ্গিত দি মোৰ প্ৰাৰ্থনা মঞ্জুৰ হোৱাৰ পথ এটা দেখুৱালে৷ মই জেপ খালি কৰি দি স্কুটাৰখন যেন-তেন ষ্টাৰ্ট দিলো আৰু ঘৰ পাইহে ভালকৈ উশাহ ললো৷ সেই ঘটনাটোৰ পিচত মোৰ শুভবুদ্ধি উদয় হ’ল৷ তাৰপিচত ময়ো দৰ্শকৰ ভীৰত থিয় হোৱা হ’লো৷ চৰকাৰৰ মানুহৰ পৰা যিমান সম্ভৱ আঁতৰত থাকি চলাৰ পণ লৈ থলো সিদিনাতে৷

কিন্তু বৰ্তমানৰ সমস্যাটোৰ পৰা উদ্ধাৰৰ উপায়? গছৰ ছাঁত জিৰণি লৈ বহি থকা চশমা পৰিহিত বিষয়াজনক ভালদৰে লক্ষ্য কৰিলোঁ৷ বিষয়াজনৰ ওচৰে-পাজৰে কোনো বেলেগ মানুহ নেদেখি মনলৈ সামান্য সাহস আহিল৷ চশমাধাৰী অকলে আছে৷ অলপ আগতে কোনোবা এজন চামচাই শীতল পানীয় দি থৈ গৈছে৷ তেখেতৰ ওচৰলৈ গ’লে একো বিপদ নহ’ব বুলি নিজকে প্ৰবোধ দিলো৷ না পুলিচ জাতীয় কোনো আছিল, না লাঠিৰ ভয়, গতিকে কাষ চাপিলো৷ সামান্য বিৰক্তিৰে আমাক লক্ষ্য কৰি তেখেতে নিজে কথা আৰম্ভ কৰিলে, “কওকচোন৷”
“ক’বলৈতো আমাৰ বহু কথা আছিল কিন্তু সদ্যহতে আৰম্ভণি বুলি সৰুকৈ সুধিলোঁ, “এইবোৰ কি হৈ আছে?”

তেখেতে জানিব বিচাৰিলে, “কোনবোৰৰ কথা ক’লেবা?”
আমি সবিনয়ে ক’লো, “আমি মানে বিজুলী, পানী নোহোৱা হোৱা; নলা-ৰাষ্টাৰ খান্দা আৰু বিজুলীৰ খুঁটাবোৰ উভালি থকা বিষয়টোৰ কথা জানিব বিচাৰিছিলোঁ৷”
“আপোনালোকৰ বাকী বিষয়বোৰৰ কথা মই কব নোৱাৰিম৷ নলাবোৰ চাফা কৰা কামটোৰ লগতহে মই জড়িত৷ আমি নিবিচাৰো বাৰিষালৈ নলাবোৰে নদী যেন হৈ আপোনালোকক যাতনা দিয়ক৷”
চশমাধাৰীজন বৰ কৰ্মঠ জনসেৱক যেন লাগিল৷ বেচেৰাৰ ব্যক্তিগত পৰ্য্যবেক্ষণত নলাৰ পৰা বোকা তুলি ৰাষ্টাত দম কৰি ৰখা আৰু ৰাষ্টাৰ জাবৰ সাৰি নলাত পেলাই থকা কামটো ভালদৰে আগবাঢ়িছিল৷ আমি এজন সচেতন নাগৰিক হোৱাৰ আপাহতে প্ৰশ্ন কৰিলোঁ, “এফালে নলাৰ বোকা তুলি থকা হৈছে আৰু আনফালে জাবৰবোৰ পেলাই থকা হৈছে৷ এনেকৈ নলা চাফাতো নহ’ব৷ বিষয়াজনে মনোযোগেৰে কথাখিনি শুনিলে আৰু কোনোবা ভুলুক চিঞৰি মাতিলে৷ “কওক ছাৰ” বুলি ঘপকৈ এজন মানুহ প্ৰকট হ’ল৷ চশমাধাৰীয়ে ভুলুক ঠিকাদাৰক হাজিৰ কৰাবলৈ হুকুম দিলে৷
ঠিকাদাৰজন ওচৰৰে অন্য এঠাইত নলা চাফাই পৰ্য্যবেক্ষণ কৰি আছিল৷ মোবাইলত ‘অফিচাৰ চাহাব’ তেখেতক তৎক্ষণাত বিচৰাৰ খবৰ গ’ল৷ দৌৰাদৌৰিকৈ ঠিকাদাৰ আহিল আৰু ‘চাহাব’ৰ লগত কিছু কথা সৰু সৰুকৈ পাতিলে আৰু গুছি গ’ল৷ ব্যস্ততা বহুত৷

