ফটাঢোল

ভদ্ৰদাৰ চাৰ্জিকেল ষ্ট্ৰাইক – বিদ্যুত বিকাশ দত্ত

সেইবোৰ এয়াৰচেল জহন্নামে যোৱাৰ সময়ৰ কথা। হাতত পইচাৰ নাটনি। দুমাহৰ বাবে পে’ হ’ল্ড হৈ আছে। ঘৰত ৰেচন পাতি আছে বুলিহে চলি আছো। তেনেতে খবৰ ওলাল খুলশালী ছোৱালীজনীৰ বিয়া। বাজেট কৰি কষ্ট কৰিবলৈ মোক পৰিবাৰে নিদিয়ে! মই আফিছৰ পৰা আহি পোৱাৰ লগে লগে শ্ৰীমতীয়ে হাতত চাহ একাপ সহ এখন দীঘল লিষ্ট দি দিলেহি।মই জানোঁ, চাহকাপ গছৰ পাত আৰু মই বলি দিবলৈ চোঁচৰাই নিয়া এটা পঠা ছাগলী।

লিষ্টখন চাই মোৰ খং নুঠিল। মই জানোঁ, খুলশালীৰ বিয়াত মোৰো দ্বায়িত্ব আছে। আৰু ইহঁতক ভালকৈ পঠোৱাতো শহুৰ দেউতাই কন্যাদান কৰোঁতেই মোক দিয়া এককালীন উপহাৰ। ধিক্ মানৱী জীৱন। খাটি থাক।
এনেতে প্ৰকাণ্ড ছাগলী এজনী চোঁচোৰাই অনাৰ দৰে টানি-টানি ছামাদ কছাই ওলালহি। ই চাল্লা ছামাদ। লাইফত পঠা ছাগলী কাটি পোৱাই নাই চাগে। মহা ধূৰ্ত ই।

মোক দেখি ছামাদে মাত লগালে “বাঁবু, ছাঁগল মাংস লাগলে কবেন হা। ভালা ছাগল আনছি চণ্টক ফাৰা।”

মোৰ ধেমালী কৰিবৰ মন গ’ল। মই ক’লোঁ, “ঐ ছামাদ, আহ চাহ একাপ খাই যাবি।”

ছামাদে এনেকৈ মাতিলে বৰ ভাল পায়। আগফালৰ সাঁচি পুলিটোতে ছাগলীজনী বান্ধি সি সোমাই আহিল। ছাগলীজনীয়ে প্ৰাণটাকি চিঞৰ দুটামান মাৰিছে। মোৰ ভাৱ হ’ল আমি দুয়োটা, অৰ্থাৎ ছাগলীজনী আৰু মই একেখন নাৱৰে যাত্ৰী।

ছামাদৰ বাবে পৰিবাৰে চাহ একাপ আনিছিলেই। সি চাহ কাপলৈ তাৰ আফগানী নাকসহ দীঘল ওঁঠ দুটা আগবঢ়াই বৃহৎ হোপাটো মাৰি ক’লে,”কি হ’ল বাঁবু, আজি মন খাৰাব নাকি?”

“এৰা অ’, খুলশালীজনীৰ বিয়া। হাতত লাল পইচা নাই।”

মোৰ কথা শুনি ছামাদে ধেক ধেকাই হাঁহি দিলে।

“বাবুৱে যে কি কয়! ঘৰত টাঁকা দিয়া গাছ আছে, কয় টাঁকা নাই।”

“টকা দিয়া গছ! আৰে তই কৱ কিৰে ছামাদ?”

