ফটাঢোল

ভদ্ৰদাৰ মেট্ৰিমণি ডট্ কম – বিদ্যুত বিকাশ দত্ত

ঘটনাটো পাকলগা। ঠিক চিৰাজ কথাছবিৰ দৰে। সেইদিনা এতিয়াৰ হৰা এম এল এ আৰু তেতিয়াৰ মৌজাদাৰৰ ঘৰৰ হালোৱা টেৰণে মহৰ পিঠিত উঠি পেঁ‌পা বজাই আছিল। বাটেদি যাওক তেতিয়াৰ এম এল এ চাহাব। পেঁপাৰ সুৰ শুনি তেওঁ ৰৈ দিলে। টেৰণৰ লগত কথা পাতিলে। লাহে-লাহে তেওঁৰ ঘৰলৈ টেৰণৰ আহ যাহ হ’ল। পিছৰ বছৰ টেৰণ পঞ্চায়তত উঠিল। জিকিলো। লাহে লাহে আগৰ এম এল এ পৰি আহিল। অনাখৰী টেৰণ বুদ্ধিৰ জোৰত উঠি আহিল। দুবাৰ এম এল এও জিকিল। লাহেকৈ আগৰ এম এল এৰ জীয়েককে বিয়া কৰালে। ছোৱালী এজনীৰ পিতৃও হ’ল। অশিক্ষিত হ’লেও টেৰণ ডাঙৰ মানুহ হ’ল। সদনত ভাষণ দিব পৰা হ’ল। অলপমান শিক্ষিত বিধায়কসকলে টেৰণৰ ভাষণৰ মাজত কমেডি পাবলৈ ল’লে। ব্যক্তিগত চেনেলকেইটাত ‘টেৰণ পুৰাণ’ নামৰ নিয়মীয়া অনুষ্ঠানটোৰ টি আৰ পি বাঢ়িল। মুঠতে টেৰণ বিখ্যাত (!) হ’ল। অসমে গম পালে প্ৰতিখন সদনত এজন ফ্ৰী কমেডিয়ান লাগে।

কেইবছৰমানৰ আগত টেৰণৰ মানুহজনী ঢুকাল। ছোৱালীজনী যোৰহাটৰ কলেজৰ হোষ্টেলত দি টেৰণ এতিয়া এজন ফ্ৰী মানুহ। একেবাৰে ফ্ৰী।

(২)

সেইদিনা পুৱাতে ভদ্ৰদা ওলালহি। লগতে এজনী অপেশ্বৰীহেন ধুনীয়া মানুহ। মানুহজনী নেপালী। এতিয়াও অসমীয়া কথা ক’লে নেপালী গোন্ধ এটা ভাঁহি আহে। তাই আহিছে কোনোবা বঁকিয়ালৰপৰা। টিভিত হেনো প্ৰায়ে টেৰণক দেখি থাকে। লগ কৰিবলৈ আহিছে ঘৰত। ভদ্ৰদাই আকৌ বাটতে লগ পালে। মানুহজনীয়ে কান্দি-কাটি ভদ্ৰদাক দুখনমান ফটো দেখুৱালে। এখনত টেৰণ আৰু শিৰত সেন্দুৰ লৈ তাই। আনখনত কোলাত কেঁচুৱা ল’ৰা এটা লৈ তাই আৰু আমাৰ টেৰণ।

মই নিজেও ফটো দুখন চালো। হয়, সেয়া আমাৰ টেৰণ। আজি পোন্ধৰ বছৰৰ আগত এইটো চেহেৰাৰে নিটোল ডেকা টেৰণ আহিছিল আমাৰ মৌজাদাৰৰ ঘৰৰ হালোৱা হৈ। কৈছিল তাৰ হেনো ঘৰ বঁকিয়ালত। ক’ৰ বঁকিয়াল মই ভূগোলত বিচাৰি চোৱা নাছিলো। কিন্তু এতিয়া ভূগোলে নহয় অসম গেজেটৰ পৃষ্ঠাতো বঁকিয়ালৰ সন্তান টেৰণৰ নাম লিখা আছে।

