ফটাঢোল

ভাগ্যৱান – জ্যোতিৰূপম দত্ত

ল’ৰা-ছোৱালীহালেই মোৰ জীৱনৰ সাৰথি৷ ইহঁত দুয়োকে বৰ আতোলতোলকৈ ডাঙৰ দীঘল কৰিছো৷ আজিকালি আৰু আগৰ দিনৰ দৰে ভাগ্যক ধিয়াই থকা সময় নাই৷ নিজৰ ভাগ্য নিজেই ৰচিব জনা লোকজনহে ভাগ্যৱান৷ মোৰ ল’ৰা-ছোৱালী দুয়োটাকে ভাগ্যৱান কৰিবলৈ মই নিজেই চেষ্টা কৰিছো৷

শ্ৰীমতীৰ প্ৰসৱ বেদনা অহালৈ নৰৈ মই নিজেই আগ-ভাগ লৈ নাৰ্ছিংহোমত ভৰ্তি কৰাই দিছিলো৷ তাৰ পাছত মই নিজেই পঞ্জিকা চাই কেচুৱা জন্মৰ শুভদিন, শুভমুহুৰ্ত উলিয়াই ডাক্তৰক দিছিলো৷ ডাক্তৰক নৰ্মেল ডেলিভাৰিলৈ ৰৈ নাথাকি মই ধৰি দিয়া নিৰ্ঘণ্টমতে ‘চিজাৰিয়ান’ কৰিবলৈ কৈছিলো৷ জন্মৰ সময়টোৰ যাতে চুলিমানো হেৰ-ফেৰ নহয় তালৈ লক্ষ্য ৰাখিবলৈ ডাক্টৰক দঢ়াই দঢ়াই কৈছিলো৷ ঈশ্বৰৰ ইচ্ছাত নহয়, মই ধৰি দিয়া সময়তেই দুয়োটা সন্তান ভূমিষ্ঠ হৈছে৷ ৰাশি, তিথি, নক্ষত্ৰ, কালবেলা, বাৰবেলা, মাহেন্দ্ৰক্ষণ সকলো চাই মেলি দুয়োটা সন্তান জন্ম হৈছে৷ এইবোৰ ফিটিং কৰিবলৈ ডাক্টৰৰ পৰা নাৰ্ছিংহ’মলৈ অলপ অচৰপ খৰচ পৰিবই অৱশ্যে৷

তাৰ পাছত আহিল নামকৰণ পৰ্ব৷ ইংৰাজী, ফৰাচী, গ্ৰীক, ৰোমান, আমেৰিকান, ৰাছিয়ান, জাৰ্মান আদি নানা ভাষাৰ নাম চালো৷ আনকি দুই এজনৰ বুধি শুনি আমাৰ দেশৰেই ভাষা বুলি সংস্কৃত নাম কেইটামানো চালো৷ আগৰ দিনৰ দৰে পটকৈ অহা, সহজতে লিখিব পৰা নামবোৰ আজিকালি এই মুলুকত এলাগী হ’ল৷ আজিকালিৰ ল’ৰা-ছোৱালীৰ নামবোৰ উচ্চাৰণ কৰোতে মুখ বিকটাই, জিভা লুটিয়াই, দাঁত চেপি, নাকেৰে বতাহ উলিয়াব পাৰিলেহে কোনোমতে শুদ্ধ উচ্চাৰণটোৰ কাষলৈ যাব পাৰি৷ ল’ৰা-ছোৱালীবোৰৰ নামবোৰ অলপ ব্যতিক্ৰমী হ’লেহে সমাজত নিজৰ নাকটো বাচে৷ মুখলৈ সহজতে অহা নামবোৰ বাদ দি বহুপৰ গুণা-গঁথা কৰিহে অৱশেষত ইহঁত দুইটাৰে নামকৰণ পৰ্বটো শেষ কৰিছিলো৷ মিছা নকও, ময়েই আজিলৈকে একেবাৰতে ইহঁত দুয়োৰে নাম দুটা শুদ্ধকৈ কবলৈ পৰা হোৱা নাই৷