“হয়তো বাবু। হৌ হাঁচি গাছটো চাৰিটা বিকলে ভী দছ- পাঁচ হাজাৰ টাকা পাবেন।”

তাৰ চকু দেখিলা! মোৰ ঘৰৰ সাঁচি পুলিকেইটালৈ মোৰ চকু যোৱা নাই, অথচ সি চকু মাৰি আহিছে।

“কি ভাবিছে বাঁবু?” ছামাদে মোৰ মনৰ ভাৱ পঢ়ি ক’লে।

“একো নাই ভৱা। তই যা। মই এপাক বাবুৰামৰ টেইলাৰিঙৰ পৰা আহোঁ।” কথাকেইটা কৈয়ে মই উঠিব ল’লো। ছামাদ উঠি গ’ল। যাওঁতে সি সাঁচি পুলিটোলৈ বৰ অস্বাস্থ্যকৰ ভাৱে চাই গ’ল। মনতে ভাবিলোঁ, কেনেবাকৈ চুৰি হওক ৰহ। অ’চি বৰুৱাক কৈ এইচা মালিচ দিয়াম, তোৰ “নানী য়াদ আহি যাব”।

এনেতে ফোনটো বাজি উঠিল। কৈছোঁৱেই নহয়, সেয়া এয়াৰচেল জহন্নামে যোৱাৰ সময়। নম্বৰটোৰ পৰা কুলুককৈ মিছড কল এটা আহিল। সিমূৰত ভদ্ৰদা। কাণ তাল মৰাকৈ সিফালৰ পৰা চিঞৰিছে।

“ববা নেকি অ’??”

“হ-হয় ভদ্ৰদা কওক।”

লাইনটো কটা গ’ল। আকৌ লগালোঁ। সিফালৰ পৰা পুনৰ ডিঙিৰ ভেলভ পিষ্টন বাহিৰ হৈ যোৱা চিঞৰ-

“মই গৈ আছোঁ।”

‘ক’ৰ পৰা? কলৈ?’

“কিয়, ঘৰলৈ আকৌ।”

পুনৰ লাইন কটা গ’ল। আকৌ ফোন লগালোঁ।

“কওক ভদ্ৰদা।”

“অই মই গৈ আছোঁ। শুন, মই তেজপুৰত চাৰ্জিকেল ষ্ট্ৰাইক এটা চলাই আছোঁ। ইয়াতে ৰিঞ্জু হাজৰীকাক লগ পালোঁ। তোৰ কথা ক’লোঁ…..

লাইনটো আকৌ কাট খালে। মোৰো উৎসাহ বাঢ়ি গ’ল। ৰিঞ্জু হাজৰীকা মোৰ একালৰ প্ৰিয় সাহিত্যিক। মই জনাত তেওঁ তেজপুৰত থাকে। তাহানি মোৰ টেবুলত ঠাহ খাই আছিল তেওঁৰ ভৌতিক উপন্যাসে। ভদ্ৰদাটো সঁচাকৈ কামৰ মানুহ। যিজন মানুহ কালি পৰহিলৈকে মোৰ বাবে দেৱতাৰ দৰে ৰহস্যময় আছিল, যাৰ কপাহকোমল আঙুলি দুটা চুই মোৰ সেৱা কৰিবৰ মন গৈছিল সেই ৰিঞ্জু হাজৰীকাৰ লগত ভদ্ৰদা আছে। সঁচাই ভদ্ৰদাই কপাল লৈ আহিছে। ঠিকেই কয় মানুহে, “এ জিনিয়াছ ডজনট ডু এ দিফাৰেণ্ট থিঙ বাট হি ডাজ এভৰিথিঙ ডিফাৰেণ্টলি।”

আকৌ এটা মিছড কল আহিল। মই ভাৱ সাগৰৰ পৰা ওলাই পুনৰ ডায়েল কৰিলো।

সিফালৰ পৰা ভদ্ৰদাই ক’লে-” শুন, ৰিঞ্জু আজি নামতিলৈ যাব। কালিলৈ বোলে সন্থাৰ মিটিং আছে। যাওঁতে তোৰ তাত সোমাই যাব। তই ভাতৰ ব্যৱস্থা কৰিবি বুলি মই কৈ দিছো।”

কি কয় ভদ্ৰদাই! একেদিনাই এনেকুৱা এজন সাহিত্যিকৰ নাম কাঢ়িব পৰা হৈ গ’ল। সঁচাই জিনিয়াছ মানুহ দেই।
ইমূৰৰ পৰা কি কৈছে মই ধৰিব পৰা নাই। এয়াৰচেলৰ মহিমা। মুঠতে মই শুনিলোঁ মানে খাহী মাংসৰ গ্ৰেভী, ইলিচ আৰু সৰচৌ মানে সৰিয়হ ইত্যাদি…..

