ফটাঢোল

বিদেশ-ভ্ৰমণ – ঈশান জ্যোতি বৰা

বিদেশত থকা বিজয় বহুদিনৰ মূৰত ঘৰলৈ উভতি আহিছে৷ বহুদিনৰ মূৰত আজি সি তাৰ বন্ধু নৰেন, অৰুণ, অনিল আৰু মুকেশৰ মুখকেইখন দেখিছে৷ আটাইৰে মাজত আজি কত যে কথা! কিমান যে বতৰা! আহক, সময় ব্যয় নকৰি আমিও পোনেপোনে উপস্থিত হওঁগৈ পাঁচ বন্ধুৰ সেই ৰঙচঙীয়া আড্ডাস্থলীত-
________________________________________________________________

“বুজিছ নৰেন, প্ৰথমেই মই ব্ৰাজিল পালোঁগৈ৷ ফুটবল যে খেলে ৰ’ণাল্ডো..” – পাণৰ চুকত সানি থোৱা চূণকণ অনিলৰ দোকানৰ বেৰখনত লিপি বিজয়ে বিদেশ-ভ্ৰমণৰ বিচিত্ৰ অভিজ্ঞতাৰ বৰ্ণনা আৰম্ভ কৰিলে৷

“অঁ অঁ মনত পৰিছে৷ চুলি যে কান্ধলৈকে পৰা!” – বেঞ্চত বহি থকা নৰেনে স্মৃতিৰ গৰ্ভৰপৰা তথ্যটো উলিয়াই আনিবলৈ চেষ্টা কৰিলে৷ চেষ্টাত সি সফলো হ’ল৷

“অঁ সেইজন! সেইজনক লগ পালোঁ৷ মোক দেখিতো সি আঁতৰৰপৰাই বিকট চিঞৰ এটা মাৰিলে! মই বোলো – ‘হৰি হৰি! এইটো দেখোন আমাৰ ৰ’ণাল্ড’! ই মোক চিনি পালে কেনেকৈ? মুখ মেলি চাই থাকোঁতেই সি মোক ধৰি-মেলি তাৰ ঘৰলৈ লৈ গ’ল৷ মই বোলো – মোৰ ঘৰত ঢেৰ কাম পৰি আছে৷ সোনকালে যাবগৈ লাগে৷ তেওঁ বোলে – ‘নাই৷ নোৱাৰা যাব৷ আমাৰ মেনকাৰ হাতেৰে তিতাকেৰেলাৰ ভাজি এখন খাই যাবই লাগিব৷’

“মেনকা কোন? ৰ’ণাল্ডোৰ ঘৈণীয়েক নেকি? নামটো আমাৰ অসমীয়া ছোৱালীৰ নিচিনাই৷” – নৰেনৰ কাষত বহি থকা মুকেশে নিজৰ মত ব্যক্ত কৰিলে৷

“নহয়৷ সেইজনী ৰ’ণাল্ডোৰ ঘৰত থকা ৰ’বটহে৷ তাই কৰিব নোৱাৰা কাম একোৱেই নাই৷” – কথাষাৰ কৈ মুখত জমা হোৱা তামোলৰ পিক্‌কণ বিজয়ে ৰাস্তাৰ ওপৰতে পেলাই ল’লে৷

“বৰ আচৰিত কাণ্ড দেই৷ পিছে ৰ’ণাল্ডোৰ ঘৰত কেইদিন থাকিলি?” – অনিলৰ প্ৰশ্ন৷ তাৰ চকু ইতিমধ্যেই কপালত উঠিছে৷

“থাকিলোঁ তিনিদিনমান৷ বৰ আৰামৰ দিন আছিলহে সেইকেইটা৷”

“তাৰপিছত ক’লৈ গ’লিগৈ?” – এইবাৰ অনুসন্ধিৎসু অৰুণৰ প্ৰশ্ন৷

“তাৰপিছত মই গ’লোঁ ব্ৰাজিলত যে প্ৰকাণ্ড ঘড়ী এটা আছে, সেইটো চাবলৈ৷ ঘড়ীও ঘড়ী,একেবাৰে সাংঘাতিক ঘড়ী বুজিছনে! ঘণ্টাৰ কাঁটা, মিনিটৰ কাঁটা – এইবোৰ একো নাই৷ ক’ৰবাত কাঁটাকেইডাল লুকাই-চুকাই থাকিবও পাৰে; ক’বতো নোৱাৰি- যিহে আজৱ দেশ! কোনোবাই চুৰি কৰাৰ আশংকাত কিজানি মানুহবোৰে কাঁটাকেইডাল ক’ৰবাত লুকুৱায়েই থৈছে! তাৰেই ভূ ল’বলৈ দুখনমান দোকানৰ পিছফালে গৈও কাঁটাকেইডাল চালোঁগৈ৷ নাইতো; কাঁটা-চাঁটা ক’তো একো নাই৷”

“এনেকুৱাইনে?”

