ফটাঢোল

বিলৈ – মানসী বৰুৱা

যোৱা এমাহ ধৰি জ্বৰ। জ্বৰ মানে জ্বৰ জ্বৰ ভাব অনবৰতে। গাল এখনো দেখাত আনখনতকৈ অলপ ফুলা ফুলা যেন লাগে। ভয়তে নে সঁচাকৈয়ে নাজানো, কাণ এখনো কিবা চিৰিং চিৰিং মৰা যেন লাগে মাজে মাজে। গুৰিৰ দাঁত এটা পোকে খোৱা আছিল। সেইকাৰণে দাঁতটোও মাজে মাজে বিষ বিষ লাগে। মুঠতে মই ক’ব নোৱাৰোঁ প্ৰকৃততে মোৰ দাঁতেই বিষাই নে কাণেই বিষাই নে গালেই বিষায়। মোৰ বেমাৰৰ লক্ষণ শুনিলে ঘৰৰ মানুহৰ লগতে ডাক্তৰো হাঁহিত ফাটি যায়। ইফালে মইহে জানো কিমান টেনশ্যন! মায়ে ক’লে সদায়নো কি বেমাৰ বেমাৰ কৰি থাক, যা দেখুৱাই আহ ডাক্টৰক। ঘৰতে বেমাৰ বেমাৰ কৰি থাকিলে বেমাৰ ভাল হ’ব নেকি। মাহঁতৰ লগত আলোচনা কৰি ই.এন.টি স্পেচিয়েলিষ্ট এজনকে দেখুৱাটোকে ঠিক কৰিলোঁ।

দুই এটা পৰীক্ষা কৰি চাই ক’লে “ভণ্টী, তোমাৰ দাঁতটোতহে প্ৰব্‌লেম। খুউব সোনকালে ডেণ্টীষ্ট এজনক দেখুৱাই লোৱা।”

মই ৰ’বলৈ নাই। সেইদিনাই কচমেটিক ডেণ্টেল চাৰ্জন এজনৰ ওচৰ পালোঁগৈ। ডাক্তৰে চাই মেলি এগালমান এণ্টিবায়’টিক আৰু পেইনকিলাৰ দি ক’লে এইখিনি শেষ হ’লে আহিবা। দাঁতটো সৰাব লাগিব। পেটে পেটে ভাবিলোঁ পাৰিলে আজিয়েই সৰাই দিয়ক। (ইফালে আকৌ বেজী এটা ল’ব লগীয়া হ’লেই জীৱ ওলাই যাওঁ ওলাই যাওঁ কৰে৷)

চাৰি নম্বৰৰ দিনা আকৌ ওলালোঁগৈ। এইবাৰ লগত ভাইটি। সঁজুলিবোৰ দেখিয়েই মোৰ পেটতে হাত ভৰি লুকাল। তেনেকুৱা সঁজুলি দেউতাক কেতিয়াবা কিবা নট বা স্ক্ৰু টান-ঢিলা কৰিবলৈহে ব্যৱহাৰ কৰা দেখিছিলোঁঁ৷

একঘণ্টামান যুঁজি যুঁজি দাঁতটো সৰালে। হেল্পাৰ গৰাকীৰ লগত ডাক্টৰৰ কথোপকথন শুনি গম পালোঁ দাঁতটো সৰাওঁতে তেওঁলোকৰ যথেষ্ঠ সময় লাগিছে বাকীবোৰতকৈ। দুখ নাপালেও প্ৰেছাৰটো অনুভৱ কৰিলোঁ। মই বোলো ৰক্ষা! আপদ বিদায় এইবাৰ।

পিচে হ’লে কি হ’ব! চাৰিদিনমানৰ পিছত আকৌ এদিন কাণখন চিৰিংকৈ মাৰিলে হঠাৎ। লগে লগে আকৌ জ্বৰ জ্বৰ ভাব। ডেণ্টিষ্টক ফ’ন কৰিলোঁ, তেওঁ নাই, গুৱাহাটীত কনফাৰেন্স আছে। বিৰ-ৰাট এংজাইটী মানে! টেম্পেৰেছাৰ বাঢ়ি বাঢ়ি গৈ আছে।