মই জানো এই খানাটো কাৰোবাৰ খুৱাবলৈ এইকেইদিন মোৰ সামৰ্থ নাই। কিন্তু আজিৰ আলহীজন বেলেগ। এইজন আলহীয়ে মোৰ ঘৰত এসাজ খাই গ’লে গোটেই অঞ্চলটোতে মোৰ নাম ফাটি-ফুটি যাব। এনেয়ো মই নিজকে ডাঙৰ মানুহ বুলি ভুলকৈ হ’লেও কল্পনা কৰি ভাল পাওঁ। এইবাৰ মোক কোনে পায়। পৰিবাৰে নেদেখাকৈ গোপন বস্ত্ৰৰ মাজত লুকুৱাই ৰখা ছুইচ বেঙ্কত হাত দিলোগৈ। য়েচ, চাৰেপাঁচ হাজাৰ টকা আছে। হৈ যাব। দুই কেজি খাহী মাংস, এক কিলো পদ্মাৰ ইলিছ, মিষ্টি দৈ, কাষ্টাৰড পাওদাৰ, মছলা আৰু গেলামালৰ এখন দীঘল লিষ্ট, এখন পিউৰ পাটৰ গামোছা আদিৰ হিচাপ মনতে লিখি লৈ মই বজাৰলৈ যাবলৈ সাজু হ’লোঁ।

যাবৰ পৰত পৰিবাৰক মাতি ক’লোঁ-‘হেৰা ভদ্ৰদাৰ লগত সাহিত্যিক ৰিঞ্জু হাজৰীকা আহি আছে। তুমি পোলাও আৰু প্লেইন ৰাইচৰ লগত মাংস আৰু সৰিয়হ -ইলিচ বনাব লাগিব। বেকভিল্লাৰ পৰা মিঠাই মই লৈ আহিম। বাবুৰামৰ ঘৈণীয়েকক মাতিবা। তাই কাষ্টাৰড ভাল বনায়। আৰু যি পাওঁ লৈ আহিম। তুমি ৰেডি থাকিবা।”

মোৰ কথা শুনি পৰিবাৰৰ মুখত অসন্তোষৰ ৰেখ ফুটি উঠিল। সাধাৰণতে তেওঁ ভদ্ৰদাৰ কথা ক’লে ভাল পায়। ভদ্ৰদাৰ বাৰ-ভচহু কথাত তেওঁ ফিদা হৈ থকা ভকত। গতিকে মই সুধিলোঁ, “কি হ’ল হে? আজি এনেকুৱা এটা দিনত তুমি কিয় এনে কৰিছা?”

পৰিবাৰে ভেকাহি মাৰি ক’লে, “থৈ দিয়কহে আপোনাৰ ভদ্ৰদাৰ কথা। কাহানিয়েই ক’লোঁ, বোলো পাৰিলে সাঁচিপুলি কেইটাৰ বেপাৰী এজন আনকচোন। দুপইচা পালে অলপমান ধাৰবোৰৰ জোৰা পোতা লগাব পাৰিম। পিছে নাই। আজি এসপ্তাহ খবৰ নাই। আগৰবাৰ জখলাটো লৈ গ’ল, ঘূৰাই নিদিলে। যোৱা সপ্তাহত লোহাৰ বিন্ধনাটো লৈ গ’ল আজিলৈকো খবৰ নাই। পাৰিলে আপুনিয়েই এটা কাম কৰিবচোন- চোতালৰ সাঁচি পুলিকেইটাৰ গ্ৰাহক এটা লগাব। টকা দহ হাজাৰ পালেও বহুত।”

পৰিবাৰৰ কথাবোৰ মিছাও নহয়। ভদ্ৰদাই এনেয়ে বহুত কাম কৰি দিম বুলি মোক উল্লু বনাইছে। কাম কৰি দিয়াৰ কথা কৈ দুই চাৰিশ টকা নি বহুদিন দেখাদেখি নাইকীয়া হয়।

