ফটাঢোল

বিহুৰ ফিটা কাটা – ড° ঘনশ্যাম ডেকা

কলেজত পঢ়ি থকাৰে কথা৷ গাঁৱৰে মহাজনে বিহুত টকা এহেজাৰ দিলে আৰু ক’লে বিহুৰ ফিটা মইহে কাটিম৷ আমি ল’ৰা মখাই হয়ভৰ দিওঁ৷ টকা হেজাৰ শ্মশানৰ কাষৰ বানেশ্বৰৰ পঁজাত পাৰ্টি কৰি উৰুৱাই দিলোঁ টিলিকতে৷ বিহুৰ দিনা সন্ধিয়া যেতিয়া বিহু ফাংছন উদ্বোধনী হ’বৰ হয় তেতিয়াহে লেঠা লাগিল৷ মহাজনৰ বাবে ৰঙা ফিটা অনাই নহ’ল৷ এইফালে তেলীয়া সাৰেং যেন হৈ মহাজন আহি মঞ্চৰ প্ৰথম শাৰীতে বহি আছিল৷

আমি প্ৰথমবাৰৰ বাবে বিহু পাতিছিলোঁ৷ বিহু মানে কোনো ইচপিচেল আৰ্টিষ্ট নাই৷ আমাৰ গাঁৱৰে শিল্পী, আৰু আমাৰ গাঁৱৰে দৰ্শক৷ আমি নিমিত্ত মাত্ৰ আছিলোঁ৷ বিজুৱে কাণৰ কাষত ক’লে,
: এটা চুপাৰ্ব আইদিয়া পাইছোঁ৷

মই বোলো,
: কি?

সি বোলে,
: চাই যা৷

মঞ্চৰ আঁৰকাপোৰ তৰি থোৱা আছিল৷ তাত গৈ অবাক৷ সমুদ্ৰৰ দোকানৰ চাহ দিয়া প্লেটখনত আলিৰ টেইলৰিঙৰ কেঁচিখন লৈ নয়ন ৰৈ আছে৷ দুটা ল’ৰাই ৰঙা ফিটা এডাল ধৰি ৰৈ আছে৷ মই হতবাক৷
: বোলো পালি ক’ত?

বিজুৱে ক’লে,
: বোলে ঢোলত মেৰিয়াই থোৱা পুৰণি গামোছাখনৰ পৰাই ৰঙা ফিটা বনালোঁ৷

মই বোলো,
: কেনেকৈ?

বিজুৱে ক’লে বোলে,
: চিম্পল৷ আলিৰ তাত গামোচাখন কাটি ফিটা চিলালোঁ৷ পিছত তাক সেন্দুৰ সানি ৰঙা কৰিলোঁ৷

মোৰ ডিঙি শুকাইছিল যদিও অলপ সান্তনাও পাইছিলোঁ৷ হওক তেওঁ৷ ৰঙা ফিটা এৰেঞ্জ হৈ গ’ল৷ আচলতে ৰঙা ফিটা চ’কৰ এখন দোকানতো পোৱা নগ’ল৷ গাঁৱৰ দোকান৷ টাউনলৈও বহুদূৰ হয়৷ তাতে কথাটো মনত পৰিছে ঘোষণাৰ পিছতহে৷ গতিকে…

মই বোলো,
: আঁৰকাপোৰ আঁতৰাই মহাজনক মাত৷

আথেবেথে মানুহজন উঠি আহিল মঞ্চলৈ৷ ফিটা কাটিলে৷ বিহু উদ্বোধন কৰি ভাষণ দিবলৈ ধৰিলে৷ পিচে তাতেই লাগিল কেনা৷ মহাজনে ভাষণৰ মাজতে কপালৰ ঘাম এবাৰ কি দুবাৰ মচিলে৷ তাৰ পিছতে দৰ্শকে কিৰিলি পাৰিবলৈ ধৰিলে৷ আগফালে খেৰ পাৰি বহা আইসকলৰ গিৰ্জনিত মহাজনে গম পালে কিবা এটা হ’ল বুলি৷ খপজপকৈ ভাষণ সামৰি মানুহজন মঞ্চৰ পিছফালে আহিল৷ তেতিয়াহে তেওঁ কপালৰপৰা পৰা সেন্দুৰ বৰণীয়া ঘাম সৰি পাটৰ পাঞ্জাৱীত পৰা মন কৰিলে৷ গামোছাৰে কপালখন মচি ক’লে,

: বোলো কটা নিধকহঁত অহাবাৰ বিহু মাৰিবলৈ যাবিচোন মোৰ চোতালত৷ তহঁতকে থালিৰ তলৰ কাজলেৰে যদি ৰঙাব নোৱাৰোঁ ময়ো আমুক মহাজন নহয়৷

তেতিয়াৰ পৰা আজিলৈকে বিহু কমিটিতো নাই আৰু ৰঙাফিটাৰ অনুষ্ঠানো কৰা হোৱা নাই৷ পিচে মহাজন খুড়াক হঠাৎ লগ পালে এতিয়াও তেওঁৰ সেন্দুৰীয়া কপালৰ কথাটোৱে বৰ আমনি দিয়ে৷

☆★☆★☆

One comment

Leave a Reply

Your email address will not be published.