ফটাঢোল

বুদ্ধিজীৱীৰ আত্মকথা – ৰঞ্জিত কুমাৰ শৰ্মা

(ৰসৰাজ বেজবৰুৱালৈ শ্ৰদ্ধা আৰু ক্ষমা-প্ৰাৰ্থনাৰে)

গছ নোহোৱা দেশত হেনো এৰাই বৃক্ষ। মই কিন্তু নিজকে এৰা বুলি নাভাবোঁ দেই। চকুচৰহা কিছুমানে ভাবিব পাৰে। ডাল-পাত কোনোবাই নেদেখিব পাৰে, মই কিন্তু দেখোঁ গছ মানে বৃক্ষই। একাধিক অনুষ্ঠান-প্ৰতিষ্ঠানে তেওঁলোকৰ বিভিন্ন কাৰ্যসূচীত অমুকাক আমন্ত্ৰণ কৰি ইয়াৰ প্ৰমাণ দি থৈছেই নহয়। চকুচৰহাবোৰে বিশ্বাস নকৰিলে কি হ’ব? অৱশ্যে ঘৰৰজনীয়েও মাজে-সময়ে এৰাই বৃক্ষ হয় বুলি ক’ব বিচাৰে। বাদ দিয়ক হে। যিয়ে যি ভাবে ভাবি থাকক। হু কেয়াৰ্ছ? নিজে নিজৰ কাম কৰি যোৱাৰহে কথা।

কথাখিনি উপস্থাপন কৰিবলগা হ’ল কিয় জানেনে? ইয়াৰো কাৰণ আমন্ত্ৰণেই। চহৰৰ হাৱা লগা, মানে বতাহ লগা অমুকাৰ গাঁওখনতে নতুনকৈ গঠন হোৱা মহিলা সমিতি এখনে এইবাৰ গাঁওখনৰ গাতে লাগি থকা চহৰত লক্ষ্মীনাথ বেজবৰুৱাৰ স্মৃতি দিৱস পাতিছিল। তাত বেজবৰুৱাদেৱৰ সাহিত্যৰাজিৰ বিষয়ে দুৱাষাৰ ক’বলৈ অমুকাক আমন্ত্ৰণ জনোৱা হৈছিল। সেই বিষয়েই পাঠকসকলক জনাবলৈ পাতনি মেলিব লগা হ’ল।

আমন্ত্ৰণ আহিছিল একেবাৰে মুখ্য অতিথিৰ বাবে। ধুনীয়া মহিলা দুগৰাকীমানে আহি আমন্ত্ৰণী চিঠিখন অনুষ্ঠানৰ কেইদিনমান আগতে ঘৰতে দি থৈও গৈছে। যাম বুলি সেইদিনাই কথা দি থৈছোঁ। মিছা ক’লে কিডাল হ’ব? গুণীয়েহে গুণীৰ মোল বুজে। আনে কি বুজিব? তাতে আকৌ নাৰীবাদী লেখক বুলি অমুকাৰ এটা সুনামো আছে নহয়। অ’ এটা কথা, এনেকুৱা আমন্ত্ৰণ-নিমন্ত্ৰণ পালে তাৰিখটো কেলেণ্ডাৰত চিহ্নিত কৰি থোৱাটো অমুকাৰ অভ্যাস। ঠিক অভ্যাস বুলি ক’ব নোৱাৰি। কথা পাহৰা বেমাৰটোৱে মাজে-সময়ে পয়মাল লগায়। সেয়ে এই ব্যৱস্থা। কিন্তু মহিলা সমিতিৰ আমন্ত্ৰণৰ তাৰিখটো কেলেণ্ডাৰত চিহ্নিত কৰা নহ’ল। ভাবিছিলোঁ চিঠিখনতো আছেই। তদুপৰি মহিলাৰ অনুষ্ঠান, তাৰিখ মনত থাকিবই। কিন্তু তাতেই ভুলটো হ’ল। তাৰিখটো পাহৰি থাকিলোঁ।

