ফটাঢোল

ব্যংগ কি, কিয়, কেনেকৈ – অভিজিত কলিতা

(বি. দ্ৰ.- এই প্ৰবন্ধটি মূলতঃ ইণ্টাৰনেটত পোৱা বহু আলোচনাৰ সহায় লৈ তাৰ সাৰাংশ হিচাপে তৈয়াৰ কৰা হৈছে, ইয়াত প্ৰবন্ধ লেখকৰ নিজৰ অৱদান প্ৰায় শূন্য)

ব্যংগনো কি? ব্যংগ সাহিত্যৰ সংজ্ঞা আৰু কৌশলবোৰনো কেনে ধৰণৰ? এজন ব্যংগ লেখকে কোনবোৰ কথালৈ মন কৰিব লাগে, ব্যংগৰ বিৰুদ্ধে কোনোবাই আইনী ব্যৱস্থা ল’ব পাৰে নেকি? ব্যংগ সাহিত্যৰ কলাটিৰ উৎকৰ্ষৰ বাবে কেনেধৰণৰ অভ্যাসৰ প্ৰয়োজন? এই প্ৰবন্ধটিত তেনে কিছুমান প্ৰশ্নৰে উত্তৰ অন্বেষণ কৰাৰ প্ৰচেষ্টা কৰা হৈছে। লিখাটি প্ৰস্তুত কৰোঁতে মূলতঃ ইণ্টাৰনেটত উপলব্ধ ব্যংগ সাহিত্য সম্বন্ধীয় কেইটামান প্ৰবন্ধৰ সহায় লোৱা হৈছে।

প্ৰথমতে আমি জানিব খোজো ব্যংগ মানেনো কি? ‘ব্যংগ’ বোলোতে ইয়াত কেৱল ইংৰাজী Satire শব্দটোৱে সামৰি লোৱা সংজ্ঞাখিনিহে আলোচনা কৰা হৈছে। ৱিকিপেডিয়াত ইয়াৰ সংজ্ঞা দিয়া হৈছে এনেদৰে,

“Satire is a genre of literature, and sometimes graphic and performing arts, in which vices, follies, abuses, and shortcomings are held up to ridicule, ideally with the intent of shaming individuals, corporations, government, or society itself into improvement. Although satire is usually meant to be humorous, its greater purpose is often constructive social criticism, using wit to draw attention to both particular and wider issues in society.”

“ব্যংগ সাহিত্যৰ এক শৈলী বা কেতিয়াবা চিত্ৰ-ভাস্কৰ্য বা প্ৰদৰ্শনমূলক কলা, (সংগীত অভিনয় আদি) য’ত, কোনো পাত্ৰ বা ব্যৱস্থাৰ দোষ ত্ৰুতি, অপব্যৱহাৰ, ভুল আদিক উপহাস কৰা হয়; ইয়াৰ মূল উদ্দেশ্য কোনো ব্যক্তি, সংগঠন, চৰকাৰ বা সামাজ ব্যৱস্থাক লাজ দিয়াৰ ম্যধমেৰে সংশোধন আৰু উন্নতিৰ পথ দেখুওৱা। যদিও ব্যংগ মূলতঃ হাস্যৰসাত্মক হয়, ইয়াৰ বৃহত্তৰ উদ্দেশ্য কিন্তু বুদ্ধিমত্তাযুক্ত গঠনমূলক সামাজিক সমালোচনা, যাৰদ্বাৰা বিশেষ আৰু ব্যাপক দুই ধৰণৰ বিষয়বোৰৰ প্ৰতিয়ে সজাগতা সৃষ্টি কৰা।”

এই সংজ্ঞাটোৱেই আচলতে বহু প্ৰশ্নৰ উত্তৰ দিয়ে। এই সংজ্ঞাৰপৰা ব্যংগৰ কেইটামান বৈশিষ্ট চিনাক্ত কৰিব পাৰি,
১) হাস্যৰসযুক্ত
২) সমাজ সচেতন
৩) উদ্দেশ্যভিত্তিক
৪) বুদ্ধিমত্তাযুক্ত
৫) ধৰা-বন্ধা নিয়মৰ বাহিৰৰ
৬) সাহসী ইত্যাদি।

