ফটাঢোল

ভাৰ্চুৱেল জীৱ, ভাৰ্চুৱেল জীৱন – দিগন্ত কুমাৰ ভট্টাচাৰ্য

‘কোটটোৰ ৰং ৰঙা,
জেপৰ তলফালে দুটা ফুটা,
এবাৰ সোমায়, এবাৰ ওলায়- নিগনি দুটা
সিহঁতৰ আঁচোৰত হাতত দাগ
বিৰিঙি উঠা তেজৰ ৰঙো ৰঙা’

Dr. Drabha Loiha’ৰ এই ইংৰাজী কবিতাটোৰ অনুবাদ কৰাৰ ৰাতি, ক’বলৈ গ’লে মধ্যৰাতিহে ভদ্ৰকান্ত ‘লাইমলাইট’লৈ আহিছিল। সৰু চাকৰিটোত ‘গাধা-খাটন’ দি ভাড়াঘৰটোলৈ উভতি আহি কুকাৰটোত ভাত আৰু আলু এটা বহাই কুকাৰটোৰ হেন্দেলডালত পাঁচ বৰ্গ ছেণ্টিমিটাৰৰ শিলটো ‘ফিট’ কৰি তলত জুই দি আজৰি হয় মানে ৰাতি এঘাৰ বাজেই। তাৰ পাছত মাটিতে পাৰি থোৱা তুলিখনত বহি ফে’চবুক অথবা হোৱাটচ্এপ খোলে সি। গাঁৱৰ পদুমীহঁতৰ মুখবোৰ হঠাতে কেনেকৈ মাখনৰ দৰে চিকচিকিয়া হৈ গ’ল-সি আচৰিত হয়। হৰেশ্বৰ মৌজাদাৰৰ ‘ক-মান’লৈ পঢ়া পুতেকটোৱে ৰূপৱতী ঘৈণীয়েকক লগত লৈ কাশ্মীৰৰ বৰফৰ মাজত ফ’টো উঠি ‘ইটচ্ মি(হ) এণ্ড মাই ৱাইফি, ফ্ৰেইণ্ডছ্’ বুলি ক’ৰ পৰা কেনেকৈ লিখিব পৰা হ’ল, সি ভাবি পাৰ নাপায়। আচৰিত, বিস্মিত হ’বৰ কাৰণেই সি যেন এঘণ্টামান ফে’চবুক খোলে। কেতিয়াবা খবৰ কিছুমানো পায়। মাধৱৰ ঘৈণীয়েক তিনি নম্বৰ বাচ্চাটোৰ মাক হ’ল, মধু আতা সিপুৰীলৈ গ’ল (নাতিয়েকে শ্মশান যাত্ৰাৰ মানুহবোৰৰ লগতে ছেলফি এখন দিছে, দুখ কৰিলে তাক মলুৱাটো যেন দেখি বাবেই হয়তো সি ফ’টোখনত অলপ মিচিকিয়াইছে), ছমছেৰ খুড়াৰ আপাটোৱে মেট্ৰিকত ছেকেণ্ড ডিভিজন পাই বাইক কিনিলে-এনেকুৱা খবৰ কিছুমানো সি পায়।
সিদিনা ৰাতি কবিতাটো পোষ্ট কৰাৰ পাছতেই যেন কিবা হাঁহাকাৰ লাগি গ’ল। ভদ্ৰ হালৈৰ লগত একেলগে বি.এ ফেইল কৰি গুৱাহাটীলৈ অহা গাঁৱৰে মনমোহনৰ চকু কপালত উঠিল। সি ভদ্ৰৰ লগতে একেটা কোঠাত ভাড়া কৰি থাকে।

“তই অ’ৰিজিনেল কবিতাটো ক’ত পাইছিলি? দেখুৱাচোন মোক” – মনমোহনে সুধিছিল।

“আছে আৰু। বহুবছৰ আগেয়ে পঢ়া, মনত থাকি গৈছে”।

মনমোহনৰ চকু ডাঙৰ হৈ গ’ল।
‘আউ! এই ধৰ্ম ইমান টেলেণ্টেড ৰে! গমেই পোৱা নাছিলোঁ’ – ভাবি ভাবি অলপ সন্মান দিওঁ বুলিয়েই সেইৰাতি মনমোহনে তাক কুকাৰটো চুবলৈ নিদিলে, বাচনো সিয়েই ধুলে।

