ফটাঢোল

বীৰেণ সংবাদ – মানস শইকীয়া

পুতলীয়ে ফাদাৰ ডেভিদহঁতক খেদাৰ পিছদিনা কাঠিগৰকীয়া ৰাম মাধৱ সত্ৰৰ নামঘৰত পুৱা প্ৰসংগৰ পাছত বৰভগীয়া সোমেশ্বৰ ভকতে কথাষাৰ উলিয়ালে বোলে………….

“পৰভু ঈশ্বৰ, বলীধৰৰ পুতেকৰ কাহিনীটো শুনিছেনে? কালি সেই ফিৰিঙ্গি ফেদাৰটোও আহিছিল৷ বলীধৰৰ পুতেক বোলে সিহঁতৰ ভগৱান৷ আমাৰ সত্ৰৰ শিচবোৰকো টানে৷ এতিয়া কি কৰে?”

সত্ৰাধিকাৰ পৰমানন্দ দেৱগোশ্বামীয়ে কিছু পৰ মৌন হৈ থাকি মাত লগালে৷

“কালি জাঁজীপৰীয়াৰ ঘৈণীয়েকে গোঁসানীক কৈ থাকোতে কথাবোৰ শুনিছোঁ৷ ইহঁতৰ পৰা নোৱাৰা হৈছোঁ৷ মিৰি-মিছিং খিনিক সিহঁতৰ পকীয়া কৰিলেই৷ এতিয়া আমাৰ সাতমপুৰুষীয়া শিচতো হাত দিছে৷”

“পৰভু, এনেকৈ থাকিলে কোনোবা দিনা আমালৈকো সাহ নকৰিব তাৰ কোনো মানা নাই৷”

“বুজিছোঁ৷ ময়ে আগভাগ লৈ কিবা এটা কৰিব লাগিব৷ লীলাই বাপজনা, বলীধৰৰ ঘৰ তোমাৰ ওচৰতে নহয় জানো? কালিলৈ বলীধৰক ল’ৰাটো লৈ মই মতা বুলি ডাক এটা দিবচোন৷”

পৰভু ঈশ্বৰৰ নিৰ্দেশমতে লীলাই ভকতে বলীধৰক কথাটো কোৱাত পিছদিনা গা পা ধুই বীৰেণক লগত লৈ ওলাল গোঁসাইৰ ঘৰলৈ বুলি৷ পুতলীয়ে বোলে,

“ইয়া জনম হোৱা পা সত্ৰলৈ যোৱা নাই৷ খুদা হাতে যায়নে? গুৱা পাণ এযোৱকে লৈ যাৱক৷”

এইবুলি পুতলীয়ে গুৱা পাণ এযোৰ, ৰূপ এসিকিৰ টোপোলা এটা বলীধৰৰ হাতত গুজি দিলে৷ বলীধৰ বীৰেণক কোলাত লৈ সত্ৰ পালেগৈ৷

গোঁসাই ঈশ্বৰ নিজ আসনত বিৰাজমান হৈ ধ্যানত মগ্ন৷ বলীধৰ গৈ প্ৰভুৰ আগত আঠু ললে৷

“পৰভু ঈশ্বৰ, এই অধমক মতা হেন পাওঁ৷”

গোঁসায়ে চকু মেলি হাত দাঙি আশীৰ্বাদ দি বহিবলৈ দিলে৷ বীৰেণ দেউতাকৰ কাষৰ পৰা থুপুক থাপাককৈ গৈ গোঁসাই ওচৰতে বহি ললেগৈ৷ গোঁসায়ে ভাৱিলে বৰ অদ্ভুত বালক দেখোন৷ ভয় দৰ নাই৷ তেওঁলৈ চাই মিচিকিয়াই আছে৷ মূৰত হাত দিবলৈ লৈ গোঁসায়ে হাতখন দাঙিও ৰৈ গ’ল৷ বলীধৰলৈ চাই আৰম্ভ কৰিলে,

“বলীধৰ, অৱতাৰী ল’ৰা পাই সত্ৰৰ ফালে নহাই হ’লি৷ সেয়েহে বাপজনাক কৈ মতালোঁ৷ ল’ৰাও চাওঁ আৰু শিচসৱৰ খৱৰো লওঁ৷ বৰ সুন্দৰ বালক দেই৷”

“পৰভু, তেনে কথা নহয়৷ ইয়া মাকে কৈয়ে আছিল৷ বোলে লৱাটোক পৰভু ঈশ্বৰক দেখাই আহোক৷ তাতে ইয়া গতি গোত্ব দেখোন আমা দৰে নহয়৷ পৰভু, অকণমান চাই চিতি দিয়কচোন৷ গ্ৰহ গতি দোষ আছে নেকি?”

