ফটাঢোল

ভাষাৰ আঁৰৰ ভাষা – সঞ্জীৱ মজুমদাৰ

আদিম যুগত জুইৰ ওপৰত মানৱজাতিৰ নিয়ন্ত্ৰণ আৰু পৰৱৰ্তী সময়ত চকাৰ আৱিষ্কাৰে মানৱ সভ্যতাৰ সূচনা মেলিছিল। ইয়াৰ মাজতে মানৱজাতিৰ অতি উৎকৃষ্ট সংযোজন আছিল ভাষাৰ আৱিষ্কাৰ বা ব্যৱহাৰ, যিয়ে মানুহক অন্যান্য ইতৰ প্ৰাণীৰ পৰা পৃথক পৰিচিতি প্ৰদান কৰিছিল। ক্ষুধা নিবাৰণৰ বাবে চিকাৰৰ সময়ত কৰা হৰ্ষোল্লাস, বন্য জন্তুৰ হিংসাৰ পৰা পৰিত্ৰাণ পাবলৈ কৰা ভয়াৰ্ত চিৎকাৰ বা আকাৰে-ইংগিতে বিপদৰ আগজাননী দিবলৈ কৰা অংগ সঞ্চালন -এই সকলোবোৰ সামৰি কালক্ৰমত মানুহে কন্ঠস্বৰৰ দ্বাৰা শব্দৰ সৃষ্টি কৰি ইজনে-সিজনৰ স’তে মত বিনিময় কৰিবলৈ শিকিলে। প্ৰত্নতত্ব আৰু নৃতত্ব বিভাগৰ পৰা এতিয়ালৈকে পোৱা তথ্য অনুসৰি আধুনিক মানৱৰ উত্থান হৈছিল আজিৰ পৰা ৬০০০০ বছৰ আগতে বৰ্তমানৰ আফ্ৰিকা অঞ্চলত। কালক্ৰমত আফ্ৰিকাৰ পৰা বিভিন্ন দিশলৈ, সৰু সৰু গোট হিচাবে পৃথিৱীৰ বিভিন্ন অংশলৈ প্ৰব্ৰজন হোৱা মানুহবোৰৰ, ভিন ভিন ভৌগোলিক অৱস্থানত জলবায়ুৰ ভিন্নতাৰ বাবে দৈহিক অৱয়ব, আকাৰ, আকৃতি, বৰ্ণ, শাৰীৰিক গঠন, নাক আৰু চকু আদিৰ ভিন্নতাৰ সতে নিজাববীয়া ভাষাৰো বিকাশ হ’ব ধৰিলে।
আজিৰ তাৰিখত পৃথিৱীত মুঠ ৬৫০০ টা মূল ভাষা চালুকীয়া অৱস্থাত আছে। ইয়াৰে ২০০০ টা ভাষা ব্যৱহাৰ কৰা লোকৰ জনসংখ্যা ১০০০ জনতকৈয়ো কম। দক্ষিণ আফ্ৰিকাৰ ন্যু (NIuu) নামৰ ভাষা এটা মাত্ৰ তিনিজন ব্যক্তিয়ে ক’ব জানে। ইউনেস্কো’ৰ সমীক্ষা অনুযায়ী এই শতিকাৰ শেষলৈকে পৃথিৱীৰ পৰা মুঠ ৭০০০টা উপভাষা (dialect) লুপ্ত হৈ যাব।নৃতত্ব বিভাগৰ এক তত্ব অনুসৰি জনা যায় যে প্ৰতি আঠ কিলোমিটাৰৰ মূৰে মূৰে সামগ্ৰিক ভাবে গৃহীত একেটা ভাষাৰ মাজতো লক্ষণীয় ৰূপে তাৰতম্য দেখা যায়।

অসমৰ ইতিহাসে ঢুকি নোপোৱা সময়ৰ পৰা বসবাস কৰি অহা কেবাটাও জনগোষ্ঠীৰ, দুটা জনগোষ্ঠী হৈছে ৰাভা আৰু বড়ো জনগোষ্ঠী। দুয়োটা জনগোষ্ঠী বহু হাজাৰ বছৰ ধৰি ওচৰা-ওচৰিকৈ বসবাস কৰি থকাৰ পিচতো, দুয়োটা জনগোষ্ঠীৰ ভাষা সুকীয়া আৰু অধিকাংশ‌ শব্দই পৰস্পৰৰ বাবে অবোধ্য। একেদৰে নগালেণ্ডত নগাসকলৰ মাজত কেবাটাও ফৈদ আছে আৰু প্ৰত্যেকৰ নিজাববীয়া ৰীতি-নীতিৰ দৰে, নিজা দোৱানো আছে। অথচ এটা ফৈদৰ দোৱান, আন এটা ফৈদে বুজি নাপায় বাবে, পৰস্পৰৰ মাজত কথা পাতিবলৈ সংযোগী ভাষা হিচাবে নাগামিজ অথবা ইংৰাজীত কথা পাতিবলগীয়া হয়।

