ফটাঢোল

বিড়ম্বনা – সুনীল দত্ত

ঘৰৰপৰা চাই চিতি বিয়াখন পতা বাবে হ’বলগীয়া কইনাগৰাকীৰ লগত সকলোৰে উপস্থিতিত দুবাৰ মুখামুখি হোৱাৰ বাদে বিয়াৰ আগত ভালকৈ কথা পতাই নহ’ল। যিমানেই বিয়াৰ তাৰিখটো ওচৰ চাপিল সিমানেই প্ৰেমত হাবুডুবু খাই ছোৱালী এগৰাকী পলুৱাই অনাই ভাল আছিল বুলি মনত এটা ভাব আহি থাকিল। নাহিবইবা কিয়? মই মানুহটো অলপ হিচাপী। হিচাপী মানে টকা সিকাৰ ক্ষেত্ৰত লগাতকৈ বেছিয়েই হিচাপী। সেইবাবে বিয়াৰ যা যোগাৰ কৰোতে জমা টকাৰ বুজন অংশ এটা খৰচ হওঁতে মনত আক্ষেপ হোৱাতো স্বাভাৱিক। পৰিয়ালৰ আটাইবোৰ সদস্যই বিয়াৰ নামত টকা খৰচ কৰা পৰ্বটোত মোৰ অনিচ্ছা স্বত্বেও জোৰ জুলুমকৈয়ে অৰিহণা যোগালে। জোৰোণত পাটৰ কাপোৰ এযোৰৰ লগত খাৰু এযোৰ, চেইন এডাল আৰু আঙঠি এটা দি নিয়মটো ৰক্ষা কৰাৰ কথা উনুকিয়াইছিলোহে, ঘৰৰ আটাইবোৰ জাঙুৰ খাই উঠিল – “হেৰৌ, বিয়া জীৱনত এবাৰহে পাতিবি, তাতেই কইনাজনীক বস্তুকেইপদ দিওঁতে তোৰ কিহৰ কৃপণালি? তই দিয়া বস্তুচোন কইনাৰ লগত তোৰ ঘৰলৈকে আহিব! এইখিনি বস্তুৰে আমি জোৰোণ দিবলৈ নাযাওঁ, তই নিজেই অকলে গৈ জোৰোণ দি আহিবি।” কি কৰিম আৰু? উপায় নোপোৱাত তিনিযোৰ পাটৰ কাপোৰ, দুতোলা সোণৰ চেইন এডাল, খাৰু দুযোৰ, আঙুঠি তিনিটা আৰু কাণফুলি এযোৰৰ ভৰণি হ’ল। ঘৰৰ মানুহৰ ওন্দোলা মুখবোৰ চাব নোৱাৰোঁ। সেইবাবে ধুমধামকৈয়েই বিয়াখন পাতিবলৈ ওলালোঁ।

