ফটাঢোল

ভাষা-চিন্তাৰ ক্ৰমবিকাশ আৰু নৌম চমস্কীৰ ভাষা চিন্তা – খগেশ সেন ডেকা

ভাষা-চৰ্চাৰ চমু ইতিহাস

পৰম্পৰাগত ধাৰা –

পৃথিৱীৰ বুকুত মাত্ৰ দুটা জাতিয়ে বহু অতীজৰে পৰা সম্পূৰ্ণ স্বাধীনভাৱে ভাষা-বিশ্লেষণ-প্ৰক্ৰিয়াৰ একোটাহঁত ঐতিহ্যমণ্ডিত পৰম্পৰাৰ সৃষ্টি কৰা দেখা গৈছে : পশ্চিমত গ্ৰীকসকল আৰু প্ৰাচ্যত ভাৰতীয়সকল ৷ প্ৰাচীন ভাৰতত যিদৰে বেদ-সম্পদৰ ভাষাৰ বিশুদ্ধতা ৰক্ষাৰ বাবে আজিৰ পৰা প্ৰায় আঢ়ৈ হাজাৰ বছৰৰ পূৰ্বে ভাষা-চিন্তাৰ উদ্ভৱ হৈছিল, গ্ৰীচ দেশতো তেনেদৰে প্ৰায় সমসাময়িকভাৱে মহাকবি হোমাৰৰ মহাকাব্যৰ ভাষাৰ সুসংৰক্ষণৰ চিন্তাৰে ভাষা-বিশ্লেষণ প্ৰক্ৰিয়াৰ উদ্ভৱ হৈছিল ৷ ৰক্ষণশীল দৃষ্টিভংগী দুয়ো পৰম্পৰাৰ ঘাই বিশেষত্ব হ’লেও, গ্ৰীক পৰম্পৰাৰ তুলনাত ভাৰতীয় আৰ্য সমাজৰ ভাষা-বিশ্লেষণ-প্ৰক্ৰিয়া অধিক সংহত আৰু বিজ্ঞানসন্মত বুলি বিশ্বজুৰি সৰ্বজন স্বীকৃত ৷ এই প্ৰক্ৰিয়া ভাৰতীয় সমাজত ‘ব্যাকৰণ’, আৰু আনহাতে গ্ৰীচ দেশত ‘গ্ৰামাটিকা’ হিচাপে জনাজাত ৷ উল্লেখনীয় যে ভাষা-বিশ্লেষণ বুজোৱা সংস্কৃত ‘ব্যাকৰণ’ অভিধাটো বেদৰ ব্ৰাহ্মণ স্তৰতে উদ্ভৱ হৈছিল ৷ ‘গোপথ ব্ৰাহ্মণ’ত তাৰ প্ৰথম উল্লেখ পোৱা যায় ৷ পৰৱৰ্তী কালৰ ষড় বেদাংগৰ চাৰিটাকৈ অংগ—শিক্ষা, কল্প, নিৰুক্ত আৰু ব্যাকৰণ মূলতঃ ভাষা-চিন্তাৰ সৈতে সম্পৰ্কিত হোৱাটোৱেও প্ৰাচীন ভাৰতত ভাষাৰ অধ্যয়নক যে বিশেষ গুৰুত্ব দিয়া হৈছিল, সেই কথা প্ৰমাণ কৰে ৷ উত্তৰ বৈদিক যুগৰ শিক্ষা-ব্যৱস্থাত ব্যাকৰণ-শিক্ষাক ইমানেই গুৰুত্ব দিয়া হৈছিল যে একো একোগৰাকী শিষ্যই গুৰুগৃহত শিক্ষা-গ্ৰহণ কৰোঁতে সুদীৰ্ঘ বাৰটা বছৰ অকল ব্যাকৰণকে অধ্যয়ন কৰিব লাগিছিল (দ্বাদশভিঃ বৰ্ষৈঃ ব্যকৰণং শ্ৰূয়তে)৷ তেতিয়াৰে পৰা অধুনা পৰ্যন্ত মানৱ বুদ্ধিমত্তাৰ অন্যতম অৱদান ভাষা-চৰ্চাৰ প্ৰায় আঢ়ৈ হাজাৰ বছৰীয়া ইতিহাসত অলেখ নতুন তত্ত্বৰ উদ্ভৱ হ’ল ৷ সেই আটাইবোৰ কথাৰ পুংখানুপংখ খতিয়ান দাঙি ধৰিবলৈ গ’লে এখন বৃহৎ অবয়বৰ গ্ৰন্থ হ’বগৈ ৷ ইয়াত হাতী মাৰি ভুৰুকাত ভৰোৱাৰ দৰে বিষয়টো মাত্ৰ অৱতাৰণা কৰাৰ চেষ্টাহে কৰা হৈছে ৷

ভাষাতাত্ত্বিক ধাৰা

ওপৰত উল্লেখ কৰা প্ৰাচীন কালৰ পৰম্পৰাগত ভাষা-অধ্যয়নৰ ঠাইত অষ্টাদশ শতিকাৰ অন্তিম চৰণত ভাষাৰ ঐতিহাসিক বিৱৰ্তন আৰু পাৰস্পৰিক সাদৃশ্য-বৈশাদৃশ্যৰ তুলনাত্মক চিন্তাৰে এক নতুন বিশ্লেষণ-ৰীতিৰ উদ্ভৱ হয় ৷ এই নতুন চিন্তাৰ আঁৰৰ মানুহজন আছিল তৎকালীন কলকাতা ন্যায়ালয়ৰ বিচাৰপতি ছাৰ উইলিয়াম জ’নছ (Sir William Jones) ৷ ১৭৮৬ চনত ৰয়েল এচিয়াটিক ছ’চাইটি অৱ বেংগলৰ তৃতীয় প্ৰতিষ্ঠা দিৱসত তেওঁৰ দ্বাৰা প্ৰদত্ত লিখিত ভাষণ-পত্ৰত সংস্কৃত, গ্ৰীক, লেটিন আদি ভাৰত আৰু ইউৰোপ মহাদেশৰ ভাষাবোৰৰ ওচৰ সম্বন্ধৰ উল্লেখ কৰাৰে পৰা ভাষা-অধ্যয়নৰ ইতিহাসত ঐতিহাসিক তথা তুলনাত্মক চিন্তাৰ এক নতুন ধাৰাৰ সূচনা হয় ৷ এই সময়ছোৱাতে মুষ্টিমেয় কেইগৰাকীমান ভাষাতাত্ত্বিকে সামান্য ভাষাবিজ্ঞান তত্ত্বৰ প্ৰতিও কিছু অৰিহণা যোগায় ৷ তাৰ ভিতৰত উইলহেম্ ভন্ হামব’ল্টৰ নাম বিশেষভাৱে উল্লেখযোগ্য ৷ (চমস্কীয়ে কোনো কোনো প্ৰসংগত হামব’ল্টৰ তত্ত্বৰ উপযোগিতাৰ কথা স্বীকাৰ কৰাটো এই প্ৰসংগত উল্লেখনীয় ৷

