ফটাঢোল

বিয়া-সংবাদ – হীৰকজ্যোতি বৈশ্য

বিয়া বুলি ক’লে গা সাতখন-আঠখন লাগে৷ ভাইটি আৰু মোৰ সবাতোকৈ প্ৰিয় মাংসৰ মলমলীয়া গোন্ধ আৰু খাই উঠাৰ পিছত বিবাহপ্ৰাৰ্থীয়ে বটাত যছা গুৱামুৰিৰ সতেজ ছবিখন মনত ভাঁহি উঠে৷ বিয়ালৈ সচৰাচৰ আমি মাৰ লগত নাইবা দেউতাৰ লগত নাইবা মা, দেউতা দুয়োৰে লগত যাওঁ৷ কিন্তু সিদিনা মাৰ জ্বৰ আৰু দেউতাৰ ডিছেণ্ট্ৰি৷ আনফালে বিয়াখনলৈ নগ’লে নহয়৷
ভাইটি আৰু মই দেউতাক বিয়ালৈ যাবলৈ বাৰে বাৰে তাগিদা দি আছোঁ৷ কি কৰোঁ কি নকৰোঁ ভাবি দেউতাই শেষত সিদ্ধান্ত দিলে যে বিয়ালৈ ভাইটি আৰু মই যাব লাগিব…৷  ভাইটি আৰু মই!
দেউতাৰ সিদ্ধান্তটো আমাৰ মূৰত কঁঠাল পৰা দি পৰিল৷ আমি যে অকলে ক’লৈকো গৈ পোৱা নাই৷ তাতে আকৌ বিয়াৰ কথা! গৃহস্থক মাতিব লাগিব৷ তাতকৈ ডাঙৰ কথা কইনাজনীক উপহাৰ দিব লাগিব৷ বাপৰে…! আমি দুয়ো যে ইমান লাজকুৰীয়া৷ ঘৰলৈ আলহী-অতিথি আহিলে লুকাই থাকোঁ,  আত্মীয়ৰ ঘৰলৈ গ’লেও মাত-বোল নকৰোঁ মা-দেউতাই ধমক নিদিয়ালৈকে৷ তেনেস্থলত বিয়া এখনলৈ গৈ গৃহস্থক মাত দিয়া, কইনাক উপহাৰ দিয়া কিমান বেছি কঠিন কাম! ভাইটি আৰু মোৰ বুকুৱে ধান বানিব ধৰিলে৷
দেউতাক ক’লো, “বিয়ালৈ নাযাওঁ,  মন নাই”৷ দেউতাই বুজিলে যে আমি আমাৰ লাজৰ বাবে যাব খোজা নাই৷ আগতেও এনেকুৱা ঘটনা ঘটিছে৷ দেউতাই মোক ধমক দিলে আৰু উদাত্ত কণ্ঠে ঘোষণা কৰিলে, – “তহঁতৰ লাজ কেতিয়া ভাঙিব হাঁ? ক্লাছ চেভেন পালি তই,  মানুহক কেতিয়া মাতিবি?  যা বিয়ালৈ৷ অকন খুৰাহঁতক মাত লগাবি৷ আমাৰ অসুখ বাবে আহিব নোৱাৰিলোঁ বুলি ক’বি৷ মধু বায়েৰক মাত লগাবি৷ আৰু এয়া ল টকা পঞ্চাছটা৷ বায়েৰক দিবি উপহাৰ হিচাপে৷ ” -পঞ্চাছ টকাটো উলিয়াই দি দেউতা পায়খানালৈ বেগাই গ’ল৷
বুজিলোঁ যে বিয়ালৈ যোৱাৰ আৰু গত্যন্তৰ নাই৷ কিমান যে বেয়া লগা মুহূৰ্ত আছিল সেয়া৷ দেউতাক পৃথিৱীৰ কঠোৰতম মানুহ যেন লাগিছিল৷ আৰু মাৰো এনেবোৰ কথাত ক’বলগীয়া একোকে নাথাকে,  যিটো আৰু বেছি হৃদয়বিদাৰক কথা৷ বিমৰ্ষ মনে দুয়ো বিয়ালৈ ওলালোঁ৷