কথিত ভাষাৰ ভিন্নতাৰ বাবেই উজনি অসমৰ মানুহ এজনৰ বাবে, একে একে যেন লগা, নামনি অসমৰ (কামৰূপী) ভাষাটোৰ মাজতো গুৱাহাটী, বৰপেটা, নলবাৰী, দৰং, তেজপুৰ, গোৱালপাৰা অঞ্চলৰ মাজত ভাষাৰ পাৰ্থক্য দেখা যায়। নলবাৰী বা বৰপেটা আদি অঞ্চলৰ ভিতৰুৱা গাঁওসমূহৰ ভাষাৰ মাজতো, কিছুমান বিশেষ শব্দ প্ৰয়োগ তথা উচ্চাৰণশৈলীৰ বাবে ইখন গাঁৱৰ পৰা সিখন গাঁৱৰ ভাষাক ইমানেই স্পষ্টভাৱে পৃথক কৰে যে অলপ সময় কথা পতাৰ পিচতেই ইজনে-সিজনৰ গাঁৱৰ নাম ক’ব পাৰে।

একেদৰেই শিৱসাগৰ, যোৰহাট বা ডিব্ৰুগড়ৰ অসমীয়া ভাষাটোৰ কথন শৈলী বেলেগ বেলেগ। শিৱসাগৰৰ ভিতৰতো লাকুৱা বা গেলেকীৰ মানুহে কোৱা ভাষাত ষ্পষ্ট ব্যৱধান পৰিলক্ষিত হয়।
প্ৰতি আঠ কিলোমিটাৰৰ ভৌগোলিক ব্যৱধানে অনা ভাষাৰ পৰিৱৰ্তন ক্ৰমান্বয়ে বাঢ়ি গৈ এক নতুন ভাষাৰ সৃষ্টি কৰে। উদাহৰণস্বৰূপে গোৱালপৰীয়া ভাষাটো অসমীয়া আৰু বাংলা ভাষাৰ মিশ্ৰণ যেন লগাৰ কাৰণো এইটোৱেই। গোৱালপাৰা অঞ্চলৰ ভৌগোলিক অৱস্থানে বাংলা আৰু অসমীয়া ভাষাৰ অৱস্থান্তৰ এলেকা (transition area) হিচাবে অৱস্থান কৰিছে। অবিভক্ত গোৱালপাৰাৰ নিচেই ওচৰত অৱস্থিত জিলা ৰংপুৰ (বৰ্তমান বাংলাদেশ)। এই অঞ্চলৰ মানুহৰ ভাষা শুনিলে কোনোবা অসমীয়া মানুহে ভঙা-ভঙা বাংলা অথবা কোনোবা বঙালী মানুহে ভঙা-ভঙা অসমীয়া ভাষা কোৱা যেন লাগিব। বাংলাদেশৰ মৈমনচিং আৰু বৰিশাল জিলাত ব্যৱহৃত বাংলা ভাষাৰ কিছু শব্দৰ লগতে বাক্যৰ গাথঁনি আৰু উচ্চাৰণ অসমীয়াৰ দৰে। অসমৰ দৰে বাংলাদেশৰ বিভিন্ন জিলা সমূহৰ পৰস্পৰৰ কথিত ভাষাৰ মাজত ব্যাপক ব্যৱধান দেখিবলৈ পোৱা যায়। প্ৰত্যেক জিলাৰ কথিত ভাষাৰ বিবিধতাৰ মাজত অসমীয়া শব্দ আৰু লগতে উচ্চাৰণো দেখিবলৈ পোৱা যায়।

এই সাদৃশ্যৰ মূল কাৰণ, বাংলা আৰু অসমীয়া ভাষাত ব্যৱহৃত শব্দসমূহ প্ৰায় একেই। অন্যান্য ভাৰতীয় ভাষাৰ দৰে দুয়োটা ভাষা সংস্কৃত ভাষাৰ মূল ধাতুৰূপৰ পৰা বিকাশ হৈছে। সংস্কৃতৰ মূল ধাতুৰ পৰা উদ্ভৱ হোৱা শব্দসমূহ, আঞ্চলিক ভাষাত অকনো পৰিৱৰ্তন নোহোৱাকৈ ব্যৱহাৰ হ’লে সেই শব্দবোৰক তৎসম শব্দ বুলি কোৱা হয়, যেনে-সূৰ্য্য। আনহাতে সংস্কৃতমূলীয় শব্দক পৰিৱৰ্তিত ৰূপত ব্যৱহৃত বা উদ্ভৱ হোৱা শব্দক তৎভৱ শব্দ বুলি কোৱা হয়, যেনে -সূৰুয। সংস্কৃতৰ তৎসম আৰু তৎভৱ শব্দৰ বাহিৰে ভাষাৰ গাথঁনি সমূহৰ বাবে স্থানীয় কথনশৈলীৰ প্ৰভাৱৰ লগতে, ভৌগোলিক অৱস্থানে ভাষাসমূহক পৃথক কৰিছে। এইবাবেই চট্টগ্ৰামৰ (চিলেট) ভাষাটো বাংলা ভাষাৰ উপভাষা যদিও উচ্চাৰণৰ দিশটো চালে অসমীয়া ভাষাৰ নিকট যেনহে লাগে।