উপায় নাপায় আকৌ সেই ই.এন.টি স্পেচিয়েলিষ্টজনক ফ’ন কৰিলোঁ। কি ঠিক! দাঁতটোৰ বিকাৰ দেখি সেইদিনা কাণখন ভালকৈ নাচালেই কিজানি তেওঁ! যদি কেনেবাকৈ কাণতহে বেমাৰটো আছে! তেওঁ এবাৰ শ্বেক আপত মাতিলে। মই ৰ’বলৈ নাই, লগে লগে গৈ পালোঁ। চাই মেলি ক’লে সব ঠিকেই আছে দেখোন, ডেণ্টিষ্টে দিয়া ক’ৰ্ছটো কমপ্লিট কৰা।
মই বোলো সব খাই শেষ কৰিলোঁ চাৰ! বাকী নাই।

তেওঁ মাউথ ৱাশ্ব এটাকে দি পঠিয়ালে। সেইটোকে আহি ঘৰত দিনে দহবাৰ মানকৈ গাৰ্গল কৰি দুদিনত শেষ কৰিলোঁ। ইফালে জ্বৰ ভাল হোৱাই নাই! বিচনাত পেট পেলাই এইবাৰ গুগলিং কৰাত লাগিলোঁ। কৃষ্ণ! ৰিজাল্ট দেখি পেটতে হাত ভৰি লুকাল৷

কেঞ্চাৰ, এইছ.আই.ভি, টি.বি, হেপাটাইটিছ বি….

উশাহ-নিশাহ বন্ধ হৈ যোৱা যেন অনুভৱ হ’ল। ইফালে সেইদিনা ঘৰতো কোনো নাই। কলেজ বন্ধ কাৰণে মই এইকেইদিন ঘৰত অকলে। সময়টো চালোঁ। মা আহিবলৈও হোৱা নাই। কি কৰোঁ কি নকৰোঁকৈ স্কুটিখন উলিয়াই স্কুল পালোঁগৈ। গে’টৰ সন্মুখত গৈ ধাম ধুম হৰ্ণ বজালোঁ। ছুটী হ’বলৈ তেতিয়াও এক ঘণ্টা বাকী। মোক তেনেকৈ যোৱা দেখি মা আচৰিত হৈ ওলাই আহিল কমন ৰূমৰ পৰা। মায়ে বোলে এতিয়াই আহিলি যে, লাষ্ট ক্লাছটো নকৰাকে কেনেকৈ যাওঁ।
মই বোলো বেগেত ঘৰলৈ ব’ল, মোৰ কিবা ভাল লগা নাই। মৰিম নেকি ঠিক নাই। কথা শুনি মাৰো অৱস্থা চাবলগীয়া৷

উপায় নাপায় এইবাৰ মেডিচিনৰ ডাক্তৰৰ ওচৰলৈ গ’লোঁ। ডাক্তৰে চাই ক’লে “টেম্পেৰেছাৰ দেখোন নৰ্মেল! ক’তনো জ্বৰ উঠিছে তোমাৰ?” মই বোলো মোৰ জ্বৰটো অকল মইহে ফিল কৰিব পাৰোঁ। থায়ৰয়দ, হিম’গ্লবিন, গ্লুক’জকে আদি কৰি এগালমান টে’ষ্ট দিলে। ৰিপ’ৰ্ট নিদিয়ালৈকে দিনটো লেবতে বহি থাকিলোঁ। সন্ধ্যা ৰিপ’ৰ্ট লৈ আকৌ গ’লোঁ, সব নৰ্মেল৷ পেৰাছেটামল আৰু এলাৰ্জীৰ টেবলেট কেইটামান দি পঠিয়াই দিলে।

ইফালে মোৰ চিন্তাত অৱস্থা নাই! দৰব খালেও জ্বৰ জ্বৰ লাগিয়েই থাকে। ঘৰৰ মানুহৰ নিৰ্লিপ্ততাত ভিতৰি ভিতৰি সাংঘাটিক খং এটা উঠি আছে। মই হে জানো! বেয়া বেয়া চিন্তাবোৰেই দেখোন মনলৈ আহে। এশ চাৰিলৈ দিনে চাৰি পাঁচ বাৰকৈ ফোন কৰিবলৈ ল’লোঁ। শেষলৈ একজিকিউটিভ কেইজনেও মোৰ মাত ধৰিব পাৰি ফোন কাটি দিয়া হ’ল৷

