ফটাঢোল

বিত শগুণ- দিগন্ত বৰুৱা

“হোঁ, খা।” কাঁহৰ বাটিটোত অনা ফিকা চাহবাটি কাঠৰ সৰু টেবুলখনত থৈ মা ভিতৰলৈ সোমাই গ’ল। কালি দোকানৰপৰা কেইবা পেকেটো বিস্কুট অনাইছিলো।

নুখুলিলে চাগৈ!

আটকত লাগে। ভিতৰুৱা গাওঁ। হঠাৎ আলহী-দুলহী আহিলে চাহকাপৰ লগত নাকটো বচাবলৈ বিস্কুট দুখনমান লাগে। প্লেটত থকা গুৰ দুডোখৰৰ এডোখৰ লৈ কামোৰ এটা মাৰোতেই ভিতৰৰ পৰা পুনৰ মাৰ মাত ভাহি আহিল।

-“পুখুৰীৰ পাৰৰ ডাঁৰদালতে ধুতি-গামোচা থৈ আহিছোঁ। সোনকালে গৈ গাটো তিয়াই আহিবি।”

বাকী থকা চাহখিনি একে শোহাই শেষ কৰি বাটিটো লৈ পাছ চোতালত থকা বাচন ধোৱা ঠাই পালোগৈ। বাচন ধুবলৈ বুলি আনি থোৱা পানী বাল্টিৰ পৰা মগটোৰে পানী অলপ লৈ বাটিটো আওখালি পানীচাংখনতে থৈ লাহে লাহে পাছফালৰ পুখুৰীৰ পাৰ পালোগৈ।

কেইবাবছৰৰো মূৰত বহুদিন থকাকৈ আহিছোঁ গাঁৱৰ ঘৰখনলৈ। এমাহ ছুটিলৈ মাৰ অসুখ দেখুৱাবলৈ আহিছোঁ। ভাল ডাক্তৰক দেখুৱাব লাগিব। গাঁৱৰ ডাক্তৰৰ দৰৱে আৰু কাম নিদিয়া হৈছে। এইবাৰ মেডিকেল কলেজতে দেখুৱাব লাগিব। সেইবোৰ গুণা-গঁথা কৰিয়েই এইবাৰ দীঘলীয়া ছুটি লৈছোঁ। আগে-পিছেও আহোঁ, দুই-তিনিদিন থাকি গুচি যাওঁ। কোম্পানীত চাকৰি কৰোঁ। যেতিয়াই তেতিয়াই ছুটি নেপাওঁ। আজি চাৰিদিন হ’ল অহা, কিন্তু পেনপেনকৈ আৰম্ভ হোৱা বৰষুণজাকে গাঁৱৰ ৰাস্তা পিলপিলিয়া বোকা কৰি পেলাইছে। ডাক্তৰৰ ওচৰলৈ নিবলৈ গাড়ী এখনক কৈ থৈছো যদিও ৰাস্তা নুশুকুৱালৈকে গাড়ী সুমুওৱাৰ সাধ্য নাই।

পুখুৰীটোৰ দলংখনৰ মাজডোখৰ খুব প্ৰিয় মোৰ। যেতিয়াই ঘৰলৈ আহোঁ তেতিয়াই ইয়াতে বহি মোৰ মনৰ সৈতে কথা পাতো মই। আচলতে কথা ঠিক নহয়, ইয়াতেই বহি মই মোৰ অতীতক বিচাৰি ফুৰো। কেতিয়াবা পাওঁ, কেতিয়াবা নাপাওঁ। সৰহভাগ স্মৃতিয়েই গৈ গৈ এটা বিৰাট শূণ্যত অৱস্থান কৰি ৰৈ যায়গৈ।

ঠিক মোৰ প্ৰাত্যাহিক জীৱনধাৰাৰ দৰেই !

পুৱাই আহি মূৰটো গৰম কৰি থৈ গ’লহি বলোৰামে।

হয়, বলোৰাম বৰা ! বয়সত মোতকৈ প্ৰায় দহ বছৰ ডাঙৰ হ’ব।

আজি গাঁৱৰ নামঘৰত বৰসবাহ। পূৰ্বৰ দৰেই জেঠ মাহত ভাওনা-বৰসবাহ হয় যদিও এইবাৰ অকল বৰসবাহহে হ’ব বোলে। আজিকালি ল’ৰাবোৰে ভাওনা কৰিবলৈ মন নকৰে হেনো। সেইবিলাক কথাৰ মহলা মাৰিয়েই মাৰ পৰা চাহ এবাটি সৰকাই কোনো পাতনি নেমেলাকৈ মোৰ ফালে চাই হঠাৎ কৈ উঠিল বলোৰামে,

-“টকা তিনিশ দিয়া।”

-“যোৱা সাতাইশ বছৰে বৰসবাহৰ বাবে কোনোদিন চান্দা নিবিচাৰি হঠাৎ আজি মই অহা গম পাই দৌৰি আহিল যে?”