টকা সিকাৰ ক্ষেত্ৰত হিচাপী হ’লেও নিজে খোৱা বোৱা আৰু মানুহক খুওৱাৰ ক্ষেত্ৰত মোৰ কৃপণালি নাই। মিঠাইৰ ক্ষেত্ৰত মোক লুভীয়া বুলিয়েই ক’ব পাৰে। একে বহাতে গণি গণি দহটা ৰসগোল্লা নাখালে মিঠাই খোৱা যেনেই নালাগে। বাকীবোৰ বস্তুৰ ক্ষেত্ৰতো ঠিক তেনেকুৱাই। ৰাতিপুৱা অফিচলৈ যোৱাৰ আগতে ডাঙৰ চামুচেৰে দুচামুচ ঘিউ বা ক্ৰীম আৰু আলু পিটিকাৰে একাঁহী ক’লী জহা চাউলৰ ভাত মোকোৰা মোকোৰে খাওঁ। ৰাতিপুৱা মই কেতিয়াও আঞ্জাৰে ভাত নাখাওঁ। এনেকৈ ভাত খায়েই ভাল পাওঁ। দিনত অফিচৰ কেণ্টিনতে ইটো সিটোৰে পেট ভৰাই গধূলি ঘৰলৈ আহিয়েই চাৰিটা সিজোৱা কণী খাই গাটো ধুই লৈ ওচৰৰে দোকানলৈ আড্ডা দিবলৈ ওলাই যাওঁ। সোমবাৰে ঘৰত থকা শিৱভক্তবোৰৰ বাবে ৰাতি চকু কাণ মুদি নিৰামিষ খাবলগীয়া হয়। বাকী কেইদিন কাঁহৰ হাতীখুজীয়া বাতিৰে এবাটি পঠাৰ মাংস বা মাছৰ ডাঙৰ পেটি দুটুকুৰাৰে ভাতসাজ খাই বিচনালৈ যোৱা পৰ্বটো বহু বছৰ চলিয়েই আছে। সেইবাবে বিয়াখনত ৰাইজক খুওৱাৰ ক্ষেত্ৰত অকণো কাৰ্পণ্য নকৰিলোঁ। ৰাতিপুৱাৰপৰাই দূৰণিবটীয়া আলহীখিনিয়ে বাঘমাৰাৰপৰা অনা ম’হৰ এঠা লগা দৈ, ঘৰৰে কোমল চাউল, হাউলীৰপৰা অনা প্ৰকাণ্ড ৰসগোল্লা আৰু ডুমুনীৰপৰা অনা জুলীয়া গুৰেৰে জলপান কৰি থাকিল। কেঁৰাহিকৈ জলপানৰ বাটিবোৰৰ পিনে চাই দুবাৰমান সেপ ঢুকিলোঁ। বিয়া বুলি পানীৰ বাহিৰে ৰাতিপুৱাৰপৰা পেটলৈ একোৱেই যোৱা নাই। পৰা হ’লে থাউকতে দুবাটিমান জলপান গিলিলোহেঁতেন। সঁচাকৈ বিয়া চিয়া নপতাই ভাল, পেটৰ অসুখ হৈ থাকিলেও দকচি খাই থকা মানুহটোৱে বিয়া বুলি লোভনীয় খাদ্য সম্ভাৰবোৰ চাই থাকোতেই গৈছে। নিজকে চিৰিয়াখানাৰ পিঞ্জৰাৰ ভিতৰত থকা ভোকাতুৰ বাঘ যেন অনুভৱ হ’ল। দুপৰীয়াও ৰাইজে জহা চাউলৰ ভাত, থুপথুপীয়া বুটৰ দাইল, মগু মচুৰ আৰু ৰহৰৰ সানমিহলি দাইল, শুকানকৈ ভজা ৰংপুৰীয়া আলু, বেঙেনা ভজা, মাছৰ মূৰেৰে ৰন্ধা পানীলাউৰ খাৰ, ৰঙালাউ আৰু কোমোৰাৰ গুটিৰে ৰন্ধা ভকুৱা মাছ, তেলৰ চামনি পৰা খাহীৰ মাংসৰ জোলেৰে ভাতসাজ খাই যেতিয়া মোৰ কাষত দীঘলকৈ উগাৰ মাৰি খানা বৰ ভাল হৈছে বুলি ক’বলৈ ধৰিলে সকলোৰে আগত হাওহাওকৈ কান্দি দিবলৈ মন গ’ল।

যি কি নহওক, সুকলমে দিনৰ কাৰ্য্যসূচীখিনি পাৰ হৈ গ’ল। গধূলিও পিছফালৰ খোৱা বোৱা কৰা পেণ্ডেলৰপৰা ভাঁহি অহা ডালডাত ভজা লুচিৰ গোন্ধে দুবাৰমান পেটটোত পাক মাৰি ধৰিলে। দাঁত মুখ কৰচি কিবাকৈ সংযত হৈ থাকিলোঁ। মানুহবোৰক মিচিকিয়া হাঁহিৰে মাতবোল লগাই থাকিলো যদিও ভিতৰি ভিতৰি একেবাৰে ভাগি পৰিলোঁ। কোন পাষণ্ডই এই বিয়াৰ নিয়মটো উলিয়াইছিলনো? ময়েই খৰচ কৰি অতসোপা মানুহক খুৱাম আৰু ময়েই এপদ বস্তু চেলেকি চাবও নোৱাৰোঁ। যিয়ে এনেকুৱা নিষ্ঠুৰ নিয়মবোৰ উলিয়াইছিল, সি যদিও স্বৰ্গত আছে, তাৰপৰা চিধাই যাতে নৰকলৈ যায়। বাহিৰৰ দেশবোৰতে ভাল। দৰা কইনায়ো ৰাইজৰ লগত দকচি খোৱা চিনেমাত দেখিছোঁ নহয়। হে ভগৱান, আকৌ যদি মনুষ্য জনম লভিব লাগে তেন্তে ক’ৰবাত বিলাতী চাহাবৰ পো হৈ যাতে জনম লভো। কিবা দুৰ্বিপাকত যদিহে এই অসম মুলুকতে আকৌ উপজিবলগীয়া হয়, তেন্তে যাতে বিয়াৰ বিড়ম্বনা নোভোগাকৈ ক’ৰবাৰ ছোৱালী এজনীয়েই পলুৱাই আনি ঘৰ সুমুৱাব পাৰোঁ।