সফল ব্যংগত ইয়াৰ সকলো নহ’লেও কেইটামান বৈশিষ্ট থাকিবই লাগিব। ব্যংগ এক জনপ্ৰিয় সাহিত্য। কিন্তু ব্যংগ লিখিবলৈ অনুশীলনৰ প্ৰয়োজন। বহু লোকে ব্যংগ এক অতি কঠিন সাহিত্য শৈলী বুলি ক’ব খোজে, কিন্তু অনুশীলন কৰিলে এই শৈলীত সহজেই দক্ষতা আনিব পাৰি। অসমীয়া সাহিত্যৰ বাবে এক গৌৰৱ কৰিব লগা কথা এই যে, আধুনিক অসমীয়া সাহিত্যই পৰিপূৰ্ণ ৰূপ পাইছিল ৰসৰাজৰ ব্যংগৰদ্বাৰা। তাতে আমাৰ গ্ৰাম্য জীৱন আৰু প্ৰাচীন সাহিত্যও ব্যংগৰ উপাদানেৰে ভৰপূৰ। কিন্তু সাম্প্ৰতিক সময়চোৱাত ব্যংগই যথোপোযুক্ত গুৰুত্ব পোৱা নাই বুলি অনুভৱ হয়। অসমীয়া সাহিত্যত নতুন নতুন ব্যংগ লেখকৰ আগমন হোৱা বাঞ্ছনীয়। প্ৰবন্ধটি লিখাৰ উদ্দেশ্যই হ’ল, ব্যংগ লিখিবলৈ ইচ্ছুকসকলক উৎসাহ আৰু সাহস দিয়া, যাতে অদূৰ ভৱিষ্যতে আমি ‘ফটাঢোল’ৰ মজিয়াত উন্নততৰ ব্যংগ পঢ়িবলৈ পাওঁ। লগতে অসমীয়া সাহিত্যৰ প্ৰতিও আমাৰ সীমিত শক্তিৰে সামান্য বৰঙনি আগবঢ়াব পাৰো।

ব্যংগ লিখিবলৈ হ’লে প্ৰথম শিকিব লগা কথাটো হ’ল- যিকোনো ঘটনাক ব্যংগাত্মক দৃষ্টিৰে চাবলৈ শিকা। এইখিনিতে মন কৰিব লগা কথা হ’ল যে, ব্যংগ লিখা আৰু সাংবাদিকতা একে নহয়। সাংবাদিকৰ কাম হ’ল একোটা ঘটনা অবিকৃত ৰূপত উপভোক্তাৰ (দৰ্শক বা পাঠক) ওচৰলৈ লৈ যোৱা, আনহাতে ব্যংগ লেখোতাৰ কামেই হ’ল ঘটনাটো বিকৃত বা জোখতকৈ ডাঙৰ কৰি উপভোক্তাক আমোদ দিয়া আৰু লগতে ভাবিবলৈ বাধ্য কৰোৱা।

ব্যংগৰ কেইটামান আহিলা (tool) :-

হাস্য (Humour) :- ব্যংগৰ মূল আহিলাই হ’ল হাস্য। ব্যংগ লেখনি হাস্যৰসাত্মক হ’বই লাগিব। হাস্যৰস সৃষ্টিৰ বাবে অগতানুগতিক কথনশৈলী বা শব্দৰ প্ৰয়োগ কৰা হয়। কিন্তু কেৱল হাস্যৰসেই ব্যংগ নহয়। বহুৱাই বহুৱালি কৰি মানুহক হহুঁৱাব পাৰে, কিন্তু সেই বহুৱালী সদায় ব্যংগ হ’ব লাগিব বুলি কোনো কথা নাই। ব্যংগই প্ৰথমতে মানুহক হঁহুৱাব লাগিব, কিন্তু হাঁহি যোৱাৰ পাছত ভাবিবলৈ বাধ্য কৰোৱাব লাগিব। ৰসৰাজ বেজবৰুৱাৰ লেখনিত এনে উদাহৰণ ভৰি ভৰি আছে।