বৰ্তমান অসম আৰু পশ্চিমবঙ্গৰ সীমান্তৱৰ্তী জিলা কোকৰাঝাৰৰ পৰা আৰম্ভ কৰি গোঁসাইগাঁও, শ্ৰীৰামপুৰ, কোচবিহাৰ আদিৰ পৰা ক্ৰমান্বয়ে পশ্চিম বংগৰ আভ্যন্তৰীণ জিলাবিলাকলৈকে এই একেটা পৰিৱৰ্তন দেখিবলৈ পোৱা যায়। বাংলা ভাষাৰ কথিত আৰু লিখিত শুদ্ধৰূপটো চন্দননগৰ বা শান্তিপূৰ অঞ্চলতহে দেখা যায়। ঠিক একেদৰেই পশ্চিম বংগ আৰু বিহাৰ অথবা উৰিষ্যাৰ সীমান্তৱৰ্তী অঞ্চলতো একেদৰেই ভাষাৰ সাদৃশ্যৰ লগতে মসৃণ ভাবে ভাষাৰ অৱস্থান্তৰ (smooth transition) দেখিবলৈ পোৱা যায়।

আঠ কিলোমিটাৰৰ মূৰকত হোৱা ভাষাৰ পৰিৱৰ্তন, সাদৃশ্য আৰু অৱস্থান্তৰৰ দশাৰ ফলত, ভাৰতবৰ্ষৰ প্ৰতিটো ভাষাৰ মাজত কম-বেছি পৰিমাণে মিল দেখিবলৈ পোৱা যায়।বিহাৰ, উত্তৰ প্ৰদেশ, ৰাজস্থান, গুজৰাট, মহাৰাষ্ট্ৰলৈকে এই পৰিৱৰ্তনৰ প্ৰভাৱ দেখা পোৱা যায়। অসমৰ দৰেই গুজৰাটৰ বিভিন্ন অঞ্চলতো গুজৰাটী ভাষাৰ বেলেগ বেলেগ কথন আৰু উচ্চাৰণ শৈলী (accent) শুনিবলৈ পোৱা যায়। গুজৰাটীসকলে ভাত, কাপোৰ, বাচন আদি অসমীয়া যেন লগা শব্দ ব্যৱহাৰ কৰে। গুজৰাটৰ এখন জিলা চুৰাটৰ স্থানীয় মানুহবোৰে “স” আৰু “শ” ৰ উচ্চাৰণ অসমীয়া ভাষাত কৰাৰ দৰে দন্তীয় “স” আৰু তালব্য “শ” ৰ উচ্চাৰণৰ দৰেই কৰে। গুজৰাটী ভাষাত “স্যু” মানে হৈছে অসমীয়াত “কি”। ‌এই ‘স্যু’ শব্দটো গুজৰাটৰ বাকী অঞ্চলৰ বাসিন্দা সকলে হিন্দী বা বাংলাত কৰা ‘স’ (শ্ব) উচ্চাৰণ কৰে কিন্তু চুৰাটৰ স্থানীয় বাসিন্দা সকলে অসমীয়াৰ ‘সু’ বা ‘হু’ উচ্চাৰণ কৰে। যেনে ‘চুৰাট’ চহৰক তেখেতসকলে “হুৰাট” বুলি উচ্চাৰণ কৰে। উদাহৰণ স্বৰূপে “তুমি শোৱা” বা “তুমি শুই যোৱা” এই কথাষাৰ চুৰাটৰ গুজৰাটী মানুহ এজনে “তমে হুই যাৱো” বুলি ক’ব। উল্লেখযোগ্য যে বাংলাদেশস্থিত নোৱাখালী জিলাৰ মানুহেও, অসমীয়া ভাষাত কৰাৰ দৰে দন্তীয় “স” আৰু তালব্য “শ” ৰ উচ্চাৰণৰ দৰেই কৰে।

