ফটাঢোল

বেংকৰ বিলৈ – চিকু শৰ্মা

মই পইছা থ’বলৈ আমাৰ কাষতে থকা পাঞ্জাব নেচেনেল বেংকটোলৈ গʼলোঁ। ইফালে জেঠ মহীয়া মস্ত গৰম। পাংখা চলি থাকিলেও কোনোবাই ফুৱাই থকা যেন লাগে। এনেও জানেইতো সকলোৱে কিবা এটা ভুল হʼলেই বেংকৰ মানুবোৰে কেনেকৈ উঠে। ইফালে এই বেংকটোত এ চি ৰ ব্যৱস্থাও নাই। প্ৰায় এমাহমান আগতে বেংকৰ একাউণ্টবোৰ ৰন্ধনগেছ এজেন্সিৰ লগত সংযোগ কৰিব লগা হৈছিল। ৰন্ধন গেছ লোৱাৰ পিছত কিবা অলপ পইছা বেংকত সোমাইছিল।

মই পইছা জমা কৰা ফ্ৰমখন ফিলাপ কৰি শাৰীপাতি থিয় হৈ আছোঁ। মোৰ কাষতে থকা শাৰীটো আছিল পাচবুক আপ টু ডেট কৰা। এনেতে কৰবাৰ পৰা এগৰাকী তিৰোতাই হাতত ৰন্ধন গেছ এজেন্সিৰ বহী এটা লৈ লাইনত সোমাল। তিৰোতাগৰাকীয়ে বেংকৰ পাচবুকৰ সলনি গেছ এজেন্সিৰ বহীটো কিয় লৈ আহিছে, মই তাকে ভাবি কনফিউজাই আছোঁ। তাৰ পিছত মই থকা লাইনটো আগুৱাই গৈ থাকিল। মই গৈ কাউণ্টাৰ পালোঁ আৰু মই পইছাখিনি জমা থলোঁ। মই ভাৱিলোঁ বাপ্পেকে আজি মই এই গেছ এজেন্সিৰ মহিমা চাইহে যাম। সেই তিৰোতাগৰাকী কাউণ্টাৰ পোৱালৈ মই আপেক্ষা কৰি ৰʼলোঁ। তাৰ পিছতহে বুজি পালোঁ গেছৰ বহীৰ মহিমাটো!

তিৰোতাগৰাকীয়ে বহীটো কাউণ্টাৰত দি কʼলে,

: ছাৰ মই যোৱা কালি চিলিণ্ডাৰ লৈছিলোঁ, পইছাটো সোমোৱা বুলি মোবাইলত মেচেজ আহিছে। এতিয়া মোক গেছৰ বহীটো আপ টু ডেট কৰি দিয়ক চোন!

বেংকৰ মানুহজনে খঙতে কʼলে,

: বাইদেউ আপুনি বেংকৰ পাছবুকটো লৈ গৈ গেছ এজেন্সিত আপ টু ডেট কৰি আনক গৈ!

তেতিয়া তিৰোতাগৰাকীয়ে কʼলে,

: ছাৰ বেংকৰ পাচবুক কেনেকৈ গেছ এজেন্সিত আপ টু ডেট কৰিব?

বেংকৰ মানুহজনে আকৌ খঙতে কʼলে,

: গেছ এজেন্সিত বেংকৰ পাচবুক আপ টু ডেট নহয় বুলি জানে, কিন্তু গেছৰ বহীত যে পইছা জমা নহয় এইটো নাজানে! যাওক এতিয়া কি চাই আছে! নেক্সট….. কৰ পৰা যে আহে এইবোৰ……!

গেছৰ বহীৰ বিলৈ দেখি মই হাঁহি ৰখাব নোৱাৰিলোঁ! হাঁহি হাঁহি বেংকৰ পৰা ওলাই আহিলোঁ।

☆★☆★☆

5 Comments

Leave a Reply

Your email address will not be published.