“মই আকৌ ধেমালীহে কৰিছোঁ দেই৷ তই মোৰ বহালৈকে যা৷ গোঁসানীয়েও ল’ৰাটোক চাব খুজিছে৷ ল’ৰাকণৰ ভূত ভৱিষ্যৎ জানিবলৈ মই এতিয়া ধ্যানত বহিম৷”

এইবুলি কৈ গোঁসাই মণিকূটত সোমাই ধ্যানত বহিল৷ ধ্যানৰ বলত তেওঁ বীৰেণৰ জন্মৰহস্য উদ্ঘাটন কৰিলে৷ এটা এটাকৈ দৃশ্যবোৰ তেওঁ সন্মুখত জলজল পটপটকৈ ভাঁহি উঠিল………..

:তেৰাৰ জন্মৰহস্য:

দৃশ্যপট (১)

ব্ৰহ্মলোকত ব্ৰহ্মাৰ মানসপুত্ৰ চাৰি সিদ্ধ৷

“প্ৰণাম পৰম পিতা৷ আপোনাৰ আজ্ঞানুসাৰে আমি ভাতৃসৱে ত্ৰিভূৱনত পৰমজ্ঞান বিলাই আহিলোঁ৷ এতিয়া কিবা আজ্ঞা?”-সনতে ব্ৰহ্মাদেৱক প্ৰণাম জনাই ক’লে৷

“বৎস, তোমালোকে মোৰ শ্ৰীমুখৰ পৰা নিৰ্গত পৰমজ্ঞান ত্ৰিভূৱনত বিস্তাৰ কৰি বৰ্তমান ক্লান্ত৷ এতিয়া কিছু বিশ্ৰামৰ প্ৰয়োজন৷”

“পৰমপিতা, আমি চাৰিও আকৌ মৰ্তলোকলৈ যাবলৈ বিচাৰোঁ৷ আমি পৰমজ্ঞানত মজি থাকোতে সাংসাৰিক জ্ঞান শূন্য হলোঁ৷ আমাক সেইভাগো প্ৰদান কৰি মৰ্তলোকলৈ প্ৰেৰণ কৰিব নোৱাৰেনে?”- সনৎকুমাৰে সুধিলে৷

ব্ৰহ্মাদেৱে সামান্য হাঁহি কলে, “তোমালোকৰ উৎসুকতা মোৰ জ্ঞাত৷ সময় আহিলে তোমালোকক মৰ্তলোকলৈ প্ৰেৰণ কৰিম৷ এতিয়া ক্ষণিক বিশ্ৰাম লোৱাগৈ৷”

“তেন্তে, সেৱাহে পিতৃদেৱ৷”
চাৰিও ব্ৰহ্মদেৱৰ পৰা বিদায় লৈ ওলাই গ’ল৷

দৃশ্যপট (২)

“নাৰায়ণ, নাৰায়ণ, নাৰায়ণ…………
প্ৰণাম পৰম পিতা, আপুনি অৱশেষত মোৰ জেষ্ঠ ভাতৃ সনৎকুমাৰকো মৰ্তলোকলৈ পঠাই দিলে৷ পিচে, তেখেতসৱৰ সাংসাৰিক জ্ঞান শূন্য৷ তেখেতসৱে পাৰিবনে, সংসাৰ ধৰ্ম পালন কৰিব৷ তেখেতসৱৰ মৰ্তগমনৰ উদ্দেশ্য জানিব পাৰিমনে?”