অৱশেষত ৰাতি কইনাঘৰলৈ যাত্ৰা কৰাৰ লগ্ন উপস্থিত হ’ল। ৰাইজৰ হৰিধ্বনিৰ মাজতে মা, দেউতা, বৰদেউতা, বৰমা, খুৰা, খুৰী সকলোকে সেৱা কৰি কইনা আনিবলৈ ওলালোঁ। মা আৰু বৰমাই হঠাৎ মোৰ হাতত ধৰি অলপ দূৰলৈ টানি লৈ গ’ল। বেলেগে নুশুনাকৈ অনুচ্ছ স্বৰেৰে দুয়ো ক’বলৈ ধৰিলে- “বাবা, কথা এটা কওঁ, নুশুনাকৈ নাথাকিবি কিন্তু। দিনটোতো কষ্টৰে পাৰ কৰিলিয়েই। এতিয়া আজি ৰাতিটো কিবাকৈ পাৰ কৰ। তোৰ সখিয়েৰৰ হাতত তিওৱা বুট আৰু মগু অলপ দি পঠাইছোঁ। বিয়া শেষ হোৱাৰ পিছত যেতিয়া কইনাক ভিতৰলৈ নিব তেতিয়া চোতালত বহিয়েই সেইখিনি খাবি। ভিতৰত জলপান খাবলৈতো দিবই, তই যদি খাবলৈ বৰকৈ মন কৰ তেন্তে দৈ আৰু চিৰা অকণ খাবি। মিঠাই চিঠাই নাখাবি কিন্তু। আমাৰ শপত দিছোঁ তোক।” মোৰ মেলা মুখখনলৈ চাই মাই বুজি পাই কথাষাৰ কোৱাৰ ভেদটো ভাঙিলে- “তই যে মিঠাইৰ নামত পাগল আমাৰ ঘৰৰ সকলোৱে জানিলেও সেইখন ঘৰৰ মানুহেতো নাজানে, আজি প্ৰথমদিনাই যদি নতুন জোঁৱায়েকে টপাটপে গোল্লা গিলে তেন্তে শাহুৱেৰাই বেলেগ মানুহৰ আগত লাজ পাব। মানুহবোৰেই ফিচিঙা ফিচিঙ কৰিব-খকুৱা জোঁৱাই বুলি। আজি এটা ৰাতিহে, কিবাকৈ পাৰ কৰি দিবি আৰু।”

