ফটাঢোল

ভাড়াঘৰ – হিতেশ বি বৰুৱা

ৰাজশ্ৰী প্ৰডাকচনৰ শেহতীয়া নিবেদন।

ভাড়াঘৰ

প্ৰযোজনা: ৰাজশ্ৰী শৰ্মা

কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনা: হিতেশ বি বৰুৱা।

অভিনয়ত:

দীপাংকৰ চৌধুৰী

অনুৰূপ মহন্ত

মাধুৰ্য্য গোস্বামী

হৃষীকেশ ডেকা

ভাস্কৰ বৰ ডেকা

তবিবৰ ৰহমান

নিৰ্মালি বৰমূদৈ

ববিতা বৰুৱা

পৰ্দাৰ লাইট জ্বলাৰ লগে লগেই ফটাঢোল প্ৰডাকচনৰ ল’গ’টো উজ্জ্বল হৈ ওলাব আৰু ধূপ ধূনাৰে পৰ্দাখন ঢাকি ধৰিব। বেকগ্ৰাউণ্ডত হৰেক ৰকমৰ মানুহৰ শব্দ, কোনোবা পোহাৰীয়ে মাছ ল’ব নে বুলি চিঞৰাৰ পৰা কোনোবা সৰু ল’ৰাই চিঞৰি চিঞৰি গান গোৱা শুনা যাব। ধোঁৱা আঁতৰি যোৱাৰ লগে লগে দেখা যাব এটা পুৰণি অসম আৰ্হিৰ ঘৰ, সন্মুখত এখন টু-লেট বুলি চূণেৰে লিখা টিন ওলমি আছে।

দৃশ্য১:
গাঁওৰে দুজন ল’ৰা মাধুৰ্য্য আৰু দীপাংকৰ লগ হৈ গুৱাহাটীত এটা ভাড়াঘৰ ল’লে।

ৰাতিপুৱা দুইজনে কিবা অলপ বনাই দিনটোলৈ ওলাই যায় দিউটিলৈ বুলি।

দিনটোৰ শেষত সন্ধিয়া ৰুমলৈ দুইজনে আহি আকৌ চাহ একাপ খাই ভাত বনাবলৈ যায়।

এনেদৰে প্ৰথমতে দুজনে ঠিকে ঠাকে কামবোৰ কৰি আছিল।
কিন্তু লাহে লাহে দুজনৰ এলেহুৱা ভাব মনলৈ আহিল।

এদিন দুইজনে অফিচৰ পৰা আহি কেৰম খেলিবলৈ আৰম্ভ কৰিলে,কেৰম খেলি আছে খেলি আছে…সময় গৈ কেনেকৈ ১২.৩০ পালে গম নাপালে।

দুজনে খৰধৰ কৈ হাতত কুকাৰ,কাঁহি বাতি, কৰাছ সাজু কৰিবলৈ আৰম্ভ কৰিলে।

কুকাৰৰ ঢাকনি গুচাই চাই যে…চাউল ধুই থোৱা হে আছে, কিন্তু চাউল বহাই নিদিলে।

দুয়োৰে মাজত তৰ্ক-বিতৰ্ক হৈ পানী এগিলাছ খাই শুই থাকিলে।

দৃশ্য২:
পুৱতি নিশা ৩.৪৫ বজাত ভোকত ৰ’ব নোৱাৰি দীপাংকৰে মনে মনে চাউল আৰু আলু দুটামান কাটি বহাই দিলে।

যেতিয়া হুইছেল আহিল কুকাৰৰ, মাধুৰ্য্য ই সাৰ পাই উঠি ক’লে ,”ভাত ৰান্ধিছা নেকি 🤔 দে দে মোৰো ভোক লাগিছে, অলপ খাই লও।”

