ফটাঢোল

ব্যঙ্গ কিবা এটা – মৃদুস্মিতা বৰবৰা

কলেজৰ পৰা আহিয়ে মাক দেখিলোঁ বিছনাত তললৈ পেট পেলাই উচুপি আছে৷ চিৰিংকৈ মাৰিলে বুকুখন৷ মা কন্দাত ভাল৷ পৰিলেও কান্দে (পৰেও এমাহত এবাৰ মানকৈ), জোৰোণলৈ গৈ ইমান কান্দে যে মানুহে খবৰ কৰে দৰাটো বৰ বেয়া নি, দৰাঘৰীয়াই কইনাৰ মুখলৈ চাই প্ৰশ্ন কৰে-“ইনাই বিনাই কান্দিছে যে?” মুঠতে মুখখন মেলি যেনেকৈ কান্দে বাৰ বিয়াৰ ভিডিঅ’ মানুহক দেখুৱাবই নোৱাৰিলোঁ৷ লাজেই লাগে৷ জোৰোণখন কাটি দেখাওঁ৷

আজিও এয়া দহদিনৰ পৰা নৈমিত্তিক ঘটনা হৈছে৷ মা হয় মন মাৰি বহি থাকে নাইবা কান্দি থাকে৷ লাহেকৈ ক’লোঁ, মানুহ হোৱাহেঁতেন আজি দহা হ’লহেঁতেন৷ দমদমাই উঠিল৷ এই কথাই কথা নহয় বুলি ড্ৰাইভাৰ এজন বিচাৰিলোঁ৷ মাক উলিয়াই লৈ গ’লোঁ মোবাইলৰ দোকান এখনলৈ৷ এটি মোবাইল কিনি দিলোঁ৷ চিম এটা মামাৰ ল’ৰাটোৱে যোগাৰ কৰি দিলে৷ আহি ঘৰ পাই মাক মোবাইলৰ চিম এক্টিভ কৰি দিলোঁ৷ ১০ দিনত কান্দি কান্দি দুই কি:গ্ৰা: মান ওজন কমোৱা মাৰ দুখ আৰম্ভ হৈছিল দহ দিন মান আগত আমি পেৰেডাইজত ৰাতিৰ ভাত সাজ খাবলৈ যাওঁতে৷ মাৰ মোবাইলটো গাড়ীত উঠিবৰ সময়ত ৰাষ্টাত পৰি গ’ল৷ সেই দিন ধৰি আজি দহ দিনে না খাইছে না শুইছে৷ মাৰ হেনো হাতখন ছিঙি গ’ল৷ প্ৰথম মোবাইলটো হেৰালে দুখ লগাটো স্বাভাৱিক কিন্তু মাৰ সেই দুখ অলপ বেছিয়ে লাগিল৷

যি নহওক মায়ে মোবাইল পায়ে ফোন লগালে৷ দেউতালৈ লগোৱা বুলি ভাবি মই সিমান মন নকৰিলোঁ৷ কিন্তু আজি সাত বছৰ আগতেই সেই দিনটোত মায়ে কথা পতা ফোনটোৰ সাৰাংশখিনি এনেধৰণৰ আছিল-

“হেল্লো, আপুনি লৈ থকা মোবাইলটো মোৰ৷ এইটো মোৰ নম্বৰ৷ মোৰ ফোনটো পেৰাডাইজৰ সন্মুখত পৰি গৈছিল৷ মই FIR দি থৈছোঁ৷ আপুনি পালে বুলিয়েই আপোনাৰ হৈ নাযায়৷ মোক দি দিয়কহি৷ মোৰ ঘৰত বা মোৰ স্কুলত৷ তই চুৰ নি?”

