ফটাঢোল

বিহু আৰু সাঁজ -পঞ্চী প্ৰিয়া দাস

চাওঁতে চাওঁতে মাঘ বিহু গৈয়ো ব’হাগ বিহু পাবহিৰে হ’ল। জীৱনত প্ৰথমবাৰৰ বাবে দুয়োটা বিহুতে ঘৰৰপৰা দূৰৈত থাকিবলগীয়া হৈছে। পিঠা পনা তেনেকৈ বিশেষ বনাব নাজানো যদিও মামীক সহায় কৰিও দেখোন খুব ভাল লাগে। নাৰিকলৰ লাড়ুকেইটা বনাও বাৰু যেনে তেনে। হাত পুৰিব বুলি তিল পিঠা বনাবলৈ ভয় লাগে। কিন্তু এইবোৰ নিয়ম চলাই থকাৰো মুদা মৰিল। বিয়া য’লৈ হ’লো তাততো ঠেকুৱাহে বনাই। কিন্তু যিয়েই নহওক, ঘৰত থাকিলে বিহুৰ সময়ত মোক কোনেও ধৰি ৰাখিব নোৱাৰে। বিহু শেষ নোহোৱালৈকে মই ঘৰতেই থাকো।

বিহু বুলিলেই আমাৰ ঘৰত পিঠা পনাৰ লগতে আৰু এবিধ বস্তুও খুব চলে। সেয়া হ’ল সাঁজপানী। কাৰণ মামাহঁত আহোম সম্প্ৰদায়ৰ মানুহ। এনাইৰ গাঁৱলৈ গ’লেতো কথাই নাই, পাকঘৰটোৱেই ঘাটি। এনেকুৱা লটিঘটিৰে ভৰা বহু ঘটনাৰ সন্মুখীন হৈছোঁ। তাৰে ভিতৰত কলেজীয়া দিনৰ ঘটনা এটাৰ বিষয়ে ক’ব বিচাৰিছোঁ।

সেইবাৰ বিহুত গাঁৱলৈ যোৱা নাছিলো। কলেজৰ গৰমৰ বন্ধত গৈছিলো, তিনিচুকীয়াতে থকা আমাৰ আপাদেউহঁতৰ লগত। গৰমৰ দিন। সাঁজ অনবৰতে থাকেই। লগতে থাকে গাহৰি মাংস, লোকেল কুকুৰা, আকৌ হাঁহ-কোমোৰা। মই গ’লে দদৌহঁতে বৰ ভাল পায়। কাৰণ মই বৰকৈ গাঁৱলৈ যাবলৈ নেপাওঁ। এনাইহঁতেও খুব মৰম কৰে। দিনটো ইফালে সিফালে আলহী খাই ফুৰোতে সময়বোৰ কেনেকৈ পাৰ হৈ যায় গমকে নাপাওঁ। গধূলি হ’লে খেল জমিবলৈ ধৰে। সাঁজৰ মেল বহে। বোৱাৰীয়েক (আপাদেউ)হঁত বেলেগকৈ ৰুমত, এনাই দদৌহঁত পাকঘৰত বহে। আপাহঁতে মোকো লগতে বহাই লয়। এদিন মোক ক’লে টেষ্ট কৰ। মইও একাপ খালো। কি সোৱাদ! টেঙা মিঠা। লগত আকৌ লোকেল কুকুৰাৰ মাংস। মই আৰু একাপ খাই দিলোঁ। এইদৰে চাৰি কাপমান খাই দিয়াৰ পিছত ডাঙৰ এনাইয়ে ভাত খাবলৈ মাতিলে। (গাঁৱত আমাৰ ডাঙৰ ককাজনৰ পাকঘৰ বেলেগ, ঘৰ একেটাই। জইণ্ট ফেমিলি) কিন্তু মোৰ নিচা ধৰাৰ কাৰণে মই খোজ কাঢ়ি যাব পৰা নাই। আপাদেউহঁতে সদায় খাই থাকে কাৰণে তেওঁলোকৰ অভ্যাস আছে, গতিকে তেওঁলোকৰ ওপৰত বিশেষ প্ৰভাৱ পৰা নাই। মই কিন্তু চকুৰে জলক তবক দেখিবলৈ ধৰিলো। আগফালে বাৰাণ্ডাখনেদি বেৰত ধৰি ধৰি যেনে তেনে পাকঘৰ পালোগৈ। ভাত দিছে কেইটামান, দেখিছোঁ পাহাৰখনৰ দৰে ওখ। মই চিঞৰিলোঁ -“ঐ এনাই, ইমানগাল ভাত মই খাব নোৱাৰো নহয়। কমকৈ দিয়ক।”

এনায়ে বুজিলে যে সাঁজ খোৱা পিছত নিচা ধৰিলে মোৰ। বোৱাৰীয়েকহঁতকে পাৰিছে গালি উধাই মুধাই। মোকো বকিছে। “পাখৰি এইবোৰ নোখোৱা বস্তু কেলেই খাইছিলি? দেখিছ এতিয়া কি অৱস্থা!”