তথাপি তেওঁক ক’লোঁ, “বুজিছা, ভদ্ৰদাক একো নক’বা। বিপদে আপদে তেৱেঁই সদায় আহে। ভাল হওক বেয়া হওক আমাতকৈ বয়সো ডাঙৰ। তাতে আজি আলহীজনো লৈ আহিব।”

“হ’ব,এতিয়া বজাৰলৈ যাওক” বুলি পৰিবাৰ ভিতৰলৈ সোমাই গ’ল। ময়ো স্কুটাৰখনত কিক্ মাৰিলো।

যাওঁতে বাটত ছামাদৰ দোকানত সোমালোঁ। ছামাদে বাজী ছাগলীজনী হালাল কৰিবলৈ লৈছিলহে। মোক দেখি সি ওঁঠৰ ফাকত ভৰাই ৰখা চাদা পালি পেলাই হাতখন চোলাৰ আগ জেপটোৰ ভিতৰফালে মচি সুধিলে -“বাঁবু কেই কেজি লাগবেন বলেনত’?”

মই ক’লো -” মোক মাংস নালাগে অ’। পইচাৰ বৰ দগদাৰি হৈছে। তই কচোন সেই সাঁচি পুলি চাৰিটাত কিমান দাম পাম বাৰু?”

মোৰ কথাত ছামাদৰ চকু দুটা উজ্বল হৈ উঠিল। অথচ সি তাৰ উৎকণ্ঠা লুকুৱাই ক’লে-“কিমান হ’ব আৰু বাঁবু? মই দিলে খুব বেছি ২ হাজাৰকৈ আঠ হাজাৰ দিম। অলগ বেপাৰী হ’লেতো চাৰট্টা গাঁচত পাঁচ হাজাৰহে দিব।”

মই ভাবি চাম বুলি তাৰ দোকানৰ পৰা ওলাই আহিলোঁ। বাটে বাটে ভাৱি গ’লোঁ, এইযে আলহীক ৰাজকীয় খানাটো খুৱাব বিচাৰিছোঁ, তাৰ পিছত মোৰ অৰ্থনৈতিক অৱস্থাটো বৰ সংকটজনক হৈ পৰিব। হাতত এহাজাৰ টকাও নাথাকিব। তেতিয়া বাৰু নিজকে বৰমানুহ বুলি জহাই ভালপোৱা এই বিপ্ৰ দামোদৰক,কোনে ৰক্ষা কৰিব!

আবেলি দুই বাজিবলৈ দহ মিনিটমান থাকোতে মোৰ দীঘলীয়া পদূলিটোৰ মূৰতে এখন টুকটুক ৰ’লহি। আগে আগে ভদ্ৰদা আৰু পিছে পিছে চকুত আয়তাকাৰ চশমা লগোৱা এজন মানুহ। হাতত এটা পৰ্টফলিও জাতীয় বেগ। কূৰ্তা পায়জামাৰে এজন আধা চাফ-চিকুণ মানুহ। পিছে-পিছে এজন দুজনকৈ আমাৰ ওচৰ চুবুৰীয়া আৱাল বৃদ্ধ বণিতাৰ এক দীঘলীয়া মিছিল। মই অবাক।

পৰিবাৰক সুধিলোঁ -“হেৰা, ওচৰৰ মানুহবোৰে কেনেকৈ খবৰ পালে হে?”

“মই কেনেকৈ জানিম? মই বাবুৰাম দৰ্জীৰ ঘৈণীয়েকক কাষ্টাৰড বনাবলৈ মাতোতেহে কৈছিলোঁ। অৱশ্যে কথাষাৰ বাবুৰামেও শুনিছিল।”

বাবুৰামৰ কাণত কথা পৰিলে নিউজ চেনেলৰ দৰকাৰ নাই। সি আজন্ম চেনেলী দৰ্জী।
যিকি নহওক মই বেয়া নাপালোঁ। মানুহবোৰ নাহিলে এনেকুৱা ডাঙৰ মানুহ মোৰ ঘৰলৈ অহাৰ খবৰ বাকী মানুহে কেনেকৈ পাব?

