ফটাঢোল

ভাষাৰ বিলুপ্তি, অস্তিত্বৰ সংকট – ডঃ খগেশ সেন ডেকা

(২১ ফেব্ৰুৱাৰীৰ অনুভৱ)

—————————————–

অষ্ট্ৰেলিয়াৰ বিশিষ্ট ভাষাতত্ত্ববিদ খ্ৰীষ্ট’ফাৰ ম’ছেলৰ তত্ত্বাৱধানত ইউনেস্ক’ই ভাষাৰ বিলুপ্তি সম্বন্ধে যি অধ্যয়ন চলাইছিল তাত দেখা গৈছিল যে, বিশ্বৰ সৰ্বমুঠ ৭৩৫৮টা ভাষাৰ ভিতৰত ইতিমধ্যে ৪৪৬টা ভাষাৰ মৃত্যু ঘটিছে৷ বাকী ৬৯১২টা ভাষাৰ ২৫০০টা সংকটাপন্ন৷ অৱশ্যে এই সংখ্যাৰ তাৰতম্য হ’ব পাৰে৷ কাৰণ, কেতবোৰ দুৰ্গম অঞ্চলত চলি থকা ভাষা বা ভাষাসমূহৰ তথ্য এতিয়াও উদ্ধাৰ হ’বলৈ বাকী৷

অষ্ট্ৰেলিয়া মহাদেশৰ নিজা জৰীপ অনুসাৰে সেই মহাদেশৰ ২৫০টাতকৈয়ো অধিক থলুৱা ভাষাৰ এতিয়া ১৪৫টা মাত্ৰ বৰ্তি আছে৷ তাৰো ১১০টা গুৰুতৰভাৱে সংকটগ্ৰস্ত৷ যিকেইটা বৰ্তি আছে তাৰো মাত্ৰ ১৮টা ভাষাহে বিপদমুক্ত৷

ভাৰতবৰ্ষত কথিত মুঠ ১৩৫২টা ভাষাৰ সৰহভাগেই এতিয়া বিপদগ্ৰস্ত৷ অন্য শক্তিশালী ভাষাৰ কৰাল গ্ৰাসত পৰি আপেক্ষিকভাৱে দুৰ্বল ভাষাবোৰে বিশেষকৈ জনজাতীয় ভাষাবোৰে বিলুপ্তিৰ ক্ষণ গণিবলগীয়া হৈছে। ভূ-গোলকীকৰণ বা বিশ্বায়ন তথা অৰ্থনৈতিক উদাৰীকৰণ ইয়াৰ মূল কাৰণ৷ উপনিৱেশৰ কবলত পৰি আফ্ৰিকাৰ সৰহভাগ ভাষাৰ অপমৃত্যু ঘটিল৷ ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য ভাষাৰ কথা বাদেই প্ৰায় ডেৰ হাজাৰ বছৰীয়া সুদীৰ্ঘ কালৰ লিখিত ঐতিহ্যেৰে মহিমামণ্ডিত অসমীয়া ভাষালৈকো এতিয়া ভাবুকি আহিছে। আজিৰ প্ৰজন্মই ভাষাটোৰ কালিকা সমূলি পাহৰি গৈছে৷ খণ্ডবাক্য, জতুৱা ঠাঁচ, প্ৰৱাদ-প্ৰবচন, ফকৰা-যোজোনা এতিয়া প্ৰায় পাহৰণিৰ গৰ্ভত৷ সেইবোৰ ক’ত কেনেদৰে প্ৰয়োগ কৰিব লাগে আজিৰ প্ৰজন্মই প্ৰায় পাহৰি গৈছে৷ লোক সংস্কৃতিবিদ এলান ডাণ্ডেছে উল্লেখ কৰা মতে, আফ্ৰিকাৰ জনৈক ইড’ ভাষী যুৱকক হেনো সোধা হৈছিল— তেওঁ নিজৰ ভাষাৰ প্ৰৱাদ-প্ৰবচন, ফকৰা আদি জানেনে বুলি৷ যুৱকজনে উত্তৰত কৈছিল যে তেওঁ জানে, কিন্তু সেইবোৰ ক’ত, কেতিয়া, কি অৰ্থত, কিদৰে প্ৰয়োগ কৰিব লাগে নাজানে৷ আমাৰ অৱস্থাও লাহে লাহে যেন তেনে এক পৰ্যায়লৈকে গৈ আছে।