অলপ সময় কিবা ভাবি লৈ চশমাধাৰী আমাৰ ওচৰলৈ আহিল আৰু তেখেতৰ ভাষণ আৰম্ভ কৰিলে, “এইধৰণে নলা চাফ কৰাৰ আঁৰত সমাজ আৰু দেশৰ বিকাশ জড়িত হৈ আছে৷ বিকাশ এক নিৰবধি প্ৰক্ৰিয়া৷ ৰাষ্টাৰ জাবৰ নলাত পৰিলে বছৰেকৰ মূৰত উত্তম সাৰ হ’ব৷ ৰাষ্টাটো চাফা হৈ থাকিবই৷ সেই সাৰেৰে নগৰৰ বাগিছাবোৰ সেউজীয়া হ’ব৷ জীৱনৰ ‘কোৱালিটি’ বেলেগ হ’ব৷ যদি নলাবোৰ সঁচাকৈয়ে ভালদৰে চাফা কৰা হয়, দুই তিনি বছৰ ধৰি চাফা হৈ থাকিব৷ বিকাশ ৰুদ্ধ হ’ব৷ ঠিকাদাৰে কাম নেপাব৷ ঠিকাদাৰৰ লগতে ঠিকাদাৰৰ কৰ্মচাৰীৰো হাতত কাম নোহোৱা হ’ব৷ দেশৰ নিবনুৱা বাঢ়িব৷ আৰ্থিক প্ৰগতিত প্ৰতিকুল প্ৰভাৱ পৰিব৷”

আমি চশমাৱালা জনৰ ৰাষ্ট্ৰীয় দৃষ্টিকোণৰ চিন্তাধাৰাৰে প্ৰভাৱিত হ’লো৷ আমি বুজি পালো যে নলাবোৰ বন্ধ হোৱা, তাৰপিচত চাফা হোৱা, লগে লগে তাত জাবৰ সোমোৱা ৰাষ্ট্ৰীৰ উন্নতিৰ বাবে এক অপৰিহাৰ্য্য প্ৰক্ৰিয়া৷ নেহৰু উদ্যানৰ সেউজীয়া গছবোৰ ইয়াৰে দান৷ নলা বন্ধ হোৱাটো যদিও আমাৰ বাবে অসুবিধাজনক, দেশৰ কাৰণে অতি প্ৰয়োজনীয়৷ বৰ বেচি আমি স্থানীয় মানুহখিনি নাকত ৰুমাল লৈ ঘৰৰ পৰা ওলাব লাগিব আৰু ঘৰলৈ উভতিবলৈ দূৰ্গন্ধৰ সাগৰ এখন পাৰ হ’ব লাগিব৷ কেতিয়াবা ভৰি পিছলিলে সেই সাগৰত ডুব মাৰিব লগা হ’বও পাৰে৷ আমি দেশৰ স্বাৰ্থৰ বাবে আমাৰ ব্যক্তিগত স্বাৰ্থ ত্যাগ কৰিবলৈ সাজু হৈ গ’লো৷