দক্ষিণ ভাৰতৰ দ্ৰাবিড়মূলীয় চাৰিটা ভাষা হৈছে মালায়ালম, তেলেগু, তামিল আৰু কান্নাড়া। আপাত দৃষ্টিত অসমৰ বা বেলেগ অঞ্চলৰ মানুহ এজনৰ বাবে এই ভাষা কেইটা নিতান্তই “মাদ্ৰাজী” ভাষা যেন লাগিলেও, এই চাৰিওটা ভাষাৰ পৃথক পৰিচিতি আছে। আজিৰ তাৰিখত চাৰিওটা ভাষাৰ পৃথক ব্যাকৰণ আৰু লিপি আছে। ভাষা গৱেষকসকলৰ মতে বহু বছৰ আগতে তামিল ভাষাৰ পৰা তেলেগু আৰু বহু পিচত মালায়ালম আৰু কান্নাড়া ভাষাই বেলেগ অঞ্চলত বিকশিত হৈ কালক্ৰমত চাৰিটা বেলেগ স্বকীয় ভাষাৰ ৰূপ ধাৰণ কৰে। এই চাৰিওটা ভাষাত, সংস্কৃত ভাষাৰ পয়োভৰ আছে যদিও, ভাষা চাৰিওটা বহু বছৰ আগতেই তামিল মূলৰ পৰা বিকশিত হোৱা বাবে ভাৰতৰ বাকী আঞ্চলিক ভাষাৰ সতে লক্ষণীয় মিল বহুত কম।

আঠকিলোমিটাৰৰ মূৰে মূৰে সলনি হোৱাৰ দৰে, ভাষা সময়ৰ স’তেও সলনি হয়। হয়তোবা আঠ বছৰৰ মূৰকত, এটা অঞ্চলত কোনো এটা ভাষাও সলনি হয়। সময়ৰ ব্যৱধানে ভাষা এটাক আন এটা ভাষাৰ পৰা পৃথক পৰিচয় দিব পাৰে। বায়ু-বতাহ, নদী, চৰাই আদিক যিদৰে মানুহে সৃষ্টি কৰা ভৌগোলিক মানচিত্ৰৰ সীমাৰেখাই আৱদ্ধ কৰি ৰাখিব নোৱাৰে, ঠিক একেদৰেই কোনো অঞ্চল বা দেশৰ সীমাৰেখাই ভাষাৰ গতিক ৰুদ্ধ কৰিব নোৱাৰে।

বৈদিক সংস্কৃতৰ প্ৰভাৱ কমি অহাৰ পিচত বৰ্তমানৰ অসম, বংগ, বিহাৰ আৰু উৰিষ্যা তথা উত্তৰ প্ৰদেশৰ পূৰ্বভাগত মাগধী প্ৰাকৃত ভাষাই গা-কৰি উঠে আৰু এই মাগধী প্ৰাকৃত ভাষাৰ পৰাই অসমীয়া, বাংলা, উৰিয়া আৰু মৈথিলী ভাষাৰ উৎপত্তি হয়। শেহতীয়া ভাৱে উন্মোচিত তথ্য অনুসৰি আনুমানিক প্ৰথম শতিকাত প্ৰচলিত তিৰহুটা বা মিথিলাক্ষৰ লিপিৰ সতে বৰ্তমানৰ অসমীয়া আৰু বাংলা লিপিৰ লগত সাদৃশ্য দেখা যায়। ইমানদিনে অসমীয়া লিপি গুপ্ত যুগৰ লিপি আৰু বাংলা ভাষাৰ লিপিসমূহ ব্ৰাহ্মী লিপিৰ পৰা উদ্ভূত বুলি দুটা তাত্বিক অৱধাৰণা চলি আছিল। অসমীয়া আৰু বাংলা ভাষাত মাত্ৰ দুটা বৰ্ণৰ মিল নাই, “ৰ” আৰু “ৱ”। বাকী ৪৪ টা আখৰ একে হোৱাৰ পাছতো দুয়োটা ভাষিক গোষ্ঠীৰ মাজত অৰিয়া-অৰিৰ শেষ নাই।

