ফটাঢোল

ভট্টৰ ভূত — অভিজিত কলিতা

একেৰাহে তেৰদিন অচেতন থকাৰ পাছত আজি শংখ ভট্টৰ সংজ্ঞা ঘুৰি আহিল। আহিল মানে একেকোবে মানুহটো বিছনাৰ পৰা জপিয়াই উঠা নাই, মানুহটোৰ গাত লগাই থোৱা টিভিৰ দৰে যন্ত্ৰবোৰত ওলাই থকা ৰেখাবোৰৰ আকাৰহে সলনি হ’ল। অৱশ্যে মানুহটোৰো গভীৰ টোপনিৰ পৰা সাৰ পাই উঠা যেন নলগা নহয়। কিন্তু কিবা যেন আচহুৱা আচহুৱা পৰিবেশ।
ভট্টৰ সদায় সোণকালে শুই উঠাৰ অভ্যাস। তেওঁৰ শোৱাকোঠাৰ খিৰিকী এখনৰ পৰ্দাখন অলপ কাষলৈ টানি থোৱা থাকে, পূৱা বেলিয়ে ওলোৱাৰ যো-জা কৰোতেই ভট্টৰ কোঠাটো জান নিজান পোহৰ হৈ উঠে। ভট্টই তেতিয়াই সাৰ পাই যায়। সাৰ পায়েই তেওঁৰ প্ৰথম কাম হ’ল খিৰিকীখন খুলি দিয়া। কোঠাটোৰ গোটেই কেইখন খিৰিকী খুলি দিয়াৰ পাছত ভট্টই খিৰিকীৰ ৰড কেইডালত ধৰি বাহিৰলৈ চাই থাকে। চাই মানে অলপ সময় নহয়, বেলি প্ৰথম ৰেঙনিটো মুখত নপৰালৈকে ভট্ট তাতে ৰৈ থাকে। ভট্টৰ পৰিবাৰ জীয়াই থাকোতে তেৱো উঠি আহিছিল, দুইজনে একেখন খিৰিকীৰে বেলি ওলোৱা চাইছিল। সেই সময়চোৱাত তেওঁলোকে কথা বতৰাও নেপাতিছিল, ইজনে সিজনলৈ চোৱাও নাছিল। কিন্তু সেয়াই হয়তো তেওঁলোকৰ মাজৰ সকলোতকৈ ভাল লগা যোগাযোগ আছিল। কিমান বছৰৰ পৰা দুইজনে এই কামটো কৰি আহিছিল এজনৰো মনত নাই। কেনেকৈ আৰম্ভ হৈছিল সেয়াও মনত নাছিল।
পৰিবাৰৰ মৃত্যুৰ পাছতো ভট্টই অভ্যাসটো এৰি পেলোৱা নাছিল। প্ৰথমতে অলপ ভয় খাইছিল তেওঁ, খিৰিকীৰ ওচৰত ঠিয় হ’লে তেওঁৰ পৰিবাৰলৈ বেছিকৈ মনত পৰিব নেকি? মনত পৰিছিল হয়, কিন্তু ঠিক দুখ লগা নাছিল। একছল্লিছ বছৰ একেলগে কটোৱা মানুহজনীক তেওঁ যেন সেই সময়চোৱাত আকৌ ঘুৰাই পাইছিল।
তেনে এটা সাৰপোৱাৰ সৈতেহে ভট্ট পৰিচিত, আজিৰটোৰ দৰে নহয়। দুৰ্বল চকুকেইটাৰে ভট্টই ইফালে সিফালে চালে। নাকত ৰাইলচ পাইপ লগোৱা আছে, প্ৰস্ৰাৱ পাইখানাৰ বাবেও নানান নলী-নলিচা তেওঁৰ দেহাৰ অত তত সুমুৱাই থোৱা আছে। বন্ধ কোঠা এটা, অনুজ্জল পোহৰ কোঠাটোত। বাহিৰত এতিয়া দিন নে ৰাতি বুজাৰ উপায় নাই। ভট্টই দেৱাল কেইখত ঘড়ী এটা বিছাৰি ইফালে সিফালে চালে, আছে ঘড়ী এটা। সময় দেখুৱাইছে এক বাজি পয়ত্ৰিছ মিনিট। পিছে সেইটো দিনৰ নে ৰাতি এক বজা কোনে ক’ব?
ভট্টই অনুমান কৰিলে, এইখন নিশ্চয় হস্পিটেল। তেওঁ কেতিয়া আহি ইয়াত সোমালে তেওঁৰ মনত নাই। কোনেবা আনিলে? কিন্তু হস্পিটেলখন নিশ্চয় কোনো অভিজাত নাৰ্চিং হোমেই হব। এচি চলি আছে নিশ্চয়, অলপ অলপ ঠাণ্ডা লাগিছে তেওঁৰ।
আচৰিত ধৰণে, ভট্টই আজি বৰ সতেজ অনুভৱ কৰিছে। যোৱা কেইমান মান ধৰি তেওঁৰ ইটো সিটো অসুবিধা লাগিয়ে আছিল। ডাক্তৰে কোৱা সাধাৰণ ব্যায়াম কেইটা কৰিবলে, দৰৱ কেইটা খাবলে তেওঁৰ ভীষণ অনিচ্ছা হৈছিল। খোৱা বোৱাত একেবাৰে ৰুচি নোহোৱা হৈছিল। মানুহটো বৰ খিংখিঙীয়া হৈ পৰিছিল। বৃদ্ধাশ্ৰমখনৰ লগৰীয়াসকল, কৰ্মচাৰীবিলাক, কাৰো মুখ চাবলৈ মন নোযোৱা হৈছিল। কিন্তু এতিয়া তেনে লগা নাই; খোৱা বোৱাৰ কথা মনত পৰিলত তেওঁৰ সামান্য ভোক লগা যেনো লাগিল। কাৰোবাৰ সৈতে অলপ কথা পাতিবৰ মন গ’ল।
এইখন যদি হস্পিটেলেই তেনে নাৰ্চ বা ডাক্তৰ থাকিব নেলাগিছিল জানো? কোনোবা এজনক লগ পালে সুধিব পৰা গ’লহেতেন কি হৈছিল তেওঁৰ।
: আপুনি মোক বৰ বিপদত পেলালে হে! কিবা অদ্ভূত মানুহ আপুনি! আপোনাৰ দৰে মানুহৰ ওপৰত ভৰষা কৰি একো পৰিকল্পনা কৰিব নোৱাৰি! কি যে কৰো মই এতিয়া”
কোঠাটোৰ চকীখনত লাইটৰ ফালে পিঠি দি বহি থকা মানুহজনক ভট্টই দেখাই নাছিল ইমানপৰে। সেইমানুহজনেই বৰ বিৰক্তিৰে কথা কেইষাৰ কৈছিল।
: “কোন”- ভট্টই যেনে তেনে মাতষাৰ মাতিলে।
: “মই কোন পিছত কম। আৰু শুনক এইখন হস্পিটেল, আৰু এই শেষ নিশা আপুনি ডাক্তৰ নাৰ্চৰ সৈতে কথা পতাৰ আশা কৰি লাভ নাই। তেওঁলোক সকলোৱে জিৰণি লৈছে। আপুনি ভৱাৰ দৰে এতিয়া দিন নহয়, শেষ ৰাতি। আপুনিও পাৰিলে অলপ শোৱক। শুই থাকিলে ভোকো নলগা হব। মোকটো বিপদত পেলালেই, এতিয়া ডাক্তৰ নাৰ্চসকলক অশান্তি কৰিব নেলাগে”
আৰে! ভট্ট আচৰিত হ’ল- তেওঁৰ ভোক লাগিছে বা তেওঁৰ কাৰোবাৰ সৈতে কথা পাতিবলৈ মন গৈছে বুলি মানুহজনে কেনেকৈ জানিলে?
: “পিছে আপুনিনো কোন কওকচোন, মই এনেদৰে অচিনাকী মানুহ এজন বহি থাকিলে শুব নোৱাৰো”