আকৌ দুদিন মান পাছত ভাত খোৱা সময়ত দেখে যে ৰুমত পানী নাই,

দুইজনে আকৌ তৰ্ক বিতৰ্ক কৰি চাউল ধোৱা পানীৰে মুখ হাত ধুই উঠিলে।

লাহে লাহে দীপাংকৰৰ মাধুৰ্য্যৰ ওপৰত খং উঠিবলৈ ধৰিলে,

ভাবিলে “ভাল ল’ৰা এজন মোৰ ৰূম সংগী হিচাপে পালে ইয়াক ৰুমৰ পৰা উলিয়াই দিম।
এনেও ই কাম বন নকৰে,অফিচৰ পৰা আহি মূৰত গামোচা এখন বান্ধি কাণত ম’বাইলটো লৈ গামোচাৰ তলেৰে ম’বাইলটো সুমাই ছোৱালীৰ লগত লিলিমাই কৰি থাকে,আনকি বাথৰুম গ’লেও ম’বাইলটো লৈ যায়, মুঠতে ম’বাইল নেৰে সি।
ৰাতি আকৌ লেপৰ তলত ফুচফুচাই কথা পাতি থাকে গোটেই নিশাটো।

সিহে জানে ইমান কৈ কি কথা পাতে।”

এনেকৈ ভাবি থাকোঁতে মাধুৰ্য্য ই ক’লে,”ঐ দীপাংকৰ, মই অহা মাহত ৰুম এৰি দিম।
মই ভালপোৱা ছোৱালী জনীক চাবলৈ আহিছে কোনোবাই,ঘৰৰ মানুহে মোৰ তাতেই বিয়া নিদিয়ে, গতিকে মই পলাই লৈ আহিম।”

দীপাংকৰে ক’লে,” ঠিক আছে,তই ৰুম ক’ত লম বুলি ভাবিছা?”

মাধুৰ্যই ক’লে ,”আমাৰ চৌহদৰ সৌ সিমুৰৰ ৰুমটো খালি হ’ব, গতিকে মই তাতেই থাকিম।”

দৃশ্য৩

এইফালে দীপাংকৰৰ চিন্তা হ’ল,ৰুমৰ ভাড়া বহুত,অকলে দিব লাগিলে টান পৰিব। গতিকে ভাল ল’ৰা এজন চাব লাগিল।

সেইবুলি অলপ বিছাৰ খোছাৰ কৰোঁতে ভাস্কৰ আহি ওলাল দীপাংকৰৰ অফিচত।

ভাস্কৰে ক’লে,” ঐ দীপাংকৰ মোক এটা ৰুম লাগে।
নতুনকৈ কাম এটা পাইছোঁ,তই হেনো অকলে থাকিবি অহা মাহৰ পৰা, মোক কথাটো মাধুৰ্যই ক’লে।”
দিপাংকৰে ক’লে ,”হয় কথাটো।
তই অহা মাহৰ পৰা আহিবি মোৰ ৰুমত থাকিবলৈ।”

ভাস্কৰে আহিলে সেই দিনটোৰ পাছত।
কিন্তু দীপাংকৰক যে শনি লগ এৰা দিয়া নাই।

সেই একে অবস্থা…সকলো কাম দীপাংকৰে কৰিব লাগে ৰুমত। মাজে সময়ে দুয়োজনে ধেমালি কৰিছিল, জমনি গান গায়,

কেতিয়াবা ভাস্কৰক জোকোৱাকৈ গান গাইছিল…ঐ তপা ঐ তপা জানা নহি,মুজহে চোৰকে ও মুজহে চোৰকে,

আকৌ কেতিয়াবা ডাইলগ মাৰে..
.হামে তৌহ লড়কী নে লুটা,
পেৰো মে চপ্পল ফুটা,
মেৰা কিস্তি ভী ওহি দুবা
যাহা পইছা কম থা।

এবাৰ আকৌ ভাস্কৰে গায় জমনি গান।

এটুকুৰা শুকান ৰুটি পানীত ভাহি যায়,
তাকে দেখি দিপাংকৰে পানীৰ পৰা বুটলি আনি খায়,
মোৰ মনত দিপাংকৰৰ কাৰ্য দেখি খং উঠি যায়।
ক’ৰ যে খাবলৈ নোপোৱা এইটো ভিক্ষাৰীৰ জাত।