‘আজি প্ৰিয়ংকা চোপ্ৰাৰ লগত মোৰ বিয়া’ অথবা ‘ইউপিএছচি’ত এইবাৰ ভাৰততে শীৰ্ষ স্থান পালোঁ’ বুলি প্ৰমাণ সহিতে পোষ্ট দিলেও লাইকৰ সংখ্যাই দহকৰ ঘৰ কোনোমতে চুবলৈ সক্ষম হোৱা ভদ্ৰৰ সেইটো পোষ্টত ‘লাইক’ৰ সংখ্যা ৰাতিৰ ভিতৰতে পাঁচশ হ’ল।
অসংখ্যজনে ‘শ্বেয়াৰ’ও কৰিলে। তেনেকৈ বহু মানুহে পঢ়িবলৈ সুযোগ পালে।
‘এইটো অসমীয়া অনুবাদ সাহিত্যলৈ এক উল্লেখযোগ্য অৱদান কবি ভদ্ৰ হালৈৰ’ – এজনে লিখিলে।

‘ৰঙা…আচলতে মূল কবি Dr. Drabha Loihaৰ সকলোবোৰ কবিতাতেই সৰ্বহাৰাৰ কথা কিবা প্ৰকাৰে দেখিবলৈ পোৱা যায়েই। অনুবাদটো ‘ঠিক ঠাক’ প্ৰচেষ্টা, কিন্তু মূল কবিতাটো মোৰ অতিকৈ প্ৰিয়’ – ড০ বীৰেশ বৈশ্যই মতামত দিলে এনেকৈ।

‘মোৰ যদি ভুল হোৱা নাই ১৯৭৫ চনত দিল্লীত এক আন্তঃৰাষ্ট্ৰীয় কবি সন্মিলনত তেওঁক মই লগ পাইছিলোঁ। তেওঁৰ কবিতা এটা ময়ো অসমীয়ালৈ অনুবাদ কৰিছিলোঁ। ‘ৰামধেনু’ত প্ৰকাশ পাইছিল বোধহয়’ – বৰ্ষীয়াণ কবি অবিকল বৰ্মনে লিখিলে।

‘আমাৰ ড০ বৰদলৈ ছাৰে সম্ভৱ Dr. Loiha’ৰ কাব্য প্ৰতিভাৰ ওপৰতে ৰিচাৰ্ছ কৰিম বুলি মন মেলিছিল। তেখেতৰ পৰা কবিজনাৰ বিস্তৃত তথ্য লৈ সৰুকৈ প্ৰৱন্ধ এটা লিখিম’ – কান্ধত ‘বজাৰ কৰা মোনা’তকৈ অলপ উন্নত তথা ফেশ্যনেবল্ মোনা আৰু ভৰিত হাৱাই ছেণ্ডেল পিন্ধি নতুনকৈ এই ক্ষেত্ৰখনত প্ৰৱেশ কৰিম বুলি জোৰদাৰ প্ৰস্তুতিৰে আগুৱাই অহা ডেকা বদনজিত শইকীয়াই ইতিমধ্যে তেওঁৰ লগৰ দুই-এজনক মাতি ড০ বৰদলৈ ছাৰৰ অসম প্ৰীতি আৰু চৰকাৰৰ দোষ-গুণৰ ওপৰতহে আলোচনা আৰম্ভ কৰিলে।

বেছিভাগ মন্তব্যই তেনেধৰণৰ, মাজে মাজে দুই এটা ‘হাউ ভদ্ৰ, তয়ো অনুবাদ কৰা হৈছা না কি!’ ধৰণৰ তাৰ লগৰ দুই-এজনে লিখা ক’মেণ্ট আছে।

ৰাতিৰ ভিতৰতে ভদ্ৰ হালৈ ছ’চিয়েল মিডিয়াত বহুতৰে চিনাকি নাম হৈ পৰিল।

তাৰ পাছত ভদ্ৰ হালৈৰ যেতিয়াই তেতিয়াই ফে’চবুক খুলিবলৈ মন যোৱা হ’ল। দুদিন পাছত এদিন ৰাতি মনমোহনে আহি ক’লে তাক-‘আজি অ’ভাৰটাইম কৰিলে টকা পাঁচশ বেছিকৈ পালিহেঁতেন। সোনকালে উভতি আহি এইবোৰ কৰি আছ?’

ভদ্ৰই মুখেৰে একো নামাতিলে। কোঠাটোত থকা তৃতীয়জন সংগী পৰশুৰাম ৰাতি দুই-তিনিটাৰ পাছতহে আহে। কোনোবা এটা প্ৰেছত প্ৰুফ-ৰীডাৰ। ঢলং-পলংকৈ আহি সদায়েই বিচনাত পৰি যায়। সেইদিনা সি অলপ সোনকালে আহিলে।

“তই কবিতাও অনুবাদ কৰ! গমেই পোৱা নাছিলোঁ” – ভদ্ৰলৈ চাই চিগাৰেট এটা জ্বলাই সুধিলে সি।

“সৰুতে লিখিছিলোঁ বহুত। বাহিৰা বহীত’ – ভদ্ৰৰ দৃষ্টি মোবাইলটোৰ ওপৰত। চাল্লা, জিঅ’ স্লো’ আজি।”

“ভাল ভাল। পিচে এই ছ’চিয়েল নেটৱ’ৰ্কিং ছাইটবোৰত মগজুটো উলিয়াই সোমাবি। যি মন যায় মগজুটো খুলি কৰিবি, ওলাই আহিলে আকৌ মগজুডাল পিন্ধি ল’বি। কিবা কথা অলপো যদি ছিৰিয়াছলি লৈ লৱ, পাক্কা তই শেষ!”

