ফটাঢোল

ভাওনাৰ সংবাদ –অসীমা শইকীয়া দত্ত

জীৱনত প্ৰথমবাৰৰ বাবে লিখি থাকোতে হাঁহিছো। সকলো মনত পৰি।

লগৰজনীৰ গাঁৱত ভাওনা। তাইৰ দুটা ভায়েকৰ ভাও চাবলৈ সাদৰেৰে নিমন্ত্ৰণ কৰিছে মোক। তাইৰ দেউতাকৰ চাইকেলৰ হেণ্ডেলত গাৰু এটা বান্ধি গ’লো। মই লোকৰ গাৰুত নুশুও তাতে। চিক্সমানত পঢ়ি আছোঁ তেতিয়া। ৰাতিলৈ দাদাও যাব ভাওনালৈ, সেয়েহে অনুমতি পালোঁ‌। লগৰজনীৰ ভায়েকক সুধিলো কি ভাও? সি বোলে,

: অ’ মোৰ মেইন ভাও। গোটেই ৰাতিটো মোকেই দেখিব। খালি বচন নাই।

ধেইত! বোবা ভাওনা মানে! অংগী ভংগীৰে মাইম ভাওনা। সি বোলে,

:ধৈ বোবা নহয়, মই দুৱৰী লৈছোঁ বচন নাই। যাঠী এপাত লৈ লগৰটোৰ লগত ৰজাৰ ওচৰত ৰ’ব লাগে।

হৰি হৰি! সেইটো হ’বলা মেইন ভাও!

সিটো ভায়েকক সুধিলো, তই কি?

: মোৰতো দামী। অকণমান ওলালেও বচন আছে। দূত মই।

হৰি হৰি! কি চাবলৈ অত ফুটনি মাৰি আনিলে মোক! পিছত গম পালো সিহঁতৰ দেউতাক ব্ৰহ্মা হৈছে।

ৰাতিলৈ খদমদম। দূতৰ মূৰৰ মলাতো হেৰাল। অহ, ওলাবৰ হ’ল, কি পিন্ধিব এতিয়া! দূতৰ মুকুটতো মলাৰ দৰে। ওপৰলৈ জোঙা টোপ থাকে। মোৰ চকু পৰিল সিহঁতৰ মধ্যমীয়া দ’ল শৰাইখনত। ওপৰতো খুলি তাক পিন্ধাই দিলোঁ‌। মূৰত খাপ খাই পৰিল। সি সন্তুষ্ট হ’ল। এবাৰহে ওলাব সি। যুদ্ধ বা প্ৰৱেশৰ চেও নাই যেতিয়া ক’ত পৰিবনো? ধৰিবও নোৱাৰিব কোনেও। মজা।

ভাওনা আৰম্ভ হ’ল। ব্ৰহ্মাৰূপী লগৰজনীৰ বাপেক ওলাল। ব্ৰহ্মাৰ মুখ তিনি ত্ৰৈলোক্যত। বাকী মুখ লগাই মুখা যিখন পিন্ধিলে তেওঁলৈ বহুত ডাঙৰ হয়। নিজৰ আচল মুখ ক’ৰবাত সোমাল আধলিটোৰ দৰে। বচন ক’লে এনে লাগে যেন মণিকূটৰ ভিতৰৰপৰাহে কৈছে। মই পৰি পৰি হাঁহিলো। লগৰজনীয়ে সেমেনা সেমেনি কৰিলে। ওলাল দুৱৰী ভায়েক। বচন নাই তাৰ। কিন্তু মুখখন মাজে আনাকোণ্ডাৰ দৰে মেলে, আকৌ জপায়। দুবাৰমান বচন কৈ থকা ৰজাও ৰয়, বোলে ইয়াৰ বচন নেকি এইখিনিত মুখ মেলিছে যে! চেকেণ্ডত কৰে সি সেইটো কাম। হ’ল কি ইয়াৰ? পিছত গম পালো, মেকআপে মুখখন টানি ধৰিছে জপাই থ’লত। সেয়েহে মেলি দিয়ে সি মুখখন।

এইবাৰ আহিল দূত।

“এহিক্ষণে ৰাজকুমাৰ সহিতে সংবাদ লৈয়া সভাগৃহে দূত প্ৰৱেশ কৰল।”

দুৱাৰ মুখত আঁঠুকাঢ়ি বুকুত হাত থৈ ‘মহাৰাজ’ বুলি দূত হাজিৰ। তাৰ লগত আৰু বেলেগ ৰাজ্যৰ ৰাজকুমাৰ।

: কি সংবাদ আনিছা দূত? এওঁ কোন সুদৰ্শন যুৱক? আগেয়েতো দেখা নাই।

ওচৰৰ মানুহবোৰৰ চেপা মাত, ”আগলৈ যা, ৰজাৰ ওচৰলে যা ঐ।” মুখমেলাৰ ফূৰ্তিত মুৰ দুপিয়াই নাৰ্ভাছ কৰি দূত আগুৱাই গ’ল।