পিছে এইখিনিতে এটা কাম মই কৰি থৈছো৷ দুয়োৰে ভৱিষ্যত সুৰক্ষিত কৰিবলৈ এতিয়াৰ পৰাই যত্ন লৈছো৷ নাই, নাই, টকা-সিকাৰ কথা নহয়, তাতকৈও দৰকাৰী কথা৷ বয়স, বুইছে, বয়স৷ বয়সটোৱেই আচল কথা৷ দুয়োৰে বয়সটো কমাই থৈছো৷ অলপ পইছা খৰচ কৰি দুয়োৰে আচল বয়সতকৈ দুবছৰ কমাই নতুনকৈ জন্মৰ প্ৰমাণপত্ৰও বনাই থৈছো৷ খেলা-ধুলা, চাকৰি আদি বহুতো কথাতে কামত আহিব৷ কামত আহিবৰ কথাই, আচল বয়সৰ তুলনাত কম বয়সীয়া প্ৰতিদ্বন্দীৰ সন্মুখীন হলে যুদ্ধ আৰম্ভ নৌ হওতেই আধা যুদ্ধ জিকিয়েই পেলাব পাৰি৷ সেই কাৰণেই আগতেই ব্যৱস্থা কৰি থৈছো৷

ইহঁতৰ খোৱা-বোৱাখিনিলৈও চাবলগীয়া হয়৷ ভালৰো ভালটো খুৱাবলৈ যত্ন কৰো৷ যিয়েই খাব খোজে না নকৰো৷ পুৱা স্কুললৈ যাবৰ সময়ত মেগী এপেকেট সিজাই খুৱাই পঠিয়াই দিও৷ টিফিনত কিবা এটা বনাই দিবলৈও পুৱাবেলা সময়েই নহয়, সেয়ে দুয়োটাকে দহ বিশ টকা দি পঠিয়াই দিও৷ কেতিয়াবা দোকানৰ পৰা কিনি অনা কেক এটুকুৰাকে দি পঠিয়াই দিও৷ স্কুলৰ পানীখোৱা ছুটীৰ সময়ত চিপছৰ পেকেট এটা কিনি খালেই ইহঁতৰ পেট ভৰি যায় হেনো৷ কেতিয়াবা স্কুলৰ সমুখতে বেপাৰ মেলা দেছুৱালীটোৰ পৰা ফুচকাও কিনি খায়৷ হওক বাৰু, এইবোৰ খোৱা বস্তুহে, এতিয়াই নাখালে কেতিয়াকৈ খাব বাৰু?

স্কুলৰ পৰা আহি পোৱাৰ পাছত ইহঁত দুয়োকে ভাত দুটামান খুৱাবলৈ যত্ন নকৰা নহয়, পিছে দুয়োটাই বেছিভাগ সময়তে আকৌ মেগীহে খাবলৈ খোজে৷ মেগী ৰান্ধিবলৈ সহজ, গতিকেই আমিও না নকৰো৷ আমাৰ ল’ৰা-ছোৱালীহাল পিছে বৰ স্মাৰ্ট দেই! গধুলিলৈ ভোক লাগিলে স্মাৰ্টফোনটোত নিজেই পিজ্জা বা বাৰ্গাৰ অৰ্ডাৰ দি দিয়ে৷ ইহঁতে এই বয়সতে পিজ্জা, বাৰ্গাৰৰ কিমান যে কম্বিনেশ্যন জানে ভাবিলেই আচৰিত হও৷ পিছে ইহঁতে সদায়েই ঘৰতে ৰন্ধা বস্তু খাই খাই আমনি পায় বাবে সপ্তাহটোত তিনি-চাৰিদিনমান বাহিৰতেই খাওঁ৷ চাইনিজ, নৰ্থ ইণ্ডিয়ানৰ পৰা ইটালিয়ান, লেবানিজলৈ বেলেগ বেলেগ ধৰণৰ খোৱাবস্তুৰ সোৱাদ লও৷ অৱশ্যে ইহঁতৰ দুইটাৰ বাবে কেতিয়াবা ঘৰুৱা খাদ্যও ৰন্ধা হয়৷ খোৱাৰ ক্ষেত্ৰত ইহঁতৰ অৱশ্যে অলপ-অচৰপ বাচ-বিচাৰ নথকা নহয়৷ শাক নাখায়, পাচলি নাখায়, সিজোৱা কণী নাখায় ইত্যাদি৷ অৱশ্যে তেলত ডুবাই মচমচীয়া, ৰঙচুৱাকৈ ভাজি দিয়া দুই এপদ বস্তু খায়৷ সৰু মাছ খাবলৈ মন নকৰে, বৰ কাঁইট হেনো৷ সেয়ে চালানী মাছেই ঘৰলৈ আনো৷ থলুৱা কুকুৰাও খাবলৈ মন নকৰে, মাংসতকৈ হাড় বেছি হেনো৷ সেয়ে বেছিভাগ সময়তে ব্ৰয়লাৰেই আনি ৰন্ধা হয়৷ ফল-মূলৰ ক্ষেত্ৰত আপেল, আঙুৰ আদিকে ধৰি বিদেশৰ পৰা অহা ষ্ট্ৰবেৰী, কিৱি আদিহে প্ৰিয়৷ তাকো কেতিয়াবা মন গলেহে একামোৰ মাৰে৷ আমাৰ অসমীয়া থলুৱা ফলবোৰ দেখিলেই দুয়োটাই নাক কোচাই দিয়ে৷ যি নহওক ইহতে যি বিচাৰে তাকেই দিও, মুঠতে পেট ভৰিলেই হয়৷ অৱশ্যে দিনটোত কেইবাবিধো ভিটামিন, শক্তিবৰ্ধক প্ৰটিন পাউডাৰ আদি খুৱাও৷