“কিয় ক’লি তেনেকৈ? কি বেয়া?”

“য়ে চব ঝুথা হ্যে! ভাৰ্চুৱেলৰ মিনিং কি জান? বি.এ ফেইল কৰিলেও পঢ়িছিলি না?” – পৰশুৰাম ‘অ’প্টিমাম’ত আছিল। এক পেগ বেছি হ’লেই যেন ঢলি পৰিব!

“জানো, কিয় নাজানিম?”

“ফে’চবুকত যিকোনো এজনক মন কৰি থাক পুৱাৰে পৰা ৰাতিলৈকে। কেৰালাৰ বিধ্বংসী বানৰ ফ’টো দেখি যদি ক’ৰবাত কৈছে -‘আজি মই ভাত খাব নোৱাৰিম। শোকাহত!’, দুইমিনিট পাছত কাৰোবাৰ খোৱাবস্তুৰ ফ’টোত ক’মেন্ট কৰিছে-‘ভোকত ৰ’ব পৰা নাই। লোভৰ পানী পৰি বানপানী হৈ গ’ল’! একমিনিট আগত যদি ‘এই চৰকাৰে তেজ শুহি খালে বুলি কৈছে’, দহমিনিট পাছত হিমন্তবিশ্বৰ পোষ্টত মন্তব্য দিছে-‘আপোনালোক আৰু দহবছৰ শাসনলৈ অহাটো বিচাৰোঁ, ছাৰ’! তেওঁ ভুল নহয়, তেওঁ আচলতে পাৰ্ফেক্ট! মগজু খুলি আহিছে যে। সেয়ে ৰাতি আৰামত টোপনিও গৈছে!”

পৰশুৰামৰ কথা শুনি ভদ্ৰ হালৈ মৌন হৈ ৰ’ল। সি ভুল কোৱা নাই। দুবছৰ আগত সি সেই কবিতাটো নিজেই লিখিছিল। কবিতাটোৰ তলত ‘Bhadra Haloi’য়ে লিখিছিল তেতিয়া। এইবাৰ কি জানো মন গ’ল – ‘দ্ৰভ লৈহা’ বুলি ওলোটাকৈ লিখিবলৈ। লিখি দিলে। সন্মুখত ‘Dr’ বুলি লিখিবলৈয়ো মন গ’ল। কোনে জানো কৈছিল, এনেয়ে লিখিলে যদি ‘দহৰ ভিতৰত দুই’, ‘ড০’টো থাকিলে অ’টোমেটিকেলি ছয় নম্বৰ বাঢ়ি ‘দহৰ ভিতৰত আঠ’ হয়গৈ!

‘আচলতে এইটো এটা ‘অকবিতা’। কবিতাটোৰ একো ভাবাৰ্থ নাই। এনে কবিতাৰ অনুবাদে আমাৰ অনুবাদ সাহিত্যৰ পথাৰখন ধ্বংস কৰিব’ – যিজন কাব্য সমালোচক বুলি পৰিচিত ব্যক্তিয়ে দুবছৰ আগত এনেকৈ কৈছিল, দুদিন আগতে ‘অনুবাদ’ আৰু Dr. Drabha Loiha’ৰ জোৰতে ‘এইটো অসমীয়া অনুবাদ সাহিত্যলৈ অন্যতম অৱদান’ বুলি ক’লে। দুবছৰ আগত লিখোঁতে কবিতাটোৰ তলত থকা আন এটা ক’মেণ্ট আছিল-‘হৌৰা, তই নাউ খুড়াৰ সৰুটো ছ’লি নহয় না? তয়ো এতে আছা?’।

আৰু আজি? শতাধিক মতামত।
সকলো হ’ল। সি দেখি-শুনি সকলো বুজিলে।

“ঐ পৰশু, এক পেগ দেচোন” – ভদ্ৰই লাহেকৈ সুধিলে।

“পেগ? তই খাবি?” – পৰশুৰাম আচৰিত হ’ল।

“খাম। অলপ ভাৰ্চুৱেল জগতখনত ঘূৰি-পকি আহোঁ ভাত হোৱালৈ। মগজুটো খুলি যাবলৈ পেগ এটাৰ বিৰাট দৰকাৰ আজি !”

