ফটাঢোল

*বিহুত বিহগুটিৰ বেবেৰিবাং কাহিনী* – দিগন্ত বৰা

১)
মোৰ মনৰ নিজান নিভৃত কোণত মাঘ বিহুৰ উৰুকাৰ মধুময় স্মৃতি কিছুমান এতিয়াও সজীৱ হৈ আছে৷
সৰুৰেপৰাই মাঘ বিহু আহিলে গা সাত আঠখন হৈ পৰে৷ অৱশ্যে মাঘ বিহুটোতকৈ উৰুকাৰ নিশাটোহে আমাৰ বাবে প্ৰিয় আছিল৷ মাঘ বিহুৰ মেজিৰ কেঁচা বাঁহ পোৰা এটা সুকীয়া গোন্ধ আছে যিটো আজিও নাকত লাগিলে সুৰসুৰকৈ অনুভূতি এখিনিয়ে আহি ভাকুতকুটাই দিয়েহি৷

প্ৰতি বছৰে এই বিশেষ দিনটোলৈ বৰ আগ্ৰহেৰে বাট চাই থাকো৷ ৩১ ডিচেম্বৰৰপৰা কাউণ্ট ডাউন আৰম্ভ হয়৷ পুহৰ হাড় কঁপোৱা ঠাণ্ডা আৰু ঘন কুঁৱলিৰ আচ্ছাদনখিনিৰ মৃত্যু ঘণ্টা বজাই প্ৰতি বছৰে মাঘ বিহু এই সময়তে আহে৷ মাঘ বিহুৰ জলপান, ৰঙাআলু, মোৱাআলুৰ স্বাদখিনিতকৈও অধিক স্বাদ আছে উৰুকাৰ মচিব নোৱাৰা স্মৃতিখিনিত!

তেনে এটা উৰুকাৰ ৰসাল নিশাৰ ঘটনা এইয়া৷ মাঘ বিহুৰ উৰুকাত কোন গাৱঁত চুৰ নহয়! আমাৰ গাৱঁতো হয়৷ কেৱল চুৰেই নহয় অনান্য বহুতো নহ’বলগীয়া কাম ঘটি যায় সেইদিনা৷ মুঠতে আসুৰিক আৱেগ এখিনিয়ে সেই নিশা আমাক ক’ৰপৰা ক’লৈ লৈ যায় আমি নিজেই নাজানো৷

পুৱতি নিশা তেতিয়া৷ হঠাৎ ওচৰৰ এঘৰৰপৰা কান্দোনৰ ৰোল ভাহি আহিল৷ মায়ে এপাচি পিঠা বনাই ইপাচিৰো আধাটো পূৰা কৰি বাৰীৰ লাগনী গছবোৰ বান্ধিবলৈ সাজু হৈছিল তেতিয়া৷ হুলস্থূল শুনি আমাৰ সকলোকে বিচনাৰপৰা উঠাই মায়ে এনেকুৱা হুলস্থূল লগাই দিলে যে কোলাহলৰ উৎসৰ পম খেদি খেদি আমি গৈ য’ত উপস্থিত হ’লোগৈ, সেইটো হ’ল আমাৰ গাৱঁৰ ‘আদিৰাম বৰদেউতা’ৰ ঘৰ! তেখেতৰ চোতালত তেতিয়া বহুত মানুহ৷ হুৰমূৰকৈ গৈ বাটত ৰৈ থকা এজনক বোলো : “কি হৈছে?”
তেখেতে বোলে : “আদিৰাম বৰদেউতা শোৱা পাটীৰপৰা নাইকিয়া হ’ল৷”
মই বোলো : “কেনেকৈ?”
তেখেতে বোলে : “জেওৰা জপনা ৰখিবৰ বাবে বাৰাণ্ডাত শুই আছিল, তাৰপৰাই নোহোৱা হ’ল৷”
ইতিমধ্যে চোতালত মানুহ নধৰা হ’লহি৷ তাৰোপৰি হাবিয়ে বনে গাৱঁৰ সকলো আদিৰাম বৰদেউতাক বিচাৰি পিয়াপি দি ফুৰিছে৷ জয়াল বুলি জনাজাত পুৰণি বাৰীতো জোৰ লৈ লৈ মানুহ সোমাই পৰিছে৷