কাপোৰ পিন্ধাৰ, পাউদাৰ সনাৰ, ছেণ্ট লগোৱাৰ উৎসাহ নাই দুয়োৰে৷ মুখ গোমোঠা মাৰি যন্ত্ৰৱৎ কৰি গৈছোঁ সাজোন-কাচোন৷
খোজ কাঢ়ি গৈ আছোঁ৷ বিবাহস্থলীত কি হ’ব,  কেনেকৈ মানুহৰ মুখামুখি হ’ম তাকেই মনতে ভাবি গৈ আছোঁ মই,  কিজানি ভাইটিয়েও! হঠাৎ মনত আইডিয়া এটা আহিল আৰু লগে লগে ভাইটিক ক’লোঁ,  – “চা ভাইটি, আজি আৰু আমাৰ ভালকৈ বিয়া খোৱা নহ’ব৷ দেউতাই যিখিনি কাম কৰিবলৈ কৈ আমাক পঠিয়াইছে সেইখিনি কিবা উপায়ে কৰি অঁতাই ঘৰলৈ দৌৰ দিম৷ গতিকে কামখিনি আমাৰ দুয়োৰে মাজত ভগাই লোৱাটো ভাল হ’ব৷”
সি ভ্ৰূ কোঁচাই সোধে, – “কেনেকৈ? ”
মই ক’লোঁ, – “আমাৰ কাম দুটা৷ বিয়াঘৰৰ মানুহক মাত লগোৱা আৰু কইনাক উপহাৰ দিয়া…”
কথাখিনি শেষ নৌহওঁতেই সি টপৰাই মাত দিলে, – “মই কিন্তু কইনাক উপহাৰ দিব নোৱাৰোঁ, বহুত ছোৱালী থাকে কইনাৰ কাষত৷”
সৰ্বনাশ! যিটো কাম তাক দিব খুজিছিলোঁ সেইটো সি আগতেই নাকচ কৰি থ’লে৷ তথাপি মই চিনিঅ’ৰিটি দেখাই হ’লেও এই কামৰ পৰা হাত সাৰিব লাগিব৷
মই ক’লোঁ, -“মূৰ্খ তই! মানুহক ডাঙৰে মাত লগাব লাগে৷ মই মাতিম বিয়াঘৰৰ মানুহক৷ তই উপহাৰ দিবি কইনাক৷”
সি নামানে,  মই নেৰোঁ৷ বাক-বিতণ্ডাৰ অন্তত সিদ্ধান্ত হ’ল- মই অকন খুৰাক এবাৰ,  মাত্ৰ এবাৰ মাতিম আৰু ভাইটিয়ে উপহাৰটো মধু বাইদেউক যেনি-তেনি দিয়েই লৰ মাৰিব৷