“যদি কাঁটা নায়েই, তেন্তে মানুহেনো সময় কেনেকৈ চায়?” – আনকেইটাতকৈ বুধিত অলপ চোকা অৰুণে সন্দেহৰ চকুৰে বিজয়লৈ চালে৷

“ঘড়ীটোৰ ভিতৰত ৰ’বটকেইটামান থাকে৷ সিহঁতে ছিফ্টত ডিউটি কৰি থাকে৷ এটা ৰ’বটে প্ৰকাণ্ড মাইক এটা লৈ সময়বোৰ মানুহক শুনাই থাকে৷ আনটোৱে ঘণ্টাই ঘণ্টাই টিলিঙাটো বজাই দিয়ে৷ টিলিঙাৰ শব্দত আকাশ-বতাহ ৰজনজনাই যায়৷ বৰ অদ্ভুত কাৰবাৰ অ’৷” বিজয়ে মুকলি মনেৰে কথাবোৰ বুজাই দিবলৈ সংকোচ নকৰে৷

“তোৰেই ভাগ্য দে৷ এমাহ বিদেশত থাকি অতবোৰ বস্তু চাই আহিলি৷ আমাৰহে ফুটা কপাল৷” – অনিলৰ কথাত ঈৰ্ষাৰ ক্ষীণ প্ৰলেপ৷
“ব্ৰাজিলৰপৰা ক’লৈ গ’লিগৈ?” – কৌতূহলৰ জুইকুৰা নিৰ্বাপণ কৰাৰ উদ্দেশ্যে নৰেনে সুধিলে৷

“ব্ৰাজিলত পাঁচদিন থাকি মই বাছ এখনৰে গৈ জাপান পালোঁগৈ৷”

“ইমান দূৰ বাছেৰেই গ’লিনে! বাটত শৌচ-প্ৰস্ৰাৱ!”

“আধাঘণ্টাৰ যাত্ৰাত কিনো শৌচ-প্ৰস্ৰাৱ কৰিবি! বাছবোৰ ৰ’বটে চলায়৷ তই বাছত উঠিলি মানেই জাপান পালিগৈ৷ আমাৰ ইয়াৰ উৰাজাহাজেও সেইবোৰ বাছৰ লগত পাত্তা নাপাব৷ বাছৰ যিহে স্পীড, হাৰ্টৰ বেমাৰ থকা মানুহে সেইবোৰ বাছত উঠিবলৈকে ভয় কৰে৷”

“বাপ্‌ৰে!”

“জাপানত পিছে কি কি দেখিলি?” – অনিলে জাপানৰ নামটোহে শুনিছে৷ ভিতৰুৱা কথা একো নাজানে৷

“জাপানত মস্ত দূৰবীণ এটা চালোঁ হে৷”

“সেইটোনো কি আচৰিত বস্তু! দূৰবীণটো আমাৰ আঞ্চলিকৰ পূজাতো ওলায়৷ যোৱাবাৰ ময়েই তেনেকুৱা দূৰবীণ আধাডজন কিনিছোঁ৷” – অৰুণে উপলুঙাৰ সুৰেৰে ক’লে৷

“হেৰৌ অৰুণ! তেনেকৈ ওফাইদাং মাৰি কথাবোৰ নক’বিচোন৷ জাপানৰ সেই দূৰবীণটো বৰ দীঘল৷”

“কিমাননো দীঘল?”