নাৰদৰ প্ৰশ্নত ব্ৰহ্মাদেৱে হাঁহি মাৰি কবলৈ ধৰিলে,

“পুত্ৰ নাৰদ, তেওঁলোকৰ মৰ্তলোক গমনৰ কাৰণ নাজানিবলৈ তুমিতো ইমান অবোধ নহয়? তথাপিও কওঁ শুনা৷ কলিযুগত ব্যাসদেৱে ভাগৱত, মহাভাৰত আদি পৰম শাস্ত্ৰবোৰ মোৰ আজ্ঞা অবিহনে নতুন সাঁচত লিখিব বিচাৰিব৷ সেয়েহে, পুত্ৰ সনৎক পঠিয়াইছো ভাস্কৰ ৰূপত তেওঁ লিখাৰ মাধ্যম হ’ব যাতে ব্যাসদেৱৰ অত্যাধিক স্বাধীনতা নাথাকে৷ সনন্দই ****** ৰূপত মোৰ দিহামতে দূৰৈৰ পৰা ব্যাসদেৱৰ ৰূপ লৈ ব্যাসদেৱক ব্যতিব্যস্ত কৰিব৷ সনৎকুমাৰে নিজেই এই নতুন শাস্ত্ৰবোৰত বীৰেণ ৰূপত ভুমুকি মাৰি ব্যাসদেৱক আগৰ কথাবোৰ সোঁৱৰাই থাকিব৷”

“নাৰায়ণ, নাৰায়ণ, নাৰায়ণ……….
আৰু সনাতন দাদা?”

“পুত্ৰ, তেওঁৰ কামটোতো মূল কাম৷ তেওঁৱেই এই শাস্ত্ৰ নতুন ৰূপটোত প্ৰকাশ কৰাৰ মাধ্যম দিব আৰু তেওঁৰ নাম হ’ব বিজয়৷ এতিয়া বুজিলানে? আৰু সিহঁতক সৃষ্টি কৰোঁতে অকল শাস্ত্ৰজ্ঞানেৰে পৰিপূৰ্ণ আছিল৷ এতিয়া কিছু পৰমজ্ঞান আঁতৰাই সাংসাৰিক জ্ঞান দিয়া হৈছে৷ তাৰে সিহঁতে চলিব যাব৷”

“নাৰায়ণ, নাৰয়ণ, নাৰায়ণ………..
পৰমপিতা, আপোনাৰ মহিমা অপাৰ৷ ইমানবোৰ আয়োজন? নাৰায়ণ, নাৰায়ণ, নাৰায়ণ৷”

…………….’তাৰমানে, বলীধৰৰ পুতেক ব্ৰহ্মাৰ মানসপুত্ৰ সনৎকুমাৰ’- গোঁসায়ে মনতে ভাৱিলে৷ পিচে বাকীকেইজন ক’ত?

দৃশ্যপট-৩
“নাৰায়ণ, নাৰায়ণ,নাৰায়ণ”
অন্দৰমহলত ব্ৰহ্মাদেৱ সৰস্বতী মাতাৰ লগত মধুৰালাপত ব্যস্ত থকাৰ সময়তে নাৰদৰ মাত শুনি মাতাই মাত লগালে-
“আহিল আপোনাৰ প্ৰিয়পুত্ৰ৷ এওঁ দেখোন যিকোনো সময়তে আহি ওলায়হি৷ এতিয়া সংসাৰৰ মেল মাৰিব৷ আমনি নালাগেনে,স্বামী?”

ব্ৰহ্মাঃ প্ৰিয়ে, মোৰ সৃষ্টিসমূহৰ ভিতৰত তোমাৰ পিছতে এই নাৰদ মোৰ প্ৰিয়৷ তেওঁ সৰ্বজ্ঞানী হয়ো মোক কথাবোৰ সুধি থাকে৷ তেওঁৰ শ্ৰীমুখৰ পৰাই ভাগৱত শাস্ত্ৰখন জগতত বিস্তাৰিত৷ তেওঁৰ এই সৰলতা মোৰ অতিকে প্ৰিয়৷