কিন্তু টেৰণৰ যে এটা নিৰ্লজ্জ অতীত আছে আমি জনা নাছিলোঁ। এতিয়াতো টেৰণ মোৰ ভাগ্যচক্ৰ বদলি কৰি দিব পৰা মানুহ। ভদ্ৰদাতো কোনো কুটাই নহয়। ৰাতিৰ আন্ধাৰত ভদ্ৰদা বা মোৰ দৰে মানুহক নিমিষতে নিঃচিহ্ন কৰি দিব পাৰে টেৰণৰ দৰে মানুহে।

গতিকে ভদ্ৰদাই টেৰণৰ লগত লাগি ল’বলৈ নিবিচাৰিলে। মুঠতে সুধিলে তাইৰ পুতেকে কি কৰি আছে। মানুহজনীৰ পুতেকে এতিয়া এম. এ পঢ়ি আছে। বাপেকক চাই পুতেক ধুনীয়া হ’ব যেনেই লাগিল।

মানুহজনীক এওঁ খুৱাই বুৱাই বিদায় দিলে। পিছে খাই থাকোতে এওঁ সুধিলে -কিয় আজিকালি কোৰ্টত কেচ দিলেও এনেকুৱা কেচত ন্যায় পাব পাৰি। কোৰ্টলৈ নগ’লা কিয়?

মানুহজনীয়ে কান্দি কাটি ক’লে, -গৈছিলো বাইদেউ। কেছখনত জিকিব লগাও আছিল। কিন্তু মূৰকত তেখেতহে জিকিলগৈ। ল’ৰাটো তেওঁৰ বুলি প্ৰমাণ দিব নোৱাৰিলোঁ। পৰীক্ষাগাৰৰপৰাও বিপৰীত ৰিপৰ্টহে আহিল। নুবুজিলো, বিজ্ঞানত বোলে সকলো সঁচাহে প্ৰমাণ হয়। কিন্তু মোৰ ক্ষেত্ৰত বিজ্ঞানেও কিয় মিছা কয়!

ভদ্ৰদাই বহুপৰ ভাবি কথা দিলে কিবা প্ৰকাৰে হ’লেও টেৰণৰ প্ৰায়শ্চিত্তৰ ব্যৱস্থা তেওঁ কৰিব। কিন্তু সময় লাগিব।

এনে অবাস্তৱ দায়িত্ববোৰ লয় বাবেই ভদ্ৰদাক মই বেয়া পাওঁ। আজি হাৰিলেও কালিলৈ টেৰণ মন্ত্ৰী এম এল এ হ’ব। গ্ৰেজুৱেট পি এ একোজনে তেওঁৰ মূৰ্খামী সিদ্ধান্তবোৰ নথিভূক্ত কৰি ৰাখিব। টেৰণৰ পিছে পিছে ‘য়েছ বছ’ কৰিবলৈ এমখা উদণ্ড ল’ৰা থাকিব। দৰকাৰ পৰিলে ভদ্ৰদাৰ নিচিনা মানুহক টেৰণে ৰাতিটোতে ন’হোৱেৰ কৰি দিব পাৰিব। তেনেকুৱা এজন মানুহৰ লগত লাগি ল’লে নিজৰ গালৈকে কেতিয়াবা ঘাতি হ’ব। মই বুজালো ভদ্ৰদাক। এওঁও বুজালে। নাই, নুবুজিলে মানুহটোৱে। ভদ্ৰদা তেনেকুৱাই, অবাধ্য।

(৩)

মানুহজনী যোৱাৰ পিছত বহুদেৰি ভদ্ৰদা আমাৰ চ’ৰাঘৰত বহি থাকিল। মই কেইবাবাৰো মাত দিলো। একো উত্তৰ নাই। ন মান বজাত পৰিবাৰে ভাত খাবলৈ দুয়োকে মাতিলে। কিন্তু ভদ্ৰদাই ভাত চুয়েই উঠিল। তামোল এখন মুখত ভৰাই তেওঁ ক’লে -বুজিছ বাবা, টেৰণক বলেৰে নোৱাৰি, বুদ্ধিৰে বলাব লাগিব। কোৰ্টলৈ যাবলৈকো এবাৰ কেছটোৰ বিচাৰ হৈ গৈছে। গতিকে ময়ে বেচেৰী মানুহজনীক ন্যায় দিব লাগিব। তই মাত্ৰ এটা সহায় কৰিবি। যোৰহাটৰ কোন কলেজত টেৰণৰ জীয়েকে পঢ়ে খবৰ আন। মুঠতে মনত ৰাখিবি যিদিনালৈকে এই কাঞ্চীক সি স্বীকৃতি নিদিয়ে সেই দিনালৈ মই তোৰ ঘৰত ভৰি নিদিওঁ। আৰু এটা কথা বুজি ৰাখিবি “মই এইবাৰ পাপ কৰিম”। কিন্তু ন্যায়ৰ বাবে কৰা পাপক তহঁতে পিছত মোৰ ভুল নুবুলিবি।