অনুষ্ঠানৰ দিনা অমুকাই কাহিলি পুৱা বিচনাত থাকোঁতেই সাত মান বজাত (অমুকাই কাহিলি পুৱা বুলিয়েই ভাবোঁ।) ম’বাইল ফোনটো বাজি উঠিল। সাৰ পাই হাতখন মেলি মেজৰ পৰা ফোনটো লৈ ফোনটোৰ আইনাখনত আঙুলি থৈ সোঁফালে ঘহি দিলোঁ। ফোনটো কাণত লোৱাৰ লগে লগে সিফালৰ পৰা নাৰীকণ্ঠ এটা ভাহি আহিল। পুৱাই পুৱাই মইনা মাত? মুহূৰ্ততে শৰীৰৰ এলাহ-বিষাদ সকলো আঁতৰি যোৱা যেন লাগিল। সেইটো ফালৰ পৰা নাৰীকণ্ঠই ক’লে– ‘কেন আই টক্ টু মি: … শৰ্মা প্লীজ?’ ইংৰাজী শুনি অমুকাৰ খং উঠি গ’ল। নুঠিব কিয়? নিজৰ মাতৃভূমিত মাতৃভাষাক অপমান? অনিচ্ছাসত্বেও অলপ ডাঙৰ মাতেৰেই ক’লো– ‘হয়, কৈছোঁ।’ (অ’, এটা কথা। চকুচৰহাবোৰে আকৌ ভাবিব পাৰে যে নাৰীৰ মাত শুনি পুলকিত হোৱা অমুকাৰ ফোনত ইংৰাজী শুনি পেটতে হাত-ভৰি লুকাল বুলি। ইংৰাজী ক’ব লাগিব বুলি ভয়তে অমুকাৰ পুৱা এৰিবলগা সৰুবিধ বিচনাতে ওলাও ওলাও অৱস্থা হ’ল বুলিও গুণীৰ গুণ নুবুজাসকলে ক’ব পাৰে। যিয়ে যি ভাবে ভাবি থাকক, ঘেণ্টাও কেয়াৰ নকৰোঁ।) মোৰ মুখত অসমীয়া শুনি ফোনৰ সেইটো ফালৰ পৰাও মইনা মাতেৰে নাৰীকণ্ঠই অসমীয়াতে মাত লগালে– ‘ছাৰ, মই নাৰীবাদী মহিলা সমিতিৰ চম্পাদিকাই কৈছোঁ। ছ’, আপুনি ৰেডি হৈ থাকিব, নাইন থাৰ্টিমানত আপোনাক উঠাই আনিম।’ লগে লগে মোৰো সম্বিৎ ঘূৰি আহিল। ৰসৰাজৰ স্মৃতি দিৱসৰ কথাটো মনত পৰাৰ লগে লগে মুখৰ পৰা ওলাই গ’ল–’বাৰু, ঠিক আছে।’ ‘ৰাখিছোঁ’ বুলি চম্পাদিকাই ফোনটো কাটিলে।

বিচনাৰ পৰা ঘপহকৈ উঠি ৰাজধানী এক্সপ্ৰেছৰ গতিত হাত-মুখ ধুই, পকা দাড়িসোপা খুৰাই গালদুখন চিকুণাই ল’লোঁ। মূৰটোৰ চাৰি তৃতীয়াংশ মুখ চাব পৰাকৈ আইনাৰ দৰে চিকুণ হৈ আছেই। বাকী থকা আধাশুকুলা চুলিকেইডাল ৰং কৰি থোৱা আছিলেই। প্ৰাতঃকৰ্ম কৰি গা-পা ধোৱা কাম তৰিৎ গতিত হৈ গ’ল। পুৱা বিছনাৰ পৰা নামোতে প্ৰথম খোজটোও চাই-চিতি পৃথিৱীয়ে দুখ নোপোৱাকৈ মজিয়াত পেলোৱা মানুহটোৰ বিজুলী গতি দেখি শ্ৰীমতীয়েও ‘বোলে মানুহটোৰ আজি হৈছে কি’ বুলি ক’বলৈহে পালে, অমুকাই বোলে–’কিয় আজি নাৰীবাদী মহিলা সমিতিৰ বেজবৰুৱাৰ স্মৃতি দিৱস নাই নেকি? তোমালোকৰো কথাবোৰ একদমেই মনত নাথাকে দেই।’ লখিমী শ্ৰীমতীয়ে বেছি কথা নকৈ ‘অ, সেয়েহে আজি ইমান গতি’ বুলি কৈ চাহ একাপ দিলে। তেওঁ বেছিকৈ নকয়, সাদৰী তিৰোতা। ক’ব পৰাৰ সাহসো নাই। প্ৰথম নিশাই মেকুৰী কাটি দেখুৱাই দিছোঁ অমুকা কি বস্তু (সেয়া আন এক অধ্যায়, আজি নকওঁ)।