মনত ৰখা ভাল যে, একোটাহঁত জনগোষ্ঠীৰ নিজৰ ভাষা-সংস্কৃতি সেই জনগোষ্ঠীটোৰ দুৰ্ভেদ্য বৰ্ম সদৃশ৷ তাৰ দ্বাৰা বাহিৰৰ বণিক গোষ্ঠীয়ে জাপি দিয়া অপতৃণবোৰৰ পৰা নিজক ৰক্ষা কৰিব পাৰি৷ শেহতীয়াভাৱে প্ৰাচ্যতত্ত্বৰ প্ৰবক্তা এডোৱাৰ্ড ছেইডে সেইবাবেই মানুহক নিজৰ স্বকীয়ত্ব বুজিবলৈ আৰু কোনো বিশেষ শক্তিৰ দাস নহ’বলৈ সকীয়াই দিছে৷ সাম্ৰাজ্যবাদী শক্তিসমূহক মাত্ৰ পণ্য দ্ৰৱ্য বিকিবলৈ বজাৰৰ প্ৰয়োজন৷ ভাষাৰ স্থান তাত গৌণ৷ মানুহে কিবা প্ৰকাৰে আখৰকেইটা চিনি পণ্য সামগ্ৰীৰ নাম পঢ়িব পাৰিলেই হ’ল৷ সেইবোৰৰ গুণাগুণ বুজিবৰ বাবে মানুহ উচ্চ শিক্ষা, নিজ ভাষাৰ জ্ঞানৰ কোনো আৱশ্যক নাই৷ আমি যেন লাহে লাহে সেই শক্তিসমূহে পতা জালত ক’ব নোৱৰাকৈয়ে আবদ্ধ হৈ পৰিছোঁ৷

ভাষা একোটাৰ বিলুপ্তিৰ প্ৰথম ঢাপটো আৰম্ভ হয় তাৰ বৈয়াকৰণিক বিকৃতিৰে। অসমীয়া ভাষাত সেই লক্ষণ ইতিমধ্যে পৰিস্ফূট হৈছে। লিখিত ৰূপটোত বানানৰ বাহিৰে অন্য কোনো বিশেষ বিকৃতি দেখা নগ’লেও, কথিত ৰূপটোত, বিশেষকৈ কিছু সংখ্যক শিক্ষিত লোকৰ কথন-ভংগীত তাৰ প্ৰভাৱ সৰ্বগ্ৰাসী ৰূপত দেখা গৈছে। আমাৰ আইৰ মুখৰ ভাষাৰ প্ৰকৃত ৰূপটো যেন ক’ৰবাত হেৰাই যাবলৈ আৰম্ভ কৰিছে। ভাষাটোৰ জতুৱা ৰূপটো আমি যেন পাহৰি গৈছোঁ। আমাৰ সুৱদী-সুৰীয়া ভাষাটোৰ অনন্য সম্পদ হৈছে গাঁৱৰ ককা-আইতাহঁতৰ মুখত আখৈ ফুটাদি ফুটা প্ৰৱাদ-প্ৰৱচন, খণ্ডবাক্য, জতুৱা প্ৰয়োগবোৰ। এটা উদাহৰণ দিয়াৰ লোভ সামৰিব নোৱাৰিলোঁ। এদিন এগৰাকী বুঢ়ী মানুহে এজনী ছোৱালীৰ পিন্ধি থকা কাপোৰ সাজক উপলক্ষ্য কৰি কোৱা শুনিছিলোঁ‌—

“এ আই, তইনো এই সাজ কি কাপোৰ পিন্ধিছ, একেবাৰে দিখৌ মুখলৈকে দেখি৷”

নক’লেও চলে, কথাষাৰৰ ‘দিখৌ মুখলৈকে দেখি’ অংশটোৱে পাতল কাপোৰ এসাজক বুজাইছে৷ কিন্তু তাকে নকৈ ‘দিখৌ মুখলৈকে দেখি’ বুলি কোৱাত বক্তব্যৰ প্ৰকাশিকা শক্তি কিমান বৃদ্ধি পাইছে সেয়া অনুধাৱন কৰিবলগীয়া৷ দুখৰ কথা, সদ্যহতে আমি আমাৰ ভাষাৰ এই গুণ পাহৰিবলৈ আৰম্ভ কৰিছোঁ৷