নৱ্য বৈয়াকৰণ

ঊনবিংশ শতাব্দীৰ অন্তিম ভাগত ঐতিহাসিক আৰু তুলনাত্মক ভাষা-চিন্তাৰ বস্তুবিজ্ঞানভিত্তিক বাখ্যাৰ আধাৰত ভাষা-অধ্যয়নৰ আন এটা নতুন শাখাৰ উদ্ভৱ হয় ৷ সমসাময়িক কালৰ অত্যন্ত প্ৰভাৱশালী এই শাখাটোৰ প্ৰৱক্তাসকল নব্য বৈয়াকৰণ (Neogrammarian/Junggrammatiker)-ৰূপে জনাজাত ৷ ইউৰোপত ৰেণেছাঁৰ সময়তে আৰম্ভ হোৱা ধ্বনিতত্ত্ব (Phonology) আৰু উপভাষাতত্ত্বৰ (Dialectology) অধ্যয়নে এওঁলোকৰ হাতত দৃঢ়গতি লাভ কৰে ৷ ভাষাৰ জীৱন্ত প্ৰৱাহৰ প্ৰতি গুৰুত্ব প্ৰদান এওঁলোকৰ ভাষা-চিন্তাৰ অন্যতম বিশেষত্ব ৷ ভাষা-বিশ্লেষণ সম্পৰ্কীয় এইটো ধাৰাৰ কেন্দ্ৰভূমি আছিল লেইপজিগ (Leipzig) বিশ্ববিদ্যালয় ৷ আধুনিক বৰ্ণনাত্মক ভাষা-অধ্যয়নৰ আমেৰিকীয় ধাৰাৰ প্ৰতিষ্ঠাতা ফ্ৰেঞ্জ ব’আজ, এডোৱাৰ্ড ছেপিৰ আৰু লেনাৰ্ড ব্লুমফিল্ড মূলতঃ নব্য ব্যাকৰণ ধাৰাৰে আগশাৰীৰ শিষ্য আছিল ৷

অষ্টাদশ শতিকাৰ পৰা বিংশ শতিকাৰ প্ৰাৰম্ভণলৈকে ভাষা-বিশ্লেষণ প্ৰক্ৰিয়াক ভাষাতত্ত্ব (Philology) অভিধাৰে সামৰি লোৱা হৈছিল ৷ সাহিত্যিক ঐতিহ্যেৰে সুসমৃদ্ধ একাধিক ভাষাৰ পাৰস্পৰিক সম্বন্ধৰ ভিত্তিত সিবোৰৰ মূল নিৰূপণ আৰু ঐতিহাসিক বিৱৰ্তনৰ বিচাৰ-বিশ্লেষণেই আছিল এইছোৱা সময়ৰ ভাষা-চিন্তাৰ ঘাই বিশেষত্ব ৷ বিশ্লেষণ-ৰীতি তুলনামূলক হোৱা বাবে ব্ৰিটিছ ভাষাতত্ত্ববিদসকলে আকৌ তুলনাত্মক ভাষাতত্ত্ব শব্দগুচ্ছহে এই ক্ষেত্ৰত যথাৰ্থ বুলি বিবেচনা কৰে ৷ দৰাচলতে এই অধ্যয়ন আছিল মূলতঃ শব্দকেন্দ্ৰিক ৷ শব্দৰ উৎস সন্ধান মূল উদ্দেশ্য হোৱা বাবেই সম্ভৱতঃ ইয়াক ফিল’ল’জী (Philology) অভিধাৰে সামৰা হৈছে ৷

ভাষাবিজ্ঞান ধাৰা

ভাষাৰ ঐতিহাসিক তথা তুলনামূলক বিচাৰৰ প্ৰধান চৰ্ত আছিল— আলোচ্য ভাষা বা ভাষাবোৰৰ যুগ সাপেক্ষ গাঁথনিক বৈশিষ্ট্যবোৰৰ স্বৰূপ উদ্ঘাটন তথা সিবোৰৰ বৰ্ণনাত্মক বিশ্লেষণ ৷ বিংশ শতিকাৰ প্ৰাৰম্ভণত এই দৃষ্টিভংগীৰ আধাৰত ইউৰোপ আৰু আমেৰিকাত দুটা প্ৰায় একে ধৰণৰ নতুন বিশ্লেষণ-ৰীতিয়ে ভুমুকি মাৰে ৷ ইয়াৰে ইউৰোপীয় ধাৰাটো বিকশিত হয় ছুইজাৰলেণ্ডৰ ভাষাবিজ্ঞনী অধ্যাপক ফাৰ্ডিনাণ্ড দ্য ছ্যছুৰৰ ভাষা সংক্ৰন্তীয় কেতবোৰ মৌলিক সিদ্ধান্তৰ পৰা ৷ আনহাতে আমেৰিকীয় ধাৰাটোৰ উদ্ভৱ হয়—ইণ্ডো-আমেৰিকীয় প্ৰজাতিসমূহৰ ভাষা-সংস্কৃতিৰ অধ্যয়ন কৰিবলৈ যোৱা নৃবিজ্ঞানী ফ্ৰেঞ্জ ব’আজৰ ধ্যান-ধাৰণাৰ পৰা ৷ ছ্যছুৰৰ সূত্ৰসমূহক সাকাৰ ৰূপ প্ৰদান কৰে—তৎকালীন ইউৰোপীয় পণ্ডিতসকলে; আনহাতে, মাৰ্কিন ধাৰাটোক পদ্ধতিগত ৰূপত তুলি ধৰে এডোৱাৰ্ড ছেপিৰে ৷ পাছত ছেপিৰৰ চিন্তাক অধিক বস্তুনিষ্ঠ ৰূপ প্ৰদান কৰে—লেনাৰ্ড ব্লুমফিল্ডে ৷ এই দুই ধাৰাৰ একত্ৰ ৰূপেই হ’ল যথাৰ্থ আধুনিক ভাষাবিজ্ঞান ৷ ইউৰোপীয় আৰু মাৰ্কিন উভয় ধাৰা যথাক্ৰমে গাঁথনিক ভাষাবিজ্ঞান আৰু বৰ্ণনাত্মক ভাষাবিজ্ঞানৰূপে জনাজাত হৈছিল যদিও, ব্লুমফিল্ডৰ সময়তে এই দুই ধাৰা এক ঐকসূত্ৰত আবদ্ধ হৈ ভাষাৰ চলিত ৰূপৰ বিশ্লেষণৰ প্ৰতি দায়বদ্ধতা প্ৰকাশ কৰে ৷