চাহ কাপ পি থাকোঁতে আচল চিন্তাটো হ’ল– ‘সৰ্বনাশ, বেজবৰুৱাৰ স্মৃতিদিৱসত ক’ম কি?’ এনেই যেনিবা জ্ঞানৰ ভঁৰালটো অমুকাৰ কম নহয়, তথাপি ইজ্জত বুলিতো কথা আছে। ৰমণীসকলৰ আগত ভাষণটোও মিঠা হ’ব লাগিব নহয়। চাহপৰ্ব শেষ কৰি একেজাঁপে কিতাপ সজাই থোৱা আইনাৰ আলমীৰাটোৰ কাষ পালোঁ‌। বিভিন্নজনে উপহাৰ দিয়া, গ্ৰন্থ উন্মোচনী অনুষ্ঠানত পোৱা কিতাপেৰে আলমীৰাটো ভৰি আছে। এখন এখনকৈ ধূলি-মাকতি ফুঁৱাই কিতাপবোৰ চালোঁ। কিন্তু বেজবৰুৱাৰ সাহিত্যচৰ্চাৰ কিতাপহে বিচাৰি নাপালোঁ। অৱশ্যে বুদ্ধিজীৱীৰ মেথাই কাম নকৰাকৈ নাথাকিল। অমুকাক অনুসৰণ কৰিয়েই সৰু-সুৰাকৈ লিখিবলৈ লোৱা শিক্ষক এজনক ফোন কৰি বেজবৰুৱাৰ কিবা লিখনি আছে নেকি সুধিলোঁ। কিছু সময় পিছতে তেওঁ ‘হোৱাটছ্ এপ’ত চাৰিটামান কিতাপৰ পৃষ্ঠা পঠিয়াই দিলে। তাতেই পালোঁ ঘৈণীসকলক উপদেশ দিয়া বেজবৰুৱাৰ এটা লেখা। অমুকাক আৰু পায় কোনে? এঘণ্টামানৰ ভিতৰতে লেখাটো প্ৰায় মুখস্থ কৰি পেলালোঁ। মুখস্থ নহ’বনে? টেলেণ্ট অমুকাৰ কোষে কোষে বিদ্যমান হৈ আছে। বক্তৃতাৰ ‘টেনচন’ দূৰ হোৱাৰ পিছত সাজি-কাছি সাজু হ’লোঁ। শ্ৰীমতীয়ে মুখৰ ভিতৰতে হাঁহি থকা যেন অনুভৱ হ’ল। তাই মৰতীয়ে বোধহয় ভাবিছে ‘আজি বুঢ়া ঠিক জেগাত পৰিছে। ইমানদিনে ফিটা কাটি, কিতাপ উন্মোচন কৰি, ছাত্ৰ-ছাত্ৰীক উপদেশ দি চলি আছিল। আজি নাৰীশক্তিৰ সন্মুখীন হ’ব লাগিব বুঢ়া।’ এহ্ ভাবিছে যদি ভাবি থাকক, অমুকাই সেইবোৰক পাত্তা নিদিয়ে।