দুমাহমান ভদ্ৰদাৰ দেখা দেখি নাই। মাজতে তেওঁ এদিন ফোন কৰি টেৰণৰ জীয়েকে পঢ়া কলেজখনৰ নাম সুধিলে। মোৰ হাতত তথ্যটো আছিল। দিয়াৰ লগে লগে ফোনটো কাটি দি “পিছত কথা পাতিম ৰহ” বুলি আকৌ বহু দিনলৈ খবৰ নাইকিয়া হৈ গ’ল।

মাজতে এদিন নবৌক বজাৰতে পালো। ভদ্ৰদাৰ খবৰ লোৱাত ক’লে – দুমাহ হ’ল। বঁকিয়াল নে ক’ত হেনো কিবা প্ৰজেক্ট এটা কৰি আছে। মাজে মাজে যোৰহাটলৈ আহি থাকে। আমাৰ গাঁৱৰ ল’ৰা এটাই হেনো এদিন লগ পাইছিল। লগত বোলে আমাৰ টেৰণ এম এল এৰ জীয়েকজনী আছিল। পিছে য’ত থাকে থাকক। ঘৰখনলৈ অন্ততঃ দুপইছা পঠিয়াব পাৰিছে।

ভদ্ৰদাই দুপইছা ঘটিছে বুলি জানি ভাল পালো। কিন্তু টেৰণৰ জীয়েকৰ লগত ভদ্ৰদাক দেখাৰ অৰ্থ কি বুজি নাপালো। মনটো কেনেবা লাগিল। এইবাৰ মুনিৰ মতিভ্ৰম হ’ল নেকি? ইফালে “পাপ কৰিম” বুলি ভদ্ৰদাই নিজেই কৈ গৈছে। কোনটো লেভেলৰ বা পাপ কৰিবলৈ ভদ্ৰদা গৈছে বুজি নাপালো। তথাপি নবৌক মই একো নক’লো। মিছামিছি সন্দেহৰ বাতাবৰণ এটা আনিবলৈ মোৰ সত নগ’ল।

(৪)

পূজাৰ বতৰ। পুৱাতে লাগিল হুৱাদুৱা। আমাৰ টেৰণৰ জীয়েকে বোলে পুৱাই চুইচাইড এটেমপ্ট কৰিছিল। টেৰণৰ ঘৰৰ আগত লোকে লোকাৰণ্য হ’ল। টেৰণৰ চিকিউৰিটি এটাই ক’লে বোলে পূজাৰ ছুটীত ছোৱালীজনী ঘৰলৈ অহাৰেপৰা বোলে দেউতাকৰ লগত কাজিয়া। খঙত টেৰণে “তই মোৰ সন্তান নহয়” বুলি ওলাই যায়। আকৌ উভটি আহি জীয়েকক সাৱটি ধৰেহি। মাতৃহীন ছোৱালীজনীক খঙো কৰিব নোৱাৰে অবাধ্য হ’লেও আওকাণ কৰিব নোৱাৰে। পিছে কি কাৰণতনো তাই এনেকুৱা কৰিবলৈ লৈছিল বুজি নাপালো। পিছে হঠাত দেখিলো টেৰণৰ গেটৰ সন্মুখত আমাৰ শিয়াল টেঙৰ ভদ্ৰদাও ৰৈ আছে। মুখত এক ৰহস্যময় হাঁহি। মোৰ বুকুখন ঢিপিংকৈ মাৰিলে। ভদ্ৰদাৰ এইটো হাঁহি দেখিলে টেৰণে দুনলীয়া বন্দুক উলিয়াই আনি তেওঁক ত্ৰিভূৱন খেদিব।