বাছৰ সোঁফালৰ দুই নম্বৰ ছিটটোত সখিৰ কাষত বহি গৈ থাকোতে কথাটো দকৈ ভাবিবলৈ ধৰিলোঁ। মাহঁতে কোৱা কথাটো ঠিকেই কৈছে। পিছততো শহুৰৰ ঘৰলৈ গৈ থাকিমেই। তেতিয়াতো দকচি খামেই। আজি যিহেতু ইমানখিনি পাৰ কৰিলোৱেই এতিয়া ৰাতিটো পাৰ নহ’বনে? বিয়াৰ মাঙ্গলিক কামখিনি সমাধা হ’ল। কইনাক ভিতৰলৈ নিলে। সখিয়ে ষ্টিলৰ বাতিটোৰ ঢাকনি খুলিলে, এমুঠি দুমুঠিকৈ বাতিটোৰ বুট মগুখিনি শেষ কৰিলোঁ। লাহে লাহে চকু টানি নিবলৈ ধৰিলে। এজনীয়ে ভিতৰলৈ মাতিলে, সখিৰ লগত গ’লোঁ। চাউলৰ মাজত আঙঠি লুকুওৱা খেলটো খেলিলোঁ। তাৰপিছত মান ধৰা পৰ্ব্ব। একেবাৰে শহুৰৰ পেহীয়েকৰ ছোৱালীৰ ডাঙৰজন জোঁৱায়েকলৈকে মান ধৰা পৰ্ব্ব। মজিয়াই, বিচনাই লাং খাই পৰি থকা আত্মীয় কুটুম্ববোৰকো ঠেলি হেঁচুকি জগাই আনি মান ধৰালেহি। শেষলৈ আৰু আঁঠুৰ ওপৰত দেহৰ ভৰ ৰাখিব নোৱাৰাৰ উপক্ৰম হ’ল। শেষত যেনিবা এইফেৰা পৰ্ব্বৰ সামৰণি পৰিল। কইনাৰ পেহীয়েকে সখিৰ লগত মোক আথেবেথে পাকঘৰলৈ মাতি লৈ গ’ল। পাকঘৰটো কইনাঘৰীয়া তিৰোতাবোৰেৰে ভৰি আছে। মজিয়াতে দুখন পীৰা পাৰি দুয়োকে বহিবলৈ দিলে। কাঁহৰ বানকাঁহীত দৈ আৰু চিৰা সজাই আগত দিলেহি। সখিয়ে দৈ আৰু চিৰাৰ ওপৰত আক্ৰমণ আৰম্ভ কৰে মানে কইনাৰ সৰুজনী খুৰীয়েকে টেকেলি এটাৰপৰা ৰসগোল্লা উলিয়াবলৈ ধৰিলে। মই হাত আৰু মূৰ সমানে জোকাৰিবলৈ ধৰিলোঁ – “মই গোল্লা নাখাওঁ খুৰী। মোক নিদিব কিন্তু।” মোৰ কথাক আওকাণ কৰি মোৰ কাঁহীখনৰ পিনে খুৰীৰ হাত অগ্ৰসৰ হ’ল। হাঁহি এটা মাৰি তেখেতে ক’বলৈ ধৰিলে – “ইস! নাখাওঁ বুলি ক’লেই হ’ব নেকি? মোৰ ভাইটিটোৱে কালি কলকাতাৰপৰা তোমালৈকে অনা ৰসগোল্লা তুমি নাখালে কেনেকৈ হ’ব?” ৰাতিপুৱাৰপৰা ৰখা সংযমখিনি ভাঙি এটা ৰসগোল্লা মুখত দিলেই যে টেকেলিটোত থকা ৰসগোল্লাখিনি শেষ কৰিবলৈ মোৰ বেছি পৰ নালাগে সেইটো মই ভালকৈ জানোঁ। ইমানসোপা তিৰোতাৰ আগত নিজৰ সন্মান ৰক্ষাৰ বাবে আতঙ্কিত হৈ উঠিলোঁ- “নাই, নাই, নাই। মোক নিদিব, নিদিব। মই নাখাওঁ।” ওচৰতে থিয় হৈ থকা কইনাৰ মাহীয়েকজনীয়ে হাঁহি হাঁহি ক’বলৈ ধৰিলে – “জোঁৱাইৰ চাগে ডায়বেটিছ হৈছে। সেইবাবে ইমানকৈ নাখাওঁ নাখাওঁ কৰি আছে।” নিজৰ সন্মান ৰক্ষা কৰাৰ বাবে পশুপাত অস্ত্ৰপাট অৱশেষত বিচাৰি পালোঁ। পঢ়ি থাকোতে বহুবাৰ একাঙ্কিকা নাটকত অভিনয় কৰিছিলোঁ। তাৰেই অভিজ্ঞতা কামত লগাই মুখলৈ বিষাদৰ ভাৱ এটা আনি কৰুণ সুৰত থোকাথুকি মাতেৰে ক’বলৈ ধৰিলোঁ – “হয় দিয়ক। মোৰ ডায়েবেটিছ হৈছে। মিঠাই খোৱা একেবাৰে বন্ধ। নহ’লে জানো ইমান জোৰ কৰিব লাগে?” মোৰ কাঁহীৰ পিনে আগুৱাই অহা খুৰীয়েকৰ হাতখন আপোনা আপুনি কোঁচ খাই গ’ল। তিৰোতাবোৰৰ গুণগুণনিলৈ কাণ নিদি অকণমান দৈৰে চিৰা অলপ খাই বাহিৰলৈ ওলাইহে দীঘলকৈ উশাহ এটা ল’লোঁ।

