ফটাঢোল

ভদ্ৰদাৰ me too – বিদ্যুত বিকাশ দত্ত

ন বছৰৰ আগতে পাইছিলোঁ সীতাৰমণক। সুন্দৰ সীতাৰমণ। মানে সুন্দৰ সচিদানন্দ ঔমপ্ৰকাশ সীতাৰমণ। আৰু আছে নামটোৰ লগত কিবাকিবি। মই পাহৰি যাওঁ। থোৰি মোৰ দৰকাৰ পৰিছে তাৰ পৰিয়াল, পৰিপুৰুষৰ নাম পুৰাকৈ মনত ৰাখিবলৈ! গতিকে তাক আমি সীতাৰমণ বুলি মাতিছিলোঁ। কোনোবাই “চুন্দৰো” বুলিছিল।

সুন্দৰ তামিলনাডুৰ মানুহ। কিন্তু বৈশিষ্টটো হ’ল সি পাৰফেক্ট হিন্দী ক’ব পাৰে। আৰ্যাৱৰ্তৰ মানুহে দক্ষিণ ভাৰতীয় সকলৰ ক’লা ৰঙৰ বাবে হীন চকুৰে চায়। কিন্তু সুন্দৰৰ হৃদয়খন সুন্দৰ। মানুহটো নিখুঁট মেকানিক। মাৰুতি গাড়ীৰ আৱাজ শুনিলেই সি ক’ব পাৰে গৰবৰ ক’ত? যি কি নহওক সুন্দৰেই মোক শিকাইছিল মাৰুতি মানে কি? আচলতে মৰুৎ মানে বায়ু। বায়ুৰ পুতেক হনুমান। গতিকে মাৰুতি। হনুমান বিক্ৰম আৰু গতিৰ প্ৰতিকী নহয় জানো? সুন্দৰ মোৰ ঘৰৰ কাষৰ গেৰেজটোৰ প্ৰধান মেকানিক আছিল। কামৰ জোখাৰে মালিকে তাক ইঞ্জিনিয়াৰৰ দৰে দৰমহা দি ৰাখিছিল।

এদিন ভদ্ৰদাই আহি ক’লে,

: ববা, বৰ কথা হ’ল বুজিছ। সুন্দৰে ক’ৰবাৰ পৰা ছোৱালী এটা উঠাই নি ঘৰত ৰাখিছে। কথাটো বেয়া হৈছে। তাৰ বিয়াখন পাতি দিওঁ আহ।

ভদ্ৰদা এইবোৰ কথাত বৰ চিৰিয়াছ। সব কৰিব লেডিজৰ লাফৰাত নোসোমায়ো আনকো সোমাব নিদিয়ে।

কথা মতে কাম। তিনিদিন পিছত গেৰেজতে পাল তৰি সুন্দৰৰ বিয়া পাতি দিয়া হ’ল। ডায়মণ্ড ষ্টুডিঅৰ মালিকে বহু চেষ্টা কৰিও সুন্দৰ আৰু মানুহজনীৰ ফটো তুলিব নোৱাৰিলে। কেনেকৈ তুলিব? এনেয়ো ৰভাঘৰখন আন্ধাৰ। সুন্দৰ আৰু পৰিবাৰৰ দাঁত, চকুৰ গুৰি আৰু নখবোৰৰ বাদে ফটোত একো নোলাল। খঙত ষ্টুডিঅৰ মালিকে কেমেৰাটো থেকেচি ভাঙি পেলাই ষ্টুডিঅত এসপ্তাহ তলা লগাই থ’লে।

সুন্দৰৰ মানুহ গৰাকী তামিল ভাষী। হিন্দী নকয়ো, নুবুজেও। অসমীয়াতো দূৰৰ কথা। গতিকে হাতৰ অংগী-ভংগীৰে কাম চলাব লগা হয়। সুন্দৰ এবছৰমান আমাৰ চুবুৰীয়া হৈ থকাৰ পিছত এজনী ছোৱালী জন্ম হ’ল। স্থান গগৈ নাৰ্চিঙহোম। মই, ভদ্ৰদা আৰু সুন্দৰ অ’টিত থকা বহু এটেণ্ডেণ্টৰ লগত বহি আছোঁ। এনেতে অ’টিৰ নীলা লাইটটো জ্বলি উঠিল। ডিউটি নাৰ্চে সদ্যজাত শিশু এটি লৈ ওলাই আহিল। শিশুৰ বৰণো কৃষ্ণ। নাৰ্চে সকলোকে সুধি গৈছে,

: এই শিশুটিৰ পিতৃ  কোন?

কোনেও সেইফালে মন দিয়া নাই। এনেতে সুন্দৰ  শিশুটিৰ ফালে ভীৰাই লৰ মাৰিলে। নাৰ্চে সুধিলে,

: এইটো আপোনাৰে সন্তান বুলি কেনেকৈ জানিলে?