বিয়া ঘৰ আহি পালোঁ৷ ভিতৰত সোমাই দুয়ো জ্বৰ ঘমাদি ঘামিলোঁ৷ ঢেৰ মানুহ৷ বহিবলৈ খালী চকী এখন নাই,  হয়তো সৰু ল’ৰা বুলি কোনেও আগধৰি মাতিবলৈ আৰু বহুৱাবলৈও আগ্ৰহ কৰা নাই৷ ৰভাৰ ভিতৰলৈ যোৱা সৰু ৰাস্তাটোৰ কাষতেই দুয়ো থিয় দি থাকিলোঁ৷ চাৰিওফালে ৰংচঙীয়া লাইট, ৰংচঙীয়া কাপোৰেৰে মানুহবোৰৰ ব্যস্ততা,  ৰভাৰ তলত মাজে মাজে মানুহৰ কথাৰ চিঞৰ…৷ বেণ্ড পাৰ্টিৰ “সোণৰ খাৰু নালাগে মোক” গানটোৰ ব্যথাখিনি আহি আমাৰ দুয়োৰে বুকুত থিতাপি ল’লেহি৷ ভিতৰি যেন কান্দি পেলাইছোঁ দুয়ো৷ হঠাৎ এজাক মানুহৰ সোঁতত সোমাই গৈ কেনি খোৱা ঠাই ওলালোঁ গমেই নাপালোঁ৷ কাক মাতোঁ কাক মাতোঁকৈ থাকোঁতে ভিতৰত জগাক দেখিলোঁ৷ আস্… তাক দেখিহে মনত অলপ জোৰ পালোঁ আৰু সুবিধাজনক বেঞ্চ এখনত বহি ল’লোঁ খাবৰ কাৰণে৷
জগা আমাতকৈ অলপ ডাঙৰ যদিও একেটা ক্লাছত দুবাৰকৈ পঢ়ি মোটামুটি আমাৰ কাণ-সমনীয়া যেন হৈছে৷ আমি ঘৰে ঘৰে বিহু মাৰোঁ একেলগে,  একেলগে খেলা-ধূলা কৰোঁ৷ তাৰ আচল নাম জগদীশ যদিও সৰু-ডাঙৰ সকলোৱে তাক জগা বুলিয়ে মাতে৷ বিয়া-সবাহত বিলাই খুব ভাল পায় জগাই৷ এইবাৰ মেট্ৰিক পাছ কৰিছে সি৷ ওৱা! সি চোন আজি বিলনীতো প্ৰমোচন পালে৷ ষ্টিলৰ জগত পানী বিলাই ফুৰা জগাই আজি মাংস বিলাই আছে! ভাইটিয়ে চেপা হাঁহি এটাৰে ক’লে, -“দাদা, জগাই মাংস বিলাইছে৷ বঢ়িয়া৷ মা আৰু দেউতাৰ কাৰণেও লৈ লওঁ ব’ল৷ ” ভিজা মেকুৰীৰ আত্মবিশ্বাস দেখি ময়ো নিজক জোকাৰি ল’লোঁ৷ তাৰ প্ৰস্তাৱটো বেয়া নালাগিল মোৰ৷ হঠাৎ মোৰ চকুত পৰিল পলিথিন এটা৷ পলিথিনটো পকেটত ভৰাই দুয়ো ধুনীয়াকৈ খাবলৈ ধৰিলোঁ৷ এফালৰপৰা বিধে বিধে বস্তু দি গ’ল- পুৰি, ভাজি,  ঘুগুনি,  বিলাহীৰ টক,  দৈ-মিঠাই৷ তাৰ পিছত আহিল জগা, মাংস লৈ৷ সি দুয়োকে দেখি মাত লগালে৷ তাক মনে মনে সুধিলোঁ আৰু অলপ মাংস দিব পাৰিব নেকি৷ পলিথিনটোও উলিয়াই দিলোঁ৷ সি না ক’ব নোৱাৰে৷ হাজাৰ হওক ক্ৰিকেট খেলৰ মাজত শেৱালিক লগ কৰিবলৈ যাব লগা হ’লে তাৰ হৈ মই বহুদিন ফিল্ডিং কৰি দিছোঁ৷
