ফটাঢোল

বিজি মানুহ – অভিজিত মেধী

এইকেইটা দিন মই সাংঘাতিক বিজি। এই যে দুৱাৰখন খোলাৰ লগে লগে বাৰাণ্ডাত তহল দি থকা পাৰ চৰাইকেইটা ভুৰুংকৈ উৰা মাৰে, ঠিক তেনেকৈ ইটো-সিটো ব্যস্ততাৰ মাজত দিনবোৰ কোনপিনে উৰা মাৰিছে গমকে নোপোৱা হৈছোঁ। নাই নাই, ইলেকচন এজেণ্ডাৰ হিচাপত বাজেট-চাজেট বনাই থকা নাই, না কিবা বোলে নাগৰিকত্ব আইন বিৰোধৰ নামত বাংলাদেশী ভোটবেংক বনাই আছোঁ। সৰু মানুহ আমি, সৰু সৰু কথাত বিজি থাকোঁ। কিন্তু ভীষণ বিজি বুজিছে! ইমানেই বিজি যে বাওঁ কঁকালৰ খৰখিনিও ভালকৈ খজুৱাবলৈ টাইম পোৱা নাই। হাতে-কামে লাগি নাথাকিলেও কিবা-কিবি চিন্তাত বিজি থাকোঁ। চিন্তাবোৰো ইমানেই বাঢ়িছে যে কালি টুথপেষ্টটোকে মুখত ঘঁহাটো বুলি ভুলতে ঘঁহি একদম ধক্-ধকীয়া বগা হৈ পৰিলোঁ। এতিয়া বাহিৰলৈ ওলালে ঘৰৰ পৰায়ে ওলালোঁ নে ফটোশ্বপৰ পৰায়ে ওলালোঁ ধৰায়ে টান হৈ পৰিছে। (যিয়েই নহওক, এই সুযোগতে ডিজাইন ডিজাইন চেল্ফি দুখনমান উঠি থৈছোঁ, পাছত ফ্ৰী টাইমত লাইক-কমেণ্ট বুটলিম।)

বিজি মানুহৰ হাতত দহোটা কাম থাকে বুজিছে, ইটো কামত লাগোতে সিটোলৈ সময় নোহোৱা হয়। মোৰো আজিকালি প্ৰায়েই এনেকুৱাখন হয়গৈ। যোৱাটো চকাবন্ধ থকা দিনাৰ কথা, ধদুৱা বিজয়ৰ লগত চ’কত কেৰম খেলি আছিলোঁ। ধদুৱাটোৰো বৰ কথা, তাক বোলে কেৰমত বিশ্বনাথন আনন্দেও হৰুৱাব নোৱাৰে। বিশ্ব নে ফিশ্বই নোৱাৰিব পাৰে, মই যে পাৰিম সেইটো খাটাং। দিলোঁ নহয় লগাই এশ টকাৰ বাজী। বাজীৰ পিছত বাজী। মানে বাজীৰ চক্কৰত এনেকুৱা বিজি হৈ গ’লোঁ যে ভাত-পানী দূৰৰে কথা, কাষৰ স্কুলখনত পিয়ন চাকৰিটোৰ বাবে ইণ্টাৰভিউ দিবলৈও যোৱা নহ’ল। নহ’ল নাই বাৰু, কোনেনো পিয়নৰ চাকৰি কৰিবলৈ মৰি আছে! মায়ে মাষ্টৰ খুড়াৰ হতুৱাই প্রেচাৰাইজ কৰোৱাতহে আবেদন পত্ৰখন জমা দিছিলোঁ। পিয়নৰ লগত আমাৰ গাঁৱৰ ফাপেৰীও বিয়াত নবহে হেনো! সন্মান নাই বুজিছে, এইবোৰ চাকৰিৰ না সন্মান আছে না কিবা ষ্টেটাছ! তাতোকৈ খেতিত ধৰাই ভাল!