“বৰ দূৰলৈকে দেখা পায়৷ সেইটো দূৰবীণেৰেই মই আমেৰিকা, জাৰ্মানী সব চালোঁ৷ আমাৰ অসমৰ নলবাৰী, বৰপেটা, ধুবুৰী, জাগীৰোড,মাজুলী, লখিমপুৰ, ধেমাজি গোটেইবোৰ চালোঁ৷ সেইটো দূৰবীণৰেই তহঁতমখাকো মই চাই আছিলোঁ৷ তহঁতে কি কাম কৰিছ, ভাতৰ লগত মাংস খাইছ নে মুৰ্গীৰ কণী খাইছ – সব চাই আছিলোঁ ৷”

“সঁচায়েনে?”

“একেবাৰে সঁচা৷ আমাৰ ফণী, কেশৱ আৰু বৰাৰ জাকতজিলিকা অভিনয়ো দেখা পালোঁ৷ আৰু কি জাননে?”

“কি?” – নৰেন,নৰেন,অনিল-আটাইকেইজনে ‘কি-কিয়াই’ উঠিল৷

“সেইটো দূৰবীণেৰে দেখাৰ লগতে শুনিবও পাৰি৷ মই নথকাত তহঁতে মোৰ বিষয়ে কি কথা পাতি আছিলি – সব শুনি আছিলোঁ৷”

“সাংঘাতিক কাণ্ডচোন৷” অৰুণ উচপ খাই উঠিল৷

“দূৰবীণটোৰ ভিতৰত ৰ’বটকেইটামান থাকে৷ তহঁতে কি কথা পাতিছ, মোক সেই ৰ’বটকেইটাই জনাই থাকে৷”

“তোক হাত-লৰ স্বভাৱৰ মানুহ বুলি মই কোৱা নাছিলোঁ দেই৷ ই, ই অনিলেহে কৈছিল৷” – বিপদৰপৰা সাত যোজন আঁতৰত থাকি ভাল পোৱা নৰেনে সুযোগ মিলোতেই স্পষ্টীকৰণটো দি থ’লে৷

“হ’ব৷ হ’ব৷ মই সব জানো৷ মোক বেল বুলি নাভাবিবি৷ জাপানত জেকি চানক লগ কৰিলোঁ৷ এই যে ফাইটিং-চাইটিং কৰি থাকে মানুহটো৷” – পকেটৰপৰা বাদাম এটা উলিয়াই বিজয়ে চোবাই ল’লে৷

“ভয় কৰা নাছিলি!” – নৰেনৰ ভয়টো বেছি৷

“কিহৰ ভয়! দুয়োটাই হোটেলত সোমাই পেট পূৰাই মালপোৱা আৰু গাখীৰ চাহ খালোঁ৷”

“জাপানত মাপলোৱাও পায় নেকি? কেনেকুৱানো! আমাৰ নিচিনানে?” – মালপোৱা অনিলৰ প্ৰিয় খাদ্য৷

“নহয়৷ বেলেগ৷ মালপোৱাবোৰৰ ভিতৰত ভেকুলীৰ ঠেংকেইখনমান সুমুৱাই থয়৷”

“ছিঃ ছিঃ৷ তই সেইসোপাকে খালি! নামঘৰীয়া বৰদেউতাই শুনিলে তোৰ কলিজা খাব৷” মুকেশে আতংকিত হৈ ক’লে৷

“নাই৷ নাই৷ মই ঠেংকেইখন উলিয়াই মালপোৱাটো খাইছোঁ৷ অ’ ৰ’বি, হোটেলত থাকোঁতেই বৰ জমনি ঘটনা এটা ঘটিল নহয়৷”

“কি ঘটনা ?” – অনিলে সুধিলে৷

“খাই থাকোঁতেই জেকি দাদাৰ শৌচ কৰিব লাগিল৷ দহটা মালপোৱা খাই দিলে যে। তাতে ফাইটিং-চাইটিং কৰি থকা মানুহ৷ ক’তনো পেটে সহ্য কৰে!”