জগতৰ প্ৰতিটো ভাষাৰে বৈয়াকৰণিক গঢ় সুকীয়া৷ ভাষা একোটাৰ স্বকীয়ত্ব এই বৈয়াকৰণিক গঢ়টোৰ মাজতে নিহিত হৈ থাকে৷ অসমীয়া ভাষাও তাৰ ব্যতিক্ৰম নহয়৷ উদাহৰণ স্বৰূপে অসমীয়া ভাষাত সম্বন্ধবাচক বিশেষ্যত পুৰুষ অনুসাৰে কেতবোৰ সৰ্গ লগ লাগে৷ মোৰ/আমাৰ মা, তোৰ/তহঁতৰ মাৰ, তোমাৰ/তোমালোকৰ মাৰা, আপোনাৰ/আপোনালোকৰ মাক, তাৰ/তাইৰ/সিহঁতৰ মাক আদি তাৰ উদাহৰণ৷ তেনেদৰে প্ৰতি, অভিমুখ, নিমিত্ত আদি অৰ্থত অসমীয়াত লৈ/অলৈ বিভক্তি যোগ হয়৷ যেনে—গুৱাহাটীলৈ, দিল্লীলৈ ইত্যাদি৷ দুখৰ বিষয় অসমীয়া ভাষীয়ে আন ভাষাৰ প্ৰভাৱত নিজৰ ভাষাটোৰ এই খাচ বিশেষত্ববোৰ পাহৰি গৈছে৷ আজিকালি ছাত্ৰ-ছাত্ৰী স্কুল যায়, কলেজ যায়; ডাঙৰ ডাঙৰ মানুহবোৰ দিল্লী যায়, আমেৰিকা যায় ইত্যাদি ইত্যাদি৷ পিছে য’লৈকে যাওক লগত লৈ/অলৈ বিভক্তিটো লৈ গ’লেহে অসমীয়া ভাষাৰ মৰ্যাদা ৰক্ষা পৰিব৷

অসমীয়া বাক্যৰ সাঁচত ক্ৰিয়াপদ আৱশ্যিক নহয়৷ যেনে—

‘মোৰ নাম লক্ষ্মণ’,

‘মোৰ ঘৰ গুৱাহাটীত’৷

কিন্তু হিন্দীৰ কৰাল গ্ৰাসত পৰি আজিকালি অসমীয়ায়ো সকলোতে হয় হয় কৰি থাকে৷

‘মোৰ নাম লক্ষ্মণ হয়’,

‘মোৰ ঘৰ গুৱাহাটীত হয়’ ইত্যাদি৷ আকৌ প্ৰতিটো বাক্যতে চ’, ত, কেনে/কিনে লগ লগোৱাটো এতিয়াৰ অসমীয়া কথন ভংগীৰ আন এক ফেশ্যন৷

উদাহৰণ বঢ়াই যাব পাৰি৷ কিন্তু সি সমস্যাৰ সমাধানত একো প্ৰকাৰেও সহায় নকৰে৷ সমাধান কৰিব ভাষাটো প্ৰয়োগ কৰি থকা সমাজখনৰ সজাগতাই৷

আলাস্কা বিশ্ববিদ্যালয়ৰ ‘নেটিভ লেংগুৱেজ চেণ্টাৰ’ৰ একালৰ সঞ্চালক মাইকেল ক্ৰাউছৰ মতেও পৃথিৱী জুৰি কথিত প্ৰায় সাত হাজাৰ ভাষাৰ মাজত মাত্ৰ তিনিশমান ভাষাহে সংকটমুক্ত৷ তেওঁ আৰু অনুমান কৰিছে যে একবিংশ শতিকাৰ অন্তিম ক্ষণলৈ নব্বৈৰ পৰা পচনব্বৈ শতাংশ ভাষা পৃথিৱীৰ বুকুৰ পৰা চিৰকাললৈ নাইকিয়া হৈ যাব।