সকলো জানি বুজিও কৈ উঠিলো মই।

-“সেইবোৰ পুৰণা কথা বাদ দিয়া। মুঠতে টকা তিনিশ চান্দা হিচাবে দিয়া আৰু বৰসবাহলৈ ব’লা।”

বহি থকা চকীখনতে অলপ ইফাল-সিফাল কৰি ভালকৈ আঁউজি লৈ বলোৰামে কৈ উঠিল।

-“কিন্তু আপোনালোকেইটো কোনো কাৰণ নোহোৱাকৈ আমাক এঘৰীয়া কৰি ৰাখিছিল। এতিয়া মই কোনো গুৱা-পাণ আগ নবঢ়োৱাকৈ হঠাৎ আমাৰ ওপৰত থকা নিষেধাজ্ঞাবোৰ কেনেকৈ নোহোৱা হৈ গ’ল? আপুনি আমাৰ ঘৰলৈ চান্দা বিচাৰি অহাটো ৰাজহুৱা সিদ্ধান্ত নে ব্যক্তিগত সিদ্ধান্ত? যদি এইটো আপোনাৰ ব্যক্তিগত সিদ্ধান্ত তেন্তে নামঘৰ গৈ পোৱাৰ পাছত ৰাইজে আপত্তি কৰিলে মই পুনৰবাৰ অপমানিত নহ’ম নে আৰু যদি এইটো ৰাজহুৱা সিদ্ধান্তই আছিল তেন্তে আজি নামঘৰত কল-কুঁহিয়াৰ কাটি থকাৰ সময়ত মোৰ পৰা চান্দা নিবলৈ অহা বা মোক মাতিবলৈ অহাৰ কিবা অৰ্থ আছেনে? মই দিবলগীয়া চান্দাৰ পইচাখিনি বৰসবাহত ব্যৱহাৰেই নহ’ব দেখোন? মই অহা চাৰিদিন হ’ল। কালিলৈকেতো কোনোবা এজন আহিব পাৰিলে হয়। নাহিল কিয়?”

-“সেইবোৰ বাদ দিয়া। নামঘৰত মই যি কওঁ সেইটোৱেই হ’ব। মোৰ ওপৰত মাত মাতোতা কোনো নাই। অযথা তৰ্ক কৰি নাথাকিবা। মাৰাই বৰ আশা কৰি আছে বৰসবাহটোকলৈ। তুমিটো ঘৰত নাথাকায়। কালিলৈ তুমি ঘৰত নথকা অৱস্থাত মাৰাৰ কিবা এটা হ’লে কোনে চাব? এনেও তেখেতৰ বেমাৰ-আজাৰ হৈয়েই থাকে। ৰাইজখনৰ লগ নেলাগিব জানো? তোমাৰ জিদ্ এৰা। পইচা দিয়া আৰু নামঘৰৰ বৰসবাহলৈ ব’লা।”

কিছু অপ্ৰস্তুত হ’লেও মোৰ পৰা এনেকুৱা প্ৰশ্নৰ সন্মুখীন হ’বৰ বাবে যেন একপ্ৰকাৰ প্ৰস্তুত হৈয়েই আহিছিল বলোৰাম!

দলংখনত বহাৰ লগে লগে এটা এটাকৈ পুৰণি কথাবোৰে ভুমুকি মাৰি গ’লহি মোৰ মানসপটত।

এই বলোৰাম বৰা আৰু টিকেন শৰ্মা। গাওঁখনত মই আটাইতকৈ ঘৃণা কৰা মানুহ দুটাই হ’ল ইহঁত দুটা। এসময়ত দুয়োটা নলে-গলে লগা বন্ধু আছিল। এতিয়া ইহঁতৰ বন্ধুত্বত ফাঁট মেলিছে!