: “অচিনাকী! হুহ!!” – মানুহজনে চোবাই চোবাই ক’লে। আৰু তেওঁ বহি থকা চকীখন অলপ টানি ল’লে, এইবাৰ লাইটৰ পোহৰ তেওঁৰ মুখতে পৰিল।
কি আচৰিত। মানুহজনৰ চেহেৰা ইমান চিনাকী যেন লাগিছে, কোন তেওঁ! সদায় দেখা চেহেৰাচোন এইটো, কিন্তু কাৰ? কোন……………..
হঠাত ভট্টই অনুভৱ কৰিলে- সেইটো দেখোন তেওঁৰ নিজৰে চেহেৰা! সাইলাখ তেওঁ, সদায় আইনাৰ সমুখত ঠিয় হৈ চুলি ফনিয়াওতে দেখা চেহেৰাতো, পাছপৰ্ট ফটোত দেখা নিজৰ চেহেৰাটো। অকলচেহেৰাই নহয়, ওখই পাখই, শকতে আৱতে, মাতে কথাই সেইজন সাইলাখ ভট্ট। অৱশ্যে মানুহজনৰ বয়স ভট্টতকৈ বহুত কম যেন লাগিছে। কিন্তু বয়স কম হ’লেও বাকী সকলোবোৰ চালে দ্ব্যৰ্থহীন ভাৱে ক’ব পাৰি, সেয়া ভট্টই। হে ভগৱান! কি হৈছে এইবোৰ।
ভট্টৰ ৰাজহাড়ৰৰ মাজেৰে এটা শিহৰণ বৈ গ’ল! এয়া ভূত নহয়তো! ভূত মানে, তেওঁৰ ইতিমধ্যে মৃত্যু হ’ল নেকি? মৰিলেহে মানুহৰ ভূত হয়। ভট্টই চকু ঘুৰাই বিচনাৰ কাষত থোৱা মণিটৰ টোলৈ চালে। তাতচোন ৰেখা কেইডাল বেঁকা বেঁকি হৈয়েই আছে। বহু চিনেমা চোৱাৰ অভিজ্ঞতাৰে ভট্টই জানে, মানুহৰ মৰিলে সেই এঁকা-বেঁকা ৰেখা কেইডাল সৰল ৰেখা হৈ যায়। ওলাই থকা ইংৰাজী নম্বৰ কেইটাও শূণ্য হৈ যায় তেনে হোৱা নাই দেখোন। মানে তেওঁ জীৱিত! গতিকে তেওঁৰ ভূত থাকিব নোৱাৰে। তেনে এইজন কোন? তেওঁৰ একে চেহেৰাৰ আন কোনো আছে বুলি ভট্টই নেজানে, কেতিয়াও তেনে এক উমান কৰো পৰা পোৱা নাই।
মানুহজনে কটমটকৈ বিবুদ্ধিত পৰা দত্তৰ মুখলৈ চাই আছিল। তেওঁ নিশ্চয় অনুমান কৰিব খুজিছিল, ভট্টৰ প্ৰতিক্ৰিয়া। সেয়ে নাটকীয় ভাৱে নিজৰ মুখখন লাইটৰ পোহৰ পৰা ঠাইলৈ আনি মনে মনে ভট্টৰ মুখলৈ চাই বহি আছিল। আচলতে অনুমান নহয়, তেওঁ জানিছিলেই ভট্টই কি ভাৱি আছে, কাৰণ তেওঁ ক’লে- : বুজিছো আপুনি আচৰিত হৈছে। আপুনি নিজে মৃত নেকি সেই বিষয়েও গুণা গঁঠা কৰি আছে। কিন্তু শুনক, আপুনি মৃত নহয়, সম্পূৰ্ণ জীৱিত। আৰু সেইটোৱেই মোৰ সমস্যা।
: মই জীয়াই থকা আপোনাৰ বাবে সমস্যা কেনেকৈ হ’ল? আৰু দেখিবলৈ আপুনি মোৰ দৰে সাইলাখ একে কিয়?
: একে নহ’লে কথাবোব নিমিলিলেহেঁতেন নহয়। মই আপোনাৰ দৰে দেখাত হবই লাগিব, সেইটোৱেই নিয়ম। কাৰণ মই আপোনাৰে ভূত
: কি? মোৰ ভূত? – ভট্টই কি ক’ব কি নক’ব বুজি নোপোৱা হ’ল। এইটো নিশ্চয় কৰবাৰ পগলা আহি ডাক্তৰ নাৰ্চ শুই থকাৰ সুবিধা লৈ তেওঁৰ কোঠাত সোমালহি। কিন্তু চেহেৰাটো? সেয়া কেনেকৈ তেওঁৰ দৰে হ’ল? আৰু মানুহটোৰ কথাবোৰ অদ্ভূত হ’লেও মানুহটো পাগল যেন একেবাৰে লগা নাই।
: অঁ! আপোনাৰে ভূত। আচলতে আপোনাৰ মৃত্যুৰ পাছতহে মই দেখা দিব লাগিছিল, কিন্তু আপুনি সকলো খেলি মেলি কৰি দিলে। মই বৰ বেয়াকে ফঁচি গ’লো ইয়াত। আৰু মই একেবাৰে পাগল নহয়। মই এটা ভূত, আপোনাৰ ভূত। অলপ পাছতে আপুনি তাৰ প্ৰমাণ পাব। এতিয়া নাৰ্চ আহিবৰ সময় হৈছে। তেওঁ মোক দেখা নেপায়, আপোনাৰ বাদে মোক কোনেও দেখা নেপায়। আৰু মোৰ মাতো নুশুনে। আৰু আপুনি নাৰ্চ আহিলে অচেতন হোৱাৰ ভাও দি পৰি থাকিব; আপোনাৰ চেতনা আহিছে বুলি জানিলে নাৰ্চে এনেই চিঞৰ বাখৰ কৰিব। আমাৰ দুইজনৰে সময় নষ্ট। আৰু মোৰ আপোনাক বহু কথা ক’বলৈয়ো আছে, আপোনাক কথাবোৰ ভালকৈ বুজাই দিব লাগিব
ভট্টই কিবা কোৱাৰ আগতেই কাণিদুৱৰী হৈ থকা দুৱাৰখন খুলি নাৰ্চ এগৰাকী সোমাই আহিল। আহিয়েই তেওঁ উজ্জল পাৱাৰৰ লাইট এটা জ্বলাই দিলে। ভট্টই লগে লগে চকু মুদি শোৱাৰ ভাও ধৰিলে। নাৰ্চে আহি কিবা কিবি চালে, কেথেটাৰৰ মোনাটো কিমান ভৰিছে সেয়াও চালে। তাৰ পাছত গিলাচৰ খুটুং খাটাং শুনা গ’ল, ভট্টৰ নাকেৰে সোমাই থকা পাইপ ডালেৰে নাৰ্চে কিবা অলপ ঢালি দিলে, কুহুমীয়া তৰল খিনি একেবাৰে পেট পালেগৈ বুলি ভট্টই অনুভৱ কৰিলে।
: চকু মুদি থাকক। দেখিছে মই কথা কৈ আছো, কিন্তু নাৰ্চে শুনা নাই। মোক দেখাও নাই, নহ’লে আপোনাৰ কোঠাত আপোনাৰ দৰে চেহেৰাৰ মানুহ এজন বহি থাকিলে নাৰ্চ কি মনে মনে থাকিলহেঁতেন নেকি? চিঞৰ বাখৰ লগালেহেতেন। এতিয়া নিশ্চয় আপোনাৰ বিশ্বাস হৈছে যে মই সঁচাকৈয়ে ভূত?