মোৰ ইপিনে নিচাত হাঁহি উঠিছে। সব বস্তু ওখ চাপৰ দেখিছোঁ। মই খিক খিককে হাঁহিও আছোঁ। তেতিয়া আপাদেউ আহি মোক নেমু এডোখৰ নিমখ লগাই খাবলৈ দিলে। মইও খাই দিলো লগে লগে। অলপ পিছতে দৌৰ মাৰি টিউবেলৰ পাৰত হলহলাই বমি কৰি দিলো। গোটেইসোপা ওলাই গ’ল। তাৰপিছত অলপ সময় বহি যেনে তেনে ভাতকেইটা খাই শুই থাকিলো। কিন্তু ৰাতিপুৱা যেতিয়া উঠিলো মূৰৰ বিষত তত পোৱা নাছিলো। জীৱনত কেতিয়াও চাহ নোখোৱা মই সেইদিনা তিনি কাপমান লাল চাহ খাই দিছিলো, মূৰৰ বিষ কমক বুলি। সেইটো গাঁৱৰ ঘটনা গাঁৱতে থাকিল। আপাদেউহঁতক আমাৰ ঘৰত নক’বলৈ কৈছিলো মাৰ খোৱাৰ ভয়ত।

ইয়াৰ পিছত আকৌ এবাৰ হ’ল মোৰ লগত এনেকুৱা। এইটো পিছে সৌ সিদিনাৰ ঘটনাহে। যোৱাবছৰৰ (২০১৮ চনৰ আমাৰ কোৰ্ট মেৰেজৰ পিছৰ কথা) মাঘ বিহুৰ সময়ৰ। মামাহঁতৰ ঘৰৰ ওচৰৰ প্ৰায় ন ঘৰমান মানুহ লগ লাগি ভোজ খোৱাৰ প্লেন বনালে। মইও তাতে আছিলো, (এতিয়া মাহঁতো তাতে থাকে, মই ডেৰাডুনলৈ গুচি অহাৰ পিছত) আমি আকৌ উৎসৱ পাৰ্বন কিবা হ’লেই তিনিওটা ভাই-ভনী মামাৰ ঘৰলৈ দৌৰ মাৰো। মা মন গ’লে আহে, নহ’লে মাছ -মাংস আনি দি থৈয়ে ভাইটি গুচি আহে মামাৰ ঘৰলৈ। সেইদিনাও তেনেকুৱাই হ’ল। আমাৰ মামাই আকৌ কিবা প্ৰগ্ৰেম থাকিলে মোৰপৰা সৰু দৰব এটা আশা কৰে (সোমৰস)। সেইদিনাও ক’লে বোলে -“আজি লোকেলটো তই যোগাৰ কৰিব লাগিব।”

মই বোলো – “কি লোকেল?”