সি ক’লে, – “চা ভাই, আজি প্ৰথমবাৰৰ বাবে মাংস বিলাবলৈ পাইছোঁ৷ কথাটো যদি কোনোবাই গম পাই মই আৰু মাংস নহয় গিলাচ বিলাবও নাপাম৷ এটা কাম কৰ, পলিথিনটো দে৷ যোৱাৰ পৰত দি আছোঁ মেনেজ কৰি৷ ” -মই লাজ লাজকৈ ক’লো, “অলপ সোনকালে কৰিবি হাঁ…৷ ”
আমাৰ খোৱা শেষ৷ ৰভাতলত বহি আছোঁ মাংসৰ পলিথিনটোৰ আশাত৷ জগাৰ চোন খবৰ নাই৷
ভাইটিক ক’লো, – “তই উপহাৰটো দি আহগৈ যা৷ আৰু গুৱামুৰিও লৈ আহিবি কইনাৰ পৰা৷ ”
সি কয়, -“ইইইই… ইমান মানুহ! চা চোন আঠজনী ছোৱালী কইনাৰ কাষত৷ নাযাওঁ যা মই৷ ”
সেইটো আৰু কেনেকুৱা কথা?
সি আকৌ কয়, -“তয়ো অকন খুৰাক মতা নাই৷ ময়ো কইনাক উপহাৰ নিদিওঁ৷”
মোৰ খং উঠিল এইবাৰ৷ তাক ক’লোঁ, – “বিয়াঘৰৰ মানুহক মতা কাম খোৱাৰ আগত৷ আমিতো খাই উঠিলোঁ৷ এতিয়া নামাতিলেও হ’ব৷ কিন্তু উপহাৰটো খাই উঠিহে দিয়ে৷ গতিকে যা তই কইনাৰ ওচৰলৈ৷”
সি কয়, -“নহ’ব এনেকৈ৷ তোৰ কামটো নকৰিলি, মই কিয় কৰিম৷”
মানুহৰ ভিৰত গোটেই ৰভাতলী প্ৰচণ্ড গৰমে ছানি ধৰিছে৷ তাতে আকৌ ভাইটিৰ অঁকৰামিত খং এটা উজাই আহিল৷ উপহাৰ নিদিলে বেয়া কথা হ’ব৷ খঙৰ ভমকত তাক কিবা ক’বলৈ লওঁতে দেখিলোঁ জগাই আমাক বাহিৰলৈ আহিবলৈ ইংগিত দি আছে৷ খং উৰি গ’ল আৰু আমি বাহিৰলৈ ওলাই গ’লোঁ৷ জগাই মাংসৰ পলিথিনটো দি ক’লে, – “হুঁ ল৷ যাগৈ যা এতিয়া তাৰাতাৰি৷ কোনোবাই দেখিব নহ’লে৷ ”
পলিথিনটো লৈ বেগাবেগিকৈ গুচি আহিলোঁ দুয়ো৷ অকন খুৰাক মতা আৰু কইনাক উপহাৰ দিয়াৰ কথা পাহৰিয়েই গ’লোঁ৷ গুৱামুৰিহে খোৱা নহ’ল!
খোজ কাঢ়ি ঘৰলৈ উভতিছোঁ৷ এতিয়া আকৌ অন্য এটা চিন্তা৷ উপহাৰৰ পঞ্চাশ টকাটো কি কৰোঁ?  কি কৰোঁ?  ইটো সিটো চিন্তা কৰিলোঁ,  একো নাপালোঁ৷ শেষত মই অলপ গহীনাই ক’লোঁ, – “ভগাই লওঁ দে দুয়ো৷ কিন্তু দেউতাই যাতে গম নাপায়৷ ” ভাইটিৰ চকু ডাঙৰ হৈ গ’ল৷ তাৰ চকুত দেখা পালো চানাচুৰৰ দুটা প্ৰকাণ্ড টোপোলা৷
চিনিঅ’ৰিটি বেচিচত মই ত্ৰিশ টকা ল’লোঁ আৰু ভাইটিক জুনিয়ৰ হিচাপে বিশ টকা দিলোঁ৷ মনে মনে বেছ ফুৰ্টি পালোঁ দুয়ো৷ বিয়াত কাকো নামাতিলোঁ,  উপহাৰ নিদিলোঁ,  মাংসও খালোঁ আৰু চানাচুৰ খাবলৈ পইচাও পালোঁ৷