আমাৰ সমাজত প্ৰচলিত ডাকৰ বচন বা খনাৰ বচনসমূহ প্ৰায় অষ্টম শতিকাৰ সৃষ্টি বুলি বিশেষজ্ঞ সকলে অনুমান কৰিছে। আধুনিক সময়ৰ পণ্ডিত সকলে এইয়া বাংলা বা অসমীয়া ভাষাৰ সৃষ্টি বুলি দাবী কৰাৰ মূলতেই হৈছে অসমীয়া আৰু বাংলা ভাষাৰ সাংঘাতিক নৈকট্য আৰু মিল। একেদৰেই ৮ম শতিকাৰ পৰা ১২শ শতিকাৰ ভিতৰত লিখা বৌদ্ধ ধৰ্মালম্বী পণ্ডিত সকলে লিখা “চৰ্য্যাপদ” বা “ছায়াগীতি” নামৰ এক ৰহস্যময় কবিতাবোৰৰ ভাষাক অবহট্ট/অপশব্দ/অপভ্ৰংশ বুলি কোৱা হয়। অবহট্ট/অপশব্দ/অপভ্ৰংশৰ অৰ্থ হৈছে সংস্কৃত ভাষাৰ অশুদ্ধ ৰূপ। অবহট্ট/অপশব্দ/অপভ্ৰংশ সতে বৰ্তমান সময়ৰ অসমীয়া, বাংলা, উৰিয়া, হিন্দী আনকি গুজৰাটী ভাষাৰ লগত সাদৃশ্য থকাটোৱে এই ভাষাসমূহ এটা মূল ভাষাৰ পৰা হোৱা অৱস্থান্তৰ (transition) দশাক নুসূচায় নে?

অতীজৰে পৰা প্ৰাচীন কামৰূপলৈ বিভিন্ন সময়ত প্ৰধানকৈ উত্তৰ-পূৱ ভাৰতৰ পৰা হোৱা প্ৰব্ৰজনৰ বাবেই অসমীয়া ভাষাটো মূলত: আৰ্যমূলীয় ভাষা। কিন্তু অসমৰ মূল জনবসতিৰ ভাষা, ইণ্ডো-তিব্বতীয় তথা ইণ্ডো-চৈনিক হোৱা বাবে, এই ভাষা সমূহৰ পৰা বুজনসংখ্যক শব্দৰ সংযোজন আৰু স্থানীয় গোষ্ঠীসমূহৰ উচ্চাৰণৰ প্ৰভাৱে ভাষাটোক অন্যান্য সংস্কৃতমূলীয় ভাষাতকৈ কিছু সুকীয়া পৰিচিতি প্ৰদান কৰিছে। ভাষাৰ বিবিধতা মানৱ জনজীৱনৰ অঙ্গ, এই বিবিধতা সময়ৰ এক অৱদান। আমাৰ সমাজখন এনেকুৱা এক অৱস্থালৈ আহি পৰিছে যে আমি চবেই কৰিণা কাপুৰৰ পূতেক, দেউতাক, ককাক, আজোককাকে ধৰি সাত পুৰুষৰ নাম সলসলীয়াকৈ ক’ব পাৰোঁ। অথচ নিজৰ সাতপুৰুষ দূৰৈৰ কথা, আপোন ককাদেউতাৰ নামটোও আমি ভালদৰে মনত পেলাব নোৱাৰোঁ। আমি আমাৰ ইতিহাস নাজানো, জানিব নিবিচাৰো সেইবাবে ভাষা, গোষ্ঠী, জাতিৰ প্ৰতি দ্বেষভাৱ মন আৰু মগজুত ৰাখি নিজৰেই ক্ষতি কৰি থাকোঁ। সকলো মাতৃভাষাৰ মাতৃ, সংস্কৃত ভাষাক লৈ আমি গৌৰৱ কৰা উচিত। এই ভাষাত পৃথিৱীৰ সবাতোকৈ পুৰণি গ্ৰন্থ বেদৰ ৰচনা হৈছিল, সৰ্বকালৰ এক লাখ শ্লোকযুক্ত, দীৰ্ঘতম কবিতাপূথি মহাভাৰত এই ভাষাত ৰচিত হৈছিল। সংস্কৃত প্ৰাচীনতম, শুৱলা, কাব্যিক আৰু বিজ্ঞানসন্মত ব্যাকৰণৰ ভাষা। সংস্কৃতৰ প্ৰভাৱ পৃথিৱীৰ অন্যতম প্ৰাচীন ভাষা গ্ৰীক আৰু লেটিন ভাষাতো পৰিছিল আৰু কালক্ৰমত ইংৰাজী ভাষাত বহুতো সংস্কৃত শব্দ দেখিবলৈ পোৱা যায়। উদাহৰণ স্বৰূপে, মাতা-মাদাৰ, ভ্ৰাতা-ব্ৰাদাৰ, সম-চেইম, দ্বাৰ-দ্বোৰ, মূষ-মাউচ, জ্যামিতি-জিওমিট্ৰী, বৰ্বৰ-বাৰ্বাৰ দশ-ডেকা, অষ্ট-অক্টাগ’ণ, ত্ৰিকোনমিতি-ত্ৰিগণ’মিট্ৰী ইত্যাদি। সংস্কৃত ভাষাৰ জ্ঞানৰ বিশালতা আৰু গভীৰতা অনুধাৱন কৰিবলৈ সংস্কৃতত ব্যৱহৃত একেটা শব্দৰ বহুতো পৰ্যায়বাচী (একে অৰ্থসম্পন্ন) শব্দবোৰলৈ মন কৰক। সংস্কৃত ভাষাত সূৰ্য্যৰ প্ৰতিটো প্ৰহৰৰ স’তে জড়িত তথা অৰ্থাৱহ নামসমূহ জানিলে মন-প্ৰাণ পুলকিত হৈ পৰে। প্ৰথম প্ৰহৰৰ উদিত সূৰ্য্যক আদিত্য, দ্বিতীয় প্ৰহৰৰ সূৰ্য্যক দিবাকৰ, ভৰ দূপৰীয়াৰ সূৰ্য্যক ভাস্কৰ তথা সৰ্বোচ্চ তাপমানৰ বাবে তপন, আবেলিৰ সূৰ্য্যক প্ৰভাকৰ আৰু অস্তগামী সূৰুযক ৰবি বুলি কোৱা হয়। সূৰ্য্যৰ এশ আঠটা নাম থকাৰ দৰে শ্ৰীকৃষ্ণ, মহাদেৱ, হনুমানৰ আদি কৰি বহুতো দেৱ-দেৱতাৰ এশ আঠটা অৰ্থপূৰ্ণ নাম বা শব্দ সংস্কৃতৰ দৰে ভাষাতহে অকল সম্ভৱ। আমাৰ ভাষাত থকা মামা-মামী, খুড়া-খুৰী, পেহা-পেহী, মহা-মাহী, জেঠা-জেঠী আদি ভিন্ন সম্বোধনেৰে সমৃদ্ধ সম্বন্ধ সমূহক, ‘আংকল’ আৰু ‘আন্টী’ৰে সামৰি থোৱা কথাটোৱে ইংৰাজী ভাষাৰ দৈন্যতাকহে মাথোঁ প্ৰতিফলিত কৰে।