অতিশয়োক্তি (Exaggeration) :- এটা ঘটনা বা উক্তিক বাস্তৱতকৈ বহু বেছি ডাঙৰ কৈ উপস্থাপন কৰা, যাতে তাত থকা ত্ৰুটিবোৰ সহজে দৃষ্টিগোচৰ হয়। উদাহৰণ :- জোনাথন চুইফটে তেওঁৰ “এ মডেষ্ট প্ৰপ’জেল” নামৰ ব্যংগ লেখনিত (ইয়াক এন্ধাৰ ব্যংগ বা ডাৰ্ক হিউমাৰ বুলিব পাৰি। সেই সময়ৰ আয়াৰলেণ্ডত জনসংখ্যা বিস্ফোৰণ আৰু খাদ্যৰ নাটনিৰ সমস্যা অতি গুৰুতৰ হৈ পৰিছিল, অথচ সামন্তসকলে বিলাসী জীৱন যাপন কৰিছিল) সামন্তসকলক আক্ৰমণ কৰি লিখিছে যে, জনসংখ্যা নিয়ন্ত্ৰনৰ বাবে দুখীয়া পৰিয়ালৰ শিশুসকলক হত্যা কৰিব লাগে, তেতিয়া খাওঁতা কমি যাব আৰু সামন্তসকলে অধিক বিলাসেৰে জীৱন কটাব পাৰিব আৰু সেই মৃত শিশুৰ চালেৰে জোতা বা হাতমোজা তৈয়াৰ কৰি ঠাণ্ডাৰপৰাও হাত সাৰিব পাৰিব।

ই এক সুতীব্ৰ কিন্তু সমাজ সচেতন ব্যংগৰ উদাহৰণ।

বিড়ম্বনা (Irony) :- আইৰণি বা বিড়ম্বনাত শব্দ বা চৰিত্ৰবিলাক এনেধৰণে ব্যৱহাৰ কৰা হয় যে ইয়াৰ উদ্দেশ্যগত অৰ্থ সাধাৰণ অৰ্থৰপৰা একেবাৰে পৃথক। জীৱনত ঘটি থকা কিছুমান বৈপৰীত্যক হাস্যৰসাত্মক ভাৱে উপস্থাপন কৰাই আইৰণি বা বিড়ম্বনা। দুটামান বিড়ম্বনাৰ উদাহৰণ এনেধৰণৰ,
ক) কণাৰ নাম পদ্মলোচন হ’ব নোৱাৰে নেকি?
খ) মোৰ ল’ৰা-ছোৱালী দুটা অনবৰত কুকুৰ মেকুৰীৰ দৰে মিলাপ্ৰীতিৰে থাকে।
গ) ব্যস্ততাৰপৰা জিৰণি বিচাৰি বুলি ছুটি লৈ পাহাৰ বগাবলৈ গ’লো, পিছে আৰু বেছিহে ভাগৰি আহিলো।

ওলোটোৱা (Reversal) :- কিবা এটা ভাৱ বুজাবলৈ সাধাৰণতে ব্যৱহাৰ হোৱা ব্যাখ্যাৰ একেবাৰে ওলোটাকৈ কৰা উক্তি। উদাহৰণস্বৰূপে,

“মা মোৰ পৰীক্ষা বেয়া হ’ল।”
“হয়নে! খুব ভাল কৰিছ, মাৰ বাপেৰৰ নাম ৰাখিবি তই।”

ইয়াত মাকৰ কথাখিনিত ওলোটা উক্তি ব্যৱহাৰ কৰা হৈছে। ‘বৰ বেয়া কাম কৰিলি’ অৰ্থটো বুজাবলৈ তাৰ একেবাৰে ওলোটা অৰ্থৰ ‘বৰ ভাল কাম কৰিছ’ বুলি কোৱা হৈছে।

