ফটাঢোল

ভালপোৱাৰ এখন নিলিখা পৃষ্ঠা – অঞ্জলি গগৈ বৰগোহাঞি

‘কথাবোৰ মানে সেই ম’বাইল বা লেণ্ডলাইন নথকা দিনৰে বুজিছা! এস্ লেণ্ডলাইন আছিল, পাহৰিহে কিবাখন কৈছোঁ৷ আচলতে পেৰেম-পিৰীতিৰ কথা ক’বলৈ পালে মনটো সেই এতিয়াও ষোল্ল/সোতৰ বছৰীয়া হৈ যায় বুজিছা৷’

‘এ আইতা আচল কথাবোৰ কোৱাচোন। কিনো সেই কিবা ষোল্ল/সোতৰ বছৰ গাই আছা!’

‘হেঃহেঃ। ষোল্ল/সোতৰ মানে কি সেয়া বুজি যে পোৱা নাই, তাকেনো নোকোৱা কিয়!’

‘কি বুলি ভাবিছা মোক! ইংৰাজী মাধ্যমত পঢ়িলোঁ বুলিয়েই নিজৰ মাতৃভাষাটোৰ জ্ঞান নাই নেকি মোৰ! নিজৰ মাতৃভাষাটোও সমানে আয়ত্ত কৰিছোঁ বুজিছা৷ ষোল্ল/সোতৰ মানে ছিক্সটিন/চেভেনটিন! হাঁহা এতিয়া নকলী দাঁত চেলায়৷’

‘আউ, বৰ একেবাৰে দাঁত ভঙা অসমীয়া ক’বলৈ ধৰিলা দেখোন! যি কি নহওক তোমাৰ মুখত নিজৰ মাতৃভাষাটোৰ প্ৰতি থকা টান দেখি মনত বৰ সন্তোষ পাইছোঁ৷ মোৰ আকৌ ধাৰণা আছিল ইংৰাজী মাধ্যমৰ ল’ৰা-ছোৱালীয়ে নিজৰ মাতৃভাষাটোৰ প্ৰতি অৱহেলা কৰে বুলি৷ পিছে মোৰ ধাৰণা ভুল আছিল বুলি তুমি প্ৰতিপন্ন কৰি দিলা৷ সঁচা কথা ক’বলৈ…..’

‘এস্ আইতা ইমান ইণ্টাৰেষ্টিং কথা এটা ক’বলৈ লৈ এইবোৰ কি আৰম্ভ কৰি দিলা? আচল টপিকলৈ আঁহা৷’

‘হয় আকৌ! ময়ো যে নহয়! কথা ক’বলৈ পালে পেলপেলাইহে যাওঁ৷ অ’ হয় দেই মই প্রেমৰ কথাহে কৈ আছিলোঁ৷ অঁ বুজিছা মাইনী, আমাৰ সময়ত প্ৰেম বুলি নকৈ পেৰেম বুলি কৈছিল৷ সেই সময়ত কলেজত নতুনকৈ নাম লগাইছোঁ৷ ঘৰৰপৰা আঁতৰি, বন্ধনমুক্ত এটা ন-জীৱনৰ পাতনি৷ হোষ্টেলৰ জীৱনৰ মাদকতাই বেলেগ বুজিছা! দিন যোৱাৰ লগে লগে সকলো সহজ যেন লগা হৈ আহিল৷ ঘৰৰ মানুহৰ মৰম চেনেহৰপৰা আঁতৰি অহাৰ পাছত মনে মৰম বিচাৰি ফুৰা হ’ল৷ এক বিশেষ ধৰণৰ মৰম৷ যি মৰম ঘৰৰ আপোনজনৰপৰা পোৱা নাযায়৷ সেই তেনেকুৱা দিনবোৰতে আমাৰ লগৰে চোকা আৰু ধুনীয়া ল’ৰাটো মোৰ ভাল লাগিল৷ পিছে আমাৰ সেই তেতিয়াৰ দিনত ছোৱালীয়ে প্ৰথমে কোনোবা ল’ৰাক ‘মোৰ তোমাক ভাল লাগিছে’ এনেকুৱা কথা ক’ব পৰাটো অলীক কল্পনা আছিল৷ আনকি নিজৰ ৰুমমেট বান্ধৱীজনীকো ক’ব পৰা নাছিলো৷ কি যে বিড়ম্বনা নহয়৷’

