ফটাঢোল

বীৰেন সংবাদ –মানস শইকীয়া

“কি অ’ আইতু, সিদিনা পথাঅৰ খাল সিঁচি ইমান মাছ পালি,আমাক দেখো এটাও নিদিলি৷”
ভাদমহীয়া নামত বীৰেনৰ লগৰ মুনিনৰ মাকে তামোল এখন খুজোঁতেই পুতলীয়ে মনতে গুজৰি গুমৰি থকা খংটো দমাই সুধিলে৷ আচলতে সিদিনা আইতুৰ গিৰিয়েক মনিৰামে খাল সিঁচি পোৱা মাছ বলীধৰক ভায়েকৰ ঘৰলৈ দিছিল৷ গাঁৱৰ ইঘৰে সিঘৰে এনেকুৱা আদান প্ৰদান থাকেই৷ পুতলীহঁতক নিদিয়াত সেইদিনাৰ পৰাই খং উঠি আছিল৷
“নহয় অ’ নবৌ দুটামান গয়ৈ পোনা আৰু পুঠি মাছ পাইছিল৷ শিৱককাইটি গৈ ওলোৱাত দুটামান দি পঠাইছিলোঁ আকৌ৷”
“আইতু, আসৈ নামাতিবি হেই হয়িমন্দিঅত বহি৷ অ’ বোলো গোটে সংসাঅত বিলাবলৈ আটে৷ কিন্তু এই পুতলীলৈহে মনত নপয়ে৷ যেতিয়া খাবলৈ নাপাইছিলি এই অমুকীয়ে খুদ কেইটা দিওঁতেহে ল’ছোৱালীকেটা মুখত কিবা এটা দিব পায়িছিলি ঐ৷”
এয়ে আৰম্ভণি দুয়োজনীৰ ৰণচণ্ডী মূৰ্ত্তি ধৰি নামঘৰতে ভাগ্যে চুলিয়াচুলি নালাগিল৷ শেষত, যেনিবা আন আইসকলে ধৰাত কাজিয়া খাম কাটিল যদিও বীৰেন আৰু মুনিনক দুয়োজনীয়ে মাতবোল কৰিবলৈ বন্ধ কৰালে৷

বীৰেন আৰু মুনিন একেলগে সাঁতুৰি নাদুৰি ডাঙৰ হোৱা৷ মাকহঁতে নেদেখাকৈ মাতবোল চলি থাকিল৷ এদিন বিজয়ে এটা বুদ্ধি উলিয়ালে৷ বেবেৰাই গৰুবোৰ পালত নিওঁতে লুজেন দি বেবেৰাক ফুচুলাই বীৰেন আৰু মুনিনহঁতৰ গৰু দুজনী আনি বীৰেনহঁতৰ জনীক মুনিনহঁতৰ বাৰীত আৰু মুনিনহঁতৰ জনী বীৰেনহঁতৰ বাৰীত সুমুৱাই দি তিনিও নৈত গা ধুবলৈ গ’ল৷ পুতলীয়ে ৰাতিপুৱা চুৱা পেলাবলৈ আহি মুনিনহঁতৰ গৰু দেখি বোলে আজি ক’ত সাৰিবি৷ গৃহস্থক চমজাই দি এজাউৰি দি আহোঁ বুলি খেদি লৈ যাওঁতেই সিফালৰ পৰা আইতুৱে সিহঁতৰ গৰুজনী খেদি অনা দেখি থতমত খালে৷ আইতুৱেও সন্মুখত পুতলীক দেখা পাই লাজতে তলমূৰ কৰিলে৷ কি কব কি নকব ভাৱি থাকোঁতেই পুতলীয়ে বোলে,
“হেৰৌ,অজান জীৱ৷ আপো পৰ নুবুজে৷ সিদিনা কথাবোঅত লাগি নাথাকিবি৷”
“তাকেতো নবৌ,সিদিনা আপোনাকো বহুত নকব লগা কলোঁ৷ ভনী বুলি মাফ কয়িব আউ৷”
“হব দে৷ এই বেবআটোৰ কাণ্ড দেখিছ? গও কেইজনীয়ো ভালকৈ খেদি নিব নোৱায়ে৷”