আমাৰ ৰাষ্টাৰ চিন্তা নোহোৱা হৈ গ’ল৷ ৰাষ্টা বাৰে বাৰে ভঙা-গঢ়া হৈ থকাৰ কাৰণ হ’ল ই হ’ল বিকাশৰ ৰাজপথ৷ বিজুলীৰ ক্ষেত্ৰতো একে কথা৷ বিজুলী থাকিলে খুঁটা নাই, খুঁটা থাকিলে বিজুলী নোহোৱা হয়৷ ক’ৰবাত যদি খুঁটা আৰু বিজুলী দুয়োটা থাকে তেন্তে তাঁৰ গায়ব৷ পানীৰ সংকটৰ একমাত্ৰ উত্তৰ, মানুহে দমকলৰ বিকাশ কৰক৷

চশমাধাৰীজনৰ লগত চৰ্চাৰ মাজেৰে আমাৰ বিশ্বাস হৈ গ’ল যে স্বাধীনতাৰ পিচত বিকাশৰ সংক্ৰামক ৰোগে গোটেই দেশ চানি ধৰিছে৷ ঠিকাদাৰ, নেতা, বিষয়া সকলো এই ৰোগৰ চিকাৰ হৈছে৷ বিকাশৰ ৰাজপথ ঠিকাদাৰ, পুলিচ আৰু বিষয়াৰ ঘৰ হৈ গতি কৰে৷ গণতন্ত্ৰত ষাঠি-সত্তৰ বছৰ এপলক মাত্ৰ৷ ভাৰতৰ দৰে বিশাল গণতান্ত্ৰিক দেশ এখনত ইমানখিনি সময়ত ভালকৈ হামি এটা মাৰিব পাৰিলেও বহুত৷ তাৰ মাজত আকৌ কাৰ্গিল, চাৰ্জিকেল ষ্ট্ৰাইক এইবোৰ আছেই৷ তাৰ মাজতো বিকাশ একেৰাহে অব্যাহত হৈ থকাটো কম সন্তুষ্টিৰ কথানে! ৰা্ষ্টা খান্দি থকা, গাতত পানী উফন্দি থকা, এজাক বৰষুণত ৰাষ্টাত বানপানী হোৱা, এইবোৰ বিকাশৰ প্ৰাথমিক লক্ষণ৷ মন কৰিব লগীয়া কথাটো হ’ল আমাৰ ইয়াত বিকাশৰ তীব্ৰ গতি৷ প্ৰথমে বিকাশ চাইকেলত হৈছিল, তাৰপিচত জীপ-মটৰ গাড়ীত হ’বলৈ ললে৷ এতিয়াতো সকলোতে মন্ত্ৰী-আমোলা সকলে ‘হেলিকপ্তাৰ’ আৰু ‘উৰাজাহাজ’ত বিকাশ কৰিবলৈ লৈছে৷ বিকাশ কৰিবলৈ চৰকাৰ আৰু প্ৰশাসন শপতবদ্ধ৷

বাতৰি কাকত, টিভি সকলোতে শিক্ষাৰ পৰা শৌচালয় পৰ্য্যন্ত বিকাশৰ বিজ্ঞাপন৷ প্ৰতিখন চৰকাৰে বিকাশত নিজৰ অৰিহণাৰ লেখ জোখ প্ৰকাশ কৰি থাকে পৰিসংখ্যা দি দি৷ স্বাধীনতাৰ পিচত কোটি কোটি শিক্ষিত আৰু কোটি কোটি অশিক্ষিত৷ লাখ লাখ শৌচালয় নিৰ্মাণ হ’ল, লাখ লাখ জহি-খহি গ’ল৷ হাজাৰ হাজাৰ দলং আৰু অট্টালিকা নিৰ্মাণ হ’ল, হাজাৰ হাজাৰ ভাঙিল৷

সামান্য ধৈৰ্য্য ৰাখক৷ বিকাশ ওপৰৰ পৰা তললৈ আহি আছে৷ চৰকাৰৰ সকলো স্তৰলৈ আহি গ’ল৷ ৰাইজৰ মাজলৈ আহি পাব সোনকালেই।

☆★☆★☆

Leave a Reply

Your email address will not be published.