ফটাঢোল

বৰযাত্ৰী– সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য

ল’ৰালিৰপৰাই তাৰ লগ বন্ধুৰ সংখ্যা তেনেই নামমাত্ৰ।মাক বাপেকে গাঁৱৰ বাকীবোৰ ল’ৰাৰ লগত তাক বৰকৈ মিলামিছা কৰিব নিদিছিল। ধনী ঘৰৰ একমাত্ৰ ল’ৰা কাজেই চাহাবী ঢং এটা সৰুৰ পৰা তাৰ গাত বিদ্যমান। ঘৰৰ বাহিৰ ওলাব পাৰিলেই লগৰীয়া বুলিবলৈ একমাত্ৰ ময়েই, বাকী গাঁৱৰ ল’ৰাবোৰে কোনেও তাক পাত্তা নিদিয়ে। এনেই ৰাজু ল’ৰাটো সিমান বেয়াও নাছিল কিন্তু মাক বাপেকৰ কথা বতৰাবোৰৰ বাবে বাকীবোৰ সমনীয়া ল’ৰাৰ মনত তাৰ প্ৰতি ভাল ভাব নোহোৱা হৈছিল। আটাইবোৰ সমনীয়া ল’ৰাই লগ হৈ কিবা বদমাছি কৰিলে ৰাজুক বাদ দি বাকীবোৰে শাস্তি ল’বলগীয়া হয়, ৰাজু সদায় বাপেকৰ প্ৰভাৱত দায় সাৰি যায়।

ক্লাছ ছিক্সত থাকোঁতেই ভেলাঘৰৰ বাবে বাঁহ চোৰ কৰি গাঁৱৰ নামঘৰত আটাইবোৰ ল’ৰাই কাণত ধৰি আঁঠু কাঢ়িছিলোঁ ৰাইজৰ সন্মুখত, সেইবাৰো ৰাজু সাৰি গ’ল। বাপেকে ৰাইজৰ সন্মুখত ক’লে ৰাজুক বোলে আমি লগৰীয়াবোৰেহে বেয়া কৰিলোঁ, এনেই সি বাঁহ কি বস্তু চিনিয়েই নাপায়।

সেই ল’ৰালিৰে পৰা ৰাজু প্ৰায় অকলশৰীয়াকৈয়ে চলি থাকিল, মাত বোল সকলোকে কৰে সি কিন্তু গুৰুত্ব কোনেও নিদিয়া হ’ল। হাইস্কুলীয়া শিক্ষা শেষ কৰি ৰাজু দিল্লী গ’ল পঢ়িবলৈ আৰু পঢ়া শেষ কৰি বাঙ্গালুৰুত চাকৰিও পালে। দুই তিনি বছৰৰ মূৰত ঘৰলৈ আহে যদিও এতিয়াও সেই আগৰদৰেই অকলশৰীয়াকৈয়ে চলি থাকে। ৰাজুৱে ভাল চাকৰি পোৱাত মাক বাপেকৰো অহংকাৰ বাঢ়িল আৰু আমি লগৰীয়াবোৰৰো নিৱনুৱা হৈ থাকিলে ঘৰত শুনিবলগীয়া গালিৰ পৰিমাণো বাঢ়িল। কথাই কথাই ঘৰৰ মানুহে ৰাজুৰ উদাহৰণ দিয়াত তাৰ প্ৰতি থকা ভাল ভাৱধাৰাবোৰো দিনে দিনে বেয়াৰ পিনে গৈ থাকিল।

আমাৰ লগৰীয়াবোৰৰ জলা জুইত ঘিউ ঢালি ৰাজুৱে এইবাৰ বিয়া পাতিবলৈ ওলাইছে। মোৰ বাহিৰে গাঁৱৰ ল’ৰা কাকোৱেই মাত বোল নকৰে কিন্তু বিয়া গাঁৱতেই পাতিব, খৰচ পাতি কমতেই হয় যে গাঁৱত, কৃপনালিও কম নহয় ৰাজুৰ।

বিয়াৰ এসপ্তাহৰ আগত ঘৰলৈ আহিয়েই মোৰ ওচৰলৈ দৌৰি আহিছে, সকলোৱে লাগি ভাগি বিয়াখন যেনেতেনে সমাপ্ত কৰি দিব লাগে। বিপদত পৰা মানুহক সহায় কৰিবলৈ মই সদায়েই সাজু, তাতেই ল’ৰালিৰ বন্ধু, সহায় নকৰি পাৰোঁনে?

: হৈ যাব ৰাজু, তই নিশ্চিন্তমনে থাক। খানা পিনাৰ পৰা ৰাতি বৰযাত্ৰী মেনেজ কৰালৈকে সকলোবোৰ দায়িত্ব মোৰ, তই মাত্ৰ পইচা খৰচ কৰিব লাগিব।

পইচাৰ কথা শুনিয়েই ৰাজুৰ মুখৰ মাত হেৰাল।ওলোটাই তাৰহে প্ৰশ্ন, পইচা আকৌ কিয় লাগে? খানাৰ যা যোগাৰ কৰিছেই, বৰযাত্ৰী যাবৰ বাবে দুখন বাছো ঠিক কৰিছে তাৰ বাপেকে, মানুহবোৰে লাগি ভাগি দিলেই হ’ল।

: খালি বাছ দুখন লৈ ছোৱালী আনিবলৈ যাবি নেকি তই?

মোৰ উত্তৰত ৰাজু থতমত খালে।

: পইচা দিলেও তোৰ বিয়াত দৰাৰ লগত যোৱা মানুহ নহ’ব, হেণ্ডিমেন ড্ৰাইভাৰ আৰু বেণ্ডপাৰ্টিক লগত লৈ হোমৰ গুৰিত বহিব লাগিব।

এইবাৰ ৰাজু সচাঁকৈয়ে চিন্তিত হ’ল।

: তই মেনেজ ক’ৰ দোস্ত কিবাকৈ, পইচা কিমান লাগিব?

: পঞ্চাশ হাজাৰ। দুখন বাছৰ মানুহ মেনেজ কৰিব লাগিলে পঞ্চাশ হাজাৰ কমেই হয়, তথাপিও তোৰ খাতিৰত মই বাকীখিনি পইচা নিজৰ পৰাই খৰছ কৰিম।

বহুসময় ধৰি দৰ দামৰ অন্তত পঞ্চাশ হাজাৰ টকা ৰাজুৱে মোক দিবলৈ মান্তি হ’ল, বিনিময়ত বৰযাত্ৰী হিচাবে ৰাজুৰ লগত পঞ্চাশজন অতিশয় ভদ্ৰ, অমায়িক তথা গপছ ল’ৰা ৰাজুৰ লগত লৈ যোৱাৰ দায়িত্ব মোৰ, ৰাজুৰ ইজ্জতৰ কথা আছে। ঠিকাৰ সম্পূৰ্ণ পইচা আগধন হিচাবে লৈ মই ভদ্ৰ ল’ৰা পঞ্চাশজন বিচৰাত লাগি গ’লোঁ, লগত মোৰ সেইসময়ৰ এচিষ্টেণ্ট মিকু। মিকুক দায়িত্ব দিলোঁ চল্লিশজনৰ।

এফালৰ পৰা লগৰীয়াবোৰক ফোন কৰি গৈছোঁ।কাৰোবাক অনুৰোধ কৰিছোঁ, কেইজনমানক বাকাৰ্দি নাইটৰ পাছ দিয়াৰ প্ৰলোভন দিছোঁ, কেইজনমানক ব্লেণ্ডাৰ্ছ প্ৰাইদ মিউজিক চিডিখন কিনি দিম বুলি কৈছোঁ, কেইজনমানক সুগন্ধিযুক্ত মণিপুৰী বাবাৰ প্ৰসাদ দিম বুলি কৈছোঁ, মুঠৰ ওপৰত ৰাজুৰ বিয়াত দৰাৰ লগত মানুহ নিবৰ বাবে চেষ্টাৰ কোনো ত্ৰুটি কৰা নাই মই আৰু মিকুৱে।

বহু অনুনয়-বিনয় আৰু দৰদামৰ শেষত আমাৰ বাল্যকালৰ বন্ধু চাৰিজন ক্ৰমে মৃদু, ৰাতুল, টিকলু আৰু বাবলু যাবলৈ সন্মত হ’ল, কিন্তু বাছত নাযায়, বাছত হেনো শতবাঁহীৰ সুৰ তুলিব নোৱাৰে। মাৰুতি ভেন এখন ভাড়া কৰিলোঁঁ সিহঁতকেইটাৰ বাবে৷ এইফালে মানুহ বিচাৰি মিকু হাইৰাণ, তাৰ লগৰ দহজনমানক মান্তি কৰাইছে নিজৰ দাদাৰ বিয়া বুলি কৈ। সাতে সোতৰই মিলি বিয়াৰ আগদিনালৈকে ত্ৰিশজনমান মানুহ ঠিক হৈছে।

বিয়াৰ আগদিনা সন্ধিয়া মিকুৱে এটা অদ্ভূত প্ৰস্তাৱ লৈ আহিল। ষ্টেশ্যন আৰু মাছৰ বজাৰৰ আশে পাশে ৰাতিপুৱাৰ পৰা ডেনদ্ৰাইট শুঙি থকা গেংটোৰ হানাপ্পা নামৰ লিডাৰজন তাৰ চিনাকি। হানাপ্পাই বিশজন ল’ৰা গোটাব পাৰিব, লোকেল চুলাইৰ সলনি মাথো বিলাতী মদ দিলেই হ’ব, অইন একো খৰছ নাই। অধিক লাভৰ আশাত ময়ো একেআষাৰে মিকুৰ প্ৰস্তাৱত সন্মতি দিলোঁ।

বিয়াৰ দিনা যথাসময়ত দৰাঘৰৰ সন্মুখত মানুহবোৰ গোট খালে। হানাপ্পা আৰু তাৰ টিমটোক সন্ধিয়াতে দুই কাৰ্টুন বিলাতী মদৰ সৈতে এখন বাছত উঠাই মিকুৱে সেইখন বাছৰ দায়িত্ব ল’লে। ৰাজুৱে বাছদুখনৰ মানুহবোৰ এবাৰ ভালকৈ হিচাব কৰি সকলোকে শান্তি সম্প্ৰীতি বজাই ৰাখিবলৈ কৈ নিজৰ বাবে সজাই থোৱা গাড়ীখনত উঠিল। ৰাজুৰ গাড়ী আগত, মিকুৱে হানাপ্পা বাহিনীটোৰ সদস্যবোৰৰ নিচাৰ পৰিমাণৰ উমান এটা লৈ আমাৰ গাড়ী আগবাঢ়িবলৈ ইঙ্গিত দিলে। মাৰুতি ভেনখনৰ আগৰ ছিটত মই। দিপলু, মৃদু, ৰাতুল আৰু বাবলু পিছফালে। অলপদূৰ গৈছোঁ মাত্ৰ বাবলুৱে মাত লগালে পিছফালৰ পৰা,

: এইটো ১০০ পাইপাৰ্ছ হ’বই নোৱাৰে, তই ঠগিলি আমাক, কিবা বেলেগ বেলেগ লাগিছে সোৱাদটো। ডিঙিটো চেকচেকাই গৈছে বে মোৰ।

: হয় বে মোৰো ডিঙিত ধৰিছে৷

এটা এটাকৈ আটাইকেইটাই একেলগে মোক জবাবদিহি কৰাব বিচাৰিলে।

: সদায় চুলাই খোৱাৰ জাত চাল্লা, দামী মদৰ সোৱাদ ক’ত বুজিবি। দামী বুলি গম পাই পানী নোহোৱাকৈয়ে মাৰিলি চাগে।

: পানী আছিল গাড়ীত, পানী মিক্স কৰাৰ পিছতো ডিঙিত ধৰিছে৷

ৰাতুলে পানীৰ বটলটো জোকাৰি জোকাৰি ক’লে পিছফালৰ পৰা।

: সেইটো ডিষ্টিল্ড ৱাটাৰৰ বটলহে আছিল, বেটাৰিত ভৰাবলৈ থৈ দিছিলোঁ মই৷ পানী নায়েই মোৰ গাড়ীত।

ড্ৰাইভাৰৰ উত্তৰত ইমানসময়ৰ চিঞৰ বাখৰ নিমিষতে গাড়ীৰ পিছফালে নোহোৱা হ’ল।

: ঐ গাড়ী ৰখা বে, কি হ’ব আমাৰ এতিয়া?

কৈয়েই দৰ্জা খুলিলেই বাবলুৱে। এটা এটাকৈ আটাইকেইটা নামি গ’ল, দীঘল দীঘলকৈ উশাহ লবলৈ ধৰিলে।

: ঐ দোস্ত, কিবা উপায় দে আমাক, মৰিলোঁ নহ’লে।আহিবই নালাগিছিল এই হাৰামীৰ বিয়াত৷

ৰাতুলে ক’লে।

: একো নাই। ডিষ্টিল্ড ৱাটাৰ ভৰোৱা হৈ গ’ল, তহঁতৰ বেটাৰীবোৰ ফুল চাৰ্জ হৈ গ’ল এতিয়া। গাড়ীৰ পিছে পিছে দৌৰি থাক, গাড়ীতকৈ আগত গৈ কইনাঘৰ পৌহুছি যাবি।

: ঠাট্টা নকৰিবি হাৰামী,পানী বিচাৰ এতিয়া ক’ত পাই।

মৃদুৱে গেৰগেৰাই উঠিল মোক।

: পথাৰত নামি যা, বৰো ধানৰ খেতিৰ মাজত দমক’ল থাকিবই।

আঁঠুৰ ওপৰলৈকে পেণ্ট কোচাই দিপলু নামিল পথাৰত হাতত খালি বটল দুটা লৈ।দহমিনিট মানৰ পাছত ঘূৰি আহিছে বিজয়সূচক ভঙ্গীমাত হাতত পানী দুবটল লৈ।ডিঙিলৈকে বোকাত লুতুৰি পুতুৰি, ধানৰ আলিত পৰিলেও চাগে দুবাৰমান।

: এই অৱস্থাত আৰু কইনাঘৰ যাব নোৱাৰি, ইয়াতেই ৰঙ্গীন হৈ ঘৰলৈ উভতি যাওঁ৷

দিপলুৱে প্ৰস্তাৱ দিলে।

: দৰাৰ লগত যাবলৈ আহি এই বাৰটা বজাতেই গৈ ঘৰ সোমালে ঘৰৰ মানুহৰো যে সন্দেহ হ’ব সেইটো খাটাং,অতিকমেও দুই বজাৰ আগত ঘৰ সোমাব নোৱাৰোঁ মই৷

বাবলুৱে ক’লে।

: ব’ল লাইন হোটেল বিচাৰোঁ৷ দিপলুৱেও এইবোৰ ধুই লওক আৰু তাতেই কিবা কিবি খাই ঘৰলৈ উভতি যাম।

কথামতেই কাম, বিচাৰি বিচাৰি লাইন হোটেল এখন পালোঁ আধাঘণ্টামান গাড়ীত যোৱাৰ পিছত, তাতেই ৰুটি মাংস খোৱা হোৱালৈকে প্ৰায় দুই বাজিলেই।তাৰপৰা উভতি ঘৰ পোৱালৈকে আৰু এঘণ্টাৰ সময়।তেতিয়ালৈকে সময়ৰ হিচাবটো মিলিয়েই আছিল।তিনিমান বজাত উভতি আহি ঘৰ পালেই হ’ল। তেনেতে মিকুৰ ফোন আহিল,

: দাদা, বিপদ হ’ল নহয়, আপোনালোক কিমান পাইছে।হানাপ্পা বাহিনীৰ এজনকো ভাত খুৱাব পৰাই নাই এতিয়াও, কইনাঘৰীয়াও ৰৈ আছে সকলোকে নুখুৱালৈকে সিহঁতেও হেনো ভাত নাখায়।

: কি হ’ল হানাপ্পা বাহিনীৰ?

: দাদা, খোজকাঢ়িব পৰা অৱস্থাত এজনো নাই।দুজনমানেহে আঠুকাঢ়ি ইফালে সিফালে অহাযোৱা কৰি আছে বাছৰ ভিতৰতে। মই খানাখোৱা ঠাইত পিছফালেদি যাব পৰা ৰাস্তা এটা বিচাৰি উলিয়াইছোঁ, থিয় হ’ব পাৰিলে ইহঁতক সেইফালেদি ভিতৰলৈ লৈ যাম, মেইন গেটেৰে এইকেইটাক লৈ গ’লে ৰাজুৰ বিয়া এতিয়াও কেনচেল হৈ যাব পাৰে।

: ভাত নাখালেও কথা নাই সিহঁতে, আমাৰ ঠিকাটো লগত যোৱা মানুহ যোগাৰ কৰাৰহে আছিল, হৈ গ’ল কাম শেষ। তুমি নিজে ভাত খাই বাছখন লৈ ঘূৰি আঁহা।

: কিন্তু দাদা, কইনাৰ বাপেকে বাৰে বাৰে সুধি আছে যে সেইখন বাছৰ মানুহবোৰে ভাত খালে নে নাই, মানুহজনে ইমান যা যোগাৰ কৰিছে এইবোৰ পেলনি গ’লে বেয়া লাগিব হে দাদা।

: মিকু, বিজনেছত ন’ ইমোচন, চল্লিছ হাজাৰৰ প্ৰফিট হৈছেই আমাৰ, টেনচন নল’বা, বাপেকক কোৱা যে সেইবোৰ ৰামনৱমীৰ ব্ৰতত থকা মানুহ, একো নাখায়, একমাত্ৰ আপোনাৰ হ’বলগীয়া জোঁৱাইৰ প্ৰতি থকা আন্তৰিকতাৰ বাবেহে আহিছে।

: হব দাদা, আপুনি নাযাব, পাঞ্জাৱ লাইন হোটেলতে ৰওক, মই ইহঁতবোৰক লৈ উভতি গৈ আছোঁ।

ৰাতিপুৱা চাৰিটা মান বজাত ষ্টেশ্যনৰ ভিতৰৰ পৰা মাল টনা ঠেলা দুখন আনি এটা এটাকৈ হানাপ্পা বাহিনীৰ সদস্যসকলক নমাই থৈ আহিলোঁ মই আৰু মিকুৱে। এইবোৰ কৰি আজৰি হোৱালৈকে দেখিলোঁ ৰাজুৰ গাড়ীও আহি গাঁও সোমাইছে। গাড়ীৰ ভিতৰৰ পৰা বুঢ়া আঙুলিটো উপৰমুৱাকৈ দি ৰাজুৱে মোৰফালে যিটো কৃতজ্ঞতাসূচক ইঙ্গিত দিলে মই বুজিলোঁ পঞ্চাশজন অতিশয় ভদ্ৰ আৰু অমায়িক বৰযাত্ৰীৰ লগত যোৱাৰাতি কৰা যাত্ৰাটোৰ বাবে সি অত্যন্ত সুখী।

☆★☆★☆

2 Comments

Leave a Reply

Your email address will not be published.