ব্যংগ-অনুকৰণ (parody) :- কোনো প্ৰতিষ্ঠিত কলা বা সাহিত্যকৰ্মৰ শৈলী, সুৰ আদি দেখ দেখকৈ অনুকৰণ কৰি তাক হাস্য বা ব্যংগ ৰূপত প্ৰতিষ্ঠা কৰা। যেনে, ভূপেন হাজৰিকা :-

অস্ত আকাশতে সপোন ৰহণ সানি
ক্লান্ত লুইতৰে হেঙুলীয়া পানী
বৈ হে যায়, বৈ হে যায়

দোস্ত হবিবুৰ ৰহমান :-

অস্ত আকাশতে মস্ত বেলি ডুবে,
নষ্ট হ’ল যে দিনটো মোৰ,
ভাবি কষ্ট লাগে লাগে।

অদ্ভূত (Absurdity) :- অপ্ৰাসংগিক বা অবিশ্বাস্য অভিব্যক্তি! উদাহৰণস্বৰূপে কৃপাবৰ বেজবৰুৱাই অসমীয়া জাতিৰ সোৰোপা আৰু গা এৰা দিয়া স্বভাৱ নোহোৱা কৰিবলৈ ৫০০ অসমীয়া ডেকা জাহাজেৰে ইংলেণ্ডলৈ লৈ গৈ সকলোকে একোজনীকৈ মেম বিয়া পাতি দি তেওঁলোকৰ বংশ বিস্তাৰ কৰাই এক নতুন প্ৰজাতিৰ অসমীয়া উৎপন্ন কৰাৰ পৰিকল্পনাটোৰ কথা ক’ব পাৰি। ব্যংগৰ সকলো আহিলা আৰু কৌশল কৃপাবৰৰ লেখাত পোৱা যায়।

বুদ্ধিমত্তা (Wit) :- কথিত অভিব্যক্তি যি সংক্ষিপ্ত আৰু অতিনাটকীয় Shock উৎপন্ন কৰিব পাৰে।

“কি কৰিছা বন্ধু?”
“শুই আছোঁ।”
“ঘৰতে নে?”
“নাই নহয়; এভাৰেষ্ট শৃংগৰ ওপৰত।”

বিদ্ৰুপ(Sarcasm) :- ই একধৰণৰ Irony য়েই, কিন্তু তাতকৈ বেছি বিদ্ৰুপাত্মক, এটা উদাহৰণ ল’ব পাৰি –

পত্নীঃ- কেনেকুৱা লাগিছে মোক?
পতিঃ- সাংঘাটিক, মইতো তোমাক চিনিয়েই পোৱা নাছিলো
পত্নীঃ- ঠাট্টা কৰিছা?
পতিঃ- নাই কৰা, মোৰ শপত
পত্নীঃ- তুমি ঠাট্টা কৰিছা মই জানো।
পতিঃ- তেন্তে হয়, কৰিছোঁ।

এনে বিদ্ৰূপৰ আন এটা বৰ সুন্দৰ উদাহৰণ অস্কাৰ ৱাইল্ডৰ এটা সৰু বাক্যত পোৱা যায়। তেওঁ লিখিছিল,

“I am not young enough to know everything.” (মই সকলো জানিব পৰাকৈ ডেকা হৈ থকা নাই।)

কথাষাৰ আৰু অলপ আলোচনা কৰা যাওক। মানুহৰ বয়সৰ লগে লগে জ্ঞান বুদ্ধি বৃদ্ধি পায়, সেয়া এক সত্য। ইয়াত লেখকে কথাটো ওলোটাকৈ কৈছে- কাৰণ তেওঁ এই যে ডেকা বয়সত মানুহৰ মই সকলো জানো, সকলো কৰিব পাৰো বুলি অহংভাৱ এটা আহে, তাক ব্যংগাত্মকভাৱে উত্থাপন কৰিব খুজিছে। পৃথিৱীৰ প্ৰায় সকলো বিখ্যাত লেখকৰে লিখনিত এনে সাৱলীল ব্যংগৰ সোৱাদ পোৱা যায়।

