ফটাঢোল

ভাজুক – ঈশান জ্যোতি বৰা

(১)
আৰ্কিমিডিছেই আছিল হ’বলা,  এই যে আৱিষ্কাৰটো কৰি উঠি গা-ধোৱা ঘৰৰ পৰাই মাজৰাস্তালৈ দুপ্‌দুপকৈ লৰ মাৰিছিল আৰু আনন্দত উত্ৰাৱল হৈ ‘ইউৰেকা,ইউৰেকা’ বুলি চিঞৰিছিল! মোৰো এতিয়া তেনেকুৱা কেইটামান চিঞৰ মাৰিবলৈ মন গৈছে৷ অকল সেইয়াই নহয়, কান্ধত প্ৰকাণ্ড ঢোল এটা ওলোমাই, কাষতে কেইজনীমান নাচনী লৈ আবতৰীয়া বিহুনাচ এটা নাচি দিয়াৰো প্ৰবল ইচ্ছা হৈছে৷ মন গৈছে-এতিয়াই যেন ছ’ছিয়েল মিডিয়ালৈ ঢপলিয়াই যাওঁ আৰু উধৰ পৰা মূধলৈকে মনৰ সমস্ত ভাৱ-অনুভূতি লিপিবদ্ধ কৰি ৰাইজৰ পৰা বিপুল পৰিমাণৰ ‘কংগ্ৰেছুলেছন’ সংগ্ৰহ কৰোঁ৷ কিন্তু প্ৰৱল ইচ্ছা সত্ত্বেও মই ইয়াৰ এটা কামো নকৰিলোঁ৷ আগতকৈ অলপ সংযমী হ’বলৈ শিকিছোঁ৷ আৱেগ-চাৱেগবোৰ নিয়ন্ত্ৰণ কৰিবলৈ শিকিছোঁ৷ চাৰিওফালে প্ৰতিযোগিতাৰ যিহে আগ্ৰাসন!! মোৰ সামান্যতম অসাৱধানতাইও এইমুহূৰ্তত মোৰ কাৰণে কাল হ’ব পাৰে ৷
কিন্তু এগৰাকী মানুহক মই মোৰ মনৰ কথা ক’ব পাৰোঁ৷ তেওঁ মোৰ কাষতে আছে৷ হয়-মোৰ পত্নীৰ কথায়েই কৈছোঁ৷
“হেৰা, শুনিছা৷ পালোঁ বুজিছা৷”-
টোপনিত প্ৰভাৱতী লালকাল৷ কেটকুটেই নকৰিলে৷
“হেৰা…৷” নাই৷ সাৰ-সুৰেই নাই৷
“হেৰা…”-
“উফফ ৰাম! কিমান হাক দিছিলোঁ-বোলোঁ ড্ৰাই-ফ্ৰাই কৰা ব্ৰইলাৰবোৰ ইমানকৈ নাখাবা ! এতিয়া কিন্তু তোমাৰ পিছে পিছে লেমটো হৈ লেট্ৰিনৰ সমুখত মই থিয় হ’বগৈ নোৱাৰোঁ, কৈ দিছোঁ৷ ড্ৰয়াৰটোতে টৰ্চটো আছে৷ অকলে গৈ পটাপট আহা৷”-  অভিলেখসৃষ্টিকাৰী বেগেৰে কথাকেইটা কৈ তেওঁ পুনৰ সিকাটি হ’ল৷
ইতিহাস মাতে ৰিঙিয়ায়৷ মানুহজনীৰ গাত ভুল নাই৷ মোৰ বুৰঞ্জীখনেই কলংকিত৷
“নহয়হে প্ৰভা৷ তুমি ভুলকৈ ভাবিছা৷ কথা সেইটো নহয়৷”
“মানে?”
মানুহজনী এইবাৰ জাঁপ মাৰি বহিল৷
“মানে..কলেজখনৰ নামটো বিচাৰি পালোঁ৷”- কথাষাৰ কওঁতে মোৰ মুখখন বিশ্বজয়ৰ হাঁহিৰে জিলিকাই তুলিছিল৷ তেওঁ দেখা নাপালে৷ কোঠাৰ লাইটটো অ’ফ হৈ আছিল যে..