যথাসময়ত মহিলা সমিতিৰ ছেক্ৰেটাৰীয়ে নিজেই গাড়ী লৈ মোৰ বাসভৱনৰ সন্মুখত হাজিৰ হ’ল। পিঠিখনৰ চাৰি অংশৰ এক অংশ ভালদৰে ঢাক খোৱা ব্লাউজ, গোলাপৰ পাহিৰ দৰে চাদৰ আৰু পদুমৰ পাহিৰ দৰে মেখেলা পৰিহিত মহিলাগৰাকীয়ে গাড়ীখনৰ পৰা নামি আহোঁতে অমুকাৰ ঘৰৰ চৌহদটোত সুগন্ধি বিয়পি পৰিল। অমুকাইও সাজ-সজ্জা কৰি, গাটোত সুগন্ধি পানীৰ কণিকা চটিয়াই ‘মগু মাহৰ গাজ’ যেন হৈ সাজু হৈয়েই আছিলোঁ। সকলো চাই থকা শ্ৰীমতীক মহিলা সমিতিৰ ছেক্ৰেটেৰীয়ে ‘বাইদেউ আহোঁ দিয়ক’ বুলি কওঁতে অমুকাৰ মনটো হিমালয়ৰ এভাৰেষ্ট শৃংগ জয় কৰাৰ দৰে লাগিছিল। ‘হেৰা আহোঁ দিয়া’ বুলি শ্ৰীমতীক মাত দি (আচলতে জুই একুৰা জ্বলাই) বীৰদৰ্পে ছেক্ৰেটাৰীৰ লগত বিলাসী গাড়ীখনত উঠিলোঁ।

অনুষ্ঠানথলীত সকলোৱে অমুকাক আদৰিলে। ‘ফটোছেচন’ও চলিল। আইনা থকা ম’বাইল ফোনেৰে ছেল্ফি নে কি সেইটোও ল’লে কোনো কোনোৱে। মহিলা সমিতিৰ সভানেত্ৰীৰ কোনোবা সম্পৰ্কীয় এজন বোলে কেমেৰা দাঙি ফুৰা সাংবাদিক। গতিকে সাংবাদিকৰ কেমেৰাও ঘূৰিল। চকুচৰহাবোৰে এইবোৰ দৃশ্য দেখিলে জ্বলি-পুৰি মৰিবৰে কথা। এনেদৰে এঘণ্টামান পাৰ হ’ল। মহিলা সমিতিখনৰ সভানেত্ৰীগৰাকী আহোঁতে অলপ পলম হ’ল। তেওঁৰ স্বামীদেৱতাজন আজি পুৱাৰে পৰা জ্বৰত আক্ৰান্ত হোৱাত আজি সভানেত্ৰীগৰাকীয়ে হেনো বনকৰা ছোৱালীজনীক পুৱাৰ কামখিনিত সহায় কৰি দিবলগীয়া হ’ল। সেয়ে অনুষ্ঠানলৈ আহোঁতে সভানেত্ৰী বাইদেউৰ হেনো পলম হ’ল। বনকৰা ছোৱালীজনী দহ-এঘাৰ বছৰীয়া বাবে আনদিনা বাইদেউৰ পতিদেৱতাই ছোৱালীজনীক পুৱাৰ কামখিনিত সহায় কৰি দিয়ে। সভানেত্ৰী আহি পোৱাৰ পিচত পতাকা উত্তোলন, স্মৃতি তৰ্পণ আদি অনুষ্ঠান হৈ যোৱাৰ পিছত মূল সভা আৰম্ভ হ’ল। সভানেত্ৰীৰ আসন গ্ৰহণ, সম্বৰ্ধনা পৰ্ব, সমৱেত সংগীত, সভাৰ উদ্দেশ্য ব্যাখ্যা, আদৰণী ভাষণৰ পিচত আমন্ত্ৰিত অতিথি হিচাপে এগৰাকী ঠিকাদাৰ আৰু শাসনাধিষ্ঠিত ৰাজনৈতিক দলটোৰ স্থানীয় নেতা এগৰাকীয়ে বক্তব্য দাঙি ধৰিলে।