কথাটো হয়! নাৰ্চে মানুহজনৰ অস্তিত্ব একেবাৰে গম পোৱা নাই। ভট্টক খুৱাই, তেওঁৰ গাটো অলপ বাওফালে কাটি কৰাই নাৰ্চে তেওঁৰ পিঠিত গাৰু এটা সুমুৱাই দিলে। তাৰ পাছত উজ্জ্বল লাইটটো নুমুৱাই দি নাৰ্চ গ’লগৈ। যাওতে দুৱাৰখনো জপাই থৈ গ’ল।
চকীত বহি থকা মানুহজনে, অ’নহয়, ভূতটোৱেও স্বস্তিৰ নিশ্বাস পেলোৱা শুনা গ’ল। ভট্টৰ মুৰটোৱে আচলতে এতিয়ালৈকে ভালকৈ কাম কৰা নাই। পৃথিৱীত আজিলৈকে কোনোবা মানুহ নিজৰ ভূতৰ মুখা-মুখি হৈছেনে নাই তেওঁ নেজানে।
কিন্তু কি কৰা যায়? এইটো এতিয়া প্ৰমাণেই হৈ গ’ল যে চকীত বহি থকা মানুহজন ভূত, গতিকে ভট্টই অলপ ভয় খাব লাগিছিল নেকি বাৰু? মানে মানুহে ভূত দেখিলে বা ভূতৰ গল্প শুনিলে ভয় খোৱাই নিয়ম নহয় জানো। কিন্তু ভট্টৰ দেখোন ভয় লগা নাই! কি আপদখনে পালে আজি!!
: বাৰু এতিয়া আমি আৰামেৰে কথা পাতো নহয় জানো? পূৱালৈকে আৰু কোনো নাহে। পূৱালৈ আকৌ মই অদৃশ্য হৈ যাব লাগিব নহয়। মই আকৌ এই অদৃশ্য হৈ দৃশ্যমান মানুহ এজনৰ লগত কথা পাতি বৰ বিৰক্তি পাও। আমাৰ ভূতবিলাকৰো কি যে কিছুমান নিয়ম নহয়!!
: কিন্তু এটা কথা নহয়, মই নমৰাকৈ আপুনি মোৰ ভূত কেনেকৈ হ’ল? মানে সেইটো নিয়ম হয় জানো?- ভট্টই নিজৰ মাতটোকে আচহুৱা শুনিলে।
: হুমম!- ভূতটোৱে হুমুনিয়া কাঢ়ি ক’লে- “নিয়ম মতে নহয়। আচলতে আপুনি মৰাৰ পাছতহে মই আপোনাৰ ভূতৰ ভূমিকাত অৱতীৰ্ণ হব লাগিছিল। আচলতে কোনোবা মানুহ এজন মৰাৰ লগে লগেই আমাৰ ভূতদেশৰ ৰজাই কোনোবা এজনক তেওঁৰ ভূত হোৱাৰ দ্বায়িত্ব দিয়ে। তাৰ বিনিময়ত আমি দৰমহাও পাও। আচলতে আমাৰ ভুতবোৰৰ সেইটোৱেই একমাত্ৰ জীৱিকা। সেয়ে সেইটো নিয়মেই চলি আহিছে আৰু চলি থাকিব। কিন্তু আজিকালি আপোনালোকৰ দৰে আমাৰ ভূতৰ দেশতো জনসংখ্যা বাঢ়িল, তাতে আমি ভূতবোৰ অমৰ নহয় জানো? এফালে নতুন ভূত জন্মও হৈ থাকে, কোনো নমৰেও; আৰু ফেমিলি প্লেনিং কৰাও নিষিদ্ধ। গতিকে বুজি পাইছেই, জন বিষ্ফোৰণৰ হ’ল; ৰব, জনবিষ্ফোৰণ হয়, ভূতবিষ্ফোৰণ হ’ল; আৰু তাৰ লগে লগে আহিল নিবনুৱা সমস্যা। দুৰ্নীতিও সোমাল। গতিকে আজিকালি আমাৰ তাত বহুত ভূত বেকাৰ হৈয়ে থাকি যায়। আপোনালোকৰ ইয়াত এজন মানুহ মৰিলেই সেইজনৰ ভূত হবৰ বাবে আমাৰ তাত কমেও দহহেজাৰখন এপ্লিকেচন পৰে। তাৰ মাজত এজনেহে চাকৰিটো পায়, অলপ খাতিৰ থাকিলে অৱশ্যে বেলেগ কথা”
: হয়নেকি? ভুতৰ দেশতো এনেকুৱা হয় নেকি?- ভট্ট অলপ সপ্ৰতিভ হৈ পৰিল। ভূতটো ইণ্টাৰেষ্টিং!
: এতিয়া মই আপোনাক গোটেই ঘটনাটো কও শুনক। আজিৰ পৰা তেৰ দিনৰ আগতে, পূৱা আপোনাক আপোনাৰ বৃদ্ধাশ্ৰমৰ বিচনাতে অচেতন হৈ পৰি থকা পোৱা গ’ল। লগে লগে তেওঁলোকে আপোনাক এই হস্পিটেললৈ লৈ আনিলে; আপুনি আগতে কৰি থোৱা ব্যৱস্থা মতেই। ডাক্তৰে ষ্ট্ৰ’ক বুলি ক’লে- একেবাৰে আশা নাই বুলি ক’লে, সকলো ভগৱানৰ ওপৰত বুলিও কৈ দায় সাৰিলে। তাতে আপোনাৰ যিটো বয়স, সেইটো বয়সত বৰ এসপা চিকিৎসা কৰি আপোনাক বচাই লাভ নাই বুলিয়ে সকলোৱে ভাৱিলে। আপুনিও প্ৰায় মৰাৰ দৰেই পৰি থাকিল। হাৰ্টবীট বহুদেৰিৰ মুৰতহে এবাৰ ঘটং কৈ মাৰে। ৰক্তচাপ তেনেই কম, অচেতন, চকু বন্ধ, ভাৱালেশহীন, চকুৰ মণি ঘোলা। মূঠতে আপুনি ৯০% মান মৰিছিলেই আৰু। গতিকে আমাৰ ভূতৰ অফিচত আপোনাৰ বাবে এজন ভূত নিৰ্বাচন কৰা হ’ল আৰু সৌভাগ্যক্ৰমে মোৰ নামটো বাচনিত উঠিল। আপুনি জানেনে মই আজি দেৰশ বছৰ ধৰি এটা চাকৰিৰ কাৰণে বাট চাই আছিলো, তাতে মোৰ ঘৰৰ অৱস্থাও বৰ এটা ভাল নহয়। মই চাকৰিটো পাই আনন্দত মতলীয়া হৈ পৰিলো আৰু আগ-পাছ নুগুনি চিধা ইয়ালৈ আহি গ’লো। মই ভাৱিছিলো, সম্পূৰ্ণ দ্বায়িত্বভাৰ লোৱাৰ আগতেই আপোনাৰ ঘৰ দূৱাৰ, ওচৰ পাজৰৰ মানুহবোৰ, ঠাইবোৰ অলপ চাই চিতি লম। আপোনাৰ কিবা আশা থাকি গ’ল নেকি সেইটোও জানি লম, তেতিয়া মোৰ ভূতকাৰ্য সহজ হব। কিন্তু বিধিৰ বিধান চাওক, মই সৌভাগ্যক্ৰমে পোৱা চাকৰিটোৱে মোলৈ সকলোতকৈ ডাঙৰ দূৰ্ভাগ্য কঢ়িয়াই আনিলে। আপুনি মৰক চাৰি জী হে উঠিল।