ফটাঢোল

বেজৰ নাকত খৰ – অতুল নাথ

হায়াৰ চেকেণ্ডাৰীত পঢ়োঁতে আমি ৯ টাই একেলগে বুঢ়ী এগৰাকীৰ ঘৰত মেছ কৰি আছিলোঁ৷ বুঢ়ীৰ পুতেক বোৱাৰীয়েক টাউনত থাকে বাবে সমন্ধীয় ভায়েক
এটাক বুঢ়ীয়ে লগত ৰাখিছিল৷ বুঢ়ীক আমি আইতা বুলিছিলোঁ আৰু ভায়েক সকলোৰে ৰাজহুৱা মামা৷ বুঢ়ীৰ গৰুজনী জগিল, দমৰা পোৱালিটোও বেচ নোদোকা৷ গাখীৰও ভালেখিনি ওলাই৷ বুঢ়ীয়ে ৰাতিপুৱাই আমাৰ চকুৰ আগেদিয়েই জাৰটোত এজাৰ এজাৰ গাখীৰ খিৰাই লৈ যায়, কোনো দিন এক চাতাক গাখীৰ আমাক দি যোৱা নাই৷ মেছত থকা ল’ৰা, গাখীৰ দিয়া চাহ একাপ খাবলৈ আমাৰো মন যায়৷ আমিও বুঢ়ীক “ৰ’ গাখীৰ খুৱাম ভালকে” বুলি এশিকনি দিয়াৰ প্লেন বনালোঁ৷

ৰাতি দেৰিলৈকে যিয়েই পঢ়ে, সিয়ে গোহালিলৈ গৈ পোৱালীটো বান্ধৰ পৰা খুলি দিয়ে আৰু ৰাতিপুৱা সোনকালে উঠা কেটাই আকৌ বান্ধি থয় পোৱালিটো৷ বুঢ়ীয়ে ৰাতিপুৱা জাৰ লৈ গাখীৰ খিৰাবলৈ আহে হয় পিচে পোৱালিয়ে মাকৰ ওহাৰলৈ মুখেই নিনিয়ে৷ বেটাই ৰাতিটো পি থৈছে, ৰাতিপুৱা বুঢ়ীয়ে জোৰকৈ পিয়াব খুজিলে ক’ত পিয়ে? আমি আঁৰ চকুৰে কাণ্ড কাৰখানা চাই আমেজ লওঁ৷ বোলো “আমাক এটোপাল গাখীৰো নিদিয় নহয়, এতিয়া পা মজা৷” ইফালে পোৱালিয়ে চোৰকৈ খাবলৈ পাই গাখীৰে পেটত ধৰি তিনিদিন মানৰ পিছৰ পৰা চেৰেলিয়াবলৈ ধৰিলে৷ বুঢ়ী চিন্তাত পৰিল৷ চাৰিদিনৰ দিনা আমাৰ লগৰ দুটাক মাতি নি বুঢ়ী মামা দুয়োটাই ঘটনাটো ক’লে৷

আমাৰ ইহঁতেও বোলে “আইতা, বুজিছে আপোনাৰ মাক পোৱালি হালৰে কাৰোবাৰ মুখ লাগিছে৷” কথাষাৰ বুঢ়ীৰো মনে খালে৷ “হয় বুজিছাহঁত, আছে আমাৰ ওচৰতে শনাহী দুজনীমান৷ সিহঁতৰে কোনোবাজনীৰ লাগিল নজৰ৷” আইতাই হয়ভৰ দিলে৷ মই ক্লাছৰ পৰা আহি সোমাইছোহে মামা মোৰ ৰূমত হাজিৰ৷ বোলে “তোমাক বাইদেউৱে মাতিছে” বুলি কৈ মামা গ’লগৈ৷ ঘটনাৰ আগগুৰি বুজিব নোৱাৰি মই থৰ লাগিলোঁ৷ কথা কি? ইহঁত কোনোবাটোৱে বুঢ়ীক মোৰ বিষয়ে কিবা লগালেনেকি? ভাবি থাকোঁতেই এটাই আহি ক’লেহি বোলে “তই মুখলগা পানী জাৰি দিব জান বুলি আমি কৈ আহিছোঁ৷ তই চিন্তা কৰিব নেলাগে, ইতিমধ্যে আমি ব্যৱস্থা কৰিছোৱেই৷ সাক্ষী গোপাল হৈ তই পানীকন জাৰি দিলেই হ’ব৷ ৰাতিৰ কাৰ্য্যসূচী বন্ধ কৰিছোঁ, ইফালে পোৱালিটোক সুবিধা বুজি নেমুটেঙা এটা পুৰি ফাৰ্ষ্ট ডজ দৰৱ খুৱালোৱেই৷ “মইহেন নিমাখিতটোকহে তহঁতে ফচাবলৈ পালিহঁত?” পেটে পেটে সিহঁতক শাও দি বুঢ়ীৰ ওচৰলৈ গ’লোঁ৷ বাঃ কি ৰাজকীয় আদৰ আপ্যায়ন৷ মোক একেবাৰে
বুঢ়ীয়ে মাতি নি পাকঘৰত বহুৱাই লৈ আদ্যোপান্ত কৈ “অতুল, তোমাৰ ওপৰতে ভৰসা এতিয়া৷ মোৰ মাক পোৱালি দুটাক বচোৱা৷”