ঘৰলৈ আহি দেউতাক বুকু ফিন্দাই ক’লো, -“বিয়া খাই আহিলো দেউতা! অকন খুৰাই তহঁতৰ কাৰণে মাংস দি পঠিয়াইছে৷ ”
দেউতা আচৰিত হ’ল৷ ভালো পালে বিয়াৰ ব্যস্ততাৰ মাজতো কইনাৰ দেউতাকে বন্ধুক এইখিনি আদৰ কৰা বাবে৷ দেউতাই মাক ফিতাহি মাৰি ক’লে, – “দেখিলা, ইয়াকে কয় বন্ধুত্ব বুলি! অকনৰ আপীৰ বিয়াত আজি থাকিব নোৱাৰিলোঁ কি হ’ল, আঠমঙলাৰ দিনা গোটেই দিনটো থাকিম৷”
মায়েহে অলপ বিদ্ৰূপ কৰি উঠিল, -“ যদিহে তোমাক নিমন্ত্ৰণ জনায়!”
মা-দেউতাৰ অসুখ বাবে ঘৰতো মাংসখিনি আমি দুটাই ভগাই খালোঁ৷ বেচেৰা জগাটোৱে ভালেখিনি মাংসই দিছিল৷
বিয়াৰ দুদিন পিছত অকন খুৰাই ৰাস্তাত দেউতাক লগ পাই সুধিলে, -“বিয়াত নগ’লি যে? ”
দেউতাই ক’লে, -“কিয় ইহঁত দুটা গৈছিল নহয়৷ আমাৰ দুয়োৰে অসুখ৷ নহ’লে মই নোযোৱাকৈ থাকোঁ নেকি?  ইহঁতৰ হাতত চোন মাংস দি পঠিয়াইছ৷ পাহৰিলি হ’বলা? ”
অকন খুৰাই ভ্ৰূ কোঁচাই কয়, – “মানুহৰ ভিৰত ইহঁত দুটাৰ কথা পাহৰিব পাৰোঁ, কিন্তু মাংসতো কাকো ঘৰলৈ দিয়া নাই কোনেও…! ”
দেউতাৰ আৰু বুজিব বাকী নাথাকিল৷ সিদিনা ৰাতি ৰাম-ধমকি এটা দি সুধিলে ক’ৰ পৰা মাংস আনিছিলোঁ বুলি! ভয়ত পেঁপুৱা লাগি বিয়াৰ দিনাখনৰ সকলো কথা কৈ দিলোঁ, ময়ো ক’লোঁ,  ভাইটিয়েও ক’লে৷
দুদিন আগতে কাটি থোৱা চেকনিডালৰ আয়ুস টুটি সিদিনাই সিপুৰি পালেগৈ৷ যাওঁতে যাওঁতে আমাৰ গাত সাঁচ বহুৱাই গ’ল৷ বেচেৰা চেকনিডাল!
এতিয়া বিয়া বুলি ক’লে দুটা কথাই মনত পৰে- মাংসৰ পলিথিন আৰু দেউতাৰ পিটন৷

☆★☆★☆

4 Comments

  • তৃষ্ণা সো.

    বিয়াঘৰৰ মাংসৰ দৰেই সোৱাদ পালো পঢ়ি।

    Reply
  • ৰাজদ্বীপ বৰা

    এইভাগ মাংসৰ সোৱাদ বৰ ভাল লাগিল দেই !

    Reply
  • ৰাস্না বৰা

    ভাল লাগিল পঢ়ি । হাঁহিও উঠিল চেকণীৰ কোব কেইটাৰ বাবে দুখো লাগিল।

    Reply
  • হীৰকজ্যোতি বৈশ্য

    ধন্যবাদ আপোনালোকক৷ মন্তব্যই উৎসাহিত কৰিলে৷ 😊

    Reply

Leave a Reply

Your email address will not be published.