অৱশেষত কইনাৰ সৈতে ঘৰৰ পদূলি গচকিলোঁ। তিনিদিন পিছত আঠমঙলা খাবলৈ গ’লোঁ। সকলোকে ভাতৰ লগত দৈ আৰু মিঠাই দিলে, মোক মিঠাই নিদিলে। মনে মনে ভালেই পালোঁ। আজিও বহুত মানুহ, ইমান মানুহৰ আগত দকচিব নোৱাৰি। সেইবাবে পেটত ভোকটো ৰাখিয়েই খোৱা মেজৰ পৰা উঠিলোঁ। ৰাতি ফুলশয্যা, পাটৰ চোলাটোত এসোপামান সুগন্ধি ঢালি দি শোৱনি কোঠাত সোমালোঁ। পাটৰ গুণাকৰা বগা মেখেলা চাদৰযোৰ পিন্ধি মানুহজনী বিচনাখনত বহি আছে। লগৰবোৰে ইতিমধ্যে বিয়াৰ আগতেই কথাবোৰ শিকাই বুজাই থৈ দিছেই। এতিয়া হিচাপমতে তেওঁ বিচনাৰপৰা নামি আহি মোক সেৱা কৰিব লাগে, তাৰপিছত মই বাহুত ধৰি উঠাই দিব লাগিব। পিছে তেওঁচোন নামি অহা নাই। মই অহা গম পোৱা নাই চাগে! ডাঙৰকৈ দুটামান গল হেকাৰণি মাৰিলোঁ। নাই, তেওঁ উঠি অহাৰ নাম গোন্ধেই নাই। নাহিল যেতিয়া নাই আৰু, বিচনাতে উঠি বাহু দুটাত ধৰোঁ বুলি বিচনাত উঠি বাহুত হাত থ’বলৈ পালোহে, মানুহজনীয়ে একেবাৰে ফেঁকুৰিবলৈ ধৰিলে। লগৰসোপালৈ খং উঠিল। ফুলশয্যাততো কইনাই কান্দে বুলি কোৱা নাছিল সিহঁতে, কান্দিলে কি কৰিব লাগিব সেইটোও কোৱা নাছিল। শেঙুণ ওলোৱা ভতিজাহঁতে কান্দিলে যেনেকৈ নিচুকাওঁ তেওঁকো তেনেকৈ নিচুকাবলৈ চেষ্টা কৰিলোঁ। এইবাৰ ফেঁকুৰি ফেঁকুৰিয়েই তেওঁ ক’বলৈ ধৰিলে – “আপোনাৰ ডায়বেটিছ বুলি কিয় কোৱা নাছিল আগতে? ইমান ডাঙৰ কথা এটা কিয় লুকুৱাই থৈছিল?” মই হোঁ হোঁকৈ হাঁহিবলৈ ধৰিলোঁ- “উৱা! সেইটো কথাতেইনো এনেকৈ কান্দিব লাগেনে? মই সেইদিনা মিছাকৈহে কৈছিলোঁ।” এইবাৰ ফেঁকুৰণি গৈ ফোঁচফোঁচনি হ’ল। তেওঁ ৰণচণ্ডী ৰূপ ধৰিলে-“ছিঃ। আপুনি ইমান মিছলীয়া। বিয়াৰ দৰে পৱিত্ৰ দিন এটাত মিছা কথা ক’বলৈ লাজ নালাগিল আপোনাৰ? সেইদিনাই যদি এনেকৈ মিছা মাতে, পিছত আৰু কি মিছা নামাতিব!” মই ভয়তে তাপ মাৰিলোঁ। মনতে ভাবিলোঁ যে মিছলীয়াৰ বদনামটো লৈ ৰণচণ্ডী ৰূপৰ সন্মুখীন হৈ থকাতকৈ ডায়বেটিছ হোৱা বুলি কৈ সহানুভূতি আৰু মৰম আদায় কৰি থকাই ভাল। আকৌ এবাৰ অতীতৰ অভিনয়ৰ অভিজ্ঞতা কামত লগাই উচুপি উচুপি ক’বলৈ ধৰিলোঁ- “বিয়াৰ আগদিনাহে গম পালো ডায়বেটিছ হোৱা বুলি। নহ’লে জানো কথাটো তোমাক নোকোৱাকৈ থাকোঁ? কি কৰিম আৰু, মোৰ কপালত চাগে এয়াই লিখা আছিল! তোমাৰ জীৱনটো চাগে ধ্বংস কৰিলোঁ মই। মোক ক্ষমা কৰি দিবা তুমি, যদিও তোমাৰ ওচৰত ক্ষমা খোজাৰ কোনো নৈতিক অধিকাৰ নাই মোৰ।” দৰৱে কাম দিলে। আৱেগত মোক গবা মাৰি ধৰি তেওঁ মোক সান্ত্বনা দিবলৈ ধৰিলে- “তেনেকৈ নক’ব প্লিজ। আপুনি মোৰ বাবে ভগৱান। সুখে দুখে আমি সদায় একেলগে বাট বুলিম। সকলো ঠিক হৈ যাব। চিন্তা নকৰিব।” কিবাকৈ হাঁহিটো চেঁপি ৰাখি মই তেওঁৰ কথাত হয়ভৰ দিলোঁ। পিছদিনা গধূলি অফিচৰপৰা আহি পাই দেখো যে তেওঁ বিচনাত শুই মনোযোগেৰে কিতাপ এখন পঢ়ি আছে। মোক দেখা পাই গিৰিসকৈ বিচনাৰ পৰা উঠি তেওঁ ক’বলৈ ধৰিলে- “হেৰি, এই ‘বহুমূত্ৰ ৰোগৰ পথ্য আৰু ঘৰুৱা চিকিৎসা’ নামৰ কিতাপখন বৰ ভাল দেই। বহু নজনা কথা জানিলো আজি। আজি পিণ্টুৰ হতুৱাই চাৰিআলিৰ কিতাপৰ দোকানৰ পৰা কিতাপখন আনিছিলোঁ।” মই হাঁহি এটা মাৰি তেওঁৰ কথাষাৰ শলাগি থৈ গা ধুবলৈ গ’লোঁ। মন কৰিলোঁ যে আজি ঘৰৰ পৰিৱেশটো গোমা। কোনেও মোক তেনেকৈ মাতবোল কৰা নাই। ভাতৰ মেজত কথাৰ আঁতটো গম পালোঁ। দেউতাই লাহে লাহে ক’লে-” তোৰ যে ডায়বেটিছ হৈছে আমাক কেলেই কোৱা নাছিলি?” ওচৰতে মূৰৰ ওৰণিখন টানি তেওঁ থিয় হৈ আছে। আগদিনা ৰাতিৰ কথাটো মনত পৰি আকৌ মিছা মাতিবলগীয়া হ’ল-” নাই, মানে ডায়বেটিছ আৰম্ভহে হৈছে। অলপ দৰৱ খালেই ঠিক হৈ যাব।” দেউতাই গৰজি উঠিল-“হুহ! কথা ক’বলৈ আহিছ? দৰৱ খাই কেইটাৰ ডায়বেটিছ ঠিক হোৱা দেখিছ? এলেহুৱাৰ দৰে বেলা এপৰলৈ শুবি। তহঁতৰ বেমাৰ নহৈ কাৰ হ’ব? কাইলৈৰপৰা ৰাতিপুৱাই খোজ কাঢ়িবলৈ যাবি। চেনি, আলু, ঘিউ, ক্ৰিম এইবোৰ কাইলৈৰপৰা বন্ধ।”