(২)
কলেজ এখন খোলাৰ আইডিয়াটো তেওঁৱেই দিছিল৷ জুনিয়ৰ কলেজ৷ প্ৰথমে মনলৈ আত্মবিশ্বাসহীনতাৰ ভাৱ আহিছিল৷ ইমান ডাঙৰ প্ৰজেক্ট! মোৰ দৰে ছাল-বাকলি নথকা বাটৰ ভিকহু এটাই কেনেকৈ এখন জুনিয়ৰ কলেজ খুলিব? চাৰিওফালে ইমানবোৰ জুনিয়ৰ কলেজ! সকলোৱে ‘মোক খা-মোক খা’কৈ টেঁটুফালি আছে৷ প্ৰত্যেকবছৰে দুটা-তিনিটাকৈ ষ্টেণ্ড কৰি আছে৷ কাগজে-পত্ৰই, মিডিয়াই-ছিডিয়াই তেওঁলোকৰেই জয়জয়কাৰ৷ প্ৰচাৰ আৰু প্ৰসাৰতো তেওঁলোক আগৰনুৱা৷ তেনে এক প্ৰতিযোগিতাময় পৰিৱেশত মোৰ দৰে অল্পমতি, কেও-কিছু নোহোৱা এটাই কিদৰে এখন নতুন জুনিয়ৰ কলেজ খুলিবলৈ সাহস গোটাওঁ !
“নহ’ব বুজিছা৷ নহ’ব৷ প্ৰথম বছৰতেই কলেজত তলা ওলমিব৷”- তেওঁক মই পাৰেমানে বুজালোঁ৷
কিন্তু এওঁ নাচোৰবান্দা৷ কোনোপধ্যেই মোৰ কথা নুশুনে৷ ইউ টিউবত মটিভেশ্যনেল ভিডিঅ’বোৰ চাই চাই ইতিমধ্যে তেওঁ ‘ছেল্ফ-মটিভেটেড’ হৈ আছে৷ গতিকে কেউপিনৰ পৰা উদ্যম আৰু উৎসাহৰ বৰ্ষণ হ’বলৈ ধৰিলে৷ ‘নাই,তুমি পাৰিবা৷ মোৰ সোণ, তুমি পাৰিবা৷’- পুৱাৰ পৰা গধূলিলৈকে এইষাৰি মন্ত্ৰ মাতি মোক তেওঁ মোহাচ্ছন্ন কৰি থাকিল৷ অনুপ্ৰেৰণাদায়ী কাহিনীৰ ভিডিঅ’, ফটো, উক্তিৰে হোৱাটছ্এপৰ চোতাল ভৰি পৰিল৷ সন্ধ্যা মোক পাকঘৰত সুমুৱাই লৈ তেওঁ সুললিত কণ্ঠেৰে ‘হাম হোংগে কাময়াব’  গীতটো গাই যায় আৰু মই তেওঁক অনুসৰণ কৰোঁ৷ সেইটো শেষ হোৱাৰ পিছত ‘লক্ষ্য’  চিনেমাখনৰ ‘লক্ষ্য কো হৰ হাল মে পানা হ্যেয়’টো আৰম্ভ হয়৷  নিশা শেতেলিত পৰাৰ আগমুহূৰ্তত গালত চুমা এটা দি তেওঁ মোক প্ৰদান কৰে ‘ইউ আৰ দা বেষ্ট টিচ্ছাৰ ইন দা ৱৰ্ল্ড’ৰ কাল্পনিক প্ৰমাণপত্ৰ৷
দুসপ্তাহজোৰা অফুৰন্ত প্ৰেৰণা আৰু অন্তহীন চেনেহে অৱশেষত মোৰ অন্তৰ গলাই পেলালে৷ পত্নীৰ ইতিবাচক শক্তিৰ ওচৰত মোৰ নেতিবাচক শক্তি পৰাভূত হ’ল৷ হৃদয়ত ৰোপন হ’ল ‘উৎসাহ’ৰ বৰগছ এজোপা৷ ‘আত্মবিশ্বাস’ৰ ঠাণ্ডা বতাহ এছাটিয়ে বৰগছজোপাক ক্ৰমশঃ খুন্দিয়াবলৈ ধৰিলে৷ এদিন সেই বৰগছ আৰু বতাহজাকক সাক্ষী কৰিয়েই মিহিৰৰ দোকানৰ পৰা কিনি অনা প্ৰকাণ্ড লালমোহনটোৰ এফাল তেওঁৰ মুখত সুমুৱাই মই আনুষ্ঠানিক ঘোষণাটো কৰি পেলালোঁ যে- “মই এখন জুনিয়ৰ কলেজ খুলিম৷”