ফোনটো কাটি দিলে৷পুলিছে সেইদিনা FIR দিওঁতে কৈছিল যে, এদিনতে দহটা মোবাইল হেৰায়৷ আমি বিচাৰি ফুৰিব নোৱাৰোঁ৷ এয়াৰচেললৈ ফোন কৰিলোঁ৷ কিন্তু কি কাৰণত নাজানো, তেওঁলোকে নম্বৰটো ব্লক নকৰিলে৷ পুলিছত ক’লোঁগৈ যে, চুৰে ফোন ৰিচিভ কৰি আছে৷ তেওঁলোকে ক’লে,

“যোৱাটো গ’ল৷ নম্বৰ এক্টিভ হৈ থকাটো এয়াৰচেলৰ দোষ৷ আপুনি FIR খন ভালকৈ ৰাখিব৷ আপোনাৰ অনিষ্ট নহয়”৷

ইয়াৰপিছত হে আচল কাহিনী আৰম্ভ হয়৷ মাৰ মোবাইলত পুৰণা নম্বৰটো “মোবাইল চুৰ” বুলি চেভ হ’ল আৰু যেতিয়াই দৰকাৰ হয়, ফোন কৰিবলৈ ল’লে৷ যেনে-ধৰক, ৰাতিপুৱা আমি নুঠোঁতেই মায়ে ফোন লগাব, “হেল্ল’, মই আপোনাৰ ফোনটোৰ মালিকে কৈছোঁ৷ তাত যে চেভ আছে সিংহা বুলি নম্বৰটো, মোক দিয়কচোন৷ গৰুজনীৰ গেছ হৈছে, সেইটো গৰু ডাক্টৰৰ নম্বৰ”৷ ফোন থৈ মায়ে পিতাক ক’ব জিৰা অলপ আনি দিয়কচোন৷ মোবাইল চুৰজনে ঘৰুৱা বিধান এটা দিছে৷ ভাল হয়েই কিজানি৷ এইফালে আমি হাঁহিত মৰোঁ মোবাইল হেৰুৱাৰ আগে আগে মায়ে মহিলা সমিতিত দিহা নামৰ প্ৰতিযোগিতা পাতি নিজৰ নম্বৰ দিছিল বাতৰি কাগজত৷ প্ৰতিযোগীয়ে ফোন কৰি সোধে নিয়মবোৰ৷ মায়ে ধুনীয়াকৈ মোবাইল চুৰক বুজাই দিলে নিয়ম৷ তেওঁ ফোন আহিলে ধৰি সুন্দৰকৈ বুজায় দিয়ে, “সময় ১০ মিনিট৷ এটা গ্ৰুপত সাতজনকৈহে পাৰিব” ইত্যাদি৷

আকৌ এদিন মায়ে ফোন কৰিছে, “হেল্ল’, মোৰ মোবাইলত লেবাৰ বুলি নম্বৰ এটা আছে, দিয়াচোন৷ ডাঙৰ ছোৱালীৰ বিয়া৷ কাম কৰা মানুহটোক এমাহমান থকাকৈ মাতি দিওঁ৷” ফোন থৈ ক’ব মোবাইল চুৰজনেই লেবাৰ এজন দিব৷ তেওঁৰ চিনাকি মানুহ এঘৰত থকা৷ বিশ্বাসী মানুহ দিব৷ অ’, আমাৰ পোন্দোৱাকৈ চোৱা চাৱনিৰ উত্তৰত মায়ে কয়, মোবাইল চুৰে কিন্তু সঁচাকৈয়ে বিশ্বাসী কাম কৰা মানুহ দিলে৷

এদিন মাৰ ফোনটো ৰিং হওঁতে দেখিলোঁ মোবাইল চুৰ৷ ময়ে খঙত উঠালো” ডাইৰেক্ট কৈছে,

“বাইদেউ আপোনাৰ গেটৰ ওচৰলৈ যাওকচোন৷ মাছ বিক্ৰী কৰিবলৈ আহি এজনে ফোন কৰিছে৷ মই আপোনাক কৈ দিছোঁ৷”

ওলাই গৈ মাছ বেপাৰীক ৰ’বলৈ ইংগিত দি ফোনত সুধিলো,

“কিয় আপুনি ফোনটো ঘূৰাই নিদিয়ে?”