তেনেতে দেখিলো দুমহলীয়া ঘৰটোৰ ওপৰ মহলৰ দুৱাৰ মুখেৰে টেৰণ ওলাই আহিছে। আহিয়েই টেৰণে চোতালত ৰৈ থকা ৰাইজক সম্বোধি ক’লে – ৰাইজ, আপোনালোকক এটা খবৰ দিওঁ। অহা সপ্তাহত মই পুনৰবাৰ বিয়া কৰাম। মাজনীৰ মাকে লগ এৰি যোৱাৰেপৰা মোৰ ঘৰখনৰ পৰিবেশ একেবাৰে বেয়া হৈ গৈছে। ছোৱালীজনী অকলশৰীয়া হৈ খিংখিঙীয়া হৈ পৰিছে। মোৰ উপায় নাই। ধৰি লওক এয়া সময়ৰ দাবী। মোৰ ছোৱালীজনীকো মই বিশেষ কথা এটাৰ প্ৰমাণ দিব লাগে। গতিকে অহা সপ্তাহত আমাৰ ঘৰলৈ সকলো আহিব। চাহ একাপ খাবলৈ। শুনক, ইয়াত কোনো আনুস্থানিকতা নাই। অৱশ্যে ৰাইজক মোৰ পুৰণি ভুল এটাৰ কথা সেইদিনা ক’ম। সকলোকে নিমন্ত্ৰণ জনালো।

মই বুজিলো, আমাৰ ভদ্ৰ মহাশয়ে ভাল কিবা এটা জোৰা মাৰিলে। টেৰণে আকৌ বিয়া পাতিব। পুৰণি ভুল এটাৰ কথাও ৰাইজক ক’ব। মোৰ হাঁহি উঠি গ’ল। কিয়নো নুঠিব! মইতো সকলো বুৰঞ্জী জানো। হয়তো টেৰণে বুজি পাইছে দুই নম্বৰী কৰি বেছিদিন চলিব নোৱাৰি। নেপালী মহিলাগৰাকী টেৰণৰ পত্নী হ’ব। তাইৰ সন্তানটিৰ জন্মৰ লগত থকা তেওঁৰ সম্পৰ্কটো হ’ব পাপৰ স্বীকাৰোক্তি। বাঃ চেলুট ভদ্ৰদা। কি সুন্দৰ কাম! কি ফিনিচিং!

কিন্তু এয়া কেনেকৈ সম্ভৱ হ’ল? টেৰণৰ দৰে প্ৰভাৱশালী, গুৰু গোঁসাই নমনা মানুহক কি বুদ্ধিৰে ভদ্ৰদাই বশ কৰিলে? নাই নাই, মই কথাটো সুধিব লাগিব।

লগে-লগে ফোনটো উলিয়াই মই ভদ্ৰদাক ৰাতিৰ ভাত সাঁজলৈ নিমন্ত্ৰণ দিলো। ভাবিলো তাতে কথাষাৰ সুধিব লাগিব।

(৫)

খোৱা বোৱাৰ কথাত ভদ্ৰদাই না কৰাৰ উদাহৰণ নাই। সময়ৰ দুঘণ্টা আগতে প্ৰভূ ঈশ্বৰ হাজিৰ। পিছে জুহালৰ গুৰিতে মই তেৰাক জোকাবলৈকে সুধিলো -“হেৰি নহয়, নিজকে বৰ টেঙৰ বুলি ভাবে নহয়। দেখিলে, টেৰণে কেনেকৈ মাক পুতেকক স্বীকৃতি দিবলে ওলাইছে? আপুনি বঁকিয়ালত গৈ শুই বহি থাকোতেই ঈশ্বৰে টেৰণক শুভ বুদ্ধি দিলে। বোলে ঈশ্বৰে যি কৰে ভালেই কৰে।”

মোৰ কথাত ভদ্ৰদা গৰজি উঠিল। ক’লে – থুই কটা, পাপিষ্ঠ টেৰণে এনেই কাঞ্চীক চপাই ল’ব বিচৰা নাই। তাৰ মূলতে আছে এই অমুকা।

মই বোলো কেনেকৈ?