‘বাঃ! আইতা তুমি কিন্তু কম নাছিলা দেই! তাৰপিছত তোমালোকৰ কাহিনী কি হ’ল কোৱা না। আই এম ভেৰি এক্সাইটেড টু ন’ এবাউট ইয়ৰ লাভ ষ্ট’ৰী।’

‘তাৰপিছত কি হ’ব আৰু! সেই বিহু নামফাকিৰ দৰে, হোষ্টেলতো নবহে মন মোৰ চেনাইধন, পঢ়াতো নবহে মন/মনৰে কথাষাৰ ক’বকে নোৱাৰো
দুখে মোক কৰিছে হৰণ।’

মই বিহুনাম বুলি কৈ মনে মনে চিন্তা কৰিছোঁ, তাই হয়তো এনেকুৱা এফাকি বিহুনাম আছে বুলি ভাবি লৈছে৷ হাঁহিও উঠিছে মনে মনে৷ পিছে অতীতৰ কাহিনী কৈ যাওঁতে নিজকে নাতিনীজনীৰ যুৰীয়া যেন হৈ পৰিছে মনটো৷ মোৰ বয়স ৬১ বছৰ হ’ল, তাইৰ ১৯ বছৰ৷ পিছে মই তাইৰ অন্তৰংগ বান্ধৱী৷ আজি তাই আৰু মই ঘৰত অকলে আছোঁ, গতিকে সুবিধাটো লৈ তাই মোক যৌৱন কাললৈ ওভতাই নিছে৷ মই আন্মনা হৈ পৰিছোঁ! ৪০ বছৰৰ আগতে এৰি অহা দিনবোৰে মোক আমনি কৰিছে৷ মই তাইৰ আগত খুলি দিছোঁ মোৰ বুকুতে শেষ হৈ যোৱা প্ৰেমৰ পৃষ্ঠাবোৰ৷ মই হয়তো কিছু বেছিকৈ আন্মনা হৈ পৰিছিলোঁ, তেনেতে তাই মাত দিলে,

‘সেইফাকি বিহুনাম যে তুমি সাজি গাইছা গম পাইছোঁ দিয়া৷ তাৰপিছত কি হ’ল সেইটো কোৱা আইতা।’

তাইৰ মাতত আকৌ কলেজীয়া ছোৱালীজনী আইতালৈ উভতি আহিলোঁ৷ হুমুনিয়াহ এটা মোৰ মুখেৰে সৰি পৰিল! কিন্তু কথাবোৰ ক’বলৈ যিহেতু আৰম্ভ কৰিলোঁ, এতিয়া আৰু মাইনীয়ে মোক শেষ নকৰালৈকে সুদাই নেৰে৷ ভাবিলোঁ আৰম্ভ কৰিলোঁ যেতিয়া শেষ কৰি দিয়াই যাওক৷