(৩)
কলেজখনৰ বাবে মাটি বিচাৰি হাবাথুৰি খাবলগীয়া নহ’ল৷ মোৰ গেৰেজৰ পৰা গাড়ীখন উলিয়াই সন্মুখতে থকা বন্ধু বিৰাজৰ গেৰেজত নি থৈ আহিলোঁ৷ সি ক’লে- “বিজিনেছ ভাল হ’লে মোক কিন্তু কিবা এটা দিব লাগিব৷”  মই বোলোঁ-“হ’ব৷ আগতে বিজিনেছটো গ্ৰৌ কৰকচোন৷ তেনেকুৱা হাজাৰ-বিজাৰ ‘কিবা’ৰে তোমাৰ জেপ ভৰাই পেলাম৷” সি হাঁহিলে৷
খালী হৈ পৰা গেৰেজটোত ত্ৰিছ-চল্লিছটা ল’ছালি আৰামচে সোমাই যাব৷ কথাটো ভাবি সন্তোষ লভিলোঁ৷ তাৰপিছত চাৰিআলিৰ পৰা দুখনমান তৰ্জাৰ বেৰ আনিলোঁ৷ গেৰেজটোৰ কাষতে খুঁটা দুটা পুতি তৰ্জাৰে আৰু এটা ৰূম বনাই পেলালোঁ৷ হ’ব-সদ্যহতে এতিয়া এই দুটা ৰূমৰেই হ’ব৷ প্ৰথম বছৰতে ষাঠিটা ল’ৰা-ছোৱালী উলা-মূলা বিধৰ কথা নহয়৷
পৰৱৰ্তী কামটো হ’ল- জুনিয়ৰ কলেজখনৰ বাবে শিক্ষক বিচৰা৷ তাৰ সমাধান টিলিকতে উলিয়ালোঁ৷ হোৱাটছ্এপত আমাৰ ‘চাকৰি বিচাৰি…’ নামেৰে গ্ৰুপ এটা আছে৷ তাতেই কলেজ খোলাৰ কথাটো উনুকিয়ালোঁ৷ আটায়েই হেঁচা মাৰি ধৰিলে৷ সবকে চাকৰি লাগে৷ মুহূৰ্ততে কেইবাটাও ফোনকল পালোঁ৷ অনুনয়-বিনয়, কাকূতি-মিনতি, আৱেগিক অত্যাচাৰৰ আতিশয্যই মোক শলঠেকত পেলালে৷ অলপপৰ কি কৰোঁ, কি নকৰোঁকৈ থাকি শেষত আমাৰ বহুল প্ৰচলিত ‘থলুৱা’ৰ ফৰ্মূলাটো এপ্লাই কৰিলোঁ৷ সেইটো ফৰ্মূলাত দহজনৰ নাম বাছনিত উঠিল৷ আটাইকেইজনকে সামৰিলোঁ৷ তাৰে দুজনে প্ৰশাসনিক দিশটো চম্ভালিব৷
শেষত গৈ আৰু দুটা কাম থাকিলগৈ৷ কলেজৰ নাম নিৰ্বাচন আৰু শিক্ষাৰ্থীৰ নামভৰ্তি৷ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাবোৰ হৈহে আছে৷ গতিকে নামভৰ্তিৰ কাম দুদিন লাহেকৈ আৰম্ভ কৰিম৷ আগেয়ে কলেজৰ নামটোকেই বিচৰা যাওক৷
(৪)
মই প্ৰথমতে সৌৰজগতখনৰ পৰায়েই আৰম্ভ কৰিলোঁ৷
“আচ্চা, শ্ৰীসূৰ্য জুনিয়ৰ কলেজ৷ কেনে হ’ব বাৰু?”
“মানুহে থিয়েটাৰৰ নাম কপি কৰা বুলি ভাবিব৷”- মেনেজমেণ্টত থকা বৰদলৈয়ে ক’লে৷
“তেন্তে ইউৰেনাছ জুনিয়ৰ কলেজ ! গ্লেমাৰ আছে নামটোত৷”
“হ’লেই সেই জুনিয়ৰ কলেজৰ ফিল্‌টো অহা নাই৷”
