ফটাঢোল

ভতিজাৰ জন্মদিন – নৱকৃষ্ণ বৰুৱা

আপুনি বাৰু কেতিয়াবা কাৰোবাৰ ঘৰলৈ থকাকৈ গৈ মাজ নিশাই পলাই আহিছেনে? তাকো ক্ষুদ্ৰ জীৱ এটাৰ আক্ৰমণৰ বলি হৈ! নিশ্চয় সেই দুৰ্ভাগ্য হোৱা নাই? নহওক কোনো শত্ৰুৰো সেই দুৰৱস্থা| আচল কাহিনীটো কি হৈছিল কওঁ শুনক|

মোৰ সম্পৰ্কীয় দাদা এজনৰ ঘৰলৈ গৈছিলোঁ, ভতিজাৰ জন্মদিন খাবলৈ| দাদাৰ ঘৰ আমাৰ ঘৰৰ পৰা গাড়ীৰে গ’লে তিনি ঘণ্টামানৰ বাট| চাইকেলেৰে ‘চৰ্টকাট’ মাৰিলে এঘণ্টামানহে লাগে| জন্মদিন দুপৰীয়াই হৈ গ’ল, মোৰ দোকানৰ কাম থকাত ৰাতিহে যোৱাটো সিদ্ধান্ত ল’লোঁ| তেতিয়া অৱশ্যে ফোন কাৰো ঘৰত নাছিল, সেই কাৰণে ৰাতি যাম বুলি কোৱাও নহ’ল| যি নহওক, লগৰ এজনৰ সৈতে সন্ধ্যা লগাৰ আগে আগে আমি জন্মদিন খাবলৈ যাত্রা আৰম্ভ কৰিলোঁ| সন্ধিয়া লগাৰ পিছত মানে সম্পূৰ্ণ আন্ধাৰ হোৱাৰ পিছত আমি দাদাৰ ঘৰ পালোঁগৈ| বাৰ্থডে গিফ্ট কিনিবলৈ সময় নহ’ল, টকা এশকে দিম বুলি ভাবি গৈছোঁ| দাদাৰ ঘৰৰ পদূলি পাই চাইকেলৰ টিলিঙা বজোৱাত নবৌ ওলাই আহিল| হাতত ক্ষীণ পোহৰৰ চাকি এটা| ভিতৰুৱা গাঁও হোৱাৰ বাবে কাৰেণ্টৰ ব্যৱস্থা নাছিল| আমাক দেখি নবৌ বিজুলী পৰা মানুহৰ দৰে হ’ল, বোলে, “তহঁতক দিনতে মাতিছিলোঁ নহয়, এতিয়াহে ওলাইছহি? আহ আহ বহহি”| পৰিস্থিতিটো কিবা হজম নহ’ল, মই মোৰ লগত যোৱা মিঠুদাক চকুৰে ইংগিত দি কলোঁ, “কি কৰ”? সিও চকু টিপিয়াই “ৰহচোন কি হয় চাওঁ” টাইপ কিবা এটা ক’লে| আমি বহিলোঁগৈ| চাকিটো অলপ পৰৰ পিছত নুমাবই চাগে| আমি আগতে তেল নহ’লে চাকিটোৰ শলিতাডাল কমকৈ উলিয়াই থৈছিলোঁ, যাতে ভঁ ভঁ কৈ জ্বলি তেলকণ সোনকালে পুৰি নেপেলায়|