জী উঠিল মানে আগতকৈ তজবজীয়া হে হ’ল। আৰু চাকৰিৰ নিৰ্দেশ মতে মই এতিয়া এই ঠাইৰ পৰা ঘুৰিও যাব নোৱাৰো; ব’ণ্ড চাইন কৰা আছে। ভাৱি চাওক আপুনি মোৰ কি অৱস্থা কৰিলে- মই জীয়া মানুহ এটাৰ ভূত হৈ বহি থাকিব লগা হৈছে। শেষ কৰি দিলে আপুনি মোক। কিয়নো জী উঠিল হে আপুনি, জীয়াই থকাৰ প্ৰতি ইমান আগ্ৰহ কিয় আপোনাৰ? আপোনাৰতো একো দ্বায়িত্বও নাই, সকলো ফালে গতি লাগিল, আনকি নিজৰ ঘৰটো ভাৰাত দি এই বয়সত বৃদ্ধাশ্ৰমত থাকিম বুলিও আপুনি আগতেই যোগাৰ কৰি থৈছে। আপোনাৰ ল’ৰাও প্ৰতিষ্ঠিত, তেওঁলোকক বুঢ়া বয়সত অসুবিধা নিদিও বুলিয়ে আপুনি চাকৰি কৰি থকা কালতে এইবোৰ ব্যৱস্থা কৰি থৈছে। সুন্দৰ সফল বিবাহিত জীৱন, কৰ্ম জীৱন কটালে আপুনি। বয়সো যথেষ্ট পালে.. কিমান হ’ল- আপোনাৰ তেসত্তৰ বছৰ পাৰ হোৱা নাই জানো? কি থাকিল তেনে? কিয় নমৰিল আপুনি? মৰি থাকিলে কি আপত্তি আছিল? আপোনাৰ বাবেই আজি মোৰ এনে নাজল নাথল অৱস্থা হয় নে নহয়?” – ভূতটো উত্তেজিত হৈ পৰিল।
ভট্টই একো নেমাতিলে। তেওঁৰ ক’ব লগা একো নাই। হয়, তেওঁ এক খুব হিচাপী জীৱন কটাইছিল। সকলো পৰিকল্পিত। ল’ৰা-ছোৱালীয়ে বুঢ়া বয়সত চাব, বেমাৰ হ’লে চিকিৎসা কৰাব, এনে ধৰণৰ দুৰাশা তেওঁৰ কেতিয়াও নাছিল। সেয়ে সকলো ব্যৱস্থা নিজেই কৰিছিল। তেওঁৰ একমাত্ৰ ল’ৰাজন দেশৰ বাহিৰত থাকে, সিহঁতে যাতে তেওঁৰ পৰা একো অসুবিধা নেপায়, তাৰ ব্যৱস্থা তেওঁ বহুদিনৰ আগৰ পৰাই কৰি থৈছে। বেংকত যিমানখিনি জমা টকা আছে তাৰ সূতেৰেই তেওঁ চলি থাকিব পাৰে। মেডিকেল ইন্সিয়ৰেন্স, বৃদ্ধাশ্ৰমৰ কোঠা তেওঁ বহুদিনৰ আগতেই যোগাৰ কৰি ৰাখিছিল। পৰিবাৰকো বুজাইছিল, আশা নকৰিবা, আশা কৰিলে কষ্ট পাবা। বুঢ়া বয়সত অকলে ঘৰটোত থাকিলে অসুবিধা হব, বৃদ্ধাশ্ৰমত সহায় পোৱা যাব, লগ সংগও থাকিব, কিবা অসুখ-অসুবিধাত তেওঁলোকে হস্পিটেললৈয়ো লৈ যাব। পৰিবাৰেও বুজিছিল। সেয়ে বৃদ্ধাশ্ৰমখনত তেওঁলোকে এটা দুজনীয়া কোঠা স্থায়ী ভাৱে লৈ লৈছিল। তাত পূৱফালে এখন খিৰিকীও আছে। অৱশ্যে পৰিবাৰে তেওঁক অলপ ঠগন দিলে। ইমান আয়োজন কৰি বৃদ্ধাশ্ৰমলৈ অহাৰ কিছুদিনৰ আগতেই মানুহজনী হঠাত ঢুকাই থাকিল। ডাক্তৰে ক’লে, হাৰ্ট এটেক হ’ল। ভট্টৰ হাতেৰে পানী এটোপা খাই তেওঁৰ কোলাতে মানুহজনী গ’লগৈ। জীৱনত এটা কাম ভট্টৰ পৰিকল্পনা মতে নহ’ল। ভট্টই মানি ল’লে। তেওঁৰ মানি লব পৰা গুণটোও আছে।
: কি ভাৱি আছে? ভাৱি লাভ নাই বুইছে। আমি দুইজনেই এতিয়া এই পৰিস্থিতি টো মানি লোৱাৰ বাদে উপায় নাই। আপুনি নমৰালৈকে আমি ইজনে সিজনক সহ্য কৰি থাকিবই লাগিব। গতিকে মই ভাৱো আমি দোস্তি কৰি লোৱা ভাল। নে কি কয়?
নেমানি ভট্টৰ আন উপায় আছে জানো?
: ঠিক আছে তেনে! কিন্তু আন কোনেও আপোনাৰ বাবে অসুবিধা পাব নেলাগিব
: অসুবিধা? হাঃ হাঃ! অসুবিধা কাক কেতিয়া কেনেকৈ দিব লাগে মই দিম, যেতিয়া মই পূৰ্ণ ক্ষমতাৰে আপোনাৰ ভূত হৈ যাম। তেতিয়ালৈকে কেৱল আপুনি মোক দেখিব আৰু মোৰ কথা শুনিব। আৰু মই সদায় আপোনাৰ ওচৰে পাজৰেই থাকিম, মানে থাকিব লাগিব। মই জানো আপুনি অকলে থাকি ভাল পায়, মানুহক কয়ো তেনেকে! কিন্তু আচলতে কি জানে, আপুনি মানুহক আৰু নিজকো ফাঁকিহে দিয়ে আচলতে। আপুনি ভাৱে আপোনাৰ সংগত মানুহ বিৰক্ত হব বুলি, সেয়ে আপুনি নিসংগ হৈ ভাল পোৱাৰ ভাও ধৰে। মোৰো বয়স আজি তিনিশ বছৰেই হ’ল দিয়কচোন, মই বহু কথা নকলেও বুজি পাও।“
ভুতটোৱে কথা ক’বলৈ পালে মুখলে নেচায়, সি আকৌ আৰম্ভ কৰিলে,
: আচলতে মিষ্টাৰ ভট্ট! আপুনি বৰ অদ্ভুত মানুহ। অদ্ভুতটো হয়েই, কাৰণ আপোনাৰ জীৱন্ত অৱস্থাতে এটা ভূত আছে। কিন্তু তাৰ উপৰিও আপোনাৰ বহু কথা মোৰ বাবে আচৰিত। আপোনাৰ জীৱনত কোনো আশা কিয় নাই, মই আচৰিত হৈছো। মৃত মানুহজনৰ অপূৰ্ণ আশাবোৰ আমাৰ ভূতৰ বাবে অমুল্য সম্পদ। কিন্তু মই যিমান ষ্টাডী কৰিলো, তাৰ পৰা বুজিছো আপোনাৰ একো আশা বাকী নায়েই মনত। এই যে অসুখত পৰি আছে, আপোনাৰ মনত অলপো আশা জগা নাই যে আপোনাৰ একমাত্ৰ সন্তানে আহি আপোনাক এবাৰ চাওকহি, নাতি কেইটাৰ মূখ কেইখন মৰাৰ আগতে .. ইত্যাদি.. এনেধৰণৰ একো আশাই আপোনাৰ মনত দেখা নাইচোন মই। আনকি আপুনি চুক্তিও কৰি থৈছে যে আপোনাৰ অসুখ বিসুখৰ কথা যাতে আপোনাৰ ল’ৰাক কোনোপধ্যেই জনোৱা নহয়। কেৱল আপোনাৰ মৃত্যু হ’লে তেওঁলৈ যথাসময়ত এটা বাৰ্তা দিব পাৰিব। আপুনি আনকি ফোনো নকৰে তেওঁলোকলৈ, ফোন কৰিলেও নধৰে। কি মানুহ হে আপুনি? মানুহ নে যন্ত্ৰ? একো অপূৰ্ণ আশা নথকা মানুহ এটাৰ ভূত হোৱা কিযে আমনিদায়ক কথা হব মই ভাৱিয়েই ভয় খাইছো।