ষ্টেৰিঅ’টাইপ (Stereotype) :- কোনো অভিব্যক্তি অতি বেছিকৈ সাধাৰণীকৰণ কৰি তাৰ দুৰ্বলতাবিলাক দেখুৱা।

যেনে, এই উক্তিটো লোৱা হওক- “বৃটিছসকল অতি বুদ্ধিমান”। এয়া এক অতি বেছি সৰলীকৰণ। সকলো বৃটিছ বুদ্ধিমান হ’ব নোৱাৰে, ইংলেণ্ডতো নিৰ্বোধ লোক আছে। কোনোবাই বৃটিছসকলৰ অহেতুক স্বাভিমানক ইতিকিং কৰিব বিচাৰিলে এনে ষ্টেৰিঅ’টাইপ ব্যৱহাৰ কৰিব পাৰে।

ওপৰত কথাখিনি একেবাৰে চমুৱাই কোৱা হৈছে, ব্যংগৰ আৰু বহু দিশ আছে, বহু বৈশিষ্ট আছে, বহু কৌশল আছে, সেইবিলাক কেতিয়াবা পৰৱৰ্তী পৰ্যায়ত আলোচনা কৰিব পৰা যাব। এতিয়া যি সকলে ব্যংগ লিখিব খোজে, বা অনুশীলন কৰি আছে, তেওঁলোকৰ বাবে অলপ কথা পতা যাওক।

ব্যংগ লিখনিৰ বাবে পোন প্ৰথমে কেইটিমান দিশলৈ মনোযোগ দিয়া দৰকাৰ।

ক) বিষয় নিৰ্বাচন :- ব্যংগ লিখাৰ বাবে বিষয়বস্তু নিৰ্বাচন অতি গুৰুত্বপূৰ্ণ। ব্যংগত মন্তব্য থাকে, ব্যক্তিগত দৃষ্টিভংগী থাকে। সেয়ে সদায় এনে বিষয় বাচি লোৱা বাঞ্ছনীয় যাৰ ওপৰত লেখকৰ সম্যক জ্ঞান থাকে, বা লেখকে সেই বিষয়টো সন্দৰ্ভত আলোচনা কৰিবলৈ ভাল পায় আৰু লগতে পাঠকেও সেই বিষয়টোৰ সৈতে একাত্ম অনুভৱ কৰে। সেয়ে সাময়িক, জনপ্ৰিয় আৰু আলোচিত বিষয় হ’লে ভাল। অচিন বিষয় এটাৰ ওপৰত লিখা অতি ভাল ব্যংগও সফল নহ’ব পাৰে। সাম্প্ৰতিক ৰাজনীতি, ক্ৰীড়া, কলা, সমাজ ব্যৱস্থা আদি সফল ব্যংগ আলোচনাৰ বিষয় হয়।

খ) পাঠকৰ প্ৰত্যাশাৰ অনুমান :- কোনো লেখাই পাঠকৰ সঁহাৰি অবিহনে সফল হ’ব নোৱাৰে। সেয়ে লেখকে পাঠকৰ প্ৰত্যাশা বা মানসিক অৱস্থাৰ পূৰ্বাণুমান কৰিবলৈ চেষ্টা কৰিব লাগে। কথাটো সকলো লেখনিৰ বাবেই সত্য। পাঠকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি লেখনিৰ বিষয় বা শৈলী সলনি কৰা উচিত।

