ফটাঢোল

বিহুগীতত অসমীয়া জীৱন চিত্ৰণ – জীমণি গগৈ

বিহুটি আদৰৰ বিহুটি সাদৰৰ
বিহুটি অসমৰ ধন
এনুৱা বিহুটি এৰিব লাগিলে
নৰ’ব অসমৰ মান।

বিহু অসমীয়া জাতীয় উৎসৱ, আনন্দৰ উৎসৱ। অসমীয়াৰ মনৰ, প্ৰাণৰ, হেঁপাহৰ, আদৰৰ উৎসৱ বিহুৰ লগত বিহুগীতৰ অঙ্গাংগী সম্বন্ধ। বিহুগীত কেৱল অসমীয়া লোকসাহিত্যৰ ভঁৰালৰ মূল্যবান সম্পদেই নহয়, অসমৰ লোকজীৱনৰো অবিচ্ছেদ্য অংগ। বিহুগীতৰ ভিতৰত হুঁচৰিগীত আৰু বনগীত দুয়োবিধে পৰে। হুঁচৰি গীতবোৰ নিৰ্দোষ ধেমালিৰে ভৰা; আশীৰ্বাদসূচক গহীন ভাবৰ গীত। গৃহস্থৰ চোতালত থিয় হৈ হুঁচৰি গাওঁতে দিয়া আশীৰ্বাদত অসমীয়া মানুহৰ আন্তৰিকতা বিহুগীতৰ মাজেৰে প্ৰকাশ পায় এনেদৰে –

এটা বাটিত নহৰু এটা বাটিত পনৰু
এটা বাটিত খুতৰা শাক;
মূৰৰ চুলি চিঙি আশীৰ্বাদ কৰিছোঁ
গৃহস্থ কুশলে থাক ।

আনহাতে বনগীতবোৰ যৌৱনৰ গীত, পিৰীতিৰ গীত। এই গীতবোৰ সাধাৰণতে বিহুতলীত, মুকলি পথাৰ অথবা নিৰ্জন ঠাইত একগোট হৈ গোৱাৰ নিয়ম আছিল বাবেই ইয়াৰ অন্যানাম বনঘোষা বা প্রণয়াত্মক গীত। পিৰীতিৰ আৱেগত উথলি উঠা মনৰ গোপন কথাবোৰ নিজান পৰিবেশৰ সুবিধা লৈ কিদৰে হিয়া উবুৰিয়াই কৈ দিব খোজে সেয়া গীতৰ মাজেদিয়েই প্ৰকাশ পায় –

চৰাই হৈ চৰিমগৈ ছঅ’ৰা পুখুৰীত
লাও হৈ লাগিমগৈ চালত;
মাখিৰূপে ধৰি চুমা খাই আহিমগৈ
তোমাৰ কুমলীয়া গালত।

বিহুগীত অসমীয়া জাতীয় জীৱনৰ অমূল্য সম্পদ। অসমৰ জন-জীৱনৰ, অসমীয়া মানুহৰ আশা-নিৰাশা, প্ৰেম-অভিমান, আনন্দ বিষাদ, পোৱা-নোপোৱাৰ অকৃত্ৰিম চিত্ৰৰ প্ৰকাশ পাইছে বিহুগীতৰ মাজেৰে। অসমীয়া সমাজ জীৱনৰ এৰাব নোৱাৰা সম্পদ তাঁতশাল, বিবাহ, ঘৰ-গৃহস্থালি, কৃষি, অসমীয়া নাৰীৰ সৌন্দৰ্য, প্ৰকৃতি আদিৰ সামগ্ৰিক ছবি এখন বিহুগীতৰ মাজেৰে ফুটি উঠিছে। এই লেখাটিত তাৰে দুটিমান দিশ আলোচনালৈ অনা হ’ব।

বিহুগীত আৰু তাঁতশাল

অসমীয়া সমাজৰ দাপোনস্বৰূপ বিহুগীতত অসমীয়াৰ প্ৰাণৰ সম্পদ তাঁতশালখনৰ চিত্ৰ সুন্দৰকৈ প্ৰকাশ পাইছে। যৌৱনৰ সপোন ৰছা তাঁতশালখনৰ সৈতে অসমীয়া জীয়ৰী-বোৱাৰীৰ সম্পৰ্ক অতি নিবিড়। তাঁতশালৰ লগত জড়িত হৈ আছে জীৱন যৌৱনৰ হৃদয় উদ্ধেলিত কৰা মনোৰম আৱেগ। অসমীয়া তিৰোতা স্বভাৱ শিপিনী। একালত অসমীয়া জীয়ৰী-বোৱাৰীয়ে ৰাতিটোৰ ভিতৰতে ‘ছাঁতে শুকুৱা,মুঠিতে লুকুৱা’ বৈ দিয়া কৱচ কাপোৰ লৈ অসমীয়া ৰণুৱা ৰণলৈ গৈছিল। ৰাতিৰ ভিতৰতে সূতা কাটি কাপোৰ বোৱাৰ কথা বিহুগীতটো পোৱা যায় –