সাঁজ অনােৱাবি বুলি ক’লে। এওঁ সেইকেইদিন ছুটীত আছিলেগৈ। মইনো ক’ৰপৰা সাঁজ আনিম! এওঁকে ক’লোঁ বোলো ক’ত পাই সাঁজ আনি দিবা অ’ ইহঁতক। এওঁ ভাইটিক স্কুটিত লৈ লাইপুলি আৰ্মী কেম্পৰ ওচৰৰপৰা আনিলেগৈ গেলন এটাত এক গেলন। গধূলিলৈ সাজু কৰিবলৈয়ো ওচৰৰ মামী, বৌহঁত আহি পালেহি। মইও অলপ অচৰপ সহায় কৰি দিলো। তাৰপিছত মামাই কোৱাত এপাকত ভাইটিয়ে সাঁজৰ গেলনটো উলিয়াই নিলে। সকলোৱে খোৱা দেখি মোৰো অলপ সোৱাদ ল’বলৈ মন গ’ল। মামাই গালি পাৰিব বুলি হাত লগোৱা নাই পিছে। অলপ পিছতে মামীয়ে মোলৈ গ্লাছ এটা আগবঢ়াই দিলত লওঁ নলওঁকৈ ল’লো। পুৰণি গাঁৱৰ শিক্ষাটো মনত আছে যদিও এদিনহে খাম বুলি অকণমান ল’লো। (এওঁক সুধি লৈছোঁ পিছে) দুই ঘোটমান খোৱাৰ পিছত দেখোন টেঙা টেঙাহে লাগিলে। গাঁৱত খোৱাখিনিতো মিঠা মিঠা আছিল। তথাপি খৰিকাত দিয়া গাহৰিৰ লগত মই খাই পেলালো গোটেইখিনি। অলপ পিছতে নিচা হ’বলৈ ধৰিলে। ভোজৰ যোগাৰ যিহেতু পিছফালে বাৰীত হৈছিল, মই বাৰে বাৰে পাকঘৰৰপৰা ইটো সিটো অনা নিয়া কৰিব লগা হ’ল। ভণ্টীয়ে এইবোৰ ভুলতো নকৰে। অকল খাবৰ সময়তহে দেখো তাইক। আগৰচোৱা সময় সমনীয়াৰ লগত ব্যস্ত থাকে তাই। ভাইটি মেজি সজাত ব্যস্ত ভিনীহিয়েকৰ লগত। তাৰপাছত মোৰ নিচা লাহে লাহে বেছি হ’বলৈ ধৰিলে। পিছফালে পুখুৰী পাৰেদি ভিতৰলৈ ওলাওঁতে সোমাওঁতে পৰি যাম নিচিনা লাগে। চিৰিয়েদি ভিতৰলৈ যাওঁতে খেপিয়াই খেপিয়াই ওলাইছোঁ সোমাইছোঁ। এবাৰত মামীয়ে দেখিলে। মোৰ অৱস্থা দেখি তেওঁ খুব হাঁহিলে। মইও হাঁহিলো। মোক জোকাবলৈ বুলি মামীয়ে এওঁক মাতি আনিলে। এওঁ আহি মোৰ অৱস্থা দেখি হাঁহিলে। কিন্তু তেওঁ বুজিলে যে মোৰ বেছি নিচা হ’লে ৰাতিলৈ দিগদাৰ হ’ব। মোক নি ড্ৰয়িং ৰুমৰ চোফাখনতে বহুৱাই দিলেগৈ। ময়ো নিচাতে কুচি মুচি বহি ল’লো বেৰৰ কিনাৰলৈ গৈ। এওঁ পাকঘৰৰপৰা নেমু পানী আনি খুৱালে অকণমান, শেষৰখিনি খাবলৈ লওঁতেই এওঁৰ গাতে বমি কৰি দিলো। এওঁ একেবাৰে – “ইচ এইজনীয়ে মোৰ কাপোৰ শেষ কৰিলে” বুলি তাতে কাপোৰ জোকাৰিলে, মই ইপিনে বমি কৰিয়েই আছোঁ। অলপ পিছত এওঁ গৈ ঘৰ মোছা বাল্টি, কাপোৰ আনি সেইবোৰ চাফা কৰিলে। মোৰ মুখ ধুৱালে। ধৰি নি বিছনাত মামাৰ ল’ৰাটোৰ লগতে শুৱাই দিলেগৈ। মোৰ ভোজ খোৱা নহ’ল। একেবাৰে পিছদিনা ৰাতিপুৱাহে সাৰ পালো। খৰখেদাকৈ গা ধুই উঠিয়েই মেজিত সেৱা কৰিলোগৈ। ইপিনে ৰাতি ভাত নোখোৱাৰ কাৰণে মোৰ ভোক লাগিছে, কিন্তু ককাহঁতে জলপান খোৱাৰ আগত একো খাবলৈও নেপাওঁ। অলপ পিছতে সকলোৱে মেজিৰ গুৰিতে বাহিৰত জলপান খোৱা আৰম্ভ কৰিলে, মই জলপান বেছিকৈ খাব নোৱাৰো। গতিকে ভিতৰলৈ গৈ চৰু কেৰাহী দাঙি যি যি পালোঁ প্লেট এখনত লৈ ভিতৰৰ ৰুমত সোমাই খাই ল’লোগৈ। সেইদিনা মামাৰ জন্মদিন আছিল। দিনত আকৌ ভোজ আছিল একেটা ৰভাতে। মই সেইদিনা কাকো একো কামত সহায় কৰিব নোৱাৰিলো। দিনটো ঢলং পলং লাগি থাকিল গাটো। কাণত ধৰিলো, আজিৰপৰা এইবোৰ কেতিয়াও নাখাওঁ। এতিয়া এওঁ কেতিয়াবা পাৰ্টি থাকিলে অকণমান খাই আহিলেও মই তেওঁক বেৰৰ ফালে মুখ কৰি শুবলৈ কওঁ। গোন্ধ পালেই বমি হয় আজিকালি।

এইয়া মোৰ লটিঘটিহে দেই। মই কিন্তু মদাহী নহয়। কোনেও যেন মোক ভুল নুবুজে।

☆★☆★☆

3 Comments

  • ৰিণ্টু

    বুজিছো তুমি মদাহী নহয়।

    ভাল লাগিল পঢ়ি

    Reply
  • কাবেৰী মহন্ত

    দুটা ভাল শিক্ষা হল দেই ৷ ভালেই হল গম পালা ন ?

    Reply
  • সৌৰভ শৰ্মা

    ধেই। চাৰবটল ভোদকা। কাম মেৰা ৰোজ কা। তামাম লটিঘটি দেখোন। ভাল লাগিল।

    Reply

Leave a Reply

Your email address will not be published.