ইতিমধ্যে ভদ্ৰদা আৰু ৰিঞ্জু হাজৰিকা মোৰ চোতাল পাইছিলহি। মোৰ পূৰ্বৰ নিৰ্দেশ অনুসৰি পৰিবাৰে নিভাঁজ পাটৰ গামোছা এখন শৰাই এখনত লৈ কাষতে দাণ্ডয়মান হৈ আছিল। মোৰ এটা ইংগিতত তেওঁ বিজুলী সঞ্চাৰে আহি কিংবদন্তি অতিথিজনৰ ওচৰত খাৰা হ’লহি। ময়ো পলম নকৰি তেওঁৰ ডিঙিত গামোছাখন পিন্ধাই সেৱা এটি জনালোঁ। সন্মান জ্ঞাপনৰ অত্যাচাৰত মানুহজনৰ চকুৰে চকুপানী ওলাই আহিল। সামান্য হাউলি তেওঁ মুখেৰে বিৰবিৰাই কিবা মন্ত্ৰ উচ্চাৰণ কৰি কৰি ততাতৈয়াকৈ আমাৰ ঘৰৰ পিছফাললৈ কুকুৰখোজীয়াকৈ দৌৰ মাৰিলে।
পিছে-পিছে ভদ্ৰদা। মই তলকিবই নোৱাৰিলোঁ।
মানুহজনে কিবা বেয়া পালে নেকি বুলি মই পৰিবাৰৰ চকুলৈ চালোঁ। দুই মিনিটমানৰ পিছতে ভদ্ৰদাসহ মানুহজন উভতি আহিল। আহিয়েই তেওঁ মোলৈ কৰমৰ্দনৰ উদ্দেশ্যে হাতখন আগবঢ়াই দি ক’লে, বৰ সুন্দৰকৈ ৰাখিছে আপুনি বাৰীখন। বৰ লাকী বাৰী। আপুনি লাগি থাকক। মই লগত আছোঁ।

সাহিত্যিক ৰিঞ্জু হাজৰিকা এজন ননপ্ৰফেশ্যনেল জ্যোতিষী বুলি কোনোবাই এবাৰ কৈছিল। জ্যোতিষ বিশ্বাস নকৰিলেও এনেকুৱা এজন বিজ্ঞলোকে মোৰ বাৰীখন লাকী বোলাত মনে মনে বৰ ভাল পালোঁ।

ইতিমধ্যে অতিথিক মানে সম্ভ্ৰমে ভিতৰলৈ অনা হৈছিল। ওচৰ চুবুৰীয়া ৰাইজ সুবিধা বুজি বাৰাণ্ডাতে বহিছিল। হাজৰিকালৈ গোটোৱা চাহৰ ভাগ তেওঁলোকলৈকো আগবঢ়োৱা হ’ল।
মই নিজেই জীৱনত খাই নোপোৱা বেকভিল্লাৰ মিঠাইৰে হাজৰীকাদেৱে চাহ গ্ৰহণ কৰিলে। তাৰ পিছত মই তেওঁক মোৰ পঢ়া কোঠালী আৰু তেখেতৰ কিতাপেৰে ভৰ্তি আলমিৰাটোৰ ওচৰলৈ লৈ গ’লোঁ।
কিন্তু কিতাপবোৰলৈ তেওঁ এবাৰো ঘূৰি নাচালে। বৰং তেওঁ মোক সুধিলে, “এই গোটেইবোৰ কিতাপ আপুনিয়েই পঢ়িছেনে!” মই “হয়” বোলাত তেওঁ এটা ৰহস্যময় হাঁহি মাৰি মোৰ চকুলৈ চাই থাকিল। ভদ্ৰদাইও একো নকৈ দুয়োজনৰ মুখলৈ চাই নিৰ্বিকাৰ হৈ থাকিল।

এনেতে পৰিবাৰে তিনিওজনকে উদ্দেশ্য কৰি ক’লেহি, “আহক ভাতৰ ব্যৱস্থা হৈ গৈছে।”