সান্দহ খুন্দি দিয়া খাওঁ প্ৰাণেশ্বৰী
চিৰা খুন্দি দিয়া খাওঁ
ৰাতিৰ ভিতৰতে কাপোৰ বৈ দিয়া
বঙাল মাৰিবলৈ যাওঁ।

বিহুৱান অসমীয়া সমাজৰ এক সন্মানীয় বস্ত্ৰ। ৰাতি দুপৰলৈ সূতলাহী বাটি অসমীয়া শিপিনীয়ে অশেষ হেঁপাহেৰে বিহুৱান বৈ উলিয়ায়। বছৰেকৰ বিহুৰ দিনা জ্যেষ্ঠজনক বিহুৱান এখন দিয়াটো অসমীয়া সমাজৰ এক পৰম্পৰা। সেইদৰে বিহুৰ দিনা ঘৰলৈ হুঁচৰি এযোৰা আহিলে গুৱা-পাণ যোৰৰ লগত শালেকটা বিহুৱান এখন দি ৰাইজৰ আশীৰ্বাদ লোৱাটোও এক প্ৰচলিত প্ৰথা। কিন্তু ঘৰতে শিপিনী থাকিও যদি বিহুৱান এখন দিব নোৱাৰে সেয়া শিপিনী গৰাকীৰ বাবে অতিশয় লাজৰ কথা। বিহুগীতত আছে –

হাতে মেলি মেলি বলা ঐ আইদেউ
ভৰি মেলি মেলি বলা;
বছৰেকৰ বিহুতে ৰাইজক নিদিলা
কালৈ সামৰি থ’লা।

অসমীয়া মানুহৰ শালে-কটা চুৰিয়া, চাদৰ,চেলেং, তিৰোতাৰ ৰিহা-মেখেলা, গুণা-কটা খনীয়া কাপোৰ আদিৰ উল্লেখো বিহুগীতত পোৱা পোৱা যায় –

ত’তে দেখিলোঁ এতেকে চিনিলোঁ
মোৰ ধনৰ এযুৰি ভৰি
শালেকটা চুৰিয়া গুণাকটা পাগুৰি
আহেনো তিৰেবিৰে কৰি।

অতীজতে বৰঘৰ শুৱনি গাভৰু ছোৱালীজনী উলিয়াই দিওঁতে যৌতুকত তাঁতশালখন দিবলগীয়া হৈছিল যদিও সময়ৰ পৰিৱৰ্তনৰ লগেলগে তাঁতশালৰ ব্যৱহাৰ কমি আহিল। সেয়ে হ’লেও অসমীয়া সমাজত তাঁতশালত বোৱা কাপোৰৰ মৰ্যাদা আজিও অটুট আছে।

বিহুগীত আৰু বিবাহ

বিবাহ মানৱ সমাজৰ প্ৰাণময় উৎসৱ। কৃষিজীৱী অসমীয়া গ্ৰাম্য সমাজত যিকোনো ঘৰতে বিয়া নহওক লাগে ল’ৰাৰ পৰা বুঢ়ালৈকে সকলোৱে মিলি-জুলি কামত হাত উজান দিয়ে। সাধাৰণতে ল’ৰালৈ ছোৱালী বা ছোৱালীলৈ ল’ৰা মাক-দেউতাকে খোজা-বঢ়া কৰে যদিও কেতিয়াবা আকৌ বিহুৱা ডেকাই ঘৰৰ অমতত বিহুত মনে মিলা গাভৰুক পলুৱাই নিয়াৰো সপোন দেখে –

জাতি বাঁহৰ গগনা বনাই থৈছোঁ তোমালে
বিহুতে বজাবলৈ দিম;
এইবাৰ ব’হাগতে বাপেৰাই নিদিলে
বাটত ধৰি পলুৱাই নিম।

অসমীয়া সমাজত বিয়া-বাৰুৰ ক্ষেত্ৰত জাত-কুল বিচৰাৰ কথাও আছে। অৱশ্যে ডেকা-গাভৰুৰ মিলনত যে জাত -কুলে বাধাৰ সৃষ্টি কৰিব নোৱাৰে সেই কথাও বিহুগীতত পোৱা যায় –