এনেতে নাৰদ সোমাই আহি প্ৰণাম কৰি-
“প্ৰণাম ব্ৰহ্মদেৱ,প্ৰণাম মাতা৷ হে পিতা, আপুনি মোৰ জেষ্ঠসকলক মৰ্ত্যলৈ প্ৰেৰণ কৰিলে৷ মোৰো এক হাবিয়াস জাগিছে, পৰমপিতা৷ মৰ্ত্যলৈ গৈ জেষ্ঠসকলৰ লগত সংসাৰ ভোগ কৰাৰ মন৷”

“হে প্ৰাণৰো অধিক পুত্ৰ, তুমিতো আজীৱন ব্ৰহ্মচাৰী৷ তুমি কেনেকৈ সংসাৰ ধৰ্ম পালন কৰিবা? তথাপিও তোমাৰ ইচ্ছা পূৰণ কৰাতো মোৰ কৰ্তব্য৷ তুমি অসম মুলুকৰ জাঁজী নামৰ ঠাইত চুনটো নামেৰে জনম লোৱাগৈ৷ (অলপ হাঁহি) তোমাৰ সংসাৰ কৰাৰ দুৰ্বাৰ হেঁপাহ তোমাৰ নিয়ন্ত্ৰণতে থাকিব৷ তুমি সনন্দৰ লগ লাগি মাধ্যমটো বিকাশত সনাতনক সহায় কৰিবা৷”

“নাৰায়ণ,নাৰায়ণ৷ ধন্য হলো পিতৃদেৱ৷ এটা কথা, মোৰ ত্ৰিলোকতে টুটকীয়া বুলি বদনাম আছে৷ পৰমপিতা, এইজনমত মোৰ এই গুণটো নোহোৱা কৰিব নোৱাৰিনে?”

ব্ৰহ্মাদেৱে কোনো উত্তৰ নিদি সামান্য মিঁচিকিয়ালে৷ তেওঁৰ হাঁহিটোতে নাৰদে বুজি পাই প্ৰস্থান কৰিলে৷

গোঁসায়ে ধ্যানৰ পৰা উঠি বহাৰ ফালে যাওঁতেই বলীধৰক গোঁসানীৰ ওচৰৰ পৰা আহি থকা দেখি সুধিলে,
“বলীধৰ, যাৱই নেকি? ল’ৰাকণক মোৰ ওচৰলৈ মাজে মাজে লৈ আহিবা৷”

:তেৰাৰ শৈশৱ:

সত্ৰৰ পৰা অহাৰ পিছত বলীধৰে দুদিনমান বীৰেণক গোঁসাইৰ ঘৰলৈ নিজেই লৈ গৈছিল৷ গোঁসায়ে তাক নামঘৰতে বহুৱাই বিভিন্ন শাস্ত্ৰৰ কথা গল্পৰ দৰে কোৱাৰ বাবে সিও যাবলৈ আগ্ৰহ কৰে৷ বলীধৰে গোঁসানীক ইটো সিটো কৰি দিয়ে৷ এনেকৈয়ে বলীধৰ আৰু বীৰেণ গোঁসাইৰ প্ৰিয়পাত্ৰ হৈ পৰিল৷ অলপ ডাঙৰ হোৱাৰ পিছৰে পৰা সি তাৰ লগৰ বিজয়ৰ লগত প্ৰায়ে সত্ৰলৈ অহাযোৱা কৰা হ’ল৷ বিজয়ৰ শাস্ত্ৰতকৈ পুৱাৰ প্ৰসংগত দিয়া মাহ প্ৰসাদতহে চকু৷ তাৰোপৰি গোঁসানীৰ হাতৰ গাখীৰৰ সৰ দিয়া কোমল চাউল, ভজাচাউল আদিবোৰো তাৰ আকৰ্ষণৰ কাৰণ৷

এদিনাখনৰ কথা৷ গোঁসাইৰ লগত দুয়ো বন্ধু সত্ৰৰ পুখুৰীৰ পাৰে পাৰে কথাপাতি ফুৰোতে গোঁসায়ে কলে,
“আজি তোমালোকে মোৰ লগতে চাউল সিজোৱা মুঠি ধৰি যাবা৷”

বিজয়ঃ পৰভু, আপোনা ঘৰত কি ভাত খাম? সদায় সুদা সুদা ভাত৷ আপুনি মাংস নাখায়েই৷ পুখুৰী মাৰিবলৈকো যোগ দাইটি নাই৷