ইফালে নবৌ ভিতৰলৈ গৈ নোলোৱা হ’ল| ঘৰত আৰু কোনো নাই নেকি! ইমান নিজান| মই ফুচফুচাই মিঠুদাক কলোঁ, “কিবা কাজিয়া চাজিয়া লাগিল নেকি বাৰু দাদাৰ স’তে”? নবৌৰ মুখখন ওফন্দি আছে যে? সি ক’লে, “ৰহ, চিন্তা নকৰিবি| চাওঁচোন কি হয়!” আধাঘণ্টামানৰ পিছত নবৌয়ে চাহৰ লগত ৰুটি এফাল আৰু বিস্কুত দুখন দিলেহি| ক’লে, “তঁহতি ইমান দেৰি কৰিলি, সব শেষ হ’ল এতিয়া”| মই ক’লো, “হব দিয়া বৌ, একো নহয়| দাদা ক’লৈ গ’ল পিচে?” “এ’ কিনো ক’বি, কালি বুবুয়ে চাকিত তেল ভৰাওঁতে গোটেই কেৰ’চিনখিনি পেলালে, এতিয়া তেল অকণো নাই| ককায়েৰে তেল বিচাৰি গৈছে| তহঁতে চাহ খাচোন| মই ভাতকেইটা বহাই দিওঁগৈ| তহঁতে ভাত খাই যাবি| ককয়েৰ পাবহি এতিয়া”, এইবুলি মোৰ টৰ্চটো লৈ বৌ ভাত বনাবলৈ গ’ল|
বুবু সোনকালেই শুলে বোলে| পূণ্য বোলা দাদাৰ ভায়েকটো নাই, ওলাই গৈছে| আমি প্রমাদ গণিলোঁ। চাকিটো অলপ আগত মৰিল| আন্ধাৰত ভাল নলগাত আমি চোতালতে বহিলোঁগৈ| পোহৰ নহয় যদিও মনিব পৰা কিবা এটা আভা আছেগৈ| দাদা অহাই নাই|

“ঐ মিঠুদা, কি কৰিবি এতিয়া? থাকিবি নে যাবি?”

মিঠুদাৰ কথা-বতৰাত গম পালোঁ তাৰ যাবলৈ মন নাই| যি হয় হওক বুলি ময়ো কিবাকিবি কথা পাতি বহি থাকিলোঁ| মোৰ ইতিমধ্যে ভোক লাগিছিল| পুৱাই খাইছিলোঁ কেইটামান ভাত| নবৌ পিৰা এখন লৈ বহিলহি আমাৰ স’তে| কথা বতৰা তেতিয়াহে পাতিছিল| কিন্তু গহীন| বুবুৰ বহুত গিফ্ট উঠিছে, মানুহ বহুত আহিছিল, দেওৰেকে মূৰ্গী এটা কাটি বাচি মদ খাবলৈ অলপ লৈ গ’ল, দাদাই দিনটো লাগি ভাগি সন্ধিয়া আমি অহাৰ আগে আগে কেৰাচিন বিচাৰি গৈছে, খেতি কালিহে যেনে তেনে উঠিছে আদি আদি। ন মান বজাত দাদা পালেহি| বটল খালি, মানে খালি বটল খালি মোনা হাতত লৈ আহিছে| আহিয়েই আমাক মাত দি ভিতৰ সোমাল| নবৌ লগে লগে ভিতৰলৈ গ’ল| আন্ধাৰতে মই মিঠুদাৰ মুখলৈ চালোঁ| ইতিমধ্যে আমি আন্ধাৰতো দেখিব পৰা হৈছোঁগৈ আৰু।

সি ক’লে, “ভাত খায়েই যামগৈ ৰ’হ”|

আকৌ নিস্তব্ধ| দাদা কাপোৰ সলাই আহি আমাৰ সতে বহিলহি| খা খবৰ ল’লে| গোটেই চেণ্টাৰতে তেল নাই, মম নাই, দুঘৰমানত বিচাৰিও তেল অকণ নাপালে, এইবাৰ খেতি অলপ বেছিকৈ কৰিছে, গৰুহাল এইবাৰ বেচি পাৱাৰ টিলাৰ এখন ল’ব ইত্যাদি| “হেৰি, শুনিছেনে? ইহঁতক মাতকচোন, ভৰি হাত ধুই লওকহি, ভাত বাঢ়িছোঁ”, মাজতে নবৌৰ চিঞৰ| দেওৰেক পূণ্যৰ দেখাদেখি নাই| মোৰ টৰ্চৰ পোহৰেৰেই মূৰ্গী মাংসৰে ভাত খাই আজৰি হ’লোঁ| ভাতৰ লগত অৱশ্যে তিনিবিধমান ব্যঞ্জন আছিল| তৃপ্তিৰে ভোকৰ ভাতকেইটা খাই উঠোঁ মানে ভাগৰে হেঁচা মাৰি ধৰিলে| মিঠুদাতো নাছোড়বান্দা, সি থাকিব| অনিশ্চাৰ স্বত্বেও থাকিবলৈ বাধ্য হ’লোঁ। আমাক শুবলৈ দিলে পুণ্যৰ ৰূমত| ৰূমটোও আছিল ভঁড়ালটোৰ লগালগিকৈ| গৰম দিন, কাজেই আমি গামোছা এখন এখন পিন্ধি শুবলৈ ল’লো| শুৱাৰ আগতে বুবুললৈ অনা টকা এশ নবৌৰ হাতত দিলোঁ। মোৰ টৰ্চৰ পোহৰত দেখিলোঁ, আমাক শুবলৈ দিয়া বিচনাখনৰ লগতে ভঁড়ালৰ গাধৈখন লাগি আছে| তাত তিনিটা মূৰ্গীৰ বাহ| তিনিজনী মূৰ্গীয়ে উমনি আছে| হাই উৰুমি কৰিলে চৰায়ে ভয় খাব বুলি নবৌয়ে কৈ গৈছে| আৰু ক’লে “দৰ্জা নামাৰিবি, পূণ্য আহিব| তালৈ ভাত বাঢ়ি থৈছোঁ| তোৰ টৰ্চটো দেখুৱাই দিবি|”

