ফটাঢোল

বিভিন্নজনৰ একলম – নৱজিত বৈশ্য

ধেমালী কৰিবলৈ লগ লগা আভাসী জগতৰ এমুঠি মানুহে যদি অসমীয়া ব্যঙ্গ সাহিত্যৰ প্ৰতি সামান্যতমো অৰিহনা আগবঢ়াব পাৰে, তেন্তে আকণ্ঠ ৰাজনীতিৰ  বোকাত বুৰ গৈ, যশস্যা আৰু আত্ম-প্ৰতিষ্ঠাৰ নিগনি দৌৰত অংশ গ্ৰহণ কৰা তথাকথিত সাহিত্যিকসকলৰ সংগঠনবোৰ নিজেই অপ্ৰাসঙ্গিক হৈ পৰিব৷ ব্যঙ্গ সৃষ্টিৰ আঁৰত যি প্ৰতিভা আৰু সমাজবোধ থাকে সেয়া অতি উচ্চ স্তৰৰ৷ সামাজিক কেৰোণসমূহক ধেমালীৰ চলেৰে জনগণৰ বোধগম্য কৰি তুলি সেইবোৰৰ সমাধানৰ প্ৰসঙ্গত নতুন দিশ উন্মোচনৰ এক ফলপ্ৰসূ প্ৰয়াস হ’ল ব্যঙ্গ সাহিত্য৷ ব্যঙ্গৰ মহত্ব এইখিনিতে যে হাঁহি থাকোতে কেতিয়ানো এক সুতীব্ৰ সমাজবোধে

মন আৰু মননক আন্দোলিত কৰি, সামাজিক বিকৃতিবোৰৰ প্ৰতি আমাৰ অজানিতে আমাক সচেতন কৰি তোলে আৰু আমাক বিদ্ৰোহী কৰি তোলে, ব্যঙ্গৰ পাঠক হিচাপে আমি তাৰ উমানেই নাপাওঁ৷ হাঁহিৰ মাজতে সৰু ল’ছালিক ফুচুলাই বেজি দিয়া ডাক্তৰৰ দৰে ব্যঙ্গ-সাহিত্যিকসকলে নিজৰ উদ্দেশ্য পূৰণ কৰি সমাজৰ প্ৰতি নিজৰ দায়িত্ব নিষ্ঠাৰে পালন কৰে৷ গুৰুত্বপূৰ্ণ কথাটো হ’ল সামাজিক দায়িত্ব পালনৰ নামত সমাজত নিজকে প্ৰতিষ্ঠা কৰাৰ অশুভ প্ৰতিযোগিতাৰ পৰা ব্যঙ্গ সাহিত্যিকসকলে সততে নিজকে আঁতৰাই ৰাখে৷ ‘ফটা ঢোল’ ই-মেগাজিনখনে তেনে বহু ব্যঙ্গ লেখকক এখন উপযুক্ত প্লেটফৰ্ম আগবঢ়া পাৰিব বুলি মই দৃঢ়ভাৱে বিশ্বাস কৰোঁ৷

জয়তু ফটা ঢোল৷

☆★☆★☆

One comment

  • ৰিণ্টু

    সুন্দৰ মতামতটোৰ বাবে অশেষ ধন্যবাদ দাদা

    Reply

Leave a Reply

Your email address will not be published.