ভাষাৰ বিশ্লেষণ ৰীতিক এক বিজ্ঞানৰূপে প্ৰতিষ্ঠা কৰা পণ্ডিতজনা হৈছে ছুইজাৰলেণ্ডৰ বিশিষ্ট চিন্তানায়ক, ফাৰ্ডিনাণ্ড দ্য চ্যছুৰ ৷ এইজনা পণ্ডিতক যথাৰ্থভাৱেই আধুনিক ভাষাবিজ্ঞানৰ পিতৃ পুৰুষ (Father of Modern Linguistics) আখ্যা দিয়া হৈছে ৷ উল্লেখনীয় যে চ্যছুৰে জীৱিত কালত তেনে কোনো বিশেষ তত্ত্বগধুৰ গ্ৰন্থ লিখি থৈ যোৱা নাই ৷ জেনেভা বিশ্ববিদ্যালয়ত অধ্যাপনা কৰি থকাৰ সময়ত ১৯০৭—১৯১৩ চনৰ কালছোৱাত তেওঁ সামান্য ভাষাবিজ্ঞান সম্বন্ধে শ্ৰেণী কোঠাত তিনিটা বক্তৃতা দিছিল ৷ চ্যছুৰৰএই বক্তৃতা কেইটা ইমানেই উচ্চ পৰ্যায়ৰ আছিল যে ১৯১৩ চনত তেওঁৰ অকাল বিয়োগ ঘটাত কেইগৰাকীমান গুণমুগ্ধ ছাত্ৰ আৰু দুগৰাকী সহকৰ্মীয়ে নিজ নিজ টোকা বহীৰ পৰা সেই বক্তৃতাৰ সাৰমৰ্ম উদ্ধাৰ কৰি সিবোৰক একত্ৰ ৰূপত Cours de linguistique generale নামেৰে ১৯১৬ গ্ৰন্থাকাৰে ছপাই উলিয়ায় ৷ পাছত এই গ্ৰন্থ A Course in the General Linguistics নামেৰে ইংৰাজীলৈ অনুবাদ কৰা হয় ৷ (এই গ্ৰন্থখন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰী অধ্যাপক ডঃ পোনা মহন্ত ডাঙৰীয়াই অসমীয়ালৈ অনুবাদ কৰি প্ৰকাশ কৰিছে আৰু গুৱাহাটীৰ বান্ধৱ প্ৰকাশনে প্ৰকাশ কৰিছে ৷) পৰিহাসৰ কথা এয়ে যে, আধুনিকতাৰ ধ্বজাবাহী এমিলি ডুৰখেইম আৰু ছিগমুণ্ড ফ্ৰয়ডৰ সমসাময়িক ফাৰ্ডিনাণ্ড দ্য চ্যছুৰৰ ভাষাবৈজ্ঞানিক ধ্যান-ধাৰণা তেওঁৰ গুণমুগ্ধসকলৰ স্মৃতিৰ জড়িয়তেহে মানুহে জানিব পাৰিছে ৷ বৰ্তমান চ্যছুৰীয় চিন্তাই ভাষাবিজ্ঞানতকৈয়ো লোকসংস্কৃতি আৰু সাহিত্য সমালোচনাৰ মাজেৰেহে পৰিব্যাপ্তি লাভ কৰা দেখা গৈছে ৷

চ্যছুৰ অাছিল নব্য ব্যাকৰণ ধাৰাৰ একৰাকী সক্ৰিয় সদস্য ৷ তেওঁ এই চিন্তাধাৰাৰ কেন্দ্ৰভূমি লেইপজিগত (Leipzig) অধ্যয়ন কৰিছিল আৰু পোনতে ইণ্ডো-ইউৰোপীয় ভাষাৰ তুলনাত্মক অধ্যয়নৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ৷ পৰৱৰ্তী সময়ত তেওঁ ভাষাক জীৱন্ত সম্পদৰূপে গণ্য কৰি তাৰ সমকালীন ৰূপৰ বিশ্লেষণ ৰীতিক আধুনিকতাৰ দুৱাৰডলিত থিয় কৰায় ৷

চ্যছুৰে আগবঢ়োৱা ভাষা-সূত্ৰ চাৰিটা যুগ্ম বৈপৰীত্য (Binary opposition) বা দ্বিশাখাত (Dichotomies) বিভক্ত ৷ সেইবোৰ হ’ল :
(১) সমকালিক/ক্ৰমকালিক ভাষা (Synchronic/Diachronic),
(২) ভাষা-প্ৰণালী/ভাষা-ব্যৱহাৰ (Langue/Parole),
(৩) সূচক/সূচিত (Signifier/Signified) আৰু
(৪) সহাবদ্ধ/ক্ৰমাবদ্ধ-আনুষংগিক (Syntagmatic/Paradigmatic-Associative) সম্বন্ধ ৷
প্ৰথমটোত ভাষাৰ ঐতিহাসিক বিৱৰ্তন আৰু প্ৰচলিত প্ৰৱাহৰ বিশ্লেষণৰ বৈপৰীত্য জড়িত হৈ আছে আৰু প্ৰচলিত প্ৰৱাহৰ বিশ্লেষণৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰা হৈছে ৷ দ্বিতীয়টোত আছে ভাষা বিশেষৰ বৈয়াকৰণিক নিয়ম কানুনেৰে পৰিসীমিত ভাষাৰূপ আৰু মানুহৰ মুখৰ প্ৰকৃত মাত কথাৰ বৈপৰীত্য ৷

চ্যছুৰৰ মতে, ভাষা হ’ল চিহ্নৰ সমষ্টি ৷ চিহ্ন মানে মানুহৰ বাগযন্ত্ৰেৰে উচ্চাৰিত বিভন্ন প্ৰকাৰৰ নাদ বা লহৰ ৷ এই নাদ বা লহৰৰ জড়িয়তে অানৰ সৈতে যোগাযোগ সম্ভৱ হৈ উঠিলে সি ভাষা নাম পায় ৷ মুঠতে উচ্চাৰিত নাদ বা তাৰ প্ৰতীক আখৰৰ নাম চিহ্ন ৷ চিহ্নৰ আন নাম সূচক আৰু সূচকত নিহিত হৈ থকা যাদৃচ্ছিক অৰ্থৰ নাম সূচিত ৷ ই চ্যছুৰৰ তৃতীয়টো ভাষা সূত্ৰ ৷

