ফটাঢোল

ব্যংগধাৰা – গীতাৰ্থী গোস্বামী

ব্যংগ শব্দৰ অৰ্থ হৈছে ব্যঞ্জনা কৰি হাস্যৰস সৃষ্টি কৰা। সাধাৰণতে আনৰ অনুকৰণৰ দ্বাৰা হাঁহিৰ খোৰাক যোগোৱাকে আদিতে ব্যংগ বোলা হৈছিল। লাহে লাহে কৌতুক বা হাঁহি উঠিব পৰা যিকোনো কথাকে ব্যংগ বুলি ধৰা হ’ল।

আদিকাব্য ৰামায়ণ আৰু মহাকাব্য মহাভাৰতৰ পাছত লৌকিক সাহিত্যত যিবোৰ কাব্য ৰচিত হৈছিল সেইবোৰৰ ভিতৰত নাট্যকাব্যসমূহত ব্যংগ বা ব্যঞ্জনাৰ প্ৰথম আবিৰ্ভাৱ ঘটে৷ প্ৰাচীন সংস্কৃত নাটকসমূহত ‘বিদূষক’ নামৰ এটা চৰিত্ৰ ৰখা হৈছিল। বিদূষক হাস্যৰস উদ্বেগকাৰী মন্ত্ৰী। নাটকৰ গম্ভীৰ বাৰ্তালাপৰ মাজে মাজে হাস্যৰসৰ বাবে কবিয়ে বিদূষকক উপস্থাপন কৰে। লাহে লাহে প্ৰায় সকলো নাটকতে এজন ব্যংগ চৰিত্ৰ ৰখাৰ পৰম্পৰা হ’ল।

ভাৰতত সাধাৰণতে নাটক, চিনেমা, দূৰদৰ্শন বা মঞ্চত থিয় দি নিজে হাঁহিৰ খোৰাক যোগাই হাস্যৰসৰ যোগান ধৰা হয়। মঞ্চত নিজে থিয় দি কৰা ব্যঞ্জনাত আদিতে ৰাজনৈতিক নেতাসমূহৰ ভাও দেখুওৱা হৈছিল। পিছলৈ যিকোনো হাঁহি উঠা গাজা কৈ মানুহক হঁহুৱাৰ পৰম্পৰা হ’ল। ভাৰতবৰ্ষত বহুতো হাস্যব্যংগৰস যোগানকাৰী গোটৰ সৃষ্টি হ’ল। মানুহে এনে গোটক আন্তৰিকতাৰে বিচৰা হ’ল৷ ব্যংগ ৰস সৃষ্টি কৰি মানুহক হঁহুৱাবলৈ ব্যংগ নাটক ৰচিত হ’ল। এনে নাটকৰ দ্বাৰা নাট্যকাৰে কৌতুকৰ যোগেৰে সমাজ সংশোধনৰ বাবে বাৰ্তা প্ৰেৰণ কৰা দেখা যায়। বিভিন্ন চৰিত্ৰৰ দৈহিক ভংগিমাৰে চিনেমাসমূহত ব্যংগ কৰা হৈছিল।

আমেৰিকাৰ চাৰ্লি চেপলিনৰ আৰ্হিত ভাৰতীয় চিনেমাত ব্যংগ চৰিত্ৰৰ সৃষ্টি হ’ল৷ হিন্দী চিনেমাত মেহমুদ, জনী ৱাকাৰ, কিশোৰ কুমাৰ, কাদেৰ খান আদিয়ে এটা সময়ত ব্যংগ চৰিত্ৰ ৰূপায়ণ কৰি দৰ্শকক চিনেমাৰ প্ৰতি আকৰ্ষিত কৰিছিল৷ পিছলৈ জনী লিভাৰে প্ৰায় সকলো চিনেমাতে ব্যংগ চৰিত্ৰৰ অভিনয় কৰিছিল। বৰ্তমান এনে বহু অভিনেতা আৰু অভিনেত্ৰীৰ হিন্দী চিনেমালৈ আগমন হৈছে। দক্ষিণ ভাৰতৰ বহুতো ব্যংগ অভিনেতাৰো হিন্দী চিনেমালৈ আগমন ঘটিছে৷ দূৰদৰ্শনত আজিকালি কেইবাটাও হাস্যব্যংগ অনুষ্ঠান সম্প্ৰচাৰিত হয়। তাৰে ভিতৰত ‘কপিল শৰ্মা শ্ব’ বিখ্যাত।