বীৰেণঃ তোৰযে খকটো৷ হেৰৈ কিমান মাছ খাৱ? ৰ, আজি তোক মাছেৰে পুতি থ’ম৷

এনেতে, পুখুৰীৰ পৰা বৰালি মাছ এটা জপিয়াই আহি পাৰত পৰিলহি৷ গোঁসায়ে তবধ মানিলে৷ বিজয়ে কিৰিলি পাৰি মাছটো ধৰি গোঁসানীৰ ওচৰলৈ দৌৰ দিলে৷

বিজয় আৰু বীৰেণৰ বন্ধুত্ব দিনক দিনে গাঢ় হৈ আহিল৷ লাহে লাহে দুয়ো মিলি গোটেই গাঁওখনৰ বাৰীবোৰত থকা ফলমূল আদিৰ ওপৰত আক্ৰমণ আৰম্ভ কৰিলে৷ বাৰীৰ ফলমূল গৃহস্থই খাবলৈ নোপোৱাই হ’লগৈ৷ বীৰেণ বাহিনীয়ে আগতেই লুট কৰে৷ এদিনাখন তেনেকৈ সৰুমাই খুড়ীয়ে সত্ৰলৈ বুলি আগবঢ়োৱা মালভোগ কলথোকৰ প্ৰথম আখি দুটা চিঙি খাই থাকোতেই পুতেক জীৱনে দেখা পাই খেদা ধৰিলে৷ মাক সৰুমাই ঘৰলৈকে খেদা মাৰি আহিল৷

“ঐ পুতলী, তইহে পোৱালি ফুকুৱালি হয়নি? তো সেই ময়িব নজনা লৱাই মো ধঅমত হাত দিলে৷ বোলো সঁচ গুণেহে কঠীয়া৷”

বাহিবন কৰি থকা পুতলীয়ে সৰুমাইৰ গালিৰ প্ৰত্যুত্তৰ দিবলৈ বাঢ়নী টাৰ হাতত লৈয়ে আগফালে গৈ নঙলাৰ ওচৰ পাই আৰম্ভ কৰিলে,

“কি কৱ অ’ সউমাই৷ মো সেই ফুল যেন বাকলি লৱাকণক তই ময়িব নজনা বুলি শাও দিয়৷ আমা সঁচত ধয়িবলে দেখো ঘৰলৈকে খেদি আহিছ৷ আগতে কচোন কি কয়িলেনো সি?”

“ইহ৷ বৰ সন্ত তো লৱা৷ বোলো চোঅৰ জাত চোৱেই হব৷ হেৰৈ মানুহলৈ বাও ভয় দৰ নকঅ বেলেগ কথা৷ ভগৱানলৈকো ভয় নাই৷ সোণাহেন কলথোক খাৱলৈ সেইটো গৰহ নে ৰাহু ফুকুৱালি৷”

“কি কৱ? মো সেই পেনুকনা লৱাই কলথোক খালে৷ এনে কথা কৱলৈ আহ৷ মো টো বাও ৰাহুৱেই তো দুটা দেৱতা৷ বুটি বাঢ়নীৱে পিঠি নাফালোতেই আঁতৰ হেই”- বাঢ়নীটাৰ সৰুমাইৰ গাৰ কাষতে চুওঁ নোচুওঁকৈ থলে৷

“অ’ মো মতা গোঁসাই, এই দন্দুয়ী জনীলৈ চা৷ পুতেকে মো ঘঅৰে কল খালে৷ এতিয়া এই মো হে পিঠি ফালে৷ অ’ বোলো চুই চা৷”
সিহঁত দুজনীৰ কাজিয়া খন দেখি এজনী দুজনীকৈ গাঁৱৰ জীয়ৰী বোৱাৰীবোৰৰ জুম বান্ধিছে৷ সকলোৰে ফিচিঙা ফিচিঙি৷ দুই এটা ডেকাও জুমটোত যোগ দিছে৷ এনেতে, জীৱন দৌৰি আহি মাকক ক’লে-

“অ’ মাই, সিহঁতে গোটেই থোক নিলে৷ মই খেদি এটাকো ধৰিব নোৱাৰিলোঁ৷”