ভট্টই একো নেমাতিলে। হয় তেওঁ কাৰোৰে পৰা একো আশা নকৰে, কাকো অসুবিধা দিব নোখোজে। এই ধৰণৰ সস্তীয়া আবেগ বিলাকৰ পৰা আঁতৰি থাকিবলৈ ভট্টই নিজকে বহু বছৰ ধৰি প্ৰশিক্ষণ দিছে। তেওঁৰ মনত আশাই নেজাগে, গতিকে তেওঁৰ কাৰো ওপৰত অভিযোগো নাই।
ভুতটো বৰ কথকী, লগতে অলপ ল’ৰামতীয়াও! বেছি সময় মনে মনে থাকিব নোৱাৰে। সাধাৰণভাৱে ভট্টৰ বাবে এইটো বৰ আমনিদায়ক কথা হ’লহেতেন, কিন্তু আজি চোন তেওঁৰ বৰ বেয়া লগা নাই। বুঢ়া বয়সত যে মানুহবোৰে কথা পাতিবলৈ লগ বিছাৰি ফুৰে, মানুহবোৰক বহুদেৰি বহাই ৰাখি বিৰক্ত কৰে, তেনে লগ নেপালে হতাশ হয়; এই কথাটো ভট্টই মনে প্ৰাণে ঘৃণা কৰিছিল। সেয়ে তেওঁ বহু বছৰ ধৰি নিজকে বুজাই আহিছিল- বিশেষকে পৰিবাৰৰ মৃত্যুৰ পিছৰ পৰা; যে তেওঁ নিসংগতা ভাল পায়, তেওঁ নিজৰ লগত থাকি, নিজৰ সৈতে কথা পাতিয়েই সন্তুষ্ট। কিন্তু ধাৰণাটো সত্য নাছিল নেকি? যদি আছিল আজি ভূতটোৱে কাষত বহি চেলবেলাই থাকোতে তেওঁৰ কিয় ভাল লাগিছে? তেওঁৰ কিয় ভূতটোৰ সৈতে কথা পাতিবৰ মন গৈছে? তাৰ বাৰেবিংকৰা কথাবোৰ শুনিবৰ মন গৈছে।
কথকী ভূতটো কিছুসময় মনে মনে থাকিল আৰু সি তীক্ষ্ন দৃষ্টিৰে ভট্টৰ মুখলৈ চাই ৰ’ল, হঠাত কিবা নতুন বস্তু এটা আৱিষ্কাৰ কৰাৰ দৰে সি চিঞৰি উঠিল,
: এক মিনিট ৰব! মিষ্টাৰ ভট্ট! আপুনি তো বৰ সাংঘাটিক মানুহ! হেহ!! আচলতে ভূত হিচাপে মই আপোনাৰ মনৰ কথা নোকোৱাকৈয়ে বুজি পাও, পাব লাগে। সেই হিচাপতেই মই আপোনাৰ মনৰ ভিতৰখন জ্বলজ্বল পটপটকৈ দেখি আছিলো। কিন্তু এতিয়া মোৰ ভাৱ হৈছে, আচলতে আপুনি মনৰ ভিতৰত কিছুমান কথা কেমোফ্লেজ কৰি ৰাখিছে। ওপৰৰ পৰা চালে ধৰিবই নোৱাৰি। কি কথা! আপোনাৰ মনৰ ভিতৰত বহু তৰপ আছে, তাৰে ভিতৰত কোনোবাটো তৰপত আপুনি কিছু গোপন কথা লুকুৱাই ৰাখিছে যেন লাগিছে। ইণ্টাৰেষ্টিং। মই আপোনাৰ মনৰ তৰপবোৰ এটা এটাকৈ খুলি চাব লাগিল দেখোন এতিয়া। আপুনি বৰ তলে পুতল মানুহ হে!”
: নাই, মোৰ মনৰ মাজত একো লুকুৱাই ৰখা কথা নাই। একো নেপায় আপুনি তাত। এনেই কষ্ট কৰি লাভ নাই। তাতকৈ মোক ভূতৰ দেশ সাধুকে কওকচোন, কেনেকুৱা, তাত কি আছে, আপোনালোকে পঢ়া শুনা কৰে নে নাই, বিয়া বাৰু হয় নে নাই?
: না না না না ! ভট্ট বাবু। সেইবোৰ কথা পাতিবলৈ আমি বহুত সময় পাম। কিন্তু মই এতিয়া আপোনাৰ মনৰ ৰহস্যৰ দুৱাৰ মুকলি কৰিব লাগিব। সেইটো ভূত হিচাপে মোৰ প্ৰধান কাম। আপুনিও অলপ সহায় কৰকহে। মোক আপুনি যি বিপদত পেলাইছে, তাৰ পৰা উদ্ধাৰ কৰাত আপোনাৰোতো অলপ দ্বায়িত্ব আছে। চাও চাও, এইটো তৰপৰ তলত কি আছে? আৰে.. আচৰিত! এইকণ অকণমান আশা দেখোন!! কাৰ বাবে.. চাও চাও!! আহহ!! আপোনাৰ ল’ৰাটোৰ নাম লিখা আছে দেখোন তাত। তেনে কিয় আপুনি ইমান বাহাদুৰি কৰি আছিল। সেয়া মই কৈছিলো নহয়, ওলাবই কিবা এটা।
: সেইটোনো কি ডাঙৰ কথা, বাপেক হিচাপে মোৰ একমাত্ৰ ল’ৰাটোৰ প্ৰতি অকণমান আশা থাকিবই আৰু। সেইবুলি সি নাহে, বা মোৰ খবৰ নলয় বুলিটো মোৰ কোনো অভিযোগ নাই। মই নিজেই সেইবোৰ ৰাষ্টা বন্ধ কৰি দিছো। সি সুখেৰে থাকিলে মোক আৰু কি লাগে! আৰু মই নিজৰ সকলো ব্যৱস্থা নিজে কৰিয়েই থৈছো দেখোন। একেবাৰে বৃদ্ধাশ্ৰমৰ পৰা চিতাৰ অগ্নিকে ধৰি শ্ৰাদ্ধলৈকে। তাক সেইবোৰ জঞ্জাল কিয় দিব লাগে। মই মৰিলে সি আহিব পাৰিলে আহিব, নোৱাৰিলে নাই। এইবোৰ অদৰকাৰী নিয়ম, চেণ্টিমেণ্ট মই গুৰুত্ব নিদিও।
: হমমম! জানো, আপুনি সঁচাই কৈছে নে মিছাই কৈছে মই ধৰিব পৰা নাই। কিন্তু এটা কথা ঠিক! আপুনি বৰ ইণ্টাৰেষ্টিং মানুহ, বাকী মোৰ চাকৰিৰ যি হওক নহওক, আপোনাৰ মনৰ ভিতৰখন অন্বেষণ কৰি মোৰ কিন্তু ভালেই লাগিছে। আমি ভূতবোৰ একেই আছো, কিন্তু আপোনালোক মানুহবোৰ বহুত আগবাঢ়ি গ’ল, মানসিক ভাৱে। বাৰু আজিলৈ যাও, ৰাতি পূৱাবৰ হ’ল। মানে মই অদৃশ্য হোৱাৰ সময় আহিল। মই অদৃশ্য হৈ কথা নেপাতো বুলি আপুনি গম পালেই। ৰাতি আকৌ লগ পাম। এতিয়া অলপ আৰাম কৰক, অলপ পাছতে ডাক্তৰ নাৰ্চ আহি আপোনাৰ জ্ঞান ঘুৰি অহা দেখি বৰ ভাল পাব। হয়তো দুই এদিনতে আপোনাক ৰিলিজো দিব। কিন্তু আপুনি যলৈকে নেযাওক, মই আপোনাৰ লগতে থাকিম, কথাটো গম পালেই নহয় আপুনি। আৰু দিনৰ সময়চোৱাত মই কোৱা কথাবোৰ ভাৱিব। কেৱল আনৰ কথা ভাৱি, আনক অসুবিধা নিদিও বুলি বহি থকা ভাল কথা নহয়, মানুহ কেতিয়াবা অলপ স্বাৰ্থপৰো হব লাগ। ময়ো আকৌ আপোনাৰ মনৰ তৰপবোৰ খুলিবৰ যত্ন কৰিম। বাই বাই!!
ভট্টক এষাৰো কথা ক’বলৈ সুযোগ নিদিয়াকে ভূতটো নোহোৱা হ’ল! অলপ পাছতে নাৰ্চ আহি হুলস্থুল লগাই দিলে, ডাক্তৰো আহিল। ভট্টই চেতনা ঘুৰাই পোৱাত সকলোৱে বৰ ভাল পালে। ডাক্তৰৰ মতে ভট্ট এতিয়া একেবাৰে নৰ্মেল। অলপ শক্তি ঘুৰাই পালেই ৰিলিজ দিব পৰা যাব। ভট্টই নিজেও বৰ সতেজ অনুভৱ কৰিলে, সন্ধিয়ালৈ তেওঁৰ ৰাইলচ পাইপ গুচাই দিয়া হ’ল, তেওঁ নিজেই খিছিৰি অকণমান খালে। সেইদিনা ৰাতিলৈয়ো ভূতটো আহিল। কিন্তু ভট্ট ভাগৰুৱা হৈ থকা বাবে তেওঁ বেছি কথা নেপাতিলে। ভট্টৰ ভাল টোপনি হ’ল সেইৰাতি। পিছদিনাই ভট্টই নিজে হস্পিটেলৰ পৰা ৰিলিজ লব খুজিলে। আশ্ৰমৰ মুকলি বতাহ আৰু পূৱাৰ ৰ’দকণ পালে তেওঁৰ আৰু ভাল লাগিব। বৃদ্ধাশ্ৰমৰ পৰা গাড়ী আহিল, ভট্ট নিজেই গৈ গাড়ীত বহিল, মেডিকেল বিলৰ চিন্তা নাছিল, ইন্সুৰেন্স কোম্পানীয়ে কে’ছলেছ কৰি দিছে।
oo