এল পি স্কুলৰ চতুৰ্থ মানৰ বছেৰেকীয়া পৰীক্ষা বেছি দিন নাই৷ এইবাৰ বীৰেনহঁত হাইস্কুললৈ যাব৷ সিহঁতৰ ফুৰ্তি, চাৰি কিঃমিঃ দূৰৈৰ হাইস্কুল খনত পঢ়িব যাব৷ ফণীধৰ মাষ্টৰে বীৰেন, বিজয়ৰ লগতে সিহঁতৰ শ্ৰেণীটোক বৃত্তিৰ বাবে ৰাতিপুৱা স্কুল বহাৰ আগতে ক’ছিং ক্লাছ কৰে৷ এনেও লৰা ছোৱালী কেইটা মাষ্টৰ অহাৰ আগতেই স্কুললৈ আহিবলৈ পালে ভালেই পায়৷ আহিয়েই খেলাধূলা আৰম্ভ কৰি দিয়ে৷ পুৱা স্কুলৰ আগৰ ৰাস্তাৰে যোৱা পথিকৰ সন্ত্ৰাস এই ল’ৰা-ছোৱালী কেইটা৷ কোনো পাৰ হৈ যাব নোৱাৰা হ’ল৷

এবাৰৰ কথা৷ ওচৰৰে বিহাৰী কুমাৰ এজনে পুৱাতে ঠেলাখনত টেকেলি কলহবোৰ লৈ সেইফালেদি শনিবৰীয়া হাটলৈ নিয়ে৷ বীৰেনৰ মনত চয়তানৰ বুদ্ধি বাহ ললে৷ ৰাস্তাৰ কাষতে শিলগুটি দমটোলৈ চকু গ’ল৷ প্ৰথম কেইদিনমান দুই এটা শিল দলিয়াই দৌৰ মাৰে৷ কলহ ভঙাৰ বাবে মাক বাপেকক ধৰি গালি দি দি বিহাৰী কুমাৰ গুচি যায়৷ তাতে সিহঁতৰ ফুৰ্তি৷ বীৰেনৰ লগতে বিজয়, সোণাই হঁতেও হাত উজান দিয়ে৷

এদিনৰ কথা৷ শনিবৰীয়া হাটলৈ কলহ নিয়া কুমাৰৰ ঠেলাত হামলা গুৰুতৰেই হ’ল৷ গোটেইবোৰে একেলগে শিলগুটি মৰাত ভালেকেইটা কলহ ভাঙি টুকুৰা টুকুৰ হ’ল৷ বিহাৰীয়ে দুখতে কান্দি কান্দি ৰাস্তাৰ সোঁমাজতে বহি পৰিল৷

সিফালৰ পৰা আহক ফণীধৰ মাষ্টৰ৷ আহিয়েই বিহাৰী কুমাৰে মূৰে কপালে হাত দি কান্দি থকা দেখি সুধিলে,
“হেৰৌ, ৰামনাৰায়ণ তোৰ আকৌ কি হ’ল?”
“কিয়া বোলেংগে মাষ্টৰবাবু৷ লৰকালোগ পত্থৰ মাৰকে পুৰা মাল তোৰ দিয়া৷ অৱ কিয়া লেকে বাজাৰ যাওংগা?”
“কোন লৰকালোগে ভাগিলে হেই৷”
“আপকা স্কুলকা লৰকা,মাষ্টৰ চাহেব৷”
মাষ্টৰে পাঞ্জাৱীৰ পকেটৰ পৰা পাঁচ টকীয়া দুখন দি মাষ্টৰে ৰামনাৰায়ণক দি বোলে,
“এইটো ল’৷ তই এতিয়া যা৷ মই ইহঁতৰ খবৰ লওঁ৷”