বিচনী মাৰি মাৰি আমি শুবলৈ ল’লোঁ| বহুদিন বিচনাখনত কোনো শুৱা নাছিল চাগৈ। সেমেকা গোন্ধ এটা নাকত লাগিল| অলপ সময়ৰ পিছত গম পালোঁ, মোৰ শৰীৰৰ বিভিন্ন ঠাইত কিহবাই পিৰপিৰাইছে, হাতেৰে মোহাৰোঁ আকৌ পিৰপিৰায়, মূৰত, চুলিৰ মাজে মাজে কিবা এসোপাই কামুৰিছে, ভৰিৰ নোমৰ মাজে মাজে পিৰপিৰকৈ হিলদ’ল ভাঙি কিবাসোপাই দৌৰিছে যেনিতেনি।

হতভম্ব হৈ মই মিঠুদাক ক’লো, “মিঠুদা, তোৰ গাত কিবা বগাইছেনে”?
সি ক’লে, “অঁতো গোটেইখন খজুৱাইছে। তোৰো নে?”
মই ক’লো, “মই থাকিবই পৰা নাই।”

এইবাৰ পিন্ধি থকা গামোছাখনেৰে গাটো কোবাবলৈ লাগিলোঁ। কোবালে অলপ সময় নাইকিয়া হয়, আকৌ পিৰপিৰায়| এইবাৰ টৰ্চটো (সেইটোৰো পোহৰ কমিছেগৈ) মাৰি মোৰ হাতত চালোঁ, চকুৰে মনিব পৰা কিছুমান বগা বস্তু ইফালৰ পৰা সিফাললৈ ভিৰাই দৌৰিছে, সিহঁতৰ যেন বহুত কাম, চাবলৈ, ৰ’বলৈ সময় নাই। সেইবোৰ মূৰ্গীৰ গাত থকা হুমি নামৰ জীৱবিধ। মুহূৰ্ততে মই জাঁপ মাৰি বিচনাৰ পৰা নামিলোঁ, মিঠুদাও নামিল, আমাৰ গাত এফেৰি কাপোৰহে আছেগৈ| গামোছাখনেৰে কোবাই কোবাই মই ভাগৰি পৰিছোঁ। চুলিৰ মাজৰ খজুৱতি, কাষলতিৰ তলত আৰু আৰু হে ভগৱান, সিহঁত নিষিদ্ধ এলেকাতো প্রৱেশ কৰিলেগৈ। সহ্যৰ সীমাৰ বাহিৰত মুঠতে। হঠাতে পদূলি মূৰত এটা অট্টহাস্য শুনা গ’ল, বিজুলী বেগেৰে মগজুত এটাই কথা আহিল পূণ্য মদ খাই টং হৈ আহিছে, এইটোৱে আমি সাৰে আছোঁ বুলি গম পালে ৰাতিটো শুবলৈ নিদিব। গতিকে আমি দুয়োটা জাঁপ মাৰি আঁঠুৱাৰ ভিতৰলৈ সোমালোঁ, আৰু সকলো যন্ত্রণা, অত্যাচাৰ দাঁত কামুৰি সহ্য কৰি নিঃশব্দে পৰি থাকিলোঁ। মদৰ ৰাগীত পূণ্যই দুৱাৰখন গোৰ মাৰি খুলিলে| তাৰ পিছত জুইশলা কাঠি মাৰি লেম চাকি কিবা পায় নেকি বিচাৰিলে। ওচৰতে যে আমি দুটা মানুহ শুই আছোঁ ভ্ৰূক্ষেপ নাই| একো নাপাই মুখৰ ভিতৰতে কিবা ভোৰভোৰাই আঁঠুৱাখন তৰি ধমহকৈ বিচনাত পৰিল। বহু সময় বাগৰি থাকি এটা সময়ত নাকৰ শব্দ হ’বলৈ লাগিল| মিঠুদা আৰু