ইয়াৰ পিছত অমুকাক ভাষণ দিবলৈ সভানেত্ৰীয়ে অনুৰোধ কৰিলে। অমুকাৰ বাবে ভাষণৰ আৰম্ভণি তেনেই উজু। অসমীয়া ভাষা-সাহিত্যলৈ অৱদান, সমাজ জীৱনলৈ অৱদান, অতি উচ্চ মানৰ সাহিত্যচৰ্চা, সাহিত্যৰ মাজেৰে জাতিটোক সমৃদ্ধিশালী কৰাৰ বাবে অহোপুৰুষাৰ্থ কৰা ইত্যাদি ইত্যাদি অনায়াসে ক’ব পাৰো। কথাবোৰ একেই ৰাখি যিগৰাকী ব্যক্তিৰ অনুষ্ঠান হয় তেওঁৰ নামটো কৈ দিলেই হৈ যায়। এনে ‘টেলেণ্ট’ অমুকাৰ দৰে বুদ্ধিজীৱীৰহে আছে। সেয়ে অমুকাৰ দৰে বুদ্ধিজীৱীয়ে সাহিত্য, ৰাজনীতি, খেল, শিক্ষা, সামাজিক সমস্যা, বানপানী-খহনীয়াৰ সমস্যা, আইন-শৃংখলাৰ সমস্যা, উগ্ৰপন্থী সমস্যা আদি সকলো বিষয়তে অংশ লৈ চৰকাৰ, বিৰোধীক সমালোচনা কৰিব পাৰোঁ।

যি কি নহওক বক্তব্যৰ আৰম্ভণি পৰ্ব চলি থাকোতেই মনলৈ আহিল– যিহেতু মহিলাৰ অনুষ্ঠান গতিকে পুৱাতেই হোৱাটছ এপত পোৱা কথাখিনিকেই কোৱাটো ভাল হ’ব। ভবাই শেষ, আৰম্ভ কৰি দিলোঁ– ‘আপোনালোকে জানেনে, বেজবৰুৱাদেৱে ‘বৰবৰুৱাৰ উপদেশ’ বুলি ঘৈণীসকলৰ প্ৰতিও কেতবোৰ গুৰুত্বপূৰ্ণ উপদেশ দি থৈছে। সকলোৱে যাতে শান্তিৰে বসবাস কৰিব পাৰে তাৰবাবে তেওঁ ঘৈণীসকলক উদ্দেশ্যি এনেদৰে লিখি থৈ গৈছে, বেঁকা বাটেদি তোমাৰ গিৰিয়েৰাৰ কাণত পৰাকৈ লোকৰ আগত তেওঁৰ যশ কৰা। গিৰিয়েৰাই তোমাৰ ওপৰত বৰমতা ওলাই মিছাতে দপদপালে, একো নামাতি শুনি থাকিবা। মুখে মুখে উত্তৰ নকৰিবা। তেওঁ উৰুলিপুঙা হৈ লোকৰ পদূলি শুঙি ফুৰিলে তুমি তাৰ ভু নল’বা আৰু ভাং, কানি, ফটিকা খাই ধিতিঙালি কৰি ফুৰিলে, একো নকৈ বৰং পাৰিলে সেইবোৰ কাৰ্যত সহায়তা কৰিবা। তেওঁ ধন ঘটি তোমাক আনি দিব নোৱাৰিলে আৰু পিন্ধিবলৈ কাপোৰ আৰু খাবলৈ ভাত দিব নোৱাৰিলেও তেওঁক জোখোৰা-পোকোৰা নকৰি তুমি লাগে যদি কটনা কাটি তেওঁক পুহিবা আৰু গধূলি তেওঁৰ ভৰিত তেল-টেঙা ঘহি দিবা।

