ফটাঢোল

ভাইটিৰ ইণ্টাৰভিউ– কমলা দাস

চৰকাৰী চাকৰি এটা সকলোৱে বিচাৰে দিয়কচোন।আজিৰ দিনত চৰকাৰী চাকৰি এটা পালে আৰু নো কি লাগে! নহয় জানো? আগৰ দিনতো নাই আৰু যে চৰকাৰী চাকৰি নেলাগে লাহৰী, তাত নাই এফেৰি সুখ বুলি ক’বলৈ। আজিকালি চৰকাৰী চাকৰিত ঢেৰ সুখ। মোৰ ভাইটিও তাৰ ব্যতিক্ৰম নহয়। সি চাকৰি এটাৰ আশাত কেইবা বছৰো ইণ্টাৰভিউ দিলে, ইণ্টাৰভিউ দি দি ভাগৰি গ’ল পিচে কোনো এটা চাকৰিৰ লগতে তাৰ ৰাহি যোৰা অহা নাই। মাজতে আকৌ চৰকাৰে ঘোষণা কৰিলে, যে থাৰ্ড গ্ৰেড, ফৰ্থ গ্ৰেড চাকৰিত অকল লিখিত পৰীক্ষাত পাছ কৰিলেই চাকৰি পাব। কোনো মৌখিক পৰীক্ষা দিব নালাগে। ভাইটিয়ে আকৌ লিখিত পৰীক্ষাটো যেনে তেনে পাছ কৰিলেও মৌখিকটোত সদায় ফেইল কৰে! ঘোষণাটোৰ পিছতে চাকৰি এটাৰ বাবে লিখিত পৰীক্ষাত বহিবলৈ ভাইটিলৈ কলিং লেটাৰ এখনো আহিলেই নহয়। ভাইটিয়ে ভাবিলে মৌখিক পৰীক্ষা নাই যেতিয়া এই বাৰ যেনে তেনে চাকৰি ল’বই লাগিব।

বহুত ভাবি চিন্তি সি ভাগিনীয়েক অৰ্থাৎ মোৰ ছোৱালীক ক’লে যে,

: পৰীক্ষা হলত বহি মই প্ৰশ্নবিলাক তোমালৈ হোৱাটচ এপত পঠিয়াম, উত্তৰবিলাক লিখি দিবা। হোৱাটচ্ এপত দিব নোৱাৰাবিলাক ফোন কৰি হ’লেও সুধিম।

সিহঁতৰ পৰীক্ষাবিলাকত আকৌ ফোন লগত লৈ গৈছিল।

: মুঠতে পাছ এই বাৰ কৰিমেই কৰিম!

ভাগিনীয়েকেও ক’লে বোলে,

: হ’ব মামা। কোনো কথা নাই। মই ৰেডি থাকিম।

এই দৰে দুয়োটাই কথাৰ বন্দোবস্ত কৰি লৈ, নিৰ্দিষ্ট দিনত ভাইটি গ’ল পৰীক্ষা দিবলৈ। পৰীক্ষা হলত বহি সি তাইলৈ প্ৰশ্ন বিলাক পঠিয়াই আছে, তায়ো উত্তৰ লিখি পুনৰ পঠিয়াই আছে। মানে এজনে হলত পৰীক্ষা দি আছে আৰু আনজনে ঘৰত দি আছে। মাজে মাজে ফোনতো কৈ আছে। পৰীক্ষাৰ দিনটো দেওবাৰ হোৱাৰ কাৰণে সুবিধা হৈছে। তিনি ঘণ্টাৰ পৰীক্ষাৰ ডেৰ ঘণ্টা মান যোৱাৰ পিছত তাই এবাৰ ফোনটো থৈ কিবা কামত উঠি গ’ল। সেইখিনি সময়তে জোঁৱায়ে আকৌ কিবা এটা বিচাৰি সেইটো ৰূমলৈ আহিল। তেওঁ নাজানে যে মোমায়েকে পৰীক্ষা দি আছে। ছোৱালীৰ ফোন হেন সময়তে বাজিল। জোঁৱায়ে ফোনটো চাই মোমায়েকৰ নাম দেখি ৰিচিভ কৰি ক’লে,

: অ’ মামা কওকচোন কি খবৰ?

সিফালে ভাইটিয়ে ফুচফুচাই ক’লে,

: ‘ভইচ্ চেঞ্জ’।

জোঁৱায়ে ভাবিলে মামা চাগে কৰবাত ব্যস্ত। মই ডাঙৰ কৈ কথা কোৱা বাবে সৰুকৈ ক’বলৈ কৈছে হ’বলা। লগে লগে জোঁৱায়ে নাকেৰে মাত উলিয়াই সৰু সৰুকৈ ক’লে,

: অ মামা কওকচোন।

সিফালে মামাকেও ফুচফুচাই কৈ আছে,

: ভইচ্ চেঞ্জ, ভইচ্ চেঞ্জ।

জোঁৱায়েও যিমান পাৰি মাতটো আৰু সৰু কৰি কৈছে,

: হয় মামা কওক কওক।

ছোৱালীয়ে দূৰৰ পৰা দেখি ভাবিলে মামাৰ পৰীক্ষা শেষ আজি! দৌৰি আহি ফোনটো লৈ মামাকক ভইচ্ চেঞ্জ কৰি দি হে ৰক্ষা!

পিছত জোৱাইক কথাটো বুজাই কওঁতে ঘৰত কেনেকুৱা পৰিস্থিতি হৈছিল বুজি পাইছে নিশ্চয়! আটাইৰে সন্মিলিত হাঁহিৰ শব্দত খিৰিকীৰ গ্লাচ ফাটি যাওঁ ফাটি যাওঁ অৱস্থা হৈছিল।

☆★☆★☆

2 Comments

  • ৰিণ্টু

    ভাল লাগিল পঢ়ি বাইদেউ, আগলৈও পঢ়িব পাম বুলি আশা ৰাখিলো

    Reply
  • জয়ন্ত দাস

    আকৌ এবাৰ মজা ললো৷

    Reply

Leave a Reply

Your email address will not be published.