তোমালৈ চাওঁতে জপনা দেওতে
বিন্ধিলে অঘৈয়া হুলে;
তোমাৰ মনে খালে মোৰো মনে খালে
কি কৰিব অজাতি কুলে।

কানীয়া বা সতিনী থকা লোকলৈ বিয়া সোমাবলৈ অসমীয়া গাভৰুৰ সদায়ে আপত্তি। কানীয়া মানুহেৰে সংসাৰ কৰিলে কি অৱস্থা হয় সেই কথা বিহুগীতৰ মাজেৰে প্ৰকাশ পাইছে –

কানীয়ালৈ নাযাবি কানি দিব লাগিব
বাটি দিব লাগিব মাজি;
কানি তিতা মাৰোঁতে পিঠা দিব লাগিব
তাকো দিব লাগিব ভাঁজি।

সেইদৰে সতিনী থকা মানুহলৈ গ’লে কি গতি হ’ব সেইকথা জানে বাবেই অসমীয়া জীয়ৰীয়ে তেনে লোকলৈ যোৱাতকৈ ঘৰতে কটনা কাটি থাকিব –

গুচি যাওঁ গুচি যাওঁ পাঞ্চৈ নাৱত উঠি যাওঁ
কত মাৰে কিলে খাওঁ;
সতিনী লগালৈ যাবকে সলনি
কটনা কাটিয়ে খাওঁ।

বিহুগীত আৰু ঘৰ গৃহস্থালি

বিহুগীতৰ মাজেৰে অসমীয়াৰ গৃহস্থালিৰ চিত্ৰখনো সুন্দৰকৈ ফুটি উঠিছে। অসমীয়া মানুহৰ ঘৰত বৰঘৰ,মাৰল ঘৰ, চ’ৰা ঘৰ,ৰান্ধনি ঘৰ, গোসাঁই ঘৰ, ভঁৰাল ঘৰ, গোহালি ঘৰ আদি সুকীয়া সুকীয়াকৈ থাকে। ইয়াৰ জৰিয়তে অসমীয়াৰ আচাৰ ৰীতি,সমাজ ব্যৱস্থা আৰু জীৱন-যাপনৰ চিত্ৰখন অতি পৰিষ্কাৰকৈ প্ৰকাশ পায়। অসমীয়া মানুহৰ ঘৰ সজা পদ্ধতি, ঘৰত ব্যৱহাৰ কৰা মাৰলি, কামী, ফুল-চটি আদিৰ বহুল প্ৰয়োগ বিহুগীতত পোৱা যায়। অসমীয়া সমাজত কাঁহৰ কাঁহী-বাটিত খোৱা-লোৱা কৰে। লোটা-ঘটিৰে মুখ-হাত ধুৱে –

ভাতে খাওঁ বুলি গ’লো ভিতৰলৈ
হাততে লোটাটি লৈ ;

ভূঁই ৰোৱা, ধান দোৱা, মৰণা মৰা, গৰু-ম’হ চৰুৱা,মাছ ধৰা,খৰি লুৰা আদি অসমীয়া সমাজৰ পৰিচিত ছবি বিহুগীত প্ৰকাশ পাইছে এনেদৰে –
মুঠি মুঠি কৰি কঠিয়া তুলিবা
গুছি গুছি কৰি ৰুৱা;
——
পথাৰে পথাৰে বিচাৰি ফুৰিলোঁ
ক’তে দাই আছিলা ধান।
অসমীয়া মানুহৰ ঘৰৰ চাৰিওকাষে তামোল-পাণ, আম-কঁঠালকে আদি কৰি বিবিধ ফলমূলে শুৱনি কৰি ৰাখে –

আগবাৰী শুৱনি কাকিনি তামোল ঐ
পাছবাৰী শুৱনি পাণ;

সেইদৰে গোলাপ তগৰ জবা আদি ফুলে ঘৰৰ আগফাল জাতিষ্কাৰ কৰি ৰাখে –
চোতালৰ আগতে জবাফুল ফুলিলে
তিতাফুল ফুলিলে ঢাপত।

বিহুগীত আৰু কৃষি

কৃষিজীৱী অসমীয়াৰ পথাৰৰ লগত সম্পৰ্ক অতি নিবিড়। আহাৰ মাহ সোমোৱাৰ লগে লগে খেতিয়কে পথাৰত হাল কোৰ মাৰি সৃষ্টিৰ সপোন ৰচে। আহিনৰ পৰশত পথাৰ সেউজীয়া হয়, কৃষিজীৱী অসমীয়াৰ মন প্ৰাণ আশাৰে, হেঁপাহেৰে উপচি পৰে। আঘোণৰ বতৰত দাৱনীৰ হাতৰ মুঠিত সোণগুটি আহি ভঁৰালত সোমায়। ধান দাই থকা ৰূপহী গাভৰু জনীৰ চেনেহত আতুৰ সুঠাম ডেকাটিৰ মনৰ কথা বিহুগীতত প্ৰকাশ পাইছে এনেকৈ –