চতুৰ্থতে, চ্যছুৰৰ মতে, ভাষাৰ সকলো সামগ্ৰী সম্বন্ধৰ ওপৰত নিৰ্ভৰশীল ৷ এই ক্ষেত্ৰত তেওঁ দুই প্ৰকাৰৰ সম্বন্ধৰ কথা উল্লেখ কৰিছে : সহাবদ্ধ আৰু ক্ৰমাবদ্ধ বা আনুষংগিক সম্বন্ধ ৷ তলৰ উদাহৰণটোৱে কথাখিনি স্পষ্ট হোৱাত সহায় কৰিব ৷

সহাবদ্ধ সম্বন্ধ
|—————————->
ক্ৰমাবদ্ধ | হৰিৰ নতুন গাড়ী
সম্বন্ধ | ৰামৰ পুৰণি ঘৰ
| যদুৰ নতুন গাড়ীখন ধুনীয়া

চ্যছুৰে এনেদৰে ভাষাৰ এককালিক বা সমকালিক ৰূপৰ অন্তৰ্গত উপাদানবোৰৰ সংযুতিত নিহিত হৈ থকা আভ্যন্তৰীণ সম্পৰ্কৰ যথাৰ্থ বিশ্লেষণত গুৰুত্ব প্ৰদান কৰা হেতুকে তেওঁৰ দ্বাৰা প্ৰতিষ্ঠিত তত্ত্ব গাঁথনিক ভাষাবিজ্ঞান (Structural Linguistics) হিচাপে জনাজাত হৈ পৰে ৷ পাছলৈ এই তত্ত্ব সাহিত্য সমালোচনা আৰু লোকসংস্কৃতি অধ্যয়ন ক্ষেত্ৰলৈকো পৰিব্যাপ্ত হয় ৷
নতুন সমালোচনাৰূপে অভিহিত সংযুতিবাদ (Structuralism) আৰু নিৰ্গঠনবাদ (Deconstruction) চ্যছুৰীয় ভাষা-চিন্তাৰ অমোঘ পৰিণতি ৷

চ্যছুৰে যি দৃষ্টিভংগীৰে জীৱন্ত ভাষাৰূপৰ গাঁথনিক বিশ্লেষণত গুৰুত্ব দিছিল, প্ৰায় তেনে চিন্তাৰেই আমেৰিকাত ফ্ৰেঞ্জ ব’আজে বৰ্ণনাত্মক ভাষা-চিন্তাৰ উন্মেষ ঘটায় ৷ পাছত লেনাৰ্ড ব্লুমফিল্ডৰ হাতত দুয়োবিধ তত্ত্বৰ একত্ৰীকৰণ হয় আৰু সি সমকালীন ভাষাৰূপৰ বিশ্লেষণৰ ঘাই আহিলা হৈ উঠে ৷ ধ্বনি, উপধ্বনি, প্ৰাকৃতি, উপাকৃতি ইত্যাদিৰ বিশ্লেষণত এই তত্ত্বই বিশেষ ভূমিকা ল’লেও বাক্যৰ বিশ্লেষণত এই তত্ত্বৰ বিফলতা লক্ষণীয় ৷ বাক্যৰ আসন্ন অংগৰ বিশ্লেষণৰ বাহিৰে এই দিশত বৰ্ণনাত্মক তথা গাঁথনিক ভাষাবিজ্ঞানৰ সীমাবদ্ধতা লক্ষণীয় ৷ পৰৱৰ্তী সময়ত বৰ্ণনাত্মক বা গাঁথনিক ভাষাবিজ্ঞানৰ দোষ দুৰ্বলতাসমূহ দেখুৱাই একালৰ গাঁথনিক বা বৰ্ণনাত্মক ভাষা-চিন্তাৰ প্ৰৱক্তা নৌম চমস্কীয়ে ৰূপান্তৰ সৃজনাত্মক ব্যাকৰণ নামৰ ভাষা-বিশ্লেষণৰ এক নতুন তত্ত্বৰ উন্মেষ ঘটায় ৷ চমস্কীৰ তত্ত্বৰ সমৰ্থন বা বিৰোধিতা কৰি অধুনা পৰ্যন্ত নতুন নতুন তত্ত্বৰ উন্মেষ ঘটিয়ে আছে ৷

অসমীয়া ভাষাৰ বিশ্লেষণত সেইবোৰ তত্ত্বৰ সম্প্ৰয়োগ হ’বলৈ এতিয়াও বাকী ৷ভাষা-চৰ্চাৰ চমু ইতিহাস আৰু
নৌম চমস্কীৰ ভাষা-চিন্তা ৷

থোৰতে চমস্কীৰ জীৱন-পৰিক্ৰমা–

প্ৰকৃতি জগতৰ সবাতো বুদ্ধিমান জীৱ মানুহৰ মুখৰ ভাষাৰ বিশ্লেষণ ৰীতিয়ে ক্ৰম বিকাশৰ বাটেৰে বাটকুৰি বাই এতিয়াৰ এই বিজ্ঞানসন্মত আয়তন লাভ কৰিছেহি ৷ চ্যছুৰ, ব’আজ, ছেপিৰ, ব্লুমফিল্ডৰ ভাষা-চিন্তাৰ পৰৱৰ্তী স্তৰত এই চিন্তাই আৰু অধিক পৰিব্যাপ্তি লাভ কৰে আৰু ই গাণিতিক পৰ্যায়লৈ উন্নীত হয় ৷ এই নতুন চিন্তাৰ আঁৰৰ মানুহজনেই হ’ল নৌম চমস্কী ৷