আমি তেতিয়া পঞ্চম মানত। দেউতা জীয়াই আছিল। হয়তো চনটো আছিল 1982 । আমাৰ ঘৰৰ একেবাৰে সন্মুখত গাঁৱৰ ৰাজহুৱা নামঘৰটো। নামঘৰত কিবা মাহ-প্ৰসাদ ওলালেই দেউতাৰ লগত সাউৎকৈ নামঘৰ ওলাওঁগৈ।

সেইদিনাও কাৰোবাৰ শৰাই আছিল নামঘৰত। হয়, ঠিক মনত আছে মোৰ। বহাগ মাহৰ শেষৰ ফালেই হ’ব। সেইদিনাই ৰাইজৰ মাজত জেঠত হ’বলগীয়া সবাহ-ভাওনাৰ আলোচনাও চলিল। ৰাইজে মিলি সিদ্ধান্ত ল’লে, সেইবাৰ বলোৰাম আৰু টিকেনৰ দেউতাকে আগন্তুক সবাহ-ভাওনাৰ বাবে পছকিসকলৰ পৰা চান্দা উঠাব নেলাগে। কিবা হেনো হিচাবৰ খেলিমেলি হয়। আনে উঠাব। এই বিষয়ত আটাইতকৈ সৰৱ আছিল মোৰ দেউতা। দেউতাৰ কথাত ৰাইজ একমত হৈছিল। এই সামান্য কথাটোতেই অপমানিত বোধ কৰি দুয়োজনে নামঘৰতে কিছু লম্ফ-জম্ফ কৰি ওলাই গৈছিল। বৰসবাহৰ দিনাহে গম পাইছিলো তেওঁলোকে হেনো খেল বেলেগ কৰিছে। গাওঁখনত দুটা খেল হ’ল। বেলেগে বেলেগে বৰসবাহ পতা হ’ল!

তাৰ পাছৰ বছৰেই জুয়ে পোৰা তিৰাশী। চাৰিওফালে বিদেশী খেদা আন্দোলনৰ জুয়ে দপদপকৈ দহি আনিছে। ছাত্ৰ সংগঠনৰ আমাৰ আঞ্চলিক সমিতিখনো পুনৰ গঠন কৰা হৈছে। চাৰিবাৰকৈ মেট্ৰিক দি পাছ কৰিব নোৱাৰা বলোৰাম সভাপতি আৰু একে পথৰ পথিক টিকেন সম্পাদক !

সেই সময়তে অসমৰ চুকে-কোণে ধুম উঠিল আন্দোলনত সক্ৰিয়ভাৱে সহযোগ নকৰা সকলক ৰাইজৰ কাঠগড়াত উঠাই জৱাবদিহি কৰোৱাৰ আৰু এই কাৰ্য্যৰ নেতৃত্ব দিলে সেই সময়ত সমাজৰ সৰ্বস্তৰতে উঠিৰজা-বহিৰজা হৈ পৰা বলো-টিকেনহঁতৰ দৰে তথাকথিত ছাত্ৰ নেতাসকলে।

সফলো হ’ল! নামঘৰৰ চোতালত ৰাইজমেল পাতি মনৰ মাজত গোপনে পুহি ৰখা পিতৃ-অপমানৰ(?) পোটক তোলা হ’ল!

আমাৰ দেউতাৰ লগতে আৰু দুঘৰক এঘৰীয়া কৰা হ’ল। ৰাইজৰ লগত জুই-পানী সঞ্চাৰ। কোনেও আমাক মাতিব নোৱাৰিব, কোনেও সহায় কৰিব নোৱাৰিব!

দেউতা বেংকৰ চাকৰিয়াল আছিল। ট্ৰেড্ ইউনিয়ন কৰিছিল। দোষ সেইটোৱেই। ট্ৰেড্ ইউনিয়নবোৰ হেনো কমিউনিষ্ট সকলৰ পোষ্য পুত্ৰ!

বাকী দুঘৰ আকৌ আন্দোলন বিৰোধিতা কৰা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলটোৰ নীৰৱ কৰ্মী আছিল হেনো, যিটো দলে তিৰাশীৰ অবৈধ নিৰ্বাচনত প্ৰাৰ্থী থিয় কৰাই ৰাইজক ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনাইছিল।

সময় বাগৰি গ’ল। আমাৰ ওপৰত থকা নিষেধাজ্ঞাবোৰ লাহে লাহে নাইকিয়া হ’ল। দেউতাও ঢুকাল।