আশ্ৰমৰ কোঠাটোলৈ আহি ভট্টৰ মনটো আৰু বেছি মুকলি লাগিল! মানুহবোৰেও আহি খা খবৰ ল’লেহি। সকলোৱে জানে ভট্টই মানুহ সমাগম বেছি ভাল নেপায়। তেওঁৰ কোঠাতে খোৱাৰ যোগাৰ দিয়া হয়, তত্বাৱধায়িকা ছোৱালীজনীয়ে তেওঁক ককা বুলি মাতে, দৰৱ পাতি খোৱা বোৱাৰ বৰ যত্ন লয়। সকলোবোৰ আগৰ দৰেই, কিন্তু তাৰ লগত যোগ হ’ল এই ভূতটো। বৃদ্ধাশ্ৰমলৈ অহাৰ পাছত একেৰাহে সি ভট্টৰ লগতে থকা হ’ল, দিনত অদৃশ্য হৈ থকা সময়খিনি সি আশ্ৰমখনৰ চুকে কোণে পিতপিতাই ফুৰে আৰু ৰাতি সেইবোৰ কথাকে ভট্টক ৰস লগাই লগাই কৈ থাকে। আজিকালি কেতিয়াবা সি দিনতো ভট্টক মাত দিয়ে, অৱশ্যে তাৰ বাবে সি আগতীয়াকৈ ভট্টৰ অনুমতি লৈ লৈছে।
পিছে সেই কথাটোৱে ভট্টক মাজে মাজে বিপদতো পেলায়। কোনোবা এজন মানুহৰ আগতে মানুহজনৰ বিষয়ে অদ্ভুত বা লাজলগা কথা এটা কৈ দিয়ে। ভট্টইহে শুনে, তেওঁৰ হাঁহি উঠে। কিন্তু হাঁহিব কেনেকৈ, অভদ্ৰামি নহব জানো! বৰ বিপদ। ভূতটো বৰ চেলেং পেতেং, মুখৰ লাগ বান্ধ নাই। কেইবাবাৰো তাক সোঁৱৰাই দিয়াৰ পাছতো সি নিজৰ মুখখন নিয়ন্ত্ৰণ নকৰে। বৃদ্ধাশ্ৰমখনৰ কোঠাবোৰত ঘুৰ্মুতিয়াই ফুৰি সি অদ্ভূত অদ্ভূত খবৰ বোৰ ভট্টক দিয়েহি। তাক বাধা দিয়ে, কিন্তু সি নেমানে। সেইদিনা আহি খবৰ দিলেহি- ১০৭ নম্বৰ কোঠাত থকা গোঁহাই বোলা বুঢ়াজনৰ বোলে “আলুৰ দোষ” আছে। মানে পৰকিতি বেছিকৈয়ে লৰিছে। তত্ত্বৱধায়িকা ছোৱালী কেইজনী তেওঁৰ কোঠালৈ যাবলৈকে ভয় কৰে। সি হেনো ছোৱালীকেইজনীয়ে কথা পতা নিজে শুনি আহিছে, নিজে এবাৰ গৈ চায়ো আহিছে। বৃদ্ধাশ্ৰম কতৃপক্ষৰ ফালৰ পৰা তেওঁৰ পৰিয়ালক জাননীও দিয়া হৈছে হেনো।
আকৌ তালুকদাৰনী বোলা বুঢ়ীজনীয়ে হেনো মানিবই নোখোজে বোলে ল’ৰা-ছোৱালীয়ে তেওঁক বৃদ্ধাশ্ৰমত ৰাখিছে। সিহঁতৰ কথা জহাবলে পালে বুঢ়ীক আৰু একো নেলাগে। সিহতে হেনো তেওঁক বৰ মৰম কৰে, ঘৰত অলপ থকা ঠাইৰ অসুবিধা হোৱাৰ কাৰণেহে তেওঁক আহি ইয়াত আছেহি। পিছে ৰাতি হেনো বুঢ়ীয়ে অকলে ফটো কিছুমান চাই চাই ফেঁকুৰি ফেঁকুৰি কান্দি থাকে।
মুঠতে ভালে বেয়াই সকলো খবৰ ভট্টই পাই থাকে। মাজে মাজে ভূতে তেওঁক হাতত ধৰি নি কিবা কিবা দেখুৱাইয়ো,
: চাওকচোন, সেই শৰ্মা বুঢ়াই কেনেকে লুকাই লুকাই চিগাৰেট টানি আছে। চাওকচোন, দত্তনী বুঢ়ীৰ আচলতে এডালো চুলি নাই, অনবৰতে ৱিগ পিন্ধি থাকে।“
এই পৰচৰ্চা বোলা কামটো ভট্টই ভূতটোৰ লগত পৰি নতুনকৈ শিকিছে। বৰ বেয়া লগা নাই দেখোন। সময় কটোৱাৰ বৰ সুন্দৰ উপায়। যি কি নহওক, ভূতটোৰ সৈতে ভট্টৰ সম্বন্ধটো একেবাৰে সহজহৈ পৰিছে আজিকালি। সি অলপ দেৰি নেথাকিলেই ভট্টৰ ভাল নেলাগে। অনবৰত তাৰ চেলেপু কথাবোৰ শুনি থাকিয়ো তেওঁৰ আমনি নেলাগে। নিসংগতাক ভাল পোৱাৰ ভাওটো তেওঁ এৰি পেলাইছে আজিকালি।
সেইদিনা ৰাতিও ভাত পানী খাই উঠি ভট্ট বাৰান্দাখনতে বহিছিল। ভূতটোও বাৰান্দাৰ ৰেলিঙতে ভৰি ওলোমাই বহি আছিল। সেইদিনা সি অলপ গহীন। ভট্ট অলপ আচৰিত হ’ল!
: কি হ’ল? আজি একো গোপন খবৰ দিব লগা নাই নেকি? চহৰীয়াৰ পুতেকে পইচা পঠালেনে?
ভুতটোৱে একো নেমাতিলে!
: কি হ’ল একো নেমাতে যে?
: আপুনি বৰ তলে পুতল মানুহ হে! আপোনাক বুজা বৰ কঠিন। আপোনাৰ মনত ইমানবোৰ তৰপ আছে যে মই খুলি খুলি শেষেই কৰিব পৰা নাই। কিমান কথা লুকুৱাই থৈছে আপুনি?
: কি লুকুৱালো মই?
ভূতটোৱে আকৌ বহুদেৰি একো নোকোৱাকৈ থাকিল। অসময়ত অধৈৰ্য হৈ ভট্টই আকৌ সুধিলে
: কি লুকুৱালো কওক আকৌ মোক?
: শালিনী!!
নামটো শুনিয়েই ভট্টৰ কৰবাত ঘটং কৈ মাৰিলে। তেওঁ ভৱা নাছিল, তেওঁৰ মনৰ ভিতৰৰ পৰা এই কথাটো কোনোবাই খান্দি উলিয়াব পাৰিব বুলি। তেওঁ ডেমেজ কন্ত্ৰল কৰাৰ চেষ্টা কৰিলে।
: কোন শালিনী! কি হ’ল শালিনীৰ?
: নিজকে আৰু কিমান ফাঁকি দিব ভট্ট! আপুনি জানেই যদিও মই আপোনাক মুখ ফুটাই কৈ দিছো। মই এই বৃদ্ধাশ্ৰমতে থকা শ্ৰীমতী শালিনী আগৰৱালৰ কথা কৈছো। বুজি পাইছে নহয় মই কি ক’ব খুজিছো?
ভট্ট জপিয়াই উঠিল!
: কি কৈছে আপুনি। মই আৰু এই বয়সত এইবোৰ। চি চি ! মই এজন বৃদ্ধ, মোৰ মনত এতিয়া তেনে কোনো কথা থাকিবই নোৱাৰে। মোৰ সন্তান আছে, নাতি পুতি আছে, সমাজ এখন আছে, সমাজত মোৰ সন্মান আছে। আপুনি কেনেকৈ ভাৱিব পাৰিলে এনে কথা।
: মইনো কেতিয়া ভাৱিলোহে ডাঙৰীয়া, আপুনিহে মনে মনে সেইবোৰ ভাৱি আছে। মই আপোনাৰ মনটো পঢ়িহে আছো। হ’লেও আপোনাৰ নিৰ্বাচন ভাল। ৬৫ বছৰ ময়সতো মানুহজনী ইমান ধুনীয়া হৈ আছে, আপোনালোক দুজনৰ জোৰাও বঢ়িয়া মিলিব। একদম হেণ্ডচাম কাপল হব আপোনালোক। পিছে আপুনি আকৌ ভাৱটো আহিলেই তাক তৰপ এটাৰ তলত লুকুৱাই পেলায় নহয়।
: হ’লেও আপোনাক কিন্তু মানিছো দেই ভট্ট বাবু, মানুহে এনেকৈ নিজৰ পৰাও কথা লুকুৱাব পাৰে বুলি মই জনা নাছিলো। আপোনাৰ ভূত হিচাপে আপুনি মনত ভৱা কথাবোৰ মই গম পাও, কিন্তু যেতিয়া আপুনি নিজৰ পৰাও কথা লুকুৱাই, মোৰ কাৰণে আপোনাৰ মনটো পঢ়াত বৰ অসুবিধা হয়। ইমানবোৰ কথা আপুনি নিজৰ পৰাই লুকুৱাই ৰাখিছে?