মাষ্টৰ সেইদিনা আনদিনাতকৈ গহীন দেখা গ’ল৷ ঠিক গোঁসাইৰ দৰে লাগিল বীৰেনৰ৷ চকীখনত অলপ সময় বহি বীৰেনৰ লগৰ মিনতিক কোনে কোনে শিলগুটি মাৰিছিল সুধিলে৷ শান্ত শিষ্ট ছোৱালীজনী নিশ্চুপ হৈ ৰ’ল৷ মাষ্টৰে আজি আনদিনাৰ দৰে ধমক নিদি মিনতিক বহিবলৈ কৈ আৰম্ভ কৰিলে,
“মিনতিয়ে নক’লেও মই জানো কোনে কোনে কলহ ভাঙিছিলি৷ তহঁতক আচলতে মই পিটি পিঠি ফালি দিব লাগে৷ কিন্তু আজি তহঁতক মই নিপিটো৷ ৰামনাৰায়ণে এই ব্যৱসায় দেউতাকৰ দিনৰ পৰা কৰি আহিছে৷ তাৰেই সি তহঁতৰ দৰে পাঁচটা লৰাছোৱালীৰে সৈতে সাতজনীয়া পৰিয়ালটো চলাই আছে৷ এতিয়া চাচোন তহঁতে কলহবোৰ ভাঙি কি কাম কৰিলি?”
ইয়াৰ পিছতেই ছাৰে ছুটি দি ঘৰলৈ পঠাই দিলে৷ ছাৰৰ কথাখিনিয়ে ল’ৰা-ছোৱালী কেইটাৰ মুখৰ মাত হৰিলে৷ বীৰেনে ৰাতি সপোনত ৰামনাৰয়ণক কান্দি থকা দেখি নিজেও উচুপি উচুপি সাৰ পাই গ’ল৷ মাজৰাতি ল’ৰাই হুক হুকাই কন্দাত পুতলীয়ে গিৰিয়েকক জগাই বোলে,
“হেয়ি শুনকচোন৷ লৱাকণে দেখোন টোপনিতে কান্দি আছে৷ মই নকৈছিলোঁ নে ভদীয়া বেজঅ পআ তাবিজ এটা আনিবলৈ৷ এতিয়া কি কৰোঁ?”
গিৰিয়েক বলীধৰে কিবা কোৱাৰ আগতে পুতলীয়ে ৰহিলা পেহীৰ পৰা আগতে জাৰি আনি থোৱা সৰিয়হ আৰু জলকীয়া জুহালৰ অঙঠাত ফুটাই মুখলগা ভাঙিলে৷ বীৰেন সুস্থ হ’ল যদিও ৰামনাৰায়ণক সহায় কৰাৰ কথাটো কুমলীয়া মনটোত দুলি থাকিল৷

পিছদিনা পুৱা বীৰেন আৰু বিজয় গোঁসাইৰ ঘৰলৈ গৈ আগদিনাৰ ঘটনাটো কোৱাত গোঁসায়ে সামান্য হাঁহি কলে,
“তোমালোকে ভুল কৰিছা সঁচা৷ কিন্তু, তাতকৈ ডাঙৰ তোমালোক অনুতপ্ত৷ মই তোমালোকক এটা কথাই কম, তোমালোকে তেওঁৰ ওচৰত ক্ষমা খোজা৷ পাৰিলে টকা কেইটামান দিবা৷”

তাৰপিছদিনাৰ পৰা শ্ৰেণীৰ ল’ৰা-ছোৱালীহঁতৰ পৰা দহ পইচা, সিকি আধলি যিয়ে যেনেকৈ পাৰে পইচা তুলি শনিবাৰে পুৱা ৰামনাৰায়ণৰ হাতত তুলি দি ক্ষমা মাগিলে৷ ৰামনাৰয়াণে মাষ্টৰলৈ চাই বোলে,
“মাষ্টৰ চাহেব,বচ্ছালোগ ভুল কিয়া৷ লেকিন অভি মেৰে মন মে কয়ি খেদ নেহি৷ সীয়াৰাম সৱকো সুখী ৰাখেংগে৷”

ফণীধৰ মাষ্টৰে একো নকৈ মাত্ৰ হাঁহিলে৷ এক সন্তুষ্টিৰ হাঁহি৷

আগলৈ-

7 Comments

  • বিজয়ৰ ভাল বুদ্ধি আছে। ভাল লাগিল দাদা।

    Reply
  • অনুৰূপ মহন্ত

    ভাল লাগিল খণ্ডটি। আৰু অকণমান দীঘল আশা কৰিছিলোঁ।

    Reply
  • Rashna Borah

    ভাল লাগিল পঢ়ি। আজিৰ লৰা ছোৱালী বোৰক এনে শিক্ষা ৰ বৰ প্ৰয়োজন।

    Reply
  • Rashna borah

    ভাল লাগিল পঢ়ি । আজিৰ লৰা ছোৱালী বোৰকো ফণীধৰ ছাৰৰ দৰে এজন শিক্ষকৰ প্ৰয়োজন।

    Reply
  • ৰাজু কুমাৰ নাথ

    বৰ ভাল লাগিল।ফনিধৰ মাষ্টৰৰ আৰ্দশই মনত দোলা দি গ’ল।আজিকালি এনেকুৱা শিক্ষক প্ৰায়ে নোহোৱা হ’ল ।

    Reply

Leave a Reply

Your email address will not be published.