“মহাৰাজ, এখেত আমাৰ গাঁৱৰ কণপাইৰ পুতেক বাপধন। মেট্ৰিকত তিনিবাৰ ফেইল” – এইবুলি মূৰ জোকাৰি বচন কওঁতেই বাপধন ৰাজকুমাৰৰ গোৰত মূৰৰ মুকুট খোল খাই দ’ল শৰাইৰ জোঙতো কাটাঙকৈ ৰজাৰ ভৰিত পৰিল।

“আয়ৌ কি পিন্ধি ওলাইছে অ’ এইটো! উস উস, ভৰিটো গ’ল মোৰ।”

লগে লগে ভাওনাগৃহ আন্ধাৰ কৰা হ’ল। এসোপা হাঁহিত গোটেইখন ৰজনজনাই উঠিল। মুকুটৰ আইদিয়া দিয়াজনী ৰাতিয়েই পলায়ন ককায়েকৰ লগত। গাৰুটো সিহঁতৰ ঘৰতে থাকিল।

☆★☆★☆

21 Comments

  • উত্তৰা

    উস, হাঁহি মৰিছো।

    Reply
  • তোমাৰ লিখা সদায়ে এনজয় কৰো পঢ়ি৷ বৰ ৰস পালোঁ অসীমা৷

    Reply
  • ৰূপাঞ্জলী

    আপোনাৰ লেখাত হাহি মৰো।

    Reply
  • বঢ়িয়া, তামাম হাহিঁলু

    Reply
  • দিম্পল

    কম ভাগ্য নে তেনে ভাওনা চাব পৰাটো।
    ভাল লাগিল বা

    Reply
  • ৰাজীৱ শৰ্মা

    মন বেয়া লাগি থাকিলে আপোনাৰ লেখাই মহৌষধৰ কাম কৰেহে।

    Reply
  • ববিতা বৰুৱা

    ভাল হাঁহিলোঁ দে… মেকআপে মুখ মেলাই দিলে।

    Reply
  • হাঁহিয়েই আছো— তোমাৰ লেখাবোৰ পঢ়িলে মানুহে মনৰ দুখ পাহৰি পেলায়।
    উপমাবোৰ বৰ ধুনীয়াকৈ দিয়া।ভাল লাগে।

    Reply
  • অভিজিৎ কাশ্যপ (চিকু)

    হাঃ হাঃ… বঢ়িয়া

    Reply
  • স্বপ্নালী পাচনী

    পাল নামৰ পৰা আহি শুবলৈ লৈয়ো লেখাটো নপঢ়ি নোৱাৰিলো লেখিকাৰ নাম দেখি।চাই দেখিলো আগতে পঢ়িলো তথাপি আকৌ হাঁ‌হি ললো অলপ।

    Reply
  • Gitika Saikia

    এই ৰাতিখন পঢ়ি থাকোঁতে ৰৈ ৰৈ হাঁহিছো অই! মানুহ মাৰিবা দেই! সঁচাকৈয়ে ভাল লাগে তোমাৰ লিখনিবোৰ।

    Reply
  • চিদানন্দ বৰা

    পুৰণি ভেঁটিত মিঠা লাও গজোৱাৰ কৌশলত অতি নিপুণ _____ অসীমা শইকীয়া ৷ নজৰত সিয়ে আহে মনলৈ ৷

    Reply
  • ramanuj

    ভাল লাগিল বহুত….

    Reply
  • ধ্ৰুৱ জ্যোতি অৰ্জুন

    গোঁসানীৰ লিখনি পঢ়িম অাৰু বাগৰি বাগৰি নাহাঁহিম হব্বই নোৱাৰে ।

    Reply
  • Manash Saikia

    বাটলু গোঁসানী ঐ, বৰ হঁহুৱালা৷ কি খাবা কোৱা৷

    Reply
  • Rajeeb

    মজা…

    Reply
  • ৰিণ্টু

    কণপাইৰ পুতেক বাপধনলৈহে দুখ লাগিছে, সৱেই গম পাই গ’ল চাগৈ, সি তিনিবাৰ মেট্ৰিক ফেইল বুলি।

    খুব ভাল লাগিল পঢ়ি, খুব হাঁ‌হিলো

    Reply
  • হা হা হা

    Reply
  • Jeetendra Jeetu Saika

    বাপ্ ঐ… পেট বিষাই গৈছে আৰু। হাঃহাঃহাঃ

    Reply
  • পাৰবীন

    অসীমা অ । মুকুটৰ আইডিয়া দিয়াজনী ……………

    Reply
  • অনুভৱ আকাশ

    হোহোহো

    Reply

Leave a Reply

Your email address will not be published.