দৃশ্য৪:
ভাস্কৰে কোনোবা অফিচাৰৰ গাড়ী চলাই।
গতিকে ৰাতিপুৱা ৮ বজাত কিবা অলপ খাই আকৌ নিশা ১০ বজাৰ পাছত ৰুমলৈ ঘুৰি আহে।
গতিকে ৰাতিপুৱা আৰু ৰাতি দীপাংকৰে ভাত বনাব লগীয়া হয়।

ভাস্কৰৰ আকৌ বেয়া অভ্যাস আছে। সি ৰুমত আহিলে গা নোধোৱেই প্ৰায় আৰু বিড়ি খোৱা অভ্যাস আছে।

আনহাতে সি ৰাতি শোৱাৰ পাছত ইমান নাক বজাই যে দীপাংকৰৰ টোপনি নাহে। কেতিয়াবা দীপাংকৰে কাগজৰ টুকুৰা এটা মেৰিয়াই লৈ ভাস্কৰৰ নাকত সোমাই দিয়ে, যেতিয়া সি সাৰ পাই তেতিয়া দীপাংকৰে অলপ টোপনি মাৰিবলৈ চেষ্টা কৰে।

দীপাংকৰে ভাবিলে..,”মই অকলে ৰুমৰ ভাড়া বেছিকৈ ভৰিব লাগে বুলি যিয়ো এজন আনিলো,এইজনো সেই একেই।

মই যেন ঘৰৰ তিৰোতাৰ দৰে সকলো কাম কৰিব লাগে। গতিকে ইয়াক কিবা উপায়ে খেদিব লাগিব।”

সেই বুলি ৰাতি দীপাংকৰে ভাস্কৰক ক’লে ,”অহা মাহত মোৰ মামাৰ ল’ৰা আহিব মোৰ লগত ৰুমত থাকিবলৈ, গতিকে তই এটা বেলেগ ৰুম চা।
কাৰণ মামাৰ ল’ৰাই নতুনকৈ কাম এটা পাইছে।”

ভাস্কৰে ঠিক আছে বুলি ক’লে।

দৃশ্য৫:
এইফালে আকৌ দীপাংকৰে অনুৰূপ মহন্তক লগ পালে।
অনুৰূপৰ লগত কথা বতৰা পাতি থাকোঁতে ৰুমৰ কথাটো ওলাল।
অনুৰূপে ক’লে, “ভালেই হ’ল, মইয়ো ৰুম এটা বিচাৰি আছিলোঁ।কাৰণ মোৰ ৰুমটো পাহাৰৰ ওপৰত। সেয়ে দিউটিৰ পাছত ইমান কষ্টৰে ওপৰত উঠিবলৈ মন নাযায়।”

দীপাংকৰে ক’লে,” ঠিক আছে,অহা মাহৰ ১ তাৰিখৰ পাছত আহিলে হ’ল, কিন্তু দুই এদিনৰ ভিতৰতে মোৰ ৰুমত আহিবা চোন।”

দীপাংকৰে ভাবিলে,ৰুমত কাম নকৰে সেইটো ডাঙৰ কথা নহয়। গতিকে অনুৰূপ মহন্তক ৰুমত থাকিবলৈ দি পৰীক্ষা কৰিব লাগিব যে নাক বজাই নে নবজায়।

অনুৰূপ আহিল দুদিনমান পাছতে,
ৰাতি ভাত খাই বৈ যেতিয়া অনুৰূপ শুইছে.. যেনে শুইছে তেতিয়াৰ পৰাই একদম অকনমান সময়লৈকে বন্ধ নহয় নাকেৰে শব্দ কৰি নাক বজাই আছে।

এইফালে দীপাংকৰৰ টোপনি অহা নাই,ইমান শব্দ যে নাকৰ কাষেৰে ছাগলী এটা পাৰ হৈ গ’লে নাকৰ ভিতৰত সুমাই যাব….যেন কুম্ভকৰ্ণ হে শুইছে।