ময়ো গপচত ক’লো বোলো, “আইতা, অহংকাৰ নকৰোঁ যেনিবা, তেৰাৰ কৃপাত সেইকণ বিদ্যা হওঁতে আছে৷ ইহঁতে কৈছেই ছাগে৷ “অ’ আইতা, মই কিন্তু এইবেলা জৰাফুকা নকৰোঁ৷ কাইলৈ পূৱাই বাঁহীমুখে পানী জাৰিম৷ আপুনি পিতলৰ ঘটী এটাত বাঁহী পানী এঘটী থৈ দিব আজিয়েই৷”

পিছদিনা কাউৰী পূৱাতে বুঢ়ীৰ পাকঘৰত বহি চালৰপৰা খৰিকা তিনিডাল লৈ বাঁহী পানী ঘটী হাওঁ হাওঁকে হামিয়াই হামিয়াই মুখৰ ভিতৰতে কিবাকিবি
এগাল গাই পানীকণ জাৰি দি আইতাক বোলো, “বৰ বেয়া মুখ আছিল ঔ আইতা৷ দেখিলেনে জাৰি থাকোঁতে মুখ জপাব নোৱাৰাকে হামিমখা আহিল৷ এতিয়া বাৰু চিন্তাৰ কাৰণ নাই, মাত্ৰ আপুনি জৰা পানী অকনমান পোৱালিটোক খুৱাই, অকণমান চকু আৰু নাভিটোত লগাই দিব৷ ভগৱানৰ কৃপাত ভাল হ’ব” বুলি মই ৰূমলৈ আহি লগৰকেইটাক সবিশেষ ক’লোহি৷
সিহঁতে ৰাতিতে বুঢ়ীৰ গছৰ কাজিনেমু আনি পুৰিলৈ আৰু এপালি দৰৱ ইতিমধ্যে খুৱালেই হেনো৷ গতিকে মোক আশ্বাস দিলে বোলে “তোৰ জৰা পানী পেটত পৰাৰ আগতেই পোৱালি সুস্থ হ’ব তই নিশ্চিন্তে থাক”৷ ঠিক সেইদিনা আবেলিৰ পৰা পোৱালিটোৰ চেৰেলিওৱা বন্ধ হ’ল৷ তাৰ পিছৰ পৰা কৃতজ্ঞতা স্বৰূপে ৰাতিপুৱা সদায় মামাই মোক মাতি নি গৰম গাখীৰ এগিলাচ খুওৱা আৰম্ভ হ’ল৷ তাকে দেখি মোৰ লগৰ কেইটাৰ গাত পোৰণি৷ বোলে “তই বুঢ়ীৰ আশিকহে৷ গৰম গাখীৰ তোক নুখুৱাই আমাক খুৱাবনে?” পিচে আচল অধ্যায়টো আৰম্ভ হ’ল ভাদমহীয়াহে৷ নামঘৰত কিবা কথাত ওলাল এক্স প্ৰিন্সিপালৰ ঘৰৰ গৰুপোৱালিটোৰ মুখ লাগিল৷ আমাৰ আইতাই ক’লে চাগৈ “মোৰ মেছৰে ল’ৰা এটাই মুখলগা জাৰিব জানে” বুলি৷ মই আকৌ দুদিনমানৰ বাবে ঘৰলৈ গৈছিলোঁ৷ ঘৰৰ পৰা আহি পাওঁতেই আইতাই ক’লেহি বোলে” প্ৰিন্সিপালৰ ঘৈণীয়েকে তোমাক বিচাৰি আহিছিল মুখলগা পানী জৰাবলৈ৷”
ভৈয়াই, এতিয়াহে নিগমে মৰিলোঁ৷ আইতাক কাবৌকোকালি কৰি ক’লোঁ, “অ’ আইতা, ঘৰত এইবোৰ কৰা গম পালে মোক মৰিয়াই মাৰিব৷ আপুনি সেই মানুহ গৰাকীক ক’ব যে ল’ৰাটোৱে মেছ এৰি গ’লগৈ৷ মোক বচাওক, আপোনাৰ বিপদটো দেখিহে আপোনাৰ ঘৰত পানীজাৰি দিলোঁ, আনৰ ঘৰত সেইসব নকৰোঁ৷ আপোনাৰ চৰণত ধৰিছোঁ, বিপদত নেপেলাব মোক৷”

“তেন্তে হ’ব বাৰু” কৈ আইতাই সেই ফলা সামৰিলে৷ ময়ো সেইবাৰলৈ বাচিলোঁ, নহ’লে….

☆★☆★☆

2 Comments

Leave a Reply

Your email address will not be published.