ষষ্ঠ শতিকাৰ পৰা একাদশ শতিকাৰ এই কালছোৱাত উত্তৰ ভাৰতৰ পঞ্জাৱ, ৰাজস্থান আৰু সিন্ধু প্ৰদেশৰ পৰা কিছুমান যাযাবৰ সম্প্ৰদায়ৰ মানুহ মধ্য এছিয়া, ইউৰোপ, আমেৰিকা, ৰাছিয়া, লেটিন আমেৰিকালৈ ব্যাপক ভাৱে প্ৰব্ৰজিত হৈছিল। এই জাতিটোৰ নাম হৈছে ৰোমা বা ৰোমানী। গোটেই পৃথিৱীত প্ৰায় চল্লিছখন দেশত বৰ্তমান এই ৰোমানী জাতিৰ জনসংখ্যা প্ৰায় দুই কৌটি। শেহতীয়াভাৱে ভাষিক তত্ব (linguistic theory) আৰু কিছুলোকৰ ওপৰত ডিএন‌এ পৰীক্ষা কৰি নিশ্চিত হোৱা গৈছে যে এই লোকসকলৰ ভাষা ইণ্ডো-আৰ্য্য পৰিয়ালৰ আৰু বংশগতিৰ ফালৰ পৰা ভাৰতীয় মূলৰ বুলি! এই ৰোমানীসকল দ্বিভাষিক, নিজ নিজ দেশৰ ৰাষ্ট্ৰভাষাৰ উপৰিও নিজৰ মাজত ৰোমানী ভাষাত কথা পাতে। অৱশ্যে সৌ সিদিনালৈকে যাযাবৰী জীৱন কটোৱা এই ৰোমানীসকলৰ নিজা লিপি বা বৰ্ণ নাই। ৰোমানীসকলৰ ভাষা সংস্কৃত বা ভাৰতীয় মূলৰ ভাষাৰ সতে সাদৃশ্য মন কৰিবলগীয়া। এইভাষাত ব্যৱহাৰ হোৱা শব্দ মন কৰক – এক, দুই, তৃন, ষ্টাৰ…, লোণ, চোৰ, ছুৰী, দিৱস, সাপ, শাৰদ, গাৱঁ, পানী, বৰ, আঁখ, চুমা, কাণ, নাক আদি কৰি প্ৰায় দুহেজাৰ ভাৰতীয় মূলৰ শব্দ বুলি চিনাক্ত কৰা হৈছে। উনৈশ শতিকাৰ শেষ ভাগলৈকৈ ভিন ভিন দেশত অশেষ যন্ত্ৰণা তথা অকথ্য দুৰ্দশাৰ সন্মুখীন হোৱা ৰোমানীসকলৰ জীৱনলৈ, কিছু সুচলাৱস্থা অহাৰ ফলশ্ৰুতি স্বৰূপে, কুৰি শতিকাত বহুতো ৰোমানী লোকে বিভিন্ন দেশত ৰাজনীতি, সাহিত্য, কলা, সংস্কৃতি, ফুটবল, চলচিত্ৰ আদি ক্ষেত্ৰত সুনাম অৰ্জন কৰিছে। সৰ্বকালৰ জনপ্ৰিয় অভিনেতা আৰু পৰিচালক চাৰ্লি চ্যাপলিন এই ৰোমানী সম্প্ৰদায়ৰ মানুহ।