গ) লিখনিৰ সুৰ নিয়ন্ত্ৰণ :- ব্যংগ লিখনিত গভীৰতা নেথাকে বুলি ভবা একেবাৰে ভুল। কেৱল পাঠকক হহুঁৱাবৰ বাবে জোৰকৈ হাস্যৰস সৃষ্টি কৰা উচিত নহয়। ব্যংগ লেখনিত হাস্যৰস অন্তৰ্নিহিত হৈ থাকিলেও কথা নাই, পাঠকৰ অনুধাৱনৰ বাবে কিছু কথা এৰি দিয়া সফল ব্যংগৰ চিন। পাঠকজনে ব্যংগৰ ৰস পাবলৈ হ’লে তাৰ বক্তব্য বুজিব লাগিব আৰু নোকোৱাখিনিৰ মাজেৰে আচল কথাটো কৈ যোৱা বুলি অনুভৱ কৰিব লাগিব। ব্যংগৰ পাঠক বুদ্ধিমান। সেয়ে অশ্লীল বা ৰুঢ় বক্তব্য এৰাই চলিব লাগে, প্ৰতিটো কথা ব্যাখ্যা কৰাৰ প্ৰৱণতা এৰি চলিব লাগে। পাঠকে যদি লেখাটি পঢ়ি বাগৰি বাগৰি নেহাঁহেও তেনে কোনো কথা নাই, কিন্তু লেখাটো পঢ়ি উঠি যদি তেওঁ এক নতুন দৃষ্টিভংগীৰ সোৱাদ নেপায় বা চিন্তা কৰিবলৈ বাধ্য নহয়, তেনে সেয়া বিফল ব্যংগ হ’ব।

ঘ) আত্মপ্ৰশংসা (self glorification) বা নিজকে নিৰ্দোষ বুলি প্ৰতিষ্ঠা কৰাৰ প্ৰচেষ্টাৰপৰা বিৰত থকা :- মানুহে স্বাভাৱিকভাৱেই লেখনিৰ মাজেৰে নিজকে Justify কৰি বা আওপকীয়াকৈ নিজকে প্ৰশংসা কৰি ভাল পায়, প্ৰায় সকলো লেখনিতে এনে এটা দিশ থাকেই। কিন্তু ব্যংগ লেখকে এই দিশটোৰ প্ৰতি অতি সাৱধান হোৱা উচিত। লেখকে যদি প্ৰচলিত সমাজখনক ব্যংগ কৰিব বিছাৰিছে তেন্তে তেওঁ মনত ৰাখিব লাগে, তেঁৱো সেইখন সমাজৰে অংশ, গতিকে তেঁৱো সমান বিদ্ৰূপৰেই অধিকাৰী। লেখকে নিজৰ ওপৰতে বক্ৰোক্তি কৰা সফল ব্যংগৰ চিন। কম কথাৰে কোৱা ব্যংগ বেছি কাৰ্যকৰী হয়।

ব্যংগত সত্যৰ অপলাপ কৰাৰ স্বাধীনতা আছে, কিন্তু ব্যংগৰ উদ্দেশ্য সৎ হ’বই লাগিব। ব্যংগ লিখা সাংবাদিকতা নহয়, যে প্ৰতিটো সঁচা কথাই লিখিব লাগিব। ইয়াত অত্যুক্তি কৰিব পাৰি, বা কোনো দিশ ইচ্ছাকৃতভাৱে লুকুৱাব পাৰি বা প্ৰয়োজন সাপেক্ষে আপাতঃ অদৰকাৰী যেন লগা দিশটোতে সকলোতকৈ বেছি গুৰুত্ব দিব পাৰি।

ঙ) আইনী দিশ :- ব্যংগ লেখকসকল কেতিয়াবা আইনী যুঁজত সোমাই পৰিব লগা হয়, অৱশ্যে ভাৰতৰ দৰে গণতান্ত্ৰিক দেশত “মত প্ৰকাশ”ৰ অধিকাৰক মৌলিক অধিকাৰৰ মৰ্যাদা দিয়া হয়, তথাপিও ব্যংগই সীমা চেৰাই যোৱা অনুচিত। কিছুমান ক্ষমতাশালী লোকেও ব্যংগ লিখকক অনৰ্থক অসুবিধাত পেলাব পাৰে। অলপতে পশ্চিমবংগত এগৰাকী মহিলাই এখন মিম (Meme) প্ৰকাশ কৰাৰ কাৰণে ৫ দিন কাৰাগাৰত থাকিব লগা হ’ল। গতিকে ব্যংগ লিখকে সংবেদনশীল বিষয়বিলাক আলোচনা কৰোতে কিছু সাৱধানতা লোৱা ভাল, বা কিছুমান কথা অওপকীয়াকৈ কোৱাৰ চেষ্টা কৰিলে ভাল।
ব্যংগ লিখাৰ অনুশীলন কৰাৰ সময়ত কেইটামান অভ্যাস কৰা উচিত –

