ফটাঢোল

ভাষা বিভ্ৰাট – দেৱজিত শইকীয়া

১) মিঠা নাই

গোৱালপাৰা জিলাৰ এখন ভিতৰুৱা ঠাইত মোৰ লগৰ এজনে টেটৰ চাকৰি পালে৷ মাজুলীৰ পৰা গৈ বেচেৰাই সুধি সুধি মাদ্ৰাছা স্কুলখন কোনো মতে ওলালগৈ৷ লগৰ এজনে ঘৰ এটা চাই দিলে৷ প্ৰথম দিনাৰ পৰাই আৰম্ভ হ’ল অভিজ্ঞতা৷
সন্ধিয়াৰ সাজৰ বাবে বজাৰ কৰিবলৈ গৈ দেখিলে যে বেপাৰী এজনে বিড়ি হুপি হুপি ৰঙালাও আৰু পানীলাও কেইটামান লৈ বহি আছে৷ লগৰজনে তেওঁলোকৰ ভাষা নাজানে বাবে বেপাৰীক চকুৰ ইংগিতেৰেই ৰঙালাও কেইটা দেখুৱাই ‘কি নাম’ আৰু ‘কিমান দাম’ সুধিলে৷
বেপাৰীজনে বিড়িৰ ধোঁৱা এসোঁপা এৰি ক’লে, ‘মিঠা নাই’৷
লগৰজনে খঙতে বোলে, ‘মিঠা নাই যদি বিক্ৰী কৰিবলৈ কিয় আনিছ?’
বেপাৰীয়ে খঙতে ৰঙালাও এটা দাঙি বোলে, “এইটাৰ নাম মিঠা নাই।”

লগৰজনে কাষতে থকা পানীলাওটো দেখুৱাই বোলে, “এইটা কি?”

বেপাৰীঃ “এইটা পানী নাই৷”

২) হৰেণ

আকৌ সেই ‘মিঠা নাই’ কিনিবলৈ যোৱা শিক্ষকজনৰ দ্বিতীয় অধ্যায়৷
নতুন ছাৰে প্ৰথমদিনা শ্ৰেণীকোঠাত গৈ ব’ৰ্ডত লিখি আছে আৰু ছাত্ৰ-ছাত্ৰী সকলেও ব’ৰ্ডৰ পৰা চাই বহীত টুকি আছে৷ দুজনমান ছাত্ৰই পিছফালৰ পৰা চিঞৰিলে, “ছাৰ হৰেণ”৷
ছাৰে এবাৰ ঘূৰি সকলোলৈকে চালে৷ সকলো নিমাত৷ আকৌ ব’ৰ্ডত লিখিবলৈ ল’লে। পুনৰ পিছফালৰ পৰা দুটামানে চিঞৰিলে,“ছাৰ হৰেণ“৷ এইবাৰ ছাৰৰ মূৰ গৰম৷ ছাত্ৰ-ছাত্ৰী সকলৰ ফালে ঘূৰি সুধিলে, “কোন হৰেণ থিয় হ৷”

নাই কোনো থিয় নহয়৷ সকলোৱে আৰামত ব’ৰ্ডৰ লিখাসমূহ লিখাত ব্যস্ত৷
ছাৰে হৰেণক গালি দিবলৈ এৰি আকৌ ব’ৰ্ডত লিখাত লাগিল৷ এইবাৰ পুনৰ খিৰিকীৰ কাষৰ ফালে থকা এটাই চিঞৰিলে, “ছাৰ হৰেণ”৷ ছাৰে অকণো পলম নকৰি খিৰিকীৰ বাহিৰৰ পৰা কোনোবা দুষ্ট হৰেণ নামৰ ল’ৰাই বদমাছি কৰিছে বুলি এবাৰ ভুমুকিয়াইও চালে৷ নাই কোনো নাই৷ এইবাৰ ছাৰৰ খং তুংগত৷ তেনেতে যেনিবা পিৰিয়ড শেষ হোৱাৰ বেল বাজিল৷ ছাৰে ক্লাছৰ পৰা আহোঁতে মনতে ভাবি আহিল যে আজি সাৰিল কিন্তু কাইলৈ হৰেণক এসেকা দিম৷ কমন ৰুমলৈ আহি হেডমাষ্টৰে ক্লাছ কৰি কেনে লাগিল সোধাত বোলে, “সকলো ঠিকেই আছে, পিছে হৰেণ নামৰ কোনোবা এটা আছে মই বৰ্ডত লিখিবলৈ ল’লেই বদমাছি কৰে৷”
হেডমাষ্টৰে বোলে কোনো হৰেণ নামৰ ল’ৰা নাই৷ ব’ৰ্ডত লিখোতে তুমি ব’ৰ্ডৰ আগত ৰৈ থকা বাবে সিহঁতে পিছফালৰ পৰা দেখা পোৱা নাছিল, সেয়ে তোমাক অকণমান আঁতৰি দিবলৈ কৈছিল৷

“ছাৰ, হৰেণ” মানে “ছাৰ, আঁতৰি দিয়ক।”

৩) বিলাডে বিলাড

বিশ্ববিদ্যালয়ত পঢ়িবলৈ গৈছো৷ লগৰ এজনৰ লগত “মোমাই কটা গড়” চাবলৈ গৈ ওচৰৰে দোকান এখনত আবেলি বহিলো৷ দুজনে তৰ্কা তৰ্কি লাগি আছিল৷ ইজনে সিজনক “টাচ্ছ কৰি চা না” বুলি কয় যদিও এজনেও ইজনে সিজনক ‘টাচ্ছ’ নকৰে৷ এসময়ত এজনৰ মুখত এটা দীঘলীয়া সংলাপ শুনিলো৷ প্ৰথমতে একো বুজি পোৱা নাছিলো যদিও পিছত দোকানীজনে বুজাই দিলে৷ সংলাপটো আছিল এনেকুৱা,
“কাকা দেও নেকি এ তোক৷ তেনে কথা নকবি দে দুনে৷ কাণৰ গড়েদি ভল্টুইচ মাৰি দিম, বিলাডে বিলাড হৈ যাব৷”
মই হতবাক, “কৈছে কি?”
দোকানীজনে বুজালে, “থাপৰ দিওঁ নেকি তোক? তেনেকুৱা কথা দ্বিতীয়বাৰ নক’বি৷ কাণৰ কাষত কিলাকুটিৰে মাৰি দিম তেজেই তেজ (বিলাডে বিলাড) হৈ যাব৷”

মই বোলো, “কৃষ্ণ”৷

☆★☆★☆

Leave a Reply

Your email address will not be published.