ভাষা বনাম শাৰিৰীক অভিব্যক্তি:

ভাষাৰ অৱস্থান্তৰে মানৱ জাতিৰ ভাষাক ভিন্নতা প্ৰদান কৰিলেও মানুহৰ হাঁহি-কান্দোন, সুখ, দুখ, হৰ্ষ-বিষাদৰ বুনিয়াদী ভাষাৰ কোনো পৰিৱৰ্তন নহ’ল, একেই থাকিল। হিংসা, দ্বেষ, অহংকাৰ আদিৰ ভাষাৰ লগতে দেহৰ ভাষাৰো (body language) বিশ্বব্যাপী কোনো পৰিৱৰ্তন নহ’ল। এমোকোৰা হাঁহি হৈছে বিশ্বজনীন এক কাৰ্যকৰী আৰু ফলপ্ৰসূ ভাষা, যিটো বুজিবলৈ কাৰো অকণো অসুবিধা নহয়। হাঁহি হৈছে হৃদয়ক প্ৰতিফলিত কৰিবলৈ সক্ষম, এক অনবদ্য ভাষা, যিয়ে সকলোৰে হৃদয় জয় কৰিব পাৰে। প্ৰকৃততে হাঁহিৰ দৰেই মৰম, কৰুণা, দয়া এই মানৱীয় গুণবোৰো একপ্ৰকাৰৰ ভাষা, যিটো নেকি অন্ধ মানুহ এজনে দেখা পায় আৰু ক’লা মানুহ এজনেও শুনা পায়।

ভাষাৰ অসাংবিধানিক ৰূপ:

সাধাৰণভাৱে মত বিনিময় কৰা ভাষাৰ সমান্তৰালকৈ আৰু কিছু অস্থায়ী ভাষা সাঙুৰি নললে বিষয়টো আধৰুৱা হৈ ৰ’ব। কিছু ভাষা আছে যিবোৰ ক্ষণস্থায়ী তথা সাময়িক যদিও এই ভাষাবোৰে একো একোটা প্ৰজন্মক প্ৰতিনিধিত্ব কৰে। যৌৱন কালত, স্কুল কলেজত থকা সময়ছোৱাত, বয়স্থ সকলে নুবুজাকৈ কিছুমান শব্দ, বাক্য বা কিছু কথা ক’বলৈ চেষ্টা কৰোঁতে, অন্য এক ভাষাৰ সৃষ্টি হৈ পৰে। এই ধৰণৰ ভাষাবোৰ সময়ে সময়ে সৃষ্টি হয় আৰু নতুন প্ৰজন্মৰ আগমণৰ লগতে তথা সময়ৰ সোঁতত নিশেষ হৈ যায়।
আশীৰ দশকত আমাৰ বাইদেউহতে “চি” লগাই ভাষা এটা কৈছিল। শব্দ এটাৰ প্ৰতিটো বৰ্ণৰ আগত ‘চি’ লগাই কয়, যেনে – চিফ চিটা চিঢো চিল, অৰ্থাৎ ফটাঢোল। কলেজত থকা সময়ত এটা শৈলী আছিল শব্দটোক প্ৰত্যক্ষ ভাৱে ওলোটাই দিয়া, যেনে লীৱাছো (ছোৱালী), জলেক (কলেজ) মনা (নাম) ইত্যাদি।
আন এটা ফৰ্মূলা আছিল প্ৰথম বৰ্ণটো শেষলৈ স্থানান্তৰ কৰি, বাকী অংশ একে ৰখা যেনে, ৱোলীছো্ (ছোৱালী) লেজক্ (কলেজ) নীয়াধু (ধুনীয়া) ইত্যাদি।