খেলা-ধুলাত অৱশ্যে সৰুৰে পৰাই দুয়োৰে বৰ ৰাপ৷ স্কুলৰ পৰা আহিয়েই দুয়ো খেলাত ব্যস্ত হৈ পৰে৷ সেয়ে খেলা-ধুলা কৰিবলৈ দৰকাৰী বস্তু বাহানিবোৰো জোগাৰ কৰি দিছো৷ কিন্তু ঘৰৰ বাহিৰত খেলিবলৈ নিদিও৷ বাহিৰত দৌৰা-দৌৰি কৰি থকাতকৈ ঘৰৰ ভিতৰতে কিবা কিবি খেলা-ধুলাত ব্যস্ত হৈ থাকিব পৰাকৈ বিভিন্ন ভিডিঅ’ গেম, কম্পিউটাৰ, ইণ্টাৰনেট, ম’বাইল, টেবলেট কম্পিউটাৰ আদি সকলো জোগাৰ কৰি দিছো৷ সৰুৰে পৰাই দুয়োটাই ম’বাইল চলোৱাত সিদ্ধহস্ত৷ মই দুয়োৰে নামত ফেচবুক, ইনষ্টাগ্ৰাম আদিৰ একাউণ্ট পৰ্য্যন্ত খুলি দিছো৷

সেইবুলি ইহঁতৰ পঢ়া-শুনাখিনিতো নজৰ নিদিয়া নহয়৷ পঢ়া-শুনাত ভাল হবই লাগিব৷ পঢ়াৰ নামত বেছিকৈ বোজা জাপি দিয়াত মই নাই দেই৷ তাতকৈ পঢ়া-শুনাত ভাল ফলাফল পোৱাৰ বাবে অলপ বেলেগ পন্থা লৈছো৷ ইহঁতৰ স্কুলৰ শিক্ষকসকলক শিক্ষক দিৱসত, তেখেতসকলৰ জন্মদিনত, আনকি বিবাহ-বাৰ্ষিকী উপলক্ষেও নানা দামী উপহাৰ দি সন্তুষ্ট কৰি ৰাখো৷ ল’ৰা-ছোৱালীহালক প্ৰতিটো বিষয়ৰ শিক্ষকৰ ওচৰত টিউশ্যন দিয়াইছো৷ ইহঁতে অৱশ্যে মাহত তিনি চাৰিদিনমানহে টিউশ্যনলৈ যায়৷ পিছে টিউশ্যনৰ পইছাখিনি মাহৰ প্ৰথম সপ্তাহতে প্ৰতিজন শিক্ষকৰ হাতত তুলি দিয়াত মুঠেও দেৰী নকৰো৷ স্কুলৰ হেডমাষ্টৰণীকো মাজে মধ্যে কিবাকিবি সহায় কৰি ফিটিং কৰি থৈ দিছো৷ আন নালাগে হেডমাষ্টৰণীৰ জীয়েকৰ বিয়াৰ ভোজৰ মাছখিনিও ময়েই দিছিলো৷ গতিকেই দুয়োটা ল’ৰা-ছোৱালীয়ে স্কুলৰ পৰীক্ষাত ভাল ফলাফল নেদেখুওৱাৰ প্ৰশ্নই নুঠে৷ স্কুল পাৰ হোৱাৰ পাছৰখিনিৰ কথাও এতিয়াই ভাবি থৈ দিছো৷ এশ শতাংশ প্ৰশ্ন ‘কমন’ পেলাব পৰা মাষ্টৰৰ ক’চিং চেণ্টাৰত এডমিশ্যন দিলেই হৈ যাব৷ পৰীক্ষাৰ আগতেই প্ৰশ্নকাকতবোৰ আৰামত পাই যাম৷ সেইবোৰলৈ চিন্তা নাই৷ কলেজ-বিশ্ববিদ্যালয় সকলোতে ‘ফিটিং’ চলেই, চিন্তা নাই৷ আনকি এই মুলুকত ‘এচিএছ’ৰ দৰে চাকৰিকেইটাও বিস্কুটৰ পেকেটৰ দৰে বিক্ৰী হয়৷ গতিকেই ইহঁতৰ পঢ়া-শুনাৰ কথাবোৰলৈ মই বেছি মুৰ ঘমোৱা নাই৷