বৰ্তমান বিশ্বৰ দহগৰাকী বৰেণ্য মণীষীৰ নাম ল’ব লাগিলে পোনতেই আহে নৌম চমস্কীৰ নাম ৷ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ মাছাচুছেটছ ইন্সটিটিউট অফ টেকন’লজীৰ ভাষাবিজ্ঞান বিভাগৰ একালৰ প্ৰফেছৰ এমেৰিটাছ, প্ৰাধ্যাপক চমস্কীৰ সম্পূৰ্ণ নাম Avram Noam Chomsky (গুগুলত পোৱা উচ্চাৰণ অনুসাৰে Noam Chomsky=নৌম চমস্কী ৷) সম্প্ৰতি নব্বৈ বছৰত ভৰি থোৱা এইজনা ক্ষণজন্মা পুৰুষৰ জন্ম হৈছিল ১৯২৮ চনৰ ৭ ডিচেম্বৰৰ দিনা— মাৰ্কিন যুক্তৰাষ্ট্ৰৰ পেনচিলভেনিয়াৰ অন্তৰ্গত ফিলাডেলফিয়াৰ এটি মধ্যবিত্ত ইহুদী পৰিয়ালত ৷ ১৬ বছৰ বয়সত তেওঁ ইউনিভাৰছিটি অৱ পেনচিলভেনিয়াত শিক্ষা জীৱনৰ পাতনি মেলে ৷ এই প্ৰতিষ্ঠানৰ পৰাই তেওঁ বি এ, এম এ আৰু পিএইচ ডি ডিগ্ৰী আহৰণ কৰে ৷ তেওঁ গঠনবাদী ভাষাবিজ্ঞানৰ সেই সময়ৰ বিশিষ্ট পণ্ডিত জেলিগ হেৰিছৰ তত্ত্বাৱধানত পিএইচ ডি পৰ্যায়ৰ গৱেষণা কৰিছিল ৷ পেনচিলভেনিয়া বিশ্ববিদ্যালয়ে তেওঁক Transformational Analysis শীৰ্ষক গৱেষণা গ্ৰন্থৰ বাবে ১৯৫৫ চনত সন্মানীয় ডক্টৰেট উপাধি প্ৰদান কৰে ৷ তেওঁৰ অধ্যয়নৰ বিষয় আছিল গণিত, ভাষাবিজ্ঞান আৰু দৰ্শন তত্ত্ব ৷ ইয়াৰ ভিতৰত গণিত শাস্ত্ৰই আছিল মুখ্য ৷ কিন্তু এইগৰাকী অসামান্য বৌদ্ধিক দক্ষতাৰ অধিকাৰী বিশিষ্ট ব্যক্তিলৈ এক ভিন্ন ক্ষেত্ৰইহে যেন অপেক্ষা কৰি আছিল ৷ পাছলৈ তেওঁ হয়গৈ আধুনিক ভাষাবিজ্ঞান তত্ত্বৰ অন্যতম পুৰোধা ৷ ১৯৫১ চনৰ পৰা ১৯৫৫ চনলৈ তেওঁ আছিল হাৰৱাৰ্ড বিশ্ববিদ্যালয়ৰ ফেল’ ৷ এইছোৱা সময়তে তেওঁ ভাষা-বিশ্লেষণৰ নতুন তত্ত্ব সম্বন্ধে চিন্তা-চৰ্চা আৰম্ভ কৰে ৷ সেই একেটা বছৰতে তেওঁ আমেৰিকাৰ বিশ্বখ্যাত শিক্ষা প্ৰতিষ্ঠান MIT-ত ভাষাবিজ্ঞান বিষয়ৰ অধ্যাপকৰূপে যোগদান কৰে ৷ ১৯৫৭ চনত তেওঁৰ Syntactic Structures নামৰ গ্ৰন্থখনৰ প্ৰকাশে বিংশ শতিকাৰ ভাষা-বিশ্লেষণ ৰীতিক এক নতুন দিগন্তলৈ লৈ যায় ৷ চমস্কী আৱিষ্কৃত এই নব্য ধাৰাটো ৰূপান্তৰ সৃজনাত্মক ব্যাকৰণ (Transformational Generative Grammar, চমুকৈ TG) হিচাপে জনাজাত ৷ নক’লেও চলে, এই তত্ত্বৰ আৰম্ভ হৈছিল পূৰ্বৱৰ্তী গাঁথনিক ধাৰাৰ দোষ দুৰ্বলতাৰ বিশ্লেষণেৰে ৷ গঠনৰ ওপৰত মাত্ৰাধিক গুৰুত্ব প্ৰদানৰ হেতু পূৰ্বৱৰ্তী তত্ত্বত অগ্ৰহণীয় আৰু অসম্ভৱ বাক্য একোটাও শুদ্ধৰূপে প্ৰতিপন্ন কৰাৰ সুৰুঙা ৰৈ গৈছিল ৷ চমস্কীয়ে উল্লেখ কৰা গাঁথনিক দিশৰ পৰা শুদ্ধ অথচ অৰ্থহীন বাক্যটো হ’ল—’Colourless green ideas sleeps furiously’. অসমীয়াৰ “গৰুজনে হাঁহিছে” বাক্যটো তাৰ বিকল্প হিচাপে ল’ব পাৰি ৷ এই বাক্যটো গঠনৰ দিশৰ পৰা এটা বিশুদ্ধ সৰল বাক্য ৷ কিন্তু ইয়াক অসমীয়া ভাষীয়ে গ্ৰহণ নকৰে ৷ কাৰণ গৰুৰ লগত জন প্ৰত্যয় ব্যৱহাৰ নহয় আৰু গৰুৱে হাঁহিব নাজানে ৷

মুঠতে তেতিয়াৰে পৰা বৰ্তমান পৰ্যন্ত সমগ্ৰ বিশ্বজুৰি ভাষা-চিন্তাৰ জগতখন চমস্কী আৱিষ্কৃত এই নতুন তত্ত্বৰ দ্বাৰা প্ৰভাৱিত বুলি ক’লেও বঢ়াই কোৱা নহয় ৷ ভাষাৰ সৈতে সম্পৰ্কিত মনস্তত্ত্ব (Psychology), অৱগতিমূলক বা সংজ্ঞানাত্মক বিজ্ঞান (Cognitive science) আদি বিষয়ৰ বিকাশলৈকো তেওঁ যথেষ্ট বৰঙণি আগবঢ়াইছে ৷ ইয়াৰ উপৰি তেওঁ আছিল এগৰাকী অৰ্থনীতিবিদ আৰু ৰাজনৈতিক বিশ্লেষক ৷ ১৯৫৮—১৯৫৯ চনত মাত্ৰ এবছৰৰ বাবে তেওঁ Institute of Advance Study-ত National Science Foundation Fellow আছিল ৷ ভাষা-অধ্যয়নৰ প্ৰসংগত উৎপাদক বা সৃজনাত্মক ব্যাকৰণ (Generative Grammar), ন্যূনতাবাদ (Minimalism), বিশ্বজনীন ব্যাকৰণ (Universal Grammar) আদি নতুন চিন্তা তেওঁৰেই মহৎ অৱদান ৷ বৰ্তমান কালৰ কোনো কোনো পণ্ডিতে চমস্কীৰ পৃথিৱীৰ সকলো ভাষাকে এখন পতাকাৰ তলত থিয় কৰোৱাৰ বিশ্বজনীন ব্যকৰণ-চিন্তাক ভাষাৰ অবলুপ্তিৰ অন্যতম কাৰক হিচাপে চিহ্নিত কৰাটো এই প্ৰংসগত উল্লেখনীয় ৷