মোক ক’লে,

“দুশ টকা দি টেম্পাৰড গ্লাচ আৰু ক’ভাৰ লগালোঁ, মই নিদিওঁ দেই আৰু মোৰ ঘৰ মৰিয়ণিত৷ ইয়াৰপৰা কেন্দুগুৰি বহুত দূৰ৷ মই বাইদেউৰ ফোন আহিলে নতুন নম্বৰটো দি দিওঁ৷ মই মানুহটো বেয়া হোৱাহেঁতেন বাইদেউক চেভ থকা নম্বৰ চাই দিয়াৰ পৰা নতুন নম্বৰ দি দিয়ালৈকে ইমানবোৰ কৰি নিদিওঁ৷”

মোৰ লগত মোবাইল চুৰৰ বাৰ্ত্তালাপ সিমানতে শেষ হ’ল৷ কিন্তু মোৰ মাৰ সেই বাৰ্ত্তালাপ ডেৰ বছৰ মান দিন ধৰি চলিছিল৷ কোনোবা দিনা ফোনত ইমানো পতা শুনিছিলোঁ,

“তুমি মোৰ নতুন নম্বৰটো মিনতি গোস্বামীক নিদিবা দেই৷ তেওঁক পূজাত নামৰ জাজ মাতিম কৈছিলোঁ৷ পিচে বৰ্ণালী পূজাৰীৰ মাকক পালোঁ, এওঁক নাপালোঁ৷ তুমি সেইটো ফোন দেখিলে মোৰ ফোন তুমি চুৰ কৰিলা আৰু নতুন নম্বৰ নাজানা বুলি ক’বা দেই৷”

সেই চুৰৰ লগৰ বাৰ্ত্তালাপখিনি আজিও মনত পৰে৷ সেয়া আছিল ২০১১ চনৰ কথা৷ মাৰ পিচে তাৰপিছতো তিনিটা মোবাইল হেৰাল৷ গাড়ীত যাওঁতে কোঁচত লৈ যায় আৰু পাহৰি নামি দিওঁতে তলত পৰি যায়৷ সদায় একে ধৰণেৰেই হেৰায়৷ স্কুলৰ প্ৰধান হোৱাৰ লগতে মহিলা সমিতি, লেখিকা সমাৰোহ, সাহিত্য সভা, কেন্দুগুৰিৰ যিকোনো অনুষ্ঠানত মা জড়িত হোৱাৰ বাবে দিনটোত প্ৰায় ৫০ টা মান ফোন আহে৷ চুৰজনে কেনেকৈ মাৰ ফোন ইমান ফোন ৰিচিভ কৰিলে তেওঁহে জানে৷ এয়াৰচেলক চাৰিবাৰ জনোৱাৰ পাছতো কিয় নম্বৰটো ব্লক নকৰিলে নাজানো৷ কিন্তু কথাখিনি সম্পূৰ্ণ সত্য৷

☆★☆★☆

11 Comments

  • হেমন্ত কাকতি

    মা কচম, তামাম ভাল লাগি গ’ল৷ চোৰ হলেও হেল্পফুল চোৰ!

    Reply
  • ৰিণ্টু

    এইটো কেনেকৈ ইমান দেৰি পঢ়া নাছিলো।

    বঢ়িয়া, সুন্দৰ । হাঁ‌হি মৰিছো পঢ়ি

    Reply
  • Gitarthi Goswami

    জমনি দেই

    Reply
  • Mridula

    ইমান ভাল চুৰ অ’ । বৰ ভাল লাগিল ।

    Reply
  • Anonymous

    কৃষ্ণহে বুলিলো আই

    Reply
  • Anjan Sadhanidar

    কৃষ্ণহে বুলিলো আই

    Reply
  • অনুৰূপ মহন্ত

    গোটতে পঢ়ি বৰ ৰস পাইছিলোঁ এইটো। আকৌ ৰস ললোঁ, বৰ ভাল লাগে এইটো।

    Reply
  • Suntu

    আপ্লুত হলো

    Reply
  • তৃষ্ণা

    চোৰটোক মৰম লাগি গ ল পাই,।

    Reply
  • সৌৰভ শৰ্মা

    ইমানদাৰ, ইজ্জতদাৰ চোৰ। বঢ়িয়া লাগিল।

    Reply
  • জয়ন্ত দাস

    মৰেল চোৰ৷ ভাল লাগিল

    Reply

Leave a Reply

Your email address will not be published.