কেন্দ্ৰীয় চৰকাৰ আৰু আন্দোলনকাৰীসকলৰ মাজত চুক্তি স্বাক্ষৰিত হ’ল। নতুন চৰকাৰ হ’ল। গাঁৱত খেল-মেল নাইকিয়া হ’ল। সকলোৱে সকলোৰে লগত খাব পৰা হ’ল। কিন্তু মানুহৰ মনবোৰহে সলনি নহ’ল। বলোৰামহঁতেও পঢ়াৰ ইতি পেলাই চৰকাৰ গঠন কৰা দলটোৰ পালিনেতা হৈ ৰ’ল।

আকৌ কেণা লাগিল। চনটো আছিল 1988। মই সেইবাৰ মেট্ৰিক দিছোঁ। গাঁৱৰ নামঘৰত বৰসবাহ-ভাওনা হৈ গৈছেহে এথোন। আহাৰৰ চাৰি তাৰিখে চেনাইৰ বিয়া। চেনাই অকণ দাইটিৰ ডাঙৰ ল’ৰা। ভাল ভাও কৰে। সেইবাৰ ভাওনাত কৰ্ণৰ ভাও লৈছিল। অকণ দাইটি হ’ল সেইজন মানুহ যিজন মানুহক মোৰ দেউতাৰ সৈতে এসময়ত এঘৰীয়া কৰা হৈছিল সেই ৰাজনৈতিক দলৰ সৈতে জড়িত থকাৰ অপৰাধত, যিটো ৰাজনৈতিক দলে তিৰাশীৰ অবৈধ নিৰ্বাচনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। তেওঁৰে পুতেকৰ বিয়া।

বিয়ালৈ বলোৰাম, টিকেনহঁতকে ধৰি আৰু চাৰি ঘৰলৈ নিমন্ত্ৰণ নাহিল। বিয়াৰ দুদিনৰ আগত আকৌ নামঘৰৰ চোতালত ৰাইজমেল বহিল। নেতৃত্বত বলোৰাম- টিকেনহঁতেই। সিদ্ধান্ত হ’ল যিসকল বিয়ালৈ যাব তেওঁলোকক এঘৰীয়া কৰা হ’ব। অকণ দাইটিৰ অপৰাধ এটাই। তিৰাশীত এঘৰীয়া কৰাৰ পাছত হেনো তেওঁ ৰাইজৰ ওচৰত আঁঠু লৈ গুৱা-পাণ আগ নবঢ়ালে!

কিন্তু গোটেই ৰাইজখনৰ মাজৰ কোনো এজনে সিহঁতক সুধিবলৈ সাহস গোটাব নোৱাৰিলে যে যদি তেওঁলোক ৰাইজখনৰ পৰা এঘৰীয়া হৈয়েই আছে তেন্তে ভাওনা-বৰসবাহত অংশ লৈ আছে কেনেকৈ? ভাওনাত অভিনয় কৰিবলৈ সুযোগ পাইছে কেনেকৈ ?

সকলোবোৰেই একো একোটা সুবিধাবাদী চৰিত্ৰ!

প্ৰত্যেকেই চৰকাৰৰ ঘৰৰ পৰা কিবা এটা পোৱাৰ আশাত বন্দী জীৱ!

বলো-টিকেন চৰকাৰৰ ঘৰৰ স্থানীয় নেতা। সিহঁতৰ মতৰ বিৰুদ্ধে গৈ চৰকাৰৰ ঘৰৰ পৰা পাবলগীয়া যিকোনো সুবিধা হাতছাড়া হোৱাটো নিবিচাৰে কোনেও। আৰু সেয়ে হ’ল। বিয়ালৈ নগ’ল কোনো!

প্ৰবীনদা আমাৰ সম্পৰ্কীয় খুড়া। বলোহঁতৰ লগত একেলগেই পঢ়িছিল হাইস্কুলত। ভালধৰণেই মেট্ৰিক পাছ কৰি চহৰৰ নামজ্বলা কলেজ এখনত নাম লিখোৱাইছিল। চাৰ্টাৰ্ড্ একাউণ্টেণ্ট হোৱাৰ মন। আন্দোলনৰ বতাহে তাকো কোবাই গ’ল। কাণে কাণ মাৰি বি.কম পাছ কৰি চাকৰিৰ ইন্টাৰভিউ দি দি ভাগৰি পৰিল সি। ঘৰত বিয়া পাতিবৰ বাবে হেঁচা আহিল মাক-বাপেকৰ পৰা। ভায়েক দুটাই নিজে ছোৱালী ঠিক কৰি পেলাইছে ইতিমধ্যে। মাত্ৰ তাৰ বাবে বাট চাই আছে সকলোৱে।

তাৰ যে একো সংস্থাপন নাই! কোনে দিব ছোৱালী তালৈ? সিদ্ধান্ত ল’লে সি। এখন গেলামালৰ দোকান খুলিব। খুলিলেও সি। এবছৰৰ পাছত বিয়াও পাতিলে।

বিয়া হ’ল, দোকান গ’ল!