তেনে এটা সমদলৰ মাজত চামিল হওঁ বুলি হাবিলৈ বুলি খোজ লওঁতেই মোৰ জেকেটটোত ধৰি কোনোবাই টনা যেন ভাৱ হোৱাত “আই ঐ বৌ, মৰিলো ঐ” বুলি চিঞৰি দিলো৷ আন্ধাৰত তেতিয়া সেই ছায়ামুৰ্ত্তিটোৱে মোক আগতকৈও জোৰেৰে ধৰি নিচিঞৰিবলৈ সতৰ্ক কৰি দিলে৷ মোৰ বুকুৰ ধপধপনিয়ে ঢেঁকীয়ে ধান বনোৱাৰ ৰূপ ল’বলৈ ধৰিলে৷ শিল পৰা কপৌৰ দৰে মই থৰ লাগিলো৷ ছায়ামুৰ্ত্তিটোৱে মোক চিঞৰিব নোৱাৰাকৈ মুখখনত সোপা দি ঔ এজোপাৰ তললৈ চোচৰাই লৈ গ’ল৷ তাৰপাছত মোৰ কাণত মুখখন দি সুধিলে : “আদিৰাম কাইটিক ক’ত লুকুৱাই থৈছ উলিয়াই দে৷”
মাতষাৰ কিবা চিনাকি চিনাকি লাগিল৷

অলপ পৰ ৰৈ মই বোলো : “দেৱেন দাইটি! আপুনি!”
গলহেকাৰি এটা মাৰি দেৱেন দাইটিয়ে বোলে : “মই সকলো আমাৰ নাৰিকলজোপাৰ তলত জুপুকা মাৰি বহি চাই আছিলোঁ৷ হেৰৌ, তহঁতৰ বাপেৰৰ লগৰ বাপেৰকনো এনেকুৱা কৰিব লাগেনে!”
মই বোলো : “ইমান অধৰ্মী কথা কিয় কৈছে আপুনি? নামঘৰৰ আসনলৈ চাই ময়েই
এই কাম কৰিছোঁ বুলি ক’ব পাৰিব?”
অকণো ইতস্ততঃবোধ নকৰাকৈ দেৱেন দাইটিয়ে বোলে : “কিয় নোৱাৰিম? ব’লা, নামঘৰলৈ৷”
অজান ভয় এটাত মোৰ গাটো কঁপি উঠিল৷ মনতে ভাবিলো : “এইবাৰহে এইবাৰ!”
দেৱেন দাইটিৰ লগত ফেৰ মাৰি লাভ নাই৷ নেদাখাকৈ ইমান দৃঢ়তাৰে কথাখিনি
ক’ব নোৱাৰে! তেখেতৰ ওচৰত দোষ স্বীকাৰ নকৰিলে গত্যন্তৰ নাই আজি৷ লাহে লাহে দেৱেন দাইটিক গোটেই কাহিনীটো বৰ্ণনা কৰি গ’লো৷
দাইটিয়ে বোলে : “মই বাৰু কথাটো গোপনে ৰাখিম৷ কিন্তু মানুহটোক ক’ত থলি সেই কথাটো ক৷”

মই বোলো : “মনজিতহঁতৰ ভঁৰালত শুৱাই থৈ আহিছোঁ৷”
দেৱেন দাইটিয়ে বোলে : “বুদ্ধি এটা সাজি মই তালৈকে যাওঁ তেন্তে৷ তহঁতক চিনি পালে নেকি তেখেতে?”