“তাৰপিছত?” অনিলৰ মুখত মিচিকিয়া হাঁহি এটা জিলিকিল৷ হাঁহিটো লাহে লাহে বাকীকেইজনৰ মুখলৈও সোঁচৰি গ’ল৷

“তাৰপিছত আকৌ এটা আচৰিত কাণ্ড৷ জেকি দাদা যিখন চকীত বহি আছিল, সেইখিনি ঠাইতে মজিয়াখনত মস্ত ফাঁট এটা হ’ল৷ ফাঁটটোৰ পৰা ৰ’বট এটা ওলাই আহিল৷ জেকি দাদাক চকীখনৰ সৈতে ৰ’বটটোৰে মজিয়াৰ তললৈ লৈ গ’ল৷”

“অদ্ভুত কাৰবাৰ৷ তাৰপিছত?” মুকেশৰ মুখমণ্ডলত উৎকণ্ঠা৷

“নাই একো নহ’ল৷ দহমিনিটৰ পিছত পুনৰ জেকি দাদা আহি মোৰ সমুখত হাজিৰ৷” – বিজয়ে উত্তেজনাৰ যৱনিকা পেলালে৷

“মানে দহমিনিটতে সেই ৰ’বটটোৱে জেকি দাদাক লৈ গৈ শৌচ কৰােৱাই আনিলে৷” – অৰুণৰ চকুত আশ্চৰ্য৷

“জাপানৰ হোটেলবোৰত এনেকুৱা শ-শ ৰ’বট থাকে৷ হোটেলত চাহ-ভাত খাই থকা কোনো মানুহৰ যদি শৌচ কৰিব লাগে-তেতিয়া সেই ৰ’বটবোৰে আগতেই গম পাই যায়৷ এই ৰ’বটবোৰ হোটেলৰ তলত আছুতীয়াকৈ ৰখা হয়৷ সিহঁতে লেট্ৰিনবোৰো চাফা কৰি ৰাখে৷”

“শুনিছোঁ বিদেশৰ ৰাস্তাবোৰ বোলে বৰ চাফা৷” – মুকেশে এই কথাটো ক’ৰবাত শুনিছিল৷

“ৰাস্তাৰ কথা নুসুধিবিয়েই৷ মইতো দুদিনমান ৰাস্তাৰ ওপৰতে ভাত খালোঁ৷ পানী অকণৰে চাফা কৰি ল’লোঁ বাৰু প্ৰথমতে৷ নিয়মটো কৰি ল’লে ভাল দেচোন৷ পিছে সাংঘাতিক কাৰবাৰটো কি জাননে?”

“কি?” অলপ আগতে চাধা মোহাৰিবলৈ আৰম্ভ কৰা নৰেনে চাধা মোহাৰিবলৈ বন্ধ কৰি বিজয়লৈ আশ্বৰ্যৰ দৃষ্টিৰে চালে৷

“আকৌ সেই ৰ’বটৰ খেলা৷ তই ভাত খাই থাকোঁতে সিহঁত তোৰ কাষত ৰৈ থাকিবহি৷ ভাত খাই হোৱা মাত্ৰকেই ৰ’বটবোৰে আৰু বুজিছ পেটৰ ভিতৰৰপৰা ঝাৰুৰ দৰে কিবা মেচিন এটা উলিয়াই গোটেইখন একে শোহাতেই চাফা কৰি নিয়ে৷”

“ৰ’বটবোৰ বৰ সাংঘাতিক বস্তু দেই৷ কৰিব নোৱৰা কাম একোৱেই নাই৷”

“ট্ৰাম্পে দুটামান ৰ’বট মোক লগতে লৈ আহিবলৈ কৈছিল৷”

“লৈ আনিব লাগিছিল৷ চাধাকণ মোহাৰিবলৈ ৰ’বট এটা লাগে৷ আমাৰ অনিলৰ দোকানতো মাল-চাল জুখিবলৈ ৰ’বট এটা আনিব পাৰিলিহেঁতেন৷” – মুকেশে অনিললৈ চাই ক’লে৷

“পিছৰবাৰ গ’লে আনিম৷ এতিয়া মই যাওঁ দে৷ ঘৰত বহুত কাম আছে৷”

শ্ৰদ্ধাৰ ৰাইজ, এনেকৈয়ে শ্ৰোতা সমাজক বিস্ময়ৰ সাগৰত ডুবাই বিজয়ে ঘৰৰ দিশে প্ৰস্থান কৰিলে৷

কিন্তু,

বিজয়ে প্ৰস্থান কৰাৰ কেইটিমান মুহূৰ্তৰ পিছতে দুজন খাকী পোছাক পৰিহিত মানুহৰ সেইখিনিতে আৰ্ৱিভাৱ ঘটিল৷ অনিলৰ দোকানৰ সমুখত তেওঁলোকৰ বাইকখন ৰ’লহি৷
“অলপ আগতে হাফ-পেণ্ট পিন্ধা মানুহ এটাক এইখিনিতে ৰৈ কথা পাতি থকা দেখিছিলোঁ৷ ক’লৈ গ’ল মানুহটো?” বাইকৰ পিছফালে বহি থকাজন নামি আহিল৷