ধূৰ্ত হাঁহিটো মাৰি ভদ্ৰদাই ক’লে – তোৰপৰা টেৰণৰ জীয়েকৰ কলেজৰ ঠিকনা লৈ এদিন এদিন তাইৰ হোষ্টেল ওলালোগৈ। গাঁৱৰ মানুহ দেখি “খুৰাদেউ” তাই মোক সাৱটি ধৰিলেহি। মই পিছলৈ ঘনাই খবৰ ল’বলৈ ল’লো। যোৰহাটলৈ আহিলেই তাইক লগ ধৰিবলৈ ল’লো। মাজে মাজে কথাৰ পাকত কাঞ্চীৰ পুতেকৰ ৰূপ-গুণ চৰিত্ৰৰ কথা ক’বলৈ ল’লো। প্ৰথমে তাই গুৰুত্ব নিদিলেও লাহে লাহে তাৰ কথা সুধিবলৈ ল’লে। মাজতে এদিন বঁকিয়ালৰে ধুনীয়া ল’ৰা এটাৰ ফটো তাইক দেখুৱাই মিছাকৈয়ে সেইটো কাঞ্চীৰ পুতেক বুলি ক’লো। তাই ফিদা হৈ গ’ল। তাৰ পিছতে এদিন নিজেই কাঞ্চীৰ পুতেকৰ হৈ তাইলৈ এখন চিঠি লিখি আনিলো। তায়ো উত্তৰ দিলে। মই বেদনিধি হৈ থাকিলো। শূন্যতে প্ৰেম হ’ল তাইৰ। চিঠি দিবলৈ আহিলেই মোৰ হাতত পাঁচ দহ হাজাৰ টকা গুজি দিয়া হ’ল।

“কিন্তু ল’ৰাৰ ঠিকনা?” মই সুধিলো।

“সেইটো মই ভুল কৰা নাছিলো। কাঞ্চীৰ সঠিক ঠিকনাই দিছিলো। নাম, ঘৰ সকলো। যেতিয়া জীয়েকে দেউতাকক প্ৰেমিকৰ কথা ক’লে দেউতাকে ভাল পালে। জীয়েকৰ পছন্দক স্বীকৃতি দিবলৈকো ওলাল। কিন্তু প্ৰেমিকৰ ঠিকনা শুনি টেৰণ পাগলৰ দৰে হ’ল। কাৰণ জীয়েকৰ প্ৰেমিক যে তেওঁৰে গুপ্ত সন্তান। তেতিয়া তেওঁ জীয়েকক বাধা দিলে। কিন্তু ‘ৰাধাই বাধা নামানি’ চুইচাইড এটেমপ্ট কৰিলে। অধিক বিপদ হোৱাৰ চিন্তাত টেৰণে জীয়েকৰ আগত সকলো স্বীকাৰ কৰিলে। প্ৰমাণ হিচাপে কাঞ্চী আৰু পুতেকক চপাই লোৱাৰ কথা ভাবিলে বোধহয়। সেয়ে অহা সপ্তাহত ৰাইজক মাতিছে।”

সাক্ষাৎ শিয়াল এটাৰ মুখৰপৰাহে যেন কথাবোৰ শুনিলো মই। মূৰটো কিবা ৰিমজিমাই গ’ল মোৰ। তথাপি সুধিলো, “টেৰণৰ জীয়েকে বাৰু কথাবোৰ জানিলে। পিছে কাঞ্চীৰ পুতেকোতো ডেকা ল’ৰা। সি কি কৰিব এতিয়া?”

“সি একোকে নাজানে। গুৱাহাটীত পঢ়ি আছে এতিয়া। এবছৰ ঘৰলৈ অহাই নাই। এইবাৰ আহি প্ৰথমবাৰলৈ বাপেকক পাবহি। ভালো লাগিব ন?”

ভদ্ৰদাক দিবলৈ মোৰ উত্তৰ নাছিল। এনেকুৱা লাগিল ভদ্ৰদাৰ মূৰটোত ঈশ্বৰে শিয়ালৰ মগজু ইনষ্টল কৰি দিছিল নেকি বাৰু!”

☆★☆★☆

2 Comments

Leave a Reply

Your email address will not be published.