তেওঁ দেখিবলৈ বোৰোকামুৱা আৰু গোৱান্ধ হ’লেও আৰু মুখৰ সাঁফৰ মেলিলেই তাৰ পৰা ফেকুন্দা গোন্ধ ওলালেও, তুমি তোমাৰ স্বাভাৱিক ঘিণ লুকুৱাই থৈ নিজৰ নাক নোকোচাই বৰং বাজি উঠাকৈ তোমাৰ মুখামৃত তেওঁক পান কৰাবা। অসহ্য হ’লে পিছত লুকাই তোমাৰ মুখখন ধুই পেলাবৰ ব্যৱস্থাও আছে।

তোমাৰ মাৰা-বাপেৰাক তেওঁ উকটি গালি পাৰিলে, পেটেপেটে তুমি বৰ বিষম পালেও মুখেৰে একো নামাতি শুনি থাকিবা। তেওঁ যে তোমাৰ নৰৰূপে সাক্ষাৎ দেৱতা, গতিকে তেওঁৰ মুখে অমৃতহে ওলায় গৰল নোলায়।

তেওঁ বাহিৰত লোকৰ হাতত খকৰামুকুটি খাই আহিলেও যেতিয়া তোমাৰ ওচৰত ডাংকোপ মাৰি কথা ক’ব, তেতিয়া তুমি সেইটো বুজিব পাৰিও তেওঁৰ কথাত হয়ভৰ দি যাবা, কাৰণ আজিকালি বজাৰত স্বামী পোৱা বৰ মস্কিল জানিবা।

দিনৌ এডাল দুডালকৈ তেওঁৰ মূৰৰ পকা চুলি তুলি দি থাকিবা আৰু গৰমকালি তেওঁৰ পিঠিৰ ঘামচিবোৰ তোমাৰ নখেৰে পুটপুটকৰে মাৰি তেওঁৰ সুত লগাই দিবলৈ নাপাহৰিবা।’

অমুকাই কথাখিনি কৈ থাকোঁতে প্ৰথম অৱস্থাত উপস্থিত নাৰীগণৰ মাজত হাঁহিৰ ৰোল উঠিল। অমুকাৰ দৰে জ্ঞানীৰ বক্তৃতাত ৰস নাথাকিবনে! অমুকাৰো চলি থাকিল। লাহে লাহে নাৰীগণৰ হাঁহি বন্ধ হ’ল। ভাষণ আগবাঢ়ি থাকিল, তেওঁলোকৰ মুখৰ বৰণো সলনি হৈ থকা যেন দেখিলোঁ। বক্তৃতাৰ মাজে মাজে বিচৰণ কৰি থকা চকুদুটাই দেখিলে, কাৰোবাৰ নাকৰ পাহিদুটা ফুলি উঠিছে, কাৰোবাৰ কাণ থিয় হৈছে, কাৰোবাৰ চকু অমৰাৰ দৰে ডাঙৰ হৈছে, কাৰোবাৰ আকৌ চকু-মুখ ৰঙা পৰিছে। সন্মুখৰ দুগৰাকীমানৰ আকৌ মুখেৰে ফোঁচ্ ফোঁচ্ শব্দও ওলোৱা যেনো লাগিল। সভানেত্ৰীয়েও উচপিচ্ কৰা যেন লাগিল।

অমুকাৰ ভাষণ শুনি সকলোৱে ইমান আৱেগিক হৈ পৰাত সকলোৰে স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি অমুকাই ‘এই মহান লেখকগৰাকীক আমি সকলোৱে মনত ৰাখিব লাগিব’ বুলি কৈ ভাষণ সামৰিলোঁ। শ্ৰোতাসকল ইমানেই মন্ত্ৰমুগ্ধ হৈ পৰিল যে সভানেত্ৰীয়ে পৰিস্থিতিটো চম্ভালিব লগা হ’ল। তেওঁ ক’লে– ‘শৰ্মাদেৱ জ্ঞানী লোক, বিদ্ব্যৎ লোক। ৰসৰাজৰ ব্যংগ সাহিত্যক তেওঁ আপোনালোকৰ আগত এনেদৰে উপস্থাপন কৰিলে যে আপোনালোক ‘ছিৰিয়াছ’ হৈ গ’ল। পণ্ডিত মানুহৰ কথাই বেলেগ।’ সভানেত্ৰীয়ে এইখিনি কথা কোৱাৰ লগে লগে অমুকাই এনেদৰে এটা মৌন হাঁহি মুখলৈ লৈ আহিলোঁ যে সভাস্থলী হাতচাপৰিৰে ৰজনজনাই গ’ল।