“শুক্ৰাচাৰ্য জুনিয়ৰ কলেজ নামটো বেয়া নালাগিব কিন্তু৷ গ্ৰহ এটাও আছে আৰু আচাৰ্য শব্দটোও আছে৷ ম’ৰঅভাৰ তেওঁ অসুৰৰ গুৰুও আছিল৷”- চৰবত খোৱাবলৈ অহা প্ৰভায়ে পৰামৰ্শ আগবঢ়ালে৷
“তোমাৰ দৰে পজিটিভ মানুহৰ মুখত অসুৰৰ দৰে এনে নিগেটিভ শব্দ ! লাজ পাইছো প্ৰভা৷”
মোৰ কথা শুনি প্ৰভাই নাক-মুখ কোঁচাই ভিতৰলৈ গ’ল৷
“ছাৰ, তেন্তে আমি এতিয়া বিজ্ঞানীলৈ আহোঁ৷ নিউটন, আইনষ্টাইন, এডিছন…”- সেইয়া অংক মাষ্টৰ বৰকাকতী৷
“ধেই…বিজ্ঞানী, অংকবিদ, ধৰ্মগুৰু, গ্ৰহ-তৰাৰ নামেৰে অসমত বহুত কলেজ আছে৷ তেনেকুৱা নামেৰে কলেজ খুলিলে লাভ একোডাল নহ’ব৷ আমাক এটা নতুন নাম লাগে৷ এটা ‘ইউনিক’ আৰু ব্যতিক্ৰমী নাম লাগে, যিটো নাম আজিৰ আগতে কোনেও কোনোকালে ব্যৱহাৰ কৰা নাই৷ যিটো নাম শুনিলেই ল’ৰা-ছোৱালীৰ লগতে অভিভাৱকো আমাৰ কলেজলৈ দৌৰি আহে৷ যিটো নাম প্ৰচাৰ কৰিবলৈ আমি অকণো প্ৰচাৰ কৰিব নালাগে৷ আমাক তেনেকুৱা এটা যাদুকৰী নাম লাগে৷”- অতপৰে মনে মনে থকা মেনেজমেণ্টৰ আনজন মানুহ নাৰায়ণে হঠাতে বৰ গুৰুত্বপূৰ্ণ কথা এষাৰ কৈ দিলে৷ লগে লগে সকলোৱে হাতচাপৰি মাৰি তেওঁক সমৰ্থন জনালে৷
“নমামী জুনিয়ৰ কলেজ নামটো কেনে হয় বাৰু ! নামটোত ভক্তিৰ ভাৱ এটা নিহিত হৈ আছে৷ তাতে নামটো বৃশ্চিক ৰাশিৰ৷ সোনকালে ফল পাম৷”- পদাৰ্থ বিজ্ঞানৰ আয়েশাই ক’লে৷
“শ্ৰীহৰি শ্ৰীহৰি! কি কথা কোৱাহে! উৎসৱটো কেনেকৈ ফ্লপ মাৰিছিল দেখিছিলা নহয়! কলেজো ফেইল মাৰিব৷ এইবোৰ অশুভ কথা নক’বা ৷”- আতংকিত নাৰায়ণে মাটি ছুই প্ৰণাম জনালে৷
“মোৰ বোধেৰে ‘জাতি-মাটি-ভেটি জুনিয়ৰ কলেজ’ নামটো বৰ ভাল হ’ব৷ যোৱা দুবছৰত এই শব্দকেইটা ইমানেই জনপ্ৰিয় হৈছে যে মানুহে এতিয়া শব্দকেইটা শুনিলেই আকৰ্ষণ অনুভৱ কৰে৷”
“পলিটিকেল পাৰ্টিৰ গোন্ধ থকা নাম ৰাখিব পাৰা৷ কিন্তু বিপদ আছে৷ কাইলৈ যদি ‘জাতি-মাটি-ভেটি’ৰ ঠাইত ‘হাতী-ৰাতি-ছাতি’ হৈ যায়, তেন্তে তোমাৰ কলেজৰ নামটোৰ প্ৰতিও সকলোৰে বিকৰ্ষণ উপজিব৷ তেতিয়া আৰু কি কৰা কৰিবা !”