ৰাতিপুৱা ৪ বজাত দীপাংকৰ বিছনাৰ পৰা উঠি একে চৌহদত থকা মাধুৰ্য্যৰ ৰুমত শুবলৈ গ’ল।
কাৰণ ১০ দিনমান আগতে মাধুৰ্য্যৰ পত্নী ববিতা ঘৰলৈ গৈছে।

দীপাংকৰে শোৱাৰ সময়ত ম’বাইলত এলাৰ্ম দি থৈছিল ৮ বজালৈ।

আঠ বজাত যেতিয়া দীপাংকৰ বিছনাৰ পৰা ৰুমলৈ আহে অনুৰূপে চাহ বনাই আছে।

অনুৰূপে সুধিলে ইমান পুৱাই ক’ত গৈছিলা, মই কল কৰিছিলোঁ তুমি ৰিচিভ কৰা নাই যে?

দিপাংকৰে ক’লে পুলিচৰ পোষ্ট এটাত এপ্লাই কৰিছোঁ, সেয়ে অকনমান দৌৰাৰ প্ৰেকটিছ কৰি আছোঁ।

অনুৰূপে ক’লে ভালেই কৰিছা।
দীপাংকৰে ভাবিলে বেটা ৰাতিটো নাক বজাই বিন্দাছ টোপনি মাৰিলি…মোৰ হে টোপনি নহ’ল।
গতিকে তোক কিবা উপায়ে না কৰিব লাগিব মোৰ ৰুমত থকাটো।

দুদিনমান পাছত দীপাংকৰে অনুৰূপক কল কৰিলে আৰু ক’লে,” অনুৰূপ। মোৰ ৰুমত তোমাক থকাৰ কথা কৈছিলো। কিন্তু এটা অসুবিধা হ’ল। মোৰ মামাৰ ল’ৰা আহিব মোৰ ৰুমত থকাৰ বাবে, গতিকে তুমি বেয়া নাপাবা।
সেয়ে আগতীয়াকৈ কৈ দিলোঁ,যাতে তোমাৰ বিপদ নহয়। গতিকে তুমি ভাল ৰুম পালে, তুমি থকা ৰুমটো এৰি দিবা।
এতিয়াই ৰুম এৰি নিদিবা।”

অনুৰূপে “ঠিক আছে বাৰু বুলি”ফোন কাটি দিলে।

দৃশ৬:

আকৌ দীপাংকৰে ৰুমৰ সংগী বিচাৰিবলৈ ধৰিলে।
এইবাৰ আকৌ হৃষিকেশক লগ পালে।

হৃষিকেশ নতুনকৈ চিকুৰিটি গাৰ্ড হিচাপে কাম এটা পাইছে হেনো।
সেয়ে তেওঁ গুৱাহাটীত ভাড়াঘৰ বিছাৰি ফুৰিছে।
দীপাংকৰক লগ পাই সকলো কথা ক’লে।

দীপাংকৰে ক’লে যে,” ঠিক আছে হৃষি, তুমি আহিবা পাৰা মোৰ ৰুমত থাকিবলৈ অহা মাহৰ পৰা।”

হৃষিকেশ আহিল সেইদিনটোত আৰু নতুনকৈ সোমোৱা কামত জইন কৰি দীপাংকৰৰ লগত থাকিবলৈ ল’লে।

দৃশ্য ৭:
ইতিমধ্যে দীপাংকৰৰ ৰেকৰ্ড বেয়া হৈ আহিছে ভাৰা ৰুমত।

ভাড়াঘৰৰ মালিক, সোমেশ্বৰ বৰাই কয়, “দীপাংকৰ…

তোমাৰ দেখোন ৰুমত থকা মানুহ সঘনে সালসলনি হৈ থাকে?
আচলতে তুমি বেয়া নে… তোমাৰ লগৰবোৰ বেয়া?
ইমান যে ল’ৰা আহিল আৰু গ’ল।”

এইফালে আকৌ কাষৰ ভাড়া থকা পৰিয়ালটোৱে কৈ থাকে দীপাংকৰক যে-,” দীপাংকৰ তুমি বিয়াখন পাতি লোৱা।
এনেকৈ কিমান ল’ৰা আহিল কিমান গ’ল।
গতিকে মানুহে তোমাক বেয়া বুলি ভাবিব।”