ভট্টই একো নেমাতিলে। নিজৰ পৰাও কোনোবাই কথা লুকুৱাব পাৰে নেকি? তেওঁৰো আছে নেকি তেনেকুৱা কিবা কথা? ভট্ট বিমোৰত পৰিল। কিয় সকলো দেখোন হিচাপ মতেই হৈছে। তেওঁ সকলো ফালে সুখী, সফল, আদৰ্শ ব্যক্তি! চহৰখনত বহুতেই তেওঁৰ কথা জানে, আলোচনা কৰে। মানুহ কিমান আত্মনিৰ্ভৰশীল হব পাৰে ভট্টক তাৰ উদাহৰণ বুলি কোৱা হয়; তেওঁ আৰ্থিক, শাৰীৰিক, মানসিক সকলো দিশৰ পৰাই আত্মনিৰ্ভৰশীল! আৰু সেয়া এদিনত হোৱা নাই, আজীৱন সাধনাৰে তেওঁ নিজকে আত্মনিৰ্ভৰশীল কৰি গঢ়ি তুলিছে। সকলো ঠিকেই আছিল, এই অহৌবলীয়া ভূতটোৱেহে আহি খেলিমেলিখন লগাই দিছে। হয় শালিনী বোলা মানুহগৰাকীৰ সংগ তেওঁ ভাল পায়, দিনটোত এবাৰ হ’লেও এষাৰ মাত দি, কথা এষাৰ পাতিবলে নেপালে তেওঁ বেয়া লাগে। শালিনীয়েও তেওঁত আনসকলতকৈ অলপ বেছি গুৰুত্ব দিয়া যেন লাগে, তেওঁৰো চাগে ভাল লাগে ভট্টৰ সৈতে কথা পাতি। সেইটোনো কি আচৰিত কথা? তাৰ অৰ্থ কি প্ৰেম নেকি? যদি হয়ো, তেনে এই প্ৰেমৰ কি মূল্য আছে! অপমান, ইতিকিঙৰ বাদে ই আৰু কি দিব দুইজনকে? গতিকে ভট্টই কথাটো অদৰকাৰী বুলিয়ে নিজকে বুজাই আহিছে। গন্দগোল লগালে এই ভূতটোৱে, কি আপদীয়া সময়ত এইটোৱে যে লগ দিলেহি তেওঁক, সি একেবাৰে ভট্টৰ আত্মবিশ্বাৰ আৰু প্ৰতিষ্ঠাতে আক্ৰমণ কৰিছে। তেওঁ জীৱনজুৰি গঢ়ি তোলা মূল্যবোধৰ সৌধ ভাঙিব পেলাব খুজিছে। না না, ইয়াক এই যুজত জয়ী হবলৈ দিব নোৱাৰি, ই ভট্টক পাগল কৰিব! ইয়াকে বাধা দিব লাগিব।
ভট্ট মনে মনে অলপ উত্তেজিত হৈ উঠিল।
: হে হে! হৌৰি, ৰব ইমান খং নকৰিবচোন। মই একো আক্ৰমণ কৰা নাই আপোনাক।
ভট্টই পাহৰিয়ে গৈছিলে যে তেওঁ মনত ভৱা কথাবোৰ ভূতটোৱে কিতাপ পঢ়াদি পঢ়িব পাৰে।
: বাদ দিয়ক বাৰু, মই ভাল নে বেয়া পিছত ভাৱি থাকিব। প্ৰথমতে কওকচোন, আপুনি কি পালে জীৱনত! ধন-জন-প্ৰতিষ্ঠা এইবোৰৰ কথা কোৱা নাই, এইবোৰ আপুনি সমাজৰ কাৰণে, আনক দেখুৱাবলে কৰা কাম। সকলোৱেই কৰে। মই সুধিছো, আপুনি নিজৰ বাবে, একদম নিজৰ বাবে কি পালে জীৱনত? মই কওনে? শুনিবলৈ বেয়া, কিন্তু মোৰ মতে আপুনি গোটেই জীৱনটো কেৱল আনৰ বাবে, আনৰ প্ৰয়োজন পুৰাবলৈ জীয়াই থাকিল। নিজৰ বাবে আপুনি কি ঘটিলে জানে? এটা প্ৰকাণ্ড শূণ্য!” – ভূতটোৱে তৰ্জনী আৰু বুঢ়া আঙুলিৰে গোল এটা কৰি দেখুৱালে।
: একো নেপালে আপুনি। কাৰণ নিজৰ কাৰণে একো নিবিছাৰিলেই আপুনি, আনকি আপোনাৰ পৰিবাৰৰ পৰাও নিবিছাৰিলে। তেওঁক আপুনি ভাল পাইছিল, কাৰণ তেওঁক ভাল পাবলৈ আপুনি বাধ্য আছিল। তাকে প্ৰেম বুলি নিজকে বুজাই থাকিলে আপুনি। হয়নে নহয় কওক।“
ভট্টৰ মুৰটোৱে কাম কৰা নাই। তেওঁ নিজৰ বিষয়ে ভাবিবলৈ ভয় কৰা কথা কিছুমান এই ভূতটোৱে অনায়াসে কৈ আছে। ভট্টৰ কাণমূৰ গৰম হৈ আহিল।
কিন্তু ভূতটোৰ কথাবোৰ তেওঁ অস্বীকাৰ কৰিব পৰা নাই কিয়? একে ধমকিৰে তাক চুপ কৰাব পৰা নাই কিয়? কিয় তেওঁ তাৰ সমুখত ইমান দূৰ্বল অনুভৱ কৰিছে? কি হৈছে তেওঁৰ?
: শুনক! এতিয়াও সময় পাৰ হৈ যোৱা নাই, আপোনাৰ জীৱনৰ যি কেইটা দিন বাকী আছে, সেইকেইটা দিন কেৱল নিজৰ বাবে কটাওক। বাদ দিয়কহে সমাজ, পৰিয়াল, প্ৰতিষ্ঠা, মূল্যবোধ! গোটেই জীৱনটো দেখোন আপুনি সেইবোৰৰ কাৰণেই খৰছ কৰিলে, এতিয়া আপোনাৰ নিজৰ বাবে কিবা কৰাৰ সময়। আপুনি যিহেতু কাৰো বাবে বোজা নহয়, আনৰ অনুভৱ, আনৰ চিন্তাধাৰা, আনৰ মূল্যবোধৰ বোজা আপুনি কিয় লব, বি‍শেষকৈ এই বয়সত!
যাওক, শালিনীৰ সৈতে কথা পাতক, তেওঁকো বুজাওক। মই জানো তেওঁৰো কাহিনী আপোনাৰ দৰেই। আপোনালোক দুইজনে যিহেতু ইজনে সিজনৰ সংগ ভাল পায়, কাৰ বাবে সেই ভালপোৱা খিনি ত্যাগ কৰিব? যাওক যাওক, ভাৱি চিন্তি নষ্ট কৰিবলৈ আপোনাৰ হাতত সময় নাই।“
ভট্ট নিশ্চুপ হৈ বহি থাকিল, তেওঁৰ মনত ধুমুহা উঠা বুলি ভূতটোৱে গম পালে বোধহয়। সি ভট্টক প্ৰকৃতিষ্ঠ হবলৈ সময় দিলে।
বহু সময়ৰ পাছত ভূতটোৱে আকৌ মাত লগালে,
: আৰু এটা ডাঙৰ কথা আছে, কিন্তু মই আপোনাক নকও। আপুনি সময়ত নিজে নিজে গম পাব। এতিয়া যাওক আৰাম কৰকগৈ
***
ভট্ট আৰু শালিনীৰ বিয়া হৈ গ’ল। বৃদ্ধাশ্ৰমৰ সকলোৱে মিলি অনুষ্টুপীয়াকৈ বিয়াখন পাতি দিলে। বিবাহ পঞ্জীয়কজন নিজেই আহিল বৃদ্ধাশ্ৰমলৈ।
দুইখন ঘৰৰ সকলোৱে তীব্ৰ আপত্তি কৰিছিল, মান-সন্মান শেষ কৰি দিলে বুলি ভট্ট আৰু শালিনীক জগৰীয়া কৰিছিল। ভট্টই কোনো উত্তৰ নিদিলে, শালিনীয়েও ভট্টৰ দৰেই সকলোকে উপেক্ষা কৰিলে। বিয়া পাতিয়েই তেওঁলোক বৃদ্ধাশ্ৰমৰ পৰা গুচি অহাৰ সিদ্ধান্ত কৰিলে, ভট্টৰ নিজৰ ঘৰটোলৈ। আগৰে পৰা তেওঁলোক দুয়ো মিলি ঘৰটো সজালে। শালিনীৰ আকৌ ফুলত বৰ চখ, কেইমান মানতে ঘৰটো ফুল গছ বনেৰে ভৰি পৰিল। ভট্টই ঘৰটোৰ বাহিৰে ভিতৰে ৰঙো কৰালে।
চহৰখনৰ সকলোৱে নহবৰ হ’ল বুলিলে। দুইজনৰে বদনাম ফুটি ফাটি গ’ল, ভট্টক ভাল মানুহ বুলি কৈ ফুৰা মানুহবোৰে নিজৰ ভুল উপলব্ধি কৰিলে, চেঙেলীয়া ল’ৰা বোৰে অশ্লীল কৌতুক উলিয়ালে। চচিয়েল মেডিয়াত খবৰটো ভাইৰেল হ’ল।
ভট্ট আৰু শালিনীয়ে এই সকলো উপেক্ষা কৰি গ’ল- আচলতে দুইজনৰ বাবে এই কথাবোৰৰ কোনো মূল্যই নাইকিয়া হৈ পৰিল। তেওঁলোকে সমাজৰ দৃষ্টিত স্বাৰ্থপৰ হবলৈ শিকিলে।
আৰু এটা আচৰিত ঘটনা হ’ল- সেই দিনা বৃদ্ধাশ্ৰমত ভট্টক দীঘলীয়া ভাষণ শুনোৱাৰ পাছত ভূতটো নাইকিয়া হ’ল। সি ক’ব খোজা ডাঙৰ কথাটো বোধহয় সেইটোৱেই আছিল। হয়তো তাৰ অৱস্থা দেখি ভূত দেশৰ পৰা তাক ঘুৰি যোৱাৰ আদেশ দিলে।
বহু দিন ভট্টই তাৰ বাবে অপেক্ষা কৰিলে। সি এনেকে হঠাত নাইকিয়া হব বুলি ভট্টই আশা কৰা নাছিল। কিন্তু অলপ শংকিতো হৈছিল, শালিনীৰ সৈতে কটোৱা সময়খিনিত ভট্টই ভূতটোৰ উপস্থিতি বিছৰা নাছিল। হলেও তাক এটা ধন্যবাদ দিব পাৰিলে ভাল লাগিলহেতেন।
যোৱাকালি তেওঁলোকে নিজৰ ঘৰটোত প্ৰথম একেলগে নিশা কটালে। কাহিলি কাহিলি পূৱাতে ভট্টই সাৰ পালে; তেওঁ খিৰিকীখন খুলি ৰ’দত ধৰি ঠিয় হ’ল। কিছুপৰৰ পাছতে শালিনীও আহি তেওঁৰ কাষতে ৰ’লহি। দুইজনে এইবাৰ একলগে বেলিটোৰ ফালে চালে।
বেলিৰ হেঙুলীয়াবোৰে তেতিয়ালৈ সজাল ধৰিছিল।