প্ৰবীন খুড়াৰ দোকানৰ পৰাই চেনাইৰ বিয়াৰ প্ৰায়বোৰ বস্তু অনা হ’ল। অকণ দাইটিৰ নেৰানেপেৰা অনুৰোধত প্ৰবীন খুড়া ৰাতি বিয়ালৈ গ’ল।

আহাৰৰ ঠিক শেষৰফালে গাঁৱৰে অজিতৰ লগুণ দিয়নি। অকণ দাইটি আৰু প্ৰবীন খুড়াহঁতৰ বাদে সকলোকে নিমন্ত্ৰণ দিয়া হ’ল। লগুণ দিয়নিৰ দুদিনৰ আগত ৰাতিলৈ প্ৰবীন খুড়াহঁতে নামঘৰত শৰাই আগবঢ়ালে। অকণ দাইটি আহিল। আমাৰ বংশৰ আৰু তিনিঘৰ আহিল। মাৰ কেটকেটনিত ময়ো গ’লো। পাছদিনা মই ঘৰত নথকা অৱস্থাত অজিতৰ দেউতাকে মাক কৈ গ’লহি লগুণ দিয়নিলৈ নেযাবৰ বাবে।

গাঁৱত পুনৰ এবাৰ নতুন এটা খেলৰ জন্ম হ’ল!

বছৰ বাগৰিল। ময়ো চহৰলৈ গুচি আহিলো। কলেজত পঢ়িলো। ইঞ্জিনীয়াৰিং কৰিলো। প্ৰথমতে এৰাব নোৱাৰা দুই এঘৰে, পাছলৈ সকলোৱে বিয়া সবাহবোৰলৈ মতা হ’ল। ভালপোৱা সকলৰ ঘৰলৈ যোৱাও হ’ল।

কিন্তু নামঘৰৰ পছা-চান্দা হ’লে নিবলৈ নাহিল কোনো!

গাওঁখন সলনি হ’ল। বলোৰাম- টিকেনহঁতৰ বন্ধুত্বয়ো ফাঁট মেলিলে। দুহেজাৰ এক চনত বলোৰামহঁতৰ দৰে মানুহবোৰে খীৰাই খীৰাই লাওলোৱা কৰা দলটো নিৰ্বাচনত মুখথেকেচা খাই শুই পৰিল। দুদিন পাছতে বলোৰামে আৰু দহজন সাঙ্গো পাঙ্গো লৈ সেই দলটোত যোগ দিলেগৈ, যিটো দলৰ সৈতে সম্বন্ধ থকা বুলি এটা সময়ত অকণ দাইটিহঁতক এঘৰীয়া কৰি এক অবৰ্ণনীয় হাৰাশাস্তিৰ সন্মুখীন কৰোৱা হৈছিল। মই আচৰিত হওঁ তেতিয়া, যেতিয়া বলোৰামে তামোলৰ চেঁকাৰে ক’লা হৈ থকা দুইপাৰী দাঁত নিকটাই নতুনকৈ যোগদান কৰা দলটোৰ হৈ ঘৰে ঘৰে নিৰ্বাচনৰ চিঠি বিলাবলৈ আহে আৰু ৰাইজক বুজনি দিবলৈ আপ্ৰাণ চেষ্টা কৰে ইমানদিনে লুটি-পুটি ৰাইজৰ ধন উদৰস্থ কৰা দলটো অত্যন্ত বেয়া বুলি, অত্যন্ত দুর্নীতিপৰায়ণ বুলি!

কেনেকৈ সম্ভৱ বাৰু এনেকুৱা অভিনয়বোৰ!

সেই বলোৰামেই আজি মোৰ ঘৰত চান্দা বিচাৰি আহিছে। আজি সাতাইশ বছৰৰ মূৰত!

মোৰ দোষ কি আছিল?

মোকতো ৰাইজমেল পাতি এঘৰীয়া কৰা হোৱা নাছিল ?