‘উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ শেষৰফালৰ কথা৷ এদিন ৰসায়ন বিজ্ঞানৰ লেবৰেটৰীত চল্ট এটা টেষ্ট কৰি আছোঁ, কাষত সি৷ বুকু এনেই দুৰু দুৰু কঁপি থাকে তাক দেখিলে, ইফালে সেইদিনা সি আছিল মোৰ কাষতে৷ চল্টটোত এচিড ঢালিব লাগে এবিধ, মই কি এচিড ঢালিছিলোঁ জানো! বোধকৰো হাইড্ৰক্লৰিক এচিড নাছিল নেকি! মই ঢালি দিয়াৰ লগে লগে চল্ট লোৱা টেষ্ট টিউবটোৰ মুখেৰে হু-হুৱাই ধোঁৱা ওলাই গ’ল৷ মই ভয়তে দিলোঁ চিঞৰ মাৰি৷ সি কাষতে আছিল। মোৰ ভয়ত কঁপি থকা হাত দুখন মুঠি মাৰি ধৰি অভয় দিলে৷ মোৰ দুচকুলৈ চাই ক’লে, ‘একো নহয় তাপসী, হৈ যায় কেতিয়াবা৷ কিয় ইমান ভয় খাইছা! চোৱা মই ওচৰতে আছোঁ!’ মোৰ সেইবোৰলৈ ভ্ৰূক্ষেপ নাই, কেৱল ভয়তে কঁপিছোঁ৷ লেবৰটৰীত থকা লগৰ সকলো কাষ চাপি আহিল, সি মোৰ হাত দুখন এৰি দিলে৷ তাৰপিছত হোষ্টেললৈ গুচি আহিলোঁ৷ ৰাতি অলপ সুস্থিৰ হোৱাৰ পাছত কথাবোৰ সপোন যেন লাগিছিল৷ সঁচাকৈ অজয় আছিলনে সেইটো! যিটো ল’ৰাই কোনো ছোৱালীলৈ মূৰ তুলি নাচায়, মাত-বোল কৰাটোতো ডাঙৰ কথা! মোৰ দুচকুলৈ চাই হাতত ধৰি সঁচাকৈ যিয়েই মোক সান্ত্বনা দিছিলনে? আছিলনে তাৰ দুচকুত মোৰ প্ৰতি প্ৰেম/ভালপোৱা? পিছে পিছদিনা ক্লাচলৈ গৈ আকৌ মন খেলিমেলি হৈ গ’ল৷ নাই পৰিস্থিতি স্বাভাৱিক! সেই একেই অজয়, ক্লাছত মন দিছে! তাৰবাবে যেন সেই আগৰ দৰেই অচিনাকি মইজনী৷ কিন্তু ইমান নিশ্চুপ অজয়ে মোৰ নাম কেনেকৈ জানিলে? কি আছিল তাৰ চকুৰ ভাষা! আছে নেকি বাৰু তাৰো মোৰ প্ৰতি মৰম-ভালপোৱা! নাই নাই মোৰ ভুল, একো নাই তাৰ মনত৷ নহ’লে এবাৰৰ বাবেও সি মোলৈ মূৰ তুলি নাচাবনে? মনৰ এইবোৰ খেলিমেলিৰ মাজতে দ্বিতীয় বৰ্ষৰ ফাইনেল পৰীক্ষা দি ঘৰলৈ ঘূৰি আহিলোঁ৷ পৰীক্ষা ভাল নহ’ল, হয়তো মনৰ অস্থিৰতাৰ বাবেই৷ এদিন ৰিজাল্ট ওলাল৷ মই দ্বিতীয় বিভাগ পাই তাতেই বায়’-কেমেষ্ট্রী লৈ বি.এছ. চি. কৰিলোঁ৷ সি তিনিখনত লেটাৰ লৈ ডিষ্টিংচনসহ ইঞ্জিনিয়াৰিং পঢ়িবলৈ গুচি গ’ল৷ লগ নাপালোঁ আৰু তাক৷ আমাৰ ঘৰখনত আমি পাঁচজনী ছোৱালী আৰু মই হ’লোঁ ডাঙৰ৷ মই ডিগ্ৰী দ্বিতীয় বৰ্ষত থাকোঁতে তোমাৰ ককাৰপৰা বিয়াৰ প্ৰস্তাৱ গ’ল৷ ককাৰ যিহেতু ইঞ্জিনিয়াৰ আছিল, তাতে ঘৰখনৰ পাঁচজনী ছোৱালীৰ মই আছিলোঁ ডাঙৰ, গতিকে মোৰ মন নাথাকিলেও বিয়াত সন্মতি দিবলৈ বাধ্য হ’লোঁ৷’

‘অঁ, তাৰপিছত আইতা? তুমি মানে বিয়া হৈ আহিলা ককালৈ! সেই তোমাৰ প্ৰেমিকজনক আৰু লগ নাপালা তাৰমানে? হেঃ! কি প্ৰেম কাহিনী হ’ল আকৌ এইটো!’