মই ইফালে খজুৱাই ছাল বখলা বখল কৰি দিছোঁ| তথাপি হুতাহ নপলায়| ইফালে পূণ্য টোপনি গ’ল নাক ঘোৰঘোৰাই। সহ্যৰো এটা সীমা থাকে| এটা সময়ত আমি ভাগৰি পৰিলোঁ| মিঠুদাক ক’লো, ব’ল ঘৰলৈ যাওঁ| মিঠুদাইও যেন তাকে ক’বলৈ বাট চাই আছিল, আমি বিচনাৰ পৰা নামিলোঁ| পূণ্যৰ গোৰ খাই দুৱাৰ দুফালকে খোলাই আছিল। ইতিমধ্যে আমাৰ চালত পোৰণি উঠিবলৈ ধৰিছে, পিৰপিৰনিবোৰ সবতে আছেই। আমি আহিবলৈ ওলালোঁ। গাড়ীৰে গ’লে তিনি ঘণ্টা লগা ৰাষ্টাৰে চাইকেল চলাই পুৱা ছয় বজাত ঘৰ পালোহি| মাহঁত উঠিছিল| মই মাক চাইকেলৰ পৰা নামিয়েই চিঞৰিলোঁ, “মা, মোৰ টাৱেল আৰু চাবোন টুকুৰা দে| ঘৰৰ মানুহ আচৰিত| কি হ’ল কবলৈ সময় নাই, দৌৰি গৈ পুখুৰীত কাপোৰে কানিয়ে জঁপিয়াই দিলোঁগৈ| চাবোনেৰে ফেনাই ফেনাই গা ধুই ভাগৰি পৰিলোঁ| তেতিয়াহে লক্ষ্য কৰিলোঁ মোৰ গোটেই গাত নখৰ আঁচোৰ। ৰাতিটো নখৰ অত্যাচাৰত ছালে বেট মেলিলে। মাহঁতক কথাবোৰ কৈ, ফেনখন লগাই দুপৰীয়ালৈকে শুলোঁ| মুঠতে জন্মদিন খাবলৈ গৈ হুমিৰ স’তে ভাল সহবাস হ’ল আমাৰ দুয়োৰে।

☆★☆★☆

8 Comments

  • অনুৰূপ মহন্ত

    ইস্ ৰাম, বৰ বেয়া অভিজ্ঞতা দেই। ভাবিয়েই কিবা লাগি গৈছে।

    Reply
  • Mousumi gogoi

    এনেকুৱা অভিজ্ঞতাও হব পাৰে বুলি আজিহে গম পালো ।ভাবি ভয়েই লাগিল ।

    Reply
  • Kangkan Borah

    কি কোৱাহে নৱ,পঢ়ি থাকোতে গোটেই গা পিৰপিৰাই গৈছে

    Reply
  • hkkakati

    khatarnaak dekhon! mojja lagil naba

    Reply
  • Manash Saikia

    নৱৰ গাত হুমি উঠিল যেতিয়া ক’ত ৰ’ব পাৰিব?
    পঢ়ি থাকোতেই খজুৱতি ধৰিছে৷

    Reply
  • Anonymous

    পিৰপিৰাই আছে এতিয়াও

    Reply
  • জন্মদিন ভালকৈয়ে খালে। ভাল লাগিল পঢ়ি

    Reply
  • হুমি গাত বগোৱা অভিজ্ঞতা আছে। এতিয়া পঢ়ি গাৰ নোম শিঁয়ৰি আহিল।

    Reply

Leave a Reply

Your email address will not be published.