☆★☆★☆

28 Comments

  • হেমন্ত কাকতি

    একমিনিট আগত যদি ‘এই চৰকাৰে তেজ শুহি খালে বুলি কৈছে’, দহমিনিট পাছত হিমন্তবিশ্বৰ পোষ্টত মন্তব্য দিছে-‘আপোনালোক আৰু দহবছৰ শাসনলৈ অহাটো বিচাৰোঁ, ছাৰ’!

    হাঃ হাঃ, তামাম লাগিল দিগন্ত!

    Reply
  • ৰিণ্টু

    এহজ ইউজুৱেল, দিগন্তৰ নিজস্ব ষ্টাইল।

    ফেচবুকৰ উপমা দুটা সাংঘাতিক।

    বঢ়িয়া লাগিল দিগন্ত

    Reply
  • Suntu

    ধুই পখালি পেলালে দাদা

    Reply
  • অপূৰ্ব৷সদায়ে কোৱাৰ দৰে পুণৰ কৈছো আপ্লুত হ’লো৷

    Reply
  • প্ৰসেনজিৎ গোস্বামী

    সুন্দৰ ন্তগদি

    Reply
  • পাৰবীন

    ক্ষুৰধাৰ ব্যংগ

    Reply
  • ফেচবুক প্ৰীতিৰ উদাহৰণ কেইটা বঢ়িয়া লাগিল।
    উচ্চমানৰ ব্যংগ। তোমাৰ লেখাবোৰ সদায়েই অনন্য।

    Reply
  • ঋতুপৰ্ণা মহন্ত

    দিগন্ত দাদাৰ লেখা সদায় ভাল লাগে.. আজিও লাগিল

    Reply
  • gitumoni saikia

    খুব ভাল লাগিল

    Reply
  • Sankar Jyoti Bora

    Tamam…

    Reply
  • Sagarika Devi

    প্ৰতিটো গল্পৰ দৰেই এইটো পঢ়াৰ পিছতো পৰিতৃপ্ত মন

    Reply
  • Anonymous

    ভাৰ্চুৱেল ঢুলাই, মজা লাগিল পঢ়ি দিগন্ত

    Reply
  • Mitali saharia

    ভাল লাগিল পঢ়ি।

    Reply
  • সদানন্দ ভূঞা

    ফেচবুকৰ উপমা কেইটা বৰ ভাল লাগিল । সুন্দৰ ব্যঙ্গ ৰচনা ।

    Reply
  • পিনাক্ষী দাস

    বহুত ভাল লাগিল দাদা 🌷

    Reply
  • গীতিকা শইকীয়া

    কম সময়তে বহুতো কথা কৈ যায় এনে গল্পবোৰে। এনে গল্প লিখাত আপোনাৰ দক্ষতা অপৰিসীম। অত্যন্ত মনোগ্ৰাহী গল্প। বাৰে বাৰে পঢ়িব পাৰি।

    Reply
  • ৰসগ্ৰাহী!

    Reply
  • কল্যাণ নাথ

    ভাল লাগিল

    Reply
  • দীপক বৰা

    ভাল লাগিল দিগন্ত দা।

    Reply
  • উপমা কেইটা তামাম। ভাল লাগিল।

    Reply
  • Manisha

    চব মোহ মায়া হেঁ

    Reply
  • মৃন্ময় বৰুৱা

    সুক্ষ্ম পৰ্য্যবেক্ষণ আৰু তাৰ সুন্দৰ উপস্থাপনে সদায়েই মন চুই যায় -তোমাৰ অনুভুতি আৰু লিখনশৈলী অপূৰ্ব অনন্য।
    বহুত ভাল লাগিল দিগন্ত। মোৰ চিনাকি আৰু বন্ধুসুলভ সকলৰ মাজত লিখনিতো বিলাম -তোমাৰ সন্মতি আছে বুলি ধৰি লৈ 😀

    Reply
  • বৰ ভাল লাগিল দাদা।

    Reply
  • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য।

    বৰ ভাল লাগিল।

    Reply
  • parishmita

    তীক্ষ্ণ ব্যংগ। আপোনাৰ সকলো গল্পৰ দৰে এইটোও সাংঘাতিকভাবে ভাল লাগিল।

    Reply
  • দীপা

    ভাল লাগিল 😊

    Reply
  • কাকলি ডেকা

    খুব ভাল লাগিছে পঢ়ি।

    Reply
  • দেৱজ্যোতি ভট্টাচাৰ্য্য

    বৰ ভাল লাগিল 😁

    Reply

Leave a Reply

Your email address will not be published.