এসময়ত সভা শেষ হ’ল। কেমেৰা লৈ দুজনমান আগবাঢ়ি আহিল। কেমেৰাৰ সন্মুখত বিন্দাছ গহীনভাৱে কেইটামান ‘কমন’ বাক্য কৈ দিলোঁ। অইনে নাজানিলেও অমুকাই জানো যে জকাইচুকৰ এইবোৰ বাতৰি টিভিত নেদেখুৱায়। ইয়াতো ঈৰ্ষা বুজিছেনে? যি কি নহওক, অতিথিক আপ্যায়নৰ পিচত মহিলা সমিতিৰ ছেক্ৰেটেৰীয়ে গাড়ীৰে অমুকাক ঘৰত নমাই থৈ গ’লহি। গাড়ীৰ চালকে সম্বৰ্ধনা জনোৱা গামোচা, জাপি, শৰাই আদি গাড়ীখনৰ পৰা নমাই ঘৰৰ ড্ৰইং ৰূমত থৈ গ’ল। যাবৰ সময়ত ‘আমাৰ বাবে আপুনি বহুত কষ্ট কৰিলে ছাৰ’ বুলি কৈ ছেক্ৰেটেৰীয়ে খাম এটা আগবঢ়ালে। জানিও নজনাৰ ভাও দি সুধিলোঁ– কি? তেওঁ ক’লে– ‘সামান্য মাননি ।’ অনিচ্ছাসত্বেও এইবোৰ নালাগে , নালাগে বুলি ক’লো যদিও তেওঁ ‘একো নহয়, লওক’ বুলি কোৱাত মিচিকিয়াই খামটো জেপত ভৰাই ‘আহিবাহে কেতিয়াবা’ বুলি চম্পাদিকাক বিদায় দিলোঁ।

☆★☆★☆

12 Comments

  • Rintumoni Dutta

    এইবাৰ আলোচনীত প্ৰকাশ পোৱা মোৰ অন্যতম প্ৰিয় লেখা।

    Reply
    • Anonymous

      ধন্যবাদ।

      Reply
    • ৰঞ্জিত কুমাৰ শৰ্মা

      ধন্যবাদ জনালোঁ।

      Reply
  • Anjan

    পঢ়িলো৷ ভাল লাগিল

    Reply
    • ৰঞ্জিত কুমাৰ শৰ্মা

      ধন্যবাদ।

      Reply
  • চিদানন্দ বৰা

    পঢ়ি ভাল লাগিল ! ‘অমুকা’ শব্দটোক অত্যাধিক ব্যৱহাৰ কৰা যেন লাগিল !

    যোগাত্মক ভাৱত হে কথাষাৰ ক’লো !!

    Reply
    • Anonymous

      মন্তব্যৰ বাবে ধন্যবাদ জনালোঁ।

      Reply
    • ৰঞ্জিত কুমাৰ শৰ্মা

      মন্তব্যৰ বাবে ধন্যবাদ জনালোঁ।

      Reply
  • Anamika

    ভাষণ আৰু অলপ দীঘলীয়া হ’লে শিলগুটি দলিয়ালে হেতেন😝 মজ্জা লাগিল পঢ়ি

    Reply
    • ৰঞ্জিত কুমাৰ শৰ্মা।

      ধন্যবাদ। শিলগুটি নালাগে, বেগবোৰতেই মিছাইলবোৰ থাকে দেখোন?

      Reply
  • পূৰ্ণানন্দ শৰ্মা

    সুন্দৰ ৷

    Reply
    • ৰঞ্জিত কুমাৰ শৰ্মা

      ধন্যবাদ।

      Reply

Leave a Reply

Your email address will not be published.