ভাতৰ আয়োজন দেখি ভদ্ৰদাই এটা তৃপ্তিৰ হাঁহি মাৰিলে। কিন্তু হাজৰিকা চাহাবে মাংসৰ বাটিটোহে ভদ্ৰদাৰ ফালে ঠেলি দিলে। ভদ্ৰদাই অ’ফাৰ কেতিয়াও মিছ নকৰে। তেওঁ বাটিটোলৈ হেপা মেলোতেই মই ক’লো -“ছাৰ মাংস খাওক। আমাৰ ছামাদৰ দোকানৰ মাইকী ছাগলী নহয়। একেবাৰে চহৰৰ খলিলৰ দোকানৰ মাংস।”

ভদ্ৰদাই ভবাৰ বিপৰীতে মানুহজনে পুনৰ মাংসৰ বাটিটো চপাই লৈ খোৱা আৰম্ভ কৰিলে। মোৰ সন্দেহ হ’ল, কিয় বাৰু তেওঁ প্ৰথমে মাংস খাবলৈ মন কৰা নাছিল!

খোৱাবোৱা কৰাৰ পিছতে মুখ শুদ্ধিৰ তামোল কাটি পৰিবাৰ ৰৈ আছিল। তামোল এখন মুখত ভৰাই তেওঁ কিবা এটা জেপৰ পৰা উলিয়াব লৈছিল, তেনেতে বাবুৰাম দৰ্জী সুঁহুৰি এটা মাৰি ভিতৰলৈ সোমাই আহিল। আহিয়েই তেওঁ হাজৰিকাক নমস্কাৰ এটি কৰি ক’লে-“ছাৰ বাহিৰত বহুত মানুহ আপোনাৰ বাবে ৰৈ আছে। অকণমান আহি ৰাইজৰ লগত দুষাৰমান পাতক।”

তেতিয়াহে মোৰ সম্বিত ঘূৰি আহিল। হয়তো, ৰাইজৰ আগত তেওঁ দুষাৰ নক’লে ইয়ালৈ অহাৰ সাৰ্থকতাই নাথাকিব।
মানুহজনে বঁটাটোতে দুহেজাৰ টকীয়া নোটৰ পুৰা বাণ্ডিল এটা থৈ হুৰহুৰকৈ বাহিৰলৈ ওলাই গ’ল। ভদ্ৰদাই টকাৰ বাণ্ডিলটো ঠেলি হেঁচি জেপত ভৰাই মোক টান মাৰি বাহিৰলৈ লৈ আহিল। পিছে পিছে মোৰ পৰিবাৰ।

বাৰাণ্ডাতে ৰৈ তেওঁ আৰম্ভ কৰিলে-“ৰাইজ, মই আজি কথাবোৰ বৰ আচৰিত পাইছোঁ। মোৰ বাবে আজি এখন ৰাইজ ৰৈ আছে! জীৱনত এনে সন্মান মই কেতিয়াও পোৱা নাই। সঁচা কথা ক’বলৈ গ’লে জীৱনত বহু ধন ঘটিলোঁ। বহুত মানুহক ৰজাৰ দৰে ধনী কৰি দিলোঁ। অথচ এনেকুৱা আতিথ্য কোনো দিনে কোনেও মোক আগবঢ়োৱা নাই। মই সঁচাই বৰ ভাগ্যবান।” কথাকেইষাৰ কৈ মানুহজনে কান্দি দিলে। মই ভদ্ৰদাৰ চকুলৈ চালোঁ। ভদ্ৰদাই আঙুলি এটা ওঁঠত ৰাখি মোক মনে মনে থাকিবলৈ ইংগিত দিলে।