“কোন? অ’ বিজয়! সি ঘৰলৈ গ’ল৷” – অনিলে তামোল এটা দুফাল কৰিবলৈ ওলাইছিল৷ আৰক্ষী বাহিনীৰ লোক দুজন দেখি সি অলপ সচেতন হ’ল৷

“কিয় বাৰু? সি কিবা কৰিলে নেকি?”- অৰুণে বৰ কোমল মাত এটা উলিয়াই সুধিলে ৷ কথাৰ গুৰিটো উদ্ধাৰ কৰিবলৈ নৰেন আৰু ৰতনো উৎসুক হৈ উঠিল৷

“কিয় মানে! দহ-পোন্ধৰটামান বেংকৰপৰা টকা চুৰ কৰি পলাই ফুৰিছে৷ মস্ত দগাবাজ এটা সি!”

“কি?”

পুলিচৰ কথা শুনি নৰেনহঁতৰ চকু কপালত উঠিল৷ যেন এইমাত্ৰ এইখিনিতে প্ৰচণ্ড জোৰত বজ্ৰপাতহে পৰিল৷

“ব’ল৷ ব’ল৷ আজি তাৰ পিঠি দুফাল-ফাল কৰিম৷” বাইকত বহি থকা আনজন পুলিচে চকু ৰঙা কৰি ক’লে৷

“আপোনালোকে ভুলকৈ ভাবিছে৷ সি বিদেশ ফুৰিবলৈহে গৈছিল৷ আমাৰ আগত সি তাকেই কৈ আছিল৷” – নৰেনৰ মাতত আটাইকেইজনে বাস্তৱলৈ ঘূৰি আহিল৷

“বিদেশ ফুৰিবলৈ গৈছিল! ৰহ বেটা! তাক মই আচল বিদেশলৈ পঠিয়াই আছোঁ৷” – হাতত লৈ থকা লাঠিডালৰ গাটো এবাৰ পিহি পুলিচজনে চালকক বাইক চলাবলৈ ইংগিত দিলে৷

“তহঁতৰ কোনোবা এটা আমাৰ লগত ব’ল৷ তাৰ ঘৰটো দেখুৱাই দিবি৷” – বাইকত বহি থকাজনে অৰুণলৈ চাই ক’লে৷

“এজন নালাগে৷ আমি আটাইকেইজন যাম ৰ’ব৷” – দোকানৰ ভিতৰৰপৰা অনিলে মাত লগালে৷

“সোনকাল কৰ৷ ইয়াৰ আজি হাড়-মূৰ ভাঙিম৷” – বিজয়ক গালি পাৰি পাৰি খাকী পোছাকধাৰীজনে বাইক ষ্টাৰ্ট্ দিলে৷ আনজনো গৈ পিছফালে বহি ল’লেগৈ৷

অৰুণ, নৰেন আৰু নৰেন বেঞ্চখনৰপৰা নামি তেওঁলোকৰ পিছে-পিছে গ’ল৷

দোকানত তলা ওলমাই ইতিমধ্যে সিহঁতৰ লগ লগা অনিলে তেনেতে স্বগতোক্তি এটা কৰিলে-“বিজয় চাগে ৰ’বটত উঠি পুনৰ বিদেশেই পালেগৈ৷ ক’ত ধৰিব পাৰিব!”

☆★☆★☆

5 Comments

  • Gitashree Phukan

    বহুত ভাল লাগিল। এনেকৈ মাজে মাজে বিদেশ ভ্ৰমণ কৰি থাকিব লাগে আক’ তেতিয়াহে।

    Reply
  • পূৰ্ণময়ী

    অ আই ,মোকো এটা ৰবট লাগে।

    Reply
  • হাঁ হাঁ৷মজ্জা

    Reply
  • উষা মহন্ত

    পঢ়ি ভাল পালো

    Reply
  • হেমন্ত কাকতি

    হাঃ হাঃ, পিচে বিজয় ধৰা খালে এবাৰ লণ্ডনত৷

    Reply

Leave a Reply

Your email address will not be published.