ল’ৰা-ছোৱালীহালৰ ভৱিষ্যতৰ সংস্থাপনৰ বাবে অৱশ্যে এতিয়াৰ পৰাই চিন্তা নকৰা নহয়৷ আচল কথাটো হ’ল যে আজিৰ দিনত চলিবলৈ হ’লে নিজৰ ‘দম’ থাকিব লাগিব৷ কাজিয়া-পেচাল, মাৰপিট, অশ্লীল গালি গালাজ এইবোৰ জানিবই লাগিব৷ সেয়ে আমি মাক বাপেকহালেও ইহঁতৰ সমুখতে কাজিয়া কৰো৷ ওচৰ-চুবুৰীয়াৰ সৈতে কাজিয়া কৰাৰ সময়ত ইহঁতকো লগত লৈ লও৷ তাৰ উপৰিও এতিয়াৰ পৰাই ছছিয়েল ষ্টেটাছ মেইনটেইন কৰিবলৈ শিকাইছো৷ অজাতিৰ ল’ৰা-ছোৱালী, তলখাপৰ কৰ্মচাৰীৰ ল’ৰা-ছোৱালী, নিচলা-দুখীয়া ঘৰৰ ল’ৰা-ছোৱালীৰ সৈতে ইহঁতক মিলামিচা কৰিবলৈ নিদিও৷

অকল পঢ়া-শুনাই নহয়, এক্সট্ৰা কাৰিকুলাৰ এক্তিভিটিজবোৰ শিকাৰ ওপৰতো গুৰুত্ব দিছো৷ নাই নাই, ‘এক্সট্ৰা কাৰিকুলাৰ এক্তিভিটিজ’ মানে চুইমিং, আৰ্ট, কাৰাটে, মিউজিক এইবোৰ নহয়৷ ইহঁতক এতিয়াৰ পৰাই চান্দা তুলিবলৈ শিকাইছো৷ বহু হাতে ভৰিয়ে ধৰি চুবুৰীৰ ‘বুঢ়া-দাদা’ৰ শৰণাপন্ন হৈছো৷ এইবোৰত অৱশ্যে ল’ৰাটোৱে এতিয়ালৈকে ভালেই ৰিজাল্ট দেখুৱাই আছে৷ শিৱৰাত্ৰি, পুজা, বিহুৰ সময়ত আমাৰ পাৰাৰ লোকেল ছাত্ৰনেতা মানে ‘বুঢ়া-দাদা’ৰ গেংটোৰ লগতেই দিনে নিশাই ঘুৰি ফুৰে৷ এইবোৰ কামত ভৱিষ্যত আছে, কেনেবাকৈ ছাত্ৰনেতাৰ লেবেলখন লগাব পাৰিলে জীৱনত একঠা আৰামত খাব পাৰিব৷ সেয়ে এইবোৰতেই ব্যস্ত হৈ থকাটো ভাল৷ এতিয়া এইবোৰ কামকাজতে ল’ৰাটোক হেনো এখন বাইকৰো দৰকাৰ হৈছে৷ ময়ো কৈ দিছো, মেট্ৰিক পাছ কৰাৰ লগে লগে তাক বাইক কিনি দিম৷