“অ’ ৰাইজখন দেখিছে৷ এই ৰাক্ষসী পুতেকঅ কাণ্ড৷ তাই আকৌ মোকহে মাএ৷ সেইটো গহণীত পয়ি মৱোক অ৷ হাইজাত মৱোক, গোটেই ঘউৱা উচন যাওক৷”

আঙুলি ফুটাই শাও দি দি সৰুমাই ঘৰলৈ বাট ললে৷

বীৰেণৰ তেতিয়া ছয়বছৰ৷ দেউতাক পথাৰলৈ যোৱাৰ পিছতেই শোৱাৰ পৰা উঠি মাকে দিয়া ৰঙা চাহকণত কৰ্কৰা ভাত এচপৰা দি জলপান খোৱাদি খাই ৰাতিপুৱাই গোঁসাইৰ ঘৰলৈ বিজয়ৰ লগত ওলাই যায়৷ তাতে গোঁসানীয়ে কোমল চাউল, ভজাচাউল আদি গাখীৰৰ সৰৰে দিয়া জলপান এবাতিকৈ খাই সিহঁতৰ অভিযান আৰম্ভ কৰে৷

চুবাটোৰ এনে এখন ঘৰ বা বাৰী নাই য’ত তেখেতসকলৰ আহযাহ নাই৷ কাৰ বাৰীৰ আম কেতিয়া পকে, কোনজোপাত পোক নাই, সিহঁতৰ নখদৰ্পণত৷ বাৰীত থকা অমৰা, জলফাই, লেটেকু, পনিয়ল, মধুৰিআম, জৰা, আনাৰস আদিৰ ওপৰত যেন প্ৰথম অধিকাৰ সিহঁতৰ৷

এদিন এনেকৈ ঘূৰি ফুৰোতে পাওক ফণীধৰ মাষ্টৰে৷ মাষ্টৰে সোধাপোচা কৰি বলীধৰৰ পুতেক বুলি গম পাই সন্ধিয়া বলীধৰৰ ঘৰলৈ আহিল৷ কথাৰ মাজতে ক’লে,

“বলীধৰ, ল’ৰাক নপঢ়াই নুশুনাই ঘূৰি ফুৰিবলৈকে দিবিনে? তইতো কেকোঁৰা নাঙলকেই পাঠশালা পাতিলি৷ এতিয়া, ইয়াকো তেনে কৰিবি নি?”

“মাষ্টৰ দাইটি, আমি হলোঁ গাঁৱৰ হোজা মানুহ৷ পঢ়াশুনাৰ নামত ক টো চুক কেইটাকে চিনি নাপালোঁ৷ দুখটো থাকি গ’ল৷ লৱাকণক কিবা হেই হাকিম মুন্সিফ বনাব নোৱৰিলেও পঢ়াশুনা এফেৱিমান শিকাবলৈ মন এটা আছে৷”

এনেতে পুতলীয়ে চাহৰ বাতিটো আনি মাষ্টৰৰ আগত হাতেৰে মাটিখনক হাত ফুৰাই কৃষ্ণ বুলি আগবঢ়াই দি ক’বলৈ ধৰিলে,
“মাষ্ট দাইটি, আমা ইয়া পঢ়া বয়স হৈছে জানো? তাতকৈ ডাঙৰ সৌ ৰজনীৰ লৱাটো দেখোন ইচকুললৈ যোৱাই নাই৷”
মাষ্টৰে বোলে, “লোকৰ ল’ৰাৰ কথা বাদ দে৷ তোৰ ল’ৰাটোক তইহে পঢ়াবি৷ বয়স হিচাপে তাক এতিয়াই নাম লগাই দে৷ আৰু এটা কথা মই লছোৱালী পঢ়ায়েই চুলি পকালোঁ৷ কৈ থলোঁ দেই, তোৰ ল’ৰা কিন্তু ডাঙৰ মানুহ হ’ব৷”