সেইদিনা কাৰোৰে নাম মনলৈ নাহিল৷ বিষন্ন বদনে সকলো ঘৰাঘৰি গ’ল৷ তাৰপিছত দুদিন, তাৰপিছত এসপ্তাহ৷ ‘নাম’ৰ দেখাদেখি নাই৷ মাজে-মাজে ‘ব’হাগী’, ‘কেঁচা মাটিৰ গোন্ধ’, ‘পংকজ আচাৰ্য’, ‘অচ্ছে দিন’, ‘টি-আৰ-পি’ আদি বিভিন্ন-বিচিত্ৰ নাম ৰখাৰ পৰামৰ্শ আহি থাকিল যদিও নামবোৰে হৃদয় জিকিব নোৱাৰিলে৷ ক’ৰবাত নহয় ক’ৰবাত কিবা এটা কেণা ওলাবয়েই৷
বৰকৈ হতাশ হ’লোঁ৷ এটা নাম বিচাৰি উলিয়াব পৰা নাই! কম লাজৰ কথানে ! এনেকৈ হ’লে কলেজ খোলাৰ সপোনটোৱেই পূৰ্ণ নহ’ব দেখোন ৷
(৫)
দুখে-ভাগৰে আধামৰা হৈ সেইদিনা ঘৰ সোমালোঁ৷ যেনেতেনে ভাতকেইটা গিলি বিচনাত পৰিলোঁগৈ৷ এসময়ত শ্ৰীমতীও আহি কাষতে শুই পৰিল৷ মোৰ টোপনি নাহিল৷ মনলৈ অজস্ৰ দুশ্চিন্তাময় ভাৱৰ অগা-দেৱা৷ কিমান যে সপোন দেখিছিলোঁ! চকুৰ সমুখতে কলেজখন থাকিব! জাকে-জাকে ল’ৰা-ছোৱালী আহিব! সিহঁতৰ মাক-দেউতাকৰ পৰা গণি গণি নামভৰ্তিৰ টকাবোৰ ল’ম! ৰাতিপুৱা সাতটাৰ পৰা সন্ধিয়া চাৰিটালৈকে সিহঁতক পঢ়ুৱাম৷ ৰসায়ন বিজ্ঞানৰ পৰা আৰম্ভ কৰি অংকলৈকে সকলোবোৰ সূত্ৰ সিহঁতক কণ্ঠস্থ, মুখস্থ কৰোৱাম৷ যাতে সকলো কথা চকুৰ সমুখত, জিভাৰ আগত থাকে৷ হায়াৰ ছেকেণ্ডাৰীত দুটামানক ষ্টেণ্ড কৰোৱাম৷ সিহঁতক কাষত লৈ ফটো উঠিম৷ মিডিয়াত শিক্ষাৰ প্ৰভাৱ আৰু প্ৰসাৰৰ কথা ক’ম৷ সন্ধিয়া আঠ বজাৰ আলোচনাত ভাগ ল’ম৷ লাহে লাহে মাৰ্কেটত কলেজৰ ডিমাণ্ড বাঢ়িব৷ পিছৰ বছৰ নামভৰ্তিৰ মাচুল দুগুণে বঢ়াম৷ তাৰ পিছৰ বছৰ চাৰিগুণ বঢ়াম৷ ৰাস্তাই-ঘাটে আমাৰ হৰ্ডিং,বেনাৰ হ’ব৷ উজনি-নামনিত আমাৰ শাখা বহিব৷ নামভৰ্তি কৰিবলৈ কলেজৰ সন্মুখত লানি-নিছিগা সোঁতৰ সৃষ্টি হ’ব৷ এনেকৈ সোঁৱে-বাঁৱে টকা গোটাই মই দুখন গাড়ী কিনিম৷ এখন পত্নীক ‘কেছুৱেল ইউছ’ৰ কাৰণে দিম৷ আনখন মই চলাই যাম৷ চকাৰ দ্ৰুত ছন্দত ৰাস্তাৰ ধূলি উৰিব৷ মানুহে ঘূৰি-ঘূৰি চাব৷ আস্! কি যে মজা লাগিব!!  কিন্তু…কিন্তু সেইবোৰ সকলো পণ্ড হ’ল৷ নাম এটাকেই বিচাৰি পোৱা নাই অতদিনে৷ কলেজখনৰ কাৰণে এটা ভাল নাম৷ এটা ভাল নাম৷ কোনে দিব মোক,কোনে দিব ভাল এটা নাম মোক!