একালত উত্তৰ-পূৰ্বাঞ্চলৰ সংযোগী ভাষা আছিল অসমীয়া। ‘নাগামিজ’, ‘নেফামিজ’ আদি ভাষা অসমীয়া ভাষাক কেন্দ্ৰ কৰিয়ে গঢ় লৈ উঠিছিল৷ এতিয়া কিন্তু অসমীয়া ভাষাৰ সেই বিস্তৃতি বহু পৰিমাণে কমি গৈছে৷ তাৰ ঠাইত সেই সেই অঞ্চলৰ নিজা ভাষাৰ পৰিসৰ বৃদ্ধি হোৱা হ’লে নিশ্চয়কৈ সুখৰ বিষয় হ’লহেঁতেন। কিন্তু পৰিতাপৰ কথা সেই ঠাই লৈছে হিন্দীয়ে৷ অৰুণাচল, মেঘালয়, মণিপুৰ আদিলৈ গ’লে এতিয়া হিন্দী ভাষাৰেহে কাম চলাবলগীয়া হয়৷

ভাষাৰ বিলুপ্তি একে দিনাই নাহে৷ ই আহে গোপন ব্যাধিৰ দৰে। যেতিয়া প্ৰকট হয়, তেতিয়া আৰু চিকিৎসাৰ সকলো সম্ভাৱনা নাইকিয়া হয়৷ এটা ভৌগোলিক পৰিৱেষ্টনত কথিত ভাষাটো যেতিয়া কণ কণ ল’ৰা-ছোৱালীয়ে ক’বলৈ এৰে, তেতিয়াই বুজিব লাগিব যে সেই ভাষাক বিলুপ্তিৰ দুৰাৰোগ্য গোপন ব্যাধিয়ে লগ দিছে। গ্ৰামাঞ্চলৰ কথা বাদ দি অসমৰ চহৰবোৰৰ কণ কণ শিশু, কিশোৰৰ মুখৰ ভাষা বিশুদ্ধ অসমীয়াৰ পৰিৱৰ্তে খুব সন্তৰ্পণে হিন্দী-ইংৰাজী মিহলি এক মিশ্ৰিত ৰূপলৈ পৰ্যবসিত হ’বলৈ লোৱা দেখা গৈছে৷ তেওঁলোকে অসমীয়া ক’লেও উচ্চাৰণত মাতৃভাষাৰ খাচ বিশেষত্ব যেন ফুটি নুঠে। কোনোবাই ক’ব পাৰে—ভাষা মনৰ ভাব প্ৰকাশৰ মাধ্যম৷ গতিকে বক্তাৰ মনৰ ভাব শ্ৰোতাই বুজিলেই হ’ল। উপৰুৱাকৈ চালে কথাটো হয়৷ কিন্তু গভীৰ অন্তৰ্দৃষ্টিৰে পৰ্যবেক্ষণ কৰিলে দেখা যায়, ভাষাৰ মৃত্যুৱে একোটা জাতিৰ স্বকীয়ত্ব বিনষ্ট কৰে, জাতিটোক বিজতৰীয়া কৰে৷ কাৰণ অৱশেষ বিচাৰত ভাষাই হ’ল জাতি বিশেষৰ সংস্কৃতিৰ সংৰক্ষক৷ ভাষাৰ মৃত্যু মানে সেই ভাষা কোৱা জাতিটোৰ মৃত্যু৷ সৌভাগ্যৰ বিষয় অসমীয়া ভাষা ইউনেস্ক’-এ চিহ্নিত কৰা সংকটাপন্ন ভাষাৰ তালিকাত এতিয়াও সোমোৱা নাই৷ অৱশ্যে অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰায় সকলোবোৰ ভাষা সেই তালিকাৰ অন্তৰ্ভুক্ত হৈছে৷ তাৰে কোনোবাটো মৃত্যুমুখী (Moribund), কোনোবাটো সংকটাপন্ন, আন কোনোটো অধিক সংকটাপন্ন ইত্যাদি ইত্যাদি৷ অসমৰ টাই ভাষাগোষ্ঠীৰ অন্তৰ্গত টাই খামিয়াং ভাষাটোক মৃত্যুমুখী বোলা হৈছে৷ সম্প্ৰতি সেই ভাষাটোক পুনৰ্জীৱন দিয়াৰ বাবে কিছু সংখ্যক লোক ব্ৰতী হোৱাটো শুভ লক্ষণ৷