মই বোলো : “টোপনিত গমেই নাপালে তেখেতে৷ ভঁৰালৰ ভিতৰত সুমুৱাওঁতেও আমি পাঁচোটাই আথেবেথে দাঙিহে ভৰাইছোঁ৷”
দুনাই এনে কাম নকৰিবলৈ কেবাবাৰো শপত খুৱাই দেৱেন দাইটি আন্ধাৰত লুকাই পৰিল৷
পাছদিনা গাৱঁত এনেকৈ কথাটো প্ৰচাৰ হৈছিল যে আদিৰাম বৰদেউতাক হেনো বুঢ়া ডাঙৰীয়াইহে লুকুৱাই থৈছিল৷ হি হি হি।

২)
মুঠতে মাঘ বিহুৰ উৰুকা মানে এসাগৰ জমনিৰ সমাহাৰ৷ উৰুকাৰ নিশাটো যিমান ভাল লাগে বিহুৰ দিনা কিন্তু সিমান ভাল নালাগে৷ সঁচা কথা ক’বলৈ গ’লে সেইদিনা জলকা লাগি থাকোতেই যায়৷

আৰু এবাৰৰ কথা৷ আমাৰ গাৱঁত সত্ৰ এখনি আছে৷ তাত দহ বাৰ ঘৰমান গোঁসাই মানুহ আছে৷
মাঘ বিহুৰ দিনা পুৱাই পুৱাই সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু আমাৰ ঘৰ পালেহি৷ দেউতাই সসন্মানে বহিবলৈ দি পুৱাই আগমনৰ উদ্দেশ্য সোধাত তেখেতে বোলে : “কালি ৰাতি বাৰাণ্ডাত গোটাই থোৱা ডাঙৰিখিনি নি চোতালখনতে কোনোবাই মৰণাটো পেলাই থৈ গ’ল বুজিছা৷ বছৰেকৰ বিহুৰ দিনা মানুহক এনেকুৱা জঞ্জাল দিব লাগেনে বাৰু! ইপিনে ৰাজধানীৰপৰা পো বোৱাৰীও আহি পায়হিয়ে লাগে! বিহুৰ দিনা চোতালত খেচেং মেচেং ডাঙৰিবোৰ দেখিলে তাহাঁতৰ কেনেকুৱা লাগিব বাৰু! পুৱাৰপৰা সেইটোকে চিন্তা কৰি গৰু দুহাল বিচাৰি ঘৰে ঘৰে ঘূৰি ফুৰিছোঁ৷”

লগে লগে দেউতাই ৰুদ্ৰ মূৰ্তি ধাৰণ কৰি ক’লে:”আপুনি প্ৰভু নামঘৰত তেল শলিতা এগছি জ্বলাই দিয়ক ৰাতিলৈ৷ নেদেখাজনে চাব সিহঁতক৷ ইমান দিন হ’ল, এনেকুৱা কথা ক’তো শুনা নাছিলোঁ৷ জহনিত যোৱাহঁতে মৰণাটো নেপেলাই যদি বাৰীৰ জেওৰা জপনাখিনিও উঠাই লৈ গ’লহেতেন তেতিয়াও ক’বলৈ একো নাছিল৷ আপুনি এটা কামকে কৰক৷ মালৌৰ বৰভেটীলৈ চাকি আগবঢ়াই দিয়ক৷ তেজ বমি কৰি মৰিব সিহঁত৷”
সত্ৰাধিকাৰ প্ৰভুৱে তেতিয়া মোলায়েম হাঁহি এটা মাৰি ক’লে : “যি এই কৰ্ম কৰিছে, তেওঁলোকোতো তোমাৰ মোৰ সন্তানেই৷ অপকাৰ কিদৰে চিন্তো সিহঁতৰ?”