ৰাতি ৰাতি আকৌ ফোন কৰোঁতে প্ৰেমিকা নিৰ্মালীৰ আব্দাৰ,

” বাবু,ভাত খালা?
দিপাংকৰ ,”কলিজা ঐ মোৰ ৰুমত আজি চাউল নাই।”

নিৰ্মালীয়ে ক’লে “দেহা ঐ..তেনেকৈ নকবা …তুমি নাখালে মইও নাখাও।।
কেতিয়া বিয়া কৰাবানো মোক? মই জানা কালি সপোনত তোমাক দেখিছো,তুমি আমাৰ ঘৰলৈ আহিছা। পিছে এই যে মোৰ দাদা দেবজিত টো, তোমাক ইমান মাৰিলে কিবা। দেখিব মন নাযায় ।”

দিপাংকৰে ক’লে -“খুল্লাম-খুল্লাম খুল্লা প্যাৰ কৰেংগে হাম দোনৌ,
দেৱজিত দা চে নহি দোৰেংগে হাম দোনৌ,
প্যাৰ হাম কীয়া তৌহ চুৰি নহি
দিল যোৰা যৰি হে চোৰেংগে নহি
হাম তুম ৰাজী
ক্যা কৰেগা তুমাহাৰা দেৱজিত পাজী।”

এই সকলো কথা ভাবি দীপাংকৰে মনতে ঠিৰাং কৰিলে যে- এইবাৰ মই ইয়াক যিমান পাৰোঁ ধৈর্য্য ধৰি থাকিবলৈ চেষ্টা কৰিম।
যিহেতু গোটেই কেইজনে মোৰ হাতেৰে খোৱা বোৱা কৰিলে।
ৰুমত যিমান জন আহিল… সকলোৱে মোক সিহঁতৰ তিৰিৰ নিচিনাকৈ কাম কৰালে।

এইবুলি সকলো কাম নিজেই কৰে।

হৃষীকেশক একো কাম কৰিবলৈ দিয়া নাই।
আচলতে হৃশিকেশৰ দিউটিৰ সময় হৈছে ৰাতিপুৱা ৬ বজাৰ পৰা ১২ বজালৈ আৰু সন্ধিয়া ৬ বজাৰ পৰা ১০ বজালৈ এ টি এমৰ দিউটি।

এইফালে দিপাংকৰৰ দিউটি সোমবাৰৰ পৰা শুকুৰবাৰলৈ ৰাতিপুৱা ১০ বজাৰ পৰা ৭ বজালৈ।
কেৱল দেওবাৰে দিনৰ ১২ বজাৰ পৰা ৰাতি ৮ বজালৈ। দীপাংকৰে এটা ট্ৰেভেল এজেঞ্চীত কাম কৰে নৈশ বাছত।

দৃশ্য৮:
এদিন দীপাংকৰে দিউটিলৈ খৰধৰ কৰি যোৱাৰ বাবে কুকাৰ আৰু কেৰাহীটো ধুবলৈ পাহৰি গ’ল।

দীপাংকৰে গাড়ীত গৈ আছে.. এনেতে হৃষিকেশে ফোন কৰি ক’লে,” দীপাংকৰ, তুমি কুকাৰ আৰু কেৰাহীটো কিয় ধুই থৈ নগলা।”

হৃষিকেশৰ কথা শুনি দীপাংকৰৰ খং মূৰৰ চুলিৰ আগ পালে।

কোনোমতে ক’লে ,” ঠিক আছে.. মই ৰাতি ৰুমত আহি আছোঁ।” এই বুলি ফোনটো কাটি দিলে।

ৰাতি ৰুমত আহি হৃষিকেশক দীপাংকৰে ক’লে ,”মই সদায় সকলো কাম কৰোঁ,আজি পাহৰি যোৱা বাবে বাছন খিনি ধুৱা নহ’ল, তুমি সেই অকনমান কামটোৰ বাবে মোক কল কৰিছা।
তোমাৰ লাজ নালাগে।