এইবাৰ ছোৱালীজনীকো ফিল্ডত নমাম বুলি ভাবিছো৷ নাই, নাই, খেলৰ ফিল্ডত নহয়৷ বিহুৰ চান্দাৰ কালেকশ্যনৰ কামত৷ ট্ৰাক, বাছ, সৰু-ডাঙৰ গাড়ী দেখিলেই বাট ভেটি সৰু-ডাঙৰ ছোৱালীবোৰে বিহু নাচি পইছা খোজা কামটোৱেই তাইৰ বাবে অভিজ্ঞতা সঞ্চয়ৰ প্ৰথম খোজ হ’ব৷ তাই অলপ সৰু হৈ আছে, পিছে চলি যাব৷ মোক পইছা ঘটি দিব নালাগে, কিন্তু অভিজ্ঞতাখিনিয়েই আচল বস্তু৷ সেয়ে এইবাৰ তাইক মেখেলা-চাদৰ, গামখাৰু পিন্ধাই নাচনী সজাই বাট ভেটি গাড়ী ৰখাই চুবুৰীটোৰ চান্দা তোলা পাৰ্টিটোতেই তাইক সুমুৱাই দিম৷ দুই এপইছা অৰ্জাৰ লগতে সংস্কৃতিও ৰক্ষা হ’ব৷

আমাৰ দিনত এইবোৰ সা-সুবিধা মুঠেও নাছিল৷ পিছে ইহঁতৰ ভাগ্য বৰ ভাল৷ সঁচাকৈয়ে, আজিকালিৰ ল’ৰা-ছোৱালীবোৰ বৰ ভাগ্যৱান!

☆★☆

8 Comments

  • Gitika Saikia

    কিনো কওঁ ভাবিয়েই পোৱা নাই। সকলোবোৰ দেখোন চকুৰ আগত দেখি থকা কথা। মনলৈ আহে যদিও এনেকুৱা এক বৰ্ণনাৰে ৰসাল হৈ পৰা এই লিখনিটো সঁচাকৈয়ে অন্যন্য। সমাজৰ জীয়া ছবি। অশেষ ধন্যবাদ।

    Reply
  • ৰিণ্টু

    বাপৰে, এইবোৰ শিক্ষা আমি ল’ৰা-ছোৱালীক দিয়াই নাই দেখোন। আমাৰ জীয়ৰী আউটডেটেড হৈ যাব দেখোন। চিন্তাই লাগিল, আজিৰ পৰাই আৰম্ভ কৰিম ৰ’ব এইবোৰ শিকোৱা।

    ক্ষুৰধাৰ ব্যংগ, টিপিকেল জ্যোতিৰূপম দত্তৰ তীক্ষ্ণধাৰ লিখনশৈলী। খুব ভাল লাগিল দাদা

    Reply
  • পঢ়ি থাকোঁতে নিজৰ গাটোতে কিহবাই খোঁচ মৰা যেন লাগিল। পৰিচিত সমাজখন এক উচচমানৰ ব্যংগ ৰূপত দেখিলোঁ ।

    Reply
  • ভাল লাগিল৷ বৰ্তমানৰ জগতখন সঁচাই এনেধৰণৰেই হৈ পৰিছে৷ আমি সতৰ্ক হোৱাৰ দিন আহি পৰিছে৷

    Reply
  • ৰাজীৱ শৰ্মা

    কৃষ্ণহে বুলিলো।কলমৰ ইমান চোক!

    Reply
  • কি কওঁ ! থাকক আৰু…..

    Reply
  • Manisha Kakati

    হায়ৰে ভাগ্যবান!

    Reply
  • অভিজিৎ কলিতা

    মিহি দেখিবলৈ ধুনীয়া কিন্তু ভীষণ ধাৰাল চুৰী এখনৰ দৰে ব্যংগ। সকলোকে কৰবাত নহয় কৰবাত এখোচ মাৰিছে।

    Reply

Leave a Reply

Your email address will not be published.