(বি.দ্ৰ.- গল্পটোত ফ্ৰেংক ষ্টকট’নৰ The Transferred Ghost নামৰ গল্পটিৰ আংশিক প্ৰভাৱ পৰিছে)

☆★☆★☆

13 Comments

  • মাধুৰ্য্য গোস্বামী

    সুন্দৰ। ভাল পালো অভিজিতদা। খুবেই ভাল লিখিছে।

    Reply
  • Bikash

    বহুত ভাল লাগিল পঢ়ি

    Reply
  • চিদানন্দ বৰা

    মুগ্ধ হৈ পৰিলোঁ ৷ কবিতা এটা হে যেন পঢ়িলোঁ___ এনে লাগিল ৷ ক্লাচিক মেচেজ এটা পালোঁ৷

    Reply
  • ডলী তালুকদাৰ

    ভাল লাগিল পঢ়ি

    Reply
  • Anima Das

    সুন্দৰ।ভাল লাগিল পঢ়ি।

    Reply
  • অভিজিৎ কলিতা

    সকলোকে ধন্যবাদ

    Reply
  • নীলাঞ্জনা

    সাংঘাটিক দাদা! খুব ভাল লাগিল

    Reply
  • হেমন্ত কাকতি

    বৰ ভাল লাগিল, অভিজিত৷ অলপ আনকমন কিবা এটা৷ শেষৰ কথাখিনিয়ে বৰ বিৰাত কিবা এটা চিন্তাৰ সঞ্চাৰ কৰি দিলে৷

    তামাম৷

    Reply
  • নীলাক্ষি

    ব্যতিক্ৰমী, অনন্য!

    Reply
  • জাহ্নৱী

    পঢ়ি বৰ ভাল লাগিল

    Reply
  • মানসী বৰা

    পঢ়ি অতি সন্তোষ পালো…গল্পৰ বিষয় বস্তুৱে ব্যতিক্ৰম চিন্তাৰ অসীম সীমা চুইছে ..অভিনন্দন

    Reply
  • হিৰণ্যজ্যোতি দাস

    ব্যতিক্ৰমী, আপোনাৰ কথনভঙ্গী অনন্য ৷

    Reply
  • উদিত

    ভাল লাগিল…

    Reply

Leave a Reply

Your email address will not be published.