চমস্কী আছিল ভিয়েটনামকে ধৰি সমগ্ৰ দক্ষিণ-পূব এচিয়াত মাৰ্কিন আগ্ৰাসনৰ ঘোৰ বিৰোধী ৷ এই বিৰোধিতা তেওঁৰ “The Responsibility if Intellectual” শীৰ্ষক ৰচনাখনিত প্ৰকাশ পাইছিল ৷ এনে কাৰণতে সেই সময়ৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ৰিচাৰ্ড নিক্সনৰ তেওঁ আছিল চকুৰ কূটা দাঁতৰ শূল হৈ পৰিছিল ৷ নব্য বাঁওপন্থীসকলৰ সৈতে জড়িত হোৱা হেতুকে চৰকাৰী ৰোষত পৰি তেওঁ কেইবাবাৰো কাৰাবৰণ কৰিবলগীয়া হৈছিল ৷ এডোৱাৰ্ড এছ হাৰমানৰ সৈতে যুটীয়াভাৱে তেওঁ Indonesian Occupation in East Timor-ৰ বাবেও কাম কৰিছিল ৷ এইবোৰ সামাজিক ক্ৰিয়া-কলাপত অংশ গ্ৰহণ কৰাৰ লগে লগে সমান্তৰালভাৱে ভাষা-চিন্তাৰ বিকাশৰ বাবেও তেওঁ সমানেই কাম কৰি গৈছিল ৷

অধ্যাপনা বৃত্তিৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাছত সৰহভাগ সময় তেওঁ দেশৰ ৰাজনীতিৰ সৈতে নিজক জড়িত কৰিছিল আৰু উগ্ৰবাদৰ বিৰোধিতা কৰিছিল ৷

মানৱ-বিজ্ঞানৰ বিকাশত চমস্কীৰ অৰিহণাৰ তুলনা নাই ৷ ভাষা-চিন্তাৰ ক্ষেত্ৰখনত নব্য অৱগতিবাদৰ বিকাশ চমস্কীৰ জড়িয়তেই সম্ভৱ হৈ উঠিছে ৷ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ বৈদেশিক নীতি, নব্য উদাৰবাদ আৰু সাম্ৰাজ্যবাদী আগ্ৰাসনৰ তেওঁ সদায়ে বিৰোধিতা কৰি আহিছে ৷ আমেৰিকাৰ বিশ্ব বাণিজ্য কেন্দ্ৰত ওচামা বাহিনীৰ আক্ৰমণৰ সন্দৰ্ভতো ঘটনাৰ মূল কাৰকৰূপে নিজ দেশৰ সাম্ৰাজ্যবাদী অাগ্ৰাসনকে চিহ্নিত কৰিছিল ৷ এচাম সমালোচক তথা চৰকাৰী স্তাৱক বাহিনীয়ে এনেবোৰ কাৰণতে এইজনা বিশিষ্ট পণ্ডিতক আমেৰিকা বিৰোধী আখ্যা দি আহিছে ৷

চমস্কীৰ ভাষা-চিন্তা

১৯৫৭ চনত চমস্কীৰ ভাষা সম্পৰ্কীয় প্ৰথমখন তাত্ত্বিক গ্ৰন্থ— Syntactic Structures প্ৰকাশ পায় ৷ এই গ্ৰন্থৰ প্ৰকাশে সমগ্ৰ ভাষা-চিন্তাৰ জগতখনৰ বৈপ্লৱিক পৰিৱৰ্তন ঘটায় ৷ পূৰ্বেই উল্লেখ কৰি অহা হৈছে যে চমস্কী আছিল গঠনবাদী ভাষা-চিন্তাৰ সেই সময়ৰ বিশিষ্ট পণ্ডিত জেলিগ হেৰিছৰ অন্যতম শিষ্য ৷ এইগৰাকী বিশিষ্ট পণ্ডিতৰ তত্ত্বাৱধানতে তেওঁ গাঁথনিক ভাষাবিজ্ঞানৰ কাৰিকৰী জ্ঞান আহৰণ কৰিছিল ৷ গতিকে স্বাভাৱিক কাৰণতে প্ৰথমাৱস্থাত তেওঁৰ চিন্তাধাৰা সেই ধাৰাৰ ভিত্তিভূমি অভিজ্ঞতাবাদী দৰ্শনৰ দ্বাৰা প্ৰভাৱিত হৈছিল ৷ পাছলৈ অৱশ্যে তেওঁৰ ধ্যান-ধাৰণাৰ আমূল পৰিৱৰ্তন ঘটে আৰু তেওঁৰ ভাষাবৈজ্ঞানিক চিন্তাধাৰাক অভিজ্ঞতাবাদ আৰু আচৰণবাদ (Behaviourism) উভয়ৰে শুচিবায়ুগ্ৰস্ততাৰ পৰা মুক্ত কৰি তাৰ সৈতে মনস্তত্ত্বৰ—বিশেষকৈ অৱগতিমূলক মনস্তত্ত্বৰ (Cognitive psychology) সংযোগ ঘটায় ৷ অভিজ্ঞতাবাদীসকলৰ মতে, জ্ঞান মানুহৰ জন্মগত নহয় ৷ ই অভিজ্ঞতাৰ জড়িয়তে আহৰণ কৰা সম্পদ ৷ গতিকে ভাষাও অভিজ্ঞতাৰে প্ৰতিফলন মাত্ৰ ৷ আচৰণবাদীসকলৰ মতে আকৌ এক বাচিক আচৰণ (Verbal behaviour) হিচাপে ভাষা আহৰিত হয়—অনুকৰণ, পুনৰুক্তি, অভ্যাস আদিৰ দ্বাৰা ৷ চমস্কীয়ে ইয়াৰ বিৰোধিতা কৰি কয় যে, মানুহৰ ভাষা আহৰণৰ দৰে জটিল প্ৰক্ৰিয়া এটাক এনেদৰে সৰল কৰিব নোৱাৰি ৷ ভাষা কেৱল অভ্যাস বা পুনৰুক্তিৰ ফচল হোৱা হ’লে কোনো শিশুৱে নতুন নতুন বাক্য স্ৰজন কৰিব নোৱাৰিলেহেঁতেন ৷

