ফটাঢোল

বুদ্ধিজীৱী নোহোৱাৰ উপায় – পুণ্য শইকীয়া

বুদ্ধুজীৱী: এশ পইচাই এটকা হয়। হয়নে?

বুদ্ধিজীৱী: নহৈ পাৰেনে?

বুদ্ধু: তেন্তে কোৱাচোন, কিমান বুদ্ধিৰে এক বুদ্ধিজীৱী হয়?

বুদ্ধি: তোমাকে সুধিছোঁ বাৰু-মূৰত কিমান গোবৰ থাকিলে এজন গোবৰ ৰজা হয়?

বুদ্ধু: ফাজলামি নকৰিবা। মই ছিৰিয়াছ। তুমিয়েই কেৱল বুদ্ধিজীৱী হ’বা নেকি? মই হ’লে কিবা জগৰ লাগে নেকি? মোক বুদ্ধিজীৱী হোৱাৰ টিপছ দুটামান শিকাই দিয়া।

বুদ্ধি: ঠিক আছে বাৰু। কিন্তু জীৱী কথাটো পাছত। প্ৰথম কথা তোমাৰ বুদ্ধি অলপ আছে নে নাই? নে চোৰ গ’লেহে সেই পদ সামগ্ৰী ওলায়?

বুদ্ধু: মোৰ বুদ্ধি বহুত আছে। মোক তলা মাৰি ভিতৰত বন্দী কৰি থোৱা, মই দহমিনিটতে ওলাই আহিম। মোক নচলা ১০ টকা এটা দিয়া, মই বুদ্ধি কৰি চলাই দিম। দোকানীৰ বাচ্ছাই তলকিবই নোৱাৰিব।

বুদ্ধি: সেই জাতৰ বুদ্ধি নহয়। সেইবোৰ কূটবুদ্ধি- সেই চব ধূৰ্ত সমাজতহে চলে। ‘বুদ্ধিজীৱী’ কথাটো তেনেকুৱা নহয়। ই চিন্তা, ভাৱনা, কল্পনা, আৱেগ, অনুভূতি, উপলদ্ধি, সাহিত্য, শিল্প-কলা, দৰ্শন, বিজ্ঞান, জ্ঞান, তদং, ৰহস্য ইত্যাদিৰ এক বিশাল জগত ‘বুদ্ধিজীৱী’য়ে সামৰি লয়। বুদ্ধিজীৱীসকলে জ্ঞানেৰে টুপটুপীয়া, চিন্তাৰে টুপটুপীয়া, আৱেগেৰে জৰজৰীয়া, কল্পনাৰে ফৰফৰীয়া, চাকৰি-বাকৰিৰে গজগজীয়া, টকা-পইচাত অলপ চেৰচেৰীয়া, কামে-কাজে অলপ মেহমেহীয়া, মাতে-কথাই তহ-তহীয়া, ভাতে-পানীয়ে কহকঁহীয়া…

বুদ্ধু: ৰ’বাচোন, অলপ ধৈৰ্য ধৰা। গোটেইখন ‘ইয়া’ প্ৰত্যয় লগাই মোক বলিয়া নকৰিবা। ইমান সোপা ৰিপু, পুহকৰ, কলি, শনি, ভূত, প্ৰেত, জিন, বাক, দৌত সমস্তই বেৰি-কুৰি থাকে নেকি বুদ্ধিজীৱীসকলক? তেওঁলোকে প্ৰাণ ধাৰণ কৰে কেনেকৈ?

বুদ্ধি: বুদ্ধিজীৱীয়ে প্ৰাণ ধাৰণ নকৰে-মূৰ্তি ধাৰণ কৰে। কেতিয়াবা সৰ্বহাৰা, কেতিয়াবা দিশহাৰা, কেতিয়াবা বুৰ্জোৱা, কেতিয়াবা বুৰ নোযোৱা, কেতিয়াবা প্ৰগতিশীল, কেতিয়াবা ভকতিশীল, কেতিয়াবা জাতীয়তাবাদী, কেতিয়াবা হাতীয়তাবাদী, কেতিয়াবা সৰ্বভাৰতীয়, কেতিয়াবা খৰ্ব ভাৰতীয়, কেতিয়াবা বিশ্ব নাগৰিক, কেতিয়াবা নিঃস্ব নাগৰিক, কেতিয়াবা লাচিত বৰফুকন, কেতিয়াবা বদন বৰফুকন, কেতিয়াবা মণিৰাম, কেতিয়াবা ধনীৰাম, কেতিয়াবা মূলা গাভৰু, কেতিয়াবা উলা-মূলা গাভৰু, কেতিয়াবা দুৰ্গা, কেতিয়াবা মুৰ্গা, কেতিয়াবা শংকৰ, কেতিয়াবা ভয়ংকৰ, কেতিয়াবা কবি, কেতিয়াবা ধোবি, কেতিয়াবা গাল্পিক, কেতিয়াবা কালপ্ৰিট, কেতিয়াবা ৰোমান্টিক, কেতিয়াবা মৰ্মান্তিক, কেতিয়াবা ক্লাছিক, কেতিয়াবা গ্লাছিক……

☆★☆★☆

6 Comments

  • অভিজিত কলিতা

    অনন্য ভাষাৰ কৌশল চাৰ। বুৰ্জোৱা- বুৰ নোযোৱা। শাণিত ব্যংগ!!

    Reply
  • জয়ন্ত দাস

    ভাল লাগিল বুদ্ধিজীৱিৰ ৰূপ বোৰ৷

    Reply
  • হেমন্ত কাকতি

    মজা লাগিল ছাৰ!

    Reply
  • Rintumoni Dutta

    ক্ষুৰধাৰ ব্যংগ, খুব ভাল লাগিল পঢ়ি চাৰ

    Reply
  • অনুপম শইকিয়া

    ভাল লাগিল

    Reply
  • সদানন্দ ভূঞা

    মহাশয়, সুন্দৰ ভাষাৰ কৌশল । বহুত ভাল লাগিল ।

    Reply

Leave a Reply

Your email address will not be published.