হাস্যব্যংগ কবিতাৰ দ্বাৰাও ব্যংগ সৃষ্টি কৰাৰ প্ৰথা আৰম্ভ হ’ল৷ এনে কবিতা পাঠ কৰি সমাজত শুনাই হাস্যৰস সৃষ্টি কৰাৰ লগতে সমাজক কৰ্তব্য আৰু দায়িত্ববোধৰ নিৰ্দেশ দিয়া হয়৷ অসমীয়া ভাওনাত ‘বহুৱা’ৰ সৃষ্টি বিদূষকৰ পৰাই হোৱা বুলি অনুমান কৰিব পাৰি। বৰ্তমান সামাজিক মাধ্যম ফেচবুক, হোৱাটচেপ আদিত ব্যংগধাৰাৰ বহুল প্ৰচলন দেখিবলৈ পোৱা গৈছে৷ নানা ধৰণৰ গোট গঠন কৰি মানুহে বিভিন্ন ৰসাল কথাৰ অৱতাৰণাৰে হাস্যৰস সৃষ্টি কৰে৷

হিন্দী সাহিত্যত ব্যংগ ৰচনাৰ যথেষ্ট আদৰ দেখিবলৈ পোৱা যায়৷ হাস্য কবি সন্মিলন পাতি কেৱল হাঁহিবলৈকে ঘণ্টাৰ পিছত ঘণ্টা মানুহ বহি থাকে৷

অসমীয়া সাহিত্যত হাস্য বা ব্যংগৰ প্ৰভাৱ কম৷ জোনাকী যুগৰ কেইজনমান মহাৰথীয়ে ব্যংগ সাহিত্য ৰচনা কৰিছিল৷ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱে অসমৰ মানুহে হাঁহিব নাজানে বুলি আক্ষেপ কৰিছিল৷ তেখেতে বহু গম্ভীৰ কথাও হাস্যৰসৰ দ্বাৰা উপস্থাপন কৰিছিল৷ বেজবৰুৱাদেৱৰ পাছত ব্যংগ সাহিত্য প্ৰায় নাই বুলিয়েই ক’ব পাৰি। হাস্যৰসৰ মাহাত্ম্য অনুধাৱন কৰি বৰ্তমান ব্যংগ নাটক, গল্প আদি পৃথিৱীৰ প্ৰায় সকলো ভাষাতে ৰচনা কৰা হৈছে৷ অসমীয়া ‘লিমাৰিক’ ৰচনা কৰি কেইজনমান অসমীয়াই অসমৰ পৰিবেশ-পৰিস্থিতিৰ বৰ্ণনা ধেমেলীয়াকৈ দিবলৈ সক্ষম হৈছে৷

ধেমেলীয়া কথা সাধাৰণ মানুহে সহজে বুজি পায়৷

বিজ্ঞানে প্ৰমাণ কৰিছে যে হাঁহিয়ে মানুহৰ আয়ুস বৃদ্ধি কৰে৷ হাঁহিলে মানুহৰ শৰীৰৰ অবসাদ দূৰ হৈ আঁহ-পাহ মুকলি হয়৷ হাঁহিলে মানুহ সুস্বাস্থ্যৰ অধিকাৰী হয়৷

আজিৰ ব্যস্ততাপূৰ্ণ জীৱনত সকলোৱে অলপ সময় উলিয়াই হাঁহিব খোজে৷ সেয়েহে যিকোনো হাঁহি উঠা কথাৰে নিজেও হাঁহি, আনকো হঁহুৱাই প্ৰফুল্লচিত্ত হৈ থাকিবলৈ আমি যত্ন কৰা উচিত৷

☆★☆★☆

One comment

  • ৰামানুজ

    ধুনীয়া প্ৰৱন্ধ….

    Reply

Leave a Reply

Your email address will not be published.