‘আৰে তোমাৰো একেবাৰে ধৈৰ্য নাই দেই৷ কৈ আছোঁ নহয়৷ শুনি থাকা মনে মনে, নহ’লে পিছৰ আচল কাহিনী নকওঁ তোমাক৷’

‘ইয়ে কাহিনীৰ টুইষ্ট হ’ব নেকি আইতা? কোৱা কোৱা মোৰ মৰমীজনী৷ চাবা আৰু একো আমনি নকৰোঁ তোমাক৷ কোৱানা প্লি..ই..জ৷’

‘আঘোণত মোৰ বিয়া। পূজাত যোৰহাটৰপৰা গুৱাহাটীলৈ বিয়াৰ বজাৰ কৰিবলৈ আহিছোঁ৷ খুড়াহঁতৰ ঘৰত আছোঁহি৷ এদিন আবেলি ফাঁচিবজাৰলৈ খুড়াৰ ছোৱালী, মোৰ কাণসমনীয়া ভণ্টী মাম্পীৰ লগত বজাৰ কৰিবলৈ গ’লোঁ৷ ডাঙৰ হোলচেলৰ দোকান এখনত সোমালোঁ। তেনেতে মাম্পীৰ প্ৰেমিকটো সেই ঠাই পালেহি৷ মাম্পীয়ে মোক ক’লে, “বা তুমি দোকানখনত বজাৰ কৰা, মই দোকানৰ বাহিৰতে ইয়াৰ লগত অলপ কথা পাতি আহি আছোঁ৷” দোকানৰ ভিতৰত মই বজাৰ কৰি আছোঁ, মাজে মাজে বাহিৰলৈ চাইছোঁ মাম্পী আহিছে নেকি বুলি। ঠিক তেনেতে কঁপি উঠিলোঁ মই! মোৰ কাষত থিয় হৈ অজয়ে মাত দিছে, “তাপসী তুমি! ইয়াত যে? চিনি পাইছানে মোক?” মই বিস্ময় হৈ চাই ৰৈছোঁ, চিনি নাপাম নে মই! কিমান সপোন দেখিলোঁ সেইটো ল’ৰাক লৈ৷ আজি মোৰ সন্মুখত ৰৈ মোক সোধে, চিনি পাইছানে মোক? তাৰপিছত সি যি ক’লে ভাবিলে এতিয়াও কিবা লাগি যায় জানা মাইনী!’

‘কি হ’ল কোৱাচোন কোৱা তাৰপিছত!’