সাধাৰণতে জৈৱ বৈচিত্ৰ্যৰ বিলুপ্তিৰ ক্ষেত্ৰত বৰ্তমান সমাজ যিমান সচেতন, ভাষাৰ বিলুপ্তিৰ ক্ষেত্ৰত সিমান সচেতন যে অনুভৱ নহয়৷ অথচ যুগ যুগ ধৰি সঞ্চিত জ্ঞানৰ ভাণ্ডাৰ, অভিজ্ঞতা, “পুৰণি পৃথিৱীক নকৈ চাই” লোৱাৰ দৃষ্টিভংগী ভাষাৰ মাধ্যমেৰেই বিধৃত হৈ থাকে। অতি সম্প্ৰতি বিশ্বজুৰি জগতৰ প্ৰতিটো ভাষাকে সম মৰ্যাদাৰে জীয়াই ৰখাৰ এক নতুন চিন্তা-চেতনা জাগ্ৰত হোৱাটো অতিশয় শুভ লক্ষণ৷ আমেৰিকা, জাপান, অষ্ট্ৰেলিয়া, আফ্ৰিকা আদিত ভাষাৰ সুৰক্ষাৰ বাবে বিভিন্ন সংগঠনৰ জন্ম হৈছে আৰু সেইবোৰে বিলুপ্তপ্ৰায় তথা সংকটগ্ৰস্ত ভাষাবোৰৰ পুনৰ্জীৱনৰ বাবে অহোপুৰুষাৰ্থ কৰি আছে৷ বিশিষ্ট ভাষাতত্ত্ববিদ ডেভিড ক্ৰিষ্টলৰ ‘Language Death’ শীৰ্ষক গ্ৰন্থখনি এই দিশৰ এক উল্লেখযোগ্য মাইলৰ খুঁটি। ভাৰতবৰ্ষত এই চেতনাৰ প্ৰতিফলন এতিয়াও সীমিত হৈ আছে৷

পৰিশেষত তথাকথিত উন্নয়নৰ সৰ্বগ্ৰাসী প্ৰভাৱে ভাষা-বৈচিত্ৰ্যৰ বুকুলৈ নমাই অনা গভীৰ সংকটৰ বিষয়ে উত্তৰ-বঙ্গ বিশ্ববিদ্যালয়ৰ একালৰ প্ৰাধ্যাপক অশ্ৰুকুমাৰ সিকদাৰ ডাঙৰীয়াই কৰা নিম্নোক্ত মন্তব্যটি বিবেচনা কৰি চাবলৈ আটাইলৈ আহ্বান জনালোঁ—

“উন্নয়নেৰ প্ৰকোপে যেমন হাৰিয়ে যাচ্ছে জৈৱ বৈচিত্ৰ্য, অগণিত কীট-পটংগ-প্ৰাণী, উদ্ভিদ- বৃক্ষ-লতা, তেমনি হাৰিয়ে যাচ্ছে ভাষা আৰ সংস্কৃতি৷ সংকটাপন্ন তাই মানুষেৰ সত্তা৷ ভাষাৰ বৈচিত্ৰ্য হাৰানোয় পৃথিবী তাৰ সৌন্দৰ্যসুষমা হাৰায়, মানুষেৰ চিৰাগত জ্ঞান-অভিজ্ঞতাৰ ভাণ্ডাৰকে হাৰায়, হাৰায় বিশ্বকে দেখবাৰ এক অনন্য দৃষ্টিকে৷ উন্নয়নেৰ কাছে এই অনন্যতা কি পৰাস্ত হবে, নতুন সহস্ৰাব্দেৰ প্ৰবেশদ্বাৰে দাঁড়িয়ে সব ভাবুক মানুষকে এই জিজ্ঞাসাৰ উত্তৰ খুঁজতেই হবে৷”

অসমীয়া ভাষী সচেতন হোৱাৰ সময় সমুপস্থিত৷ নিজৰ লগতে আনৰ ভাষাকো সংকটৰ গৰাহৰ পৰা ৰক্ষা কৰিবলৈ সকলো সচেতন হওক, যত্নপৰ হওক৷ এয়া একবিংশ শতিকাৰ সময়ৰ আহ্বান৷

☆★☆★☆

One comment

  • somkanta Saikia

    সুন্দৰ সময়োপযোগী প্ৰৱন্ধ !অৱশ্য পঠনীয় !

    Reply

Leave a Reply

Your email address will not be published.