কি কৰিম কি নকৰিমকৈ আকৌ গ’লোঁ মেডিচিনৰ ডাক্তৰৰ ওচৰলৈ। এইবাৰ তেওঁ উপায় নাপাই মোক থাৰ্ম’মিটাৰ এডাল কিনি ছয় ঘণ্টাৰ মুৰে মুৰে টেম্পেৰেছাৰটো মনিটৰ কৰি দুদিনৰ পিছত লিষ্টখন লৈ আকৌ মাতিলে। থাৰ্ম’মিটাৰ কিনিলোঁ। ছয় ঘণ্টাৰ ঠাইত প্ৰত্যেক ঘণ্টাই ঘণ্টাই জুখিলোঁ। টেম্পেৰেছাৰ দেখোন সব সময়তে ছয়ত্ৰিশ সাতত্ৰিশ ডিগ্ৰী চেলচিয়াছৰ ভিতৰতে থাকে! মুঠতে সাংঘাটিক ডিপ্ৰেশ্যন! টেম্পেৰেছাৰ যদি নাই গাটো গৰম গৰম লাগে কিয়! ইফালে গুগলিং কৰি গম পাইছোঁ পাতলীয়া জ্বৰটো যদিও এটা বেমাৰ নহয়, ই বেলেগ বেমাৰৰ চিম্পটম হ’ব পাৰে। মুঠতে মই চিঅ’ৰ মোৰ যে ভিতৰি ভিতৰি সাংঘাটিক কিবা এটা হৈছে। মাহঁত নথকাৰ সুযোগত মনে মনে কান্দিও থকা হ’লোঁঁ৷ ওচৰৰ ডিচপেনছেৰীখনৰ ফাৰ্মাচিষ্টজন মাজে মাজে আমাৰ সেইফালে আহে ঘৰতে দুই এজন ৰুগী চাবলৈ। মই বোলো এইবাৰ এইজনকে মাতোঁ। ইমানবোৰ কৰিলোঁ যেতিয়া এইজনকনো কিয় বাদ দিওঁ। তেওঁ কি কয় চাই লওঁ। তাৰ পিছত হয় গুৱাহাটী নহয় ৰঙামাটী।

তেওঁ আহিল.. মোৰ গোটেইখিনি কথা এফালৰ পৰা শুনাৰ পিছত ক’লে তুমি ইউৰিনৰ টে’ষ্ট এটা কৰাই লোৱা। তাৰ পিছতহে মই ক’ম। যদি ৰিপ’ৰ্ট নৰ্মেল আহে তেন্তে চিন্তাৰ কোনো কাৰণ নাই। আৰু যদি নাহে এণ্টিবায়’টিক খালেই ভাল হ’ব। এইবাৰ অলপ তৎ পালোঁ। লগে লগেই গ’লোঁ টেষ্ট কৰাবলৈ। ৰিপ’ৰ্ট দুদিনৰ পিছত দিব। মই যে লগালগ দিয়া হ’লেহে ভাল পালোঁহেঁতেন। হ’লেও উপায় নাই! দুদিন ৰ’ব লগীয়া হ’ল। সেই দুদিন ভগৱানক যে কিমান প্ৰাৰ্থনা কৰিছোঁ ঠিক নাই। ইউৰিনতে ইনফেকশ্বন জাতীয় কিবা এটা ওলালেই হয়। মায়ে বোলে কি অমংগলীয়া ঔ তই! এইবোৰ কথানো কৈ থাকেনে। বেমাৰ নোলালেহে ভাল। মই বোলো তই কি বুজিবি। মইহে জানো!

শেষত যেনিবা ৰিপ’ৰ্ট ওলাল৷ ভগৱানেও কিজানি প্ৰাৰ্থনা শুনিলে। ইউৰিনৰে কিবা ইনফেকশ্বন ওলাল। ৰিপ’ৰ্ট দেখিয়েই মোৰ প্ৰায় আধা আধি বেমাৰ ভাল হৈ গ’ল। মনতে ভাবিলোঁ, এনেয়ে দাঁত এটা গ’ল! যিটোৰে আৰু চাৰি পাঁচ বছৰ আৰামচে কাম চলিলহেঁতেন৷ শেষত যেনিবা ভাল হ’লগৈ। নহ’লে যে আধামৰা হ’লোহেঁতেন টেনশ্যনতে৷ লগতে কাণত ধৰি শপত খালোঁ, যিমানেই যি নহওক লাগিলে, কেতিয়াও গুগলিং নকৰোঁ ঔ!

☆★☆★☆

One comment

  • মানসী বৰা

    সঁচাই ভাল বিলৈ দেই…পঢ়ি বিলৈখন দেখি গ’লোগে…

    Reply

Leave a Reply

Your email address will not be published.