বেৰখনৰ পিঠিত মূৰ থৈ দেউতা আৰু সত্ৰাধিকাৰ প্ৰভুৰ কথোপকথন আগৰপৰাই শুনি আছিলো৷ কেতিয়ানো মা সংগোপনে সোমাই আহি মোৰ কাণখনত কাণচেপা দিলেহি গমেই নাপালোঁ৷
মই বোলো : “কিয় ধৰিছা এনেদৰে?”
মায়ে বোলে : “তোৰ বাদে এই কাম দ্বিতীয় এটাই কৰিব নোৱাৰে৷”
মই বোলো : “তোমাৰ শপত মা।”
মোৰ হাতখন নিজৰ মূৰলৈ টানি মায়ে বোলে : “মোৰ মূৰত হাতখন থৈ নাইকৰা বুলি ক৷”
সেইদিনাও মই হাৰি গৈছিলো৷ এনে কাম আৰু দুনাই নকৰো বুলি কাণত ধৰিছিলোঁ৷
আচলতে মই সেইদিনা কাণত নধৰি কান্ধতহে ধৰিছিলোঁ চাগে! নতুবা পাছৰ বছৰৰ উৰুকাৰ নিশা নিম্নোলিখিত ভুলটো নকৰিলোহেঁতেন চাগে!
স্থান, কাল, পাত্ৰ অলপ বেলেগ৷ উৰুকাৰ নিশা মানুহ মতলীয়া হয়৷ মতলীয়া হ’লে মাতলামি বাঢ়ি যায়৷ তেনেতে যদি সংগদোষৰ লগ্নৰ মিলন ঘটে,
তেতিয়াই অকৰ্ম সংঘটিত হয়৷ মোৰো তেনে হ’ল৷ গাৱঁৰে মানিক কাইটিৰ বাৰাণ্ডাত ওলমি থকা ফুলৰ টাবকেইটালৈ আঙুলিয়াই এটাই বোলে
: “টাবকেইটাত যি হাগি থৈ আগৰ দৰে ওলোমাই থৈ আহিব পাৰিব, তাক কাইলৈৰপৰা আমাৰ টীমটোৰ অধিনায়ক পতা হ’ব৷”
মই ৰৈয়েই নাথাকিলো৷ এনেয়েও টেনডেন্সি এটা আছিলেই৷ গতিকে তিনিটা টাবত তিনিভাগ এৰি মই পুনৰ আগৰ দৰে টাবকেইটা ওলোমাই থৈ আহিছিলো সেইদিনা৷

সামৰণি:

এনেকুৱা বহুত কাহিনী আছে, যি মোৰ মাঘ বিহুৰ অনুভৱৰ ভৰাঁল টনকিয়াল কৰি ৰাখিছে৷ উৰুকাৰ সেই নিশা কাৰোবাৰ গোহালিৰ গাখীৰতী গাইজনীৰ বান্ধি থোৱা পোৱালিটো মুকলি কৰি দিয়া, ৰান্ধনীঘৰত পিঠা ভৰ্তি পাচিটো চুৰ কৰি লুকুৱাই থোৱা, এঘৰৰ ঢেকীটো, নাঙলটো, মৈখন অথবা বাৰাণ্ডাত থকা পুৰণি আৰামী বেঞ্চখন আনি আন এঘৰত থৈ পাছদিনা পোৱা আনন্দখিনি আপুনি আসুৰিক আনন্দ বুলি অভিহিত কৰিলেও মোৰ একো আপত্তি নাই৷ কিন্তু আমাৰ দিনৰ আনন্দখিনি এনেকুৱাই আছিল৷ আজিৰ দৰে মদ ভাং খাই মাতাল হোৱা নাছিলোঁ আমি৷ আমি আনন্দ কৰিছিলো৷ সেই আনন্দই কাৰোবাৰ ক্ষন্তেকীয়া ক্ষতি কৰিলেও আজিকালিৰ দৰে ধন জনৰ ক্ষতি কৰা নাছিল৷ মুঠতে বুকু ডাঠ কৰি ক’ব পাৰো যে তেতিয়াৰ উৰুকাৰ আনন্দখিনি প্ৰাকৃতিক আছিল৷

☆★☆★☆

2 Comments

  • বঢ়িয়া লাগিল ।
    “উৰুকাৰ নিশাটো যিমান ভাল লাগে বিহুৰ দিনা কিন্তু সিমান ভাল নালাগে৷” – সঁচা কথা ।
    ইঘৰৰ বাৰন্দাৰ বেঞ্চ নি সিঘৰৰ বাৰান্দাত থৈ অহা কামটো আমিও কৰি পাইছো !

    Reply
  • Dolly Talukdar

    হি হি হি । হাঁহি হাঁহি পেটৰ বিষ উঠি গ’ল । টাব কিটা কি হ’ল বা ?

    Reply

Leave a Reply

Your email address will not be published.