হঠাতে মই এটা কম্পন অনুভৱ কৰিলোঁ৷ এইয়া কি! ‘ভাল, ভাল’ বুলি কৈ থাকি মই দেখোন কলেজখনৰ কাৰণে ভাল নাম এটা আৱিষ্কাৰ কৰিয়েই পেলালোঁ!! কলেজখনৰ নামটো দেখোন “ভাল জুনিয়ৰ কলেজ”-য়েই হ’ব পাৰে৷ পৰীক্ষা দি উঠিয়েই মানুহে ‘ভাল জুনিয়ৰ কলেজ’ এখনেই বিচাৰি নুফুৰেনে! নিজৰ ল’ৰা-ছোৱালীৰ ভৱিষ্যত উজ্জ্বলতৰ কৰিবলৈ তেওঁলোকে ভাল জুনিয়ৰ কলেজ এখনৰেই শৰণাপন্ন নহয়নে! ভাল জুনিয়ৰ কলেজ এখন ভাল-ভাল শিক্ষাগুৰুসকলৰ সান্নিধ্যতেই তেওঁলোকে আকাশ চোৱাৰ সপোন নেদেখেনে! গতিকে সেই পৰম্পৰাৰ সুৱৰ্ণ সুযোগ গ্ৰহণ কৰি কলেজখনৰ নামটোনো কিয় ‘ভাল জুনিয়ৰ কলেজ’ নাৰাখোঁ?  কোনোবাই এতিয়া ‘ভাল জুনিয়ৰ কলেজ’ বিচাৰিলেই মোৰ কলেজখনলৈ আঙুলিয়াই দিব পাৰিব৷ ইংগিতাত্মক অৰ্থতেই নহয়, প্ৰতীকী অৰ্থতেই নহয়, বাস্তৱিক অৰ্থতেই এতিয়া আমাৰ চহৰত এখন ‘ভাল জুনিয়ৰ কলেজ’ থাকিব৷ আস্! কিমান ইণ্টিলেজেণ্ট মই! নিজৰ পিঠিখনতেই এটা গৌৰৱসূচক চাপৰ মাৰিলোঁ৷
“ভাল জুনিয়ৰ কলেজ – ভা.জু.ক.”৷ কি যে এটা ভাল লগা নাম !!