পিছদিনা ৰাতিপুৱাই টনা আঁজোৰত সাৰ পালোঁ। এওঁ জগাই দিছে, খোজ কাঢ়িবলৈ যাব লাগে। ঘঁড়ীটোলৈ চালোঁ, পাঁচ বাজিবলৈ এতিয়াও কুৰি মিনিট। অৱশ হৈ পৰা দেহটোৰে ছয় বজাত ঘৰ সোমাই বাৰাণ্ডাৰ চকীখনত বহিলোঁ। এওঁ চাগে মোৰ বাবেই ৰৈ আছিল, হাতত ষ্টিলৰ গিলাচ এটা লৈ ওলাই আহিল। প্ৰশ্নবোধক দৃষ্টিৰে তেওঁৰ পিনে চালোঁ। ” তিতাকেৰেলাৰ ৰস। ডায়েবেটিছৰ বাবে বৰ উপকাৰী পথ্য, কিতাপখনত আছে।” – তেওঁ গহীনাই মাত দিলে। কৰুণ দৃষ্টি এটাৰে এবাৰ গিলাচটোৰ পিনে আৰু এবাৰ তেওঁৰ পিনে চাই একেঘোঁটে ৰসখিনি খালোঁ। ডিঙিৰে পাৰ হৈ যাওঁতে তিতাকেৰেলাৰ ৰসখিনিয়ে মোক ভেঙুচালি কৰি গ’ল – “বেটা, এনেয়েতো আমাৰ ভাজিকণো নাখাৱ, এতিয়া কেনে মজা পাইছ?” মুখ হাত ধুই অহাৰ পিছত আটাইবোৰ চাহৰ মেজত বহিলহি। আটায়ে গাখীৰৰ চামনি পৰা চাহৰ সৈতে মালপোৱা খাবলৈ ধৰিলে। মই চেনি নিদিয়া গ্ৰীণ টিৰ সৈতে মেৰি বিস্কুট দুখন পাগুলিয়াবলৈ ধৰিলোঁ। উখোৱা চাউলৰ ভাতেৰে সৈতে পনীয়া দাইল, সিজোৱা পাচলি আৰু তিঁয়হ দুটুকুৰাৰে বিমৰ্ষ মনেৰে ভাতসাঁজ খাই অফিচলৈ ৰাওণা হ’লোঁ। আজিৰপৰাতো অফিচৰ কেণ্টিনতো পছন্দৰ বস্তু খোৱাৰ মুদা মৰিল। কাৰণ সৰু খুৰায়ো একেটা অফিচতে চাকৰি কৰে। অফিচত খাবলৈ ঘৰৰপৰাই টিফিন দি পঠিয়াইছে। ৰুটি এখন, স্কোৱাচ ভাজি অলপ, দৈ আৰু ফ্লাস্কত চেনি নিদিয়া ৰঙা চাহ। ৰাতি ভাতৰ মেজত বহি সকলোৱে সালৌপ সালৌপকৈ ভাত খাবলৈ ধৰিলে, আৰু মই ড্ৰইং ৰুমত বহি ওটছ এবাতি আৰু দাইলৰ পানী এবাতি খাই ৰাতিটো কেনেকৈ কটাম তাকেই ভাবি থাকিলোঁ।