চমস্কীৰ মতে, ভাষা বহু পৰিমাণে মানুহৰ মানসিক কাৰ্য ৷ ভাষাৰ গাঁথনিৰ সৈতে মানুহৰ মনৰ গাঁথনিৰ নিবিড় সম্পৰ্ক আছে ৷ মানুহৰ মনোজগতত থকা নানাবিধ সংজ্ঞানাত্মক সামৰ্থ্যৰ (Cognitive faculty) ভিতৰত ভাষা এনে এক সামৰ্থ্য, যি সমস্ত জীৱকুলৰ ভিতৰত একমাত্ৰ মানৱ প্ৰজাতিৰহে আছে ৷ জন্মগত সামৰ্থ্য হিচাপে ই মানৱ প্ৰকৃতিৰ স্বৰূপ নিৰ্ণয় কৰে ৷ পৃথিৱীৰ কোনো নিপীড়নকাৰী ৰাজনৈতিক ব্যৱস্থাপনাই মানুহৰ জন্মগত ভাষা-ক্ষমতাক বাধা দি ৰাখিব নোৱাৰে ৷ ভাষা-বিশ্লেষণ-প্ৰক্ৰিয়াৰ সৈতে ৰাজনৈতিক দৰ্শনৰ এনে নিবিড় সম্পৰ্ক চমস্কীৰ ধ্যান-ধাৰণতে পোন প্ৰথম প্ৰতিফলিত হোৱা দেখা যায় ৷

চমস্কীয়ে দেখুওৱা মতে, ভাষা একোটাৰ ব্যাকৰণসন্মত তথা গ্ৰহণীয় বাক্যৰ সংখ্যা অসীম ৷ কিন্তু সেইবোৰ গঠন কৰিব পৰা ৰূপতাত্ত্বিক নিয়ম নিচেই সীমিত ৷ এই সীমিত নিয়ম সংহতিৰ (Set of rules) আধাৰত বাক্যৰ অসীম সংহতিৰ সুস্পষ্ট ব্যাখ্যাই হ’ল—ৰূপান্তৰ সৃজনাত্মক ব্যাকৰণ (Transformational Generative Grammar = TG) ৷ এহাতে ৰূপান্তৰ আৰু অন্যহাতে সৃজনধৰ্মিতা এই দুটা দিশ জড়িত হৈ থকা বাবে এই তত্ত্বক ৰূপান্তৰ সৃজনাত্মক ব্যাকৰণ বোলা হৈছে ৷ ৰূপান্তৰ হ’ল এক শ্ৰেণীৰ বাক্যক আন এক শ্ৰেণীলৈ নিয়া ৷ আনহাতে সৃজনাত্মক মানে মাতৃভাষীয়ে স্বাভাৱিকভাৱে আয়ত্ত কৰি লোৱা ভাষাটোৰ সীমিত সংখ্যক নিয়ম-প্ৰয়োগৰ জড়িয়তে নতুন নতুন বাক্যৰ সৃষ্টি কৰা ৷ সাধাৰণতে মানুহে বাক্যৰ পুনৰাবৃত্তি নকৰে ৷ কোনো কথা দোহাৰিব লাগিলে পিছত কোৱা বাক্যটোৰ সামান্য হ’লেও সলনি ঘটিবই ৷ চমস্কীৰ তত্ত্বৰ মূল উদ্দেশ্য হৈছে ভাষাৰ সৃষ্টিশীল বৈশিষ্ট্যসমূহ ফঁহিয়াই দেখুওৱা ৷ ওপৰত উল্লেখ কৰা চমস্কীৰ Syntactic Structures-ক এই ধাৰাৰ প্ৰথম স্তৰ বোলা হয় ৷

১৯৬৫ চনত চমস্কীৰ এই ধাৰাৰ আন এখন ধ্ৰুপদী গ্ৰন্থ Aspects of the Theory of Syntax প্ৰকাশ পায় ৷ ইয়াত তেওঁ পূৰ্বৰ কেতবোৰ সিদ্ধান্তৰ মৌলিক পৰিৱৰ্তন ঘটায় ৷ পূৰ্বে কৰা বক্তাৰ অসচেতন ভাষা-জ্ঞানৰ ব্যাখ্যা সলনি কৰি তেনে জ্ঞানক ব্যাকৰণৰ ব্যাখ্যাৰ অন্তৰ্ভুক্ত কৰে ৷ তদুপৰি, ইয়াত তেওঁ ‘আদৰ্শ বক্তা শ্ৰোতা’ৰ (Ideal speaker hearer) বাক ৰীতি সামৰ্থ্য (Competence) আৰু বাক ব্যৱহাৰৰ (Performance) অৰ্থাৎ, ভাষা কোৱাৰ ক্ষমতা আৰু তাৰ প্ৰকৃত ব্যৱহাৰৰো যথাৰ্থ ব্যাখ্যা দাঙি ধৰে ৷ তেওঁৰ এই বিভাজন চ্যছুৰৰ ভাষা-প্ৰণালী আৰু ভাষা ব্যৱহাৰৰ সৈতে প্ৰায় একে ৷ চমস্কীৰ মতে, ভাষা বিশেষৰ গঠন-পদ্ধতিৰ বিৱৰণ মানুহৰ বাকৰীতি সামৰ্থ্যৰ ভিত্তিত হোৱা উচিত ৷