তেওঁ পুনৰ আৰম্ভ কৰিলে,”ৰাইজ, মোৰ নাম ৰিঞ্জু আব্বাছ হাজৰিকা। ঘৰ তেজপুৰত। মই এজন সাঁচিকাঠৰ ব্যৱসায়ী। আপোনালোকে চাগে মোক বৰ ডাঙৰ মানুহ বুলি ভাৱিছে। আচলতে মই কোনো ডাঙৰ মানুহ নহয়। বৰ্তমান মই উজনি অসম সাঁচি ব্যৱসায়ী সন্থাৰ সদস্য। কালিলৈ পুৱা নামতিত আমাৰ সন্থাৰ এখন সভা আছে। আজি ৰাতি মই চামগুৰিৰ মুজিদ আলীৰ ঘৰত আলহী হ’ম। আৰু শুনক, এই গিৰিহঁতৰ ঘৰৰ চাৰিজোপা সাঁচিগছ মই দুই লাখ টকাত কিনি লৈছো। অতিৰিক্ত দহহাজাৰ টকা মই তেখেতৰ হাততে ৰাইজলৈ দি যাম। অলপ আগতে তেখেতৰ ঘৰৰ লাইব্ৰেৰীটো মোক দেখুৱালে। সঁচা কথা ক’বলৈ গ’লে মই আনপঢ় মানুহ। কিতাপবোৰ বৰ ধুনীয়াকৈ ৰাখিছে বুলি কোৱাৰ বাহিৰে মোৰ ক’বলৈ একো নাই। মই আশা কৰিছোঁ, গাঁৱৰ লাইব্ৰেৰীটো চলাবলৈ এখেততকৈ উত্তম লোক কোনো নহ’ব।

মানুহজনৰ কথাত মোৰ চকুপানী ওলাই গ’ল। গাঁৱৰ ৰাইজো ঘৰাঘৰি গ’লগৈ। ৰিঞ্জু আব্বাছ হাজৰিকাই মোক ভিতৰলৈ মাতি আনি ক’লে ,”চাওক, মই চল্লিশ বছৰ সাঁচিৰ ব্যৱসায় কৰিছো। গতিকে মোৰ চকুত ধূলি দিয়াটো সহজ নহয়। আপোনাৰ সাঁচি কেইজোপাত দাম বঢ়াবলৈ কোনোবাই বিন্ধনা জাতীয় হাথিয়াৰেৰে সৰু সৰু ফুটা উলিয়াই থৈছে। এনে কাম আপোনাৰ দৰে পঢ়াশুনা কৰা মানুহে কৰিছে বুলি মোৰ বিশ্বাস নহয়। মই মুছলমান মানুহ বুলি জানি আনকি আপুনি হালাল কৰা মাংসহে আনি খুৱাইছে। এনেকুৱা মানুহে এনেকুৱা কাম কৰিছে বুলি খোদ আল্লাহে ক’লেও মই বিশ্বাস নকৰো।
চাবচোন কোনে এনেকুৱা কাম কৰিছে। এইবোৰ কামে আপোনাকো বদনামী কৰিব।”

মই লগে লগে ভদ্ৰদালৈ চালোঁ। ভদ্ৰদাৰ কেঁহেৰাজ বৰণৰ হৈ পৰা মুখখনৰ পৰা এটা শিয়াল ধূৰ্ত হাঁহি বিয়পি পৰিছে। মই ধমকি এটা দিয়াৰ আগত ভদ্ৰদাই মোলৈ দুইলাখ টকাৰ পেকেটটো আগবঢ়াই দি ক’লে-“যি হ’ল হ’ল। তোৰো ধনৰ দৰকাৰ বুলি বোৱাৰীয়ে সিদিনা কৈছিল। গতিকে ৰঞ্জুকে লৈ আহিলোঁ। হ’ব দে, দুয়োটাৰে কাম হ’ল। ৰাইজেও কিবা এটা পালে। সবটো মোৰ বাবেই হ’ল ন?”
বিন্ধনাৰ ৰহস্য ভেদ হোৱাত পৰিবাৰে ওৰণিৰে মুখ ঢাকি ভিতৰলৈ সোমাই গ’ল।

☆★☆★☆

3 Comments

  • Asomi Gogoi

    সাচিঁ গছ কেইজোপা চকুৰ আগত দেখি গলো ঔ। পঢ়ি ভাল পালো।

    Reply
  • Anonymous

    মজা

    Reply
  • সদানন্দ ভূঞা

    সুন্দৰ, বৰ ভাল লাগিল ।

    Reply

Leave a Reply

Your email address will not be published.