ফটাঢোল

ভাওনা বধ ভাওনা – পুণ্য শইকীয়া

মোৰ তেতিয়া বয়স দহ কি বাৰ বছৰ মানহে হব। ভাওনাত ডাঙৰ ভাৱৰীয়াৰ বচন ল’বৰ জোখাৰে অধিকাৰ তেতিয়াও অৰ্জন কৰায়ে নাই। বৰ বেছি অগণনি নাৰায়ণী সেনাৰ মাজৰে এটা সেনা হোৱাৰ যোগ্যতা হে মোৰ আছিল। ইমান ল’ৰালি কালৰ এই ভাওনা খনৰ কথাবোৰ এতিয়াও মনত আছে – কাৰণ ঘটনাটো বাস্তৱিকতে আমোদজনক।

ভাওনা চলি আছে, দৃশ্য পটত তেতিয়া কৌৰৱ আৰু পাণ্ডৱৰ পাশা খেল চলিছে। বাৰে বাৰে শকুনি জিকে, দুৰ্যোধন-দুঃশাসনৰ অট্টহাস্য ৰোল। পাণ্ডৱৰ বিমৰ্ষ বদন। তথাপি যুধিষ্ঠিৰে হাত দাঙি দিয়া নাই। এটাৰ পাছত এটাকৈ পণ ৰাখি আছে। এনেতে নামঘৰৰ বাহিৰত হৈ হাল্লা, ধূপধাপ, খেদা কুৰা মাৰপিটৰ শব্দ শুনা গ’ল। ঘটনাৰ উৱাদিহ পাওঁতে নাপাওঁতেই তেজে তুমৰলি দিয়া ডেকা লৰা এটা ভাওনাৰ ভাৱৰীয়াৰ মাজেৰে দৌৰি গৈ মহিলা সকলৰ মাজত সোমাই দিলেগৈ। মূহুৰ্ততে মহিলা সকলৰ আতংকৰ সৃষ্টি হ’ল, হুৱাদুৱা চিঞৰ বাখৰত কোনেও কাৰো মাত নুশুনা হ’ল। দুজনমান মুখিয়াল লোকে থিয় হৈ চিঞৰিছে, -ৰাইজ বহি দিয়ক বহি দিয়ক। শান্ত হওক, একো হোৱা নাই।

নাই কাৰ কথা কোনে শুনে? ভাওনাখনতো সাময়িকভাবে বৰবাদ হ’লেই। সেই হুলস্থুলীয়া পৰিবেশৰ সময়ছোৱাত ভাৱৰীয়াসকলক হে চাবলৈ ভাল হৈছিল। সেই সময়ৰ দৃশ্য খিনি সজাই পৰাই দিলে এনেকুৱা হয়ঃ

ক) অন্ধ ধৃতৰাষ্ট্ৰক দেখা গ’ল, নিজৰ কান্দি থকা কেচুঁৱাটোক ঔ ঔ কৈ নচুৱাই নিচুকাই থকা।

খ) শ্ৰী কৃষ্ণই বায়ন দাইটিৰ পৰা খৈনী অকন লৈ টিপতে কোৱাৰীৰ তলত সোমাইছে।

গ) অৰ্জুনে কল এটাৰ বাকলি গুচাই লৈ আৰামত খাই থকা।

ঘ) যুধিষ্ঠিৰে ঘৈণীয়েকৰ হাতৰ পৰা বিচনীখন লৈ ধূমধামেৰে বিচি থকা।

ঙ) দুৰ্যোধনে খোচনিৰ পৰা কাগজখন উলিয়াই বচন আওৰাই থকা।

চ) ভূৰিশ্ৰৱাই সুযোগ পাই খোলটোতে চাপৰ এটা মাৰি চাইছে।

ছ) ভীষ্ম, দ্ৰোণ, কৰ্ণই থূপ পাতি কিবা এটা আলোচনা কৰিছে, দ্ৰোণৰ চকুত এইবাৰ চশমা।

জ) নকুল সহদেৱ ঘটনাস্থলীৰ পৰা অন্তৰ্ধান, বোধহয় বিড়ি হুপিব গৈছে।

ঝ) দুঃশাসনে হাত ভৰি এচাৰি অলপ ফ্ৰী হেণ্ড এক্সাৰচাইজ কৰি লৈছে।

ঞ) নাট চোৱা মানুহ জনে সেই মূহুৰ্তত কবলগীয়া দুৰ্যোধনৰ সংলাপ টো প্ৰাণটাকি চিঞৰি আছে- দুৰ্যোধনৰ সেইফালে খবৰেই নাই।

এনে অৰাজক পৰিস্থিতিৰ মাজেদি প্ৰায় ২০ মিনিট সময় পাৰ হৈ গ’ল। মাৰখোৱা ল’ৰাটোক কোনোবাই পলুৱাই নি কাৰোবাৰ ঘৰত শুৱাই থলেগৈ। পিছে ল’ৰাটোৱেনে কিয় মাৰ খাব লগা হ’ল?

ভূ লৈ জানিব পৰা গ’ ল যে বেচেৰা আহিছিল বেলেগ এখন গাঁৱৰ পৰা ভাওনা চাবলৈ। কিন্তু তাকনো কি দুৰ্বুদ্ধিয়ে পালে, সি চাইকেলেৰে আহি থাকোতে ওচৰৰ গাঁও এখনৰ ছোৱালী এজনীক জোকাই থৈ আহিল। সেয়াই ভুল হ’ল তাৰ, গোটেই গাঁৱৰ ল’ৰামখা উঠি আহিল। তাৰ পাছত অপৰাধীক চিনাক্ত আৰু ৰক্তাৰক্তি কাৰবাৰ।

এটা সময়ত ভাওনাগৃহ থানথিত লাগিল। ভাৱৰীয়াসকলে নিজৰ নিজৰ পজিচন ল’লে। দুৰ্য্যোধনে সংলাপটো ক’লেই ভাওনা আৰম্ভ হয়। পিছে সংলাপ ক’বলৈ লৈ মহা বিমোৰত পৰিল, কাৰণ ধৃতৰাষ্ট্ৰই ট টকৈ চকু দুটা মেলি তেতিয়াও ইফালে সিফালে চায়েই আছে। ভাওনাত চকু মুদি থকাটোৱেই কণা ধৃতৰাষ্ট্ৰৰ পৰিচয়। সেই চকু দুটাকে যদি মেলি থাকিল দুৰ্যোধনে সংলাপ কয় কেনেকৈ?

দুৰ্যোধনৰ ভাও লোৱা মানুহটো পিছে বৰ তীখৰ আছিল। পৰিস্থিতি চম্ভালি ল’বলৈ গৈ তেওঁ সংলাপ আৰম্ভ কৰিলে-“হে বৃদ্ধৰাজ আপোনাৰ চকু বন্ধ কৰক।” লগে লগেই ধৃতৰাষ্ট্ৰই চকু মুদিলে। ৰাজসভাত হাঁহিৰ ৰোল উঠিল।

দৰ্শকে পিছে ভাবিলে, শকুনি আকৌ পাশা খেলত জিকিল হ’ব পায়।

☆★☆★☆

2 Comments

Leave a Reply

Your email address will not be published.