চমস্কীৰ মতে, বক্তাৰ বাকৰীতি সামৰ্থ্যৰ কোনো সীমাবদ্ধতা নাই ৷ বক্তাই নিজৰ ভাষাৰ সীমিত বৈয়াকৰণিক বিশেষত্বৰ আধাৰত সৃষ্টি ক্ষমতাৰে (Competence) প্ৰতিদিনে অসীম সংখ্যক বাক্য উৎপাদন কৰিব পাৰে ৷ ইয়াৰ বিপৰীতে তেওঁৰ ভাষা-ব্যৱহাৰ (Performance) কিন্তু তেনেই সীমিত ৷ সেই হেতুকে টে’প ৰেকৰ্ডাৰ অথবা অন্য কোনো পদ্ধতিৰে সংগৃহীত নমুনাৰ আধাৰত কৰা ভাষা-ব্যৱহাৰৰ পূৰ্বাপৰ প্ৰচলিত পদ্ধতিৰে কৰা ব্যাখ্যা ভাষা এটাৰ সামগ্ৰিক বিশ্লেষণৰ বাবে পৰ্যাপ্ত নহয় ৷ ভাষাতাত্ত্বিকসকলে প্ৰকৃতপক্ষে ‘বাক-ৰীতি সামৰ্থ্য’ৰ গাঁথনিক নিয়মবোৰৰহে পুংখানুপুংখ বিচাৰ-বিশ্লেষণ কৰিব লাগে ৷ চমস্কীৰ এই নতুন ৰীতিয়ে মানুহৰ ভাষা-ক্ষমতাৰ সৈতে থকা মানসিক বাস্তৱৰ উদ্ঘাটন সম্ভৱ কৰি তোলে ৷ চমস্কীয়ে ভাষাবৈজ্ঞানিক ধ্যান-ধাৰণা বিশেষ বিশেষ ভাষাৰ বৈশিষ্ট্যৰ বিৱৰণতে সীমাবদ্ধ নাথাকি ‘ভাষাগত বিশ্বজনীনতা’ (Linguistic Universals) আৱিষ্কাৰৰ প্ৰতিও দায়বদ্ধ হ’ব লাগে, যাতে মানৱ-ভাষাৰ সামগ্ৰিক স্বৰূপ উদ্ঘাটন কৰি মানুহৰ মনোজগতৰ সম্যক উপলব্ধি সম্ভৱ হৈ উঠে ৷

চমস্কীৰ মতে, বাক্য হ’ল—ভাষাৰ অংগ-গঠনৰ ক্ৰমাবদ্ধ সংহতি ৷ Aspects of the Theory of Syntax-ত চমস্কীয়ে বাক্যৰ দুই ধৰণৰ গঠনৰ কথা উল্লেখ কৰে—ধ্বনি বা সিবোৰৰ চাক্ষুষ প্ৰতিনিধি আখৰৰ দ্বাৰা নিৰ্মিত বহিৰ্গাঁথনি (Surface structure ) আৰু তাৰ মাজত নিহিত হৈ থকা অৰ্থগত দিশৰ সৈতে জড়িত গূঢ় গাঁথনি (Deep structure) ৷ প্ৰত্যেক ভাষাৰে কিছুমান সাৰ বা মূল বাক্য (Kernel Sentence) থাকে ৷ এনে বাক্যৰ পৰা ৰূপান্তৰণ (Transform) প্ৰক্ৰিয়াৰে বিভিন্ন শেণীৰ বাক্য সাজিব পাৰি ৷ উল্লিখিত গ্ৰন্থখনক চমস্কীৰ টিজি ধাৰাৰ দ্বিতীয় স্তৰ বুলিব পাৰি ৷

১৯৬৬ চনত চমস্কীৰ Topics in the Theory of Generative Grammar নামৰ আন এখন নতুন গ্ৰন্থ প্ৰকাশ পায় ৷ পৰৱৰ্তী সময়ত চমস্কীয়ে তেওঁৰ তত্ত্বৰ সংশোধনেৰে অৰ্থতাত্ত্বিক দিশটোৰ বিকাশ সাধন কৰে ৷ ১৯৭৫ চনত চমস্কীৰ Reflections on Language, ১৯৮১ চনত Lectures on Government, ১৮৮৮ চনত Language and Problems of Knowledge ইত্যাদি ভালেমান নতুন গ্ৰন্থ প্ৰকাশ পায় ৷ ১৯৯৫ চনত প্ৰকাশিত The Minimalist Program গ্ৰন্থত ভাষা একোটাৰ ভাষাবৈজ্ঞানিক বিশ্লষণৰ বাবে প্ৰয়োগ হোৱা তাত্ত্বিক আহিলা নিম্নতম কৰাৰ প্ৰস্তাৱ দাঙি ধৰে ৷ এই তত্ত্ব ন্যূনতাবাদ (Minimalism) হিচাপে জনাজাত ৷

বিশ্লেষণ-ৰীতিত গাণিতিক ভাষাৰ ব্যৱহাৰ চমস্কীয় ভাষা-চিন্তাৰ যে অন্যতম প্ৰধান বিশেষত্ব সেই কথা পোনতেই উল্লেখ কৰা হৈছে ৷ তদুপৰি, এই তত্ত্বত কেতবোৰ সাংকেতিক চিহ্নৰ ব্যৱহাৰো লক্ষ্য কৰিব পাৰি ৷ সেইবোৰৰ আয়ত্তি অবিহনে এই তত্ত্ব বুজা অত্যন্ত দুৰূহ, যেনে—
Sentence=S, Noun Phrase=NP, Verb Phrase=VP, ইত্যাদি ৷
অসমীয়া বাক্য ‘মানুহজনে পুৰণি ঘৰটো বেচিলে’ শীৰ্ষক বাক্যটো এই তত্ত্বৰ আধাৰত সাধাৰণভাৱে এনেদৰে বিশ্লেষণ কৰি দেখুৱাব পৰা যায়—

S—>NP+VP
VP—>N+V
NP—>Ad+N+Det
V—>V+Past
N—>মানুহ, ঘৰ
Ad—>পুৰণি
Det—>জন (কৰ্তা, টো)
V—>বেচ (+অতী) ৷
(ইংৰাজীত লিখা এই সাংকেতিক পৰিভাষা সহজেই অসমীয়ালৈ ৰূপান্তৰ কৰি ল’ব পাৰি ৷)

মুঠতে, পূৰ্বৱৰ্তী গাঁথনিক ভাষাবিজ্ঞানৰ যান্ত্ৰিক বিশ্লেষণ পদ্ধতিৰ বিৰোধিতাৰে আৰম্ভ হোৱা ৰূপান্তৰ সৃজনাত্মক ধাৰাই তাত্ত্বিক দিশত সবাতো শ্ৰেষ্ঠৰ বিশ্বজোৰা খ্যাতি অৰ্জন কৰিছে ৷ ব্লুমফিল্ডৰ পৰৱৰ্তী গাঁথনিক ভাষা-চিন্তাৰ সৰ্বোৎকৃষ্ট বিকল্প হৈছে—চমস্কী আৱিষ্কৃত ৰূপান্তৰ সৃজনাত্মক ব্যাকৰণ তত্ত্ব ৷

ভাষা-বিশ্লেষণ বুজাবলৈ ভাষাবিজ্ঞান অভিধাৰ পৰিৱৰ্তে পৰম্পৰাগত Grammar (ব্যাকৰণ) শব্দ ব্যৱহাৰ কৰাটো চমস্কীৰ এই তত্ত্বৰ আন এটা উল্লেখযোগ্য দিশ ৷

☆★☆★☆

3 Comments

Leave a Reply

Your email address will not be published.