কোনো ছদ্মবেশীৰ নিৰ্দেশতহে আমাৰ ঘৰৰ পৰা চান্দা নিয়া নহৈছিল। এইবোৰ প্ৰশ্নৰ কোনো উত্তৰ নাছিল বলোৰামহঁতৰ ওচৰত।

এইবাৰ চান্দা বিচাৰি অহাৰো অৱশ্যে এটা কাৰণ আছে। বলোৰামহঁত এতিয়া দুৰ্বল হৈছে। সিহঁতক মানুহ লাগে। গাওঁখনৰ সৰহভাগ মানুহেই টিকেনৰ নেতৃত্বত এটা সৰ্বভাৰতীয় ৰাজনৈতিক দলত যোগদান কৰিছে, যিটো দলে এইবাৰ চৰকাৰ গঠন কৰিছে। বলোৰামহঁতৰ অৱস্থা এতিয়া পানীত হাঁহ নচৰা বিধৰ। গতিকে সিহঁতক এতিয়া মানুহ লাগে, মানুহ!

কিন্তু বলোৰাম আৰু টিকেনৰ পাৰ্থক্য ক’ত??

সিহঁতবোৰ হ’ল একো একোটা বিত শগুণ। সন্মুখত মৰাশ পালেই সকলোকে চেৰ পেলাই চেলাই-বখলিয়াই খোৱা লোক সিহঁত। প্ৰতিটো শগুণৰ জাকত যেনেকৈ দুই-তিনিটা বিত শগুণ থাকে ঠিক তেনেকৈ প্ৰতিখন গাঁৱতে বলোৰাম-টিকেনহঁতৰ নিচিনা দুই চাৰিজনে নিজৰ অস্তিত্ব জাহিৰ কৰে!

এক তীব্ৰ ঘৃণাত গৰম তেজ এসোঁতা উজাই আহিল মগজুৰ অন্তৰভাগলৈ। দলঙৰ খুঁটা দুটাত ধৰি পুখুৰীত জোবোৰা দুটামান মাৰি উঠি আহিলো পাৰলৈ বুলি।

গাটো শাঁত পৰি গ’ল।

-“অ’, ধুতি-গামোচাযোৰ তোৰ বিছনাখনতে থৈ আহিছিলো, তই দেখোন লংপেন্ট-চাৰ্ট পিন্ধিহে ওলালি?”

মাৰ প্ৰশ্নৰ কোনো উত্তৰ নিদিয়াকৈ চাইকেলখন লৈ নঙলাৰ বাহিৰ ওলালো গাঁৱৰ সীমাইদি বৈ যোৱা নৈ খনৰ পাৰলৈ বুলি।

নৈ খনৰ প্ৰতি মোৰ অন্ততঃ এইটো বিশ্বাস আছে, হাজাৰ কাল ধুমুহাই কোবাই গ’লেও নৈখন কাহানিও উভতি নবয়!

★★★★

8 Comments

  • অপূৰ্ব

    Reply
  • তিৰাশীৰ সেই দিনবোৰলৈ ঘূৰি গ’লো। ৰাজনীতিৰ মেৰপাকত সোমাই পৰা এখন গাঁৱৰ সুন্দৰ প্ৰতিচ্ছবি ফুটি উঠিছে।
    বৰ চিনাকী ।—
    ভাল লাগিল।

    Reply
  • নদীৰ দৰে েই চৰিত্ৰও যেন উভটি মিলিব লৈ নাযায় সেই চৰিত্ৰবোৰৰ লগত

    Reply
  • Nabajit

    সুন্দৰ!

    Reply
  • শিৱ

    এখন গাঁৱৰ প্ৰকৃত চবিৰ উন্নোচন

    Reply
  • বিকাশ শইকীয়া

    একদম সঁচা কথা গুৰুজী। এইবোৰ বিত শগুন। নদী আৰু পাহাৰ ময়ো বৰ ভাল পাওঁ। নৈ উভতি নবয়। পাহাৰ সদায় পাহাৰ কাল ধুমুহাই খহাব নোৱাৰ। স্থিৰ হৈ থাকে।

    Reply
  • Rituparna Sarma

    ভাল লাগিল । একেখন গাঁৱতে যেতিয়া দেখো চাৰি পাচটা নামঘৰ , তেতিয়াই ভাৱ হয় যে সেই গাঁৱত নিশ্চয় ‘খেল’ সংস্কৃতিয়ে গা কৰি উঠিছে ।

    Reply
  • Anal Krishna Yein

    Borhiyaa…

    Reply

Leave a Reply

Your email address will not be published.