উপসংহাৰ-

“শুনিছা,  ‘ভাজুক’ নামটো সাংঘাতিক হৈছে৷ ছ’ছিয়েল মিডিয়াতো সৰু-সুৰাকৈ ধুমুহাৰ সৃষ্টি কৰিছে৷ একদম সময়োপযোগী আৰু হাইলি ইণ্টিলেজেণ্ট নাম!”-কলেজখন স্থাপন হোৱাৰ এসপ্তাহ পিছত প্ৰভাই মোক বৰকৈ শলাগিলে৷
“অশেষ ধন্যবাদ৷”
“তোমাৰ নামটো শুনি মোৰ ভাইটোও বৰ উৎসাহিত হৈছে৷ সিও হেনো এখন কলেজ খুলিব৷ নামটো তুমিয়েই ডিছাইড কৰি দিবা৷”
“ভাবিবলৈ কি আছে৷ নামটো ‘বৰ ভাল জুনিয়ৰ কলেজ’ ৰাখি দিবা৷ ব.ভা.জু.ক.৷”- মই তপৰাই নামটো ক’লোঁ৷ প্ৰভাই বৰ ভাল পালে৷ খৰধৰকৈ ভিতৰলৈ যাব খুজি দুখোজমান দিলে৷ পিছমুহূৰ্ততে চকু-মুখ উজ্জ্বল কৰি উভতি আহিল৷ মোক ক’লে-
“হেৰা, আমি দেখোন এটা কাম কৰিব পাৰোঁ৷”
“কি কাম?”
“জুনিয়ৰ কলেজৰ নামকৰণৰ কাম৷ বঢ়িয়া ছাইড বিজিনেছ হ’ব৷ প্ৰত্যেক বছৰেই ইমান জুনিয়ৰ কলেজ আমাৰ আশে-পাশে স্থাপন হ’বলৈ ধৰিছে৷ নাম বিচাৰিবলৈ গৈ সকলোৰে বহুমূলীয়া সময় নষ্ট হয়৷ তেওঁলোকৰ হৈ সেইকণ কষ্ট আমিয়েই কৰিব পাৰোঁ দেখোন৷ হাতলৈ চৌ-চৌৱাই ধন আহিব৷”- উৎসাহী প্ৰভাৰ কণ্ঠত অসামান্য আত্মবিশ্বাস৷ ইয়াৰ পূৰ্বে প্ৰভাক মই ইমান উৎসাহিত হৈ পৰা দেখা নাই৷
“এইটো দেখোন এটা সাংঘাতিক আইডিয়া৷”- প্ৰভাৰ যুগান্তকাৰী আৱিষ্কাৰত মই আলোড়িত হৈ উঠিলোঁ৷ মনৰ আনন্দ প্ৰকাশ কৰিবলৈ ঠাইতে জাঁপ এটা মাৰি চেনেহৰ পত্নীক চেল্যুট এটা দি ক’লোঁ-
“গ্ৰেট আইডিয়া ডাৰ্লিং! আই এম প্ৰাউড অৱ ইউ ৷”

☆★☆★☆

18 Comments

  • ভাল।লাগিল

    Reply
  • ৰিণ্টু

    সম্পাদকীয় আৰু সাক্ষাৎকাৰৰ পিছতে সদায় ঈশানৰ লিখা পঢ়ো, এইবাৰো ব্যতিক্ৰম নাই হোৱা।

    আৰু তাতোকৈ ভাল লগা কথা, ঈশানে কেতিয়াও নিৰাশ নকৰে

    Reply
  • তৃষ্ণা সো.

    সমসাময়িক শিক্ষা ব্যৱস্থাৰ কি সুন্দৰ ব্যংগাত্মক প্ৰতিফলন।

    Reply
  • অনুৰূপ মহন্ত

    বৰ ভাল লাগিল। অতি সুন্দৰ ব্যংগ।

    Reply
  • পাৰবীন

    বেচ দিলা দেই ঈশান । তোমাৰ চিন্তাৰ গতি আৰু নতুনত্বত সদায় তবধ মানো ।

    Reply
  • বৰ্তমান সময়ৰ লগত খাপ খোৱা লিখনি, ভাল লাগিল।

    Reply
  • বভালা । বৰ ভাল লাগিল ।

    Reply
  • ৰাজদ্বীপ বৰা

    সুন্দৰ ব্যংগ ৷ ভাল লাগিল !

    Reply
  • Manisha Kakati

    অতি সুন্দৰ ব্যংগ।

    Reply
  • অবিনাশ

    বঢ়িয়া

    Reply
  • parishmita

    সময়োপযোগী গল্প ভাল লাগিল।

    Reply
  • 🙏 তামাম এইফেৰা

    Reply
  • Papari Barman

    সুন্দৰ

    Reply
  • Papari Barman

    ভাল লাগিল

    Reply
  • ঈশান

    আপোনালোক সকলোকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ ৷ প্ৰত্যেকটো মন্তব্যয়েই মোৰ বাবে আগবাঢ়ি যোৱাৰ অনুপ্ৰেৰণা ৷ অশেষ ধন্যবাদ ৷

    Reply
  • Mousumi gogoi

    সময়োপযোগী লিখনী ।

    Reply
  • শঙ্কৰ জ্যোতি বৰা

    আমাৰ নগাঁওখন এতিয়া জুনিয়ৰ কলেজৰ কেপিটেল দিষ্ট্ৰিক হৈ পৰিছে৷মজ্জা ইশান৷

    Reply
  • বিজু গগৈ

    ভাল পালো পঢ়ি৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *