ফটাঢোল

ভক্ত– ধ্ৰুৱজ্যোতি অৰ্জুনা

শাস্ত্ৰৰ মতে যি কোনো এক বিশেষ শক্তিৰ যেতিয়া আৰাধনা কৰা হয় তেওঁকে ভক্ত বুলি কোৱা হয়। ভক্তজনে যাক আৰাধনা কৰে তেওঁক কায়মনোবাক্যে ভাল পায়। তেওঁৰ প্ৰতি সামান্য বিষোদ্বগাৰ কৰা বাক্যও সহিবলৈ টান পায়। সেই সময়ত ভক্তসকলে বিশেষকৈ ঈশ্বৰৰ আৰাধনা কৰিছিল। প্ৰত্যেকজন ভক্তই ঈশ্বৰৰ কোনো বিশেষ স্বৰূপৰ ভক্ত আছিল। ঈশ্বৰে বহুসময়ত সাক্ষাত দি তেওঁলোকৰ অচলা ভক্তিৰ বিনিময়ত বৰ দি ভক্ত সকলক তৃপ্ত কৰিছিল।

যুগৰ পৰিৱৰ্তনৰ লগে লগে ঈশ্বৰে সোঁশৰীৰেৰে দেখা দিয়াটো অলীক হৈ পৰিল। তাৰ লগে লগে ভক্ত সকলৰো পৰিৱৰ্তন হ’ল। ঠিক যেন ডাৰউইনৰ “এডাপটেচন” থিয়’ৰিটোৰ দৰে! ঈশ্বৰৰ ঠাই ল’লে পাৰ্থিৱ ভোগ-বিলাস সহজতে হাতত আনি দিব পৰা বিভিন্ন প্ৰতিষ্ঠিত নেতা-পালিনেতা সকলে। এই নেতাসকল ধাৰ্মিক, সামাজিক অথবা ৰাজনৈতিক ক্ষেত্ৰৰো হ’ব পাৰে। নিজৰ ভকতিৰে এই সকলক তুষ্ট কৰিব পাৰিলে ভক্তসকলে নিজৰ পাৰ্থিৱ ভোগ-বিলাস লাভ কৰিব পাৰে। অৱশ্যে বৰ্তমানৰ ভক্তসকল আৰু প্ৰাচীন কালৰ ভক্তসকলৰ মাজত যুগধৰ্ম অনুসৰি বৃহৎ তফাৎ পৰিলক্ষিত হয়। বৰ্তমানৰ ভক্ত সকলৰ উল্লেখনীয় বৈশিষ্ট্য সমুহ এনে ধৰণ,-

১) সৰ্বপ্ৰথমে ভকতি কৰোঁতে কৰোঁতে তেওঁলোকৰ কৃচ্ছসাধনাৰ ফলত মগজুৰ কোঁহ সমুহত কেৱল আৰাধ্য জনৰ নাম হে সোমাই পৰে। তাৰ ফলত তেওঁলোকে আৰু অন্য একো চিন্তা কৰিবলৈ অপাৰগ হৈ পৰে। একোটা বিশেষ ক্ষেত্ৰৰ আৰাধ্য জনক অন্যান্য ক্ষেত্ৰতো তেওঁলোকে অনুভূত কৰে। এয়া “যত জীৱ তত শিৱ”ৰ লগত মিলাব পাৰি। তেওঁলোকৰ আৰাধ্যজনক কোনো যাদুকৰী শক্তিৰ অধিকাৰীৰ দৰে অনুভৱ কৰে। সকলো চিন্তাশক্তি আৰাধ্যজনৰ প্ৰতি সমৰ্পিত হোৱা হেতু তেওঁলোকৰ মগজুৱে অন্য চিন্তা কৰিবলৈ বাদ দিয়ে। ইয়াৰ ফলত তেওঁলোকৰ মগজুৰ অন্য ক্ষেত্ৰত কাৰ্য্যক্ষমতা হ্ৰাস পাই আৰু ই প্ৰত্যেক সময়তে সংকুচিত হৈ গৈ থাকে। এসময়ত হয়তো তেওঁলোকৰ মগজৰ প্ৰয়োজনীয়তা সম্পুৰ্ণ নোহোৱা হ’ব আৰু ই মাথো ফুলদানিৰ দৰে ডিঙীৰ ওপৰত শোভাৱৰ্ধন হে কৰিব।

২) তেওঁলোকে সকলোতকৈ ভয় কৰা অস্ত্ৰপাতৰ নাম হ’ল “যুক্তি”। ইয়াৰ প্ৰতিকাৰ তেওঁলোকৰ হাতত নথকা হেতু তেওঁলোকে এইপাত অস্ত্ৰ প্ৰয়োগৰ লগে লগে লম্ফ-জম্ফ আৰম্ভ কৰি দিয়ে। প্ৰয়োজনবশতঃ তেওঁলোকে দাবী হুমকি অথবা বান্দৰে ডাল-পাত জোকাৰি বিপদ খেদিবলৈ যত্ন কৰাৰ দৰে অদ্ভূত কাৰ্য্যত লিপ্ত হয়।

৩) যদিও তেওঁলোকে যুক্তি নামৰ অস্ত্ৰ বিধলৈ ভয় কৰে,  আৰাধ্য জনে কৰা প্ৰতিটো কামতে তেওঁলোকে অদ্ভূত ধৰণেৰে যুক্তি দেখিবলৈ পায়। যিটো হয়তো অহা শতিকাৰ বিজ্ঞানীসকলৰ বাবে এক গৱেষণাৰ বিষয় হিছাবে পৰিগণিত হ’ব।

৪) “এই সংসাৰৰ সকলো বস্তুৱেই অনিত্য”,  -গীতাৰ এই থিয়’ৰিটো শুনিলে তেওঁলোকে ভুমি চুই কৰ্ণত হাত দিয়ে। কাৰণ তেওঁলোকে বিশ্বাস কৰে যে তেওঁলোকৰ প্ৰভুৰ প্ৰভাৱ কোনোদিনে লয় নাপায়। বৰঞ্চ সি আম্বানিৰ সাম্ৰাজ্যৰ দৰে দিনে দিনে বৃদ্ধিহে পাব।

৩) ভক্তসকলৰ নিজৰে মাজত অলেখ বিভাজন আছে। তেওঁলোকৰ নিজৰ নিজৰ একো একোটা পন্থা আছে। অৱশ্যে নিজকে স্বয়ংসম্পূৰ্ণ বুলি দাবী কৰে যদিও প্ৰত্যেক পন্থাৰে ভক্তসকলৰ ব্যৱহাৰত আচৰিত ধৰণৰ মিল বিচাৰি পোৱা যায়।

৫) যিকোনো পন্থৰে নহওক কিয় তেওঁলোকৰ মোক্ষম অস্ত্ৰ “তেওঁৰ দৰে হৈ দেখাওক”।

☆★☆★☆

3 Comments

  • Rintumoni Dutta

    বঢ়িয়া, ভাল লাগিল পঢ়ি ধ্ৰুৱ

    Reply
  • গীতিকা শইকীয়া

    এলেহুৱা বুলি কৈ হাত সাৰিব নোৱাৰিলেও লিখাটো পিছে বহুত ভাল হৈছে। এইবাৰৰ পৰা নিলিখিলে চাবা।

    Reply
  • বঢ়িয়া, ধ্ৰুৱ দা

    Reply

Leave a Reply

Your email address will not be published.