সুন্দৰৰ সৰল উত্তৰ,

: মই জানো। আমাৰ এওঁ যিয়েই বনায় সব দেই যায়৷

এনেবোৰ সৰু-সৰু কথাৰ বাবেই সুন্দৰ আমাৰ প্ৰিয় আছিল। ভদ্ৰদাই  দিয়া মতেই কন্যা শিশুটিৰ নাম ৰাখিলে নীতু। নীতু সুন্দৰ সচিদানন্দ ঔমপ্ৰকাশ সীতাৰমণ। নামটো যেন শব্দৰ ভৰত কেঁকো-জেকো কৰি যোৱা এখন দীঘলীয়া ৰেলগাড়ী।

পিছৰ বছৰ সুন্দৰ আৰু এজনী ছোৱালীৰ পিতৃ হ’ল। ভদ্ৰদাই নাম দিলে গীতু। সুন্দৰে আপত্তি নকৰিলে। আমাৰ চুবুৰীটোৰ সিহঁত অভিন্ন অংগ হৈ পৰিল। বিশেষকৈ ডাঙৰজনী ছোৱালী ভদ্ৰদাৰ কোলাতে ডাঙৰ হ’ল। নহ’ব কিয়? সুন্দৰৰ ঘৈণী ‘সুন্দৰী’য়ে বনাই দিয়া ডোচা খাবলৈ পায় আমাৰ মহাশয়ে সুন্দৰৰ ঘৰেই নেৰা হ’ল।

হঠাৎ এদিন সুন্দৰ নোহোৱা হ’ল। তামিলনাডুৰ পিতৃ গৃহলৈ বুলি সপৰিয়ালে ওলাই গৈ সুন্দৰ হেৰাই গ’ল। বহুতৰ মতে সুন্দৰ মৰিল। কোনোৱে ক’লে সুন্দৰহঁত যোৱা ট্ৰেইনখনত জুই লাগিল। ধুৰন্ধৰ বাবুৰাম দৰ্জীয়েতো সুন্দৰৰ ডেডবডিত নিজেই  ফুল ছটিয়াই অহা বুলিও ব’ম ফাঁকি মাৰিলেহি।

পিছৰ বছৰ ভদ্ৰদায়ো বুঢ়া বয়সত বিয়া কৰালে। এবছৰ পিছত মই। নিজা সংসাৰৰ মাজত অাৱদ্ধ হৈ দুয়ো সুন্দৰক পাহৰি গ’লোঁ।

যোৱা বছৰ পূজাৰ চাৰিদিন আগতে ভদ্ৰদাই খবৰ দিলেহি “ববা সুন্দৰ পৰিয়ালসহ ঘূৰি আহিছে।” মই জঁপিয়াই উঠিলোঁ। মৰি হাড়ত বন গজিল বুলি ভৱা মানুহটো তাৰ মানে জীয়াই আছে! পিচে ভদ্ৰদাই লগত প্ৰমাণো আনিছিল। ভদ্ৰদাৰ কান্ধত উঠি আহিছে সুন্দৰৰ সৰু কন্যাৰত্ন গীতু।

তৎক্ষণাত স্কুটাৰ চলাই গৈ সুন্দৰক লগ ধৰিলোঁগৈ। সুন্দৰে কান্দি দিলে। আৱেগ শেষ হ’লত সুন্দৰে ক’লে যে সি হেনো ইমান বছৰে শিলিগুৰিত আছিল। তাৰ মানুহবোৰ বোলে বৰ ধুৰ্ত। তাৰ সুন্দৰী (!) ঘৈণীজনী দেখি হেনো সকলোৱে লাইন মাৰিবলৈ বিচাৰে। গতিকে পৰিয়ালটো থৈ সি হেনো আকৌ শিলিগুৰিলৈ যাবগৈ। আমাৰ চুবুৰিটোৰ নিচিনা চেফ জেগা হেনো নাই।

কথা মতে সুন্দৰ গ’লগৈ। ভদ্ৰদাই ছোৱালী দুজনী প্ৰদীপ বৰপাত্ৰ গোহাঁইৰ প্ৰাইমেৰী স্কুলত নাম লগাই দিলে। পুৱাই ভদ্ৰদাই দহটকাৰ ডালবুট কিনি দি ছোৱালী দুজনী স্কুলত থৈ আহে। আবেলি লৈ আনেগৈ। সুন্দৰীয়ে ভদ্ৰদাক নিতৌ ছয় দুগুণ বাৰটাকৈ ডোচা বনায় খুৱায়। এনেয়ো ভদ্ৰদাৰ বহুদিনীয়া ৰাহু দশা চলি আছে। গতিকে দিনটোৰ বেছিভাগ সময় তেৰা সুন্দৰৰ ঘৰতে থাকে। কেতিয়াবা বৰকৈ কথা পাতিবলৈ মন গ’লেহে মোৰ ঘৰলৈ বা কাজিয়া কৰিবলৈ মন গ’লে নবৌৰ ওচৰলৈ আহে, কাৰণ সুন্দৰীয়ে আজিও হিন্দী, অসমীয়া বা বেঙ্গলী নাজানে। যি কয় আকাৰে ইঙ্গিতে।