এটা শৈলী আছিল কিছুমান নতুন শব্দৰ সৃষ্টি যেনে ছোৱালীক সকলোৱে বুজি পোৱা গুপ্ত (?) শব্দ ‘মাল’ বুলি নকৈ ‘দুগুনী’ বুলি কোৱা হৈছিল। এতিয়াৰ জনপ্ৰিয় শব্দ ‘টেঙা’ বা ‘বেঙেনা’ দিয়াটোক সেইসময়ত ‘ঠাছি’ দিয়া বুলি কোৱা হৈছিল।
আভিধানিক অৰ্থৰ পৰা আতঁৰি বেলেগ অৰ্থ প্ৰকাশ কৰা এটা বা দুটা শব্দ যেনে “বেয়া বস্তু” বুলি ক’লে, অসাধাৰণ বা দক্ষতাৰ প্ৰশংসাহে বুজোৱা হয়।
কিছু শব্দ “চেণী” খোৱা বা “চেণীৰাম” “কাতি খোৱা” আদি শব্দবোৰ আমাৰ কলেজীয়া জীৱনৰ আৰম্ভণিতেই পাইছিলো। অকণো সলনি নোহোৱাকৈ দীৰ্ঘসময় জুৰি ব্যৱহৃত এইবোৰ গুপ্ত শব্দ‌ই অৱশ্যে এতিয়াও দপদপাই আছে।
গুপ্ত ভাষাৰ সমান্তৰাল ভাৱে কিছুমান শব্দ, বাক্যাংশ বা বাক্য‌ইও কিছু সময় ধৰি বিশেষ কিছুমান অঞ্চলত জনপ্ৰিয় হৈ পৰে।
আশী আৰু নব্বৈৰ দশকত নামনি অসমত জনপ্ৰিয় বাক্যাংশ আছিল, “হে দালি, দিয়া ঢালি”, “দালি পাইনা হ’বা পাৰে, তাৰ স্বাদ আছে”, “বেলেগ দছেৰা, লংপেন ছছেৰা” ইত্যাদি।
একেদৰে উজনি অসমত জনপ্ৰিয় হৈছিল,”দেৰিহে হৈছে”, “ঘৰত ভাল নে?” ইত্যাদি।
ইমানবোৰ ভাষাৰ ভিতৰত চকুৰ ভাষা, আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু শক্তিশালী, কাৰণ ই মনৰ ভিতৰখনকো দৃশ্যমান কৰি তুলিব পাৰে। চকুৰ এক সামান্য অভিব্যক্তিৰ ফলত মহৎ প্ৰেম তথা কৰুণতম প্ৰেমৰ পৰিণতি হ’ব পাৰে। চকুৰ এক ভ্ৰুকুটিয়ে কাৰোবাৰ মনত হেজাৰজনী কপৌৰ গোঁজৰণি অথবা সাত সাগৰৰ হিল্লোল তুলিব পাৰে। তীৰ্য্যক এক চাৱনিয়ে, কাৰোবাৰ কলিজা থানবানো কৰে। চকুৰ ভাষাৰ আন এটা বিশেষত্বৰ ওপৰত চৰ্চা নকৰিলে এই লিখনিটো আধৰুৱা হৈ ৰ’ব, লগতে নাৰীবিদ্বেষৰ ষোলকলাও পূৰ্ণ নহ’ব। নিৰ্যাতিত পতি সংস্থাৰ মুখপাত্ৰ এজনৰ মতে বিশ্বৰ আটাইতকৈ কাৰ্যকৰী আৰু ক্ষিপ্ৰতম যোগাযোগৰ ক্ষমতাসম্পন্ন ভাষা হৈছে পত্নীৰ চকুৰ ভাষা। পত্নীৰ সাধাৰণ এক চকুৰ চাৱনিত, পতিক এখন বিশ্বকোষৰ সমান তথ্য আগবঢ়াব পৰা ক্ষমতা থাকে ।
মানুহৰ জীৱন ক্ষণস্থায়ী আৰু অনন্তকালৰ পৰা প্ৰৱাহমান সময়ৰ সোঁতত, এসাগৰ পানীৰ মাজত এক বিন্দু পানীৰ কণিকা সদৃশ। এটা বৃহৎ আকাৰৰ বৃত্ত এটাৰ পৰিধিৰ পৰা কাটি উলিয়াই অনা এটুকুৰা চাপ যিদৰে সদায়েই সৰলৰৈখিক, ঠিক তেনেদৰেই আমি জীয়াই থকা সময়চোৱা, যাক আমাৰ জীৱন বুলি ক‌ওঁ, এই সময়চোৱা সেই সৰল ৰেখাৰ এটা ক্ষুদ্ৰতম বিন্দুহে মাথোন। আমাৰ জীৱন‌ৰ সূত্ৰ একেডাল ৰেখাতেই গাঁথা আছে সেয়ে ভাষা, জাতি, ধৰ্ম্মৰ ভেদাভেদ নাৰাখি মানুহ হিচাবে জীয়াই থকাৰ চেষ্টা কৰিব লাগিব।

☆★☆★☆

Leave a Reply

Your email address will not be published.