‘আমাৰ মাজত ভাল-বেয়া দুটামান কথা পতাৰ পাছতে অজয়ে মোৰ দুহাতত ধৰি লৈ ক’লে, “জানা তাপসী, ইঞ্জিনিয়াৰিং পঢ়িবলৈ যোৱাৰ আগতে কলেজলৈ গৈছিলোঁ তোমাকে লগ পোৱাৰ আশাৰে, নাই তোমাক লগ নাপালোঁ৷ উচ্চতৰ মাধ্যমিকত পঢ়ি থাকোঁতে তোমাক কথা এষাৰ ক’ম ক’ম বুলি ভাবি থাকোঁতেই গ’ল৷ সেই প্ৰথম এডমিছন লোৱাৰেপৰা তোমাক মোৰ ভাল লাগিছিল৷ কিন্তু নিজকে তোমাৰ যোগ্য যেন অনুভৱ কৰা নাছিলোঁ৷ সেয়েহে খুব মনপুতি পঢ়া শুনাত লাগিছিলোঁ৷ এতিয়াও মোৰ লক্ষ্য পূৰণ হ’বলৈ বহু বাট বাকী৷ তথাপি তোমাক মই এটি অনুৰোধ কৰিব বিচাৰোঁ, তুমি বেয়া পাবা নেকি?” মই বোবা হৈ পৰিছিলোঁ, কেৱল সপোন এটা দেখি থকাৰ দৰে লাগিছিল৷ স্থিৰ দৃষ্টিৰে তালৈ চাই মূৰ দুপিয়াই নাপাওঁ বুলি কৈছিলো! সি কৈছিল, “মোৰ বাবে আৰু চাৰিটা বছৰ ৰ’ব পাৰিবানে তুমি? মোৰ ইঞ্জিনিয়াৰিঙৰ দুটা বছৰ সম্পূৰ্ণ হ’ল আৰু দুটা বছৰ আছে৷ তাৰপিছৰ দুটা বছৰ মই স্বাৱলম্বিতাৰ বাবে ল’লোঁ৷ কোৱা তাপসী মোৰ বাবে অপেক্ষা কৰিবানে এই চাৰিটা বছৰ?” মুক হৈ পৰিছিলোঁ মই, চকুৱেদি পাৰ ভঙা বন্যা বৈছিল৷ অজয় অস্থিৰ হৈ পৰিছিল, হয়তো অলপ ভয় খাইছিল সি৷ অস্থিৰ হৈ মোক সুধিছিল, “তাপসী কিবা এটা কোৱা, তোমাৰ মৌনতা আৰু চকুপানীয়ে মোক পাগল কৰি তুলিছে!” তেতিয়া মই নিজকে অলপ চম্ভালি ল’লোঁ৷ মাতটো যিমান পাৰি স্বাভাৱিক কৰি অজয়ক ক’লোঁ, “আৰু দুমাহৰ পাছত মোৰ বিয়া৷ তুমি যে মোক সুধিছিলা কি বজাৰ কৰিছোঁ বুলি, মই বিয়াৰ বজাৰ কৰিছোঁ অজয়৷ আৰু শুনা তোমাক মই কোনোদিনে সেই দৃষ্টিৰে চোৱাই নাই৷ এটা শেষ কথা তোমাক কৈ যাওঁ, সময় বুজিছা, সময়! সময়ৰ কথাষাৰ সময়তে কৈ দিব লাগে, নহ’লে পিছত পস্তাই লাভ নাই৷ সময়ৰ কথাটো সময়ত নোকোৱা বাবে হয়তো কিমানে বুকুত কঢিয়াই ফুৰে হাঁহাকাৰৰ একুৰা জুই৷” তাৰপিছত তালৈ এবাৰ চাই খৰ খোজেৰে বাহিৰলৈ ওলাই আহিলোঁ! বাহিৰত কথা পাতি থকা মাম্পীৰ হাত এখনত ধৰি প্ৰায় টানি লৈ যোৱাৰ দৰে লৈ গৈ অট’ এখনত উঠি তাৰপৰা গুচি আহিলোঁ৷ ‘

প্ৰায় ৪০ বছৰৰ পাছত নোকোৱা কথাবোৰ কৈ মই ভাগৰি পৰিছিলোঁ৷ লাহে লাহে মাইনীৰ ওচৰৰপৰা আঁতৰি আহি মই মোৰ কোঠাত সোমাই দৰ্জা বন্ধ কৰি দিলোঁ৷

☆★☆★☆

3 Comments

  • ৰিণ্টু

    সুন্দৰ, ভাল লাগিল পঢ়ি

    Reply
  • সৌৰভ শৰ্মা

    সুন্দৰ👌🏾👌🏾👌🏾👌🏾👌🏾

    Reply
  • ৰাজশ্ৰী শৰ্মা

    ভাল লাগিল বা।

    Reply

Leave a Reply

Your email address will not be published.