খেতিৰ কথা কওঁতে মনত পৰিল। আমাৰ বুঢ়াই এইকেইদিন গা বেয়া বুলি তামাম নাটকখন কৰি আছেহে, মানে কেনেবাকৈ কিবা এটা বাহানা বনাই হালখন মোৰো গতোৱাৰ ধান্দা। আৰে বাবা, ইপিনে মই হ’লোঁ গাঁৱৰ যুৱসংঘৰ সভাপতি। মোৰ ভৰসাতে গাঁৱত এইবাৰ ভোগালী বিদায় ফাংচন এখন হ’বলৈ ওলাই আছে। মই চান্দা উঠোৱা কামৰেই তদাৰকী কৰিম নে ঘৰত বুঢ়াৰ নাটক চাম! চান্দা উঠোৱা কামটো কিমান টান সেয়া হাল চলোৱা মানুহে কাহানিও বুজি নাপাব! মা-কচম, ইখনৰ পিছত সিখন গাড়ী ৰখোৱা কামৰ মাজত ৰজনীগন্ধা পেকেটো মুখত দিবলৈকে সময় নাই। ফিল্টাৰটোও গধূলিহে শান্তিত টানিবলৈ সময় পাওঁ। গধূলিলৈকে হাত-ভৰিৰ বিষ উঠি যায় বুজিছে। কিন্তু কষ্ট কৰিবয়ে লাগিব দিয়কচোন, মন্থন নকৰাকৈ অমৃত জানো পায়! গাৰ বিষটোনো কি বস্তু, চান্দাৰ পইচাৰে সন্ধিয়াকৈ অলপ ফূৰ্তিপানী ধৰিলেই পলাই ফাট মাৰে। তাতে ফূৰ্তিপানীয়ে পাছদিনা চান্দা তোলা কামটোৰ বাবেও ম’টিভেচন দিয়ে দিয়কচোন!

আচ্ছা, ম’টিভেচনৰ কথা কওঁতে মনত পৰিল, এই ম’টিভেচন বস্তুটোৱেই আচল বুজিছে। সুখৰ কথা যে এই বস্তুটোৰ অভাৱ আমাৰ মাজত কিন্তু এক্কেবাৰেই নাই। ম’টিভেচনৰ জোৰতেই অসমীয়া আজি অসম বিখ্যাত। সাংঘাতিক ব্যস্ততাৰ মাজতো কথাটো যেতিয়া ময়ে মন কৰিছোঁ তেন্তে আপোনালোকৰো চকুত নিশ্চয় নপৰাকৈ থকা নাই! ডেৰ বছৰীয়াটোৰ কাপোৰ খোল খালেও দাদাৰ ভাষণ শুনিমেই শুনিম, ইয়াৰ বাবে কি লাগে? ম’টিভেচন। গান গোৱাৰ মাজতো লাইটৰ খুটা বগাবলৈ কি লাগে? ম’টিভেচন। তেল নিদিওঁ, চাহপাত নিদিওঁ, নদীবান্ধ হ’বলৈ নিদিওঁ, খাবলৈ নিদিওঁ, শুবলৈ নিদিওঁ…এটাৰ পাছত এটা “নিদিওঁ আন্দোলন” চলাই যাবলৈ কি লাগে? ম’টিভেচন। বছৰ বছৰ ধৰি “জয় আই অসম”ৰ নামত “ক্ষয় আই অসম” চলাই থাকিবলৈ কি লাগে? ম’টিভেচন। মুঠতে ম’টিভেচন আমাৰ মাজত চৌ-চৌকৈ বৈ আছে। অহ্, এটা কথা অৱশ্যে। কেৱল ম’টিভেচন থাকিলেই নহ’ব, জাকত জিলিকা হ’বলৈকে হ’লে অলপ বুদ্ধিও লাগিব কিন্তু! নে কি কয়?

আচ্ছা, বুদ্ধিৰ কথা কওঁতে মনত পৰিল। আনৰ থাকক নাথাকক, মোৰ কিন্তু সন্ধিৰ বাঁহ বুদ্ধিৰে কাটিব পৰা জোখাৰে বুদ্ধি আছে। উৰুকাৰ আগদিনাৰ কথা। ভোলা বুঢ়াৰ বাঁহৰ বাৰীত সোমালোঁ। ভাল ভাল বাঁহকেইটা বৰ সন্ধিত সোমাই আছিল বুজিছে, লগৰকেইটাই নোৱাৰিলে, মইহে বুদ্ধি কৰি বাঁহকেইটা কাটি আনিলোঁ। বাঁহ চাৰিটামান চুৰ কৰি আনিলোৱে যেনিবা, এনেয়ে আনিছিলোঁনে কিবা? বাঁহ বেচি পোৱা পইচাকেইটা মেজিৰ নামতেই লগালোঁহেঁতেন! মেজিঘৰত ইয়ৌ ইয়ৌ হানি সিং বজাবলৈ মিউজিক চিষ্টেমটো ভাড়াত আনিব নালাগিব নেকি কিবা? কিন্তু ভোলা বুঢ়াৰ কি হৈ-হাল্লা চাবা, কৃষ্ণ কৃষ্ণ! মেজিৰ সমুখত পেলাই থোৱা বাঁহকেইটা দেখি “চাল্লা চোৰৰ জাত, শিয়ালৰ জাত…” বুলি চিঞৰ-বাখৰ লগাই বোৱাৰী পুৱাতে গোটেই গাওঁখনকে জগালেহে। মানে প্ৰিন্চেছ পৰীয়ে “ন’ইজি মৰ্নিং, গ’ট আপ আৰ্লী, ৱিথ দিম্পল এণ্ড থাৰ্টী আদাৰছ্” বুলি আপডেট দিবলগীয়াখন কৰি পেলালে একদম। এই বুঢ়াডালৰ উৎপাততে আবেলিলৈকে গাওঁবুঢ়াৰ বিচাৰ বহিল।