বহলকৈ পথাৰত ধানে দাই আছিলা
মুঠি বান্ধিছিলা আঁটি;
তোমাৰে চেনেহত পৰি ঐ লাহৰী
দেহাকো কৰিলোঁ মাটি।

কৃষিজীৱী অসমীয়াৰ প্ৰধান আহাৰ ভাত।বিহুগীতত জহা,বৰা, শালি, আমনা, মাগুৰি আদি বিবিধ ধান চাউলৰ নাম উল্লেখ আছে –

খাইনো খাই আমনি নেলাগে লাহৰী
জহাকৈ চাউলৰ ভাত;
জহা চাউলৰ ভাতৰ দৰেই মাগুৰি চাউলৰ ভাতৰো আছে সুকীয়া সোৱাদ। সেই সোৱাদ মুখত লওঁতেই প্ৰেমাস্পদলৈ মনত পৰে –
ভাতৰ কাঁহী আগত লৈ তোলৈ মনত পৰে
মাগুৰি ধানৰে ভাত;
পদূলি মুখতে সুহুৰি মাৰিলোঁ
ওলাই নলগালি মাত।

অসমীয়া মানুহে ধানৰ পৰা বিভিন্ন জা-জলপান তৈয়াৰ কৰে। বকুল বৰা ধানৰ চিৰা খুন্দি ,পিঠা বনাই নিজেও খায় আনকো খুৱাই তৃপ্তি লাভ কৰে। ধনলৈ বুলি জা-জলপান , পিঠা-পনা সাচোঁতে সাচোঁতে কেতিয়াবা পিঠাগুৰি পৰুৱাই খায়। গাখীৰ মোলান পৰে,সোন্দাকল মৰহি যায় –

ধনলৈ বুলি খুন্দো পিঠাগুৰি
পৰুৱা পিপৰাই খায়;
চাব দিয়া গাখীৰত মোলান পৰিলে
সোন্দাকল মৰহি যায়।

তথাপিও মনৰ হেঁপাহেৰে হুৰুম,সান্দহ, চিৰা,পিঠা-পনা তৈয়াৰ কৰে। সময়ত ধন নাহিলে সেইখিনি মুখৰ আগত লৈ কান্দে –

হুৰুম সান্দহ চিৰা কৰাই দুৱা ভজা
টেকেলিত মলঙিল দৈ
তিল ঘিলা সুতুলি চুঙা-পিঠা লুথুৰী
কান্দো মই আগতে লৈ। – এনেদৰেই বিহুগীতৰ মাজেৰে কৃষিৰ লগতে অসমীয়া ডেকা-গাভৰুৰ প্ৰেমৰ এখনি মধুৰ চিত্ৰও উজ্জ্বলি উঠিছে। এনেদৰে দেখা যায় বিহুগীত অসমীয়া সমাজৰ দাপোন স্বৰূপ। ইয়াত প্ৰতিফলিত হয় অসমীয়া জাতিৰ জীৱনৰ ইতিহাস। সেয়েহে অসমীয়াৰ হিয়াৰ আমঠু বিহুগীতৰ মাজেৰে প্ৰকাশ পোৱা অসমীয়া জন-জীৱনৰ প্ৰতিচ্ছবিৰ লগতে ইয়াৰ সাহিত্যিক সৌন্দৰ্যইও বিহুগীতসমূহক অধিক মোহনীয়া কৰি ৰাখিছে। সেইবাবেই বিহুগীতে অসমীয়া মানুহৰ মন চিৰদিন চিৰকাল মোহিত কৰি ৰাখিব।।।

সহায়ক গ্ৰন্থ ঃ
১/ লীলা গগৈ ঃ বিহুগীত আৰু বনঘোষা , বনলতা,ডিব্ৰুগড়
২/ ইছমাইল হুছেইন ঃ বিহুনামৰ জুৰুলি, বনলতা,গুৱাহাটী
৩/ অমৰেন্দ্ৰ গগৈ ঃ বিহুনামৰ বৰপেৰা, আঁক-বাক, গুৱাহাটী।

☆★☆★☆

2 Comments

Leave a Reply

Your email address will not be published.