সৰস্বতী পূজাৰ দিনাই বলীধৰে ল’ৰাক নাম লগোৱাৰ কথাটো পুতলীক ক’লে৷ সকলো ঠিকেই আছিল৷ ৰাতিপুৱা গা পা ধুৱাই ল’ৰাক স্কুললৈ উলিয়াবলৈ লৈ পুতলীৰ চকুপানী ওলাল৷ বীৰেণক বুকুত সাৱটি এনেধৰণে কান্দিবলৈ ললে যেন ল’ৰাক স্কুল পঢ়িবলৈ পঠোৱা নাই, জীয়েককহে বিয়া দি বাহিবিয়াৰ দিনা বিদায় দিবলৈ ওলাইছে৷ বলীধৰৰ মেঠাত খংটো উঠি বোলে,

“হেই মৱতী, তো কাম নাই নি? লৱাক ইচ্‌কুললৈ হাঁহি মাতি পঠাব লাগেনে, এইখন বকলা মেলিব লাগে? মা পুতে দুটাএ পিঠিত হালোৱা এচাঞি নুঠোতেই সজে সজে পুতেৱক উলিয়াই দে৷”

বলীধৰৰ সাধাৰণতে খং কম৷ কিন্তু আজি কি হ’ল জানো? পুতলীয়ে গিৰিয়েকৰ খং উঠিলে কিছু সমীহো নকৰা নহয়৷ উচুপি উচুপি পুতেকক দেওবৰীয়া হাটৰ পৰা অনা নীলা হাফপেণ্ট আৰু বগা চাৰ্টটো পিন্ধাই বলীধৰৰ লগত পঠাই দি নঙলা মুখত ৰৈ এপৰ চাই থাকিল৷

বীৰেণ ফেঁকুৰি ফেঁকুৰি দেউতাকৰ হাতত ধৰি আগবাঢ়িছে৷ কোনোবাবাৰ দেউতাকে চোঁচৰাই নিয়াদি নিব লগা হ’ল৷ বলীধৰৰ মনত এক বুজাব নোৱাৰা আনন্দ৷ তাকো যদি দেউতাকে এনেদৰে আনি স্কুলত নাম লগাই দিয়াহেতেন, সিয়ো এতিয়া চৰকাৰী দৰমহা খোৱা চাকৰিয়াল হ’ল হয়৷ খেতিখোলাত আগৰ দৰে লাভ নাই৷ নৈখনে আধাখিনি মাটি নিলে৷ যিকণ আছে তাকো বানৰ প্ৰকোপত দুবাৰ ৰুলেহে ধান কেইটা যেনেতেনে বছৰটোলৈ জোৰে৷ বাৰীৰ তামোল- পাণ শাক পাচলি কেইডাল আছে বাবেহে৷

স্কুলত মাষ্টৰ সৰস্বতী পূজাত ব্যস্ত৷ সৰু সৰু ল’ৰা-ছোৱালী খিনিক গাঁৱৰ দুই এজনে সহায় কৰিছে৷ গোঁসানীজনা দেখি বীৰেণৰ মুখত হাঁহি বিৰিঙিল৷ বলীধৰে বাৰাণ্ডাত থকা বেঞ্চ এখনতে বহি ল’ৰা-ছোৱালীহঁতৰ ৰং ৰহইচ চাই মাষ্টৰ আজৰি হোৱালৈ ৰ’ল৷ বতৰটোও ওন্দোলাই আহিছে৷ মাঘত বৰষুণ দিয়াতো ভাল৷ খেতি বাতি ভাল হয়৷ বৰষুণ দিয়াৰ আগতে গোবৰখিনি পথাৰত পেলাই লব পৰা হ’লে৷ তাৰ ভাৱত যতি পেলাই মাষ্টৰে মাত লগালে,
“বলীধৰ, ল’ৰাৰ নাম লগাবি নহয়? অফিচলৈকে ব’ল৷”
বলীধৰ মাষ্টৰৰ লগে লগে কোঠা এটালৈ সোমাই গ’ল৷ অফিচৰ নামত হেলনীয়া হৈ পৰিব ধৰা কাঠৰ আলমাৰি এটা আৰু টেবুল চকী এযোৰৰে এটা সৰু কোঠা৷ মাষ্টৰে বহী উলিয়াই নামটো লিখিলে,
“শ্ৰী বীৰেণ হাজৰিকা৷”

(আগলৈ)

☆★☆★☆

Leave a Reply

Your email address will not be published.