“মান্নাই মাৰাহাঁতে মোৰ বাৰীৰ বাঁহ আনছি, মই কিবে চিনি নাপাম নেকি হা? এনাই সুন্দৰ বাঁহ একলাই মোৰ বাৰীত হুৱে এই গাঁৱত। এই চোৰকিটাক হালেৰ লৰুৰ দুই কোব দিলি ইত্তেই সৈ কাঢ়বো…”

উদীয়মান যুৱনেতা এজনে ৰাজহুৱাকৈ লৰুৰ কোব খালে নাক-কাণ কটা যোৱা কথা! লগে লগে সন্ধিৰ বাঁহ আকৌ এবাৰ বুদ্ধিৰে কাটিলোঁ। বোলো এৰকহে তাৱৈ, এইবোৰ সৰু কথা, এইবাৰ আমি ডাঙৰকৈ এখন ভোগালী বিদায় ফাংচন পাতিম, তাতে আপোনাক হায়দৰাবাদৰ গামোচা পিন্ধাম, কথা দিলোঁ। ৰেললাইনৰ কাষত ভগা জুপুৰীৰ টাইপ কঁপি থকা বুঢ়াৰ গাৰ কঁপনি তেতিয়াহে মৰিল। আমিও এক কথাৰ মানুহ, কথা দিলোঁ যেতিয়া ভোগালী বিদায়খন নপতাকৈ কেনেকৈ থাকোঁ! ইপিনে চাওঁতে চাওঁতে মাঘৰ মাহটোও খতম হ’বৰেই হ’ল। সেয়ে এইকেইদিন ৰাস্তাই-ঘৰে চান্দা তোলাত খুবেই ব্যস্ত। সাংস্কৃতিক সন্ধিয়াৰ আঁৰে-আঁৰে জীয়ৰী-বোৱাৰীহঁতৰ বাবে ফেছন শ্ব’ এখনো পতাৰ সিদ্ধান্ত লোৱা হ’ল, তাৰো এক্সট্ৰা কাম। মুঠতে কামেই কাম বুজিছে। এইকেইদিন উশাহ ল’বৰো সময় নাই, মানে সাংঘাতিক বিজি!

ধেৎতেৰি…চাওকচোন, আপোনালোকৰ লগত কথা পাতি থাকোঁতে হাতৰ কামবোৰ পাহৰিয়েই গৈছিলোঁ। মই আকৌ আজি ঘেণ্টা দাদাক সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ হিচাপে ঠিক কৰিবলৈ যোৱাৰ কথা। মঞ্চখনৰ কাষতে খুটা এটাৰো বন্দৱস্ত কৰিবলৈ আছে। মুখ্য অতিথি হিচাপে ডিঙিৰ সিৰা ফুলাবলৈ আমাৰে সৰ্বা কাকাক মাতিবলৈ আছে। ছেহ্, হেজাৰটা কাম পৰি আছে বুজিছে! ইয়াতে কথাৰ মহলা মাৰি থাকিলে মোৰ নচলিব নহয়! আপোনালোকৰ বাৰু কাম-ধান্দা নাই, মোৰতো আছে! মই আহিলোঁহে, বেয়া-চেয়া নাপাব দেই। আপোনালোকেও ইয়াত ফেচবুক চেলাই থাকিব নালাগে, কিবা কাম-ধান্দাত লাগকগৈ যাওক, পাছে পৰে লগ পাম বাৰু, যেতিয়া মই বিজি নাথাকিম|

☆★☆★☆

2 Comments

  • হেমন্ত কাকতি

    বঢ়িয়া অভিজিত৷ মঞ্চৰ সন্মুখত বাহৰ খুটা মেইন৷

    Reply
  • জয়ন্ত দাস

    বঢ়িয়া

    Reply

Leave a Reply

Your email address will not be published.