ক) সাময়িক ঘটনা প্ৰবাহৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখা

খ) নিজৰ দখলত থকা বিষয়সমুহ বাচি উলিওৱা আৰু সেই বিষয়ে যি পাৰি গৱেষণা কৰা

গ) বিষয়সমূহৰ ঐতিহাসিক ঘটনা প্ৰবাহৰ জ্ঞান আহৰণ আৰু তাৰপৰা ভৱিষ্যতে হ’ব পৰা সুফল কুফলৰ ব্যৱহাৰিক পূৰ্বানুমান কৰা।

ঘ) বিখ্যাত ব্যংগ লেখকসকলৰ ব্যংগ পঢ়া। ব্যংগ পঢ়া কামটো বৰ গুৰুত্বপূৰ্ণ, সেয়ে সাধাৰণ পাঠকে পঢ়াতকৈ ব্যংগ লেখকে বহু বেছি গুৰুত্বৰে আন ব্যংগ লেখনি পঢ়িব লাগে। পঢ়াৰ সময়ত নিজকে তলত দিয়া ধৰণে প্ৰশ্ন কৰিব পাৰে,

এই ব্যংগ লেখাটিয়ে প্ৰকৃততে কি বিষয় আলোচনা কৰিছে?

কোন শ্ৰেণীৰ পাঠকৰ প্ৰতি লক্ষ্য ৰাখি ব্যংগ লেখাটি লিখা হৈছে?

লিখকৰ উদ্দেশ্য কি, বা তেওঁ কোন দিশে নিজৰ সমৰ্থন বা বিৰোধ প্ৰকাশ কৰিছে।

আপুনি এই লেখাটি নিজে লিখিলে আৰু কি যোগ বিয়োগ কৰিলেহেঁতেন, এই লেখাটি লিখাৰ প্ৰয়োজন আছিলনে?

সামৰণি :

ব্যংগ এক জনপ্ৰিয় আৰু সমাজ সচেতন কিন্তু কঠিন কলা। সেয়ে ব্যংগ লিখিবলৈ কিছু পদ্ধতিগত অনুশীলনৰ প্ৰয়োজন। বৰ্তমান অসমীয়া সাহিত্যত সফল ব্যংগ লেখনিৰ অভাৱ দেখা গৈছে। সেয়ে ব্যংগ লিখিবলৈ ইচ্ছুকসকলে এই প্ৰবন্ধৰপৰা সামান্যতমো উৎসাহ পালে শ্ৰম সফল হোৱা বুলি ধৰিব পাৰিম।

☆★☆★☆

6 Comments

  • Suntu

    ভাল লাগিল দাদা

    Reply
  • Rintumoni Dutta

    ব্যংগ সাহিত্যৰ ন-শিকাৰুসকলক বহুত উপকৃত কৰিব এনেধৰণৰ লেখাই। ভাল লাগিল দাদা

    Reply
  • তৃষ্ণা সো

    বৰ ভাল লাগিল ব্যংগ সাহিত্যৰ তথ্য সম্বলিত প্ৰবন্ধ টো।

    Reply
  • চিদানন্দ বৰা

    সুন্দৰ বিশ্লেষণ !! ভাল পালোঁ পঢ়ি!!

    Reply
  • কমল তালুকদাৰ

    পঢ়ি বৰকৈ উপকৃত হলোঁ‌ দাদা , ব্যংগ সাহিত্যৰ নজনা দিশ কেইটামান সুন্দৰকৈ দেখুৱাই দিলে ।

    Reply
  • ছাৰ,উদাহৰণ বোৰ দিয়া বাবে লিখাটি বৰ ভাল লাগিল পঢ়ি

    Reply

Leave a Reply

Your email address will not be published.