এতিয়াই ওলাই যোৱা ৰুমৰ পৰা… নহ’লে কথা বেয়া হ’ব।

তোমাৰ সকলো কাপোৰ, বাচন বৰ্তন মই দলিয়াই বাহিৰ কৰি দিম।
কি বুলি ভাবিছা মোক।”

হৃষীয়ে দিপাংকৰক কয়,”কি কথা বেয়া হ’ব…গাত হাত লগাই দেখুওৱা চোন।”

দীপাংকৰে তাৰ কথা শুনি দুখন হাতৰে বাহুৰ পৰা চাৰ্টটো কোচাই লৈ ক’লে…২ কিল ৫০০ গ্ৰামৰ হাত হয় এইখন,এটা মাৰিম উৰি গৈ ক’ৰবাত পৰিবা। এইবুলি যিটো প্ৰচণ্ড ঘোচা মাৰিলে হৃষীক…সি গৈ গছৰ ঠানি এটাৰ চেপত বেহুছ হৈ ওলমি থাকিল।

দীপাংকৰে গছত উঠি গৈ তাক নমাই আনিলে আৰু চকু মুখে পানী মাৰি দিলে, যেতিয়া হৃষীৰ হুছ আহিলে…সি আৰু পিছফালে নচোৱা কৈ দৌৰি থাকিল।

এনেদৰে মাৰি ধৰি দম দি হৃষিকেশক ৰুমৰ পৰা খেদি পঠিয়ায় দীপাংকৰে।

ভাড়াঘৰত লটিঘটিৰ কথা দীপাংকৰে তাৰ লগত কাম কৰা তবিবৰ ৰহমানক ক’লে.”.ঐ ভাই,কিবা এটা উপায় দে না মোক,মোৰ বৰ লটিঘটি হৈ থাকে দেখোন… ভাড়াঘৰত থাকিবলৈ অহা মোৰ সংগীৰ লগত,কি কৰা যায়।”

তবিবৰ ৰহমানে অলপ সময় চিন্তা কৰি ক’লে, “বেলেগ উপায় নাই, তই তোৰ বিয়াখনে পাতি ল’লে ভাল হ’ব,
গতিকে দেৰি কৰি লাভ নাই।”

দৃশ্য৯:

দীপাংকৰক মাজত লৈ সকলোৱে (ভাড়াঘৰৰ মালিক, অনুৰূপ, ভাস্কৰ, হৃষীকেশ) আলোচনা কৰা দেখা যায়। সকলোৱে কথা পাতি শেষত নিৰ্মালীক ফোন কৰি মাতি পঠিয়ায়।

নিৰ্মালীৰ লগত ফোনত কথা পাতিবলৈ পায় দীপাংকৰে ফুৰ্টিতে এফাকি গীত গালে… হাঁহে হৈ চৰিম গৈ নিৰ্মালিৰ পুখুৰীত,মাখি হৈ পৰিম নিৰ্মালিৰ গালত,ইমান দিনে অকলশৰীয়া জীৱন কটালো,আজিহে এজনী বিছাৰি পালোঁ।

নিৰ্মালিয়ে দীপাংকৰৰ গীত শুনি লাজতে কৈ উঠিল…যা দুষ্টটো কৰবাৰ।
দীপাংকৰ,”তুমি সুধিছিলা নহয় কেতিয়া বিয়া কৰাম বুলি। আজিয়েই বিয়া হ’বা মোৰ লগত?”

নিৰ্মালী,” হ’ম বাৰু। পিছে তুমি মোক এটা প্ৰমিজ কৰিব লাগিব।”

দীপাংকৰ,”কি কোৱা। তোমাৰ চব কথা মানিবলৈ ৰেডি মই।”

নিৰ্মালী,”ভাত খাই উঠি বাচনবোৰ কিন্তু তুমি ধুব লাগিব।”

“কিইইইইইই?”

সকলোৰে সমস্বৰে মৰা হাঁহিত পৰ্দাৰ মাজলৈ “The End” ওলাই আহে।

☆★☆★☆

9 Comments

Leave a Reply

Your email address will not be published.