ফটাঢোল

বৰুৱাৰ ডায়েৰী(নিমিলা অংক) – মৃদুল নাথ

যোৱা দুদিনমানৰ পৰা বৰুৱাৰ মনটো সিমান এটা ভাল নহয়। এনেয়ে অফিছত ইমান কামৰ বোজা, তাতে আকৌ যোৱাকালিৰ পৰা মানুহজনী ৰোহঘৰত সোমাইছে। ঘৰখনৰ কাম বিলাক অবশ্যে ঠিকেই চলি আছে৷ ৰাতিপুৱাৰ জলপান, দুপৰীয়াৰ টিফিনকে আদি কৰি ৰাতিৰ সাঁজটোলৈকে সকলোখিনি বৰুৱাই সময়মতে পাই আহিছে। পিচে হ’লে কি হ’ব! মুখৰ মাতষাৰ নাই, বৰুৱাৰ লগত মানুহজনীৰ মাতবোল একেবাৰে বন্ধ। মানুহজনী যেন সাইলাখ নিমাতী কইনাহে হ’ল। আজি ৰাতিপুৱা খোৱা টেবুলত বহি বৰুৱাই ধৰিবকে পৰা নাই যে প্লেটখনত সজাই দিয়া লুছি কেইখন বেছিকৈ ফুলিছে নে মানুহজনীৰ মুখখনি।

কথাটো অবশ্যে খং উঠিবলগীয়া। মিচেছ বৰুৱাৰ ভায়েকৰ বিয়া অহা সপ্তাহত। আজি এমাহ আগৰে পৰাই মানুহজনীয়ে ভাবি আছিল যে বিয়াৰ নাই কমেও পোন্ধৰ দিন মান আগতে মাকৰ ঘৰ গৈ ওলাবগৈ। লগতে এইটোও বিছাৰিছিল যে বৰুৱাই এসপ্তাহ মান ছুটি লৈ বিয়াখনত ভালকৈ লাগি দিব। বিয়া এখন বুলিলে ঘৰ এখনত কামৰ অন্ত নাথাকে, বজাৰ সমাৰৰ পৰা ইটো সিটো ঢেৰ কাম। মিচেছ বৰুৱাই নিজেও একোৱে বজাৰ কৰিব পৰা নাই। নাই কমেও তিনিযোৰ পাটৰ কাপোৰ ল’ব লগা আছে৷ এযোৰ জোৰোণত পিন্ধিবলৈ, এযোৰ বিয়াত আৰু এযোৰ অভ্যৰ্থনাৰ দিনা। কাপোৰ তিনিযোৰৰ ৰং আৰু ব্লাউজৰ ডিজাইন পৰ্যন্ত মনতে ভাবি ৰাখিছে। তাৰ লগত মিলাই কাণৰ ইয়াৰিং আৰু খুচুৰ খাচাৰ কিমান যে বজাৰ এতিয়াও বাকী আছে। পিচে ইমান দিন আগৰে পৰা প্লেনিং কৰিও আজিলৈকে একো এটাই হৈ নুঠাৰ বাবে খং উঠাটো তেনেই স্বাভাৱিক।

ঘৰখনৰ একমাত্ৰ জোৱাই হিচাপে বিয়াখনত বহুত গধুৰ দ্বায়িত্ব এটা আছে বুলি বৰুৱাই নিজেও বুজে, কিন্তু একেখিনি কথা বৰুৱাৰ বছজনে নুবুজে। বুজিবনো কেনেকৈ সেই ডাং বৰলা মানুহজনে! নতুনকৈ বদলি হৈ অহা ডেকা অফিছাৰজন বৰ কাঢ়া মেজাজৰ৷ একো কথাই শুনিব নিবিচাৰে, অকল কাম লাগে। কথাই কথাই ‘শ্ব কোজ’ দিওঁ দিওঁ কৈ থাকে। আজি এমাহে সবেই ত্ৰাহি মধুসূদন সুঁৱৰি আছে। বৰুৱাই চেষ্টা নকৰাকৈ থকা নাই, পিচে অকল দুদিনৰ বাবেহে ছুটী পাইছে। বছ’ৰ চিধা কথা, গুৱাহাটীৰ পৰা ৰঙিয়ালৈ এঘণ্টাৰে বাট নহয়। বিয়া আৰু অভ্যৰ্থনাৰ দিন দুটাৰ বাবে দুদিন ছুটীয়ে যথেষ্ট।

বিষণ্ণ মনেৰে বৰুৱাই টিফিনটো লৈ অফিছলৈ বুলি ওলাল। আনকালে হাঁহিমুখেৰে মানুহজনীয়ে গেটখনলৈ বুলি আগবঢ়াই দিয়ে৷ আজি পিচে হাঁহিমুখখন দেখাতো দূৰৰে কথা, ফুলামুখখন দেখাৰ সৌভাগ্যকণো নহ’ল। অফিছলৈ আহি ফাইলৰ দমটোত মূৰটো সোমাব খুজি বৰুৱাই আজি এতিয়ালৈকে ঠিৰাং কৰিব পৰা নাই যে কোনখন ফাইলত আগতে হাত দিব। প্ৰতিখন ফাইলৰ ওপৰতে এটা এটা সৰু ষ্টিকাৰ লগাই থোৱা আছে, য’ত ৰঙা আখৰেৰে ডাঙৰকৈ লিখা আছে ‘মষ্ট আৰ্জেণ্ট’।

হাতেৰে যিখন ফাইল সহজতে ঢুকি পায়, সেইখন সন্মুখলৈ টানি আনি বৰুৱাই চকু ফুৰাব ধৰিলে৷ নাই, একো এটাই মূৰত সোমাব নুখুজে! খঙতে ফাইলটো থপকৈ বন্ধ কৰি য’ত আছে তাতে থৈ ফাইল অনা নিয়া কৰা পিয়ন ল’ৰাটোক চিঞৰি মাতিলে,

: ঐ ৰবীন, কাৰ মূৰটো কৰি আছ? চাহ একাপ দিব পৰা নাই এতিয়ালৈকে?

লৰালৰিকৈ ওচৰলৈ আহি ৰবীনে ডিঙিৰ সেপ ঢুকি লাহেকৈ সুধিলে,

: বৰুৱা ছাৰ, আপুনিতো সচৰাচৰ এইখিনি সময়ত চাহ নাখায়। দুদিন মানৰ পৰা বৰ অশান্তিত দেখিছোঁ আপোনাক। ঘৰত কিবা লাগিছে যেন পাইছোঁ বাইদেউৰ লগত।

বৰুৱাৰ খংটো আকৌ টিঙিচকৈ উঠিল। ৰুদ্ৰ মূৰ্তি ধৰি বৰুৱা চিঞৰি উঠিল,

: হেৰৌ, মোৰ চাহ খোৱা মোড কি তোক সুধি পেলাই আহিব? মোৰ ঘৰত ৰামায়ণ চলিছে নে মহাভাৰত চলিছে তই তাত মূৰ সোমোৱাবলৈ কোন?

ৰবীন একেবাৰে তৰা নৰা ছিঙি পলাল। বুজিলে, আজি এইজনা সাক্ষাৎ মহাকালৰ ৰূপ লৈছে! অলপ পিছত সেমেনা সেমেনিকৈ আহি ৰবীনে চাহ একাপ দিলে। চাহৰ কাপটো মুখত দিয়েই বৰুৱা পুণৰ গৰজি উঠিল,

: হেৰৌ, তই এয়া চাহ বনাইছ নে চেনী পানী। ইমানকৈ যে চেনী সোপা দিছ, মোক কি ডায়েবেটিজ কৰি মাৰিব খুজিছ। আঁতৰ হ এতিয়াই ইয়াৰ পৰা।

কন্দনামুৱা হৈ ৰবীনে চাহকাপ লৈ গুছি গ’ল। ওচৰত থকা সহকৰ্মী কেইজন অলপ আচৰিত হ’ল৷ কাৰণ স্বল্পভাষী আৰু অমায়িক স্বভাবৰ বৰুৱাৰ আজিৰ এই ৰূপ একেবাৰে অপ্ৰত্যাশিত। ছুটী নোপোৱাৰ বাবে বৰুৱাৰ মনটো যে বেয়া সেয়া সকলোৰে জ্ঞাত৷ পিচে সেই ক্ষোভৰ এনেদৰে বহিঃপ্ৰকাশ ঘটিব বুলি ভবা নাছিল। ক্ষোভবোৰে আৰু বা কি ৰূপ লয় সেইটো ভাবি ভয়তে কোনো ওচৰলৈ আহি বৰুৱাক সান্তনা দিবলৈ সাহস কৰা নাই। সকলোৱে দূৰৰ পৰাই সমবেদনাৰ চাওনিৰে চাই আছে বৰুৱাৰ ফালে।

দুপৰীয়া পৰ্যন্ত বৰুৱাই একো এটা কাম আগবঢ়াই নিব পৰা নাই। অথনি ৰবীনক ইমান কঠোৰভাৱে ব্যৱহাৰ কৰি এতিয়া নিজৰে বেয়া লাগিছে৷ উৰহৰ খংটো ভগা ঢাৰিখনৰ ওপৰত জাৰিনো কিটো হ’ব! বৰুৱাৰ নিজৰে যদিও খাবলৈ একো মন যোৱা নাই, পৰিবেশটো অলপ সলনি হওঁক বুলি টিফিনৰ মোনাখন খুলিবলৈ ধৰিলে। বাটিকেইটা টেবুলত ৰাখিবলৈ লওঁতেই বৰুৱাই দেখিলে মোনাটোৰ ভিতৰত ভাজ কৰি থোৱা বগা কাগজ এখন৷ খুলি চাই হাতৰ আখৰৰ পৰাই বৰুৱাই বুজিলে সেয়া মানুহজনীয়ে তেওঁলৈ লিখা এখন চিঠি। চিঠিখনত লিখা আছিলে,

“মোৰ হাতৰ খোৱা আৰু আশা নকৰিব। যদিহে আজিৰ ভিতৰত এসপ্তাহৰ ছুটী যোগাৰ কৰিব নোৱাৰে, অহাকালিৰ পৰা মোক ঘৰত নেদেখে। ৰাতিপুৱাই মাৰ ঘৰলৈ যাম, ঘূৰি আহিম বুলি আশা নকৰাই ভাল। এই টিফিনটোৱে মোৰ হাতৰ অন্তিম সাঁজটো বুলি ভাবিব। মোৰ কথা শিলৰ ৰেখা বুলি জানিব।”

চিঠিখন পঢ়ি বৰুৱাই মূৰে কপালে হাত দিলে। টিফিন বাটি কেইটা যেন মূৰৰ চাৰিওফালে চক্ৰাকাৰে ঘূৰিব ধৰিছে। টিফিনটো খুলি চাবলৈকো বৰুৱাৰ সাহস হোৱা নাই। তেনেতে অফিছৰ ফোনটো বাজি উঠাত অনিচ্ছা স্বত্বেও ফোনটো উঠাই কোনোমতে কলে,

: হেল্ল’।

: বৰুৱা, আপুনি অলপ আহকচোন এতিয়াই মোৰ কেবিনলৈ।

বছ’ৰ মাত শুনি বৰুৱাৰ খং মূৰৰ চুলিৰ আগ পালেগৈ। চিঠিখন হাতত লৈ একেকোবে গৈ বছ’ৰ কেবিনত সোমাল, অনুমতি লোৱাৰো প্ৰয়োজন বোধ নকৰিলে। বৰুৱাৰ ৰূপ দেখি মানুহজনে অলপ থতমত খালে। পিচে লগে লগে সেই ভাব লুকুৱাই গহীন স্বৰেৰে কলে,

: কি হৈছে আপোনাৰ বৰুৱা? ৰবীনক ক’লোঁ আপোনাক মাতি দিবলৈ, সি কোনোমতে আপোনাৰ ওচৰলৈ নাযায়। আনকি মোকো বাৰে বাৰে কৈছে আজি যেন ভুলতো আপোনাৰ মুখামুখি নহওঁ। আকাশখন কিবা ভাঙি পৰিল নেকি আজি?

মানুহজনৰ কথাখিনিয়ে যেন জ্বলা জুইত ঘিঁউহে ঢালিলে।

: পৰিল ছাৰ, আকাশখন ভাঙি পৰিল আজি মোৰ মূৰৰ ওপৰত। মানুহজনীয়ে ডিভোৰ্চ নটিচ দি পঠিয়াইছে, হয় ছুটী নহয় ডিভোৰ্চ। পিচে আপুনি কিডাল বুজিব ডিভোৰ্চ নটিচ কি বস্তু। মইতো কৈছোঁ ছাৰ, ভালেই হৈছে আপুনি এতিয়াও ডাং বৰলাটো হৈ আছে। মোৰ নিছিনা দুৰ্গতি যেন আপোনাৰ নহয় কেতিয়াও। মই মূৰৰ চুলি ছিঙি আপোনাক আশীৰ্বাদ কৰিছোঁ, আপুনি যেন সদায় ডাং বৰলাটোৱে হৈ থাকে।
একে উশাহতে কথাখিনি কৈ বৰুৱাই ফোপাই ফোপাই মূৰৰ দুডালমান চুলি ছিঙিবলৈ চেষ্টা কৰিলে।

বৰুৱাৰ এই মহাকাল ৰূপ দেখি মানুহজনে প্ৰমাদ গণিলে, বুজিলে ৰবীনে এনেয়ে সাৱধানবাণী শুনোৱা নাছিল। লৰালৰিকৈ মানুহজনে বহাৰ পৰা উঠি বৰুৱাক বহিবলৈ দি নিজৰ বাবে ৰখা পানী গিলাছ আগবঢ়াই দিলে। একেঘোটে পানী গিলাছ পি খাই উঠি বৰুৱা আকৌ মূৰে কপালে হাত দি বহিলে। ফোপোনিটো অলপ কমি যোৱা যেন পাই মানুহজনে কলে,

: বৰুৱা আপুনি ইমান টেনশ্যন নল’ব, ইমান খং ভাল নহয়। আপোনাৰ এসপ্তাহৰ ছুটী মই এতিয়াই মঞ্জুৰ কৰিছোঁ। একেবাৰে বিয়া শেষ কৰি আহি কামত লাগিব। কেবল মোৰ এটাই অনুৰোধ, দয়া কৰি অলপ আগতে দিয়া আশীৰ্বাদটো আপুনি ঘূৰাই লওক।

বছ’ৰ কথাখিনি শুনি বৰুৱাই নিজৰ কাণ দুখনকে বিশ্বাস কৰিব পৰা নাই। আৰু এগিলাছ পানী খাই বৰুৱাই স্বাভাৱিক হৈ ক’লে,

: ছাৰ, বিয়াত কিন্তু আপুনি আহিবই লাগিব। আপোনাৰ ভাগৰ চিঠিখন মোৰ ড্ৰয়াৰতে আছে, এতিয়াই লৈ আহিছোঁ। আৰু এটা কথা ছাৰ, বিয়া পাতিলেহে বুজিব খুলশালীৰ মাহাত্ম্য কিমান।

বছ’ৰ কেবিনৰ পৰা ওলাই আহিয়েই বৰুৱাই ৰবীনক ওচৰলৈ মাতি হাঁহি এটা মাৰি কলে,

: যা, চাহ একাপ বনাই আন। চাহত চেনি অলপ বেছি হলেও কথা নাই।

হাঁহি এটা মাৰি ৰবীন গুছি গ’ল। টেবুলখনৰ ওপৰত ইমান সময় গৰাকী বিহীন নিচিনাকৈ সিচৰিত হৈ থকা টিফিন বাটিকেইটা দেখি বৰুৱাই অনুভৱ কৰিলে যে তেওঁৰ ভালেখিনি ভোক লাগিছে! বাটিকেইটা খুলি থাকোঁতে বৰুৱাৰ মনলৈ ভাব এটা আহিল, খং নামেই চণ্ডাল বুলি যদিওবা মানুহে কয়; পিচে সময় সাপেক্ষে কেতিয়াবা চণ্ডাল হোৱাৰো প্ৰয়োজন আছে!

☆★☆★☆

3 Comments

  • হেমন্ত কাকতি

    বেছেৰা বৰুৱা৷ ৱাইফৰ ডিমাণ্ড আগত, তাৰ পিচতহে বছ৷ খুু লখালিৰ কথাও আছে৷ বৰলা বছ কাৰনে নুবুজে৷

    তামাম লাগিল গল্পটো৷

    Reply
  • Anonymous

    মজা..

    Reply
  • জয়ন্ত দাস

    মজা৷ চুলি চিঙি বছক আশীৰ্বাদ দিয়া মুহূৰ্ততো কল্পনা কৰিছো৷

    Reply

Leave a Reply

Your email address will not be published.