সুন্দৰৰ ছোৱালী দুজনীৰ পঢ়াৰ খবৰ মই মাজে-মাজে লৈ থাকিলোঁ। সিদিনা স্কুলৰ হেড মাষ্টৰে ক’লে,

: সুন্দৰৰ ছোৱালী দুজনীক লৈ বৰ সমস্যা হৈছে বুজিছে। অসমীয়া ভাষা বুজিব পৰা হৈছে। কিন্তু ছোৱালী দুজনীয়ে নেওঁতা নাজানে। পাৰিলে টিউশ্যন এটা দিয়াওকচোন। মাকজনীয়েও কি কয় কোনেও নুবুজে। মই বুজাইছিলোঁ। আকাৰে ইঙ্গিতে যি বোৰ ক’লে ঘূৰাই গালি পৰাযেনহে লাগিল।

মাষ্টৰক কি ক’ম বুজি নাপাই মই হাঁহি মাৰি গুচি আহিলোঁ।

যোৱা বৰ বলিৰ দিনা হিয়ালি-জিয়ালীকৈ কান্দি ভদ্ৰদাৰ নবৌ ওলালহি। ভদ্ৰদাৰ ওপৰত অভিযোগ। সুন্দৰৰ পৰিবাৰে হেনো পুৱা আহি সিহঁতৰ দুৱাৰত ঢকিয়াই “me too” বুলি চিঞৰি তামিল ভাষাতে গালি পাৰি যায়হি। পিচে নবৌৱে দুৱাৰ খোলেমানে তাই গৈ নিজৰ ঘৰৰ ভিতৰ সোমাইগৈ। সুধিলেও আকাৰে ইঙ্গিতে কি কয় “দেৱা ন জানন্তি”।

নবৌৰ কথা শুনি মোৰ নোম থিয় হৈ গ’ল। আজি কালি টি.ভিত “me too”কলৈ বহুত চৰ্চা হৈছে। ডেকা কালত কোনো নাৰীক কু-দৃষ্টিৰে চোৱা কোনো  সাৰি যোৱা নাই। ইজনীৰ পিছত সিজনী নাৰীয়ে বহুত পুৰুষৰ চৰিত্ৰৰ পৰ্দাফাঁচ কৰি দিছে। এম জে আকবৰৰ নিচিনা মন্ত্ৰীয়ে পদত্যাগ কৰিব লগা হৈছে। খোদ অমিতাভ বচ্চনো সাৰি যোৱা নাই। গতিকে ভদ্ৰদা কোন কুটা! অৱশ্যে ভদ্ৰদাৰ চৰিত্ৰ মই জানো। মই নাথাকিলে দহ দিনলৈকে ভদ্ৰদায় মোৰ পৰিবাৰক ৰখি থাকে। মানুহটো বেয়া হোৱা হ’লে তেওঁ মোক নিশ্চয় ক’লেহেঁতেন।

নবৌৰ অনুৰোধত মই ভদ্ৰদাৰ ঘৰলৈ ওলালোঁ। ভদ্ৰদাই নবৌ যোৱা দেখি বিশেষকৈ মোক লগত দেখি জেকজেকাই উঠিল। নবৌটো উতলি আছিলেই। খঙৰ কোবত তেওঁ ভদ্ৰদাৰ মূৰলৈ এলুমিনিয়ামৰ গামলা এটা মাৰি পঠালে। ঘৰখন বাঁহতল হৈ পৰিল। উভয়ৰে মাৰপিটত মই পৰি গ’লোঁ। এনেতে ভদ্ৰদাৰ বিছনাৰ তলৰ পৰা মূৰ উলিয়াই সুন্দৰৰ বৰজী নীতুৱে ভঙা-ভঙা অসমীয়াত ক’লে,

: কিয় কাজিয়া কৰিছ ‘বত্তা’? মায়ে নেওঁতা পঢ়িবলৈ দিয়ে বাবে মই সদায় তহঁতৰ বিছনা তলত লুকাই থাকোঁহি। মায়ে সেয়ে ৰাতিপুৱাই মোক নীতু নীতুকৈ মাতি নেওঁতা নপঢ়াৰ বাবে গালি দি যায়হি। ‘বম্মা’ই নুবুজিহে “me too” বুলি মতাযেন শুণে।

কণমানি ছোৱালীজনীক বিছনাৰ তলৰ পৰা  টানি আনি ভদ্ৰদাই বুকুত সুমুৱাই ল’লে। দেখিলোঁ ভদ্ৰদাৰ  দুৱাৰ মুখত ৰৈ সুন্দৰীয়ে ভদ্ৰদাক আকাৰে ইঙ্গিতে পুৱাৰ  কোটাৰ ছয়টা ডোচা ৰেডি বুলি দেখুৱাই আছে।

☆★☆★☆

One comment

Leave a Reply

Your email address will not be published.