লাহে লাহে আলহীবোৰৰ নিমন্ত্ৰণ ৰক্ষা কৰাৰ পাল পৰিবলৈ ধৰিলে। আমি আলহীৰ ঘৰ গৈ নাপাওঁতেই মই কি খাওঁ কি নাখাওঁ তাৰ তালিকা গৈ পায়। আলহীৰ ঘৰত মোৰ কাষত বহি এওঁ বিৰিয়াণি, পোলাও, জহা চাউলৰ ভাত, আলু ভাজি, খাহীৰ মাংস, মিঠাই খাই থাকে আৰু মই সেমেনা সেমেনিকৈ উখোৱা চাউলৰ ভাত, সিজোৱা পাচলি, সৰু মাছ, ৰিফাইন তেলত ৰন্ধা সৰু কুকুৰাৰ মঙহেৰে পেটৰ ভোকটো মাৰ নিয়াওঁ।
আজিকালি মোৰ পেণ্টবোৰ বহুত ঢিলা হ’ল। বহু দিনৰ মূৰত মোক দেখাসকলৰ কিছুমানে ডায়বেটিছ হৈছে নেকি বুলি সোধে। আন কিছুমানে জিমলৈ গৈ থকাৰ লগতে ডায়েটিং কৰি আছোঁ নেকি বুলি সোধে। এতিয়া মোৰ পেটৰ চিন মোকামেই নোহোৱা হ’ল। আজিকালি মই ভগৱানক সদায় কাকুতি কৰোঁ যে ঘৰৰ সকলো মানুহৰ লগতে সকলো আলহীৰে যাতে সোনকালে ডায়বেটিছ হয়। অইনৰ নহ’লেও আমাৰ এওঁৰ যাতে সোনকালে হয়।

☆★☆★☆

7 Comments

Leave a Reply

Your email address will not be published.